বিটিএডিত বড়ো-অবড়োৰ ৰাজনীতিঃ লাভাম্বিত কোন ??


আগন্তুক ২০২০ চনৰ বিটিএডি পৰিষদীয় নিৰ্বাচনে আসামবাসীৰ দৃষ্টি মূলতঃ বড়ো-অবড়ো যুঁজৰ ওপৰত নিবদ্ধ থাকিব ৷ ইতিমধ্যে অবড়ো পক্ষই নিজৰ ৰাজনৈতিক ৰণদূন্দুভী বজাই বড়োসকলৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ লৈছে ৷ কংগ্ৰেছ-বিজেপিৰে মধুচন্দ্ৰিকা যাপন কৰি অহা হাগ্ৰামা এণ্ড কোম্পানী বৰ্তমান ৰস নাইকীয়া হ'ল ৷ যাৰ ফলত এতিয়া দুয়োটা ৰাষ্ট্ৰীয় দলৰে হাগ্ৰামাৰ ৰাজনৈতিক মধুচন্দ্ৰিকা অন্ত পৰিল ৷

সাংবিধানিক বিটিএডি ভংগ, অবড়ো গাঁৱ বিটিএডিৰ পৰা কৰ্তন ইত্যাদি দাবীক মুল আধাৰ হিচাপে লৈ অবড়ো সংগঠনৰ মনোনীত ৰাজনৈতিক নেতা নৱ কুমাৰ শৰণীয়াই বিগত পাঁচটা সাংসদৰ কাৰ্যকালত এটাও দাবী পূৰণ কৰিবলৈ সক্ষম নহ'লেই বৰঞ্চ তেওঁ সাংসদৰ মজিয়াটো কোনো এটা বিষয়েই সজোৰৰে উত্থাপন কৰিবলৈ সক্ষম নহ'ল ৷ ইয়াৰ পৰাই বুজা যায় যে, নৱ শৰণীয়া এতিয়া অবড়ো সংগঠন আৰু ৰাইজৰ মনোনীত নেতা হৈ থকা নাই ৷ নৱ শৰণীয়া হ'য় স্বাৰ্থবাদী নেতা, নহ'য় তেওঁ হাগ্ৰামা-চন্দ ব্ৰহ্মৰ একান্ত অনুগত নেতা ! নৱ শৰণীয়া হাগ্ৰামাৰ অনুগত এই কাৰণেই যে, নৱ শৰণীয়াই যি "বড়ো জনজাতি"ৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল সেই প্ৰমাণপত্ৰ হাগ্ৰামা, চন্দন ব্ৰহ্মই কংগ্ৰেছৰে থকা মিত্ৰ শাসনৰ সময়ছোৱাত জাৰি কৰা ৷ গতিকে কোকৰাঝাৰ সমষ্টিত নৱ শৰণীয়াৰ যি ৰাজনৈতিক উত্থান তাত হাগ্ৰাম, চন্দন ব্ৰহ্মৰ পোনপতীয়া সহায়ৰ হাত আছে ৷ নৱ শৰণীয়া স্বাৰ্থবাদী এইকাৰণেই হ'ব যে, ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূৱ সংমণ্ডলৰ কাৰ্যবাহী সদস্য ফুল চন্দ্ৰ ৰাম(পি চি ৰাম)ক অপহৰণ কৰি পাছত হত্যা কৰা অভিযোগ এতিয়াও তেওঁৰ মূৰৰ ওপৰত তৰোৱাল ওলমাদি ওলমি আছে ৷ গতিকে নৱ শৰণীয়াই প্ৰথমটো কাম নকৰিলে তেওঁ বিটিচিত ৰাজনৈতিক নেতা হোৱাৰ কোনো মূল্যই নাই ৷

বিটিএডিত বড়ো জাতিৰ বিৰুদ্ধে ঠিয় হোৱা অবড়ো সংগঠন পৰিচালনা কৰা যোগেশ কলিতাৰ পৰা ব্ৰজেন মহন্তলৈকে এই আটাইকেইটা নেতা জেনেৰেল কাষ্ট অৰ্থাৎ সামাজিক ভাৱে উচ্চ বৰ্গৰ লোক ৷ এই জেনেৰেল কাষ্টে বিটিএডিৰ অবড়ো শাৰীত থকা OBC, SC আৰু MOBC মানুহক বিভিন্ন উচতনি, নানান ভয়ৰ কাৰণ দেখুৱাই বিটিএডিত "বড়ো-অবড়ো"ৰ এক সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰি পৰিৱেশ উত্তপ্ত কৰি বিটিএডিৰ সমগ্ৰ উন্নয়ন ব্যৱস্থাটোকে আগ ভেটা দি আছে ৷ এই উচ্চ শ্ৰেণীৰ লোকে কেতিয়াও নিবিচাৰে যে, বহু সংখ্যক অনুসূচিত জাতি-জনজাতি, পিছপৰা শ্ৰেণী আৰু সংখ্যলঘু জনতাই মুল অধিকাৰ প্ৰাপ্ত কৰক ৷ যদি উচ্চ শ্ৰেণীয়ে এই তিনিও বৰ্গৰ লোকৰ অধিকাৰখিনি সমানে প্ৰপ্ত হোৱা বিচাৰে তেন্তে তেওঁলোকে যুগ যুগ ধৰি শাসক সংখ্যালঘু, অনুসূচিত জাতি-জনজাতি, পিছপৰা শ্ৰেণীৰ শাসক হোৱাটো মিছা ৷

মন কৰিব, "হিন্দু", "অসমীয়া", "অবড়ো" ইত্যাদি শব্দৰে সমাজৰ নিম্ন বৰ্গৰ মানুহক শক্তি হিচাপে লৈ কেৱল উচ্চশ্ৰেণী(এলিট) ৰ মানুহে আসাম নতুবা ভাৰতত শাসক আৰু শোষক হৈ আহিছে ৷ এলিট বৰ্গৰ এই পৰম্পৰাটো এতিয়া বিটিএডিটো কাৰ্যক্ষম ৷ বিটিএডিৰ পৰিষদীয় শাসকৰ আসনখনত এলিট বৰ্গ নাই যদিও ইহঁতে বিটিএডিত "অবড়ো" সংগঠনৰে যোৱা এটা দশক ধৰি কেৱল বড়োজাতি বিৰুধী কামৰ নিৰন্তৰ প্ৰচাৰ কৰি আহিছে ৷ বিগত সময়ছোৱাত অবড়ো জনতাৰ হৈ মাত মাতি অহা এলিট বৰ্গৰ নেতাই বিটিএডিত বসবাস কৰা অবিচি, এছচি এমবিচি বৰ্গৰ অবড়ো জনতাৰ উন্নয়নৰ বিকল্প বিষয়টো কোনো দিনে চিন্তা নকৰিল ৷ অবড়ো সংগঠন পৰিচালনা কৰা এলিট বৰ্গৰ নেতাই ইচ্ছা কৰিলে বিটিএডিৰ বড়ো শাসক সলনি কৰি নিজৰ উন্নয়ন অনায়সে তৰান্বিত কৰিবলৈ সক্ষম হ'ল হ'য় কিন্তু তাকে নকৰি যোৱা এটা দশক ধৰি উন্নয়ন বঞ্চিত মানুহ খিনিক কেৱল বড়োজাতি বিৰুধী কামত জৰিত কৰাই ৰাখিল ৷ পিছে লাভালাভ কাৰ হ'ল ? অবড়ো এলিট নেতাৰ নে অবড়োক শক্তি যোগান ধৰা অবিচি, এমবিচি, অনুসূচিত জাতিৰ উন্নয়ন হ'ল?

Who is Bodoruddim Ajmol? প্ৰশ্ন কৰা মানুহজনক চিনি পায় নে? "মহিলা মাছ" শ্ৰষ্টাৰ দেউতাক আসামৰ শাসক থাকোতে 2012 চনত বিটিএডিত বড়ো-মুছলমানৰ ভয়ংকৰ গোষ্ঠী সংঘৰ্ষটো তেওঁ এনেই লগোৱা নাছিল ৷ বড়ো আৰু মুছলমানৰ বৰ্ধিত ৰাজনৈতিক শক্তিক কোনো কালেই একত্ৰিত হ'ব নিদিয়াৰ অন্তৰালতেই আছিল উক্ত সংঘৰ্ষ ৷ সেই সময়ত আজমল চাহাবৰ দল আৰু বড়ো ৰাজনৈতিক শক্তিয়ে একত্ৰিকৰণ হৈ আসামত আঞ্চলিক ৰাজনৈতিক শক্তি হিচাপে মুৰ দাঙি উঠিলে ভৱিষ্যতে আসামৰ এলিট শাসক বৰ্গৰ যে কোনো কাম নহ'ব সেই কথা এলিট বৰ্গই ভালকৈ বুজি উঠিছিল ৷ গতিকে বড়োভুমিৰ পটভুমিত সৃষ্টি হৈছিল এক পাহৰিব নোৱাৰা গোষ্ঠী সংঘৰ্ষৰ দানবল ৷

এলিট বৰ্গৰ ষড়যন্ত্ৰৰ পৰা এতিয়াও কিছু বড়ো, কিছু মুছলমানে মুক্ত হ'ব পৰা নাই ৷ বিশেষকৈ কট্টৰবাদী ধৰ্মীয় গোড়ামী থকা উভয় পক্ষৰ বাবেই বহুসময়ত বিটিএডিত একেঘামীয়া শাসকৰ আসন সুৰক্ষিত হৈ আছে ৷ কোৱা বাহুল্য যে, এই এলিট বৰ্গই এতিয়া বিটিএডত বড়ো-অবড়ো জাতিগত বিভাজন আনি নিজৰ মনোনিত প্ৰাৰ্থীৰে তেওঁলোকৰ স্বাৰ্থ আদায়ৰ লক্ষ্য বান্ধি লৈছে ৷

নিৰিবিছিন্ন ভাৱে অনাবড়ো অবিচি, এছচি আৰু এমবিচ বৰ্গক বড়োজাতিৰ বিৰুদ্ধে কামত লগাই অহা অবড়ো সংগঠনৰ এলিট বৰ্গৰ নেতাই ভালদৰে জানে যে, বিটিএডি পৰিষদখন ভাৰতীয় সংবিধানিক স্বীকৃতি ৷ বিটিএডি পৰিষদৰ নিৰ্মাণত ভাৰতীয় সংসদৰ দুয়ো সদনে সন্মতি জনোৱাত পৰিষদখন সংবিধানত সন্নিবিষ্ট ৷ পৰিষদখন এজন সাংসদে নতুবা এখন সদনে কেতিয়াও ভংগ কৰিব নোৱাৰে ৷ গতিকে অবড়ো সংগঠনৰ এলিট নেতাই অবিচি, এছচি আৰু এমবিচ  অনাবড়ো ৰাইজক অভুৱা ভাৰিৰে বিটিএডি ভংগ, বিটিচিৰ পৰা অনাবড়ো গাওঁ কৰ্তন ইত্যাদি বিষয় সুঁৱৰাই থকাটো একেবাৰে অমুলক আৰু ভিত্তিহীন বিষয় ৷ এই ক্ষেত্ৰত বিটিএডিৰ অবিচি, এছচি আৰু এমবিচ বৰ্গৰ জনতাই নিজেই আগন্তুক পৰিষদীয় নিৰ্বাচনত সঠিক আৰু বিটিএডিৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৰে উন্নয়ন আৰু বিকাশক গুৰুত্ব দিয়া পক্ষক নিৰ্বাচিত কৰিব লাগিব ৷ কাৰোবাৰ মনোনীত প্ৰাৰ্থীক জাতিগত বিভাজনৰে জয়ী কৰাই ভৱিষ্যতলৈ অঞ্চলটোত শত্ৰুতাৰ খেল খেলাটো মাৰাত্মক ভুল সিদ্ধান্ত হ'ব ৷

হাগ্ৰামা এণ্ড কোম্পানীয়ে সঁচায়ে বিটিএডিৰ উন্নয়ন আৰু বিকাশ বিচাৰে নে?

সাধাৰণ বড়ো জনতাৰ অৱস্থা নিজ চকুৰে নেদেখিলে কোনেও কল্পনা কৰিব নোৱাৰে যে সঁচাই বড়োসকলে স্বয়াত্ব শাসন পাইছে ৷ একেই অৱস্থা বিটিএডিৰ অন্যান্য জনতাৰ ৷ আসামৰ মুলসূতিৰ শাসকৰ এটা আঞ্চলিক প্ৰভেদ আছে ৷ সেয়া হ'ল উজনী আৰু নামনি ৷ এই প্ৰভেদটো স্পষ্টকৈ ধৰা পৰে স্বাধীনতাৰ পাছৰ আসাম ৰাজ্যত হোৱা মুখ্যমন্ত্ৰি, মন্ত্ৰি আৰু অন্যান্য বিষয়-বাবৰ তালিকাখন চালে ৷ আজিলৈকে নামনি আসামৰ এজনো দীৰ্ঘকালীন(পাঁচ বছৰ) মুখ্যমন্ত্ৰি হিচাপে নাম নাই ৷ প্ৰায়ভাগ উজনীৰে, যি সকলে নিজকে মুলসূতি অসমীয়া বুলি ভাৱে ৷ গতিকে আঞ্চলিক প্ৰভেদ বিটিএডি পৰিষদৰ ক্ষেত্ৰটো মুলসূতি শাসক অসমীয়াই নিৰন্তৰে কৰি আহিছে ৷ সেয়ে আজিও বিটিএডি অঞ্চলত বড়ো-অবড়ো দুয়ো জনতাৰ শোচনীয় অৱস্থা দেখিবলৈ পোৱা যায় ৷

বহুতে বড়োসকলৰ ওপৰত অভিযোগৰ আঙুলি উঠায় কয় যে, বড়োসকলে বিটিএডি পৰিষদ পোৱাৰ পাছতেই সেই অঞ্চলটোৰ অনাবড়ো সকলৰ দুখ-দুৰ্গতি কুলায়ে পাছিয়ে নধৰা হৈছে ৷ এনে ধৰণৰ জাতিবাদী অভিযোগ একেবাৰে ভিত্তিহীন ৷ ২০০৩ চনত বড়ো চুক্তি হোৱাৰ আগত এতিয়াৰ বিটিএডি অঞ্চলটো সম্পূৰ্ণভাৱে আসাম আৰু অসমীয়া শাসকৰ নিয়ন্ত্ৰণত আছিল ৷ তেতিয়া স্বয়ং অসমীয়া শাসকে অঞ্চলটোৰ অনাবড়ো ৰাইজৰ উন্নয়ণ নকৰাৰ কি কাৰণ আছিল? গতিকে এতিয়াৰ বড়ো ৰাজনৈতিক দুই এটা দলৰ বাহিৰে সমগ্ৰ বড়ো জনসাধাৰণে পৃথক ৰাজ্যৰ দাবী কৰাৰ কাৰণ এইখিনিতেই ৷ মুলসূতিৰ অসমীয়া শাসকৰ আঞ্চলিক প্ৰভেদে কেৱল বড়োসকলকে আক্ৰান্ত কৰা নাই বৰঞ্চ নামনি অসমত বসবাস কৰা তেওঁলোকৰে ভাষিক অসমীয়াৰ অংশটোকো সমানে আক্ৰান্ত কৰি আহিছে ৷ গতিকে বিটিএডিৰ অঞ্চলত অনাবড়োৰ অনুন্নয়নৰ বাবে সমগ্ৰ বড়ো জাতিৰ ওপৰত একপক্ষীয় জাতিগত অপবাদ জাপিব বিচৰাটো অতি নিন্দনীয় আৰু গৰ্হিত কাম ৷

বড়ো জাতিক জাতিগত অপবাদ জাপিব বিচৰাৰ ক্ষেত্ৰত আৰু এটা প্ৰশ্নই ভুমুকি মাৰে ৷ সেইটো হ'ল, হাগ্ৰামাই যোৱা পোন্ধৰ বছৰতকৈ অধিক সময় অসমীয়া শাসকৰ সতে একেলগে ৰাজপাট খাই আহিছে ৷ যদি বড়োসকলে বিটিএডিৰ লাভ কৰাত অনাবড়ো জনতাই দুৰ্ভোগ, জীয়াতু ভুগিছে তেন্তে হাগ্ৰামাৰ লগত একেলগে থকা অসমীয়া চৰকাৰখনে কি কৰি আছিল? বিটিএডিৰ প্ৰশাসনৰ কৰ্তৃত্ব থকা অসমীয়া প্ৰশাসন ক'লৈ গৈছিল?

অসমীয়া স্বাৰ্থবাদী অংশটোৰ বাবে যেনেকৈ বাকী অসমীয়া জনতাই দুৰ্ভোগ ভোগে ঠিক তেনেকৈ হাগ্ৰামৰ দৰে স্বাৰ্থবাদী নেতাৰ বাবেও সাধাৰণ বড়ো জনতা দুৰ্ভোগত ভুগি আহিছে ৷ যোৱা পন্ধৰবছৰীয়া শাসন কালত হাগ্ৰামাই ইচ্ছা কৰিলে বিডিএডিত কেৱল বড়োয়ে নহ'য়, অন্যান্য জাতি-গোষ্ঠীৰো অনেক বিকাশ কৰিবলৈ পাৰিল হ'য় ৷ কিন্তু নকৰিল ৷ হাগ্ৰামাই যিটো পথৰে বড়োজাতিৰ ভৱিষ্যত সুৰক্ষাৰ সংকল্প লৈ বড়োসকলৰ ভাগ্যনিয়ন্ত্ৰা হৈছিল, তেওঁ সেই বাটৰে বাট বুলিবলৈ সক্ষম নহ'য় ৷ আজিৰ দিনত বড়ো জনতাই হাগ্ৰামক একালৰ বিদ্ৰোহী নেতা বুলি সন্মান নকৰে, বৰঞ্চ তেওঁৰ কিছুমান অগণতান্ত্ৰিক, অসহনশীল কামৰ বাবে বড়ো জনতাই ভয় আৰু তিৰস্কাৰ কৰে ৷ এটা কথা লক্ষ্য কৰিব যে, জনতাই যেতিয়াই নেতাক ভয় আৰু তিৰস্কাৰ কৰিব ধৰে তেতিয়াই সেই নেতাই ক্ষমতা, শাসন, সন্মান ইত্যাদি সকলো হেৰুৱায় ৷

বহুতে কব খোজে যে, হাগ্ৰামাই বিটিএডি পৰিষদত অনেক উন্নয়ন কৰিছে ৷ কথাটো ঠিক ইয়াৰ বিপৰীত ৷ এক স্বাভাৱিক উন্নয়নৰ ধাৰোটোহে বিটিএডিত চলি আছে ৷ ইয়াতকৈ একো আগবঢ়া নাই ৷ বিটিচিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰি দিয়া উন্নয়ন পুঁজি সময়ত অসম চৰকাৰৰ হাতৰ পৰা মোকলাবলৈ সক্ষম নোহোৱা বিটিএডিৰ মুৰব্বীৰ ওচৰত উন্নয়নৰ কি কৰ্তৃত্ব থাকিব পাৰে? যোৱা পোন্ধৰ বছৰত তেওঁ নিজে শাসন কৰা বিটিএডি পৰিষদক ভাৰতীয় সংবিধানৰ Six schedule ত full implementation কৰাব নোৱাৰিল ৷ যাৰ ফলত পৰিষদখন অসম চৰকাৰৰ হাতৰ পুতলা হৈ থাকিল ৷ এতিয়া কথা হ'ল, বিটিএডিৰ পৰিষদৰ ৰাজনীতি বৰ্তি থাকিবলৈ হিন্দু-মুছলমান, বড়ো-মুছলমান, বড়ো-অনাবড়ো একোয়েই মেজৰ ইচ্ছু নাই ৷ আছে যদি কেৱল উন্নয়নৰ ৰাজনীতি বৰ্তি আছে ৷ গতিকে বিটিএডিক অনুন্নত অৱস্থাতে ৰাখি বিটিএডিবাসীক উন্নয়নৰ সপোন দেখুৱাই শাসন লবলৈ দ্বিতীয় বিকল্প আৰু একো নাই ৷ জনতাক সপোন দেখুওৱাত হাগ্ৰামা মাষ্টাৰ ৷ ভদ্ৰ ভাষাত কবলৈ হ'লে হাগ্ৰামা এজন "গুড পলিটিচিয়ান" ৷

বিজেপিক কিয় বিটিএডি দখলৰ প্ৰয়োজন?

শূলৰে শূল কাঢ়িব পাৰি ৷ এই আৰ্হি হাগ্ৰামাৰে মধুচন্দ্ৰিকাৰ সোৱাদ এৰি বিজেপিয়ে হাগ্ৰামক নিজৰ মাটিতে এহেকা ভালকৈয়ে দিবলৈ যৱতীয় সকলো প্ৰস্তুতি পূৰ্ণ কৰি তুলিছে ৷ হাগ্ৰামাই ভাৱিছিল, বিজেপিৰে মিত্ৰতা থকাত বিটিএডিত তেওঁৰ শাসনৰ বজাৰখন সুৰক্ষিত থাকিব ৷ কিন্তু বিজেপিয়ে বিটিএডি পৰিষদত একক ৰূপত অৱৰ্তীণ হোৱাৰ কথা ঘোষণা কৰাৰ লগেই লগেই তেওঁৰ ভৰিৰ তলৰ মাটি কঁপিব ধৰিছে ৷

পৰিষদিয় নিৰ্বাচনত বিজেপিয়ে নিজৰ মনোনিত জনজাতি প্ৰাৰ্থী প্ৰতিদ্বন্দিতাৰ বাবে আগবঢ়াই দিব ৷ কাৰণ পৰিষদৰ ৪০ খন আসনৰ ভিতৰত ৩৫ খন আসনেই জনজাতিৰ নামত সংৰক্ষিত ৷ তেনে ক্ষেত্ৰত জনজাতিৰ সংৰক্ষিত আসনত বিজেপিৰ ফালৰ পৰা বড়োৰ বাহিৰে অন্য জনজাতি প্ৰাৰ্থীক নিক্ষেপ কৰাটো খাটাং ৷ যেতিয়াই জনজাতীয় সমষ্টিত বড়ো প্ৰাৰ্থীৰ বাহিৰে অধিকাংশ সমষ্টিত অন্য জনজাতি প্ৰৰ্থী ঠিয় কৰোৱাব তেতিয়াই বিডিএডিত বসবাস কৰা জনজাতি সকলৰ মাজত এক অন্য আভ্যান্তৰিণ জনজাতি সংঘাতে মুৰ ডাঙি উঠিব ৷ বিজেপিৰ বিটিচি দখলৰ প্ৰাৰম্ভিক মুল লক্ষ্য এইটোয়েই ৷

"বড়োসকলে সশস্ত্ৰ আন্দোলন কৰি বিটিএডি লাভ কৰাৰ পাছত কেৱল বড়োসকলেই যে জনজাতিৰ নামত বিটিএডিৰ শাসন নিয়ন্ত্ৰণ বছৰৰ পাছত বছৰ ধৰি চলাই থাকিব তেনে কি কথা আছে ?" --- জনজাতিৰ মাজত এই ফৰ্মূলাটোয়েই এতিয়া বিজেপিৰ কাৰণে আটাইতকৈ উত্তম পন্থা ৷ যিটো পন্থাই জনজাতি সকলৰ মাজত আভ্যান্তৰিণ আৰু পাৰস্পৰিক সংঘাতৰ উকমুকনিক অধিক মজবুট কৰিব ৷ বিজেপিৰ আজিৰ এই আগ্ৰাসনক হাগ্ৰামাই এটা সময়ত কংগ্ৰেছ চৰকাৰৰ লগত মিত্ৰতা থকা সময়তে শৰণীয়া, মদাহী প্ৰভৃতি মানুহৰ ক্ষুদ্ৰ সমষ্টিক আসামৰ "অতিথি জনজাতিকৰণ"ৰে অদূৰদৰ্শী ৰাজনৈতিক সিদ্ধান্ত লৈ আজিৰ বিজেপিৰ বাবে বিটিএডিৰ দুৱাৰ খুলি দিয়াৰ লগতে বিজেপিয়ে কৰিব বিচৰা সাম্ভাব্য জনজাতীয় অভ্যান্তৰিণ সংঘতক হাত বাউলী দি মাতিছিল ৷

বিজেপিয়ে এই কথা ভালকৈয়ে বুজি পায় যে, হাগ্ৰামাই কেৱল বড়ো ভোটাৰৰে বিটিএডি দখল কৰিব নোৱাৰে ৷ আইন প্ৰণয়ণৰ কৰ্তৃত্ব নথকা হাগ্ৰামাই অবৈধ লোকক খেদাবও নোৱাৰে ৷ গতিকে তেওঁৰ ভোটৰ সমল হিচাপে বিডিএডিত আইনগত তথা অ-সংবিধানিক ভাৱে থকা অবৈধ লোকসকলেই একমাত্ৰ ভৰসা ৷ গতিকে হাগ্ৰামাই এই মানুহখিনিক হ'য় টকা নতুবা অন্য উপায়ৰে নিজৰ পক্ষত ভোট আদায় কৰিবলৈ সক্ষম হ'য় ৷

সকলো ফৰমূলা সকলো সময়তে কামত নিদিয়ে ৷ গতিকে হাগ্ৰামাৰ ওচৰত নতুন উপায় নোহোৱা হৈছে ৷ নৱ শৰণীয়াই বিটিএডি পৰিষদৰ ৩৫ খন আসন দখল কৰা কথা ঘনে প্ৰতি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি আহিছে ৷ তেওঁৰ এই দাবীক ঘপকৈ অমুলক নোহোৱাৰ কথা উলায় কৰিব নোৱাৰি ৷ বিজেপিয়ে পৰিক্ষামুলক ভাৱে বিটিএডি দখল কৰিব বিচৰাটো সম্ভৱ নহ'লে বিজেপিৰ "B" ফৰ্মূলা হিচাপে নৱ শৰণীয়াৰ টিমে কাম কৰিব ৷ বিজেপিয়ে যি ধৰণৰ সংৰক্ষিত সমষ্টিত জনজাতীয় প্ৰাৰ্থী আগবঢ়াব ঠিক তেনেকৈয়ে নৱ শৰণীয়াৰ অবড়ো সংগঠনেও একেই ফৰ্মূলা প্ৰয়োগ কৰিব ৷ কাৰণ এটা সংৰক্ষিত সমষ্টিত প্ৰাৰ্থীৰ ভাগ্যনিয়ন্ত্ৰা হিচাপে ৭০% অবড়ো জনতা থাকিলেও তেওঁলোকে যিকোনো এটা জনজাতিৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিব লাগিব ৷ সি লাগিলে বড়োয়েই হওঁক নতুবা ৰাভা বা অন্য ৷ গতিকে বিজেপিৰ যি অনাবড়ো জনজাতি প্ৰাৰ্থী হ'ব, অবড়ো সংগঠনৰ প্ৰাৰ্থীও একে হ'ব ৷ অৰ্থাৎ ইয়াত এলিট বৰ্গই এটা ফৰ্মূলাকে দুটা পৃথক পৃষ্ঠভুমিৰে আগুৱাই লৈ যাব বিচাৰিছে ৷

বিজেপিক সহায় কৰিবলৈ বিটিএডিৰ বিভিন্ন নৃগোষ্ঠী লোক আগবাঢ়ি আহাটো প্ৰায় খাটাং হৈ পৰিছে ৷ অনাবড়োৰ এটা অংশই "হিন্দুত্ব" কাৰণে হওঁক বা নহওঁক বড়োভুমিত বড়োসকলৰ একচেতীয়া ৰাজনৈতিক শক্তিক প্ৰতিহত কৰিবলৈ বিশেষকৈ নেপালী সম্প্ৰদায়, বঙালী, ৰাজবংশী, চাওতালী, নাথ-যোগী, কলিতা সকল বিজেপি-আৰএছএছৰ পক্ষত চামিল হোৱাটো প্ৰায় নিশ্চিত ৷ এই সম্প্ৰদায় কেইটাই পৰিষদীয় নিৰ্বাচনত বিজেপিৰ দ্বাৰা মনোনিত অনাবড়ো জনজাতি প্ৰাৰ্থীক ভোটত জয়ী কৰোৱাটো প্ৰায় নিশ্চিত হৈছে ৷

বড়োভুমিত জনজাতিসকলৰ মাজত পাৰস্পৰিক আৰু অভ্যান্তৰিণ সংঘাতৰ অন্য এক ইতিহাস সৃষ্টিৰে বড়োসকলৰ আত্মঅধিকাৰ সংগ্ৰামক প্ৰতিহত কৰি অসমীয়াৰ জাত্যভিমানৰ তলত অৱদমন কৰি ৰখাই হ'ল বিজেপিৰ লগতে অবড়ো সংগঠনৰ নেতৃত্ব দিয়া এলিট বৰ্গৰ মূল উদ্দেশ্য ৷ বড়োভুমিত অসাংবিধানিক উপয়েৰে সৃষ্টি "বড়ো-অবডো়" জাতিগত সংঘাতৰ ধাৰাটো ধাৰাবাহিক ভাৱে চলি থাকিব ৷ সেয়ে বিজেপি আৰু অবড়ো সংগঠনৰ পথ ভিন্ন হলেও লক্ষ্য একেটাই ৷

নৱ শৰণীয়াৰ বড়োজাতি বিৰুধী স্থিতিয়ে তিনিটা পক্ষক লাভাম্বিত কৰিছে…

বিটিএডিৰ ৰাজনৈতিক দৃশ্যপদক যদি ভালকৈ পৰ্যৱেষণ কৰা হ'য় তেন্তে নৱ শৰণীয়াই দুটা এংগলৰ পৰা নিজৰ ৰাজনৈতিক কেৰিয়াৰ আগবঢ়াই নিছে ৷ এক তেওঁ ভিতৰি হাগ্ৰামা-চন্দনৰ হৈ কৰা কাম কৰে য'ত হাগ্ৰামক ভাল নোপোৱা পক্ষটোৰ ওচৰত নৱ শৰণীয়াই জাতীয় অস্তিত্বৰ এটা ভয়-ভীতৃ সৃষ্টি কৰে আৰু দ্বিতীয়, নৱ শৰণীয়াই নিজৰ পূৰ্বৰ অপৰাধমুলক গোচৰৰ পৰা সাত সাৰি জীৱনৰ বাকী সময়চোৱা মহা আড়ম্বৰে পাৰ কৰিবলৈ ৰাজনৈতিক ক্ষমতা "বড়ো বিৰুধীতা'ৰে হাচিল কৰা ৷ এই কথাটো নৱ শৰণীয়াইও ভালদৰে জানে যে, বিটিএডিত তেওঁৰ যিটো ৩০ঃ৭০ ফৰ্মুলা সেই ফৰ্মুলাই তেওঁৰ দৰে স্বয়ং "অতিথি জনজাতি"য়ে কেতিয়াও তিষ্টি থাকিব নোৱাৰে ৷ ধৰা হ'ল বিটিএডিৰ পৰা জনজাতিৰ সংৰক্ষিত কোটা আতৰাই দিয়া হ'ল ৷ তেতিয়া অনা-বড়োসকলৰ বাবে জনজাতি নৱ শৰণীয়াৰ কিবা মূল্য থাকিবনে? নিশ্চয় নাথাকে ৷ গতিকে নৱ শৰণীয়াই সোণালী সুযোগ লৈ অবড়ো মানুহক বড়োসকলৰ বিৰুদ্ধে সংগঠিত কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰি তুলিছে ৷

প্ৰথম, নৱ শৰণীয়াই যেতিয়াই বড়োজাতি বিৰুধী স্থিতি লৈছে সেই তেতিয়াৰ পৰাই বড়ো জাতীয়তাবাদী পন্থাটোৰ একাংশই জাতিগত দৃষ্টিভংগীত হাগ্ৰামা মহিলাৰীকে উপায়বিহীন হৈ সমৰ্থন কৰিছে ৷ ইয়াত হাগ্ৰামা যিমানে দুৰ্নীপৰায়ণ নহওঁক কিয় ৷  দ্বিতীয়তে, নৱ শৰণীয়াই নিজৰ স্বাৰ্থ লাভত সফল হৈছে ৷ তেওঁ পোনচাতেই অনাবড়ো মানুহৰ বড়ো জাতি বিৰুধী আৱেগক প্ৰথান অস্ত্ৰ হিচাপে নিজৰ লাভৰ স্বাৰ্থত প্ৰয়োগ কৰিছে ৷ অবড়ো জনতাৰ ভোটাৰে সাংসদ হোৱা শৰণীয়াই নিজৰ ওপৰত থকা দণ্ডবিধি অপৰাধৰ পৰা অনায়সে সাতসাৰি ৰৈছে ৷ তৃতীয়তে, নৱ শৰণীয়াক সেনাপতিৰ আসনত বহুৱাই অনাবড়ো অবিচি, এছচি আৰু এমবিচি মানুহক শক্তিক সংগঠিত কৰি অবড়ো সংগঠনৰ এলিট মহন্ত, কলিতা বৰ্গই নিজৰ জাতীয়তাবাদী সত্বাৰে জাত্যভিমানী অহংকাৰৰ যুদ্ধখন বড়ো জাতিৰ বিৰুদ্ধে আগুৱাই লৈ যোৱাত সক্ষম হৈছে ৷ ইয়াত লাভালাভৰ পৰা বঞ্চিত হোৱাসকলেই হ'ল অনাবড়ো অবিচি, এছচি আৰু এমবিচিৰ লোকসকল ৷ এই লোকসকলে নিজৰ লোকচানৰে তিনিওটা পক্ষৰ প্ৰতিয়ে অজ্ঞতাৰে অৰিহনা আগবঢ়াই আহিছে ৷

বড়ো আৰু অনাবড়োৰ OBC, SC আৰু MOBC জনতাই বিটিএডিৰ শাসকক নিজৰ মুঠিত আবদ্ধ কৰি ভাগ্যক উজ্বলাই তুলিবলৈ সক্ষম হ'ব যদিহে ওপৰৰ তিনিও পক্ষক এক হৈ প্ৰতিহত কৰে ৷ প্ৰথমতেই  বিজেপি-আৰএছএছৰ সাম্প্ৰদায়িক ষড়যন্ত্ৰ, দ্বিতীয়তে হাগ্ৰামাৰ অবাধ লুন্থনৰাজ আৰু তৃতীয়তে এলিট (মহন্ত, কলিতা) বৰ্গৰ জাতিগত বিদ্বষ, সাম্প্ৰদায়িক বিভেদ "বড়ো-অনাবড়ো" ৰাজনীতি ইত্যাদি ত্যাগ কৰিব লাগিব ৷

শেষত, অনাবড়ো সকলৰ OBC, SC আৰু MOBC অংশটোয়ে বড়োসকলৰ প্ৰগতিবাদী, উন্নয়নবাদী, শান্তি আৰু সম্প্ৰতি বিচৰা অংশটোৰ লগ লাগি মিলিজুলি বিটিএডিৰ প্ৰগতি আৰু বিকাশৰ বাবে আগবাঢ়ি আহিব লাগিব ৷ সেইদৰে বড়োসকলেও একে লক্ষ্যৰে বিটিএডিৰ অনাবড়ো সকলৰ OBC, SC আৰু MOBC অংশটোক নিজৰ আপোন কৰি তেওঁলোকৰ সম-উন্নয়নৰ প্ৰতিটো দিশত গুৰুত্ব দিব লাগিব ৷ এটা কথা মনত ৰাখিব যে, য'ত সামগ্ৰিক উন্নয়ন সম্ভৱ সেই ঠাইত জাতিবাদ চলাটো কেতিয়াও সম্ভৱ নহ'য় ৷