অসমীয়া হ'বলৈ আগবঢ়া মিঞাৰ আত্মঘাটি সিদ্ধান্ত

ন-অসমীয়া পমুৱা মুছলমানৰ ভৱিষ্যত কনখিনিত ?


Minority Muslims did protest against Assam government

অসমত অসমীয়া বুলি কলে সততে অসমৰ মাটিৰ লগত কোনো দিনে সংপৃক্ত নোহোৱা, শিপা নথকা এখিনি মানুহৰ মুখ সন্মুখলৈ ভাহি আহে ৷ এই মানুহখিনিয়ে আজি অসম আৰু অসমীয়াৰ অভিভাৱক ৷ অসমৰ সমুদায় মুছলমান, ছয় জনজাতিকৰণ বিচাৰা লোকসকল, ভুমিপুত্ৰ জনজাতিসকলক বাদ দিলে থাকি যোৱা সকলেই আজি অসমীয়াৰ মুল কাণ্ডাৰী হৈ আৰামত খাই বৈ শোষণৰ ৰাজনীতি কৰি আহিছে ৷ এই মানুহখিনিয়েই কাৰোবাক হিন্দু সজাইছে, কাৰোবাক অবৈধ বাংলাদেশী আৰু আন কাৰোবাক দেশদ্ৰোহী সজাইছে ৷

অসমীয়া জাতীয় অস্তিত্ব বিপদাপন্ন বুলি বাৰে বাৰে চিঞৰি থকা মানুহবোৰ কোনবা গগৈ, ৰাজখোৱা, সন্দিকৈ, আহমেদ, আলি, বসুমতাৰী, ৰাভা, চুতীয়া, মৰাণ, সোণোৱাল নেকি? অসমৰ বৰঘৰত সোমাই জাতীয় অস্তিত্বৰ বৰখেল খেলি মৰ চিঞৰ মাৰি থকা মানুহকেইটা কোনো শৰ্মা, গোস্বামী, মেধী, কলিতা, বৈশ্য, বৰদলৈ, কাশ্যপ, বৰকটকীৰ বাহিৰে
অন্য কোনো নহ'য় ৷ অসমীয়া জাতীয় জীৱনলৈ বিপদ অাহক বা নাহক, কিন্তু এই কেইজনৰ অস্তিত্বলৈ অৱশ্যেই বিপদ আহে ৷ নিজৰ বিপদ নিশ্চিত জানিয়ে এই কেইজনে এটা জাতি-মাটি-ভেটিৰ লগত খেল খেলি আহিছে ৷

গম্ভীৰ বিষয়বোৰত ষ্টাডি নকৰিলে মুখ খোলাৰ পৰা বিৰত হৈয়ে থাকো ৷ কিছুদিন আগত, সম্ভৱ এতিয়াও এটা বিষয়ে অসমত দেশী কোন, বিদেশী কোন, তাক লৈ মুছলমান ধৰ্মালম্বী লোকৰ মাজত অনেক বিতৰ্ক চলি আছে ৷ গেৰুৱা মনুবাদী চৰকাৰেও বিষয়টোত ঘী ঢালিছে উন্নয়ন পৰিষদ নে কিবা আৰ্থিক অনুদান জাতীয় উপঢৌকন আগবঢ়াই ৷

অসমৰ মুঠ জনসংখ্যাৰ তিনি কোটিৰ সৰহ সংখ্যকেই মুছলমান; অর্থাৎ ১.৩ কোটিৰ অধিক মুছলমান অসমত আছে ৷ এই বৃহৎ সংখ্যক মুছলমানৰ ভিতৰত প্ৰায় ৪২ লাখ খিলঞ্জীয়া মুছলমান আছে যি সকলক দেশী গৰিয়া-মৰিয়া মুছলমান হিচাপে জনাজাত ৷ বাকী ৮০-৯০ লাখ হৈছে চৰ অঞ্চলৰ মুছলমান, যি সকলক ভাষিক অসমীয়াই অভিধা দিয়া "পমুৱা" মুছলমান, "ন-অসমীয়া" অৰ্থাৎ "মিঞা" ৷

অসমৰ ১.২ কোটি মুছলমানে বৰ্ণ ত্যাগ কৰি যদি এক হ'য়, জনজাতিকৰণ বিচৰা ছয় জনগোষ্ঠীৰ ১.৪৮ কোটি লোকে নিজাৰ ভাষা সংস্কৃতি উদ্ধাৰ কৰি অসমীয়া ভাষাক মাতৃভাষা হিচাপে যদি স্বীকৃতি নিদিয়ে তেন্তে বাকী থকা তথাকথিত "খাটি অসমীয়া" কেইটাই ক'ত ভিক্ষাৰীৰ জুলুঙা আঁৰিব ?

অসমৰ এজন আগশাৰী ভদ্ৰ অসমীয়া বুদ্ধীজীৱিয়ে সভাই-সমিতিয়ে, কাগজে-পত্ৰই "মিঞা অবিহনে অসমীয়া জাতি আৰু সংস্কৃতি অ-সম্পূৰ্ণ" বুলি চিঞৰি আহিছে ৷ এই প্ৰবীন বুদ্ধীজীৱিক ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈকে থকা অসংখ্য সচেতন ভাষিক অসমীয়াই নিজৰ ভৱিষ্যতদ্ৰষ্টা হিচাপে তথা যুগ পুৰুষ হিচাপে নমস্য কৰি আহিছে ৷ প্ৰবীন পুৰুষজন থকা মানে ভাষিক অসমীয়া বৌদ্ধিক সমাজখন থকা ৷

আজিকলি অসমত জনজাতি সকলৰ সমস্যাতকৈ ধৰ্মীয় সংখ্যালঘু(অসমত সংখ্যা গুৰুও হ'ব পাৰে; এইক্ষেত্ৰত নিজাকৈ কোনো অনুসন্ধান চলোৱা নাই)ৰ ওপৰত অনেক গুণে বেছি মাত মতা হ'য় ৷ কি মিডিয়া, কি সামাজিক মাধ্যম ৷ সকলোতে কেৱল অসমৰ মুছলমান প্ৰসংগ ৷ এই ক্ষেত্ৰত ৰাজ্যখনত কোনখন চৰকাৰ আছে তাক লৈ এনে কথা অৱতাৰণা নহ'য়; নতুবা ধৰ্মীয় সংখ্যালঘু মুছলমানক ভোট বেংকৰ ৰাজনীতিৰ কাৰণেও আজিকালি বৰ বিশেষ টনা আঁজোৰা কৰা নহ'য় ৷

মুছলমানক লৈ ৰাজনীতি কৰাটো ভাষিক অসমীয়াৰ কাৰণে এতিয়া আউটডেটেত টপিক নতুবা ইচ্ছু ৷ বিষয়টো ৰাজনীতি নহ'য়, মুছলমানক ৰাজনীতিৰ আহিলা কৰোতে কৰোতে ই এক ভাষিক অসমীয়াৰ জাতীয় অস্তিত্বৰ কথা হৈ পৰিল ৷ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া যিহেতু এতিয়াও চালুকীয়া অৱস্থাতে আছে ৷ গতিকে গাঢ় ৰাজনীতিৰে মুছলমানক সনা-পুতকা কৰিলে ভাষিক অসমীয়াৰ আটাইতকৈ সুবৰ্ণ সুযোগ এটা হৰ্থাৎ হেৰাই যোৱা আৱাশ্যম্ভী ৷

গণতন্ত্ৰত যিহেতু সংখ্যাৰ ভেল্কীবাজী ৷ সেয়ে চতুৰ ভাষিক অসমীয়া বুদ্ধীজীৱি পক্ষটোয়ে সদায়ে ভাষা চেতনাৰে জাতীয় স্বাৰ্থৰ সৌধ নিৰ্মাণ কৰিবলৈ এখোজ আগুৱাই থাকে ৷ এই চেতনালব্ধ শ্ৰেণীটোয়ে নিজৰ ভাষা জীয়াই ৰখাৰ স্বাৰ্থতে এতিয়া নিজৰে একাংশই "পৰ" বুলি গণ্য কৰা মুছলমানখিনিক নিজৰে হ'য় বুলি, নিজৰ মানুহৰ লগতে পতিয়নৰ যুদ্ধ কৰিব লগা হৈছে ৷

অসমত মুছলমানক লৈ এক নতুন মাষ্টাৰ ষ্ট'ক গেম ইতিমধ্যে খেলি দিয়া হৈছে ৷ ভাষিক অসমীয়াৰ মাজত অসমৰ মুছলমানক লৈ তীব্ৰ টনা-আঁজোৰা আৰম্ভ হৈছে ৷ এটা শক্তিয়ে মুছলমানৰ বৈধতা, নাগৰিকতাক লৈ আৰু আনটোয়ে অসমীয়া জাতি গঠনত জোৰা লগাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

যোৱা পাঁচটা দশকত ব্রহ্মপুত্র নদীৰ প্রলয়ংকৰী বানপানীত প্রতি বছৰে ৮০ বর্গ ক:মি: হিচাপত প্রায় ৪০০০ বর্গ কি:মি: কৃষিভূমি নষ্ট হৈছে । প্রায় ২৫০০ খন গাওঁ গৰাখহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হৈছে আৰু প্রায় ৫০,০০,০০০ মানুহ গৃহহাৰা হৈছে নতুবা ক্ষতিগ্রস্থ হৈছে । ব্রহ্মপুত্র উপত্যকাৰ ৭.৮% অঞ্চল গৰাখহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হৈছে ।

গৰাখহনীয়াই হওঁক নতুবা অৰ্থনৈতিক অনগ্ৰসৰতা, বিশেষকৈ এই দুই কাৰণৰ ফলতেই চৰ অঞ্চলৰ পৰা বাকী অঞ্চললৈ এক আঞ্চলিক প্ৰৱজন ঘটিছে ৷ মুলসূতিৰ অসমীয়াই কোনো দিনে নেদেখা দাড়ি-টুপি আৰু লুঙি পিন্ধা এখিনি অৱস্থাহীন মানুহৰ এখন ছবি দেখিবলৈ পাইছে ৷ আঁচৰিত কথা এয়ে যে, এই অৱস্থাহীন মানুহৰ মাজত অসমীয়া ভাষাৰ উকমুকনী দেখিবলৈ পাই ভাষিক অসমীয়াই নিজৰ জাতীয়তাৰ স্বাৰ্থ আগবঢ়াই নিয়াৰ সুক্ষ্ম পৰিকল্পনা উলিয়াই লৈছে ৷

অসমৰ ভুমিপুত্ৰ জনজাতিখিনক বাদ দি বাকী অসমীয়াভাষীৰ সংখ্যা এসময়ৰ প্ৰায় ৭০ শতাংশৰ পৰা কমি আহি ১৯৯১ চনৰ পিয়লত হৈছিল ৫৭.৮১ শতাংশ; ২০০১ চনৰ পিয়লত হৈছিল ৪৮.৮০ শতাংশ আৰু ২০১১ চনৰ পিয়লত হৈছেহি ৪৮.৩৮ শতাংশ । অসমীয়াভাষীৰ এই ক্ৰমহ্ৰাসমান গতি মুলসূতিৰ অসমীয়াৰ কাৰণে জীৱন-মৰণৰ প্ৰশ্ন ৷ সেয়ে ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত এতিয়া নতুন মানুহ আৱশ্যক হৈছে ৷

অসমীয়া ভাষা কোৱা লোকৰ শতকৰা হাৰ ২০০১ চনৰ ৪৮.৮০ ৰ পৰা ২০১১ চনত ৪৮.৩৮ লৈ যিহেতু হ্ৰাস পাইছে । সেইদৰে বাংলাভাষা কোৱা লোকৰ শতকৰা হাৰ ২০০১ চনৰ ২৭.৫৪ শতাংশৰ পৰা ২৯.৯১ শতাংশলৈ বৃদ্ধি পাইছে । গতিকে অসমৰ বঙালী সমাজ অসমীয়াৰ সৈতে একে হিন্দু ধৰ্মৰ হলেও ভাষাগত দিশৰ পৰা আকাশ-পাতাল প্ৰভেদ ৷ এনে ক্ষেত্ৰত বাংলা ভাষা, বঙালী মানুহ অসমীয়াৰ জাতীয় পৰিচয়ৰ লগত ৰাহি-জোৰা নিমিলা অংক ৷ সমাধানো নাই… ৷ অসমীয়াক এতিয়া নিজৰ স্বাৰ্থৰ বাবে নতুন মানুহ আৱশ্যক ৷

অসমৰ ১৪ শতাংশ ভুমিপুত্ৰ জনজাতিক লৈ ভাষিক অসমীয়াৰ স্বাৰ্থজড়িত অংক উত্তৰবিহীন, ভৱিষ্যবিহীন ৷ সেয়ে এনে উত্তৰবিহীন, ভৱিষ্যতবিহীন অংকক লৈ ভাষিক অসমীয়াই জনজাতিক লগত লৈ বেছি মুৰ ঘমাবলগীয়া নাই ৷

একালত এলাগী, সমাজবৰ্জিত, আন-চিভিলাইজেচন, বৰ্বৰ বুলি ভৱা জনজাতিয়ে আজি শিক্ষা-দিক্ষাত যথেষ্ট আগবাঢ়িছে ৷ ভাষিক অসমীয়াৰ জাত্যভিমানী অহংকাৰ, অভিভাৱকত্বৰ বিৰুদ্ধে মাত মাতিবলৈ সক্ষম হৈছে ৷ এনে ক্ষেত্ৰত ভুমিপুত্ৰ জনজাতি সকলে নিজৰ জাতীয় ধ্যান-ধাৰণাৰে নিজা ভাষা-সংস্কৃতি সবল কৰি নিজক পুনঃ প্ৰতিষ্ঠা কৰিছে ৷ ফলত তেওঁলোকে ভাষিক অসমীয়াৰ এক সুকীয়া পৰিচয় বহন কৰিছে ৷ যিটো অসমীয়াৰ পৰা সম্পূৰ্ণ পৃথক ৷

সকলো ফালৰ পৰা চাব গলে ভাষিক অসমীয়াই নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কোনো বিকল্প পথৰ সন্ধান পোৱা নাই ৷ গতিকে কিঞ্চিৎ যদি ৰাস্তা আছে তেন্তে "ন-অসমীয়া" মুছলমান সকলক আঁকোৱালী লোৱাৰ বাহিৰে গত্যন্তৰ নাই ৷ ভৱিষ্যত ৰাজনীতিৰ ফালৰ পৰাও তেওঁলোক সুৰক্ষিত নহ'য় ৷ ৰাজনীতিক লৈ অসমীয়াৰ ওচৰত বিজেপিৰ হিন্দুত্ববাদৰ বাহিৰে, কংগ্ৰেছৰ ধৰ্মীয় তোষণকাৰী বাহিৰে তেওঁলোকৰ ওচৰত অন্য কোনো বিকল্প নাই ৷

সততে কেইটামান প্ৰশ্ন হ'য়, মুলসূতিৰ অসমীয়াই অসমৰ ইছলাম ধৰ্মীয় ভুমিপুত্ৰ মিঞা জনগোষ্ঠীক কি কাৰণত "ন-অসমীয়া" নামৰে নামাকৰণ কৰিব লগা হ'ল ? উজনী অসমৰ একাংশ মুছলমানে মিঞা জনগোষ্ঠীক প্ৰকৃত মুছলমান নতুবা অসমৰ বাসিন্দা বুলি স্বীকাৰ কৰিব নিবিচৰাৰ কাৰণ কি ?

প্ৰথম, "ন-অসমীয়া" পৰিচয় দিয়া মুছলমান সকল এতিয়াও ভাষিক অসমীয়াৰ দৃষ্টিত বৈধ নহ'য় ৷ অৰ্থাৎ তেওঁলোক ভাৰতীয় নাগৰিক নহ'য়; পূৰ্ববংগীয় প্ৰৱজনকাৰী লোক হে ৷ যিহেতু তেওঁলোকে অসমত প্ৰৱেশ কৰি অসমীয়া ভাষাক আঁকোৱালী লৈছে সেয়ে তেওঁলোকক অসমীয়া পৰিসৰত আংশিক ভাৱে ৰাখি কিছু মুনাফা লোৱাৰ পথ আছে ৷ এই "প্ৰৱজনকাৰী" ন-অসমীয়াৰ পৰা ভাষিক অসমীয়াৰ দুটা স্বাৰ্থ আদায় হ'ব ৷ এক, মুলসূতি অসমীয়াই বৃহৎ সংখ্যক মিঞাক অসমীয়া ভাষাটো চৰ্চাৰ সুবিধা দি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধিৰে অসমত বঙালী ভাষাক পৰাভুত কৰা ৷ দুই, ভাষিক অসমীয়াৰ ৰাজনীতিত মুছলমান মিঞাৰ জনসংখ্যাৰ হিচাপৰে সদায় ৰাজনৈতিক একস্বত্ৰী ক্ষমতা হস্তগত কৰা ৷

দ্বিতীয়টো আহিল উজনীৰ মুছলমানে মিঞা সকলক অসমৰ বাসিন্দা স্বীকৃত নিদিয়া বা মানিব নিবিচৰা ৷ চাবলৈ গলে ১২০৬ খৃষ্টাব্দত বখতিয়াৰ খিলজীৰ কামৰূপ অভিযান চলে ৷ সেই সময়তে কামৰূপ ৰাজ্যত বখতিয়াৰ খিলজীৰ তত্বাৱধানত বহুতো নমঃশূদ্ৰ(হিন্দু ধৰ্মৰ চতুবৰ্ণ লোক, যাক হিন্দু উচ্চ বৰ্ণৰ সমাজচ্যুত কৰা লোক)ক ইছলামলৈ ধৰ্মান্তকৰণ কৰে ৷ বখতিয়াৰ খিলজীৰ কামৰূপ অভিযানৰ পাছত আহোমৰ ৰাজশাসন দিনত মোগলৰ আক্ৰমণ ঘনাই হৈছিল ৷ মোগল আক্ৰমণৰ ভিতৰত ঔৰংজেবৰ সেনাপতি মিৰজুমালাৰ অসম আক্ৰমণ বহু ভয়ানক আছিল ৷ এইজনৰ মোগল সেনাপতিয়ে আহোমৰ বৰ ঘৰলৈকে প্ৰৱেশ কৰিছিল ৷

কামৰূপ ৰাজ্যৰ দিনৰ পৰাই মোগলৰ সঘন আক্ৰমণৰ ফলত সৃষ্টি হোৱা মুছলমান শাসনত পশ্চিম অংশত থকা "শূদ্ৰ" মানুহখিনি মুছলমানৰ কৰ-কাতল পৰিশোধ কৰিব নোৱাৰি ইছলামলৈ ধৰ্মান্তৰিত হোৱা কথা জানিব পোৱা যায় ৷ সেয়ে আজিৰ মিঞা সকলৰ মুখাবয় অন্য মোগলৰ লগত, ইছলামী মুছলমানৰ লগত নিমিলে ৷

পিছলৈ এই মানুহখিনিয়ে ভৌগলিক পৰিৱৰ্তন(বান, প্ৰকৃতিক দুৰ্যোগ) ফলত মুল অংশৰ পৰা পাণ্ডৱ বৰ্জিত হৈছিল ৷ সেই অৱস্থা এতিয়াও আছে ৷ কিন্তু উজনীৰ মুছলমান সকল অসমৰ বাহিৰৰ হোৱাটোয়ে স্বাভাৱিক ৷ কাৰণ তেওঁলোকে মিৰজুমালাৰ আক্ৰমণৰ আগতো আৰু পাছতো আহোমক আক্ৰমণ কৰিবলৈ আহি আহোম সেনাৰ হাতত বন্দী হৈ অসমত চিৰস্থায়ী ভাৱে থাকি ইয়াতে ঘৰ সংসাৰ কৰি, স্থানীয় ছোৱালীক বিয়া-বাৰু কৰাই আদব-কায়দা, মুখবায়ৰ যথেষ্ট পৰিৱৰ্তীত হৈ পৰে ৷

গতিকে পূৰ্ৱৰ নমঃশূদ্ৰ, পাছত ইছলামলৈ পৰিৱৰ্তিত ভুমিপুত্ৰ "মিঞা" মানুহখিনিক কনৌজৰ ইছলামী পন্থীয়ে নিজৰ মানুহ নহ'য় কোৱাটো, দাবী কৰাটোত একো অ-স্বাভাৱিকতা নাই ৷ সেয়ে তেওঁলোকৰ স্বভাৱজাত চৰিত্ৰৰে, মানসিকতাৰে ভুমিপুত্ৰ শূদ্ৰ মিঞা সকলক অসমৰ নহ'য় ইত্যাদিৰে বৰ্ণ বৈষম্য কৰি আহিছে ৷ অৰ্থাৎ এই শ্ৰেণীটো বৰ্ণ অসমীয়াৰে এক অংশ ৷

সততে অবৈধ বাংলাদেশী মেৰপেচত আৱদ্ধ হৈ পৰা জনগোষ্ঠীটোক ৷ অসমীয়াৰে বৃহৎ এটা অংশয়ে জাতীয় অস্তিত্বলৈ বৃহৎ ভাবুকি বুলি গণ্য কৰি আহিছে ৷ জীয়াই থকাৰ তাড়নাত নিম্ন মাননীৰে গধুৰ পৰিশ্ৰম কৰা, অসমৰ নদী অৰ্থনীতি, কষি বিপ্লৱলৈ বৃহৎ পৰিৱৰ্তন অনিবলৈ সক্ষম হোৱা মানুহখিনিৰ অধিকাৰৰ ক্ষেত্ৰত মুলসূতিৰ অসমীয়াৰ ৰাজনৈতিক অংশটো সদায়ে নিষ্ক্ৰিয় ৷ এই অংশটোয়ে পাৰে মানে জনগোষ্ঠীটোক নিজৰ স্বাৰ্থসিদ্ধ ৰাজনীতিৰ বাবে বলিৰ পঠা সজাই আহিছে ৷ বৌদ্ধিক চেতনালব্ধ অংশটোয়ে জাতীয় অস্তিত্বৰ কথাৰে নিজা ভাষা সুৰক্ষাৰ স্বাৰ্থত মাত মাতিব ধৰিছে ৷ কিনো কোনো এটা অংশই তেওঁলোকৰ সাংবিধানিক অধিকাৰক মুকলিকৈ উপভোগৰ সুবিধা দিবলৈ সন্মত নহ'য় ৷

অসমীয়াই ৰাজনীতিত "মিঞা"ক ব্যৱহাৰ কৰিছে, কিন্তু ৰাজনীতিত অসমীয়াৰ সতে একেলগে বহিবলৈ দিব নোৱাৰে ৷ সম্ভৱ দিয়াৰ সম্ভাৱনা ও নাই ৷ কাৰণ অসমীয়াই মৰিবলৈ সন্মত হ'ব কিন্তু অভিভাৱকৰ লেকামডাল এৰিবলৈ সন্মত নহ'য় ৷ অসমীয়া জাতিটো সদায়ে দূৰৈৰ পৰা চিঞৰ মৰাত সিদ্ধস্ত ৷

কোনে কৈছে অসমীয়াৰ চৰিত্ৰ সলনি হৈছে বুলি ? বৰঞ্চ তেওঁলোকৰ চৰিত্ৰই অতি নিপুন কৌশল আয়ত্ব কৰিছে ৷ কামবোৰ পূৰ্বতকৈ অত্যন্ত নিখুত হৈছে ৷ সেই তিৰাশীৰ অসমীয়া সমাজ, অসমীয়া জাতীয়তাবাদ, জাত্যভিমান আজিও অপৰিৱৰ্তশীল ৷ যি জাতিয়ে নিজৰ জাতীয় অভিমান বৰ্তাই ৰাখিবলৈ, বৰ্ণবাদী দম্ভ জীয়াই ৰাখিবলৈ তিৰাশীৰ দৰে মিঞা গণহত্যা মুক্তমনে কৰিব পাৰে সেই জাতিৰ চৰিত্ৰ সলনি হোৱাৰ প্ৰশ্নই নাহে ৷

জাতীয়তাবাদী অহংকাৰত গদগদ কৃত্ৰিম জাতিটোয়ে নিজৰ বাহিৰে অসমখনৰ বাবে কিবা উল্লেখযোগ্য কাম কৰিছে নে? অসমৰ নদী সমস্যাৰ সমাধান কৰিছে নে? দৰিদ্ৰ কৃষকৰ অৱস্থাৰ খবৰ ৰাখিছে নে?

অসমৰ "মিঞা" জনগোষ্ঠী এনেও অসমীয়া ৷ জাতীয় অস্তিত্বৰ ঠিকা লোৱা বৰ্ণ অসমীয়াই মিঞাক নতুনকৈ আকৌ ন-অসমীয়াৰ অভিধা দি কেনে প্ৰতাৰণা ইতিহাস লিপিবদ্ধ কৰিব বিচাৰিছে? ধৰ্মীয় মেৰুকৰণৰে বৰ্ণ অসমীয়াই ভুমিপুত্ৰ মিঞা সকলৰ জন্মস্বত্ব অধিকাৰ কাঢ়ি লোৱা নাই নে? জন্মসূত্ৰে লাভ কৰা আইৰ ভাষা কাঢ়ি ল'ব বিচাৰি পুনঃ অসমীয়া সজোৱাৰ উদ্দেশ্য কি সেই কথা নীপিড়ীত ভুমিপুত্ৰ মিঞা সকলে মৰ্মে মৰ্মে বুজিব লাগিব ৷ "ন-অসমীয়া, পমুৱা, গেদা, অবৈধ বাংলাদেশী" অভিধা পোৱা মিঞা সকলে অসমীয়াৰ সংগ দিবলৈ যোৱাৰ আগতে অসমীয়াৰ দ্বাৰা বঞ্চনা, প্ৰতাৰণা হোৱা নিজৰেই ভাতৃ জনজাতীয় মানুহখিনিৰ প্ৰতি এবাৰ লক্ষ্য কৰি লওঁক ৷ অসমীয়াৰ প্ৰকৃত চৰিত্ৰ অন্তত কিঞ্চিৎ জানিবলৈ সক্ষম হ'ব ৷

No comments:

Post a Comment

Thank you.