বহিৰাগত অসমীয়া আৰু ম্লেছৰ আসাম - ১

নিঃসন্দেহ আজিৰ আসামৰ ভাষিক অসমীয়া সকলৰ বেছিভাগেই বহিৰাগত প্ৰৱজনকাৰী ৷ সময়ে সময়ে অসামত প্ৰৱেশ কৰিয়েই বহিৰাগত প্ৰৱজনকাৰীয়ে ৰূপ সলাই নিজক "অসমীয়া" সজাই নিজৰ "অবৈধ" প্ৰতিকটো চলাহীৰে এৰোৱাবলৈ অহৰহ প্ৰচেষ্টা কৰি থকা দেখা যায় ৷

আসামাত অসমীয়া কোনো কালে জাতি নহ'য় ৷ সেয়ে ইয়াক সময়ে সময়ে গঠন কৰি থকা যায় ৷ যেনে ১২২৮ চনত অহা চুকাফাই আসামৰ জনজাতিক নিধন কৰি(সাত ৰাজ মাৰি-কাটি) এটা সময়ত "বৰ অসম" গঠন কৰিব বিচাৰিছিল; ইংৰাজৰ শাসন কালত ইংৰাজ প্ৰশাসনত চাকৰি কৰা আৰ্য বৰ্ণ হিন্দু শ্ৰেণীয়ে খৃষ্টান মিছনেৰীৰ সহায়ত আসামত "অসমীয়া ভাষা" সৃষ্টিৰে বামুনতন্ত্ৰৰ এটা ধাৰা বোৱাই অসমীয়া জাতিয়তাবাদ সৃষ্টিৰ সূচনা কৰে; ইংৰাজ গমনৰ পাছতো বামুনতন্ত্ৰই অসামত ৰাজনৈতিক গতিধাৰাক নিয়ন্ত্ৰণ কৰে ৷ আৰ্য বৰ্ণ বামুনে গুৰি ধৰা ৰাজনৈতিক ক্ষেত্ৰখনে বামুনতন্ত্ৰ সূচলকৈ চলিব পৰা কেতবোৰ "জাতীয়তাবাদী" নিচা সৃষ্টি কৰে ৷ জাতীয়তাবাদী নীচাৰ অন্তৰালতেই লুকাই আছিল আসামত প্ৰৱেশ কৰা বহিৰাগতৰ ভুৱা অসমীয়া জাতিপ্ৰেম ৷ যাক বৰ্তমান কোৱা হ'য় "অসমৰে অসমীয়া" ৷

"অসমীয়া এটা নিৰ্মীয়ান জাতি" -- এই আপ্তবাক্য শাৰী বহু বহিৰাগত অসমীয়া ভাষিক বুদ্ধিজীৱিয়ে বাৰেপতি কৈ গৈছে ৷ ইয়াৰ পৰা এইটো প্ৰমাণ হ'য় যে, প্ৰৱজিত ভাষিক অসমীয়াই এতিয়াও আসামৰ মূল অধিবাসী জনজাতি সকলৰ অস্তিত্ব ধ্বংসৰ বাবে তলপকীয়াকৈ এখন বৃহৎ যুদ্ধ জাৰি ৰাখিছে ৷ অৰ্থাৎ প্ৰৱজিত ভাষিক অসমীয়া শ্ৰেণীয়ে আসামত প্ৰৱেশ কৰি এতিয়াও আসামৰ মূল অধিবাসীক পূৰ্ণকৈ পৰাস্ত কৰিব পৰা নাই ৷ 

আসামলৈ প্ৰৱজিত "ভাষিক অসমীয়া" সকল কোনো জাতি নহ'য়, ই এক বৰ্ণ শ্ৰেণী হে ৷ পৃথিৱীৰ কতোয়ে জাতিক নিৰ্মাণ কৰা নাযায় ৷ পৃথিৱীৰ প্ৰতিখন দেশতে নিজৰ নিদিষ্ট ভৌগলিক ভুখণ্ডৰ মানুহৰ সমষ্টিক "জনসাধাৰণ নতুবা নাগৰিক" আখ্যা দিছে, জাতি হিচাপে আখ্য দিয়া নাই ৷ গতিকে ভাৰত ৰাষ্ট্ৰত "অসমীয়া জাতি"টো বৈধ নহ'য়, ই দৃষ্টিকূতভাৱে অ-সাংবিধানিক ৷

পৃথিৱীত প্ৰকৃতি প্ৰদত্ত একে ভাষা, একে বৰ্ণ, একে সংস্কৃতি আৰু নিজস্ব পৰম্পৰাক যুগ যুগ ধৰি লালন-পালন কৰা সকলকেই "জাতি" হিচাপে স্বীকৃতি দিয়া হৈছে ৷ এই জাতি সমূহ আজিৰ পৃথিৱীত "ক্ষুদ্ৰ" আৰু "বিলুপ্তপ্ৰায়" হিচাপে চিহ্নিত হৈছে ৷ ক্ষুদ্ৰ আৰু বিলুপ্তপ্ৰয় সকলৰ ভিতৰত আসামৰ বড়ো, ৰাভা, কাৰ্বি, ডিমাছা, মিছিং সকল অন্যতম ৷

আসামত সময়ে সময়ে প্ৰৱজিত কৰা শ্ৰেণীয়ে এক ভাষা এক জাতিৰ নামত "কৃত্ৰিম জাতি" গঠন কৰাৰ অন্তৰালত আসামৰ মুল অধিবাসী সকলৰ ওপৰত বলপূৰ্বক ভুমি আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ বিচাৰি আহিছে ৷ কাৰণ ইতিহাস আৰু ঐতিহাসিক ধাৰাত আসামৰ ভেটিটোয়েই বৃহৎ বডো সকলৰ আছিল ৷ বডো সকলৰ আসামখন ক্ৰমান্বয়ে প্ৰৱজনকাৰী ভাষিক অসমীয়াই পূৰ্ণকৈ নিজৰ নিয়ন্ত্ৰণ নিব পাৰিলেই সিহঁতৰ স্বাৰ্থ পূৰণ হ'ব ৷

এটা সময়ত বহিৰাগত ভাষিক অসমীয়াই আসামৰ বহু ম্লেছ(বেদ নমনা অনাৰ্য)ক বৈষ্ণৱী(নব্য বামুনবাদ) ধৰ্মৰে দীক্ষিত কৰোৱাই নিজৰ শোষণকাৰী আৰু নিয়ন্ত্ৰণকাৰী চৰিত্ৰক ঢাকিবলৈ প্ৰয়াস কৰে ৷ এই ক্ষেত্ৰত তেওঁলোক কিছু পৰিমাণে সফল হৈছিল যদিও ৰাজতন্ত্ৰৰ অৱসান আৰু গণতন্ত্ৰ উত্থানত থমকি ৰব লগা হ'য় ৷ কোৱাৰ নিস্প্ৰয়োজন যে, আসামত অনুপ্ৰৱেশ কৰা সকলেই বৰ্তমান ভাৰতীয় গণতন্ত্ৰক উফৰাবলৈ বাৰে প্ৰতি চেষ্টা কৰি আহিছে ৷

পূৰ্ৱতেই কৈছো যে, বহিৰাগতৰ চৰিত্ৰ আৰু প্ৰকৃতি ঘনে প্ৰতি সলনি হ'য় ৷ তেওঁলোকৰ শোষণকাৰী চৰিত্ৰক ঢাকি ৰাখিবলৈ যিকোনো পন্থা ল'ব পাৰে ৷ গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি শেষ তৰুণ গগৈ লৈকে এক দীঘলীয়া সময় প্ৰৱজনকাৰীৰ নিয়ন্ত্ৰণত আসাম আৰু ইয়াৰ মুল অধিবাসী ৷ শেষতীয়া যিজন আসামৰ ৰাজনৈতিক মুৰব্বী সেইজনো জাত্যান্তৰ হোৱা জাতিটোৰ পৰা আহি আৰ্য বৰ্ণ তথা প্ৰৱজনকাৰীৰ  গোলামীৰ লেকাম পিন্ধি এক কলা অধ্যায় সূঁচনা কৰি বহিল ৷

শেষতীয়াকৈ আসামত বিদেশী আৰ্য বৰ্ণৰ লগত একাত্ম হোৱা বহিৰাগত দুই-এটা অনুপ্ৰৱেশকাৰী শ্ৰেণীয়ে অনাৰ্য ভুমিখণ্ডত ভুমিৰ অধিকাৰ স্বত্ব দাবী উত্থাপনৰে পুনৰ মুল অধিবাসীৰ ওপৰত জাতীয়তাবাদী দম্ভ আৰু নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰাখিবলৈ ভাৰতীয় সংবিধানৰ ওচৰত হেচা প্ৰয়োগ কৰি আহিছে ৷ এটা সময়ত আৰ্য বৰ্ণৰ কাষ চাপি আসামৰ সমাজ জীৱনত জাত-পাত, বৰ্ণ বৈষম্যতাৰ ভেদাভেদ বীজ সিচা সকলে আজি মুল অধিবাসীৰ ভুমি অধিকাৰ কাঢ়িবলৈ হুৰ হুৰ কৈ সামাজিক মান-সন্মানৰ অৱনতি ফালে ধাবমান হোৱাটো সঁচায়ে কল্পনাৰ আগোচৰ ৷

অনাৰ্য ম্লেছৰ ভুমি আসামত প্ৰৱজিত আৰ্য বৰ্ণই ভৰি দিয়া দিনাই এই ভুমি অপৱিত্ৰ আৰু পৰাধীন হ'য় ৷ ইয়াৰ পাছতে চুকাফা আৰু শংকৰদেৱৰ অধিন হোৱা ক্ষুদ্ৰ জাতিয়ে জাত্যন্তৰে নিজক শাসক আৰু উচ্চ বুলি গণ্য কৰাৰ দিনাই অনাৰ্য ভুখণ্ডত বৰ্ণ আৰ্যৰ দম্ভ এখোপ চৰে ৷ যি সকল ক্ষুদ্ৰ অনাৰ্য ম্লেছ জাতিয়ে নিজ ভুখণ্ডত প্ৰৱজনকাৰী আৰ্য, চুকাফা আৰু শংকৰদেৱৰ বিৰুদ্ধে ৰাজনৈতিক আৰু সাংস্কৃতিক যুদ্ধ কৰি ভাগৰি পৰিব নাজানিছিল সেই সকলে আজিও গণতান্ত্ৰিক ভাৰতবৰ্ষত ৰাজনৈতিক, সাংস্কৃতিকৰ লগতে সম অধিকাৰ আৰু ন্যায়ৰ অধিকাৰৰ হকে তুমুল সংঘৰ্ষময় জীৱন অতিবাহিত কৰিব লগা হৈছে ৷