বনগাওঁ উচ্ছেদ অভিযানঃ জনজাতিৰ অস্তিত্বলৈ চৰম সংকট

Brahmin's have no Judiciary character:

Forest Village Exclusion order of supreme court; Tribal existence on the brink

ভাৰতৰ দৰে বহুধাবিভক্ত গণতন্ত্ৰীয় ব্যৱস্থাত চৰকাৰতকৈ ন্যায়ালয়ৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আৰু ভৰসা বেছি ৷ জনতাই নিৰ্বাচিত কৰা চৰকাৰৰ গণ বিৰুধী কামত পোন প্ৰথমে বাধা দিয়া আইনী ক্ষমতা ন্যায়ালয়ৰ ওচৰত আছে ৷ যদি চৰকাৰে ন্যায়ালয়ৰ আদেশ পালন নকৰে তেনে চৰকাৰৰ মান্যতাক অবৈধ ঘোষণাৰে চৰকাৰ ভংগ কৰা ক্ষমতাও আছে ৷ কিন্তু যেতিয়া ন্যায়ালয়ৰ ন্যায়াধীশে চৰকাৰৰ এজেন্ট হিচাপে কাম কৰে তেন্তে জনতাৰ মুক্তিৰ পথ সম্পূৰ্ণ ৰুদ্ধ হৈ পৰে ৷

"Wildlife First" নামৰ তথাকথিত প্ৰকৃতিপ্ৰেমী সংস্থা এটাই দিয়া ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত ২৩ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে দেশৰ উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ এখন বিচাৰপিঠে দেশৰ ষোল্লখন ৰাজ্যৰ প্ৰায় ৩০ লাখ ভুমিপুত্ৰ জনজাতিক বনগাওঁৰ পৰা বলপূৰ্বক উচ্ছেদ কৰিবলৈ কঠোৰ নিৰ্দেশ ৰাজ্য চৰকাৰ সমূহলৈ জাৰী কৰিছে ৷ সংস্থাটোৰ অভিযোগ আছিল যে, বনগাওঁত থকা আদিবাসী-জনজাতি সকলে ব্যাপক হাৰত বন ধ্বংস আৰু বন্য জীৱ হত্যাৰে প্ৰকৃতিলৈ সংকট নমাই আনিছে ৷ সংস্থাটোৰ আৱেদনৰ ভিত্তিত হোৱা ন্যায়ালয়ৰ আদেশ কংগ্ৰেছ শাসিত ৰাজ্যকেইখনত ফলৱতী হোৱাৰ সম্ভাৱনা ক্ষীণ ৷ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বিৰুধী পক্ষৰ ৰাজ্য চৰকাৰ কেইখনে জনজাতীয় লোকৰ যাৱতীয় তথ্য ন্যায়ালয়ৰত ২৭ জুলাইৰ আগত দাখিল কৰা সম্ভাৱনা আছে ৷

দেশৰ ন্যায় প্ৰতিষ্ঠানৰ মুৰব্বীয়ে যেতিয়া চৰকাৰৰ বিদ্বেষ নীতি আৰু ৰাজনৈতিক নেতাৰ ধাণ্ডাবাজী কাৰোবাৰ দেখিও নেদেখাৰ ভাওঁৰে ধৰে; জনতাৰ মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ বিৰুদ্ধে গৈ শেষ নিৰ্ণয় দিয়ে তেতিয়া জানিব লাগিব যে, ন্যায়ৰৰ শীৰ্ষ অসনত বহি থকা সকলে দেশ আৰু জনতাৰ খাতিৰত বহি থকা নাই ৷ তেনে প্ৰতিষ্ঠানৰ মুৰব্বী সকলে চৰকাৰ আৰু ৰাজনৈতিক নেতাৰ সমানে সমানে জনতাক কৰা শোষণ-দমনৰ প্ৰতিযোগীতাত নামি পৰিছে ৷

দেশৰ জনতাৰ ভিতৰত আটাইতকৈ অৱস্থাহীন স্থিতিত বসবাস কৰা মানুহখিনিয়েই হ'ল আদিবাসী-জনজাতীয় মানুহ ৷ দেশৰ মুঠ জনসংখ্যাৰ শতকৰা ১৪ শতাংশ থকা জনজাতিৰ লোকসকল আধুনিক ব্যৱস্থাৰ পৰা নিলগত ৷ এতিয়াও বহু জনজাতিয়ে পৰম্পৰাগত ব্যৱস্থাৰে জীয়াই আছে ৷ আজিৰ তাৰিখতো চৰকাৰী বিয়াগোম বিয়াগোম আঁচনিবোৰ জনজাতি সকলৰ ওচৰ চাপিবলৈ সক্ষম হোৱা নাই ৷ ঝাৰখণ্ড, অসম, ৰাজস্থান আৰু গুজৰাটৰ জনজাতীয় মানুহে আজিও এটুপি বিশুদ্ধ খোৱা পানী অভাৱত আছে ৷ আধুনিক চৰকাৰৰ বাবে ইয়াতকৈ কি দুৰ্ভাগ্য হ'ব পাৰে !

জনজাতিৰ ওপৰত আটাইতকৈ অত্যাচাৰ-উৎপীড়ন আৰু শোষণ স্বয়ং চৰকাৰেই কৰি আহিছে ৷ এই কথা দুনাই কোৱা নিষ্প্ৰয়োজন ৷ ২০০২-২০০৪ চনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ আদেশত সমগ্ৰ দেশতে জনজাতিক উচ্ছেদ কৰা হৈছিল ৷ তেতিয়া মধ্য ভাৰতৰ জনজাতি অঞ্চলত ব্যাপক হাৰত হিংসা, হত্যা আৰু বিৰুধ প্ৰদৰ্শনৰ ফলত প্ৰায় ৩ লাখ জনজাতীয় লোকে নিজৰ ঘৰ-মাটি-ভেটি চিৰদিনৰ কাৰণে এৰিব লগা হ'য় ৷ এই ঘৰ-মাটি-ভেটি হেৰুওৱা জনজাতি সকলে দেশত দ্বিতীয় নাগৰিকতকৈ তলত অঘৰী জীৱন কটাই আছে ৷

দেশৰ ভুমিপুত্ৰ জনজাতি সকলৰ বাবে
ভাৰতীয় সংবিধানত বিশেষ স্থান সন্নৱিষ্ট কৰা আছে ৷ সংবিধানত থকা জনজাতিৰ স্থান ড° বাবা চাহেব আম্বেদকাৰে যদি নিশ্চত নকৰিল হ'য় তেন্তে আদিবাসী-জনজাতি সকলে আজিৰ জীয়াই থকা অধিকাৰকনো সম্ভৱ পাবলৈ সক্ষম নহ'ল হ'য় ৷

প্ৰথম, ভাৰতীয় সংবিধানত পঞ্চম অনুসূচীৰে জনজাতিক স্বয়াত্ব শাসনৰ অধিকাৰ প্ৰদান কৰিছে অৰ্থাৎ জনজাতীয় লোকে নিজৰ সুবিধা অনুযায়ী নিজা ধঙৰে স্বতন্ত্ৰ আইন-কানুন, নীতি নিৰ্ধাৰণৰ পূৰ্ণ ক্ষমতা প্ৰদান কৰিছে ৷

দ্বিতীয়, ষষ্ঠ অনুসূচীৰ জৰিয়তে জল, জংঘল আৰু জমিনৰ ওপৰত জনজাতি সকলে সাংবিধানিক গৰাকী হোৱা অধিকাৰ প্ৰাপ্ত কৰিছে ৷ এই অধিকাৰ জনজাতি সকলৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও কাঢ়িব ল'ব পৰা ক্ষমতা লাভ কৰা নাই ৷

জনসংখ্যাৰ হিচাপত দেশত বৰ্তমানে অতি কমেও ১১ কোটি ৭০ লাখ জনজাতি লোক আছে ৷ তদুপৰি ভুমিপুত্ৰ জনজাতি সকলে বসবাস কৰা সংৰক্ষিত অঞ্চলৰ ভু-গৰ্ভত প্ৰায় ৯১ বিধ খনিজ সম্পদ মজুত আছে, যাৰ বজাম মূল্য প্ৰায় ১১ লাখ ৭০ হাজাৰ কৌটি টকা ৷ এই সকলো সম্পদৰ গৰাকী কেৱল আদিবাসী জনজাতীয় লোকৰ সম্পত্তি ৷ এইটো তেওঁলোকৰ অধিকাৰ ৷ ইমান বৃহৎ সম্পত্তিৰ ধন যদি প্ৰত্যেক আদিবাসী-জনজাতীয় লোকক গাই পতি দিয়া হ'য় তেন্তে সংবিধানৰ বিধি অনুযায়ী প্ৰত্যেকে কমেও ১০০ কোটি টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব ৷ কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ শোষণকাৰী ব্ৰাহ্মণী ব্যৱস্থাই ইমান বৃহৎ সম্পত্তি আদিবাসী-ভুমিপুত্ৰই পোৱাটো কেতিয়াও বিচৰা নাই ৷ আদিবাসী-জনজাতি এই দেশৰ শাসনকৰ্তা হ'ব পাৰিল হ'য় কিন্তু দেশৰ ভুমিপুত্ৰ জনজাতিক তেওঁলোকৰ মাটি-বাৰী, জল-জমিন-জংঘলৰ পৰা উচ্ছেদ কৰি জনজাতিৰ বনজ-খনিজ সম্পদৰ মালিকীচৰ্ত উচ্চ বৰ্ণই কাঢ়ি ল'ব বিচাৰিছে ৷

কংগ্ৰেছ নতুবা বিজেপি, দুয়োটাই ব্ৰাহ্মণৰ দ্বাৰা পৰিচালিত ব্ৰাহ্মণ্যবাদী ৰাজনৈতিক দল ৷ এই দুয়ো দলেই দেশৰ জনজাতি সকলক ধ্বংস কৰি আহিছে ৷ যেতিয়াই জনজাতিয়ে নিজৰ অধিকাৰ অৰু অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰিছে তেতিয়াই এদুই ব্ৰাহ্মণ্যবাদী ৰাজনৈতিক দলে জনজাতিক নক্সাল, উগ্ৰপন্থী ঘোষণা কৰি আহিছে, যাতে জনজাতিসকলক সহজে হত্যা কৰিবলৈ সহজ হ'য় ৷

জনজাতিৰ পৃষ্ঠ ভুমিৰ পৰা জনজাতিক উচ্ছেদৰে ধ্বংস কৰিব বিচৰা আদেশ দেশৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে নিৰ্দয়ী আদেশ ইমান সহজে কেনেকৈ দিব পাৰে?

আজিৰ তাৰিখত দেশৰ গণতন্ত্ৰৰ উচ্চ স্তৰসমূহ ব্ৰাহ্মণে "পূৰ্ণ নিয়ন্ত্ৰণ"(Abosolute Control) কেনেকৈ অৰ্জন কৰিবলৈ সক্ষম হ'ল, য'ত অন্য লোকৰ কোনো নিয়ন্ত্ৰণেই নাই ৷ এই কথা এবাৰ ভাৱিবলগীয়া কথা নহ'য় নে? এটা কথা ঠিক যে, উচ্চ ন্যায়ালয়ত যি সকল ব্ৰাহ্মণ বহি আছে, সেইসকল ন্যায়াধীশ পাছৰ কথা; প্ৰথমে তেওঁলোক ব্ৰাহ্মণ ৷ যেতিয়া ন্যায়াধীশেই ব্ৰাহ্মণ হ'য় তেনে ক্ষেত্ৰত দেশৰ পিছপৰা শ্ৰেণী, অনুসূচীত জাতি-জনজাতি আৰু ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ৰায়দান দিয়া অৱশ্যেই স্বাভাৱিক ৷

এটা কথা আপোনালোকে জানি আঁচৰিত হ'ব যে, ইংৰাজে জুডিচিয়েৰীত ব্ৰাহ্মণক কেতিয়াও ন্যায়াধীশ পদত নিয়ুক্তি দিয়া নাছিল ৷ দেশ পৰাধীন হৈ থাকোতেই এই উচ্চ বৰ্ণৰ ব্ৰাহ্মণেই ইংৰাজ শাসন প্ৰশাসনত বেছিকৈ নিয়োগ হৈছিল ৷ ইংৰাজে ব্ৰাহ্মণক ন্যায়াধীশ নিযুক্তি নিদিয়াৰ কাৰণ ব্ৰাহ্মণক বৃটিছে কেতিয়াও বিশ্বাস কৰা নাছিল ৷ তেওঁলোকে জানিছিল যে, ব্ৰাহ্মণৰ তেজত ন্যায়িক চৰিত্ৰ তিলমাত্ৰও নাই ৷ আৰু এই কথা সদায়ে প্ৰমাণিত হৈ আহিছে জনজাতি সকলৰ বিৰুদ্ধে দিয়া ব্ৰাহ্মণ ন্যায়াধীশৰ ৰায়দানবোৰত ৷

যদিহে দেশৰ জনজাতি সকলৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অন্তিমটো নিৰ্দেশ কাৰ্য্যকৰী কৰা হ'য় তেন্তে দেশত এক ভয়ানক পৰিস্থিতি উদ্ভৱ হ'ব ৷ দেশত গৃহকণ্ডলৰ দৰে ঘটনা হোৱাৰ সম্ভাৱনা নিশ্চিত ৷ বহিঃবিশ্বাই খবৰ পাওক বা নাপাওক কিন্তু জনজাতি সকলক দেশীয় চৰকাৰে "নক্সালবাদী, উগ্ৰপন্থী" সজাই প্ৰতিদিনে পাইকাৰী হত্যা কৰিয়ে আহিছে ৷ ভুমিপুত্ৰ জনজাতিৰ মাটি-ভেটি, জল-জংঘল সকলো ব্ৰাহ্মণ-বণিয়া টাটা, বিৰলা, আদানি, আম্বানীৰ হাতত অৰ্পন কৰি Liquefied Petroleum Gas(LPG), Foreign Direct Investment(FDI), Special Economic Zone(SEZ) ইত্যাদি ভাৰতত কাৰ্য্যকাৰী কৰি দেশৰ কৃষক আৰু ভুমিপুত্ৰ জনজাতীয় শ্ৰমিকক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ ব্ৰাহ্মণী ব্যৱস্থাই কৰি আহিছে ৷

দেশৰ আদিবাসী-জনজাতিক "উগ্ৰপন্থী, নক্সাবাদী" সজাই হত্যা কৰা সহজ উপায় দ্বিতীয় এটা ব্ৰাহ্মণৰ হাতত নাই ৷ জনজাতি সকলক মাৰি-কাটি শেষ কৰা এইটোয়েই ব্ৰাহ্মণৰ প্ৰথম আৰু শেষ উপায় ৷ সেয়ে ব্ৰাহ্মণে দেশৰ গণতন্ত্ৰৰ শীৰ্ষস্থান সমূহত পূৰ্ণ নিয়ন্ত্ৰণ কৰি জনজাতিৰ বিৰুদ্ধে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰায়দান কৰি আহিছে ৷ যিটো বিষয় দেশৰ আদিবাসী-জনজাতীয় সকলৰ বাবে আটাইতকৈ গম্ভীৰ…

No comments:

Post a Comment

Thank you.