গলৱালকাৰে লিখা কিতাপ Bunch of Thought ত কি আছে?

What's in "Bunch of Thought"? Why do Brahmins want India to become a religious nation?

What's in "Bunch of Thought"? Why do Brahmins want India to become a religious nation?

ৰাষ্ট্ৰীয় স্বয়ং সেৱক(RSS)ৰ দ্বিতীয় সংঘ চালক Madhav Sadashiv Golwalkar(গুৰুজী)য়ে লিখা কিতাপ  "Bunch of Thoughts"ত কট্টৰ হিন্দুত্ববাদক ৰক্ষা কৰিবলৈ নিজা স্বয়ংসেৱকৰ কাৰণে কিছুমান গাইডলাইন জাৰি কৰা আছে…

◆ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়ধ্বজ্জা অশোক চক্ৰ চিহ্ন লগা ভাৰতীয় ত্ৰিৰংগা পতাকা নহ'য়; হিন্দুত্ব গেৰুৱা পতাকাহে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়ধ্বজ্জা ৷
◆ স্বাধীনতাৰ পাছত দেশৰ পৰা জমিদাৰী প্ৰথা আৰু ৰজাৰ ৰাজ্যশাসন বিলুপ্ত কৰা সিদ্ধান্তটো ভয়ংকৰ ভুল আছিল ৷
◆ সংসদীয় গণতন্ত্ৰ ব্যৱস্থা ভাৰতীয় জনমানসৰ কাৰণে উচিত নহ'য় ৷
◆ সমাজবাদ হ'ল এটা বিদেশী বিচাৰধাৰা ৷
◆ ভাৰতীয় সংবিধানখন বিষধাৰী বীজৰ ফচল ৷
◆ ভাৰতবৰ্ষত থকা সকলো ৰাজ্যৰ বিধান সভা আৰু ৰাজ্য চৰকাৰক সমাপ্ত(শেষ) কৰি দিয়া প্ৰয়োজন ৷
◆ ভাৰতবৰ্ষত একনায়কত্বৰ শাসন ব্যৱস্থা বিহিত কৰা প্ৰয়োজন ৷
◆ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহত যিমান সম্ভৱ হ'য় সিমানেই কম OBC/ST/SC ছাত্ৰক স্থান দিয়া উচিত ৷
◆ চৰকাৰী শিক্ষানুষ্ঠান সমূহত যিমান সম্ভৱ সিমানেই কম পঢ়োৱা আৰু নপঢ়োৱাকৈয়ে OBC/SC/ST শিক্ষাৰ্থীক পৰিক্ষাত উত্তীৰ্ণ কৰোৱা উচিত যাতে তেওঁলোক আগলৈ প্ৰত্যাখিত হৈ উচ্চ বৰ্ণ ব্ৰাহ্মণ ল'ৰা-ছোৱালীৰ লগত কেতিয়াও প্ৰতিযোগীতাত অৱৰ্ত্তীণ হ'ব নোৱাৰে ৷
◆ ভাৰতীয় শিক্ষা ব্যৱস্থাক এক হিন্দুত্বৰ ধাৰণাত প্ৰতিষ্ঠিত কৰা ৷
◆ দেশৰ OBC/SC/ST সমাজৰ উচ্চ শিক্ষিত আৰু সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰা ল'ৰাৰ সৈতে ব্ৰাহ্মণ ছোৱালীৰে বিবাহ বান্ধোন কৰাই বশ কৰি সমাজ আৰু পিতৃ-মাতৃৰ পৰা নিলগাই ৰখা প্ৰয়োজন ৷ যদিহে এনে কাম নকৰে তেন্তে মিছা যৌতুকৰ দাবীত আৰক্ষীক এজাহাৰ দি চৰিত্ৰ নষ্ট কৰা উচিত ৷
◆ OBC/ST/SC বৰ্গৰ মধ্যম-উচ্চ শিক্ষিত, সমাজ গঠনত আগভাগ লোৱা ছোৱালীক ব্ৰাহ্মণ ল'ৰাই প্ৰেমৰ জালৰে নিজৰ অধিন কৰি পৰাপক্ষত বেশ্যায়ললৈ নিক্ষেপ কৰিব লাগে ৷
◆ হিন্দু সকলৰ প্ৰতিটো সৰু সৰু ধৰ্মীয় পৰ্ৱ, অনুষ্ঠানক উঠিপৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰা প্ৰয়োজন ৷ হিন্দুৰ সৰু-বৰ অনেক তীৰ্থ যাত্ৰাত অৰ্থ সাহাৰ্য্য(Subsidy) চৰকাৰক দিবলৈ বাধ্য কৰোৱা উচিত ৷
◆ OBC/ST/SC সমাজ বসবাস কৰা গাঁও, চহৰ, নগৰৰ অলিয়-গলিয়ে যিমান পাৰি সিমানে মঠ-মন্দিৰ নিৰ্মাণ কৰিব লাগে যাতে তেওঁলোক ধৰ্মীয় অন্ধবিশ্বাস আৰু কৰ্মকাণ্ডত পোত গৈ থাকে ৷
◆ ভাৰতীয় সংবিধানৰ "সংৰক্ষণ"ৰ বিৰুদ্ধে প্ৰচাৰ কৰা ৷
◆ খৃষ্টান-মুছলমানক আটাইতকৈ ডাঙৰ শত্ৰুৰ ৰূপত দেখুৱাই OBC/SC/ST বৰ্গৰ মাজত কট্টৰ হিন্দুত্বৰ ভাৱনা মজবুতকৈ নিৰ্মাণ কৰা ৷
◆ OBC/SC/ST লোকে বসবাস কৰা অঞ্চলৰ আশে-পাশে মদৰ দোকান খোলা উচিত যাতে তেওঁলোকে দিন-ৰাত মদৰ নিচাত চিকাৰ হ'য় ৷
◆ প্ৰত্যেকটো হিন্দু পৰ্ৱতে প্ৰয়োজনতকৈ বেছি চৰকাৰী পুঁজি খৰচ কৰোৱাব লাগে আৰু ভীৰ-সমাগমৰে বাট-পথ স্তব্ধ কৰি দিব লাগে ৷

শিক্ষা সম্পৰ্কে এইখিনিতে উল্লেখনীয় যে, চৰকাৰী বিদ্যালয়সমূহত ইংৰাজী শিক্ষা নপঢ়োৱাটো ব্ৰাহ্মণৰ এক ষড়যন্ত্ৰ ৷ কাৰণ চৰকাৰী বিদ্যালয়ত দেশৰ অধিকাংশ(অবিচি,এছচি,এছটি, মাইনৰিটি) লোকৰ ল'ৰা-ছোৱালী পঢ়ে ৷ ব্ৰাহ্মণৰ ল'ৰা-ছোৱালীক সদায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰোৱায় ৷ মনুবাদী ব্ৰাহ্মণে নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ ব্যক্তিগত শিক্ষানুষ্ঠা গঢ়ি তুলিছে ৷

এটা কথা ঠিক যে, ভাৰতৰ দৰে এখন দেশৰ প্ৰশাসনীয় প্ৰতিটো কামেই ইংৰাজী ফ্ৰমত আৰম্ভ হ'য় ৷ হিন্দী আছে যদিও ইয়াক দেশব্যাপী প্ৰসাৰ কৰা নাই ৷ কাৰণ আমাৰ বহুতৰে নিজৰ ল'ৰা-ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পৰাকৈ ধন-টকা লইচা নাই ৷ যাৰ ফলত ল'ৰা-ছোৱালীক ইংৰাজী শিক্ষাৰে শিক্ষিত হ'বলৈ টকা খৰচৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত দিব নোৱাৰে ৷ ইফালে অৰ্থবান ব্ৰাহ্মণে নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি সকলোতে আগৰণোৱা কৰি গঢ়ি তোলে ৷ তদুপৰি ব্ৰাহ্মণে উচ্চ শিক্ষা লবলৈও দেশৰ শিক্ষা ব্যৱস্থাটোত ইংৰাজী ভাষাৰ মাধ্যম কৰি ৰাখিছে ৷ আমাৰ ল'ৰা-ছোৱালীয়ে মাধ্যমিক পৰ্য্যায়লৈকে মাতৃভাষাত পঢ়াৰ পাছ উচ্চ শিক্ষাৰ ইংৰাজী ভাষা মাধ্যমত লাগি ধৰে ৷ ইও আগবাঢ়িব নিদিয়া ব্ৰাহ্মণৰেই ষড়যন্ত্ৰ বিশেষ ৷

দেশৰ ইমুৰৰ পাৰ সিমুৰলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন শাখা সমিতি আছে ৷ এনে শাখা সমিতিত অন্যন্ত বিশ্বাসী অবিচি শ্ৰেণীৰ লোকক সমিতিবোৰৰ সম্পাদক পদত নিযুক্তি দিয়ে ৷ শাখাৰ সভাপতি সদায়ে ব্ৰাহ্মণ ৷ মুল পদত কেতিয়াও অ-ব্ৰাহ্মণ ব্যক্তি নিযুক্তিৰ প্ৰশ্ন নাহে ৷ দেশত এই কট্টৰ হিন্দুবাদী সংস্থাটোৰ নিজ প্ৰতিবেদন অনুসৰি অতি কমেও ৫৮,৯৬৭ ৰ তাতোধিক শাখা আছে ৷ এই বৃহৎ সংখ্যাৰ শাখা কেৱল ভাৰততে আছে ৷ বিদেশৰ মিলালে শাখাৰ সংখ্যা আৰু অধিক হ'ব ৷

সংঘ পৰিবাৰ নামে জনজাজাত এই কট্টৰ ধৰ্মীয় মৌলবাদী সংস্থাই প্ৰতিটো শাখাৰ পৰা নিয়মীয়া ধন সংগ্ৰহ কৰি আহিছে ৷ প্ৰতিটো শাখাই কেন্দ্ৰীয় পুজিলৈ বছৰেকত অতি কমেও ২০০০ টকাকৈ প্ৰেৰণ কৰিব লাগে ৷

এই কট্টৰ ধৰ্মীয় সংগঠনে দেশত হিন্দুত্ববাদৰ শিপা মজবুট তথা ব্ৰাহ্মণৰ মনুবাদ নিৰ্মাণ কৰিবলৈ নিজা ব্যক্তিগত শিক্ষানুষ্ঠানৰ বৃহৎ নেটৱৰ্ক ভাৰতত ইতিমধ্য গঢ়ি তুলিছে ৷ বিদ্যাভাৰতী নামেৰে থকা নেটৱৰ্কতৰ ভিতৰত অতি কমেও ২০ হাজাৰ শিক্ষানুষ্ঠান, ২•২ মিলিয়ন ছাত্ৰ-ছাত্ৰী আৰু ৯৫ হাজাৰ শিক্ষক-শিক্ষয়ত্ৰি, ১৫ খন শিক্ষক প্ৰশিক্ষণ কলেজ, ১২ খন স্নাতক কলেজ আৰু ৭ খন ভকেচনেল এণ্ড ট্ৰেইনিং প্ৰতিষ্ঠান আছে ৷

আৰএছএছৰ আইডলজীয়েই হ'ল কট্টৰ হিন্দুত্ববাদ ৰাষ্ট্ৰ নিৰ্মাণ কৰা আৰু ভাৰতবৰ্ষক হিন্দু দেৱ-দেৱীৰ উপাসনাস্থলীলৈ ৰূপান্তৰ কৰা ৷ ধৰ্মীয় ধ্যাণ-ধাৰণা, পূজা-পাৰ্ৱণ, বেদ-শাস্ত্ৰক ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা তেওঁলোকৰ মুল লক্ষ্য ৷ এই লক্ষ্যৰে তেওঁলোকে প্ৰকৃততে ভাৰতবৰ্ষৰ অ-বৰ্ণ অৰ্থাৎ অবিচি, এছচি, এছটি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত শাসন আৰু শোষণ বৰ্তাই ৰখা পৰিকল্পনা ৷

বিদেশী আৰ্য্য ব্ৰাহ্মণৰ দ্বাৰা গঠিত এই সংস্থাটোত এজন সংঘচালকে নিয়ন্ত্ৰণ কৰিলেও প্ৰকৃততে এই সংগঠনটোৰ ভিতৰচৰাত ভাৰতবৰ্ষ আৰু বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত শীৰ্ষ পদবীত চাকৰি কৰা অৱসৰ প্ৰাপ্ত ব্ৰাহ্মণে সেৱা আগবঢ়ায় ৷ অৰ্থাৎ ভাৰতবৰ্ষত ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবাদক শক্তিশালী কৰিবলৈ অৱসৰ প্ৰাপ্ত ব্ৰাহ্মণ বিষয়াই সংগঠনটোৰ হৈ বিনামুলীয়া সেৱা আগবঢ়াই আহিছে ৷ তদুপৰি এই সংগঠনৰ সমৰ্থনত দেশৰ শীৰ্ষ পদবীত কৰ্মৰত ব্ৰাহ্মণ বিষয়া সকল সদায়ে সক্ৰিয় অৱস্থাত থাকে ৷

উল্লেখনীয় যে, দেশৰ ২ মিলিয়ন হিন্দু মন্দিৰ এই সংগঠনটোৰ নিয়ন্ত্ৰণত আছে ৷ সময়ে সময়ে এনে মন্দিৰ সমূহৰ মুল ব্ৰাহ্মণ পুজাৰী সকলে ভাৰতবৰ্ষৰ "সংবিধান" জ্বলাই ব্ৰাহ্মণৰ "মনুস্মিতি" প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰি আহিছে ৷

ব্ৰাহ্মণৰ তথাকথিত "হিন্দু ধৰ্ম" ১৯১৮ চনত জন্ম হ'য় ৷ "হিন্দু" শব্দ, "হিন্দু ধৰ্ম" শব্দ ইয়াৰ আগত কোতো উল্লেখ পোৱা নাযায় ৷ ১৯১৮ চনৰ পৰাই হিন্দু শব্দৰ প্ৰয়োগ আৰম্ভ হ'য় ৷

"ৰামায়ণ" আৰু "ৰামচৰিত মানস" কিতাপ দুখন তুলসীদাসে মুগল শাসন কালতহে লিখিছিল ৷ সেই সময়ত তুলসীদাসে ভুলতেও মোগলৰ বিৰুদ্ধে লিখা নাছিল ৷ এতিয়া প্ৰশ্ন হ'য় যে, মুগলৰ শাসন কালত "হিন্দু-মুছলীম" পলিটিকচ্ আছিল নে? সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে নে? যি সময়ত হিন্দু শব্দ, হিন্দু ধৰ্মৰ অস্তিত্বই নাছিল তেনে ক্ষেত্ৰত কেনেকৈ সেই সময়ত "হিন্দু-মুছলিম" বিষয় থাকিব?

মোগলৰ শাসনকালত হিন্দুৰ পৰিৱৰ্তে ব্ৰাহ্মণৰ "বৰ্ণ ব্যৱস্থা" আছিল ৷ বৰ্ণ ব্যৱস্থাৰ পৰা মোগল দূৰত আছিল ৷ সেয়ে ব্ৰাহ্মণে মোগলৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰিছিল ৷ মোগলৰ লগত ব্ৰাহ্মণে সমাজিক সম্বন্ধ গঢ়ি একে লগে ৰাজ শাসনৰ সুবিধা আদায় কৰিছিল ৷ মোগলৰ সময়ত থকা বৰ্ণ ব্যৱস্থাত ধৰ্মৰ পৰিৱৰ্তে জাতি আৰু বৰ্ণ অনুসৰি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চৰিটা ভাগ আছিল ৷ শূদ্ৰ সকলক চাৰি বৰ্ণৰ ভিতৰত আটাইতকৈ নিম্ন বৰ্গ অৰ্থাৎ সমাজ আৰু অধিকাৰ বঞ্চিত, যাৰ কেৱল তিনি উচ্চ বৰ্ণক সেৱা কৰা কাম অৰ্থাৎ গোলমা আছিল ৷

মোগল শাসন অন্ত হোৱাত ভাৰতত বৃটিছ শাসন পূৰ্ণৰূপত আৰম্ভ হ'য় ৷ যেতিয়া ইংলেণ্ডত "প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আইন" গৃহীত হ'য় তেতিয়াই ভাৰতৰ বৰ্ণ ব্যৱস্থাৰ "ব্ৰাহ্মণ ধৰ্ম" সংকটত পৰে ৷ বৃটিছে উক্ত আইন ভাৰতবৰ্ষতো কাৰ্যকৰী কৰাৰ ভয়ত কম সংখ্যক ব্ৰাহ্মণ ভীতৃগ্ৰস্থ হৈ বহু সংখ্যক হ'বলৈ নতুন ধৰ্ম "হিন্দু"ক প্ৰচাৰ আৰু প্ৰসাৰ কৰা আৰম্ভ কৰে ৷

ব্ৰাহ্মণ ধৰ্মৰ যিমান সংখ্যক ধৰ্মীয় গ্ৰন্থ, ধৰ্মীয় পুঠিপাজি আছে সকলোতে কেৱল শূদ্ৰ বিৰুধী অৰ্থাৎ ব্ৰাহ্মণে নিজৰ ভোগ-বিলাসৰ কৰাণে গোলাম ৰখা সকলক অধিকাৰ পৰা বঞ্চিত কৰি ৰাখিবলৈ নীতি, তথাকথিত "দেৱ বাক্য" লিখা আছে ৷

আজিৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত যি সকল অন্যান্য পিছপৰা শ্ৰেণী(Other Backward Class)ৰ লোক আছে সেই সকলেই ব্ৰাহ্মণৰ বৰ্ণ ব্যৱস্থাত অৰ্থাৎ "হিন্দু" ধৰ্মত আটাইতকৈ নীচ শ্ৰেণী "শূদ্ৰ" ৷ অনুসূচিত জাতি(Schedule Cast) সকলক ব্ৰাহ্মণে সেই তেতিয়াই "অপৃশ্য" কৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগত আঁতৰাই ৰাখিছিল ৷ ব্ৰাহ্মণে অনুসূচিত জনজাতি(Schedule Tribe) সকলক সিন্ধু ঘাটি সভ্যতা সময়তে জংঘলত যাবলৈ বাধ্য কৰিছিল ৷ সেয়ে ব্ৰাহ্মণৰ বৰ্ণ ব্যৱস্থাত দেশৰ অনুসূচিত জনজাতি সকল অন্তুভুক্ত নহৈছিল ৷ সেয়ে হে আজিও দেশৰ অনুসূচিত জনজাতি সকলৰ সামাজিক ৰীতি-নীতি, আচাৰ-সংস্কৃতি হিন্দু পৰম্পৰাৰ পৰা সম্পূৰ্ণ পৃথক ৷

মোগলৰ শাসন কালতে ব্ৰাহ্মণৰ বৰ্ণ ব্যৱস্থাৰ দ্বাৰা চৰম অত্যাচাৰ, উৎপীড়ন আৰু সামাজিক ভাৱে শোষিত হোৱা শ্ৰেণীৰ একাংশই মুক্তি পাবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ৷ ধৰ্মান্তকৰণে ব্ৰাহ্মণক বিপদত পেলাইছিল ৷ কাৰণ ব্ৰহ্মণে যি শূদ্ৰক গোলাম কৰি শোষণ কৰিছিল সেই শোষণ ধৰ্মান্তকৰণে বন্ধ কৰি দিছিল ৷ সেয়ে ব্ৰাহ্মণে অতি চতুৰতাৰে "হিন্দু" শব্দ ব্যৱহাৰ কৰিব ধৰে ৷ ব্ৰাহ্মণে এই শব্দৰ দ্বাৰাই সমাজত সকলোকে সমানতা ৰখা অনুভৱ জগাই তুলিলে হ'য়, কিন্তু সমাজ ব্যৱস্থা ব্ৰাহ্মণে "ব্ৰাহ্মণ ধৰ্ম" বৰ্তাই ৰাখিলে, য'ত জাতি বিদ্যামান ৷ জাতি অবিহনে ব্ৰাহ্মণৰ সকলো শেষ ৷

দেশত থকা ৫৮% অবিচিয়ে আজিৰ ভাৰতক শাসন কৰিব পাৰিব লাগিছিল ৷ দেশত অবিচিৰে আটাইতকৈ সংখ্যা বেছি ৷ জাতি গণনা কৰিলে ইয়াৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ৷ আঁচৰিত কথা এয়ে যে, আজিৰ এই বৃহৎ সংখ্যক অবিচিয়েই হ'ল ব্ৰাহ্মণৰ অন্ধ গোলাম ৷ এওলোকেই ব্ৰাহ্মণৰ ব্ৰাহ্মণ হিন্দু ধৰ্মক সুৰক্ষিত কৰি আহিছে ৷ ভুলতেও যদি কোনয়ে ব্ৰাহ্মণবাদৰ বিৰুদ্ধে মাত মাতিবলৈ ল'য় তেন্তে এওলোকেই ব্ৰাহ্মণবাদক সুৰক্ষা কৰিবলৈ প্ৰথমে আগবাঢ়ি ওলাই আহে ৷ যাৰ ফলত ব্ৰাহ্মণবাদ বিৰুধী চিঞৰ চিৰদিনৰ কাৰণে লুপ্ত হৈ যায় ৷

ভাৰতবৰ্ষত শোষণকাৰী ব্ৰাহ্মণ শাসন অৰ্থাৎ একচেতিয়া ব্ৰাহ্মণৰাজ চলি থকাৰ মুলতে হ'ল অবিচি বৰ্গই ব্ৰাহ্মণক কৰা সহযোগ ৷ অবিচি সকলৰ পূৰ্ণ সহযোগ অবিহনে ভাৰতবৰ্ষত ব্ৰাহ্মণৰাজৰ অস্তিত্বই নাই ৷

শূদ্ৰ অবিচি সকলক ব্ৰাহ্মণে নিজ স্বাৰ্থ অনুসৰি ব্যৱহাৰ কৰি আহিছে ৷ এই কথাটো একাংশ অবিচিয়ে জানিলেও তেওঁলোক নিৰ্বিকাৰ, নিশ্চুপ ৷ অবিচি সকলৰ লগতে দেশৰ অনুসূচিত জাতি-জনজাতি সকলে বিদেশী আৰ্য্য ব্ৰাহ্মণৰ ইতিহাস নজানা আৰু একচেতিয়া শোষণৰাজ নেদেখাটোও সমানে জগৰীয়া ৷ তদুপৰি ধৰ্মান্ধ অন্ধবিশ্বাস আছেই ৷

ব্ৰাহ্মণে আজি দেশত ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি সৃষ্টি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতিৰে ভোট গঠন কৰিছে ৷ ভোটত জয়ী হৈ দেশৰ সংবিধান সলনি কৰি মনুস্মিতি শাসনৰে পূৰ্ৱৰ গোলামী প্ৰথা পুনৰ প্ৰৱৰ্তন কৰিব বিছাৰিছে ৷ দেশত হিন্দু-মুছলমান চিঞৰ দিনক দিনে কমক চাৰি বাঢ়িবহে ধৰিছে ৷ ধৰ্মীয় উন্মাদৰ আফিং খোৱাই ব্ৰাহ্মণে দেশ লুটিব বিছাৰিছে আৰু দেশৰ OBC, SC, ST সকলে নিজৰেই ধৰ্মান্তৰিত হোৱা ভাতৃ মুছলমানৰ লগত কটা-মৰা আৰম্ভ কৰি দিছে ৷ এই সংঘৰ্ষৰ ফলত লাভ কাৰ হৈছে? ব্ৰাহ্মণৰেই নহ'য় জানো? 

দেশৰ ইমুৰৰ পৰা সিমুৰলৈ হোৱা হিন্দু-মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষবোৰত আজিলৈকে কেইজন ব্ৰাহ্মণ মৰিল তাৰ হিচাপ কোনবাই দিব পাৰিব নে? সংঘৰ্ষৰ তালিকাত মুছলমান, অবিচি, এছচি আৰু অছটিৰ সংখ্যাই বেছি হ'ব ৷ কাৰণ ব্ৰাহ্মণে সদায় সুৰক্ষিত স্থানত অৱস্থান কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰে হিন্দু-মুছলমান বিভাজন সৃষ্টি কৰি শাসনত বহে আৰু পুনৰ শোষণ আৰম্ভ কৰে হিন্দু-মুছলমানৰ ওপৰত ৷

দেশৰ অবিচি, এছটি, এচছি আৰু ধৰ্মীয় সংখ্যালঘু প্ৰজাগণক শাসন-শোষণ কৰাৰ সুবিধাৰে ব্ৰাহ্মণেই কংগ্ৰেছ(Congress) বনাইছিল, সেই কংগ্ৰেছেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS) বনাইছিল আৰু আৰএছএছ(RSS)এ বনাইছিল বিজেপি(BJP) ৷ সম্বন্ধত দুয়োটাই ভাই-ভাই ৷ এটাই বাবৰীৰ দুৱাৰ খুলিলে, আনটোয়ে ববৰি ভাঙিলে ৷ ফলত হিন্দু-মুছলীমৰ সংঘৰ্ষৰে দুয়োটা ব্ৰাহ্মণ দলে ভাগবতোৱা কৰি শাসন আৰু শোষণ দুয়োটাই কৰি আহিছে ৷