শংকৰদেৱঃ ব্ৰাহ্মণৰ নব্য সংস্কৰণ


অসমৰ বড়ো মানুহৰ মৌখিক প্ৰবাদ আছে যে, শংকৰদেৱে বড়ো ছোৱালীক ৰ্দুব্যৱহাৰ কৰি পলাই ফুৰিছিল ৷ সেয়ে তেওঁ বড়োসকলক "একহৰণ" ধৰ্মত দীক্ষা দিবলৈ নোৱাৰিছিল ৷ তদুপৰি তেওঁ তেওঁৰ "একহৰণ" ধৰ্মলৈ বড়োসকলক ধৰ্মান্তৰিত কৰিবলৈ যাওঁতে আৰু এটা সমস্যাত পৰিছিল ৷ একহৰণ ধৰ্মত আনিবলৈ শংকৰদেৱে "য'ত জল তত মস্য" বুলি বড়ো মানুহক বুজাব ধৰিছিল ৷ বড়ো মানুহে ওলটাই শংকৰদেৱক নাৰিকললৈ আঙুলিয়াই নাৰিকলৰ পানী(জল)ত কিয় মস্য(মাছ) নাই বুলি সুধিছিল ৷ তেতিয়া শংকৰ নিৰুত্তৰ হোৱাত বড়ো মানুহে শংকৰক পহু খেদা দিছিল ৷

তথাকথিত অসমীয়া বিশিষ্ট লেখক তথা বুদ্ধিজীৱি ড° প্ৰফুল্ল মহন্তই তেওঁৰ "ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যাঃ শংকৰদেৱ আৰু বড়ো জাতি" নামৰ গ্ৰন্থখনত শংকৰদেৱক লালুং(তিৱা) বড়ো কছাৰী অঞ্চলৰ বুলি আঙুলিয়াইছে ৷ অৰ্থাৎ শংকৰদেৱে বড়ো কছাৰী সকলৰ ওচৰে পাজৰে বাস কৰিছিল ৷ যাৰ ফলত শংকৰে ব্ৰাহ্মণ্য শাস্ত্ৰত পণ্ডিত্য পাই অনাৰ্য বড়োসকলক কৌশলৰে আৰ্যৰ গোলাম কৰাৰ ক্ষেত্ৰত বৈষ্ণৱী একহৰণ নাম ধৰ্ম জাপিবলৈ গৈ পলাব লগীয়া পৰিস্থিতিৰ সন্মুখিন হৈছিল ৷

বৰ্ণ হিচাপে শংকৰ কায়স্থ ব্ৰাহ্মণ(ভূঞা) আছিল ৷ এই কায়স্থ সকল ব্ৰাহ্মণৰ চৌত্ৰিশটা গোত্ৰৰ আটাইতকৈ নিম্ন গোত্ৰৰ এটা ৷ ব্ৰাহ্মণৰ উপাধীয়েই তেওঁলোকৰ গোত্ৰ ৷ গোত্ৰৰ ভিতৰত কায়স্থ সকল ব্ৰাহ্মণৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ উচ্চ গোত্ৰ ব্ৰাহ্মণৰ ছাটি ধৰা কাম কৰিছিল ৷ উচ্চ বৰ্ণৰ ব্ৰহ্মাণে কোনো শূদ্ৰ লগুৱা লগত নলৈছিল ৷ শূদ্ৰ মানেই সমাজ বৰ্জিত ৷ গতিকে শূদ্ৰৰ দ্বাৰা ব্ৰাহ্মণে অন্যান্য গোলামী কাম কৰোৱাইছিল ৷ সেয়ে উচ্চ গোত্ৰৰ ব্ৰাহ্মণে নিজৰ সেৱা-শুশ্ৰূষাত নিম্ন গোত্ৰ ব্ৰাহ্মণৰ সেৱা গ্ৰহণ কৰিছিল ৷ তাৰ ভিতৰত শংকৰদেৱৰ কায়স্থ গোত্ৰও উচ্চ গোত্ৰ ব্ৰাহ্মণক সেৱা কৰা এটা ব্ৰাহ্মণৰ গোত্ৰ ৷

ড° প্ৰফুল্ল মহন্তৰ "ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যাঃ শংকৰদেৱ আৰু বড়ো জাতি" নামৰ গ্ৰন্থখনত "শংকৰদেৱ আৰু জাতিগত সংহতি আৰু সংঘাতৰ উৎস বিচাৰ" শীৰ্ষক নিৱন্ধত(পৃষ্ঠা ৩২, দ্বিতীয় পেৰাগ্ৰাফ) উল্লেখ কৰিছে যে, "শংকৰদেৱ ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰ লোক হলেও তেওঁ ব্ৰাহ্মণ নাছিল ৷ তেওঁ শূদ্ৰ ৷ সেইফালৰ পৰাই ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেওঁ ব্ৰাহ্মণ সমাজখনৰ পৰা বাধাৰ সন্মুখীন হৈছিল ৷" এতিয়া কথা হ'ল লেখক প্ৰফুল্ল মহন্তই শংকৰদেৱৰ বৰ্ণ ব্ৰাহ্মণ হোৱাৰ পৰিৱৰ্তে শূদ্ৰ দাবী কৰাটো ইতিহাস মতে অত্যন্ত ভুল আৰু তেওঁ শংকৰদেৱক পাকে প্ৰকাৰে ব্ৰাহ্মণ বৰ্ণৰ পৰা চতুৰতাৰে লুকুৱাবলৈ এক বৃথা চেষ্টা কৰা দেখা গৈছে ৷

ইতিহাসে কয় যে, শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ বৰ ভূঞা আৰু মাতৃ পিয়ম্বদা দেৱী ৷ আহোম বুৰঞ্জীৰ মতে ভূঞা সকল অসমৰ নহ'য় ৷ তেওঁলোকক বৰ্তমান উৰিষ্যাৰ পৰা ব্ৰাহ্মণ হিন্দু ধৰ্মৰ বিভিন্ন পূজা-পাৰ্বনৰ বাবে অসমলৈ আহোম ৰজাৰ দ্বাৰা অনোৱা হৈছিল ৷ সেই সূত্ৰে আহোম ৰজাই অসমলৈ বাৰ ঘৰ ভূঞা, সাত ঘৰ মহন্ত-গোঁসাই অসমলৈ আনি মাটি দানৰে ভেটি স্থাপন কৰোৱাইছিল আৰু মঠ-মন্দিৰত হোৱা বিভিন্ন পূজাত তেওঁলোক পুৰুহিত হিচাপে নিয়োগ হৈছিল ৷ লেখক প্ৰফুল্ল মহন্তই তেওঁৰ গ্ৰন্থখন(পৃষ্ঠা ৩৫)ত নিজেই উল্লেখ কৰিছে যে, "শংকৰ আছিল সামন্তীয় ভূঞা বংশৰ সন্তান ৷" এতেকে শংকৰদেৱ কোনো কালেই "শূদ্ৰ" হ'ব নোৱাৰে ৷ শংকৰক শূদ্ৰ সজোৱাটো লেখক প্ৰফুল্ল মহন্তৰ একান্ত ব্যক্তিগত অভিপ্ৰায় ৷ যিটো অভিপ্ৰায়ত শংকৰক ব্ৰাহ্মণ সমাজৰ আঁতৰত থৈ ব্ৰাহ্মণ্য ধৰ্মৰ অন্য এটা "অৱতাৰত" শূদ্ৰ সমাজক ব্ৰাহ্মণৰ গোলামীৰে বান্ধি ৰখা কৌশল নিহিত হৈ আছে ৷

শংকৰদেৱৰ চৰিত পুথিয়ে কয় যে, শংকৰে যি গৰাকী পত্নীক বিয়া কৰাইছিল সেই গৰাকী আছিল ভূঞা কায়স্থ হৰিবৰ গিৰিৰ একমাত্ৰ জীয়ৰী সূৰ্যৱতী ৷ হৰিবৰ গিৰি ভূঞা ৰাজ্যৰ এগৰাকী অত্যন্ত প্ৰতিপত্তিশীল তথা সম্পদশালী ব্যক্তি আছিল ৷ হৰিবৰ গিৰিয়ে মংগল চোৱাত তেওঁৰ এগৰাকী ছোৱালী জন্মাৰ সম্ভেদ লাভ কৰে আৰু শংকৰক বিয়া দিয়াৰ ভৱিষ্যত বাণী লাভ কৰে ৷ পাছত ভৱিষ্যতবাণী মতে হৰিবৰ গিৰিয়ে শংকৰ-সূৰ্যৱতীক বাল্যবিহাহৰে ঘৰ-সংসাৰ বান্ধি দিয়া হ'য় ৷ শংকৰদেৱে পত্নী নিঠৰুৱা হোৱাৰ কাৰণো আছিল অপৈণত বাল্যবিবাহ ৷

শংকৰদেৱ নিজে লিখি গৈছে যে, "শূদ্ৰত জনম যাৰ বেদ উচ্চাৰণে তাৰ নাহি যেন একো অধিকাৰ ৷" শংকৰদেৱেৰ যুগটোয়েই আছিল ঘোৰ ব্ৰাহ্মণ্যবাদ ৷ সেই ব্ৰাহ্মণ্যবাদ যুগত শূদ্ৰই বেদ, শাস্ত্ৰ জ্ঞান লাভৰ কথাটো বাদেই এজন শূদ্ৰই কোনো দেৱতাৰে নাম উচ্চাৰণ কৰা অধিকাৰ লাভ কৰা নাছিল ৷ তেনে ক্ষেত্ৰত "শূদ্ৰ" শংকৰে কেনেকৈ, কাৰ কৃপাত মহেন্দ্ৰ কন্দলীৰ দৰে ব্ৰাহ্মণৰ টোলত শাস্ত্ৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল? কেনেকৈ দীৰ্ঘ বছৰ ধৰি পুৰীৰ জগনাথ মন্দিৰত ব্ৰাহ্মণৰ সৈতে থাকি ধৰ্মজ্ঞান লাভ কৰিছিল? শংকৰৰ দৰে শূদ্ৰই কায়স্থ ব্ৰাহ্মণ হৰিবৰ গিৰিৰ জীয়েক সূৰ্যৱতীৰ লগত বিবাহ কেনেকৈ সম্ভৱ হৈছিল ? এজন শূদ্ৰই ব্ৰাহ্মণ কণ্যাৰ পাণী গ্ৰহণ লাভ কৰাটোয়ে প্ৰশ্নৰ অৱতাৰণা কৰা নাই নে?

আজিৰ তাৰিখত অসমত অবিচি(obc) আৰু এচছি(sc) সকলেই হ'ল শূদ্ৰ ৷ অৰ্থাৎ অসমৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু অনুসূচিত জাতিৰ লোক সকলেই হিন্দু ধৰ্মৰ শূদ্ৰৰ তালিকাৰ অন্তুভুক্ত ৷ এছটি অৰ্থাৎ অনুসূচিত জনজাতি সকল ব্ৰাহ্মণৰ চাৰি বৰ্ণৰ ভিতৰতেই অহা বা পৰা নাছিল ৷ অনুসূচিত জনজাতিসকল জংঘলত থকা বাবেই তেওঁলোকৰ সমাজৰ পৰা ব্ৰাহ্মণ সকল নিজেই নিলগত আছিল ৷
শংকৰদেৱে আহোমৰ ৰাজ্যত নিজৰ একহৰণ ধৰ্মৰ প্ৰসাৰ প্ৰচাৰ নোপোৱাৰ কাৰণ হ'ল আহোম ৰজাই ব্ৰাহ্মণৰ উচ্চ গোত্ৰ মহন্ত-গোঁসাইৰ হিন্দু ধৰ্মত ইতিমধ্যে চামিল হৈ গৈছিল ৷ গতিকে শাক্ত বিধিত বিশ্বাসী উচ্চ গোত্ৰৰ মহন্ত-গোঁসাই ব্ৰাহ্মণ থাকোতে নিম্ন গোত্ৰৰ এজন সেৱক ব্ৰাহ্মণে কেনেকৈ "একহৰি বৈষ্ণৱ ধৰ্ম" প্ৰতিষ্ঠা কৰিব পাৰিব ? সেয়ে উচ্চ গোত্ৰ মহন্ত-গোঁসাই ব্ৰাহ্মণে নিম্ন গোত্ৰ ব্ৰাহ্মণ শংকৰক ষড়যন্ত্ৰৰে আহোম ৰজাৰ দ্বাৰা দেশান্তৰিত কৰোৱা হৈছিল ৷ যাৰ ফলস্বৰূপে শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলাই একে কোৱে কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্য পালেগৈ ৷
কোচ ৰাজ্যত শংকৰদেৱক ৰাজনৈতিক আশ্ৰয়হে দিয়া হৈছিল ৷ ধৰ্ম প্ৰচাৰ কৰিবলৈ নহ'য় ৷ ৰাজনৈতিক আশ্ৰয় লোৱা শংকৰে সুযোগ বুজি কোচ সকলৰ লগতে "নকলি বামুন(ব্ৰাহ্মণ)ৰ মাজত নিজৰ একহৰণ ধৰ্ম প্ৰচাৰ কৰিব ধৰে ৷ তেতিয়াৰ নকলি বামুন সকলেই এতিয়াৰ অসমৰ ৰাজবংশী সকল ৷

১৮২৬ চনৰ ইয়ান্দাবু সন্ধিৰ পাছৰ পৰাই আহোম, কোচ ৰাজ্যৰ বেলি বৃটিছৰ হাতত ডুব যায় ৷ বৃটিছ শাসনত বৃটিছৰ প্ৰশাসনিক কাম-কাজত উচ্চ বৰ্ণ ব্ৰাহ্মণ সকলেই অধিক নিয়োজিত হৈছিল ৷ আহোম ৰাজ্যত পূৰ্ৱে থকা মহন্ত-গোঁসাইৰ দৰে শাক্ত বিধিত বিশ্বাসী কিছু সংখ্যক ব্ৰাহ্মণে ইংৰাজৰ পশ্চিমীয়া শিক্ষা পাই ভৱিষ্যতে অসমত তেওঁলোকৰ শাক্ত হিন্দু ধৰ্মৰ বিপন্ন নিশ্চিত বুলি জানিছিল ৷ গতিকে চতুৰ মহন্ত-গোঁসাইয়ে ইংৰাজৰ পশ্চিমীয়া শিক্ষাৰে আগত শিক্ষিত হৈ খৃষ্ট্ৰীয়ান মিছনেৰীৰ আৰ্হিত শংকৰদেৱৰ "একহৰণ" ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰে ৷ শাক্ত(ঈশ্বৰৰ নামত পশু-পক্ষীক বলি দিয়া প্ৰথা) বিধিত বিশ্বাসী মহন্ত-গোঁসাই উচ্চ গোত্ৰৰ ব্ৰাহ্মণে শংকৰদেৱৰ "একহৰণ" ধৰ্ম প্ৰচাৰ কৰে যদিও এয়া তেওঁলোকৰ বাবে এক চক্ৰান্তকাৰী ষড়যন্ত্ৰহে আছিল ৷ অৰ্থাৎ ধৰ্মৰ জকাটো শংকৰদেৱৰ "একহৰণ"ৰ আছিল ৷ বাকী শাক্ত বিধিৰ সকলো শোষণতন্ত্ৰ একেই আছিল ৷

এটা কথা লক্ষ্য কৰিব যে, বৃটিছৰ দিনৰ পৰাহে অসমত সত্ৰ সৃষ্টিৰ চৰকাৰী আনুষ্ঠানিকতা লাভ কৰে ৷ ইয়াৰ আগলৈকে অসমত বৰ্ণহিন্দুৰ বাবে শংকৰদেৱৰ নামঘৰ আছিল ৷ নামঘৰৰ যোগেদি শংকৰদেৱে একহৰণ বৈষ্ণৱ ধৰ্মৰে অসমত এক ভক্তি আন্দোলনৰ পৰিৱেশ সূঁচনা কৰিছিল ৷ শংকৰদেৱৰ মৃত্যৰ পাছৰ পৰাই শংকৰৰ বৈষ্ণৱ ধৰ্মক হাইজেক্ কৰি মহন্ত-গোঁসাই ব্ৰাহ্মণে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মক প্ৰচাৰ কৰাৰ চলৰে সত্ৰ প্ৰতিষ্ঠা কৰি শোষণতন্ত্ৰ স্থাপন কৰিছিল ৷ এই শোষতন্ত্ৰৰ সত্ৰ সমূহত থকা স্বয়ম্ভু সত্ৰধিকাৰী মহন্ত-গোঁসাইক সকলো প্ৰজাই "ধৰ্মীয় কৰ"(religion tex) "দান" হিচাপে ঘৰৰ বাৰীৰ প্ৰথমটো ফচল, কলি গৰু(কলি গৰুৰ গাখীৰ দাঠ হোৱা বাবে মহন্ত-গোঁসাইয়ে সাধাৰণ মানুহক গ্ৰহ-নক্ষত্ৰ, কাল-কেতু-শনি লগাৰ ভয় দেখুৱাই কলি গৰু দান হিচাপে লৈছিল) ইত্যাদি অনেক দিব লগা হৈছিল ৷

বৃটিছৰ প্ৰশাসনিক কাম কাজত এশ শতাংশই উচ্চ বৰ্ণহিন্দু ব্ৰাহ্মণ থকাত বৃটিছ প্ৰশাসনেও সত্ৰক কৰৰ পৰা ৰেহাই দিছিল ৷ কৰ ৰেহাইৰ ওপৰিও সত্ৰ সমূহক অংসখ্য বিঘা হিচাপত মাটি দান কৰিছিল ৷ অসমত এতিয়াও সত্ৰৰ অধিনত লাখ লাখ বিঘা হিচাপত মাটি আছে ৷ এই মাটিত সাধাৰণ মানুহে খেতি কৰি পোৱা ফচলৰ আধা ভাগ ফচল সত্ৰক দিব লাগে ৷ বিনা পৰিশ্ৰমে, বিনা টেক্সৰে সত্ৰৰ সত্ৰাধিকাৰে ধৰ্মৰ নামত আৰামত বিলাসী জীৱন কটাই উদৰ পূৰাই খাই আছে আৰু সাধাৰণ জনতাই নিজৰ পৰিশ্ৰমৰ এভাগ ঈশ্বৰৰ নামত এতিয়াও মহন্ত-গোঁসাইক দি পূজিয়ে আছে ৷
বৰ্ণ হিন্দুৰ উচ্চ সমাজখনে ভাৰতবৰ্ষক দুটা শ্ৰেণীত শোষণ আৰু গোলামী কৰি ৰাখিছে ৷ এটা হ'ল ধৰ্মীয় আহিলাৰে মানসিক গোলাম কৰি শোষণ কৰা আৰু আনটো ভাৰতীয় ব্যৱস্থাটোৰ প্ৰতিটো শীৰ্ষ আসনত বহি কৰি অহা ন্যায়িক শোষণ ৷

পুৰণা শিক্ষা পদ্ধতি আছিল নিদিষ্ট ঠাইত গুৰুৰ ওচৰত প্ৰাপ্ত কৰা শিক্ষা ৷ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যই ৰাজঘৰীয়া আৰু গুৰুকুলৰ শিক্ষা পাইছিল ৷ ইয়াৰ বিপৰীতে শূদ্ৰ অৰ্থাৎ অবিচি আৰু অনুসূচিত জাতিৰ লোকে কোনো ধৰণৰ শিক্ষা পোৱা নাছিল ৷ আৰু এই শিক্ষা নোপোৱা সকলেই আজিও একালত তেওঁলোকৰ শিক্ষা অধিকাৰৰ পৰা দূৰত ৰখা ব্ৰাহ্মণ মহন্ত-গোঁসাইক ঈশ্বৰ জ্ঞান কৰি পূজি আহিছে ৷ অৰ্থাৎ তাহানিৰ শিক্ষা বঞ্চিত শূদ্ৰই আজিও উচ্চ বৰ্ণহিন্দুৰ মুষ্টিমেয় সমষ্টিৰ ধৰ্মীয় শোষণতন্ত্ৰ আহিলাৰ মানসিক গোলাম ৷ উচ্চ বৰ্ণহিন্দুৰ গোলামী খাটাতো তেওঁলোকৰ বিৰাচত, সন্মানীয় কাম… ৷

ৰজাদিনৰ শিক্ষা ব্যৱস্থা প্ৰজাৰ বাবে নাছিল ৷ আজিৰ প্ৰজাৰ শিক্ষাৰ বাবেই তাহানিৰ ৰজা আৰু ৰাজ ব্যৱস্থা নাই ৷ শংকৰদেৱৰ দিনত টোলত শিক্ষা দিয়া ব্যৱস্থা আছিল ৷ একোজন গুৰুৰ দ্বাৰা পৰিচালিত টোলত হিন্দুৰ তিনি বৰ্ণই শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল ৷ ক্ষত্ৰিয়ই ৰাজতন্ত্ৰ পৰিচালনা আৰু যুদ্ধ কৰা শিক্ষা, বৈশ্যই বেহা-বাণিজ্য অৰ্থাৎ অৰ্থনীতিৰ শিক্ষা আৰু ব্ৰাহ্মণে এই তিনিবিধৰ শিক্ষা দুয়ো বৰ্ণক দিছিল ৷
গোত্ৰত নিম্ন ব্ৰাহ্মণ হলেওঁ বৰ্ণ হিচাপে শংকৰদেৱ ব্ৰাহ্মণ আছিল ৷ সেই অনুপাতে শংকৰে দুয়ো বৰ্ণক শিক্ষা দিব পৰা শিক্ষা লাভ কৰিছিল ৷ শংকৰদেৱৰ 
বাল্যকালৰ চমৎকাৰী জ্ঞানৰ বিষয়ে কোৱা নিষ্প্ৰয়োজন ৷ শংকৰে ১৪ বছৰ বয়সত ১২ বছৰীয়া সূৰ্যৱতীৰ সতে বাল্যবিবাহত বহিছিল ৷ বাল্যকালতে ল'ৰা-ছোৱালী বিয়া হোৱাটো তেতিয়াৰ উচ্চ শিক্ষিত উচ্চ বৰ্ণহিন্দুৰ এক সামাজিক অভিজাত্য পৰম্পৰা আছিল ৷ জ্ঞানৰ চমৎকাৰ শংকৰদেৱেও এই পৰম্পৰাৰ সোৱাদ এৰিব পৰা নাছিল ৷


শাক্ত বিধি বিশ্বাসী ব্ৰাহ্মণ গোঁসাই-মহন্তৰ বিপৰীতে একহৰণ, একহৰি বৈষ্ণৱ ধৰ্ম নামৰে এক নতুন ধৰ্ম সৃষ্টি কৰিছিল যদিও বৰ্ণত ব্ৰাহ্মণ হোৱাৰ বাবতেই শংকৰদেৱৰ তেজত সুপ্ত হৈ থকা ব্ৰাহ্মণ্য চৰিত্ৰ লুপ্ত হোৱা নাছিল ৷ তাৰ ফলস্বৰূপেই তেওঁৰ একহৰণ নৱ বৈষ্ণৱ নাম ধৰ্মই ছশ বছৰৰ পাছতো অসমৰ উচ্চ শিক্ষিত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মানুহক ঈশ্বৰ ভক্তি ঢৌৰে মুহাচ্ছন্ন কৰি উচ্চ বৰ্ণহিন্দুৰ শোষণতন্ত্ৰৰ জাউতিযুগীয়া গোলামী বনাই ৰাখিছে ৷ শংকৰে নৱ বৈষ্ণৱ নাম ধৰ্মৰে ভক্তি আন্দোলন সৃষ্টি কৰি অসমত যি অসুস্থ(কামৰ অবিহনে কেৱল ঈশ্বৰ নাম জপ) সমাজিক ভক্তি ব্যাধি অসম আৰু অসমীয়াক দি গ'ল ৷