হিন্দু ধৰ্মঃ মানবতাক দমন আৰু ক্রীতদাস কৰা এটি দৈত্য বিদ্রূপাত্মক ব্ৰাহ্মণী ব্যৱস্থা

ব্ৰাহ্মণী সামন্তীয় ব্যৱস্থাৰ কব্জাত ভাৰতীয় সংহতিঃ

Hindusim in India, uncivilized Hindusim

ব্ৰাহ্মণে ইজনে সিজনৰ মাজত অৰ্থাৎ নিজৰ মাজত কেতিয়াও দন্দ-খৰিয়াল নকৰে ৷ বৰঞ্চ তেওঁলোকে দন্দ-খৰিয়ালৰ এখন নাটক কৰি নিজৰ ব্ৰাহ্মণ্যবাদক অধিক শক্তিশালীহে প্ৰদান কৰে ৷

ইউৰেচীয়ান আৰ্য্য বিদেশীয়ে ভাৰতৰ মাটিত নিজ ব্ৰাহ্মণ্যবাদক সুৰক্ষিত কৰিবলৈ তেওঁলোকে দুটা ভাগত বিভক্ত হৈ প্ৰত্যেক দিনাই একো একোখন নাটক মঞ্চস্থ কৰাৰ অনেক ইতিহাস আছে ৷ ভাৰত স্বাধীনতা আন্দোলনৰ সময়ত এখিনি ব্ৰাহ্মণে ভাৰতীয় মুক্তিকামী জনতাৰ লগত ঠিয় হৈ বৃটিছৰ বিৰুদ্ধে কৰা আন্দোলনক নেতৃত্ব দি ব্ৰাহ্মণ্যবাদক সুৰক্ষিত কৰিছিল আৰু আনটো পক্ষৰ ব্ৰাহ্মণে ইংৰাজৰ লগত লগ হৈ ভাৰতীয় স্বাধীনতাকামী জনতাৰ বিৰুদ্ধে বৃটিছক সহায় কৰি ব্ৰাহ্মণ্যবাদক সুৰক্ষিত কৰি গঢ়ি তুলিছিল ৷

ভাৰতবৰ্ষত ব্ৰাহ্মণ্যবাদৰ বিৰুধ ইতিহাস যদি বিচাৰো তেন্তে আমি বৃটিছ ভাৰতলৈ ওভতি যাব লাগিব ৷ ১৮৭৩ চনৰ ২৪ চেপ্তেম্বৰত মহাৰাষ্ট্ৰৰ জ্যোতিৰাও ফুলে(এইগৰাকী শিক্ষিত বিদ্বান পুৰুষ উচ্চ বৰ্ণৰ সমাজচ্যুত, শোষিত-বঞ্চিত শ্ৰেণীৰ মাজৰ পৰা অহা ব্যক্তি) নামৰ এগৰাকী ব্যক্তিয়ে ভাৰতীয় সামন্তবাদী, গোড়া ৰক্ষণশীল হিন্দু সমাজৰ শোষণ, ঘৃণা, অপৃশ্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি সমাজচ্যুত বৰ্গক লৈ "সত্যশোধক সমাজ" নিৰ্মাণ কৰে ৷ এই সমাজৰ দ্বাৰা জ্যোতিৰাও ফুলে দেৱে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ্যবাদৰ প্ৰকৃত ছবি সমাজত ডাঙি ধৰি গোলামীমুক্ত সমাজ প্ৰতিষ্ঠাৰ আগভাগত পূৰ্ণদ্যামে আগবাঢ়ি যায় ৷ সত্যশুধক সমাজৰ দ্বাৰা জ্যোতিৰাও ফুলে দেৱে সেই সময়ত ব্ৰাহ্মণে ধৰ্মীয় কু-সংস্কাৰৰে আৱৰি-আগুৰি ৰখা সমাজখনৰ প্ৰকৃত সত্য জানিবলৈ মানুহৰ মাজত সজাগতা অভিযান আৰম্ভ কৰে ৷ সত্যৰ দ্বাৰা সমাজে প্ৰকৃত বাস্তৱতাক সহজে বুজি পোৱাৰ নিদৰ্শন তেওঁ অশিক্ষিত সমাজত বিলাব ধৰে ৷

চাওঁতে চাওঁতে সমাজচিন্তক জ্যোতিৰাও ফুলেৰ তত্বাৱাধনাত সত্যশুধক সমাজে সমাজ সচেতনতাৰে অশিক্ষিত সমাজ বৰ্জিত বৰ্গৰ মাজত জনচেতনা জগাই তোলাৰ ফলত ব্ৰাহ্মণ আৰু হিন্দু ধৰ্মৰ প্ৰতি জনতাৰ মুহভংগ হ'ব ধৰে ৷ 

জ্যোতিৰাও ফুলেৰ সামাজিক গণচেতনা জাগৰণৰ ফলত ব্ৰাহ্মণবাদৰ জুইকুৰা প্ৰশমিত হ'ব ধৰাত তেওঁৰ কামক গতিৰোধ কৰিবলৈ ব্ৰাহ্মণে ১৮৭৫ চনত দয়ানন্দ সৰস্বতীৰ দ্বাৰা "আৰ্য্য সমাজ" স্থাপন কৰে ৷ এই আৰ্য্য সমাজ স্থাপন কৰিয়ে ব্ৰাহ্মণ দয়ানন্দ স্বৰসতীয়ে হিন্দুৰ প্ৰতি মোহভংগ হোৱা জনতাৰ ওচৰত চাপি তেওঁ স্বয়ং ব্ৰাহ্মণ হৈও কোনো হিন্দু ধৰ্মৰ মঠ-মন্দিৰত পূঁজা-পাঠ নকৰা; ব্ৰাহ্মণৰ ধৰ্মীয় গোড়ামী, ভেদভাৱ বিচাৰ, কু-সংস্কাৰৰ বিশ্বাসৰ বিৰুদ্ধে গৈ তথাকথিত মানৱতাৰ আদৰ্শবাণীৰে সকলো মোহভংগ জনতাক আৰ্য্য সমাজৰ লগত চামি কৰি ল'য় ৷

ব্ৰাহ্মণ দয়ানন্দ স্বৰসতীয়ে আৰ্য্য সমাজ প্ৰতিষ্ঠাৰ দ্বাৰা অতি কৌশলৰে জ্যোতিৰাও ফুলে দেৱৰ সামাজিক গণচেতনা জাগ্ৰত আন্দোলনক আগবঢ়াত বাধা প্ৰদান কৰে আৰু দেশত ব্ৰাহ্মণ বিৰুধ চেতনা জনতাৰ মাজত পূৰ্ণৰূপত জাগ্ৰত নৌহওঁতেই দয়ানন্দই ব্ৰহ্মণ্যবাদক সুৰক্ষিত কৰাত সফল হ'য় ৷ পিছে মানৱতা মানৱতা চিঞৰি থকা আৰ্য্য সমাজত আজিও বৰ্ণবাদ, জাতিবাদ, ভেদভাৱ চলি আছে ৷

জ্যোতিৰাও ফুলে দেৱৰ পাছতে বাবা চাহেব ভিমৰাও আম্বেদকাৰ দেৱে বিদেশৰ মাটিত উচ্চ শিক্ষা সাং কৰি ভাৰতলৈ অহি ৰাজনৈতিক আৰু সামাজিক আন্দোলনত সক্ৰিয় হৈ পৰাৰ পাছতে ব্ৰাহ্মণৰ মাজত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হ'য় ৷ আম্বেদকাৰ দেৱে মুকলিকৈয়ে হিন্দুত্ববাদ, ব্ৰাহ্মণবাদৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰম্ভ কৰি সমাজৰ নিম্নবৰ্গৰ মাজত জনচেতনা জাগ্ৰত কৰিবলৈ ধৰে ৷ আম্বেদকাৰৰ সমালোচনাৰ পৰা গান্ধীও সাৰি নগ'ল ৷ আম্বেদকাৰৰ এনে ব্ৰাহ্মণ বিৰুধী সক্ৰিয়তাই কংগ্ৰেছক শক্তিহীন কৰাৰ আশংকাত নিম্নবৰ্গক নিজৰ পক্ষত ৰাখিবলৈ ব্ৰাহ্মণ লবীয়ে ১৯২৩ চনত কংগ্ৰেছ সেৱা দল গঠন কৰে ৷ কিন্তু বুদ্ধিদীপ্তহ আম্বেদকাৰ দেৱে ব্ৰাহ্মণৰ কৌশল বুজিব পাৰি ১৯২৪ চনত সমতা সৈনিক দল গঠন কৰাত ব্ৰাহ্মণৰ টুপনি নোহোৱা হ'য় ৷ আম্বেদকাৰৰ "সমতা সৈনিক" দলক শক্তিশীন কৰিবলৈ ব্ৰাহ্মণৰ দ্বিতীয় অৰ্থাৎ কট্টৰবাদী ব্ৰাহ্মণে ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠন কৰে ৷ ইয়াৰ পাছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই হিন্দুৰ নামত ব্ৰাহ্মণবাদী বিচাৰধাৰা সমগ্ৰ ভাৰততে কেনেদৰে প্ৰচাৰ কৰি আহিছে সেয়া সৰ্বজনবিদিত ৷

বৃটিছ ভাৰত ত্যাগ কৰাৰ পাছৰ স্বাধীন ভাৰতত কিছু ৰাজনৈতিক উত্থান পতন ঘটে ৷ বিশেষকৈ জৱৰহলাল নেহৰু মৃত্যুৰ পাছত ৷ নেহেৰু মৃত্যুৰ পাছত ব্ৰাহ্মণ লবী কংগ্ৰেছক চম্ভালিবলৈ তেওঁৰেই কন্যা ইন্দিৰা গান্ধীয়ে কংগ্ৰেছক নেতৃত্ব দি দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহে ৷ ইন্দিৰা গান্ধীৰ অপশাসন-দুৰ্নীতি আৰু চৰম ভ্ৰষ্টাচাৰী ব্যৱস্থাৰে ভাৰত শাসন কৰাৰ বিৰুদ্ধাচৰণৰে ১৯৭০ চনত একনায়কত্ব সম্ৰাগ্ৰী ব্ৰাহ্মণ কন্যাক পদচ্যুত কৰিবলৈ জয়প্ৰকাশ নাৰায়ণ নামৰ একেই এজন ব্ৰাহ্মণে "সম্পূৰ্ণ ক্ৰান্তি" নামৰ জন-আন্দোলন আৰম্ভ কৰি দিয়ে ৷ ইয়াৰ পাছতে ব্ৰাহ্মণৰ কট্টৰবাদী পন্থাই পশ্চিম বংগৰ ব্ৰাহ্মণ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত "জনসংঘ" নামৰে এটি ৰাজনৈতিক দল গঠন কৰে ৷ যাৰ অন্তৰালত ১৯২৫ চনত কট্টৰ হিন্দুত্ববাদ বিচাৰধাৰা পৰিচালিত "ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ" পৰিবাৰ হিচাপে জড়িত আছিল ৷

বাবা চাহেব আম্বেদকাৰৰ পাছত অৰ্থাৎ স্বাধীন ভাৰতত ব্ৰাহ্মণবাদক বাধা দিবলৈ উত্তৰ ভাৰতৰ কাশীৰাম দেৱৰ আৰ্ভিভাৱ হ'য় ৷ তেওঁ ১৯৮৪ চনত দলিত আৰু পিছপৰা শ্ৰেণীক প্ৰতিনিধিত্ব কৰিবলৈ "বহুজন সমাজবাদী দল" গঠন কৰে ৷ দেশৰ পিছপৰা(অবিচি) আৰু দলিত বৰ্গক তথাকথিত প্ৰতিনিধিত্ব কৰি অহা ব্ৰাহ্মণ নেতৃত্বৰ কংগ্ৰেছ দল যিকোনো মূহুৰ্তত সমাজবাদী দলৰ হাতত ধাৰাসায়ী হৈ অস্তিত্ব শেষ হোৱাৰ আশংকা কৰি ব্ৰাহ্মণে হিন্দুত্ববাদৰ ভিত্তিত গঠন হোৱা "জনসংঘ" দলক "ভাৰতীয় জনতা দল"লৈ পৰিৱৰ্তিত কৰে আৰু কট্টৰ হিন্দুত্ববাদী জনসংঘ পৰিবাৰে মিলি "ভাৰতীয় জনতা দল"ক শক্তিশালীৰে ব্ৰাহ্মণবাদী বিচাৰধাৰা সমগ্ৰ দেশতে প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা কথাটো আজিৰ তাৰিখত কোনেও নজনাকৈ থকা নাই ৷

বিগত পাঁচবছৰত বিজেপি চৰকাৰৰ কট্টৰ ব্ৰাহ্মণবাদী বিচাৰধাৰাই দেশ শাসন আৰু পৰিচালিত কৰাত স্বয়ং ব্ৰাহ্মণেই ভয়-আশংকাৰ মাজত ডুব যোৱাত ভয় হৈছে যে কট্টৰবাদী ব্ৰাহ্মণ লবীয়ে ব্ৰাহ্মণ্যবাদী প্ৰকৃত ছবি জনতাই অতি সোনকালে বুজি পাব ৷ বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজনীতিত বহুজন সমাজবাদী দল আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰ বন্ধনে শাসকীয় ব্ৰাহ্মণ বিজেপিৰ পুনঃ ক্ষমতা দখল কৰা অসম্ভৱ হৈ পৰিছে ৷

গৰুৱা বাহিনীৰ মহিলা সন্ৰাসবাদী
দেশৰ ভৱিষ্যত প্ৰজন্মৰ যুৱতীৰ হতত গেৰুৱা মৰণাস্ত্ৰঃ ফটো ইন্টাৰনেট

২০১৯ চনৰ সমাগত লোকসভা নিৰ্বাচনত দেশৰ শাসন ক্ষমতা ভাৰতীয় মুলনিৱাসী বহুজনৰ হাতলৈ গলে ব্ৰাহ্মণ শক্তিহীন হোৱাটো নিশ্চিত বুলি জানি মুলনিবাসী বহুজনৰ দলে ক্ষমতাৰ আসনত বহিলেও যাতে মুলনিৱাসী নেতাই দেশৰ প্ৰধানমন্ত্ৰী পদটো লব নোৱাৰে তাৰ বাবে ব্ৰাহ্মণে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী ব্ৰাত্য কন্যা মমতা বেনাৰ্জীক দেশৰ ভাৱি প্ৰধানমন্ত্ৰী হিচাপে ঠিয় কৰোৱাৰ অভিসন্ধী তৈয়াৰ কৰিছে ৷ ইয়াৰ ফলস্বৰূপে পশ্চিম বংগত দেশৰ দলিত-পিছপৰা সমাজৰ ৰাজনৈতিক দলৰ নেতৃত্ববৃন্দক ব্ৰাহ্মণ মমতাই প্ৰতিপক্ষ ব্ৰাহ্মণ চৰকাৰক তীব্ৰ বিৰুধ, সমালোচনা কৰি বহুজন নেতাসকলক নেতৃত্ব দিয়া দেখিবলৈ পোৱা গৈছে ৷ এই ক্ষেত্ৰত জনতাই মমতা আৰু বিজেপিৰ মাজৰ যুঁজখনক "একান্তই ৰাজনৈতিক যুদ্ধ" আখ্যা দিলেও প্ৰকৃততে ব্ৰাহ্মণবাদৰ দুটা ফৈদে আৰ্য্য ব্ৰাহ্মণ্যবাদ যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত ৰাখিবলৈ বদ্ধপৰিকৰ ৷

আৰ্য্য ব্ৰাহ্মণৰ এটা পক্ষই যদি চৰম হিন্দুত্বৰ বিচাৰধাৰা লৈ দেশ শাসন কৰি মনুবাদ আইনত পৰিণত কৰিছে তেন্তে আনটো ব্ৰাহ্মণ পক্ষই উদাৰতা দেখুৱাই জনতাক শান্ত কৰাত উঠিপৰি লাগে ৷ সেয়ে মমতা বেনাৰ্জীৰ দৰে বংগৰ ব্ৰাহ্মণ কন্যাই বহুজন সমাজবাদী দল, সমাজবাদী পাৰ্টি তথা বিভিন্ন বহুজন মুলনিৱাসী ৰাজনৈতিক দলৰ নেতৃত্বই যাতে আগবাঢ়ি যাব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখি নিজে প্ৰতিষ্ঠানিক ঢৌৰ নেতৃত্ব বহন কৰিবলৈ আগবাঢ়ি আহিছে ৷ এই ক্ষেত্ৰত মমতা অকলে আগবাঢ়ি অহা নাই ৷ ব্ৰাহ্মণবাদক সুৰক্ষা কৰিবলৈ ক্ষত্ৰিয়, বৈশ্য, বনিয়া আৰু মিডিয়া সকলো আগবাঢ়ি আহিছে ৷

ব্ৰাহ্মণৰ উদ্দেশ্যই এইটো যে প্ৰতিপক্ষক প্ৰতিবাদ-বিৰুধৰে নহ'য়, প্ৰতিপক্ষৰ ভিতৰত প্ৰৱেশ কৰি যিকোনো দল-সংগঠন, নেতাক নষ্ট কৰা ৷ সেয়ে ব্ৰাহ্মণ বিজেপি চৰকাৰে লোকসভা নিৰ্বাচনত জনতাৰ হাতত কালিলৈ যদি শোচনীয় পৰাজয় কৰি ক্ষমতাচ্যুত হ'য় তেন্তে পৰহিলৈ অন্য ব্ৰাহ্মণ নেতৃত্বই ভাৰতক শাসন কৰিবলৈ সাজু থাকে ৷ কেৱল মাজত হে ভাৰতীয় মুলনিৱাসী বহুজন জনতাই গম্ভীৰ সমস্যাৰ পৰা গম্ভীৰ সমস্যালৈ গতি কৰি ব্ৰাহ্মণ নেতৃত্বৰ ওচৰত প্ৰতিদিনে নিজৰ অধিকাৰ ভিক্ষা খুজি আহিব লগা হৈছে ৷ ব্ৰাহ্মণ সমুদায়ে নিজৰ ব্ৰাহ্মণ্যবাদ অক্ষুন্ন ৰাখিবলৈ বাবা চাহেব আম্বেদকাৰক হত্যা কৰিব পাৰিছে যদি সংবিধানকো অনায়সে জ্বলাব পাৰে, এই দেশৰ পৰা সংবিধান নিশ্চিহ্ন কৰি মনুবাদ-মনুশাসন প্ৰতিষ্ঠা কৰিব পাৰে ৷

ভাৰতীয় উপ-মহাদেশত বিদেশী আৰ্য্য ব্ৰাহ্মণে নিজৰ ব্ৰাহ্মণবাদ শক্তিশালী কৰিবলৈ নিৰ্বাচনী বুথ নিজৰ অধীন কৰিব পাৰে যেতিয়া EVM হেক ও কৰাব পাৰে ৷ সেয় সময়ৰ আহ্বান যে ভাৰতীয় গণতান্ত্ৰিক বিচাৰধাৰা, সংবিধানৰ পৰিকাঠামো, ভাৰতীয় বৈচিত্ৰতা, ধৰ্মনিৰপেক্ষতা, বন্ধুত্বতা, সমানতা বৰ্তাই ৰাখিবলৈ আধুনিক বৌদ্ধ বাবা চাহেব আম্বেদকাৰ দেৱৰ দৰ্শন, জ্ঞান, চিন্তা-বিচাৰ জনাটো অতিব প্ৰয়োজন ৷ যদিহে ST/SC/OBC বহুজন মুলনিৱাসীয়ে ব্ৰাহ্মণৰ শোষণ-ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ নোহোৱাৰ ফলতেই সংখ্যাত তেনেই কম ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য তিনিয়ে মিলি ভাৰতবৰ্ষক শোষণ-দমন, বঞ্চনা-বৈষম্যৰে অৰাজক ভাৰত সৃষ্টি কৰি নিজৰ ভোগ-বিলাস, শাসন ক্ষমতা সেই তাহানিৰ পৰা অখুন্ন ৰাখিবলৈ সক্ষম হৈছে ৷

ব্ৰাহ্মণৰ আটাইতকৈ সুবিধাজনক স্থিতিটো হ'ল বহুজন মুলনিৱাসীৰ ধৰ্মভীৰু চৰিত্ৰ ৷ ব্ৰাহ্মণ বণিয়াই সকলো মুলনিৱাসী বহুজনক হিন্দুকৰণ কৰি হিন্দু ধৰ্মৰ মিছা সংকটৰ ভীতৃ প্ৰদৰ্শন দেখুৱাই আহিছে নিজৰ পক্ষত বহুজন মুলনিৱাসীক ব্যৱহাৰ কৰি আহিছে ৷

দেশত সততে হিন্দু ধৰ্মলৈ সংকট অহাৰ কৰণ কোনখিনিট? হিন্দু ধৰ্মলৈ ক'ৰ পৰা সংকট আহিব? এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্ম সংকট সৃষ্টি হোৱাৰ কাৰণ কি?

বিশ্বৰ ভিতৰত ভাৰতীয় সৈন্যবাহিনী হ'ল চতুৰ্থ সামৰিক শক্তিৰ অধিকাৰী ৷ আৰক্ষী বাহিনীৰ ভিতৰত ভাৰত প্ৰথম ৷ দেশৰ পশ্চিমত গুজৰাটৰ "ৰণ অফ্ কচ্ছ"ৰ পৰা কাশ্মীৰৰ লৈকে ৩ লাখ সেনাই সীমান্তত অৰ্শনিশে দেশ মাতৃক সুৰক্ষা প্ৰদান কৰি আহিছে ৷ পূৱত ম্যানমাৰ, চীন, বাংলাদেশৰ সীমান্তত ২ লাখ ভাৰতীয় সৈন্যই সীমান্ত সুৰক্ষাত নিয়োজিত হৈ দেশবাসীক সুৰক্ষিত কৰি ৰাখিছে ৷ ইমানৰ পাছতো হিন্দু ধৰ্মৰ সংকট কোনখিনিত? 

ভাৰতবৰ্ষত প্ৰকৃততে হিন্দু ধৰ্মৰ সংকট সৃষ্টি হোৱা নাই; দৰাচলতে ব্ৰাহ্মণৰ প্ৰতি অহা সংকট মুছলমানৰ কাৰণে নহ'য়, বৰঞ্চ দেশৰ পিছপৰা(অবিচি) শ্ৰেণী, আনুসূচীত জাতি-জনজাতিৰ পৰাহে ব্ৰাহ্মণ হিন্দু ধৰ্মলৈ সংকট অহিছে ৷ সেয়ে ব্ৰাহ্মণে অবিচি, অনুসূচীত জাতি-জনগোষ্ঠীক হিন্দুকৰণৰে নিজৰ পক্ষত ৰাখি সময় সুযোগ বুজি ব্ৰাহ্মণে কেতিয়াবা মন্দিৰৰ নামত, কেতিয়াবা গো-হত্যাৰ লগত মুছলমানৰ বিপক্ষে ঠিয় কৰাই আহিছে ৷ ইয়াৰ ফলত দেশৰ অবিচি, এছচি, এছটি বৰ্গই ভুলতেও গম নাপায় যে ধৰ্মক লৈ মুছলমানৰ সৈতে লগা সাম্প্ৰদায়িক সংঘৰ্ষই প্ৰকৃততে কাক লাভৱান কৰে ৷ আৰু ব্যাহ্মণে এনে সংঘৰ্ষ সৃষ্টি কৰি কৰি নিজৰ প্ৰকৃত চৰিত্ৰ আজিলৈকে ঢাকি অবিচি, এছটি, এছচিৰ সামাজিক-অৰ্থনৈতিক শোষণ চলাই আহিছে ৷

"The Hindu Civilisation.... is a diabolical contrivance to suppress and enslave humanity. Its proper name would be infamy. What else can be said of a civilisation which has produced a mass of people.... who are treated as an entity beyond human intercourse and whose mere touch is enough to cause pollution?" -- বাবা চাহেব আম্বেদকাৰ ৷

হিন্দু ধৰ্ম পৃথিৱীৰ পৌৰাণিক সনাতন ধৰ্ম নতুবা আধুনিক ধৰ্ম একোৱেই নহ'য় ৷ হিন্দু প্ৰকৃততে এক ব্ৰাহ্মণৰ চাম-দাম-দণ্ড-ভেদ নীতিৰ এক শোষণ প্ৰণালী ৷ এই শোষণ প্ৰণালী আৰ্য্য ব্ৰাহ্মণে ভাৰতত প্ৰৱেশ কৰাৰ দিনৰ পৰাই অতি চতুৰতাৰে চলাই আহিছে ৷ পৃথিৱীত কোনো অস্তিত্ব নথকা হিন্দু ধৰ্মৰ প্ৰতি ঘনে ঘনে হোৱা সংকটৰ প্ৰশ্নই নাহে ৷ যদি সংকট আহিছে তেন্তে দেশৰ অবিচি, এছটি, এছচি সমাজলৈ ব্ৰাহ্মণ দ্বাৰা পৰিচালিত-নিয়ন্ত্ৰিত-আয়জিত ধৰ্মীয় অনুষ্ঠান-আঁচনিৰ পৰাহে সংকট আহিছে ৷ কোনো মুছলমান নতুবা ইছলামিক দেশৰ পৰা সংকট অহা নাই ৷ সেয়ে যিমান পাৰে সিমানে ব্ৰাহ্মণক বিনা চৰ্তে এঘৰীয়া কৰা উচিত তথা সামন্তীয় ব্ৰাহ্মণ পৰিচালিত যি কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা দূৰত থকা নতুবা ত্যাগ কৰা উচিত ৷ দেশৰ বহুজন মুলনিৱাসীৰ উঠি অহা যুৱক-যুৱতীয়ে কষ্ট-সংগ্ৰম কৰি হলেও উচ্চ শিক্ষা গ্ৰাহণ কৰা উচিত ৷ সমান্তৰালকৈ খেলা-ধূলা, পৰিয়ালক সময় দিয়া, ব্যৱসায় বাণিজ্যত বিশেষ ধ্যান দিয়া অতিব প্ৰয়োজন ৷

No comments:

Post a Comment

Thank you.