চৰকাৰৰ মুৰব্বীয়ে দুৰ্দশাগ্ৰস্ত বানপীড়িতৰ দৰে হাহাকাৰ কৰি কান্দিব নে?

অসমৰ বান পৰিস্থিতিৰ ভয়াবহতা শতাব্দী যুগৰে ৷ বানৰ সংহাৰী কালৰূপ আগৰদৰেই প্ৰচীন হৈ আছে ৷ বিশেষ কিবা হৈছে বুলিবলৈ মাত্ৰ নদীৰ গতিপথ সলনি হৈ থাকে ৷

ভাৰত চৰকাৰৰ ওচৰত জলশক্তি এটা বিভাগ আছে ৷ অসম চৰকাৰৰ ওচৰতো আছে জলসম্পদ বিভাগ ৷ কেন্দ্ৰৰ কথাটো নকওঁ ৷ দিশপুৰৰ পৰা দিল্লীলৈ বহু দূৰ ৷ আঁচলতে স্থানৰ দূৰত্ব নাই, দূৰত্ব আছে ভাষা আৰু দিল্লীৰ সতে যুক্তি বলৰে যুঁজিব নোৱাৰা অসাধু বিভাগীয় মন্ত্ৰি-বিষয়া ৷ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়া সমূহ ইমানেই অৰ্কমণ্য যে, ৰাজ্যখনত বানে প্ৰলয়ংকাৰী ৰূপ লৈ মানুহ আৰু জীৱ-জন্তুৰ প্ৰাণ কাঢ়ি নিলেহে সাৰ পায় ৷

ধৰ্মান্ধ আৰু অন্ধবিশ্বাসী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনত চৰকাৰী ধন শৰাধ কৰি বিহাৰ-উত্তৰ প্ৰদেশৰ পৰা বামুন আনি নমামী ব্ৰহ্মপুত্ৰ উৎসৱ মহা ধুমধামৰে অনুষ্ঠীত কৰাৰ পাছৰ পৰাই অভাৱনীয় বাৰিষা আৰু বানৰ সৃষ্টি হ'ব ধৰিছে ৷ হ'য়টো নমামী ব্ৰহ্মপুত্ৰ মাংগলিক অনুষ্ঠানত কোনো মহিলাই অসুচীৰে প্ৰৱেশ কৰি অমংগল মাতিলে… ! নহ'লে অসমৰ নদীসমূহে কাল ৰূপ লোৱাৰ কাৰণ কি?

তৰুণ গগৈয়ে আমেৰিকাটো বানপানী হোৱাৰ কথা দোহাৰি ৰাজ্যবাসীক পোন্ধৰটা বছৰে বানতকৈ নিজৰ অপ-শাসনে কালৰূপ লৈ সংসাৰ কৰি থৈ গ'ল ৷ অসমৰ বানক কেয়াৰ নকৰা তৰুণ গগৈ যোৰহাটৰ দৰে ওখ ঠাইৰ মানুহ ৷ দিশপুৰতো তেওঁ থাকিবলৈ কইনাধৰাৰ দৰে ওখ ঠাই বাচি লৈছিল ৷ কথাতেই কয় আহোম নোমটেঙৰ ৷ কিন্তু ধৰ্মান্ধ সৰ্বানন্দ ডিব্ৰুগড়ৰৰ দৰে দ' ঠাইৰ মানুহ ৷ ৰাজনৈতিকভাৱেও সৰ্বানন্দ ডাঙৰীয়াই প্ৰতি বছৰে বানে কঙাল কৰা মাজুলী আৰু লক্ষীমপুৰৰ পৰা নিৰ্বাচিত হোৱা ৷

ৰাজ্যখনৰ মংগলাৰ্থে সৰ্বানন্দ ডাঙৰীয়াই এভাগী পূঁজা আগবঢ়োৱাতকৈ জলসম্পদ বিভাগৰ ইঞ্জিনীয়াৰ, উচ্চ পদবী বিষয়াক তলব কৰক ৷ বান ৰুধীবলৈ পৃথিৱীৰ যিকোনো ঠাইৰ পৰা আত্যাধুনিক কাৰিকৰী প্ৰযুক্তি আমদানী কৰক ৷ অসমৰ বান সমস্যাৰ স্থায়ী সমাধাকল্পে দীৰ্ঘম্যাদী আধুনিক প্ৰকল্প কাৰ্যকৰী কৰক ৷ আনৰ দেশত এলাগী আৰু সস্তীয়া প্ৰযুক্তি আনি ৰাইজৰ ধন মন্ত্ৰী-বিষয়াৰ জেপত ভৰোৱা কালচাৰ লুপ্ত কৰক ৷ গণকৰ গণনাপঞ্জী চাই দুৱাৰ বাহিৰ হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজ্যৰ বান পৰিস্থিতিক থমিবলৈ অন্ধবিশ্বাসৰ সলনি বিজ্ঞান-প্ৰযুক্তিৰে নতুন কামক চেলেঞ্জ কৰি দেখুৱাবলৈ সক্ষম হ'ব নে? নে তেওঁ ধূপ-ধুনাতে কৃষ্ণগুৰুৰ নাম জপ কৰি সন্তুষ্ট হৈ থাকিব?

চীনে পৃথিৱীৰ ভোগুল সলনি কৰিছে, জাপানে প্ৰযুক্তিৰ সৌধ নিৰ্মাণ কৰি বিশ্বত খলকনি তুলিছে আৰু ভাৰতে ধৰ্ম আৰু গৰুৰ গোবৰত অৰ্থশাস্ত্ৰৰ ব্যাকৰণ ৰচনাত লাগি আছে ৷ কি ধিক্কাৰ যোগ্য ! পূৱলৈ চালেও চমৎকাৰীতা, পশ্চিমলৈ চালেও চমৎকাৰীতা ৷ মাজত ভাৰতে, অসমে বানপানীত ককবকাই হাহাকাৰ কৰি আছে ৷ চৰকাৰ আৰু প্ৰশাসনৰ বানপীড়িতৰ প্ৰতি তিলমানো কেয়াৰ নাই ৷ কিয়? 

অসমত বছৰি ১৫০ তকৈ অধিক লোক বানত মৃত্যু হ'য় ৷ পশুধনৰ হিচাপ নাই ৷ বানপীড়িতই মুকলি আকাশৰ তলত দিন কটায় ৷ জীয়া মানুহৰ বান দুৰ্দশাবোৰ প্ৰতিবছৰে পুনৰাবৃত্তি হ'য় ৷ বানপীড়িতই আত্মীয় হেৰুৱায়, মাটি হেৰুৱায়, ঘৰ হেৰুৱায়, জীৱিকা হেৰুৱায়, পৰিচয় হেৰুৱায় ৷ বানপীড়িতৰ ওচৰত সম্পদ বুলিবলৈ বানে দি যোৱা ভুক আৰু দুৰ্দশা থাকি যায় ৷ শুনক সৰ্বানন্দ ডাঙৰীয়া, কেতিয়াবা আপুনি বানপীড়িতৰ দৰে সকলো হেৰুৱাই নিথৰুৱা হৈ পাইছেনে? ভুকত মুকলি আকাশৰ তলত কান্দি পাইছে নে ? এবাৰ কান্দক… ৷

মাননীয় সৰ্বনন্দ ডাঙৰীয়া, বান পৰিস্থিতিৰ সময়ত অসমক মনত পেলাই প্ৰমোদ ভ্ৰমণৰে জলকেলি কৰিবলৈ দিল্লীশ্বৰ সকল অসমলৈ অহাটো বন্ধ কৰি দিয়ক ৷ তাৰ সলনি দিল্লীশ্বৰ সকলৰ অহা-যোৱা খৰচ সমূহ বানপীড়িতক দিবলৈ কওঁক ৷ অসম যদি ভাৰতৰে অংগ হ'য় তেন্তে ভাৰত চৰকাৰে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰি বনাৰ পৰা অসমৰ জনসাধাৰণক আগতীয়াকৈ সুৰক্ষাৰ বন্দৱস্ত কৰাৰ দায়িত্ব লওঁক ৷ বিহাৰৰ বান যদি ৰাষ্ট্ৰীয় দুৰ্যোগ হ'ব পাৰে তেন্তে অসমৰ বান কিয় ৰাষ্ট্ৰীয় দুৰ্যোগ হ'ব নোৱাৰে ? অসমৰ প্ৰতি ভাৰত চৰকাৰৰ ৰাজনৈতিক বৈষম্য কিয় ?