নৰকাসুৰ কলিতাঃ ইতি কামাখ্যা

আৰ্য ব্ৰাহ্মণ পৰশুৰামৰ ক্ষত্ৰিয় নিধনত নিজৰ কুল ৰক্ষা কৰিবলৈ সাবু-ধাবু খোৱা সম্প্ৰদায়টোয়েই হ'ল বহিৰাগত কলিতা সকল ৷ উদ্বণ্ড পৰশুৰামৰ পৰা প্ৰাণৰ মায়াত পলাই শেষত নিজৰ কুল ৰক্ষা কৰিবলৈ এসময়ত অসমত প্ৰৱেশ কৰা কলিতা সকল আজি অসমৰ আদিম ভুমিপুত্ৰ বুলি দাবী কৰি জনজাতিকৰণ দাবী কৰাটো চৰম হাস্যকৰ ৷ সামাজিক, অৰ্থনৈতিক ভাৱে সচ্ছল কলিতা সকলে সংৰক্ষণৰ আধাৰত জনজাতিকৰণ বিচৰাটো ভাৰতীয় সংবিধানৰ পৰিপন্থীয়েই নহ'য়, ই অসমৰ ভুমিপুত্ৰ জনজাতিৰ প্ৰতি চৰম ভাবুকি ৷

বৈদিক যুগত বুৰলুংবুথুৰ মহা উপত্যাকাত অনুপ্ৰৱেশ কৰা কলিতা সকল অসম তথা হিমালয়ান উত্তৰ-পূৰ্ৱাঞ্চলৰ অদিম অদিবাসী বুলি নিজকে কি যুক্তিত দাবী কৰে? আৰ্য বৰ্ণহিন্দুৰ চাৰি বৰ্ণৰ ক্ষত্ৰিয় কলিতা সকলে অনাৰ্য ৰজা নৰক অসুৰক নিজৰ জন্মদাত্ৰী পিতৃ-মাতৃ দাবী কৰাটো কিমান যুক্তি সংগত? আৰ্য বৰ্ণহিন্দুৰ উপাখ্যানৰ ভিত্তিত নিজৰ কুলৰ ধূসৰ বিৱৰণ, আখ্যানত এটা আৰ্য বৰ্ণই কেনেকৈ অসমৰ আদিম অনাৰ্য জাতি-জনগোষ্ঠীলৈ পৰিৱৰ্তিত হ'ল? ঐতিহাসিক ভিন্ন পটভুমিৰ ক্ষত্ৰিয় কলিতাই নিজৰ বৰ্ণ অনুসাৰে হিন্দু সনাতন ধৰ্ম পালন কৰি সামাজিক ভাৱে উচ্চ আসন লৈ অহাৰ পাছতো তেওঁলোকে কেনেদৰে অসমৰ পৃষ্ঠভুমিত জনজাতিকৰণ বিচৰাৰ দাবী উত্থাপন কৰিব পাৰে?

কলিতা সকল আৰ্য বৰ্ণহিন্দুৰ অংশ ক্ষত্ৰিয় তাত অকনো সন্দেহ নাই ৷ অসমত আৰ্য ব্ৰাহ্মণ প্ৰৱেশৰ সময়তে কলিতাসকল অসমলৈ অনুপ্ৰৱেশ কৰে ৷ মূলত কলিতাসকল ভাৰতবৰ্ষৰ পূৱ প্ৰন্তৰ পৰা উত্তৰ-পূৱ হিমালয়ান অঞ্চললৈ অৰ্থাৎ বুৰলুংবুথুৰ মহা উপত্যাকালৈ আহে ৷ উৰিষ্যা, অন্ধপ্ৰদেশ আদি ৰাজ্যত এতিয়াও কলিতা সকল বসবাস কৰি আছে ৷ Montgomery Martin ৰ কিতাপ "The History, Antiquities, Topography and Statistics of Eastern India" Voll. III 1838 ত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক এই বুলি পৰিচয় দিছে যে, "Two Kalitas, Sangkardev and Madhavdev have persuaded many that the paths which they have discovered are more advantageous."

প্ৰসিদ্ধ ইংৰাজ ইতিহাসবিদেই শংকৰদেৱ আৰু মাধৱদেৱক "কলিতা" হিচাপে চিনাকি কৰাই দিছে ৷ সেই সূত্ৰৰ পৰা শংকৰ আৰু মাধৱ দুয়োৰে পৰিয়াল কায়স্থ আছিল ৷ বৈদিক বেদ, উপখ্যানক বাদ দি চালে দেখা যায় যে, অসমৰ কায়স্থ সকল আহোম আৰু কোচ ৰাজাৰ দিনত কনৌজ(এতিয়াৰ বিহাৰ, উত্তৰপ্ৰদেশ, উৰিষ্যা)ৰ পৰা অহা ৷ কবলৈ গলে অৰ্য ব্ৰাহ্মণ অসমলৈ বখটিয়াৰ খিলজি ১২০৫ খৃঃ ত অসম আক্ৰমণৰ সময়তে আহে ৷ খিলজিৰ অসম আক্ৰমণতে ব্ৰাহ্মণৰ সৈতে ক্ষত্ৰিয় কলিতা সকলেও অসমত অনুপ্ৰৱশেষ কৰে ৷

কলিতাসকলে নিজকে অসমৰ অনাৰ্য আদিম অধিবাসী প্ৰতিপন্ন কৰিবলৈ গৈ আৰ্য শাস্ত্ৰৰ বিভিন্ন উপাখ্যানৰ সহায় লোৱা দেখা যায় ৷ কোনো কলিতা পণ্ডিতস মতে তেওঁলোক প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ বংশ, ৰজা ভগদত্তৰ সতী সন্ততি ইত্যাদি অনেক ৷ এই ক্ষেত্ৰত কলিতাসকলৰ মিথ্যাচাৰ অসমৰ এগৰাকী স্বল্পখ্যাত গৱেষক এচ.চি. গোস্বামীয়ে লিখা তেওঁৰ "JARC-1934" নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰি গৈছে যে, "To explain the name of kalita, a theory of 'kulalupta'(conealment of caste) is invented by some. The story of connected with the legend Parasuram, in order to save themselves from whose wrath, the Kalitas are said to have concealed their Kahatriya caste. This may have a bearing on the Brahmanical reaction against Buddhism, which the Kalitas might have adopted at the time." 

এচ চি গোস্বামীৰ গৱেষণা গ্ৰন্থই কলিতাসকল ব্ৰাত্য(ব্ৰাহ্মণ) ক্ষত্ৰিয় হোৱাটো স্পষ্ট প্ৰমাণ কৰে ৷ তেনে ক্ষেত্ৰত কলিতাসকলে ব্ৰাহ্মপুত্ৰ উপত্যাকাত অনাৰ্য আদিম অদিবাসী বুলি নিজকে দাবী কৰাটো কেতিয়াও মানি ল'ব পৰা নাযায় ৷ অনাৰ্য নৰক অসুৰ কলিতাসকলৰ পিতৃপুৰুষ কেতিয়াও হ'ব নোৱাৰে ৷

এই কথাটো সকলোয়ে নিশ্চয় জানে যে, আৰ্য হিন্দু ধৰ্মত চাৰি বৰ্ণৰ ভিতৰত "ক্ষত্ৰিয়" ও অন্যতম ৷ চাৰি বৰ্ণৰ মতে ব্ৰাহ্মণ শ্ৰেষ্ঠ, ক্ষত্ৰিয় ৰজা, বৈশ্য বণিয়া আৰু শূদ্ৰ গোলাম ৷ আৰ্য ব্ৰাহ্মণ পৃথিৱীৰ য'তেই গৈছিল তাতেই ব্ৰাহ্মণক সুৰক্ষিত কৰিবলৈ ক্ষত্ৰিয় আৰু বৈশ্য যাব লগা হৈছিল ৷ এই তিনি বৰ্ণই য'তেই গৈছিল সেই ঠাইতে মুল আদিবাসীক যুদ্ধ, অত্যাচাৰ, লুটপাত, উৎপীড়নৰে নিজৰ গোলামী কৰি লৈছিল ৷ যাক পাছত "শূদ্ৰ" বুলি কোৱা হৈছিল ৷ গতিকে কলিতা সকল ক্ষত্ৰিয় হোৱাৰ সুবাদদে ব্ৰাহ্মণৰ লগত অৰ্থাৎ আৰ্য শ্ৰেষ্ঠ(!) ব্ৰাহ্মণৰ সুৰক্ষা কৰ্মী হৈ বুৰলুংবুথুৰৰ মহা উপত্যাকাত অনুপ্ৰৱেশ কৰে আৰু অসমতে থাকি নিজক অসমৰ বুলি দাবী কৰে ৷