অসম মেডিকেল কলেজত ব্ৰাহ্মণৰাজ

মেডিকেল কাউঞ্চিল অব ইন্দিয়াই অসমৰ ৬ চিকিৎসা মহাবিদ্যালয়ৰ MBBS পাঠ্যক্ৰমৰ আসন অতিৰিক্ত ভাৱে ১৭৪ খন বঢ়াই দিছে ৷ এয়া ভাল কথা ৷ কিন্তু এই অতিৰিক্ত ভাৱে বঢ়াই দিয়া আসন কেৱল "আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণৰ অধিনত" কিয়? অৰ্থাৎ কেৱল ব্ৰাহ্মণৰ বাবে কিয়? 

ব্ৰাহ্মণৰ বাহিৰে ভাৰতবৰ্ষত কোনো শ্ৰেণী-বৰ্ণয়ে অৰ্থনৈতিক সংৰক্ষণৰ সুবিধা লাভ কৰা নাই ৷ যোৱা বছৰ কেৱল ব্ৰাহ্মণে অ-সাংবিধানিক ভাৱে ১০ শতাংশ অৰ্থনৈতিক সংৰক্ষণৰ সুবিধা লাভ কৰিছে ৷ যিটো কেৱল কট্টৰ ব্ৰাহ্মণ(হিন্দুত্ব) সংস্থা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ কৃপাত মোডী ৰাজত সম্ভৱ হৈছে ৷

অসমৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত ১৭৪ খন আসন যোগ কৰিলে মুঠ ৯০০ খন আসন হ'বগৈ ৷ যদি পূৰ্ৱে থকা ৭২৬ খন আসনক অসমৰ OBC/SC/ST শ্ৰেণীৰ মাজত জনসংখ্যাৰ অনুপাতে আসন ভাগ কৰি দিয়া হ'য় তেন্তে SC বৰ্গৰ ১০ খন, ST বৰ্গৰ ৬ খন আৰু OBC য়ে ১৬ ৰ পৰা ১৯ খন আসন সংৰক্ষণৰ কাৰণে লাভ কৰিব ৷ সংৰক্ষণৰ সুবিধা থকা কাৰণেহে এই বৰ্গৰ মানুহে সংবিধানত ধাৰ্য কৰা সংৰক্ষণত শিক্ষাৰ্থীয়ে পঢ়িবলৈ নিদিষ্ট আসনকেইখন লাভ কৰিব ৷ বিপৰীতে যিকেইখন আসন থাকি যায় আটাইকেইখন আসনতে অসম আৰু অসমৰ বাহিৰৰ ব্ৰাহ্মণ শিক্ষাৰ্থীয়ে লাভ কৰে ৷

৭২৬ খন আসনত সংৰক্ষণৰ আধাৰত অবিচি, এছটি আৰু এচছি শিক্ষাৰ্থীয়ে খুব বেছি ৩৬ খন আসন পাব ৷ পাৰিলে ৩৬ ত কৈ কম আসন হ'ব ৷ সাধাৰণ কেটেগৰীত দুই এটা অবিচি শিক্ষাৰ্থীয়ে আসন লাভ কৰিলেও এছটি আৰু এচছি শিক্ষাৰ্থীয়ে আসন লাভ কৰাটো অসম্ভৱ ৷ যদি দুই এখন পায়ও তেন্তে দয়া ৷ মুঠতে এই তিনি বৰ্গৰ শিক্ষাৰ্থীক এটা নিদিষ্ট চাৰ্কুলেট আসনৰ ভিতৰত ৰখা হ'য় ৷ আসন বৃদ্ধি মানেই উচ্চ বৰ্ণ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ, দিশশূণ্য… ৷

দেখা যায় যে, ৭২৬ খন আসনৰ ভিতৰত অবিচি,এছটি আৰু এচছি শিক্ষাৰ্থীয়ে সংৰক্ষণ আৰু মেৰিট লিষ্টত ৪০-৪৫ খন আসন লাভ কৰিব ৷ যদি আৰু উপৰিঞ্চিকৈ ধৰা হ'য় তেন্তে আপুনি MOBC শিক্ষাৰ্থীক লগাই ১৫০ খন আসন ধৰিব পাৰে ৷ ৭২৬ খনৰ পৰা ১৫০ খন আসন সংৰক্ষণ আৰু "দয়া"ৰ বাবে মেৰিট লিষ্টত গ'ল ৷ বাকি থকা ৫৭৬ খন আসন কেৱল সাধাৰণ কেটেগৰী অৰ্থাৎ ব্ৰাহ্মণ শিক্ষাৰ্থীয়ে লাভ কৰে ৷ জেনেৰল কেইটাৰ ভিতৰত কেইটা অ-ব্ৰাহ্মণ শিক্ষাৰ্থী থাকিব? ধৰি লওঁক, জেনেৰেল কিন্তু অ-ব্ৰাহ্মণ শিক্ষাৰ্থী ১৫০ জন ৷ এতিয়া ব্ৰাহ্মণ শিক্ষাৰ্থী থাকিবগৈ ৪২৬ জন ৷ অৰ্থাৎ প্ৰত্যেক বছৰে অসমৰ প্ৰতিটো ব্ৰাহ্মণ পৰিয়ালৰ পৰা এজনকৈ চিকিৎসক জন্ম হ'য় বুলি কলেও অত্যুক্তি কৰা নহ'য় ৷ এতিয়া এই পৰিসংখ্যা দুগুন কৰিছে মেডেকেল কাউঞ্চিল অব ইন্দিয়াই ৷ অৰ্থনৈতিক সংৰক্ষণৰ অধিনত কেৱল অসমৰ ব্ৰাহ্মণ শিক্ষাৰ্থীৰ বাবেই ১৭৪ আসন মুকলি কৰি দিছে ৷ এই আসনৰ এখন আসনো অ-ব্ৰাহ্মণ শিক্ষাৰ্থীয়ে নাপায় ৷ এয়া কেৱল ব্ৰাহ্মণ শিক্ষাৰ্থীৰ ৷ 

দেখা যায় যে, সংৰক্ষণৰ আধাৰত দেশৰ অবিচি বৰ্গই শিক্ষা আৰু প্ৰশাসনিক ক্ষেত্ৰৰ চাকৰিত ২৭ শতাংশ সংৰক্ষণ লাভ কৰিছে যদিও, অবিচি বৰ্গই ২৭ শতাংশ সংৰক্ষণ লাভ উঠাবলৈ সক্ষম হোৱা নাই ৷ কাৰণ ব্ৰাহ্মণতন্ত্ৰই অবিচিৰ ২৭ শতাংশ সংৰক্ষণত কিমিলিয়েৰ জাপি দিছে ৷ অৰ্থাৎ যি সকল অবিচি বৰ্গই বছৰী দুই লাখ টকা আয় কৰিব তেওঁলোকৰ বাবে থকা ২৭ শতাংশ সংৰক্ষণ প্ৰযোজ্য নহ'ব ৷ বিপৰীতে দেশৰ মাত্ৰ তিনি শতাংশ ব্ৰাহ্মণে বছৰী আঠ লাখ আয় কৰাৰ পাছতো গৰীৱ-দুখীয়া হোৱা বাবে অৰ্থনৈতিক সংৰক্ষণ লাভ কৰিবলৈ সক্ষম হ'ল ৷ কিয় হ'ল এবাৰ ভাৱি চাইছে নে? 

অসমৰ মেডিকেল পাঠ্যক্ৰমৰ আসন হওঁক কিবা অন্য শিক্ষানুষ্ঠানৰ আসন সকলোতে সংৰক্ষণৰ নিদিষ্ট আসনৰ মতেহে অবিচি, এছটি আৰু এচছি শিক্ষাৰ্থীয়ে পঢ়িবলৈ আসন লাভ কৰে ৷ কিন্তু কোনো কালে ৰাজ্যখনৰ অবিচি, এছটি আৰু এচছি শিক্ষাৰ্থীয়ে Merit list ত আসন লাভ কৰা দেখা নাই ৷ ইয়াৰ কাৰণ হ'ল অবিচি, এছটি আৰু এচছি শিক্ষাৰ্থীয়ে উপযুক্ত হলেওঁ তাক পিছুৱাই ৰখা হ'য় ৷ এইটো ব্ৰাহ্মণনিজমৰ চক্ৰান্তই ৷ ভাৰতৰ প্ৰতিটো স্তৰতে ব্ৰাহ্মণে নিজৰ কব্জা কৰিবলৈ ভাৰতীয় সংবিধানৰ সংৰক্ষণক তীব্ৰ বিৰুধ কৰি আহিছে ৷ দিল্লীৰ ৰাজপথত মুকলিকৈয়ে ভাৰতীয় সংবিধান জ্বলাই দিয়া কাৰ্যসূচী ৰূপায়ন কৰিছে ৷

অসমত থকা মুঠ চিকিৎসকৰ হিচাপটো আপুনি নিজেই কৰক ৷ অনুসূচীত জাতি-জনজাতি চিকিৎসকতকৈ দহ গুণ চিকিৎসক কেৱল ব্ৰাহ্মণ(বামুন) পাব ৷ MOBC আৰু OBC দুয়োক মিলাই তেওঁলোকৰ চিকিৎসক তিনিগুণ মান হ'ব ৷ ইয়াৰ পাছত ব্ৰাহ্মণ চিকিৎসকৰ হিচাপটো মিলাই চাব ৷ মনত ৰাখিব যে, ভাৰতীয় সংবিধানে কেৱল এক শ্ৰেণী, বৰ্গ নতুবা বৰ্ণক আগ্ৰাধিকাৰ দিয়া কৰা অধিকাৰ দিয়া নাই ৷ ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদত সকলোৰে সমান অধিকাৰ বিষয়ে স্পষ্ট উল্লেখ আছে ৷ জনসংখ্যা অনুপাতে নিজ নিজ সমাজৰ পৰা সমান প্ৰতিনিধি আহিলেহে দেশ আৰু সমাজ সমানে আগুৱাই যাব ৷ কোনো এক বৰ্ণ নতুবা শ্ৰেণী গুৰু সংখ্যাৰে আগুৱাই গলে সমাজ আৰু দেশত বৰ্ণভেদ, জাতিভেদ, শোষণ আৰু নিষ্পেষণ বঢ়ি যায় ৷ যিটো ভাৰতবৰ্ষত সততে হৈ আহিছে ৷