বড়োলেণ্ড ইচ্ছু নে বড়ো ইচ্ছু !


প্ৰস্তৱিত "বড়োলেণ্ড" কেন্দ্ৰীয় চৰকাৰে গ্ৰাণ্ড কৰাৰ পাছত আউট অৱ বড়োলেণ্ডত অৰ্থাৎ আসমত থাকি যোৱা বড়োসকলৰ সমস্যা কেনেদৰে সমাধান কৰা হ'ব ?--- যি সকলে নিজ জাতি বড়োসকলক অন্তকৰণৰে ভাল পায় সেইসকলৰ বাবে এই প্ৰশ্নটো এতিয়া এক জটিল বিষয় হৈ পৰিছে ৷

দেখা যায় যে, প্ৰস্তাৱিত পৃথক বড়োলেণ্ড দাবী আন্দোলনৰ গুৰি ধৰোতাসকলে এই বিষয়ত এক সন্ধিহান উত্তৰৰে বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু এই বিষয়টো সম্পূৰ্ণ গা এৰা দি আহিছে ৷ এটুকুৰা নিদিষ্ট ভৌগলিক স্থান প্ৰপ্তিৰ দ্বাৰা সমগ্ৰ বড়ো জাতিৰ অস্তিত্ব ৰক্ষা তথা আত্মঅধিকাৰৰ ক্ষেত্ৰত জড়িত প্ৰশ্নক হৰ্ঠাৎ ওলায় কৰিব নোৱাৰি ৷ জাতিৰ দীৰ্ঘদিনীয়া আন্দোলনক স্বাৰ্থৰ সীমাত বন্দী কৰি জাতীয় ৰক্ষাকবচ বিচাৰিলে সেই ৰক্ষাকবচ জাতীয় কাপুৰুষালীৰ বাহিৰে আন একো নহ'ব ৷
প্ৰস্তাৱিত বড়োলেণ্ড নৌপাওতেই আসামত ভাষিক অসমীয়াৰ দ্বাৰা বড়োসকল নিপীড়িত, শোষিত আৰু লাঞ্ছিত ৷ তেনে ক্ষেত্ৰত আসামৰ পৰা পৃথক বড়োলেণ্ড প্ৰাপ্ত হ'লে ভাষিক অসমীয়াই বড়োসকলৰ কাৰণে ক্ষান্ত হৈ হাত সাৱতি বহি থাকিব নে ? নিশ্চয় নবহে ৷ ভাষিক অসমীয়াই এতিয়াতকৈ অধিক আক্ৰমাত্মক ৰূপত বড়োসকলৰ ওপৰত জপিয়াই পৰিব ৷ কাৰ্যত বড়োসকল ভাষিক অসমীয়াৰ দ্বাৰা ৰাজনৈতিক, অৰ্থনৈতিক ভাৱে অধিক শোষিত, লাঞ্ছিত আৰু বঞ্চিত হ'ব ৷

পৃথক বড়োৰাজ্য আন্দোলনৰ গুৰি ধৰা সকলে সময় থাকোতেই এটুকুৰা নিদিষ্ট স্থানত থকা বড়ো মানুহৰ কথা চিন্তা কৰি বড়োৰাজ্যৰ সমস্যা সমাধান বিচৰাটো সঠিক নহ'য়, যেতিয়ালৈকে আসামৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰতিজন বড়ো মানুহৰ অস্তিত্ব ৰক্ষাৰ বিকল্প পথ সন্ধান নহ'য় ৷ অন্যথা বড়োসকলে বিটিচি চুক্তিৰ দৰেই এখন "মৃত বড়ো চুক্তি" পুনঃ প্ৰাপ্তি কৰিব ৷

যিমান সম্ভৱ ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰে(ইয়াত কংগ্ৰেছ-বিজেপি কথা নাই ৷ তেওঁলোকৰ স্বাৰ্থই সৰ্বচ্ছ) বড়োসকলৰ সমস্যাৰ ক্ষেত্ৰত প্ৰস্তাৱিত বড়োলেণ্ডৰ ঠাইত এক কৌশলগত (Administration Powerless State) অধঃৰাজ্য(দিল্লীৰ দৰে) প্ৰদান কৰিব ৷ তাতোতকৈ বেছি বড়োসকলক অন্য একো নিদিয়ে ৷ অধঃৰাজ্য হিচাপে মুল ক্ষমতা ভাষিক অসমীয়াৰ হাতত ৰাখি বাকি এৰেহাখিনি বড়োসকলৰ হাতত ন্যস্ত কৰিব ৷ তাকো সীমাবদ্ধ ৰূপত ৷ য'ত ৰসো নাথাকিব, সোৱাদো নাথাকিব ৷

কাজেই দেখা গৈছে যে, বিটিচিৰ মুৰব্বী, শান্তি আলোচনাত থকা বিদ্ৰোহী গোট আৰু গণতান্ত্ৰিক আন্দোলনকাৰী নেতৃত্বৰ মাজত আদৰ্শগত, ৰাজনৈতিক, মানসিক আৰু সুবিধাবাদৰ স্বাৰ্থক লৈ বৃহৎ সংঘাত ৷ এনে সংঘাতৰ পৰিণাম জাতি নিৰ্মাণত, জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত সদায়ে বিয়োগাত্মক ৷ ৰাষ্ট্ৰয়ো তাকেই বিচাৰে ৷ শান্তি আলোচনতা বহি থকা বিদ্ৰোহী গোটৰ মাজতও অনেক বিভাজন ৷ তদুপৰি বিটিচিৰ বাহিৰৰ বড়োসকলে এককভাৱে সুৰক্ষিত হোৱাৰ নতুন ইংগিত দি আসাম চৰকাৰৰ ওচৰত নিজৰ দাবী উত্থাপন কৰিছে ৷ তেনে ক্ষেত্ৰত এইবোৰলৈ চাই পৃথক বড়োলেণ্ড আন্দোলন অনতিপলমে দুৰ্বল, শৃংখলাহীন আৰু ধৈৰ্যহীন হৈ পুনে পুনে দুৰ্বল দাবী গৈ ৰাষ্ট্ৰৰ হাতত পৰিব আৰু অৱশেষত সেই দুৰ্বল দাবীকে স্বীকাৰ কৰি সমগ্ৰ বড়ো জাতিয়ে নিজৰ মূল্য হেৰুৱাই আগৰ ঠাইতে পৰি থাকিব ৷

গণতান্ত্ৰিক পন্থাই হওঁক নতুবা চৰমপন্থাই হওঁক, বড়ো আন্দোলনকাৰী নেতৃত্বই কেতিয়াবা নিজকে প্ৰশ্ন কৰিছে নে যে, এটুকুৰা নিদিষ্ট ঠাইৰ ক্ষমতা পালেই সমগ্ৰ বড়োজাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, অৰ্থ-সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখন আপোচবিহীনভাৱে সুৰক্ষিত হ'ব ?? পৃথক ৰাজ্যৰ দাবী তথা প্ৰাপ্তিৰ ফলত আসামৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰতিজন বড়োয়ে নিজকে সকলো ফালৰ পৰা সুৰক্ষিত অনুভৱ কৰিব পাৰিব নে ?

পৃথক ৰাজ্যৰ আন্দোলন-মিছিলৰ সভাই-সমিতিয়ে প্ৰায়ে কোৱা যায় যে, "আমি বড়ো জাতিৰ আত্মঅধিকাৰ বিচাৰি সংগ্ৰাম কৰিছো" ৷ তেনে ক্ষেত্ৰত এখন পৃথক ৰাজ্যৰ বাহিৰে বাকী আসমত থকা বড়োসকলৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত হ'ব ? ইয়াৰ ওপৰত বৃস্তিত আলোচনা হৈছে নে ? এবছুৰ মজিয়াত, এডিএফবিৰ মজিয়াত, পিজেএমবিৰ মজিয়াত, বড়ো বুদ্ধিজীৱিৰ মাজত আউট অৱ বড়োলেণ্ডত থকা বড়োসকলৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়টো পুংখানুপুংখ আলোচনা হৈছে নে ? যদি হোৱা নাই তেন্তে আউট অৱ বড়োলেণ্ডৰ বড়োসকলক নিজৰে স্বজাতিয়ে ঠাই বিশেষে কৰা বৈষম্যৰ কথা নুবুজাব নে ?
আসামৰ বিভিন্ন প্ৰান্তত বিস্তাৰিত বড়োসকলক একত্ৰিত কৰি নিদিষ্ট ভূ-খণ্ডৰ মাজত সংগঠিত কৰাটো কিছু জটিল প্ৰক্ৰিয়া কিন্তু দুঃসাৰ্ধ্য নহ'য় ৷ এনে কামৰ বাবে বিটিচি চুক্তিৰ পাছৰ দহ বছৰ আৰু পূৰ্বৰ সময়খিনি উপযুক্ত আছিল ৷ পিছে বড়োসকলৰ নেতৃত্বৰ মাজত থকা দূৰদৰ্শীতাৰ চৰম অভাৱ আৰু জাতিৰ জাতীয় চেতানাৰ প্ৰাৱল্য খুব কম হোৱাৰ ফলতেই তেনে হ'বলৈ নাপালে ৷

বড়োসকলৰ জাতীয় অস্তিত্ব ৰক্ষা তথা আত্মঅধিকাৰৰ সংগ্ৰামখনত নেতাসকলৰ মাজত বাঢ়ি আহা ব্যক্তিগত ৰাজনৈতিক আকংশা, বিশেষ সামাজিক স্থান আৰু ব্যক্তিগত বিচাৰত থকা মতগৰ্ভী মনোভাৱৰ বাবে "সমগ্ৰ বড়ো জাতি"ৰ ক্ষেত্ৰত থাকিব লগা দায়বদ্ধতা আৰু চেতনা চৰমভাৱে শিথিল দেখা গৈছে ৷ যাৰ বাবে দীৰ্ঘদিনীয়া আন্দোলনটো নেতাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ সিঁচৰিত আৰু ব্যৱধান বাঢ়িব যাব ধৰিছে ৷ যদি ইয়াৰ ধাৰাবাহিকতা অৱধাৰিত হৈ ৰয় তেন্তে বড়োসকলৰ বাবে উদয়াচল আন্দোলনৰ পৰিণাম নিশ্চিত ৷

প্ৰসংগক্ৰমে আৰু এটা প্ৰশ্ন উত্থাপিত হ'য়, বড়োসকলৰ আত্মঅধিকাৰ আন্দোলনৰ ক্ষেত্ৰত বড়ো নেতৃত্ব সাংবিধানিক আৰু কানুনী যুক্তি-বিচাৰত কিমান পাৰ্গত ? এখন ৰাজ্য নতুবা স্বয়াত্ব শাসনত থাকিবলগীয়া প্ৰশাসনিক ক্ষমতাক সংবিধানে যথেষ্ট ৰূপত সাৰ্বভৌম দিছে ৷ সংবিধানৰ বিধিগত সাৰ্বভৌম হাচিল কৰি প্ৰণয়ণ কৰিব পৰা ক্ষমতা বড়োসকলে আংশিক বিটিচিৰ ক্ষেত্ৰত পাবলৈ সক্ষম নহ'ল ৷ বিটিচিৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষমতা দিয়া হ'ল যদিও আইন-কানুন(প্ৰশাসনিক) ৰূপায়ণৰ ক্ষমতা দিয়া নহ'ল ৷ তদুপৰি বিটিচিৰ সীমাৰ ৰেখা এনে ভাৱে টনা হ'ল যে, একমাত্ৰ সাংসদ সমষ্টিটোত বহুতো অনা-ট্ৰাইবেল্ট এৰিয়া সংযোগ ঘটাই ৰাজনৈতিক ক্ষমতা হস্তগতৰ মূল ক্ষমতাকে(জনভোট) কুক্ষিগত কৰি ৰখা হ'ল ৷ যাৰ পৰিণাম আজি নৱ কুমাৰ শৰণীয়াই অনায়সে অজনজাতিৰ ভোটত বড়োসকলৰ ভাগ্যনিয়ন্ত্ৰা হ'ব পাৰিছে ৷

আঞ্চলিক ভিন্নতাত সিঁচৰিত বড়োসকলৰ বাবে ("সমগ্ৰ",Great Bodo Peoples) এখন নিদৃষ্ট পৃথক ৰাজ্যৰ প্ৰসংগিকতাতকৈ এতিয়া বড়োসকলৰ কাৰণে আসাম ৰাজ্যৰ ভিতৰতে এক বিকল্প ক্ষমতা(ৰাজনৈতিক, প্ৰশাসনিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক)ৰ দাবী অত্যন্ত জৰুৰী ৷ এই দাবী সংবিধানৰ ২&৩ অনুচ্ছেদ, পঞ্চম-ষষ্ঠ অনুসূচী আৰু ৭৩১ নং অনুচ্ছেদক ভাৰত চৰকাৰে সংমিশ্ৰণ কৰি এক নিদিষ্ট বিধিত বড়োসকলক ক্ষমতা দিবলৈ সন্মত কৰা হওঁক ৷ তদুপৰি পৰৰাষ্ট্ৰত বসবাস কৰা বড়োসকলেও যাতে ভাৰতীয় নাগৰিকত্ব অনায়সে লাভ কৰে তাৰ ভিত্তিও উত্থাপন জৰুৰী ৷ ভাৰতৰাষ্ট্ৰৰ নাগৰিকত্ব আইনে বহিৰাষ্ট্ৰৰ কেৱল "হিন্দু" সকলক সাঙুৰি লৈছে যদিও সেই আইনৰ আওতাত বহিঃৰাষ্ট্ৰত বসবাস কৰা "বড়ো" সকলকো সাঙুৰাৰ নিশ্চিত কৰা প্ৰয়োজন ৷
সংবিধানৰ ২&৩ অনুচ্ছেদ, পঞ্চম-ষষ্ঠ অনুসূচী, ৩৭১ অনুচ্ছেদৰ সংমিশ্ৰণৰ আধাৰত আসামত বসবাস কৰা বড়োসকল(কেৱল)ৰ বাবে অসম বিধানসভাৰ ২২৬ আসনৰ ৪৫ শতাংশ আসন, কেবিনেট মন্ত্ৰিসভাত ৩০ শতাংশ আৰু প্ৰশাসনিক দিশত ৩৫-৪০ শতাংশ সংৰক্ষণ অসংশোধিত ৰূপত অধিকাৰ আদায় কৰা প্ৰয়োজন ৷ তদুপৰি যি বিলাক অঞ্চলত বড়ো জনতাই পৃথক পৃথক গাওঁ হিচাপে সিঁচৰিত হৈ ভাষিক অসমীয়াৰ পঞ্চায়তী ক্ষমতাৰ অধিনত আছে সেই আটাইবোৰ গাওঁক সংখ্যাগুৰু বড়ো গাওঁ হিচাপে এককীকৰণৰ দ্বাৰা সুকীয়া সংখ্যাগুৰু বড়ো জনতাৰ দ্বাৰা পৰিচালিত পঞ্চায়ত নিৰ্মাণ কৰা হওঁক ৷ উদাহৰণ, গোলাঘাট জিলাৰ উৰিয়ামঘাট, সৰুপথাৰ, বৰপথাৰ ইত্যাদি বৃহৎ বড়ো জনসাধাৰণে কেইবাটাও বিধানসভা, কেইবাটাও পঞ্চায়তত সিঁচৰিত হৈ আছে ৷ সিঁচৰিত হৈ থকাৰ ফলত তেওঁলোকে নিজে কেতিয়াও নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰে ৷ বিধায়ক, পঞ্চায়ত সভাপতি ইত্যাদি ক্ষমতা হস্তগত কৰিবলৈ আক্ষম ৷ গতিকে তেনে সিঁচৰিত হৈ থকা বৃহৎ বৃহৎ বড়ো গাওঁক এককীকৰণৰে বড়োসকলে বড়োসকলৰ ভোটৰ দ্বাৰা বিধায়ক, পঞ্চায়ত সভাপতি হোৱাৰ সমষ্টি, পঞ্চায়ত নিৰ্মাণ কৰা হওঁক ৷ মনত ৰাখিব, এই নিৰ্মাণ ভাৰতীয় সংবিধানৰ অধিনত, ভাৰতীয় উচ্চ সদন আৰু নিম্ন সদৰ দ্বাৰা অংশোধিত ৰূপত নিৰ্দেশিত হ'ব লাগিব ৷

এক সুপৰিকল্পিত ৰণনীতিৰ আধাৰত সমগ্ৰ বড়োজাতিৰ স্বাৰ্থ বাস্তৱ ৰূপায়ণ কৰা হওঁক ৷ ইয়াত প্ৰতিজন জাতীয় চেতনাবদ্ধ বড়োয়ে আত্মহূতি দিয়া উচিত ৷

জৈ বড়ো হাৰিনি জৈ…