বড়োসকলে কিয় অসম চুক্তিৰ ৬ নং দফাক সমৰ্থন কৰা উচিত নহ'য়


তথাকথিত অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি ৷ যি চুক্তিত আসামৰ ভুমিপুত্ৰ জনজাতিৰ বাহিৰে কেৱল আসামৰ বৰ্ণ অসমীয়াৰ অস্তিত্বৰ সুৰক্ষা দিশটো মুলত গুৰুত্ব দিয়া হ'য় ৷ এই চুক্তিৰ দ্বাৰা প্ৰৱজনকাৰী ভাষিক অসমীয়াই নিজৰ স্বাৰ্থ সুৰক্ষাৰ কথাটোহে বিবেচনা কৰিছিল ৷

আসামখন ঐতিহাসিক ভাৱে ভুমিপুত্ৰ বড়োসকলৰ লগতে অন্যান্য জনজাতি সকলৰ ৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা আসামৰ ভুমিস্বত্ব আজিও জনজাতিসকলৰ ওচৰত ন্যস্ত আছে ৷ এই কথাটো বহিৰাগত, প্ৰৱজনকাৰী ভাষিক অসমীয়া শ্ৰেণীয়ে বিনা দ্বিধাই মানি লব লাগিব ৷ আসামৰ ভুমিত বহিৰাগত প্ৰৱজিত ভাষিক অসমীয়া কৃত্ৰিম শ্ৰেণীয়ে আজি সুখে-সন্তুখে বহি-শুই খাই থকাৰ অন্তৰালত ভুমিপুত্ৰ জনজাতি সকলৰ ঘামৰ বিনিময়ত, তেজৰ বিনিময়ত হাবি-জংঘল পৰিষ্কাৰ কৰি আসামক সুজলা-সুঁফলাৰে বাসবাসৰ উপযোগী কৰা কঠোৰ শ্ৰম নিহিত হৈ আছে ৷ আসামাৰ ভুমি ভুমিপুত্ৰ বড়োসকলৰ, জনজাতিসকলৰ পূৰ্বজৰ হাড়ৰে গঢ়া ৷ এই মাটিৰ উপজ খাই বহিৰাগত প্ৰৱজনকাৰী ভাষিক অসমীয়াই বড়োসকলক নিয়ন্ত্ৰণ কৰিব বিচৰাটো কদাপি মানি লোৱা নহ'ব ৷

অসম চুক্তিৰ ৬ নং দফাত যিহেতু "সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা; অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা" বুলি স্পষ্ট উল্লেখৰে ইয়াৰ চৰ্ত ৰূপণত দাবী জনাইছে ৷ গতিকে আসামত আৰ্যভিন্ন ভুমিপুত্ৰ বড়ো, ৰাভা, মিছিং, তিৱা, লালুং, ডিমাছা, কাৰ্বি ইত্যাদি সকলে নিজৰ জনজাতীয় আত্মপৰিচয় ত্যাগ কৰি "অসমীয়া" পৰিচয় দিব বিচাৰে নে নিবাচাৰে তাক প্ৰথম স্পষ্ট হোৱা প্ৰয়োজন ৷

অসমীয়া ভাষা কি? অসমীয়া সংস্কৃতি কি? আসামত "অসমীয়া" ভাষাটো এটা সংযোগী ভাষা ৷ ই কোনো জাতিৰ ভাষা নহ'য় ৷ অসমীয়া ভাষাটো প্ৰৱজনকাৰী শ্ৰেণীৰ নিজা আৱদান নহ'য় ৷ আসামৰ বিভিন্ন জনজাতীয় ভাষাৰ সংমিশ্ৰণ আৰু আৱদানত অসমীয়া ভাষাই প্ৰাণ পায় উঠিছে ৷ আসামত কোনো জাতিৰ ভাষা যদি আছে, তেন্তে জনজাতীয় ভাষাসমূহ একক সত্বাত, স্বকীয় মহিমাৰে জনজাতীয় মানুহৰ মাজত জিলিকি আছে ৷ জনজাতীয় ভাষা সমূহে নিজৰ ৰূপ-অলংকাৰ, ব্যাকৰণৰ বাবে অসমীয়া ভাষাৰ দৰে কেতিয়াও আন ভাষাৰ আশ্ৰয় লব লগা হোৱা নাই ৷ আসামৰ জনজাতীয় ভাষা সমূহ স্বাধীনচেতিয়া, স্বয়ং আৰু স্ব-মহিমান্দিত ৷

অসমীয়া সংস্কৃতিও অসমীয়া ভাষাৰ দৰেই জনজাতীয় জীৱন প্ৰণালী, জনজাতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ওচৰত ধাৰুৱা ৷ পাহাৰ-ভৈয়ামৰ জনজাতীয় মানুহৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰা ইটো-সিটো লৈ কৃত্ৰিম অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে ৷ অসমীয়া সংস্কৃতি মুলতঃ বিহু আৰু শংকৰী ধৰ্ম ৷ অৰ্থাৎ আৰ্যমুলীয় ৷ ইয়াৰ বাহিৰে আসামৰ মুলভুত জনজাতীয় মানুহৰ দৰে ভিন্নৰঙী স্বকীয় সংস্কৃতি অসমীয়া মানুহৰ ওচৰত নাই ৷

অসম আন্দোলনৰ ৬ নং দফাত থকা অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ বন্দোৱস্ত যদি ভাষিক অসমীয়াই ভৱিষ্যতে লাভ কৰে তেন্তে সেয়া হ'ব আসামৰ আৰ্যভিন্ন জনজাতীয় মানুহৰ বিপৰীতে লোৱা আৰ্যমুলীয় সুৰক্ষা ৷ অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা বন্দবস্তত কেতিয়াও জনজাতীয় ভাষা আৰু সংস্কৃতি সাঙুৰি নল'য় ৷ ইয়াৰ প্ৰমাণ আজি আসামৰ জনজাতীয় ভাষা আৰু সাহিত্যৰ ওপৰত বৰ্ণ অসমীয়াৰ দ্বাৰা সঞ্চালিত আসাম চৰকাৰৰ বৈষম্য নীতি দেখদেখকৈ ওলাই আছে ৷

তথাকথিত অসম চুক্তিৰ ৬ নং দফাৰ দ্বাৰা প্ৰৱজনকাৰী ভাষিক অসমীয়াই এতিয়ালৈকে লাভ কৰা স্বাৰ্থ তলত দাঙি ধৰা হ'ল…
১. অসম চুক্তিৰ অন্তৰ্গত ৬ নম্বৰ অনুচ্ছেদ অনুসৰি অসমীয়া সংস্কৃতিৰ বাহকৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ প্ৰতিষ্ঠা কৰা হ'য় । কলাক্ষেত্ৰৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ১০.২৮ হেক্টৰ মাটিকালিত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা ১৮.৮৫ কোটি টকা আৰু ৰাজ্যিক চৰকাৰৰ পৰা ১.৫০ কোটি টকাৰ অনুমোদন অনুসাৰে মুঠ ২০ হাজাৰ কোটি টকাৰ এই বৃহৎ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয় ।
২. অসমৰ ২১৯ খন সত্ৰক এতিয়ালৈকে বিত্তীয় সাহাৰ্য্য প্ৰদানৰ কাৰণে মুঠ ২১ কোটি টকা অনুমোদন জনোৱা হয়।
৩. অসমৰ ১১টা ঐতিহাসিক কীৰ্তিচিহ্ন(ইয়াৰ ভিতৰত এটাও জনজাতীয় কীৰ্তিচিহ্ন নাই)ৰ ক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ নামত ৭ কোটি টকাৰ অনুমোদন জনোৱা হয় ।
৪. কেন্দ্ৰীয় চৰকাৰৰ পূৰাতাত্বিক জৰীপ বিভাগৰ দ্বাৰা নগাঁৱৰ শিঙৰি মন্দিৰ প্ৰাঙ্গন, উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল, হাজোৰ পোৱামক্কা, হাজোৰ কেডাৰ মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ এই পাঁচটা কীৰ্তিচিহ্নৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নতি সাধন কৰা হ'য় ৷


আসামৰ জনজাতি সকলে মনত ৰাখিব, চুক্তিখনৰ ৬ নং দফাটোক ভাষিক অসমীয়াই সাংবিধানিক কৰিব বিচাৰিছে ৷ অৰ্থাৎ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক ফুল ফৰ্মত আৰ্যকৰণৰে সংবিধানৰ আওতালৈ আনিবলৈ দাবী কৰিছে ৷ সংবিধানৰ আওতালৈ অহাৰ লগে লগেই অসমীয়া ভাষা, সংস্কৃতিয়ে আসামৰ জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কব্জা কৰিব ৷ অৰ্থাৎ যদি কোনো অঞ্চলত পঞ্চচ শতাংশতকৈও কিছু অধিক অসমীয়া ভাষি লোক আছে তেন্তে সেই অঞ্চলত আপুনা আপুনি বাকী চল্লিশ শতাংশ অনা-অসমীয়া জনজাতীয় মানুহে আইনগত আদেশ অনুসাৰে অসমীয়া সংস্কৃতি, ভাষাক বলপূৰ্বক আকোঁৱালি ল'ব লাগিব ৷

অকল ইমানেই নহ'য়, ভাষা আৰু সংস্কৃতি সাংবিধানিক প্ৰদত্ত হ'লে ইয়াক পালন কৰাও চৰকাৰৰ বিশেষ ভুমিকা থাকিব ৷ ভাষা আৰু সংস্কৃতিৰ বাবে এক নিদিষ্ট পৰিকল্পনা আৰু সুকীয়া আৰ্থিক মঞ্জুৰী ব্যৱস্থা থাকিব ৷ অৰ্থাৎ গোটেই ব্যৱস্থাটোয়েই স্বয়ংক্ৰিয় হ'ব ৷ বিভাগীয় কৰ্তৃপক্ষক ভাষা-সংস্কৃতিৰ ৰক্ষাৰ বাবে তেওঁলোকৰ দায়িত্বক বেলেগকৈ সোঁৱৰাই থাকিব লগীয় নহ'ব ৷
প্ৰৱজনকাৰী ভাষিক অসমীয়াই অসম চুক্তিৰ ৬ নং দফাৰ দ্বাৰা নিজকে সাংবিধানিক ৰক্ষাকবচ দাবী কৰাৰ আগত তথা "অসমীয়া" সংজ্ঞা নিৰূপণৰ আগত আসামৰ ভুমিস্বত্বৰ প্ৰকৃত গৰাকী তেওঁলোক হ'য় নে নহ'য় তাক এবাৰ ভালদৰে বিবেচনা কৰা উচিত ৷

অসমীয়া ভাষিক শ্ৰেণীটো ঐতিহাসিক আৰু ইতিহাসৰ দৃষ্টিকোণৰ পৰা অসমৰ প্ৰকৃত গৰাকী নহ'য় ৷ যদি ঐতিহাসিক দৃষ্টিত দেখা যায় তেন্তে আৰ্য গ্ৰন্থ সমূহেই স্পষ্ট ৰূপত আসামৰ প্ৰকৃত গৰাকী হিচাপে বড়োসকলক আঙুলিয়াই গৈছে ৷ প্ৰৱজনকাৰীৰ দ্বাৰা লিখিত বুৰঞ্জীসমূহেও একেই কথা আঙুলিয়াই গৈছে ৷ গতিকে জনজাতীয় আসামত বহিৰাগতই বহি জনজাতিক নিয়ন্ত্ৰণ কৰিব বিচৰাটো ভাষিক অসমীয়াৰ ডাঙৰ ভুল হ'ব ৷ এয়া এক প্ৰকাৰ সকীয়নী বুলিয়েই ধৰি লওঁক ৷

আসম দেশৰ কেৱল বড়ো সকলেই নহ'য়, অন্যান্য জনজাতীয় সকলেও আগতেওঁ অসমীয়া নাছিল, আজিওঁ নহ'য় আৰু ভৱিষ্যতেওঁ নহ'য় ৷ বহিৰাগত অসমীয়াই আসামৰ ভুমিপুত্ৰ জনজাতিসকলক ভৌগলিক আৰু ৰাজনৈতিক ভাৱে অৱদমন কৰা, অত্যাচাৰ কৰা, শোষণ কৰা বহু বেছি হ'ল ৷

আসামত বহিৰাগত অসমীয়াই ভাষা, বৰ্ণ আৰু ধৰ্মৰ নামত বিদেশী খেদা আন্দোলন কৰিছিল যদিও প্ৰকৃততে আসামৰ মুলভুত ভুমিপুত্ৰৰ অস্তিত্ব ধ্বংসৰে ভুমি অধিকাৰ কাঢ়ি লোৱা ষড়যন্ত্ৰ নিহিত আছিল ৷ সেয়ে অসমীয়া আন্দোলনৰ আন্দোলনকাৰীয়ে প্ৰথমেতেই জনজাতি বড়োক লক্ষ্য কৰি বড়ো হত্যাত নামি পৰিছিল ৷ গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ কৰা আন্দোলনটোৰ বৰ্ণ নেতৃত্বই প্ৰথমতেই দুজন বড়ো সু-পুত্ৰ বিহুৰাম বড়ো আৰু হাবিৰাম বড়োক গুৱাহাটীৰ ওচৰৰ ফুলুং চাপৰিত অতি নিৰ্মমভাৱে হত্যা কৰি নিজৰ অস্তিত্বৰ "অসম আন্দোলন"ৰ সুভৰাম্ভ কৰিছিল ৷

আন্দোলনৰ সময়ছোৱাত অসমীয়া আন্দোলনকাৰীয়ে ওদালগুৰীৰ বড়ো বসতি বিভিন্ন অঞ্চলত পুলিচৰ পোছাক পিন্ধি ৰাতি ৰাতি গৈ বড়ো মহিলাক ধৰ্ষণ, হত্য আৰু নিৰ্মম অত্যাচাৰ কৰিছিল ৷ বড়ো ডেকা-বুঢ়াক লগ পালেই শাৰীৰিক অত্যাচাৰে পংগু কৰিছিল ৷ অসম আন্দোলনকাৰীয়ে বড়োসকলৰ ওপৰত জপিয়াই পৰা কাৰণ আছিল বড়োসকলে নিজৰ ভাষা-সংস্কৃতিক অসমীয়া কবলৈ, স্বীকৃতি দিবলৈ নিবিচৰা ৷ বড়োসকলে নিজকে অসমীয়া পৰিচয় নিদিয়াটোয়েই সেই সময়ত উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত আন্দোলনটোৰ নেতৃত্বকাৰীৰ ওচৰত মুল প্ৰত্যাহ্বান তথা হেঙাৰ আছিল ৷ এই প্ৰত্যাহ্বানৰ ফলতে শোনিতপুৰ জিলাৰ গহপুৰ, জহামাৰী অঞ্চলৰ ৫০০ বড়ো পৰিয়ালে অসমীয়া আন্দোলনকাৰীৰ হিংশ্ৰ আক্ৰমণত অতি নিৰ্দয় আৰু আওমৰণৰে মৰিব লগা হ'য় ৷ অসমীয়া আন্দোলনকাৰীৰ চৰম অত্যাচাৰৰ ফলতেই ওদালগুৰীৰ ৬০,০০০ বড়ো মানুহে এতিয়াও কাষৰীয়া অৰুণাচলত শৰনাৰ্থী জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

                                   (২)
"The Assamese, both caste Hindu and Muslims, professed solicitude for the tribes, but neither had troubled to study the question, nor had any real sympathy for the tribes." -- এণ্ডু ক্ল', অসম বৃটিছ গভৰ্ণৰ ৷


প্ৰৱজিত অসমীয়াৰ চৰিত্ৰ বৃটিছ অসম গভৰ্ণৰেই সুন্দৰকৈ কৈ গৈছে ৷ অসমীয়াৰ জনজাতি বিদ্বেষী চৰিত্ৰ সেই তেতিয়াৰ দিনৰে ৷ বৃটিছ আমলতে অসমীয়া জাত্যভিমানি জাতীয়তাবাদী সমাজ প্ৰতিষ্ঠা হ'য় ৷ জাত্যভিমানি জাতীয়তাবাদক জন্মতেই আসমাৰ জনজাতি বিৰুধ ৰূপ দিছিল আনন্দৰাম ঢেকীয়াল ফুকনে ৷ এইজনেই আছিল আসামত প্ৰৱজিত ভাষিক অসমীয়াৰ জাত্যভিমানি জাতীয়তাবাদৰ জনক ৷ বৃটিছৰ দিনতে জাতীয়তাবাদক প্ৰধান আধাৰ হিচাপে লৈ আসামত প্ৰৱজিত শ্ৰেণীটোয়ে নিজৰ প্ৰভুত্বগিৰি ভুমিপুত্ৰ জনজাতিৰ ওপৰত জাপিব বিচাৰিছিল ৷ সেয়ে বৃটিছ গভৰ্ণৰে কৈ উঠিছিল, "অসমীয়া মানুহৰ জনজাতীয় মানুহৰ প্ৰতি তিলমানো বাস্তৱিক সহানুভুতি নাই ৷"

অসমীয়া জাতীয়তাবদৰ জনক আনন্দৰাম ঢেকীয়াল ফুকনে ১৮৪৯ চনতে লিখি গৈছে যে, "অসম দেসৰ লোক প্ৰায়েই হিন্দু আৰু অনেকে বামুনীয়া আৰু মহাপুৰুষীয়া নামে দুই বৈষ্ণৱ মতেৰে চলে এবং মুষলমানো কিছু আচে, কচাৰি, লালুং, মিকিৰ, নামে কেতবোৰ জাতি আচে ৷ সিহঁত হিন্দু নহ'য়, আৰু অসভ্য ৷"

এজন শিক্ষিত, বৃটিছ প্ৰশাসনৰ চাকৰিয়ালে সেই তেতিয়াই আসামৰ জনজাতি বিদ্বেষী ভাৱৰে নিজৰ পূৰ্বপুৰুষক ভৱিষ্যত পৰ্যন্ত জনজাতিৰ অস্তিত্বৰ ধ্বংস কৰিবলৈ সাৰ-পানী যোগান ধৰি গৈছে ৷ এইজনৰ মহান উদ্দেশ্যৰ কথা সৰোগত কৰিয়ে অসম ছাত্ৰ সন্থা নামৰ অসমীয়া জাতিৰ ঠিকা লোৱা সংগঠনে এটা শতিকাৰ পাছত অৰ্থাৎ ১৯৭৯ চনত জনজাতি বিদ্বেষৰে আৰম্ভ কৰে "প্ৰৱজনকাৰী অস্তিত্ব আন্দোলন", যাক পাছত নাম দিয়া হ'য় "অসম আন্দোলন" ৷

অসম আন্দোলনৰ নেতিত্বকাৰীয়ে ১৯৭১ চনৰ জুলাইত আসামৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰা ওচৰত দাখিল কৰা স্মাৰকপত্ৰৰ প্ৰথম দাবীটোয়েই আছিল "আসামৰ অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক বিশেষ সুবিধা বন্ধ কৰিব লাগে ৷" অৰ্থাৎ অসমীয়া ছাত্ৰ সন্থাই অনুসূচিত জাতি আৰু জনজাতিৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে আসামৰ জনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ কাঢ়িব বিচাৰে ৷ সত্তৰ দশকতে অসম ছাত্ৰ সন্থাই জনজাতি মানুহক নিজৰ ঘৰতে অধিকাৰহীন কৰি অসমীয়াৰ গোলাম কৰিব লোৱাটো সাধাৰণ কথা নহ'য় ৷ সেই তেতিয়াৰে জনজাতি বিদ্বেষী আছুৰ নেতৃত্বই পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক নেতা হৈ আসাম চৰকাৰৰ মন্ত্ৰি-বিধায়ক হৈ জনজাতিৰ ওপৰত চৰকাৰী মোহৰৰে পাশৱিক অত্যাচাৰ, অন্যায় আৰু শোষণ কৰা অনেক উদাহৰণ আছে ৷

বৃটিছৰ ঔৰসত অসমীয়া জাতিয়তাবাদ সৃষ্টি হোৱা সময়ছোৱক কোনো কোনোয়ে "অৰুণোদয়" আৰু "জোনাকী" যুগ বুলি অভিহিত কৰে ৷ প্ৰকৃততে সেই সময় কোনো জোনাকী যুগ নতুবা অৰুণোদয় যুগ নাছিল ৷ তাৰ পৰিৱৰ্তে আসামত জনজাতীয় ভাষা আৰু সংস্কৃতিক কায়িক ধ্বংস কৰিবলৈ প্ৰৱজিত অসমীয়াই সৃষ্টি কৰিছিল আৰ্য সংস্কৃত অসমীয়া ভাষা ৷ যি ভাষাৰ কাৰণে এতিয়া সাংবিধানিক কৰিবলৈ অসম চুক্তিৰে দাবী জনাইছে ৷