জম্মু-কাশ্মীৰৰ পুলৱামাৰ অৱন্তিপুৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত উত্থাপিত কিছু গুৰুত্ব প্ৰশ্ন

সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত উত্থাপিত কিছু গুৰুত্ব প্ৰশ্নঃ


সাম্প্ৰদায়িক চৰকাৰৰ নীতি বিৰুদ্ধ কাৰ্য্য


প্ৰশ্নঃ ১/ জানুৱাৰীৰ ৮ তাৰিখে দেশৰ চোৰাংচোৱাই সন্ত্ৰাসবাদীৰ সাম্ভাব্য আক্ৰমণৰ আগতীয়া তথ্য দিয়াৰ পাছতো জম্মুৰ দৰে সন্ত্ৰাসবাদীৰ স্পৰ্শকাতৰ ঠাইত বৃহৎ সামৰিক সঞ্চালন কৰাৰ আঁৰৰ উদ্দেশ্য কি?

প্ৰশ্নঃ ২/ সামৰিক সঞ্চালনৰ কাৰণে পুলৱামৰ ঘাইপথটো তিনিদিনৰ কাৰণে সাধাৰণ জনতাৰ গাড়ী-ঘোৰা সম্পূৰ্ণ নিষিদ্ধ কৰাৰ পাছতো সন্ত্ৰাসবাদীৰ গাড়ী কেনেকৈ সেই পথৰে আগবাঢ়ি গৈ চিআৰপিএফ বাহিনীক আক্ৰমণ কৰিলে?

প্ৰশ্নঃ ৩/ সাধাৰণ মাদক দ্ৰব্য ধৰা আধুনিক যন্ত্ৰ দেশৰ আৰক্ষী বাহিনীৰ ওচৰত থাকে ৷ কিন্তু ইমান বৃহৎ সামৰিক সঞ্চালন ক্ষেত্ৰত কনভয়ৰ লগত বিষ্ফুতক ধৰা পেলোৱা যন্ত্ৰ সংযোজিত গাড়ীয়ে নিদিয়াৰ কাৰণ কি ?

প্ৰশ্নঃ ৪/ চিআৰপিএফ বাহিনীয়ে নিজৰ বৃহৎ সৈন্য সঞ্চালনক আকাশমাৰ্গৰে সঞ্চালিত কৰিব বিচৰা আৱেদনক দেশৰ গৃহবিভাগে অনুমতি নিদিয়াৰ উদ্দেশ্য কি ?

প্ৰশ্নঃ ৫/ সামৰিক সঞ্চালনত ৭৯ খন গাড়ীত ২৬০০ শ চিআৰপিএফ জোৱানক লৈ আগবঢ়া সময়ত "ডিফেঞ্চ প্ৰটেকচন নীতি"ৰ আধাৰত বৃহৎ কনভয়টোক যুদ্ধ বিমানৰে আকাশমাৰ্গৰে সুৰক্ষাৰ বন্দবস্ত কিয় কৰা নহ'ল?

প্ৰশ্নঃ ৬/ পুলৱামা ৭৮ খন চিআৰপিএফ জোৱানৰ কনভয়ত বোমা ফুটাবলৈ সন্ত্ৰাসবাদীয়ে গাড়ী ক'ৰ পৰা লাভ কৰিলে ?

প্ৰশ্নঃ ৭/ সীমানত কটকটীয়া নিৰপত্তা তহলৰ পাছতো সন্ত্ৰাসবাদীয়ে ৩৬০ কিঃলো ওজনৰ বৃহৎ পৰিমানৰ বিস্ফুৰক পদাৰ্থ ক'ৰ পৰা লাভ কৰিলে? 

প্ৰশ্নঃ ৮/ যি কাশ্মীৰত সকলো সময়তে সকোল ঠাইতে সেনাবাহিনীৰ উপস্থিতি আৰু অভিযান তেনে সময়ত চিআৰপিএফৰ বৃহৎ সৈন্য সঞ্চালনৰ গোপন খবৰ সন্ত্ৰাসবাদীয়ে কেনেকৈ লাভ কৰিলে?

প্ৰশ্নঃ ৯/ পথ বন্ধ থকাৰ পাছতো, সুৰক্ষা বাহিনীৰ অসংখ্য "চেক্ পষ্ট" থকাৰ পাছতো আত্মঘাটি সন্ত্ৰাসবাদীয়ে কেনেকৈ বিনা বাধায়ে গাড়ী চলাই চিআৰপিএফৰ গাড়ীত বোমা বিষ্ফূৰণ ঘটালে?

প্ৰশ্নঃ ১০/ যিটো ঘাইপথত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে সেই পথটোৰ মাজত ডিভাইডাৰ আছে ৷ সামৰিক বাহিনীয়ে যিটো দিশৰ ফালে গতি কৰি আছিল সেই একে দিশত ঘাইপথৰ ডিভাইডাৰৰ বিপৰীত চাইদত সন্ত্ৰাসবাদী গাড়ীয়ে কেনেকৈ আহি থাকিবলৈ সক্ষম হৈছিল? 

প্ৰশ্নঃ ১১/ যিহেতু বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণটোক "আত্মঘাটি" আক্ৰমণ কোৱা হৈছে ৷ কিন্তু ঘটনা সংঘটিত ঠাইত আত্মঘাটি বোমাৰুৰ শৰীৰৰ কোনো অংগ নোপোৱাৰ কাৰণ? 

প্ৰশ্নঃ ১২/ কাশ্মীৰৰ পৰা তৎক্ষণাত সংবাদ সংগ্ৰহ কৰাটো অতি সহজ নহ'য় ৷ কিন্তু সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ ঠিক পাঁচ মিনিটৰ পাছতে দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহে আক্ৰমণটোৰ সংবাদ কেনেকৈ পৰিৱেশন কৰিবলৈ সক্ষম হ'ল ? 

প্ৰশ্নঃ ১৩/ ঘটনা হোৱাৰ পাঁচ মিনিটৰ পাছতে আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ "ভিডিঅ ফুটেজ" কেনেকৈ দেশজুৰি সম্প্ৰসাৰণ হ'বলৈ পালে? 

প্ৰশ্নঃ ১৪/ আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ যিটো ভিডিঅ ফুটেজ সেই ফুটেজৰ মাত একেবাৰে স্পষ্ট নহ'য় ৷ তদুপৰি সন্ত্ৰাসবাদী জনৰ কথাৰ লগত মুখমণ্ডৰ অংগিভংগীৰ সাদৃশ্য নাই ৷ তেনে ক্ষেত্ৰত ভিডিঅ'টোত থকা মানুহ আৰু মাত কথাৰ বাহে বেলেগ বেলেগ ব্যক্তি জড়িত থকা নাইটো ? 

প্ৰশ্নঃ ১৫/ যেতিয়া আমেৰিকাৰ পাৰ্গত চোৰাংচোৱাৰ প্ৰতিবেদনত ভাৰতৰ নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ; ইয়াৰ পাছত ৮ ফেব্ৰুৱাৰীত দেশৰ চোৰাচোৱাৰ সতৰ্কবানী পোৱাৰ পাছতো উৰ্দ্ধতন বিভাগে ২৬০০ চিআৰপিএফ জোৱানৰ নিৰাপত্তাজনিত দিশক লৈ কিয় গুৰুত্বপূৰ্ণ বিবেচনা নকৰিল ?

দেশৰ নিৰাপত্তাত জড়িত এটা সামৰিক সংস্থাই কেতিয়াও নিজৰ সৈন্য বাহিনীৰ নিৰাপত্তা নিশ্চিত নহ'লে বৃহৎ সৈন্য সঞ্চালন নকৰে ৷ এই কথা সকলোয়ে বিদিত ৷ কিন্তু দেশৰ অৰ্ধ-সামৰিক বাহিনীক এনে নিৰাপত্তাহীন ব্যৱস্থাৰে বৃহৎ সৈন্য সঞ্চালন কৰিবলৈ কোনে বাধ্য কৰালে, কেনেকৈ বাধ্য হ'ল সেই প্ৰশ্ন আটাইতকৈ ডাঙৰ হৈ পৰিছে ৷ 

ওপৰৰ প্ৰশ্ন সমূহে বহুতো সন্দেহজনক স্থিতি উত্থাপন কৰিছে ৷ সমগ্ৰ ঘটনাটো এটা ৰাজনৈতিক বৃহৎ ষড়যন্ত্ৰ বুলি ভৱাৰ অনেক থল উৎপত্তি হৈছে ৷ সকলোয়ে জানে যে, বিজেপি চৰকাৰ এতিয়া বহুত বেয়া সময়ৰ মাজত আবদ্ধ ৷

সাম্প্ৰদায়ীকতাৰ ৰাজনীতিত জনবিৰুধী কামৰে পৰ্ৱতসম অভিলেখ গঢ়া চৰকাৰে সকলো যত্ন কৰিও জনতাৰ বহু প্ৰশ্নৰ পৰা হাত সাৰিবলৈ সক্ষম হোৱা নাই ৷ চৰকাৰখনে জনতাক মূল সমস্যাৰ পৰা আঁতৰাই কেনেকৈ পুনৰবাৰ ৰাজ শাসন চলাব পাৰি তাৰে কচৰৎ কৰাত উঠিপৰি লাগিছে ৷ 

গেৰুৱাবাদী চৰকাৰখনৰ ওচৰত দেশত স্বৰ্ণৰ বাবে ১০% সংৰক্ষণ বিল, ৰাম মন্দিৰ মিৰ্মাণ আৰু হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ বাবে লোৱা নাগৰিক বিধেয়ক সংশোধন আদিৰ ইছুৰ আছিল কিন্তু নিবনুৱা সমস্যা, দ্ৰব্য মূল্যৰ আকাশলঙ্ঘী দাম, ৰাফেল, অৰ্থ ব্যৱস্থাৰ দুৰ্দশা, নোটবন্দী, প্ৰশাসনীক সংস্থাক ভৃত্য-অনুগত্য কৰা ইত্যাদি ইছুক বিৰুধী পক্ষ সমূহে সহজে এৰি দিয়া নাছিল ৷ এনে সময়ত চৰকাৰৰ ওচৰত এটাই বিকল্প আছিল যে, এনে এটা সমস্যা সৃষ্টি কৰা হওঁক, য'ত সমগ্ৰ দেশৰ আৱেগ জড়িত হৈ পৰে আৰু বিৰুধী পক্ষ সমূহেও যাতে নিজৰ ইছুক লৈ কৰি থকা বিৰুধী স্থিতি ত্যাগ কৰিবলৈ সক্ষম হ'য় ৷

লক্ষ্য কৰিব যে, দেশৰ সামৰিক কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পাছতো গেৰুৱা চৰকাৰৰ মন্ত্ৰী-বিধায়কে নিজৰ ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ ধুমধামৰে চলাই গ'ল ৷ আক্ৰমণত নিহত শ্বহীদ জোৱানৰ প্ৰতি মন্ত্ৰী-বিধায়কে টুইট কৰিয়ে দায়িত্ব সামৰিলে ৷ দেশৰ এনে পৰিস্থিতিত দায়িত্বশীল বোলা আন দহজন মানুহেও নিজৰ কাম আধাতে বন্ধ কৰি মৃতকৰ পৰিয়ালৰ অৱস্থাৰ খা-খবৰ ৰাখে ৷ কিন্তু সমগ্ৰ দেশক পৰিচালনা কৰা বিয়াগোম নেতা-সাংসদে শ্বহীদ জোৱাৰ মৃত্যুক ৰাজনৈতিক বেপাৰুৱা ঢঙৰে তাচিল্য কৰি নিজৰ ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিল ৷ এনে নেতাই দেশবাসীক শান্তনা দিয়াৰ কথা দূৰৰ কথা তেওঁলোকৰ এনে আঁচৰণৰ ওপৰত কোনো সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিলেই "সন্ত্ৰাসবাদীৰ সমৰ্থক, দেশবিৰুধী, দেশদ্ৰোহী" সজোৱাৰ কাম আৰম্ভ কৰি দিছে ৷

আটাইতকৈ ডাঙৰ কথা যে, গেৰুৱা সমৰ্থনকাৰী সকলে চিধাই চিধাই ভাৰতীয় মুছলমানক সন্ত্ৰাসবাদীৰ লগত সাঙুৰী যি সাম্প্ৰদায়িক পৰিস্থিতি উদ্ভৱ কৰিছে সেয়া চিন্তনীয় আৰু ভাৱিব লগীয়া বিষয় ৷ ভাৰতে পাকিস্থানৰ লগত যুদ্ধ কৰিবলৈ দেশত দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচনত জয়যুক্ত কৰিবলৈ পুলৱামাৰ নিহত জোৱানৰ অবৰ্ণীয় দৃশ্যৰে সামাজিক মাধ্যমৰ ছাইটত গেৰুৱা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা কাৰবাবোৰ আঁচৰিত ধৰণৰ ৷ কি ঘৃণনীয় ৰাজনীতি ? গেৰুৱাকৰণৰ ৰাজনীতিত শ্বহীদ জোৱানৰ অংগও বাদ পৰি যোৱা নাই…  !

দেশৰ জনতাৰ উন্নয়ন আৰু বিকাশৰ দায়িত্ব লোৱা ৰাজনৈতিক দলে যেতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰে দেশৰ অখণ্ডতা, বৈচিত্ৰতা, ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু সংবিধানক কোঠাৰ ঘাত কৰে তেন্তে বুজিব লাগিব যে, সেই দেশৰ জনতাই শীঘ্ৰেই গোলামী জীৱন লাভ কৰিবলৈ বেছি সময় নাথাকে ৷

দেশত গেৰুৱা চৰকাৰে পৌৰাণিক বেদ-মন্ত্ৰ উচ্ছাৰণতেই হাজাৰ হাজাৰ কোটি জনতাৰ ধন অপচয় কৰিছে ৷ জনতাৰ ধনৰে ধৰ্মীয় ভিৰ-সমাগম আয়োজন কৰিছে ৷ মন্দিৰৰ পণ্ডিত-পুৰোহিতক চৰকাৰৰ ঘৰৰ পৰা মাহিলী দৰমহা দিছে ৷ শিক্ষাৰ বাৰ্ষিক বাজেট কম কৰি আনিছে ৷ অৰ্থাৎ চৰকাৰে কোন শ্ৰেণী মানুহৰ সুৰক্ষাত বিশেষ গুৰুত্ব দিছে সেয়া সহজে অনুমেয় ৷ কিন্তু সীমান্তত সন্ত্ৰাসবাদীৰ বোমাত নিহত হোৱা জোৱান সকল সাধাৰণ কৃষক পৰিয়ালৰে ওলায়, মন্দিৰত পূঁজা পাঠ কৰা শ্ৰেণীৰ নোলায় ৷

চিন্তা-বিচাৰ কৰা বিষয়টো হ'ল, পুলৱামৰ দৰে ঠাইত সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত দেশত উৎপন্ন হোৱা আৱেগ ভাৱনাত কোনখিনি মানুহৰ লাভ হ'য় ---- 

প্ৰথম, পাকিস্থানৰ !? 
যদি ভাৰতীয় সেনাক হত্যা কৰিলেই পাকিস্থানৰ জনতাক আৰু পাকিস্থানী চৰকাৰে শান্তি লাভ কৰে তথা উপকৃত হ'য় তেন্তে তেওঁলোকে ভাৰতৰ নিৰ্বাচনৰ প্ৰাক্ মূহূৰ্ততহে আমাৰ দেশৰ সেনাক কিয় আক্ৰমণ কৰে? ভাৰতীয় নিৰ্বাচনৰ লগত তেওঁলোকৰ কি সম্বন্ধ? 

যদি নিৰ্বাচৰ সমাগত সময়তহে পাকিস্থানে ভাৰতীয় সেনাক আক্ৰমণ কৰি উপকৃত হ'য় তেন্তে ভাৰতবৰ্ষৰ ক্ষমতাধাৰী দলৰ নেতা আৰু মন্ত্ৰীৰ ওপৰত আক্ৰমণ নকৰাৰ কাৰণ কি ? কোনো দুষ নকৰা সেনাক হত্যা কৰি তেওঁলোকে কি লাভ কৰে ?

দ্বিতীয়, মানি লোৱা হ'ল যে পাকিস্থানীয়ে ভাৰতত ধৰ্মীয় উন্মাদ বিয়পাইছে ৷

পাকিস্থানৰ দৰে ভাৰতেও ধৰ্মীয় উন্মাদনা বিয়পোৱাৰ কামত পিছ পৰি ৰৈছে জানো ? গুজৰাট, অসম, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উৰিষ্যা, পশ্চিমবংগ, উত্তৰ প্ৰদেশৰ এনে কিমান ঠাই আছে য'ত ধৰ্মৰ নামত মুকলিকৈ মানুহ হত্যা আজিও চলি আছে ৷ ধৰ্মৰ নামত উন্মাদ বিয়পোৱাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS), বজৰং দল, অভিনৱ ভাৰত আদি সংগঠনৰ কেইজন নেতাক পাকিস্থানৰ সমৰ্থপুষ্ট সন্ত্ৰাসবাদী সংগঠনে হত্যা কৰিব পাৰিছে? সীমান্তত পহৰা দিয়া অধিকাংশ পিছপৰা, অনুসূচীত জাতি-জনজাতিৰ সৈনিকক লক্ষ্য কৰি লোৱাৰ কাৰণ কি? 

তৃতীয়, ভাৰতত প্ৰতিবাৰৰ নিৰ্বাচনৰ সময়ত সন্ত্ৰাসবাদী আক্ৰমণ সংগঠিত হেৱাৰ উদেশ্যঃ

শত্ৰুই দেশক আক্ৰমণ কৰিলে এজন নাগৰিকৰ দেশভক্তিৰ ভাৱনা জাগৃত হ'য়, যিটো উচিত ৷ ভাৱিলগীয়া বিষয় এইটোয়ে যে, স্বাধীনতাৰ সময়ৰ পৰাই দেশৰ সেনাই মৃত্যুবৰণ কৰি আহিছে ৷ কিন্তু কোনো এখন চৰকাৰেই এই সমস্যাটোৰ স্থায়ী সমাধান আজিলৈকে কিয় কৰা নাই ?
এনে ধৰণৰ সমস্যাক জানি-বুজিও সমাধান কৰা হোৱা নাই নেকি? 
এনে সমস্যাক ৰাজনৈতিক ক্ষমতা লাভৰ বাবেই সমাধান কৰা নহ'য় নেকি? 
ভাৰতৰ জনতাই এইটো কিয় ভাৱিব নোৱাৰে? 

চতুৰ্থ, দেশভক্তিঃ নিৰ্বাচনৰ আগমহূৰ্ত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ ফলত দেশব্যাপি উদ্ভৱ হোৱা পৰিস্থিতি যুদ্ধ সদৃশ পৰিস্থিত ৷ 

এনে সন্ধিক্ষণত ভাৰতবৰ্ষৰ সকলো জনতা আৱেগিক হোৱাৰ ফলত দেশৰ বাস্তৱিক সমস্যা ভুকমাৰী, নিবনুৱা সমস্যা, ইভিএম ষড়যন্ত্ৰ, দৰিদ্ৰ নিৰ্মূল, পাঁচটা বছত জনতাৰ ওপৰত হোৱা চৰকাৰী অন্যায়-অবিচাৰ, অত্যাচাৰ-শোষণ আৰু জনবিৰুধী নীতি আদি কৰি সকলো কামেই গৌণ হৈ পৰে ৷ আকৌ সেই সকলেই নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰে ৷ পাঁচটা বছৰৰ খেলত জনতাৰ ওপৰত দমন-শোষণ চলে ৷

কোনবাই যদি এয়া প্ৰশ্ন কৰাৰ উপযুক্ত সময় নহ'য় কৈছে তেন্তে সেয়া অমুলক ৷ একেবাৰে অমুলক ৷ সেনা হত্যাৰ পাছত ৰাজনৈতিক নেতাই কৰা লম্ফ-জম্ফ কাৰোবাৰ দেশবাসীয়ে কেতিয়াও মানি নল'য় ৷

এই সময় ভাবুকপূৰ্ণ হৈ থকা সময় নহ'য় ৷ এই সময় সাম্প্ৰদায়িক ৰাজনৈতিক নেতাৰ কাষত ঠিয় দিয়া, সমৰ্থন দিয়াৰ সময় নহ'য় ৷ এই সময় চিন্তা-বিচাৰৰ মন্থন কৰা সময় ৷ এনে মন্থনৰ দ্বাৰাহে জনতাই সাম্প্ৰদায়িক ৰাজনৈতিক নেতাৰ পৰা দেশ, গণতন্ত্ৰ আৰু সংবিধানক সুৰক্ষিত কৰিব পাৰিব ৷

এটা স্বাধীনতাৰ ৭০ বছৰৰলৈকে কোন শ্ৰেণী লোকৰ হাতত ক্ষমতা ন্যস্ত হৈ আহিছে? তেওঁলোকে এই সমস্যাৰ স্থায়ী সমাধান আজিলৈকে কৰা নাই কিয়?

দেশৰ সৈনিকে আৰু কেতিয়ালৈকে আওমৰণৰে মৃত্যুক সাৱতি আহিব? সেয়েহে দেশৰ জনতাৰ দায়িত্ব হ'ল প্ৰকৃত গণতন্ত্ৰক নিজৰ মতাধিকাৰ প্ৰদান কৰি দেশৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰনে চৰকাৰ গঠন কৰা ৷ নিৰ্বাচিত চৰকাৰে প্ৰকৃত নীতি গঠনৰ কৰি সমস্যা সমূহ সমাধান কৰিব পাৰে ৷ দেশৰ সুৰক্ষাৰ দায়িত্ব চোৰাংচোৱা সংস্থা, সেনা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত ন্যস্ত থাকে ৷ সেয়ে জনতাই আৱেগেৰে নহ'য় বিচাৰৰে প্ৰকৃত চৰকাৰ গঠন কৰা প্ৰয়োজন ৷ মনত ৰাখিব, দেশৰ জনতাৰ ভাৱনাক লৈ খেল খেলি থকা সকলেই জনতাৰ ভাৱনাক আধাৰ কৰিয়ে শাসনৰ ৰাজপাটত বহিবলৈ ভোটৰ ৰাজনীতি কৰি আহিছে ৷