সৰস্বতীৰ আৱদান কি, বিচাৰ কি ?
অসমত প্ৰতি মাঘ মাহত শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে অনুস্থিত সৰস্বতী পূঁজা প্ৰকৃততে কি? হিন্দু সনাতন ধৰ্মত এই গৰাকী মহিলাৰ ওচৰত অনেক জ্ঞান ভাণ্ডাৰ মজুত আছে কিন্তু তেৰাৰ সৃষ্টিৰাজিৰ সবিশেষৰ এটাও অৱশিষ্টও এই মত্যত পাবলৈ নাই ৷ পৃথিৱীখন যদি "মত্য" আৰু আকাশৰ অনেক ওপৰত "স্বৰ্গ ৰাজ্য" আছে ৷ এইয়া মই কোৱা কথা নহ'য়, এই কথা হিন্দু সনাতন ধৰ্মগ্ৰন্থ সমূহত পুংখানুপুংখ উল্লেখ আছে ৷ যদি সঁচায়ে স্বৰ্গ ৰাজ্য আছে তেন্তে মত্যৰ এই অসম-ভাৰত মুলুকৰ লগত সম্পৰ্ক নথকাৰ কাৰণ কি? আধুনিক কৰিকৰীক প্ৰযুক্তিবিদ্যাৰ ফলত এটা গ্ৰাহৰ পৰা অন্য গ্ৰহলৈ, নক্ষত্ৰৰ পৰা নক্ষত্ৰলৈ যাব পৰা সম্ভৱ হৈ উঠিছে ৷ তেন্তে স্বৰ্গ ৰাজ্যৰ পৰা দেৱ-দেৱীক আমন্ত্ৰণ কৰিব নোৱাৰৰ কাৰণ কোনখিনিত? উল্লেখ্য যে, এটা মবাইল ডিভাইচৰে অন্য মবাইল ডিভাইচৰ লগত ৱাই-ফাই সংযোগ ল'ব পাৰি, স্বৰ্গ ৰজ্যৰ লগত সংযোগ কৰিব নোৱাৰি কিয়?
সনাতন হিন্দু ধৰ্মগ্ৰন্থ-শাস্ত্ৰত উল্লেখ আছে যে, ব্ৰাহ্মাৰ মানসকন্যা সমূহৰ ভিতৰত সৰস্বতীও হ'ল এজনী মানসকন্যা ৷ আকৌ ব্ৰাহ্মাৰ মানসকন্যা সৰস্বতী হ'ল তেওঁৰেই ধৰ্ম পত্নী ৷ কি অদ্ভুদ সম্পৰ্ক ! এনে সম্পৰ্ক মানৱ পৃথিৱীত সংঘটিত হ'লে ব্ৰাহ্মা আৰু সৰস্বতী সমাজৰ পৰা কম কৰ্কথনা, তিৰস্কাৰৰ সন্মুখীন নহ'লহেঁতেন নে? আজিৰ অসমৰ যিটো পৰিস্থিতি তেনে পৰিস্থিতিত ব্ৰাহ্মা-সৰস্বতীয়ে পিতৃ-কন্যা সম্পৰ্কক পতি-পত্নী সম্পৰ্কলৈ আপডেট কৰিলে সমাজে তেওঁলোক দুয়োকে কোনো খুঁটাত ধৰি বান্ধী জুই লগাই সমাজৰ কলংকক ছাইলৈ পৰিৱৰ্তন কৰিলহেঁতেন ৷ তেওঁলোক সৌভাগ্য যে, তেনে সম্পৰ্কৰে স্বৰ্গৰ দৰে মানুহৰ পৰা নিৰাপদ ঠাইত বসবাস কৰি মানুষ্যৰ ভাৱ-ভক্তি, ৰস-ফল, কল-মিঠৈ সোৱা লৈ সুন্দৰ ভাৱে জীৱন অতিবাহিত কৰিছে ৷ কেনে সুখী পৰিয়াল !
প্ৰশ্ন হ'য়, মানুহে স্বৰ্গ ঢুকি পোৱা নাই নে, স্বৰ্গই মানুহক ঢুকি পোৱা নাই? আজিৰ ভাৰতত সাধাৰণ গাই গৰুয়ে আৰ্তনাদ কৰি হেম্বেলিয়ালেও কৰ্ট-কাছাৰীত কেছ দিয়া দয়া-ভক্তি থকা মানুহ আছে ৷ কিন্তু মানুহে স্বৰ্গ ঢুকি নোপোৱাৰ প্ৰশ্ন, যাতনাক লৈ কোনোয়ে আইন আদালত গচকি পোৱা নাই ৷ মই কোৱা এই কথাবোৰ কোনো ব্যংগাত্মক বুলি নাভাৱিব ৷ যি বাস্তৱ আধাৰিত সেইয়াই কৈ আছো ৷
পিতৃৰে শাৰিৰীক-সামাজিক সম্পৰ্ক থকা এগৰাকী দেৱীয়ে কেনে পৰিস্থিত বাগ্মীদেৱী হ'ল? কেনেকৈ জ্ঞানৰ অধিকাৰিণী হ'ল? সমস্ত জগতৰ জ্ঞানৰ অধিকাৰিণী হোৱাৰ সুবাদদে সৰস্বতীয়ে পিতৃক স্বামীবৰণ কৰিব যে নোৱাৰে সেই কথা কেনেবাকৈ পাহৰি থাকিল নেকি? নে সৰস্বতীৰ কাৰণে স্বৰ্গত তেনে কোনোৱেই নাছিল যাৰ ফলত নিজৰ পিতৃক স্বামীবৰণ কৰি বংশ ৰক্ষা কৰিব লগা হ'ল?
এই ঘটনাবোৰক একাংশই কাল্পনিক বুলি সাউৎকৈ কৈ দিব ৷ কিন্তু তেওঁলোকেই যেতিয়া ঘৰৰ ভিতৰ, বাহিৰত ওলোৱা সোমোৱা কৰি ফুৰে তেতিয়া তেওঁলোকৰ মানস জগতত তেনে কাল্পনিক নাম চৰিত্ৰই অহৰস ঘুতমুটিয়াই ফুৰে ৷ তেওঁৰ চৌপাশৰ সমাজখনত অহৰস নাম-যশ, বন্দনা-স্তুতি অবিৰত চলি থাকে ৷ এই কাল্পনিক নাম চৰিত্ৰবোৰ আজিৰ সমাজখনত যিটো ক্ৰমত বহি আছে সেই ক্ৰম একেদিনাই সৃষ্টি হোৱা নাই ৷ আজিৰ পৰা হাজাৰ হাজৰ বছৰ আগতেই এখিনি চতুৰ বিদেশীয়ে তেনে ব্যভিচাৰৰ ৰূপ-ৰস, নাম-চৰিত্ৰ নিৰ্মাণ কৰি আজিৰ সমাজক ধৰ্মীয় মানসিক গোলামলৈ ৰূপান্তৰিত কৰি শোষণতন্ত্ৰৰ লেকাম চম্ভালি আছে ৷ সেয়ে পাঠ্যপুথিৰ জ্ঞানতকৈ সৰস্বতী দেৱীৰ চৰিত্ৰ সৰু নহ'য়, পাঠ্যপুথিৰ আক্ষৰতকৈ পূঁজা সৰু নহ'য় ৷ ধৰ্মান্ধৰ মানসিক গোলামৰ ফলত আপুনি-মই অন্ধকাৰৰ পৰা মুলিলৈ যাবই নিবিচাৰো ৷ যুক্তিৰ কথা আহিলেই আমি আৰ্তনাদ, চিৎকাৰ কৰো ৷
সৰস্বতীৰ আৱদান কি, বিচাৰ কি ? তেওঁৰ সৌন্দৰ্য্য নে জ্ঞান কাৰণে প্ৰতিবছৰে অসমৰ শিক্ষানুষ্ঠানত পূঁজা কৰা হ'য়? ফলাফল? এগৰাকী দেৱীয়ে ফল-ফুল, ৰুচী-ভাজী, কল-কুঁহিয়াৰৰ বাবদ ইমান মহত্বপূৰ্ণ জ্ঞান সহজতে দিব পাৰেনে? দিলেই যেনিবা কিন্তু সেই জ্ঞান লাভৰ কাৰণে আকৌ পৃথককৈ স্কুল-বিদ্যালয় স্থাপন কিয়? ঘৰতে পূঁজা-পাৰ্ৱণ কৰি তেওঁৰ পৰা জ্ঞান পাব নোৱাৰি নেকি ? জ্ঞানৰ দেৱী সৰস্বতীক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্বঃবিদ্যালয় প্ৰৰ্যন্ত অতি জাকজমকতাৰে, ধুম-ধামৰে পূঁজা-পাঠ অঁৰ্চনা কৰা হ'য় ৷ সৰস্বতীৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি ভকত-বৈষ্ণৱ আমন্ত্ৰণ কৰি বিদ্যালয়ৰ শিক্ষা প্ৰতিষ্ঠানত এদিন শিক্ষা সময় নষ্ট কৰি মাঙ্গলিক অনুষ্ঠান অনুস্থিত কৰাৰ যুক্তি-যুক্ততা ক'ত, কোনখিনিত?
কিছু বছৰৰ আগৰ পৰা অৰ্থাৎ "নিউজ লাইভ" নামৰ বৈদ্যুতিক সংবাদ চেনেলটো জন্ম লাভ কৰাৰ পাছৰে পৰা ব্ৰাহ্মণী মডিয়াই "সৰস্বতী সুন্দৰৰ প্ৰতিক" ঘোষণা কৰি পূঁজাৰ দিনা বহুজাতিক কোম্পানীৰ স্পঞ্চৰে বিদ্যালয়, কলেজ, বিশ্বঃবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত "ফেচন শ্ব'ৰ" প্ৰতিযোগীতা অনুষ্ঠিত কৰি আহিছে ৷
নিঃসন্দেহ সৰস্বতীক ব্ৰাহ্মণী মিডিয়াই এক গুলিত দুই চিকাৰৰ আৰ্হিত ব্যৱহাৰ কৰিছে ৷ প্ৰথম, সৰস্বতী পূঁজা অনুষ্ঠিতৰে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মানসিক ভ্ৰান্ত ধাৰনা-বিচাৰৰ অক্ষত ৰখা আৰু দ্বিতীয়, সৰস্বতী পূঁজাৰ দ্বাৰা বহুজাতীক কোম্পানীৰ ব্যৱসায়ীক ধাণ্ডা বঢ়াই তোলা ৷ শিক্ষানুষ্ঠানৰ পৰা আহৰণ কৰা শিক্ষাৰ ফলত শিক্ষাৰ্থীক উচ্চ শিক্ষা লাভ কৰিব হ'য় কিন্তু ব্ৰাহ্মণী এই দুই উদেশ্যই অসমৰ ভৱিষ্যতৰ প্ৰজন্মক মানসিক গোলামৰ জড়তা অৱশ্যেই বনাই ৰাখিব ৷ ইয়াৰ ফলত উচ্চ শিক্ষাইও শিক্ষাৰ্থীৰ মানসিক উত্তোৰণৰ জড়তাক ভাঙিব নোৱাৰে ৷ সেয়ে শিক্ষিত শিক্ষক সমাজেও শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ পৰা ধৰ্মীয় পৰম্পৰাক আঁতৰাই দূৰলৈ নিক্ষেপ কৰাৰ সাহস নকৰে ৷ কাৰণ শিক্ষক সমাজেও ব্ৰাহ্মণী ব্যৱস্থাৰে মানসিক গোলাম ৷
পূঁজাৰ নামত ব্ৰাহ্মণী মিডিয়াই ফেচন শ্ব'ৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা কাৰ্য্যৰ বিৰুদ্ধে কিছু সংখ্যক লোকে বিৰুধ কৰিছে যদিও সৰস্বতী পূঁজা বিদ্যালয়ত অনুস্থিত কৰি অহা ধৰ্মান্ধ পৰম্পৰাক কোনোয়ে বিৰুধ কৰা নজিৰ নাই ৷ বিৰুধ কৰিলেও সেয়া কোনো নদাই-ভদাইৰ দৰে বাৰীৰ এচুকত ৷ সদ্যসতে সামাজিক মাধ্যম "ফেচবুক"ত সমাগত সৰস্বতী পূঁজাৰ "ফেচন শ্ব"ক বিৰুধ কৰা ট্ৰেণ্ড উঠিছে ৷ এই ট্ৰেণ্ড আকৌ আই সৰস্বতী পূঁজাৰ গৰীমাত কালিমা উঠাক লৈ ৷ কি সাহ্যকৰ ৷ যি সময়ত বিশ্বৰ লগতে দক্ষিণ-পূৱ এছিয়াত কাৰিকৰী বিকাশৰ হাইটেক প্ৰতিযোগীতা চলিছে তেনে সময়ত অৰিয়েন্টেল বেশ-ভুশাৰে ভাৰতে উপৰলৈ মুৰ তোলাৰ সলনি ব্ৰাহ্মণী ব্যৱস্থাত মুৰ তললৈহে নি পূঁজাৰ, দেৱীৰ গৰীমা ৰক্ষাত উদ্বাঊল হৈছে ৷ কেনে ধৰ্মান্ধতা, বিশ্বাস-পৰম্পৰা, কেনে গোলামী মানসিকতা !
কিছুদিন আগতে ফেচবুক মাধ্যমত এজন শিক্ষিত যুৱকে নিজৰ ষ্টেটাচত বৰ আগ্ৰহৰে লিখিছিল যে, "সংবাদ মাধ্যমে সৰস্বতী পূঁজাত ফেচন শ্ব' অনুষ্ঠিত কৰি গৰিব-দুখীয়া ছোৱালীক মনোকষ্ট দিছে ৷ ধনী ঘৰৰ ছোৱালীয়ে পূঁজাত সোণৰ আ-অলংকাৰৰে দামী দামী কাপোৰৰ পৰিধান কৰি অহে ৷ কিন্তু সাধাৰণ গৰিব-দুখীয়া ঘৰৰ ছোৱালীয়ে ধনী ঘৰৰ ছোৱালীৰ দৰে আ-অলংকাৰ, দামী কাপোৰ পৰিধান কৰিব নোৱাৰে ৷ সেয়ে আমি কেইজনমান শিক্ষিত বন্ধুয়ে লগ হৈ সংবাদ মাধ্যমৰ তেনে ফেচন শ্ব' প্ৰদৰ্শন বাবে বিদ্যালয়লৈ সাংবাদ মাধ্যমৰ লোকক অহাত বাধা প্ৰদান কৰাৰ সংকল্প লৈছো; আপোনালোকৰ আৰ্শীবাদ প্ৰয়োজন ৷" এতিয়া আপুনি চিন্তা কৰক, এনে শিক্ষিত প্ৰজন্মই কাৰ ধৰ্জীয়া উৰুৱাইছে? এনে শিক্ষিত যুৱকৰ চিন্তা আৰু বিচাৰধাৰা কোনখিনিত সমাপ্ত হৈছে আপুনি নিজেই এবাৰ ভাৱক ৷
ভাৰতীয় সংবিধানৰ মহত্ব এইখিনিত অলপ চালেই কথাবোৰ বুজাত সহায়ক হ'ব ৷ সংবিধানে কাৰোবাৰ পিন্ধা, সাজোন-কাচোন, অসীমিত ধন-সম্প্ৰতি আয়-ব্যয় কৰাত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা নাই যদিহে আয়ৰ উৎস অসৎ নহ'য় ৷ কিন্তু সংবিধানে ধৰ্মক কেনে ৰূপ দিছে তাক লক্ষ্য কৰিব লাগিব ৷ ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা স্বীকাৰ কৰা সংবিধানে কোনো দিনে সাৰ্বজনীক ক্ষেত্ৰত কোনো ধৰ্মকে প্ৰতিষ্ঠা, পালন কৰাৰ অনুমতি দিয়া হোৱা নাই ৷ তেনে ক্ষেত্ৰত শিক্ষিত যুৱকৰ বিচাৰ কেনে হোৱা উচিত; বিচাৰ কৰিছে কোনখিনিত?
ধৰ্মীয় পূঁজা-অৰ্চনা-পাৰ্ৱনৰ দ্বাৰাই কোনো দেৱী-দেৱতাৰ পৰা যদি জগতৰ সমস্ত জ্ঞান প্ৰাৰ্থনা কৰিলেই পোৱা যায় তেন্তে বিদ্যালয়ৰ দৰে অনুষ্ঠান সমূহ জনতাৰ ধন-টকা পইচা খৰচ কৰি নিৰ্মাণ কৰা আৰু পাঠ্যপুথিৰ জ্ঞানৰ আৱশ্যক হোৱাৰ যুক্তি কোনখিনিত ? মৃন্ময় মূৰ্তিতেই যদি জ্ঞানৰ আঁকৰ সোমাই আছে তেন্তে আজিৰ যুগৰ লগত মিলিবলৈ, জীৱন-ধাৰণক গতিশীল, সুৰক্ষিত কৰিবলৈ মৃন্ময় মুৰ্তি পূঁজন কৰাৰ পাছত পানীত কিয় নিক্ষেপ কৰা হ'য়? মৃন্ময় মুৰ্তি নিৰ্মাণ কৰা ব্যক্তিৰ ওচৰত জগতৰ জ্ঞান উভৈনদী নোহোৱাৰ কাৰণ কি?
অসমৰ দৰে ৰাজ্যৰ শিক্ষানুষ্ঠানত বিগত ৭০ বছৰে ধাৰাবাহিকভাৱে ধৰ্মীয় সামন্তীয় পৰম্পৰা সৰস্বতী পূঁজা পালন কৰি অহাটোয়ে ব্ৰাহ্মণী ব্যৱস্থাত ইয়াৰ সাধাৰণ জনতাই গোলামীগিৰি কৰা স্বভাৱ স্পষ্টকৈ প্ৰতিফলিত কৰিছে ৷ আটাইতকৈ আঁচৰিত এয়ে যে, ৰাজ্যখনৰ ভৱিষ্যত নিৰ্মাণ কৰা খণ্ডটোত জড়িত অবিচি, এছটি, এছচি শিক্ষক সমাজ আজিও ব্ৰাহ্মণী ব্যৱস্থাৰ মানসিক গোলামীয়তাত পিঞ্জৰাবদ্ধ ৷ এনে পিঞ্জৰাবদ্ধ মানসিক গোলামৰ শিক্ষক সমাজে ব্ৰাহ্মণী ব্যৱস্থাৰ অন্ধ ধৰ্মীয় বিশ্বাস, কু-সংস্কাৰ, ৰীতি-নীতি, পূঁজা-পাৰ্ৱনক লালন-পালনৰে নিজৰ প্ৰজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ প্ৰতিনিয়ত আগবঢ়াই নিছে ৷
কু-সংস্কাৰ, অন্ধ-বিশ্বাস, ধৰ্মান্ধ পূঁজা-পাঠৰ বিৰুদ্ধে আমি যিমানেই সজাগ-সচেতনতা নহওঁ কিয়, আমাৰ চিন্তা-বিচাৰধাৰৰ বিকাশৰ কলিতেই ব্ৰাহ্মণী ব্যৱস্থাৰ ধৰ্মান্ধত বিশ্বাসী একাংশ শিক্ষক সমাজে দি যোৱা জ্ঞানৰ অৰিহনাৰে ভৰপুৰ ৷ অৰ্থাৎ আমাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক "শিক্ষক সমাজ" পলিঅ' মুক্ত(ব্ৰাহ্মণী ব্যৱস্থা) নহ'য় ৷ ব্ৰাহ্মণী ব্যৱস্থাৰে ৰোগগ্ৰস্ত, মানসিক গোলামীয়তাৰ পৰা মুক্তিহীন শিক্ষক সমাজে আজিও দেশ-মানৱ নিৰ্মাণত কোনো মুক্ত বিচাৰ বিকশাই তুলিব পৰা অৱস্থাত নাই ৷ সেয়ে আজিৰ শিক্ষক-শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিবলৈ, জ্ঞান আহৰণৰ অৰ্থে সৰস্বতী দেৱীৰ নামত বিদ্যালয়ে বিদ্যালয়ে শিক্ষা বিৰতিৰ দিন ঘোষণা কৰি ভজন-কীৰ্তনত মনোনিৱেশ কৰি আহিছে ৷ ব্ৰাহ্মণী ব্যৱস্থাৰ ইয়াতকৈ আৰু কেনে চমৎকাৰ হ'ব পাৰে… ৷
ৰাজ্যখনৰ বিদ্যালয় সমূহত সৰস্বতীৰ পূঁজা অনুষ্ঠিত কৰাৰ যুক্তি ক'ত? ৰাজ্যখনৰ শিক্ষা বিভাগ, পৰিষদ, ৰাজ্যৰ শিক্ষক সমাজ ইমানেই ধৰ্মান্ধ নে এখন বিদ্যালয়ত ধৰ্মীয় পূঁজা অনুষ্ঠিত কৰিব লাগে নে নালাগে কেইকন কথা বুজাৰ বুধগম্যতা নাই ৷ তদুপৰি পাঠ্যপুথি নিৰূপণ কৰা সমিটি, পৰামৰ্শদাতা সকল ইমানেই ধৰ্মান্ধ নে প্ৰাথমিক বিদ্যালয়ৰ ক, খ, গ শ্ৰেণীৰ পৰা কলেজলৈকে থকা পাঠ্যপুথি সমূহত ধৰ্মৰ উপসনা দেৱী-দেৱতাৰ পৰিচয় কৰোৱা হ'য় ৷ উচ্চ শিক্ষিত পাঠ্যপুথি প্ৰণয়নৰ কৰা সকলে এনে ধৰ্মীয় দেৱ-দেৱীৰ অস্তিত্বৰ বিষয়ে তথ্য দিব পাৰিব নে? আধুনিক কাৰিকৰী প্ৰযুক্তিবিদ্যা উত্তোৰণৰ সময়ত দেৱ-দেৱীৰ প্ৰয়োজনীয়তাৰ বিষয়ে সঠিক যুক্তি দিব পাৰিবনে? নিশ্চয় নোৱাৰে ৷
অৱশ্যে দেশত ব্ৰাহ্মণী ব্যৱস্থা থকালৈকে শিক্ষানুষ্ঠান, পাঠ্যপুথি সকলোতে ধৰ্মান্ধ কল্পকাহিনী থাকিবই ৷ এচাম তথাকথিত উচ্চ শিক্ষিতই এই কল্পকাহিনীৰ অজন্ম মানসিক গোলাম হৈ সমাজৰ আন দহজনকো মানসিক গোলাম কৰি ব্ৰাহ্মণী ব্যৱস্থাক অধিক সাৰ-পানী যোগান ধৰি সমাজত থকা দুৰ্গন্ধময় অৱস্থাক অধিক শক্তিশালি কৰি আহিছে ৷ ব্ৰাহ্মণী ব্যৱস্থা মানেই কল্পিত কাহিনীৰে ভৰপুৰ ধৰ্মান্ধ, কু-সংস্কাৰযুক্ত সমাজ ব্যৱস্থা ৷ চিকিৎসালয়ৰ পৰিৱৰ্তে কবিৰাজ, শ্ৰমৰ বিপৰীতে মঠ-মন্দিৰ কাষ চাপি যোৱা একো একোখন সমাজে কি যুক্তিত নিজৰ ওপৰত, মনুষ্যৰ ওপৰত ভৰসা কৰিব পাৰিব? নিজৰ উদ্ভাৱনী শক্তিৰ সকলো কৰ্তৃত্ব কোনো দেৱ-দেৱীৰ ওপৰত দিয়া সমাজে নিজৰ শক্তি, যোগ্যতাক কেনেকৈ উমান পাব? সকলো ভৰসা আনৰ ওপৰতেই নিৰ্ভৰশীল সমাজ সমাজ হৈ নাথাকে, তেনে সমাজে আনৰ গোলামী অৱশ্যেই কৰিব লগীয়া হ'য় ৷
বিদ্যালয়ে বিদ্যালয়ে মাহ-প্ৰসাদ লৈ জ্ঞান আৰ্জিবলৈ পাঠ্যপুথিৰ সলনি কল্পিত দেৱ-দেৱীক পূঁজা-অৰ্চনা কৰা সমাজ ব্যৱস্থাই এখন আধুনিক গোড়ামীমুক্ত, বৈজ্ঞানিক দৃষ্টিভংগীৰে বাস্তৱিক সমাজ গঢ়িব যে পাৰিব তাত যথেষ্ট সন্দেহ আছে ৷ দেশখনৰ সমাজ ব্যৱস্থা, অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ, সাংস্কৃতিক সমৃদ্ধি ইত্যাদিক পংগু কৰাই ত ব্ৰাহ্মণী ব্যৱস্থাৰ মুল লক্ষ্য ৷ অসবৰ্ণ সমাজৰ বুনিয়াদ কোনো দিনে শক্তিশালী যাতে নহ'য় সেই উদ্দেশ্যে ব্ৰাহ্মণী ব্যৱস্থাই আদিম যুগৰ পৰাই নানান উপায়ৰে সমাজত ধৰ্মান্ধতা, পাথ্যপুথিত ধৰ্মান্ধতা ঘোটা মিহলাই অসবৰ্ণ সমাজক মানসিক গোলাম কৰি নিজৰ শোষণতন্ত্ৰ মজবুতকৈ গঢ়ি তুলিছে ৷ নহ'লে আজিৰ অসবৰ্ণই নিজৰ শিক্ষাৰ অধিকাৰ, ন্যায়ৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতি উদ্ভৱ নহ'য় ৷