যুদ্ধ প্ৰয়োজন নে ?

যুদ্ধ প্ৰয়োজন নে?
Major D.P. Singh is a retired officer of the Indian Army. He is a Kargil War veteran and is known as the India's first blade runner.

মেজৰ দেৱেন্দ পাল সিং ভাৰতীয় সেনাৰ এজন অৱসাৰপ্ৰাপ্ত বিষয়া ৷ তেওঁ কাৰগিল যুদ্ধৰ "জীৱন্ত নায়ক" ৷ মেজৰ সিঙে কাৰগিল যুদ্ধত পাকিস্থানী সৈন্যৰ লগত প্ৰৰাক্ৰমৰে যুঁজ কৰি নিজৰ এখন ভৰি হেৰুৱাই পেলাইছে ৷

ভাৰত নিয়ন্ত্ৰিত কাশ্মীৰৰ পুলৱামা জিলাত ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত টেলিভিচন চেনেলত চলি থকা উন্মাদ আলোচনা, তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থকা মেজৰ সিঙে দেশবাসীৰ ওচৰত নিজৰ অনুভৱ ফেচবুকৰ মাধ্যমৰে সুন্দৰকৈ ব্যক্ত কৰিছে ৷ তেওঁৰ ভাষাৰেই পঢ়ক ----

"আমি দেশৰ শ্বহীদ আৰু তেওঁলোকৰ পৰিয়ালৰ লগত আছো ৷ আমি সকলোয়ে এনে নৃশংসতাৰ বাবে অৱশ্যেই প্ৰতিশোধ লোৱা প্ৰয়োজন ৷ কিছু দিনৰ পাছত সকলো পূৰ্বৰ দৰেই সামান্য হৈ পৰিব আৰু যি সকলৰ মাজত এতিয়াও উত্তেজনা অব্যাহত আছে তেওঁলোকেও স্বাভাৱিক হৈ পৰিব ৷

ক্ষমতাধীন দল, মিডিয়া হাউচ আৰু সাধাৰণ লোকৰ মাজত সকলো স্বাভাৱিকতা আহি পৰিব ৷ যি সকলে নিজৰ জীৱন অকালতে হেৰুৱালে তেওঁলোকৰ পৰিয়ালৰ কথা, দুখ-যতনা কোনেও বুজিবলৈ চিন্তা কৰা নাই ৷ এজন সৈনিকে হাঁহিমুখে ত্ৰিৰংগা, দেশ আৰু নিজৰ সন্মানৰ বাবে সকলো ত্যাগ কৰি দিয়ে ৷

কিন্তু কিছু প্ৰশ্ন এনেকুৱা যে যাৰ সংখ্যা সময়ৰ লগত দিনক দিনে বাঢ়ি যাব ধৰিছে ৷ প্ৰশ্ন হ'য়, দেশৰ প্ৰচলিত ব্যৱস্থা পৰিৱৰ্তন কৰিবলৈ আমি আটায়ে আজিলৈকে এনেকুৱা কি কৰিছো ?

শুক্ৰবাৰৰ দিনা পুৱাৰ পৰাই মই এটা সংবাদ মাধ্যমৰ বিতৰ্কত উপস্থিত আছিলো ৷ বিতৰ্কটোত মই মোৰ ভাৱনা আৰু তীক্ষ্ণতাকৈ বেছি বক্তব্য ৰাখিবলৈ চেষ্টা অব্যাহত ৰখিছিলো ৷ টিভি এংকৰে তেতিয়া এটা টিপ্পনী আগবঢ়ালে ৷ তেওঁ কলে, "সম্ভৱ আপুনি পুলৱামাৰ ছবিসমূহ দেখা নাই, যাৰ সমাধানৰ পথ কেৱল প্ৰতিশোধ ৷"

এতিয়া মই এনে ধৰণৰ বিষয়বস্তুৰ পৰা আঁতৰি আহিছো আৰু মই ইয়াত আঁচৰিত হ'ব লগীয়া একোৱেই নাই যে, এগৰাকী মহিলাই প্ৰয়োজনতকৈ বেছি শক্তি খৰচৰে কথাবোৰ চিঞৰি ক'ব ধৰিছে ৷ তেওঁ হ'য়তো নাজানে যে, মই কিছু বছৰৰ আগত হোৱা ভয়ানক যুদ্ধ এখনত গুৰুত্বপূৰ্ণভাৱে আহত হৈ এখন ভৰি হেৰুৱাব লগাত পৰিছিলো ৷ যেতিয়া তেওঁ আলোচনাটোত মোক পৰিচয় কৰাই আছিল তেতিয়া তেওঁ অজ্ঞাত আছিল যে মই ৰেঙ্ক একৰ মেজৰৰ এজন ৷

মই মহিলা গৰাকীক উত্তৰত কৈছিলো যে, এজন সৈনিকে ত্ৰিৰংগাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিবলৈ সদা প্ৰস্তুত থাকে ৷ কিন্তু ইয়াৰ লগতে আমি এইটোও জনা প্ৰয়োজন যে, তথাকথিত কামাণ্ডো(পুলৱামাৰ আত্মঘাটি চৰমপন্থী) হোৱাৰ তুলনাতকৈ সেনাৰ দ্বি মেডেল আৰু অশোক চক্ৰ প্ৰাপ্ত কৰা কাশ্মীৰি যুৱক লেঞ্চ নায়ক নজিৰ ৱানী আমাৰ বাবে আটাইতকৈ প্ৰৰণাদায়ক ৷ যদি এজন পাগল প্ৰতিৱেশীয়ে মোৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ যুৱকক বিপথে যোৱাত প্ৰৰোচিত, উত্তেজিত কৰিব পাৰে আৰু আমি ইয়াক বাধা দিয়াৰ চেষ্টাত সফল হ'ব নোৱাৰো তেন্তে আমাৰ মাজতেই নিশ্চয় কৰবাত নহ'য় কৰবাত ভুল আছে ৷

৪৪ টা পৰিয়াল ধ্বংস হৈ গ'ল ৷ যদি আমি সমস্যা সমাধানৰ ফালে গতি নকৰো তেন্তে ভৱিষ্যতে আৰু অনেক পৰিয়াল ধ্বংস হোৱাটো নিশ্চিত ৷ যেতিয়া আপুনি প্ৰতিশোধৰ দানবলত জ্বলি-পকী আট্টাহ পাৰি আছে তেন্তে অনুগ্ৰহ কৰি আপুনি সেই পৰিয়ালৰ, যি পৰিয়ালে নিজৰ অভিভাৱক, পত্নী আৰু পুত্ৰ-কণ্যাক এবাৰ সোধি চাওঁক যি হিৰ' সৈনিকে অৰ্থাৎ কোনো মা-দেউতা, পুত্ৰৰ অবিহনে জীয়াই থাকিবলৈ সাজু নে ?

যেতিয়া লৈকে নৱ প্ৰজন্মই ধনাত্মক দৃষ্টিভংগীৰে বিষয়বস্তুবোৰ বুজিবলৈ যত্ন নকৰিব তেতিয়ালৈকে কতোয়ে পৰিৱৰ্তন দেখাৰ আশা নাই ৷

আক্ৰমণ-প্ৰতিআক্ৰমণ, প্ৰতিশোধ, তেওঁলোকৰ ফালৰ পৰা আক্ৰমণ, প্ৰতিশোধ ইত্যাদি চলি আছে ৷ মই এংকৰ মহিলা গৰাকীক তাৰ্কিক কৰিবলৈ অলপ কষ্ট কৰিব লগা হ'ল আৰু ইয়াৰ পাছতে ষ্টুডিঅ'ত বহি থকা পেনেলটোয়ে মোৰ কথা যথাযথ মানি লৈ বাধ্য হ'য় ৷

টেলিভিছনৰ এংকৰ আৰু বিশেষকৈ উক্ত মহিলা গৰাকীৰ দৰে এংকৰে নিজৰ বক্তব্য নিজৰ মুখৰে কৈ কৈ আনক পতিয়ন নিয়াবলৈ চেষ্টা কৰে নতুবা নিজৰ কথাত সমৰ্থন আদায়ৰ চেষ্টা কৰে আৰু সকলোয়ে কথাবোৰ মানি ল'ব লাগে ৷

এওঁলোকৰ এনে কাণ্ডকাৰখানাতে দেশৰ বহুতো মানুহে প্ৰকৃত সত্যক নজনাকৈয়ে অসত্যক পাগুলিব লগা হ'য় ৷ মিছা অপবাদী কথাবোৰত সহমতি হ'বলৈ বাধ্য হ'য় ৷ কোনেও কল্পনা কৰিব নোৱাৰে যে, জীৱন ধ্বংশ, শেষ হোৱাৰ অৰ্থ কি থাকে?

কেইদিনমানৰ পাছতে মৃত সৈনিকৰ বিধবা পত্নীয়ে ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি আদালতত টাকুৰী ঘোৰা দি ঘুৰি থাকিব লাগিব ৷ আমি বিচাৰো, সৈনিক শ্বহীদ হৈ যাওঁক আৰু তেওঁৰ বিধবা পত্নীয়ে বকেয়া আৰু পেঞ্চনৰ কাৰণে অফিচ-কাছাৰীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰক ৷ এনে একাংশ বিষয়া আছে যে, তেওঁলোকক এগৰাকী সৈনিকৰ পত্নীয়ে স্বামী শ্বহীদ হোৱাৰ প্ৰমাণ কৰি দেখুৱাব লগা হ'য় ৷ ইয়াৰ পাছতো বিধবা পত্নীক কোৱা হ'য়, "শৱটোকে বিচাৰি পোৱা নাই আৰু আমি নোপোৱাকৈয়ে আপুনি শৱ আনিছে ৷"

মোৰ দৰে এজন উচ্চ ৰেঙ্কৰ মেজৰে আহত অৱস্থাত পেঞ্চন পাবলৈ সাতটা বছৰ যুঁজ কৰিব লগা হোৱাৰ পাছতো যুদ্ধত আহত হোৱাৰ প্ৰমাণ দেখুৱাব লগা হ'ল ৷ মোৰ দৰে এই দেশত হাজাৰ আহত আৰু মৃত সৈন্য আছে যিয়ে নিজৰ পেঞ্চনৰ কাৰণে আন বিধবা পত্নীয়ে স্বামীৰ পেঞ্চন পাবলৈ আদালতৰ মুখলৈ বাট চাই থাকিব লগা হৈছে ৷ হাজাৰ হাজাৰ তেনে বিষয় আদালতত পৰি আছে ৷

মেজৰ নৱদ্বীপ সিং আৰু সাংসদ ৰাজীৱ চন্দ্ৰশেখৰ লগত মোৰ অন্তিম দৰ্শন শ্ৰীমতি ৰক্ষামন্ত্ৰীৰ সৈতে হ'য় ৷ তেওঁ প্ৰতিশ্ৰুতি দিছিল যে, জানুৱাৰীৰ আগভাগত যুদ্ধত আহত হৈ বিকলাংগ হোৱা সৈনিকৰ বিৰুদ্ধে থকা অনাআৱশ্যক আবেদন উঠাই লোৱা হ'ব ৷ জানুৱাৰী মাহ শেষ হৈ গ'ল কিন্তু প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল ৷  আদালতত বিচাৰ আজিও চলি আছে ৷

বহুতে বিচাৰে যে, সৈনিক সিমান্তত মৰক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ কাৰণে পাব লগা সামান্য ভাট্টাখিনিও বন্ধ হওঁক ৷ চৰকাৰৰ কাৰণে মৃত সৈনিকৰ সাধাৰণ ভাট্টা বহন কৰাটো এটা গধুৰ বোজা ৷

আমি ইয়াৰ কাৰণেও সংঘৰ্ষ কৰিছো ৷ ভাৱিছিলো ৰক্ষামন্ত্ৰী আমাৰ সৈতে আছে ৷ আঁচৰিত কথা এয়ে যে, তেওঁ এগৰাকী মহিলা হোৱাৰ পাছতো বিধবা পত্নী সকলৰ কথা বুজিবলৈ সক্ষম হোৱা নাই ৷

আমি বিচাৰো সৈনিক শ্বহীদ হওঁক কিন্তু যেতিয়া তেওঁলোকৰ আত্মীয়ৰ সুৰক্ষাৰ কথা আহে তেতিয়া তেওঁৰ বিৰুদ্ধে কেচ দিয়া হ'য় ৷ শিল আক্ৰমণকাৰীক জীপ গাড়ীৰ আগত বান্ধি মানৱ অধিকাৰ উলংঘা কৰা অভিযোগ উত্থাপন কৰা হ'য় ৷

এনে তালিকা অন্তহীন ৷ জীৱনক উপহাস নকৰিব ৷ নিজৰ স্বাৰ্থৰ কাৰণে আনৰ ভাৱনাক লৈ খেলা খেলিবলৈ চেষ্টা নকৰিব ৷

ভাৰতীয় সেনা আৰু চিআৰপিএফ জোৱানে ভালকৈয়ে জানে ক'ত, কেনেকৈ কি কৰিব লাগে ৷ অতিতত সেনাই নিজক দেখুৱাই থৈছে ৷ গম্ভীৰ স্থিতিক মোকাবিলা কৰা শক্তি আৰু সাহস দুয়োটাই ভাৰতীয় সেনাৰ মাজত মজুত আছে ৷ অনুগ্ৰহ কৰি আপোনালোকে এইটো নকব যে আমি কি কৰিব লাগে ৷ কিন্তু ইমানৰ পাছতো সকলোৰে মাত মাতিব পৰা অধিকাৰ আছে ৷ সেই সকলৰ ধ্যান কোনে ৰাখে যিয়ে সৈনিকক অজ্ঞাত নামৰ পাছত এৰি দিয়ে !?"

দেশমাতৃৰ এজন বীৰ সন্তানে দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ ফুপুলাস্বৰূপ ইয়াত কৈ আৰু কিমান দেখুৱাব ! ভুক্তভুগী হে জানে যুদ্ধ কিমান ভয়ংকৰ আৰু ইয়াৰ পাছৰ ভয়াবহ পৰিস্থিতিৰ কথা, জনতা, সৈনিক পৰিয়ালৰ দুৰ্দশা জীনৱ গাঁথা ৷

জয় হিন্দ ৷৷