আৰ্য্য ব্ৰাহ্মণ কোন ?

আৰ্য্য বিদেশী ব্ৰাহ্মণৰ কব্জাত গোলামী ভাৰতঃ


Brahmin believe that they are the first of the gods ! Brahmins Became an influential Varna in India and they discriminate against the other lower castes

আজিৰ পৰা বহু শতিকাৰ আগতেই ইউৰোপ আৰু ৰাছিয়াৰ মাজৰ ইউৰেছিয়া নামৰ ঠাইৰ পৰা আৰ্য্য ব্ৰাহ্মণ দ্ৰাবিড়-মংগোলীয় ভাৰতবৰ্ষলৈ আগমন ঘটে ৷ ভাৰতবৰ্ষত প্ৰৱেশ কৰিয়ে বিদেশী আৰ্য্য ব্ৰাহ্মণে জীৱিকাৰ উপায় বিচাৰি চুৰ-ডকাইত-অপহৰণ-লুটপাতত নামি পৰে ৷ তেওঁলোকে ভাৰতবৰ্ষলৈ আহোতে লগত গৰু আৰু ঘোৰা অনাৰ বিষয়ে ইতিহাসবিদৰ তথ্যত পোৱা যায় ৷

ভাৰতবৰ্ষৰ শিক্ষা নতুবা পাঠ্যপুথিত খুব কমেই আৰ্য্য সকলৰ তথ্য বা বিৱৰণ পোৱা যায় ৷ ইয়াৰ পৰিৱৰ্তে মোগলৰ বিৱৰণ তথা বুৰঞ্জী বহু পোৱা যায় ৷ উল্লেখ্য যে, মোগলৰ ৰাজ শাসনত মোগল আৰু ব্ৰাহ্মণৰ কোনো সংঘাতৰ বিষয়ে উল্লেখ পোৱা নাযায় ৷ ভাৰতবৰ্ষৰ আৰ্য্য ব্ৰাহ্মণৰ এক বীভৎ অত্যাচাৰ, হত্যা-ধৰ্ষণৰ বিষয়ে মৌৰ্য্য বংশৰ শাসনৰ আগে-পিছে পোৱা যায় ৷ তদুপৰি ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাৰ অন্তৰালত আৰ্য্য ব্ৰাহ্মণৰ ধৰ্মীয় শোষণবাদ আটাইতকৈ জগৰীয়া বুলি জনা যায় ৷

বৃটিছে ভাৰত দখল কৰাৰ আগমহূৰ্তত ভাৰতৰ পিছপৰা শ্ৰেণীয়ে এক চূড়ান্ত গোলামী জীৱন অতিবাহিত কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে নিজে উচ্চ বৰ্ণৰ বুলি ঘোষণা কৰা ব্ৰাহ্মণৰ অৱস্থা আছিল ভোগ বিলাসৰে ভৰা ৷ ৰজাৰ ৰাজ আসনৰ পাছতে ব্ৰাহ্মণে স্থান লাভ কৰিছিল ৷ ৰাজ্য আৰু ৰাজপ্ৰশাসনৰ  শিক্ষা আৰু যুদ্ধবিদ্যা শিকোৱাৰ দায়িত্ব কেৱল ব্ৰাহ্মণে লাভ কৰিছিল ৷ অন্য সাধাৰণ শিক্ষিত মানুহ হ'লেও তেওঁ প্ৰজাগণক শিক্ষা দিয়া অধিকাৰ নাছিল ৷ এক প্ৰকাৰ ৰাজশাসনত ব্ৰাহ্মণে ৰজাক প্ৰজাক শিক্ষা দিয়াৰ পৰা বাৰণ কৰি ৰাখিছিল ৷

আপুনি যদি মন কৰে নতুবা ইষ্ট ইন্দিয়া কোম্পানী ভাৰতবৰ্ষলৈ মছলা বেপাৰ কৰিবলৈ নহা হ'লে আজিৰ ভাৰত কেনে অন্ধকূপত ডুবি থাকিল হ'য় এবাৰ কল্পনা কৰকচোন ৷ "সতীদাহ" প্ৰথা বিষয়ে আপোনাৰ নিশ্চয় মনত আছে? এই সতীদাহ প্ৰথাত কেনেকৈ এগৰাকী জীৱন্ত মহিলাক মৃত স্বামীৰ লগত একেখন চিতাত জ্বালাই হত্যা কৰা ছবিখন এবাৰ কল্পনা কৰকচোন কেনে ভয়াৱহ যতনা ৷ উচ্চ শিক্ষিত, উচ্চ বৰ্ণ ব্ৰাহ্মণে এই প্ৰথাৰ পৰা নিলগত থাকি অন্য সাধাৰণ প্ৰজাগণৰ ওপৰত প্ৰচলিত কৰি আহিছিল ৷ যেতিয়া এই প্ৰথাক বৃটিছে উঠাই দিছিল তেতিয়া সামন্তীয় ব্ৰাহ্মণে বিটিছৰ ঘোৰ বিৰুধ কৰিছিল ৷

ইষ্ট ইন্দিয়া কোম্পানীৰ বহু উদাৰ নীতিয়ে ভাৰতবৰ্ষত চলি থকা ব্ৰাহ্মণৰ ধৰ্মীয় শোষণক এক প্ৰকাৰ বাধা প্ৰদান কৰে ৷ বিধবা বিবাহ, সমাজৰ সকলোৰে শিক্ষা অধিকাৰ, উচ্চ নীচ ভেদাভেদহীন সমাজত সকলোয়ে একেলগে উঠা-বহা, খোৱা-বোৱা আদি অধিকাৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ মাজত বৃটিছে প্ৰচলন কৰিছিল ৷ বৃটিছৰ এনে উদাৰ নীতিয়ে ব্ৰাহ্মণৰ ধৰ্মীয় শোষণৰ গোলামত থকা সকলক স্বতন্ত্ৰীয় কৰাত তেওঁলোকে বৃটিছক এক প্ৰকাৰ সহিব নোৱাৰা হৈ পৰিছিল ৷ বৃটিছৰ উদাৰ নীতিত বিদেশী আৰ্য্য ব্ৰাহ্মণে নিজৰ শোষণৰ ব্যৱসায় লুপ্ত হোৱাৰ আকংশা কৰি ধৰ্মীয় শিক্ষা প্ৰচলন কৰিব ধৰে ৷ যাতে ভাৰতীয় বহুজন সমাজে শিক্ষা পালেও ধৰ্মীয় ধ্যান-ধাৰণৰা পৰা মুক্ত নহ'য় ৷ অৰ্থাৎ বহুজন সমাজক ধৰ্মীয় ধ্যান-ধাৰণাৰে মানসিক গোলাম কৰি পিছ দুৱাৰেদি শোষণৰ বাট খুলা ৰাখিলে ৷

গৰু, এই চাৰি ঠেঙীয়া তৃণভুজি প্ৰাণীটো হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসৰি ব্ৰাহ্মণে অতি প্ৰৱিত্ৰ জীৱ বুলি জ্ঞান কৰে ৷ কিন্তু এই পৱিত্ৰ প্ৰাণীটোৰ চমৰা অপৱিত্ৰ ৷ কি আঁচৰিত নহ'য় নে ? গৰু চামৰাৰ পৰা তৈয়াৰী ঢোল, নাগাৰা মন্দিৰত ৰখা হ'য় ৷ এনে বাদ্যযন্ত্ৰ ব্ৰাহ্মণ পূজাৰীয়ে হাতৰে কোবাই কোবাই ভগৱানক প্ৰাৰ্থনা-স্তুতি কৰে ৷ কিন্তু এই ব্ৰাহ্মণেই গৰুৰ চামৰাৰে ঢোল, নাগৰা বনোৱা শ্ৰমিকক অপৃশ্য, বৰ্ণভেদ, জাতিভেদৰে বিচাৰ কৰে ৷ সমাজত তেনে লোকক নীচ বুলি গণ্য কৰে ৷

অলপ চিন্তা কৰক, যি সকল লোকে আনৰ ঘৰে ঘৰে ভিক্ষা বিচাৰি পৰিয়াল চলায় তেওঁলোকেই সমাজত উচ্চ জাতি-বৰ্ণ মৰ্য্যদা আদায় কৰে ৷ সমাজত তেওঁলোককেই আগস্থান ৷

যি শ্ৰেণীয়ে আনৰ অধিকাৰ বলপূৰ্বক কাঢ়ি লয়, আনৰ ওপৰত প্ৰভুত্ব কৰে সেই সকল "ক্ষত্ৰিয়"; যি শ্ৰেণীয়ে দালাল-ঠগবাজীৰ ওপৰত নিৰ্ভৰশীল সেই শ্ৰেণী "বৈশ্য" আৰু যি শ্ৰেণীয়ে কষ্ট-মেহেনতৰে উৎপাদন কৰি খায় তেওঁলোকক ভাৰতীয় সমাজ ব্যৱস্থাত "শূদ্ৰ" অৰ্থাৎ "নীচ" জাতি ৷ এই আটাইকেইটাক কেটেগৰী ব্যৱস্থাত কোনে ৰাখিছে? ব্ৰাহ্মণেই নহ'য় জানো?

দেশত ভাৰত চৰকাৰে স্বৰ্ণ অৰ্থাৎ উচ্চ শ্ৰেণীক ১০ শতাংশ সংৰক্ষণৰ অধিকাৰ প্ৰদান কৰিলে ৷ এই অধিকাৰ উচ্চ শ্ৰেণী(ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য)য়ে বিনা আন্দোলন, ধৰ্ণ, প্ৰতিবাদে লাভ কৰিবলৈ সক্ষম হ'ল ৷ কিন্তু দেশৰ লাখ লাখ লোকে প্ৰতিবাদ, আন্দোলন, ধৰ্ণা কৰি পুলিচ-আৰক্ষীৰ গুলি খাই ও নিজৰ সাংবিধানিক অধিকাৰ পাবলৈ সক্ষম নহ'য় ৷ কিয়? ভাৰতত কেৱল উচ্চ শ্ৰেণীৰ মাজতেই সমস্ত জ্ঞান আছে নেকি? আপুনি নিজেই বিচাৰ কৰক… ৷

দৰিদ্ৰ ব্ৰাহ্মণৰ কাৰণে ৰেহাই ৷ ভাৰতত কেইজন দৰিদ্ৰ ব্ৰাহ্মণ তথা উচ্চ শ্ৰেণী, বৰ্ণ আছে? দেশৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উচ্চ পদবীদ কোন শ্ৰেণীয়ে অধিক অধিকাৰ কৰি আছে?

ব্ৰাহ্মণ যে গৰিব-দুখিয়া এই কথা কেৱল কিতাপ-পত্ৰতহে উল্লেখ পোৱা যায় ৷ বাস্তৱিকতে উচ্চ শ্ৰেণীৰ ৯৯.৯৯% ই ধনী-অধ্যৱন্ত সচ্চল জীৱন অতিবাহিত কৰে ৷ তেন্তে তেওঁলোক গৰিব-দুখীয়া হ'ল কেনেকৈ ? যদি ব্ৰাহ্মণ গৰিব-দুখীয়াই হ'ল হ'য় তেন্তে তেওঁলোকৰ শিশু, যুৱক সকলে কোনো কল-কাৰখানা, ইটা ভাটা, ফুটপাথ, নলা-নৰ্দমাত কাম কৰা দেখিবলৈ পোৱা গ'ল হ'য় ৷ কিন্তু ভাৰতবৰ্ষত কতোয়ে ব্ৰাহ্মণে "নিম্ন" কাম কৰা আজিলৈকে নজিৰ নাই ৷

ব্ৰাহ্মণে ভিক্ষ খুজি খাব কিন্তু শ্ৰম কৰি খাব নোৱাৰে ৷ শ্ৰম কৰি খাব নোৱাৰা শ্ৰেণীয়ে আনৰ পৰা কাঢ়ি খাবলৈ সদায় চল-চতুৰী চলায় ৷ ঠিক বন্য জীৱ-জন্তুৰ ভিতৰত চিকাৰ কৰি খাব নোৱাৰা জন্তু সকলে সদায় চিকাৰ কৰা জন্তুৰ খাদ্যক উপৰতে খাবলৈ চেষ্টা কৰাৰ দৰে ৷ ঠিক আৰ্য্য ব্ৰাহ্মণ সকলেও তেনে মেহনত নকৰা শ্ৰেণীত পৰে যিয়ে আনৰ শ্ৰম কাঢ়ি খায় ৷

পথ পৰিষ্কাৰ কৰা শ্ৰমিক, মল-মুত্ৰ পৰিষ্কাৰ কৰা শ্ৰমিক, ধোবী, আনৰ ঘৰত কাম কৰা ব্ৰাহ্মণ তথা উচ্চ শ্ৰেণীৰ শ্ৰমিক আপুনি জীৱনত কেতিয়াবা লগ পাইছে নে? নিশ্চয় পোৱা নাই ৷ কিন্তু আপুনি দৰিদ্ৰ-গৰিব ব্ৰাহ্মণৰ ভৰী স্পৰ্শ কৰি আৰ্শীবাদ অৱশ্যেই লৈছে ৷ এই কাম আপুনি জীৱনত অনেকবাৰ কৰিছে, পৰিয়ালকো কৰোৱাইছে ৷ যি ব্ৰাহ্মণ গৰিব-দৰিদ্ৰ সেই ব্ৰাহ্মণ আপোনাৰ ওচৰত শ্ৰমিক হৈ কাম বিচাৰিবলৈ অহাৰ পৰিৱৰ্তে সাধু-সন্ত, পূজাৰী হৈ দান বিচাৰি আহে আৰু আপুনি তেনে দৰিদ্ৰ ব্ৰাহ্মণক দান দি আৰ্শীবাদ ল'য় ৷

ভাৰতে স্বাধীনতা প্ৰাপ্ত কৰা এক সপ্তাহৰ আগত ইংলেণ্ডৰ ভুতপূৰ্ৱ প্ৰধানমন্ত্ৰী বিষ্টন চাৰ্চিলে বৃটেইনৰ সাংদত কৈছিল যে, "ভাৰতবৰ্ষক এতিয়াই স্বাধীনতা দিলে ভাৰতৰ শাসন ক্ষমতা দুষ্ট, বদমাছ, পৰজিৱী আৰু ডকাইটৰ হাতলৈ গুছি যাব ৷ ভাৰতৰ সকলো নেতা কু-ক্ষমতাধাৰী আৰু কু-চৰিত্ৰৰ ব্যক্তি হ'ব ৷ তেওঁলোকৰ মাত-কথা মিঠা মিঠা হোৱাৰ বিপৰীতে হৃদয় হ'ব অতি কঠিন ৷ তেওঁলোকে ক্ষমতা পাবৰ কাৰণে দুটা পক্ষৰ মাজত যুঁজ কৰোৱাব আৰু ৰাজনৈতিক সংঘৰ্ষত ভাৰত এদিন সম্পূৰ্ণ ধ্বংস হৈ যাব ৷ এনে এদিন আহিব যেতিয়া ভৰতবৰ্ষত পানী আৰু বতাহৰ ওপৰত টেক্স আৰোপ কৰা হ'ব ৷"

বিষ্টন চাৰ্চিলৰ এই ভৱিষ্যতবাণী ভাৰতৰ ক্ষেত্ৰত এশ শতাংশই শুদ্ধ প্ৰমাণিত হৈছে ৷ যোৱা ৭০ বছৰে ভাৰতক কেৱল ব্ৰাহ্মণে একচেতীয়া ব্যৱসায়ৰ দৰে শাসন কৰি আহিছে ৷ দেশৰ পিছপৰা অবিচি, এছচি, এছটি আৰু মাইনৰিটি বৰ্গই ব্ৰাহ্মণৰ শোষণতন্ত্ৰত নিজৰ সকলো অধিকাৰ অবিহনে মূল্যহীন, গোলামী জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

ব্ৰাহ্মণ-বণিয়া-ঠাকুৰ নেতাক অবিচি, এছচি, এছটি আৰু সংখ্যালঘু সম্প্ৰদায়ে ভোট দি দেশৰ কংগ্ৰেছ-বিজেপি ব্ৰাহ্মণ দলক ৰাজশাসনত বহুৱাই আহিছে ৷ কিন্তু সেই বিজেপি-কংগ্ৰেছৰ ব্ৰাহ্মণ নেতাই ক্ষমতাৰ লালসাত ৰাজনৈতিক খেলত অবিচি, এছচি, এছটিক হিন্দুকৰণ কৰি সংখ্যালঘু মুছলমানৰ লগত, ইছলাম ধৰ্মৰ লগত চিৰ শত্ৰুতাৰে সাম্প্ৰদায়িক যুঁজ লগাই বৃহৎ বৃহৎ দুৰ্নীতি ঢাকি আহিছে ৷

জনতাৰ ধন শৰাধ কৰিবলৈ, দুৰ্নীতিৰ কোৰনাৰে চপাবলৈ অবিচি সমুদায়ক হিন্দু বনাই মুছলমানৰ বাবৰী মজিদ ভাঙিলে ৷ দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিযোগিতা লগোৱাত আজিও তেওঁলোক ব্যস্ত ৷ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে অবিচি, এছচি, এছটি আৰু মুছলমান মৰাৰ বাহিৰে কোনো ব্ৰাহ্মণ মৰে নে?

উচ্চ শ্ৰেণীৰে সমাজ ব্যৱস্থাত আগস্থান, ধনৱন্ত শ্ৰেণী হৈও গৰিব-দৰিদ্ৰৰ নামত ব্ৰাহ্মণে সংৰক্ষণ লাভ কৰিছে ৷ অৰ্থাৎ পিছপৰা সমাজৰ হৈ দেশৰ ব্যৱস্থাত "প্ৰতিনিধিত্ব"(সংৰক্ষণ)ৰ সুবিধা বলপূৰ্বক কাঢ়ি লৈছে ৷ অথচ ব্ৰাহ্মণে দেশৰ ৯০ শতাংশ উচ্চ স্থানত উচ্চ পদবীত কব্জা কৰি আহিছে ৷

আপুনি চৰকাৰী মন্ত্ৰী-বিধায়কৰ ঘৰত কাম-বন কৰা ব্ৰাহ্মণ শ্ৰমিক দেখিবলৈ পাইছে নে? বেছি দূৰলৈ নাযাও, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আবাসত তেওঁৰ কাপোৰ-কানী, বাচন-বৰ্তন ধোৱা ইত্যাদি কামবিলাক কোনোবা ব্ৰাহ্মণ কৰে নে?

চৰকাৰী ব্যৱস্থাত ব্ৰাহ্মণৰ কব্জাঃ

ৰাষ্ট্ৰপতি সচিবালয়ঃ --
মুঠ পদ ৪৯ টা ৷ ইয়াৰে ৪৫ ব্ৰাহ্মণ, SC/ST ৪ টা আৰু অবিচি শূণ্য ৷
উপ ৰাষ্ট্ৰপতি সচিবালয়ঃ --
মুঠ পদ ৭ টা ৷ ইয়াৰে ৭ টা পদতেই ব্ৰাহ্মণ ৷

কেন্দ্ৰীয় মন্ত্ৰীসকলৰ কেবিনেট সচিবঃ --
মুঠ ২০ পদ, ইয়াৰে ১৯ টা পদত ব্ৰাহ্মণ ৷ SC/ST ৰ এজন, OBC ৰ শূণ্য ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ঃ --
মুঠ পদ ৩৫, ইয়াৰে ৩৩ জন ব্ৰাহ্মণ, SC/STৰ ২ জন আৰু OBCৰ শূণ্য ৷
কেন্দ্ৰীয় কৃষি আৰু জলসিঞ্চন বিভাগঃ --
মুঠ পদ ২৭৪ টা, ইয়াৰে ২৫৯ জন ব্ৰাহ্মণ, SC/ST ১৫ জন আৰু OBC ৰ শূণ্য ৷
ৰক্ষা মন্ত্ৰণলয়ঃ --
মুঠ পদ ১৩৭৯ টা, ইয়াৰে ১৩৩১ জন ব্ৰাহ্মণ, SC/STৰ ৪৮ জন আৰু OBCৰ শূণ্য ৷

সমাজ কল্যাণ আৰু স্বাস্থ্য মন্ত্ৰণালয়ঃ --
মুঠ পদ ২০৯ টা, ইয়াৰে ১৯২ জন ব্ৰাহ্মণ, SC/STৰ ১৭ জন আৰু OBCৰ শূণ্য ৷
বিত্ত মন্ত্ৰণালয়ঃ --
মুঠ পদ ১০০৮ টা, ইয়াৰে ব্ৰাহ্মণ ৯৪২ জন, SC/STৰ ৬৬ জন আৰু OBCৰ শূণ্য ৷

গৃহ মন্ত্ৰণালয়ঃ --
মুঠ পদ ৪০৯ টা, ইয়াৰে ব্ৰাহ্মণ ৩৭৭ জন, SC/STৰ ১৯ জন আৰু OBCৰ ১৩ জন ৷
শ্ৰম মন্ত্ৰণালয়ঃ --
মুঠ পদ ৭৪ টা, ইয়াৰে ব্ৰাহ্মণ ৭০ জন, SC/STৰ ৪ জন আৰু OBCৰ শূণ্য ৷
ৰসায়ণ আৰু পেট্ৰলিয়াম মন্ত্ৰণালয়ঃ --
মুঠ পদ ১২১ টা, ইয়াৰে ব্ৰাহ্মণ ১১২ জন, SC/STৰ ৯ জন আৰু OBCৰ শূণ্য ৷

ৰাজ্যপাল-উপৰাজ্যপালঃ --
মুঠ পদ ২৮ টা, ইয়াৰে ব্ৰাহ্মণ ২৫ জন, SC/STৰ শূণ্য আৰু OBCৰ ২ জন ৷
বিদেশত ৰাষ্ট্ৰদূতঃ --
মুঠ ১৪০ জন, ইয়াৰে ব্ৰাহ্মণ ১৪০ জন ৷ বকী SC/ST আৰু OBCৰ শূণ্য ৷
বিশ্বঃবিদ্যালয়ৰ কুলপতিঃ --
মুঠ পদ ১০৮ টা, ইয়াৰে ১০৮ টা পদতে ব্ৰাহ্মণ ৷  SC/ST আৰু OBCৰ শূণ্য ৷
প্ৰধান সচিবঃ --
মুঠ পদ ২৬ টা ৷ ২৬ টা পদতে ব্ৰাহ্মণ ৷ SC/ST আৰু OBCৰ শূণ্য ৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশঃ --
মুঠ পদবী ৩৩০ টা ৷ ইয়াৰে ব্ৰাহ্মণ ৩২৬ জন, SC/STৰ ৪ জন আৰু OBCৰ শূণ্য ৷
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশঃ --
মুঠ পদ ২৩ টা, ইয়াৰে ২২ জন ব্ৰাহ্মণ,  কেৱল ব্ৰাহ্মণ, SC/STৰ শূণ্য আৰু OBCৰ ১ জন ৷
আইএএছ(IAS) বিষয়াঃ --
মুঠ বিষয়া ৩৬০০ জন ৷ ইয়াৰে ব্ৰাহ্মণ হ'ল ২৯৫০ জন, SC/STৰ ৬০০ জন আৰু OBCৰ ৫০ জন ৷
আইপিটি(PTI) বিষয়াঃ --
মুঠ বিষয়া ২৭০০ জন ৷ ইয়াৰে আটাইকেইজন ব্ৰাহ্মণ ৷ SC/ST আৰু OBCৰ শূণ্য ৷

ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবাদঃ
বহু পণ্ডিতে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবাদক পৃথক বুলি মত পোষণ কৰে ৷ দৰাচলতে ই তেনে নহ'য় ৷ ইয়াক পৃথক কোৱা সকল বহুতে ব্ৰাহ্মণৰ পৰাই অহা… অৰ্থাৎ ব্ৰাহ্মণে নিজৰ সুবিধা অনুসৰি বনোৱা ব্যৱস্থা হ'ল "ব্ৰাহ্মণবাদ " ৷

◆  ব্ৰাহ্মণবাদ এনে এক বিচাৰধাৰা য'ত কেৱল ব্ৰাহ্মণক শ্ৰেষ্ঠ মনা হ'য়, আৰু এই ব্যৱস্থাত ব্ৰাহ্মণক উচ্চ পদ-পদবী দিয়া হ'য় ৷

◆  হিন্দু ধৰ্মৰ সকলো গ্ৰন্থ, শাস্ত্ৰ শেষত গৈ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবাদক শক্তিশালী কৰে ৷ সকলো ব্ৰাহ্মণৰ পৰাই আৰম্ভ ৷

◆  হিন্দুৰ ভিতৰত এনে এখন ধৰ্মগ্ৰন্থ নাই য'ত SC, ST আৰু OBC শ্ৰেণীক শ্ৰেষ্ঠ মনা হ'য় ৷ অৰ্থাৎ ব্ৰাহ্মণেই শ্ৰেষ্ঠ ৷

◆  ব্ৰাহ্মণবাদ আৰু জাতি ব্যৱস্থা সম্পূৰ্ণ ইটোয়ে সিটোৰ লগত সম্বন্ধিত ৷ অৰ্থাৎ পাৰস্পৰিক যুগসূত্ৰৰে ইটোয়ে সিটোক সুৰক্ষা কৰে ৷ গোত্ৰ ব্যৱস্থা আৰু জ্যোতিষশাস্ত্ৰও শেষত জাতি ব্যৱস্থা আৰু ব্ৰাহ্মণবাদক শক্তিশালী কৰে ৷

◆  ব্ৰাহ্মণবাদ এক মহামাৰী সংক্ৰামক ব্যাধি ৷ এই ব্যাধিয়ে ভাৰতবৰ্ষৰ বৈজ্ঞানিক বিকাশক সম্পূৰ্ণ বাধা প্ৰদান কৰি আহিছে ৷ ভাৰতবৰ্ষৰ সামাজিক ব্যৱস্থাত এনে ব্যাধি দ'কৈ শিপাই আছে ৷ সামান্য শিশুৰ নামাকৰণ, বিবাহৰ দিন-সময় ধাৰ্য, জন্মপত্ৰিকা ইত্যাদি ব্ৰাহ্মণৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ'য় নতুবা ব্ৰাহ্মণৰ দ্বাৰা ৰচিত কিতাপ আদিৰ পৰা লোৱা হ'য় ৷ এই সকলোবোৰ মনে সজা কল্পিত ধ্যান-ধাৰণাৰ পৰা অহা য'ত বৈজ্ঞানিক তত্বক সম্পূৰ্ণকৈ অন্ধবিশ্বাসৰে ঢাকি পেলোৱা হ'য় ৷

◆  ৰাহু-কেতু, মংগল-শনি গ্ৰহ দুখ, কাল দুখ-দব্য দুখ, অপ-দেৱতা লম্ভা ইত্যাদি কথাবোৰৰ কাৰণেই ভাৰতবৰ্ষৰ বৈজ্ঞানিক বিকাশত বাধাৰ অন্তৰায় হৈ আহিছে ৷ দেশৰ গৰিষ্ঠ সংখ্যক হিন্দুয়ে ধৰ্মীয় পৰম্পৰা-অন্ধবিশ্বাসৰ ফলত জটিল-কঠোৰ জীৱন-যাপনৰ সমস্যাত দিন অতিবাহিত কৰিব লগা হৈছে ৷

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ পিছপৰা সমাজৰ পৰা অহা বাবা চাহেব আম্বেদকাৰ পণ্ডিত জৱহৰলাল নেহেৰুৰ চিন্তা-চৰ্চাতকৈ বহু গুণে আগবঢ়া আছিল ৷ কিন্তু স্বাধীন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নেহেৰুক হে বোনোৱা হ'ল ৷ কাৰণ নেহেৰু উচ্চ বৰ্ণৰ ব্ৰাহ্মণ আছিল ৷ ভাৰতবৰ্ষৰ ব্ৰাহ্মণবাদী আৰু সামন্তবাদী শক্তিয়ে বাবা চাহেব আম্বেদকাৰৰ পথত যথেষ্ট বাধা সৃষ্টি কৰিছিল ৷ তেওঁ অতি কঠিন পৰিস্থিতি সন্মুখীনৰ পাছতহে স্বাধীন ভাৰতবৰ্ষৰ আইন মন্ত্ৰী হ'বলৈ সক্ষম হৈছিল ৷

পণ্ডিত জৱহৰলাল নেহেৰুৰ ঠাইত যদি বাবা চাহেব আম্বেদকাৰক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনিত কৰিলে হ'য় এতিয়াৰ ভাৰত তেতিয়াই জাপানতকৈ পাঁচ গুণ আগবাঢ়িল হ'য় ৷ কিন্তু সামন্তবাদী, পুঁজিবাদী, ব্ৰাহ্মণবাদী শক্তিয়ে নিজৰ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবাদক সুৰক্ষিত কৰিবলৈ ব্ৰাহ্মণ নেহেৰুক প্ৰধানমন্ত্ৰী পাতিলে ৷ ফলস্বৰূপে ভাৰতবৰ্ষ আজিও অসমৰ সমান জাপান, কোৰিয়া, থাইলেণ্ড, ইটালী, জাৰ্মানী আদি সৰু সৰু দেশতকৈ দহগুণে পিছপৰি আছে ৷ যেতিয়ালৈকে ভাৰতবৰ্ষত ব্ৰাহ্মণ-ব্ৰাহ্মণবাদ, জাতি-বৰ্ণ ব্যৱস্থা, ধৰ্মীয় অন্ধবিশ্বাস-ধৰ্মীয় সাম্প্ৰদায়িকতাক ধ্বংস কৰা নহ'ব তেতিয়ালৈকে ভাৰতবৰ্ষত শান্তি আৰু প্ৰগতি কেতিয়াও সম্ভৱ নহ'য় ৷

ব্ৰাহ্মণবাদ সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ওপৰত প্ৰভাৱিত হৈ আছে ৷ ব্ৰাহ্মণে সৃষ্টি কৰা ব্ৰাহ্মণবাদৰ ফলত উচ্চ শিক্ষিত ব্যক্তিৰ জ্ঞানত ও জড়তা সৃষ্টি কৰে ৷ চিন্তা-বিচাৰত ওলট-পালট লগায় ৷

বহুতো উচ্চ শিক্ষিতই জ্যোতিষ শাস্ত্ৰৰ শণাপন্ন হ'য়, শুভ-অশুভক বহুতো বিশ্বাস কৰে ৷ কাৰণ বহুতে আনৰ মুখৰ পৰা নিজৰ ভাল প্ৰশংসা শুনিবলৈ ব্যাকুল হৈ থাকে আৰু শুনি সুখানুভুতি লভে ৷ এই আচৰণ মানুহে প্ৰকৃতিগত ভাৱে আহৰণ কৰে আৰু প্ৰত্যেক মানুহৰে ওচৰতে এনে প্ৰবৃত্তি থাকে ৷ মানুহৰ এই সহজাত প্ৰবৃত্তিকে ব্ৰাহ্মণে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে ৷ কাৰণ সফলতাৰ সহজ পথ সন্ধান কৰাটোও মানুহৰ এক সহজাত প্ৰবৃত্তিৰে অংশ ৷

বিশ্বত ৪ ধৰণৰ হত্যা ব্ৰাহ্মণী ব্যৱস্থা তথা ষড়যন্ত্ৰত উৎপন্নঃ

বৌদ্ধিক হত্যাঃ
বৌদ্ধিক ভাৱে কৰা হত্যা হ'ল শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱা ৷ বৌদ্ধিক জ্ঞানৰ কিতাপ-পত্ৰ সমুলঞ্চে নষ্ট কৰি ধাৰ্মীক কৰ্ম-কাণ্ডৰ অনেক কিতাপ-পত্ৰ তৈয়াৰ কৰি সেই ধৰ্মীয় কিতাপ-পত্ৰ জাতি বিশেষক দিয়া হ'য় ৷ ধৰ্মীয় জ্ঞান পাঠ্যপুথিৰ দ্বাৰা বিলাই দিয়া হ'য় ৷ ভাৰতবৰ্ষত আগতে শিক্ষাৰ অধিকাৰ কেৱল ব্ৰাহ্মণৰ হাতত আছিল ৷ শিক্ষাৰ অধিকাৰ ব্ৰাহ্মণৰ হাতত থকাত মুলনিৱাসী ভাৰতীয়ই সহজে শিক্ষা লাভ কৰিব পৰা নাছিল ৷ পৌৰাণিক নালন্দা বিশ্বঃবিদ্যালয় ধ্বংস তথা বিশ্বঃবিদ্যালয়খনৰ বৌদ্ধিক জ্ঞান ভাণ্ডৰ ব্ৰাহ্মণ তন্ত্ৰই ধ্বংস কৰি তাৰ ঠাইত মনুস্মৃতিৰ কট্টৰ ধৰ্মীয় ধ্যাণ-ধাৰণাৰ কিতাপ-পত্ৰৰ প্ৰচলন কৰা হ'য় ৷ এই দৰেই ব্ৰাহ্মণ তন্ত্ৰই ভাৰতত শিক্ষাক ৫০০০ হাজাৰ বছৰ নিজৰ নিয়ন্ত্ৰণত ৰাখি বৌদ্ধিক হত্যা কৰিছিল ৷ বৌদ্ধিক হত্যা বিশেষকৈ ধৰ্মীয় দাসত্ব সৃষ্টি কৰিবলৈ কৰা হ'য় ৷

মানসিক হত্যাঃ
মানসিক হত্যাৰ বাবে ব্ৰাহ্মণ তন্ত্ৰই যি কোনো জাতি-বৰ্ণ ব্যৱস্থা নিৰ্মাণ কৰে ৷ ইয়াৰ উদাহৰণ স্বয়ং ভাৰতবৰ্ষ ৷ ভাৰতত এই জাতি, বৰ্ণ ব্যৱস্থা বৰ্তমানেও বিদ্যামান ৷ ব্ৰাহ্মণ তন্ত্ৰই জাতি-ব্যক্তিক শূদ্ৰ, অতি শূদ্ৰ, অপৃশ্য বিশেষণ দি নিৰাস, হতাশ সৃষ্টিৰে মানসিক ভাৱে অত্যাচাৰ তথা হত্যা কৰি আহিছে ৷ বৰ্ণ-জাতি বিশেষণে একো একোজন মানুহৰ মনত বিভিন্ন ৰেখাপাত, ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি কৰে ৷ আৰু ইয়াৰ ফলত ব্যক্তি, জাতি সমাজত অকলশৰীয়া নতুবা সমাজ বঞ্চিত হৈ পৰে ৷ জাতি-বৰ্ণ বিশেষণৰ ফলত ব্যক্তি-সমাজৰ ভৱিষ্যত প্ৰজন্মত আন বৰ্ণ, আন জাতিৰ ওচৰত সৰু হোৱাৰ মানসিক ধাৰনা সৃষ্টি হ'য় আৰু মানসিক ভাৱে সেই প্ৰজন্ম হতাশগ্ৰস্থ, নিৰাশবাদী হৈ মানসিক ভাৱে ৰোগগ্ৰস্থ হৈ দাসত্ব জীৱনক স্বীকাৰ কৰি ল'য় ৷

চাৰিত্ৰিক হত্যাঃ
কোনো ব্যক্তি-জাতি-সম্প্ৰদায়ৰ চৰিত্ৰহনন কৰি চাৰিত্ৰিক হত্যা কৰোৱা হ'য় ৷ যাৰ ফলত সেই ব্যক্তি, সেই সমাজ-সম্প্ৰদায় আনৰ দৃষ্টিত, সমাজৰ দৃষ্টিত পৃথক পৰিচয় লাভৰে পৃথক নতুবা অকলশৰীয়া হৈ পৰে ৷ এবাৰ চৰিত্ৰহনন হোৱাৰ পাছত ব্যক্তি-সমাজৰ বদনাম চিৰদিন মানুহৰ মনত ৰৈ যায় ৷ ১৯৮৪ চনত পঞ্জাৱত হোৱা শিখ হত্যা-সংঘৰ্ষ শিখ সমুদায়ৰ বদনাম, ২০০৮-১২ চনত অসমত হোৱা গোষ্ঠী সংঘৰ্ষত বড়োসকলক দিয়া বদনাম, মধ্য ভাৰতত লিংগায়ত ধৰ্মৰ সংস্থাপক গুৰু সকলৰ চৰিত্ৰহনন, ৰাজস্থানৰ মুৰথলত হোৱা ভুৱা গণধৰ্ষণত জাঁঠ সকলৰ বদনাম ইত্যাদিবোৰ একো একোটা চাৰিত্ৰিক হত্যাৰ ষড়যন্ত্ৰ আছিল ৷

শাৰীৰিক হত্যাঃ
শাৰীৰিক হত্যা ৰাজনৈতিক ক্ষমতা আৰু ধৰ্মীয় ক্ষমতা বৰ্তাই ৰাখিবলৈ কৰা হ'য় ৷ পৃথিৱীক পৰশুৰামৰ দ্বাৰা ক্ষত্ৰিয় মুক্ত কৰাটো ব্ৰাহ্মণৰ শাৰীৰিক হত্যাৰ অংশ আছিল ৷ তদুপৰি বৌদ্ধ ধৰ্ম আৰু ইয়াৰ ধৰ্মগুৰু সকলক কৰা হত্যা বিলাক ধৰ্মীয় ক্ষমতা বৰ্তাই ৰাখিবলৈ কৰা হত্যা আছিল ৷

ব্ৰাহ্মণ মুক্ত ভাৰতৰ নিৰ্মাণঃ
◆ যি দিনাই ভাৰতবৰ্ষৰ OBC, SC, STৰ লোক সকলে ব্ৰাহ্মণক পণ্ডিত জী, বাবু জী, গুৰুজী ইত্যাদি সম্বোধন কৰা ত্যাগ কৰি দিব সেইদিনৰ পৰাই ব্ৰাহ্মণৰ "সন্মানিত সন্মান"ৰ মৃত্যু ঘটিব ৷

◆ যি দিনাই ব্ৰাহ্মণ নিয়ন্ত্ৰিত ৰাজনৈতিক দল, সামাজিক সংস্থাৰ ৰেলীত অবিচি, এছটি আৰু এছচি সকলে যোৱা বন্ধ কৰি দিব সেইদিনাই ব্ৰাহ্মণৰ "ৰাজনৈতিক" মৃত্যু ঘটিব ৷

◆ দেশৰ অবিচি, এছচি আৰু এছটিয়ে যি দিনৰ পৰাই ব্ৰাহ্মণৰ মন্দিৰত যোৱা, ধৰ্মীয় উৎসৱ, পূজা-পাৰ্ৱন কৰা ইত্যাদি বন্ধ কৰা আৰম্ভ কৰিব সেইদিনাই ব্ৰাহ্মণৰ "ধৰ্মীয় আৰু আৰ্থিক" মৃত্যু ঘটিব ৷

◆ যি দিনাই দেশৰ অবিচি, এছচি আৰু এছটি বৰ্গই ব্ৰাহ্মণৰ ব্যৱসায়-বাণিজ্য, দুকান-পোহাৰৰ পৰা সামগ্ৰী লোৱা বন্ধ কৰিব সেইদিনাৰ পৰাই ব্ৰাহ্মণৰ "ব্যৱসায়ীক সম্ৰাজ্য" পতন ঘটিব ৷

◆ যি দিনাৰ পৰাই দেশৰ বহুজন বৰ্গই ব্ৰাহ্মণে লিখা গ্ৰন্থ, কিতাপ-পত্ৰ পঢ়া বন্ধ কৰিব সেইদিনাই পৰাই ব্ৰাহ্মণৰ "জ্ঞান আৰু পণ্ডিতালি" অৱসান ঘটিব ৷

◆ যি দিনাৰ পৰাই বহুজন সমাজে ব্ৰাহ্মণক অপৃশ্য কৰি নিলগাই ৰখিব সেই দিনৰ পৰাই ব্ৰাহ্মণৰ "সামাজিক স্থান"ৰ লুপ্ত হ'ব ৷

দেশৰ গণতন্ত্ৰ আজি বিপদাপন্ন ৷ বিশৃংখল ৰাজনৈতিক ব্যৱস্থাৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতি ধ্বংসৰ গহৰাত, গণতন্ত্ৰ প্ৰতি অহা চৰম ভাবুকি, সংবিধানৰ মুলভুত বিধিৰ প্ৰতি অহা চৰম ভাবুকি, অখণ্ড ভাৰতৰ প্ৰতি ভাবুকি, পুজিবাদৰ উত্থান আদিৰ অন্তৰালত থকা মানুখিনিয়েই হ'ল সামন্তীয় ব্যৱস্থাৰ জনক ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী ব্যৱস্থা ৷ সেয়ে এনে দেশদ্ৰোহী, শোষণকাৰী সামন্তীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচৰা সকলক সাৰ্বজনিক ত্যাগৰ দ্বাৰাই দেশৰ গণতন্ত্ৰ, সংবিধান আৰু অখণ্ডা সুৰক্ষা নিশ্চিত কৰিবৰ হ'ল ৷ জাগৃত হওঁক দেশৰ বহুজন সমাজ… ৷৷