বিটিএডি অ-জনজাতি অনাবড়ো সংগঠনৰ পৈতৃক সম্পত্তি নহ'য়


অনাবড়োৰ নামত কোনবা দাস, ডেকা, শৰ্মা, গোস্বামী, কলিতা, দত্ত, ৰাজবংশী, শৰাণীয়া, ৰহমান, হুছেইন, আলি আদি উপাধিৰ বহু অসমীয়া আৰু মুছলমানে বড়োসকলক তীব্ৰ ঘৃণা আৰু তীৰ্যক নিন্দাসূচক বাক্যবান নিক্ষেপ কৰি অহা পৰিলক্ষিত হৈছে ৷ দেখা গৈছে যে, প্ৰতিনিয়ত বড়ো জাতি বিদ্বষৰে সাম্প্ৰদায়িক আৰু প্ৰৰোচনামুলক মন্তব্য কৰি শান্ত, হোজা বড়োসকলক আকৌ এবাৰ প্ৰৰোচিত কৰি অশান্ত কৰি তুলিব বিচৰা হৈছে ৷ ভুমিপুত্ৰ বড়ো সকলৰ লগত ভাষিক অসমীয়াৰ অহেতুক শত্ৰুতা কিয় তাক বুজি পোৱাত বড়ো সকলৰ যথেষ্ট অসুবিধা হৈছে ৷ বিশেষকৈ বড়ো জাতিৰ নৱ প্ৰজন্মই অবড়ো সংগঠনৰ কথা-কামবোৰ সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই ৷ ই অত্যন্ত চিন্তাৰ বিষয় ৷

2003 চনত ১০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰ আৰু বড়োসকলৰ লগত হোৱা বড়ো চুক্তিমৰ্মে বড়োলেণ্ড স্বয়াত্ব শাসিত পৰিষদ গঠন হৈছিল কেৱল জনজাতীয় আবেষ্টনিকৃত ভুমিক সামৰি ৷ যিটো অসম ভুমি ৰাজহ আইন ১৮৮৬ চনৰ অনুভুক্ত ৷ এক বিধি সন্মত, সাংবিধানিক প্ৰক্ৰিয়াৰ মাজত কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো বিদ্ৰোহীৰ মাজত এখন ঐতিহাসিক চুক্তি সাক্ষৰিত হ'য় ৷ বড়োসকলৰ হাজাৰ হাজাৰ ছহিদৰ আত্মবলিদানৰ বিনিময়ত লাভ কৰা এই চুক্তিৰ লগে লগে দীৰ্ঘ দিনৰ পৰা বড়োসকলক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ভাৱে এলাগি আৰু শোষণ কৰি অহা বৰ্ণহিন্দু ভাষিক অসমীয়া শ্ৰেণীয়ে হৰ্ঠাৎ সাৰ পাই উঠিল ৷ সৃষ্টি হ'ল বড়োসকলৰ সাংবিধানিক অধিকাৰ ভংগৰে বড়ো জাতি বিদ্বষী অনাবড়ো তথা অবড়ো সংগঠন ৷

লগতে পঢ়কঃ 👉 অসমৰ ভুমিপুত্ৰ জনজাতিৰ প্ৰতি বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ

বিটিএডি গঠন হোৱাৰ পাছৰ পৰাই বড়ো জাতি বিৰুধী অনাবড়ো সংগঠনে অহৰহ নানান কূট কৌশলৰে বড়োসকলক জনমানসত হেয় প্ৰতিপন্ন কৰি আহিছে ৷ কিন্তু বড়োসকলে কোনো দিনেই অবড়ো ৰাইজৰ ওচৰত, ব্যক্তিবিশেষৰ ওপৰত আইন-নীতিৰ পৰিপন্থী কামৰে অত্যাচাৰ, উৎপীড়ন, বলপূৰ্বক উচ্ছেদ কৰা নাই ৷ তাৰ পাছতো অনাবড়ো সংগঠন আৰু ৰাইজে বড়ো জাতিৰ প্ৰতি, বড়ো মানুহৰ প্ৰতি শত্ৰুতামুলক আচৰণ, ব্যৱহাৰ, তীক্ষ্ণ কূট বাক্যবান নিক্ষেপৰে বড়ো আৰু অনাবড়োৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বিচৰাটো সাম্ভাব্য ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ আগজাননী বাহিৰে আন একো নহ'য় ৷

এতিয়ালৈকে বড়োসকলে যি পাইছে সেয়া নিতান্তই সাংবিধানিক ৷ বড়োলেণ্ড স্বয়াত্ব শাসিত পৰিষদ ভাৰতীয় সাংবিধানিক প্ৰদত্ত ৷ বড়োসকলে নিজৰ আত্মত্যাগৰে সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ অধীনত পোৱা বড়োলেণ্ডক লৈ অসমীয়াৰে কোনো লেন-দেন নাই ৷ বড়োলেণ্ড স্বয়াত্ব শাসিত পৰিষদক বড়ো ৰাজনৈতিক নেতৃত্ববৃন্দই শুদ্ধ গণতান্ত্ৰিক আৰু আইনী ৰীতি-নীতিৰে পৰিচালনা কৰি আহিছে ৷ বড়োলেণ্ড স্বয়াত্ব শাসিত পৰিষদ আৰু বড়ো জাতিয়ে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান জনাই পৰিষদৰ অন্তৰ্গত সকলো জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সকলোকে সমান গুৰুত্ব দি আহিছে ৷

বড়োলেণ্ড স্বয়াত্ব শাসিত পৰিষদত অনাবড়ো ৰাইজে নিৰাপত্তাহীনত ভোগা, চৰকাৰী চাকৰী-বাকৰীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বড়ো জাতিক কুকুৰ-মেকুৰীৰ দৰে গালি-গলাজ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহ'য় ৷ বড়ো জাতিয়ে অসমীয়াৰ অনাবড়ো তথা অবড়ো ৰাইজৰ উৎকট বড়োজাতি বিদ্বেষী, বড়ো বিদ্বষী কাৰ্য, মন্তব্য সহজে হজম নকৰে ৷ বড়োলেণ্ডত পোৱা সমস্যাৰ বাবে অনাবড়ো ৰাইজে কোনোবা নেতা নতুবা ৰাজনৈতিক দলক দুষাৰোপ অৱশ্যেই কৰিব পাৰে ৷ এয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ৷ কিন্তু সমগ্ৰ বড়োজাতিক শত্ৰু সজাই বড়ো জাতি আৰু বড়োসকলৰ সাংবিধানিক অধিকাৰক বিৰুধ কৰা আৰু আহত কৰিব বিচৰা কাৰ্যক কেতিয়াও গ্ৰহণযোগ্য নহ'য় ৷

বড়োলেণ্ড স্বয়াত্ব শাসন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধিনত পূৰ্ণ স্বয়াত্বতা পাব লাগে যদিও সেয়া আজিলৈকে হৈ উঠা নাই ৷ এই ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ পূৰ্ণ জগৰীয়া ৷ ৰাইজৰ নিৰাপত্তা, পৰিষদৰ প্ৰশাসনিক দায়িত্ব তথা কৰ্তৃত্ব অসম চৰকাৰৰ ওচৰত ন্যষ্ট হৈ আছে ৷ অৰ্থাৎ বিটিএডি পৰিষদৰ আইন-কানুন, আৰক্ষী ইত্যাদি প্ৰশাসনিক কাম-কাজ চোৱাচিতা কৰা অসম চৰকাৰ তথা অসমীয়াৰ ঘৰৱা চৰকাৰৰ হাতত ৷ গতিকে বড়োলেণ্ডত বড়োৰ বাবে অনাবড়ো ৰাইজে নিৰাপত্তাহীনতাত ভোগা অভিযোগ সম্পূৰ্ণ মিছা আৰু এয়া এক গভীৰ ষড়যন্ত্ৰ ৷ বড়োলেণ্ড পৰিষদত অসমীয়া প্ৰশাসন থকাৰ পাছতো অনাবড়ো ৰাইজে বড়োসকলৰ হাতত নিৰপত্তাহীনতা অনুভৱ কৰাটো কেনে কথা? এনে মিছা অভিযোগ বড়োসকলৰ ওপৰত কিয় ?

বড়োলেণ্ডত অ-জনজাতি অনাবড়ো ৰাইজে ভুমি অধিকাৰ বিচাৰি নতুবা দাবী কৰি কোনো লাভ নাই ৷ অ-জনজাতি অনাবড়ো ৰাইজক জনজাতি আৱেষ্টনিকৃত ভুমিত তেওঁলোকৰ ভুমি অধিকাৰ দাবী তোলাটো স্বয়ং ভাৰতীয় সংবিধানেই বাৰণ কৰিছে ৷ সংবিধানৰ ওপৰিও অসম ভুমি ৰাজহ আইন ১৮৮৬ অনুসৰি অ-জনজাতিয়ে জনজাতিৰ ভুমি গ্ৰহণ নতুবা অধিগ্ৰহণ কৰিব নোৱাৰা কেতবোৰ বাধ্য-বাধকতাৰ সীমা বান্ধি দিছে ৷ গতিকে অ-জনজাতি অনা বড়োয়ে ভাৰতীয় সংবিধান বৰ্হিভূত পন্থাৰে জনজাতিৰ ভুমি বেদখল কৰি বড়ো জাতি বিদ্বষ পোষণ কৰাটো এক প্ৰকাৰ অ-সাংবিধানিক আৰু অ-গণতান্ত্ৰিক কাৰ্য ৷

বৰ্তমানৰ বিডিএডি অঞ্চলত প্ৰায় ২৫ লাখ অ-জনজাতি অনা বড়ো লোক বসবাস কৰে ৷ এই সংখ্যা তিনিটা দশকত জনজাতিৰ সংখ্যাতকৈ দহ-পোন্ধৰ গুণ বাঢ়িব ধৰিছে ৷ দেশী-বিদেশী ধৰ্মীয় প্ৰৱজনকাৰীয়ে সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি মাটি বেদখল কৰি থাকিবলৈ লৈছে ৷ ফলত পূৰ্ৱৰ বৃহৎ বৃহৎ সংৰক্ষিত বনাঞ্চল চকুৰ প্ৰচাৰতে সংকুচিত হ'ব ধৰিছে ৷ চৰকাৰী তথ্য অনুসৰি অসমত ১৪ টা ট্ৰাইবেল্ট বেল্ট আৰু ৩২ টা ব্ল'ক আছে ৷ এই গোটেই বেল্ট আৰু ব্ল'কত জনজাতিৰ সংৰক্ষিত মুঠ ভুমিৰ পৰিমাণ ১,২৮,৫১,৬০২ বিঘা অৰ্থাৎ ১৭,১৩,৫৪৬ হেক্টৰ ভুমি থাকিব লাগে ৷ ইয়াৰে প্ৰায় ৪ লাখ ৫০ হাজাৰ বিঘা ভুমি বৰ্তমান অবৈধ বেদখলকাৰী লোকৰে ভৰি পৰিছে ৷ এই অবৈধ বেদখলকাৰী সকলেই হ'ল অ-জনজাতি অনাবড়ো অসমীয়া ৷ যি সকলে বৰ্তামান বড়োসকলৰ সাংবিধানিক অধিকাৰ বিৰুধ কৰি আহিছে আৰু বড়ো জাতি বিদ্বষৰে ভংয়কৰ সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ ফালে ধাৱমান হৈছে ৷

লগতে পঢ়কঃ 👉 Assameseism Identity Is Survival Crisis Of Assam Tribals- 1

জনজাতি আৱেষ্টনিকৃত বেল্ট ব্ল'ক ভুমিত পূৰ্ৱৰ পৰা(চৰকাৰৰ সন্মতিত) চাওতাল আদিবাসী, গোৰ্খা, ৰাজবংশী, শৰণীয়া, মদাহী, বেংগলী ইত্যাদিয়ে সুন্দৰকৈ বড়ো সকলৰ লগত আৰু অন্য জনজাতীয় লোকসকলৰ লগত সহৱস্থান কৰি আহিছে ৷ তেনে ক্ষেত্ৰত অ-জনজাতি লোকৰে কোনো জনজাতিৰে সংঘাত নাই ৷ যেতিয়া বড়োচুক্তিয়ে বড়োসকলক সাংবিধানিক ভাৱে ৰাজনৈতিক ক্ষমতা অৰ্পন কৰিলে তেতিয়াই এচাম অসমীয়াই "অনাবড়ো, অবড়ো" নাম লৈ কিছুমান অ-যুক্তি, অ-সাংবিধানিক পন্থাৰে বড়ো জাতি বিৰুধী মিছিল গঠন কৰে আৰু এই বড়ো বিৰুধী মিছিলেই এদিন বড়ো আৰু অ-জনজাতি অনাবড়ো অসমীয়াৰ মাজত তীব্ৰ সংঘাত সৃষ্টি কৰিব ৷ এই সংঘাতৰ দায়ী কেৱল অসমীয়া শাসক বৰ্গ, অসমীয়া সাধাৰণ জনতা আৰু অসমীয়া বুদ্ধিজীৱি সমাজে মুৰ পাতি ল'ব লাগিব ৷

কেতিয়াবা অনাবড়ো অসমীয়া ৰাইজে ভাৱি চাইছে নে যে, বড়োসকলৰ সাংবিধানপ্ৰদত্ত অধিকাৰক বিৰুধ কৰা অধিকাৰ অনাবড়ো অসমীয়াৰ আছেনে? বড়ো জাতিক বিৰুধ কৰি অনাবড়ো অসমীয়াই অসমত স্থায়ী শান্তি স্থাপন কৰিব পাৰিবনে? নিজৰ সাংবিধানিক অধিকাৰক সুৰক্ষিত কৰিবলৈ শান্তিপ্ৰিয় বড়ো সকলে পুনঃ হাতত অস্ত্ৰ তুলি ললে অনাবড়ো অসমীয়া ৰাইজে নিজকে জগৰীয়া আৰু সুৰক্ষিত কৰিব পাৰিব নে? সাধাৰণ বড়ো ৰাইজৰ বিৰুদ্ধে অনাবড়ো ভাষিক অসমীয়াই "বিটিএডি সেনা" নিৰ্মাণৰে সঁচায়ে বড়ো নিধন কৰিবলৈ বিচাৰিছে নে? যদি অনাবড়ো ভাষিক অসমীয়াই নিজা সেনা নিৰ্মাণৰে বড়ো নিধন কৰিবলৈ উদ্যত তেন্তে বড়ো সকলেও নিজৰ আত্মৰক্ষাৰ কাৰণে অনাবড়ো নিধন কৰিবলৈ সাজু হোৱা প্ৰয়োজন ৷ কাৰণ শত্ৰুৰ কামক আপেক্ষা কৰি লাভ নাই ৷

সময় থাকোতে অনাবড়ো ভাষিক অসমীয়াই জাতি বিদ্বষেৰে বড়ো সকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা, তাচিল্য কৰা বন্ধ কৰক ৷ বড়োসকলৰ সাংবিধানিক অধিকাৰক বিৰুধ কৰা বন্ধ কৰক ৷ মুল সূতি ভষিক অসমীয়াই বিটিএডিৰ অনাবড়ো, অবড়ো সংগঠনক দূৰৰ পৰা সাৰ-পানী যোগান ধৰি থকা বন্ধ কৰক ৷