সন্ত্ৰাসবাদৰ আঁৰৰ সন্ত্ৰাসবাদী - ২

শাসকৰ ব্যৰ্থতা লুকুৱাবলৈ কৰা হত্যাৰ ৰাজনীতিঃ

Pulwama terror attack, kashmir


১৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪২ জন কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ জোৱান শ্বহীদ হ'য় ৷ দেশৰ অৰ্ধ-সামৰিক বাহিনী(CRPF)ৰ ওপৰত বিদেশী সংস্থাৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন "জইছ-ই-মহম্মদে" Improvised Explosive Device(IED)ৰে  কৰিছিল ভয়ংকৰ আক্ৰমণটো ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী পাহাৰীয়া ৰাজ্যখনত এইটো দ্বিতীয় বৃহৎ আত্মঘাটি সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ ইয়াৰ পূৰ্ৱে ২০০১ ত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বিধানসভাৰ মুখ্য দ্বাৰত বোমাৰে আক্ৰমণ সংঘটিত কৰিছিল

ঘটনা সংঘটিত হোৱাৰ পাছত দেশৰ অনুসন্ধান সংস্থাৰ সূত্ৰই জনোৱামতে যিখন গাড়ীৰে সামৰিক বাহিনীৰ কনভয়ত গৈ বোমা বিষ্ফূৰণ ঘটালে সেই গাড়ীখন ৬০ কেজি ওজনৰ বিষ্ফূতক ভৰ্তি এখন মাৰুতি কাৰ আছিল ৷ উল্লেখ্য যে, ২৬০০ শ অৰ্ধ-সামৰিক CRPF জোৱানক কঢিয়াই নিয়া কনভয়টো যিটো পথৰে গৈছিল সেই পথ সাধাৰণ জনতাৰ লগতে গাড়ী, মটৰ চাইকেল ইত্যাদী সকলো যানবাহন তিনিদিনৰ বাবে সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া হৈছিল ৷

J&Kৰ পুলৱামা জিলাৰ অৱন্তীপুৰত সংঘটিত সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণৰ পাছতে মৃত সৈনিকৰ হৃদয়বিদাৰক দৃশ্য সমূহ ইলেক্ট'নিক প্ৰচাৰ মাধ্যম আৰু ইন্টাৰনেট জগতত তৎক্ষণাতে বিয়পি পৰে ৷ প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ ফুটেজ সম্প্ৰচাৰ হোৱাৰ পাছতে শ্বহীদ জোৱানৰ প্ৰতি অশ্ৰুসিক্ত হৈ মিম্ৰমান হৈ পৰে সমগ্ৰ দেশ ৷ দেশৰ সামৰিক বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা ভয়ানক আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ জোৱাৰ উঠে জনতাৰ মাজত ৷

ৰাজনৈতিক বিশৃংখলতা, সন্ত্ৰাসবাদীৰ ৰম্যভুমি, সামৰিক বাহিনীৰে গিজগিজাই থকা তথা প্ৰকৃতিক অপৰূপা সৌন্দৰ্য্যত জিলিকি থকা ভু-স্বৰ্গ কাশ্মীৰত সন্ত্ৰাসবাদীৰ সাম্ভাৱ্য আক্ৰমণৰ তথ্য দেশৰ চোৰাংচোৱা সংস্থাই উৰ্দ্ধতন কৰ্তৃপক্ষত এক সপ্তাহৰ আগতেই জনাইছিল ৷ কিন্তু এক সপ্তাহৰ পূৰ্ৱেই সন্ত্ৰাসবাদীৰ সাম্ভাৱ্য আক্ৰমণক প্ৰতিহিত কৰিব নোৱাৰাটো দেশৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্ন ৷

সীমাৰ সিপাৰে থকা ভাৰতৰ শত্ৰু শক্তিৰ সৰ্থনপুষ্ট "জইচ-ই-মহম্মদ" নামৰ জম্মু-কাশ্মীৰৰ স্থানীয় ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোয়ে দেশৰ মাজত লুকাই থকা গাদ্দাৰ(অ-মুছলমান)ৰ সহায় অবিহনে তৎক্ষণাত সামৰিক বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব যে পাৰিব তাত যথেষ্ট সন্দেহ আছে ৷ কাৰণ বৰ্তমান জম্মু-কাশ্মীৰত আছে ৰাষ্ট্ৰপতিৰ সামৰিক শাসন ৷ ২০১৮ ৰ মাজভাগত বিজেপি-মুফটি ৰহমান মিত্ৰজোত চৰকাৰ পতনৰ পাছতে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হ'য় ৷

পুলৱামাত চিআৰপিএফৰ ওপৰত চলা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে দেশৰ ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ঘৃণনীয় ৰাজনৈতিক বোকা চটিউৱা খেল ৷ ২০১৪-১৯ চনৰ মাজভাগত তৃতীয়টো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আঁচৰণত আৰু বাক্যবাণত দেশ শাসনৰ চৰম ব্যৰ্থতা প্ৰকাশ পাইছে ৷ প্ৰধানমন্ত্ৰীৰ আসন লাভ কৰাৰ পাছৰে পৰা তেওঁ দেশবাসীৰ জীৱন-সম্পত্তি সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত বহুতো আপোচ কৰিছে ৷ সংবিধানৰ মুলভাৱনাক বাৰেপতি সালসলনি ঘটাই গণতন্ত্ৰক চেপি ধৰিছে ৷

দেশত যেতিয়া কংগ্ৰেছ দলৰ চৰম অপশাসন চলিছিল তেতিয়া সেই দলৰ শাসকীয় চৰকাৰে জনতাৰ সন্মুখত নিজৰ মুখ লজ্জা ঢাকিবলৈ উপায় বিচাৰি আছিল ৷ অৱশেষত ২৬/১১ মুম্বাই কাণ্ড সংঘটিত হোৱাত কংগ্ৰেছ দলে নিজৰ অপশাসনৰ মুখ লজ্জা জনতাৰ সন্মুখত সন্ত্ৰাসবাদীৰ নৃশংসতাৰে ঢাকিবলৈ সক্ষম হ'য় ৷ ঠিক এতিয়াৰ বিজেপি চৰকাৰেও কংগ্ৰেছৰ নীতিকে অনুসৰণ কৰিছে ৷ পাৰ্থক্য এইখিনিতে যে, জনতাৰ পৰিৱৰ্তে সীমান্তৰ অশান্তিপূৰ্ণ তথা মুছলমানৰ দৰে ৰাজনৈতিক মুনাফা থকা ঠাইত নিয়োজিত সামৰিক বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ সংঘটিত হৈছে ৷ বিজেপিৰ দৰে ধৰ্মান্ধ দলে নিজৰ সাম্প্ৰদায়ীক খেচেৰা ৰাজনীতিক জনতাৰ সন্মুখৰ পৰা লুকুৱাবলৈ সন্ত্ৰাসবাদী আক্ৰমণত আঁৰ কাপুৰ বিচাৰি পাইছে ৷

हाफिज सईद और संघी वेद प्रताप वैदिक; क्या है यह ? क्या बीजेपी का हमले से लिंक तो नही?

কাশ্মীৰ কাণ্ডৰ পাছতে দেশত আঁচৰিত ধৰণৰে অতি ইছলাম বিৰুধী তথা অতি দেশভক্তীৰ জোৱাৰ উঠিব ধৰিছে ৷ সামাজিক মাধ্যমত এখন যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰা হৈছে ৷ সেনা হত্যাৰ বিনিময়ত প্ৰতিশোধৰ অগ্নী দাঔ দাঔ কৈ জ্বলাই দিয়া হৈছে ৷ প্ৰতিশোধৰ কাৰণে পুনৰ এচাম ধৰ্মান্ধই সাম্প্ৰদায়ীক নেতাক শাসক পাতিবলৈ শ্বহীদ জোৱানৰ ছিন্ন-ভিন্ন অংগক লৈ জনতাৰ ওচৰত ভোট ভিক্ষা কৰিছে ৷ কি চমৰ লজ্জাজনক ৰাজনীতি !? ভোটৰ ৰাজনীতিত শ্বহীদৰ আত্মবলিদাননো ৰাজনীতিকৰ পণ্য হ'য় ৷

সুৰক্ষা বাহিনী জোৱানৰ মৃত্যুত আৱেগিক হৈ পৰা যুৱশক্তিয়ে নিজে পাকিস্থানত প্ৰৱেশ কৰি দেশৰ শত্ৰুক হত্যা আৰু দেশৰ জনতাক সুৰক্ষা কৰা অধিকাৰ দাবী কৰিছে ৷ এই দাবীয়ে নিশ্চিত ভাৱেই জনতা আৰু দেশৰ প্ৰতি থকা গুৰু দায়িত্বৰ কথা দেশৰ মুৰব্বী গৰাকীক সুঁৱৰাই দিছে ৷ পিছে, পৰিতাপৰ কথা এয়ে যে, ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পাছতো দেশৰ প্ৰধান মুৰব্বীজনে দেশবাসীক সম্বোধন কৰা নাই ৷ দেশবাসীৰ প্ৰতি দিয়া নাই আশ্বাস আৰু বিশ্বাসৰ বানী ৷ সাধাৰণ এটা টুইতটে নিজৰ দায়িত্ব শেষ ৷

বৃহস্পতিবাৰে সংঘটিত আক্ৰমণত যি সকল বীৰ জোৱানে সন্ত্ৰাসবাদীৰ হাতত নিমিষতে প্ৰাণ হেৰুৱালে সেই সকলো জোৱান একো একোটা কৃষক পৰিয়ালৰ পৰা অহা ৷ অৰ্থাৎ তেওঁলোক পিছপৰা সমাজ, শ্ৰেণীৰ পৰা অহা ৷ গতিকে ধৰ্মীয় অনুশাসন, সাম্প্ৰদায়িক নীতিৰে চৰকাৰ চলোৱা দেশৰ মুৰব্বী গৰাকীয়ে শ্বহীদৰ আত্মবলিদানক "ৰাষ্ট্ৰীয় শোক" পালন কৰিবলৈ অস্বীকাৰ-অমান্তি হৈ নিজৰ গাদী ৰক্ষা কৰিবলৈ ৰাজ্যই ৰাজ্যই গৈ নিৰ্বাচনী সভাত ভাষণৰ ফুলজাৰী দি থাকিল ৷ দেশৰ প্ৰধান মুৰব্বীয়ে সাম্প্ৰদায়ীক ৰাজনীতি আৰু নিজৰ অপশাসনত ৪২ জন সৈনিক হেৰুৱাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ নকৰে কিয়?

এই প্ৰশ্নটো আপোনাক আঁচৰিত লাগিব যে, মৃত সৈনিকৰ ভিতৰত উচ্চ বৰ্ণৰ সৈন্য আছিল নে? অৰ্থাৎ ব্ৰাহ্মণ? নাই নাছিল ৷ সেই কাৰণেই দেশৰ ৪২ জন সৈনিক শ্বহীদ হোৱাৰ পাছতো সুৰক্ষা মন্ত্ৰালয়ে জনতাৰ আগত নিজৰ ভুল স্বীকাৰ কৰিবলৈ সন্মত নহ'য়; দেশৰ সুৰক্ষা উপদেষ্টা মণ্ডলীয়ে লজ্জাহীন ভাৱে নিজৰ আসন খামুচি ধৰি থাকিব পাৰিছে; কিয়? শ্বহীদ বীৰ জোৱান সকল একমাত্ৰ কৃষকৰ পুত্ৰ হোৱাৰ বাবেই তেওঁলোকৰ এনে অহংকাৰ আৰু অপমান?

প্ৰকৃত সত্য এয়ে যে, সন্ত্ৰাসবাদীৰ সাম্ভাৱ্য আক্ৰমণৰ আগতীয়া তথ্য পোৱাৰ পাছতো দেশৰ গৃহ বিভাগ, সুৰক্ষা মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী বিভাগে ৪২ জন সৈনিকক ৰাজনৈতিক নেতাৰ স্বাৰ্থৰ বাবে সন্ত্ৰাসবাদীৰ নৃশংসতাৰ মুখত এৰি দিলে ৷ ৰাজনৈতিক নেতাই সেনা জোৱানৰ মৃত্যুৰ পাছটো নিৰ্বাচনী প্ৰচাৰ ৰুদ্ধ কৰিবলৈ অমান্তি হ'ল ৷ সাম্প্ৰদায়িক শক্তিখিনিয়ে অহৰহ দেশভক্তী মজবুট কৰাৰ সমান্তৰালকৈ সাম্প্ৰদায়িক ঘৃণা বঢ়াই গ'ল ৷ কিয়?

দেশৰ সাম্প্ৰদায়িক প্ৰধান মুৰব্বীয়ে সৌ সিদিনা গুজৰাটৰ নেতা হৈ থাকোতে সন্ত্ৰাসবাদৰ হিচাপ দেশবাসীৰ হৈ আনক বিচাৰিছিল ৷ পিছে তেওঁৰেই নোটবন্দীত ককাল ভঙা সন্ত্ৰাসবাদীয়ে হিচাপ বিচৰা মুৰব্বীজনকে নাকত ধৰি চাকত ঘোৰালে ৷

নিৰাপত্তা বাহিনীৰ কটকটীয়া সুৰক্ষা বেষ্টনী, অতন্দ্ৰ তালাচি-পহৰাৰ মাজতো যেতিয়া দেশত সন্ত্ৰাসবাদীয়ে অনায়সে জনতাৰ জীৱন-সম্পত্তি ধ্বংস কৰে তেন্তে আমি সাধাৰণ জনতাই বুজিব লাগিব যে, শাসকৰ লগত ৰাক্ষকৰ অৱশ্যেই তাল মিল আছে ৷ ইটোয়ে সিটোৰ পৰিপূৰক হৈ নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰি আহিছে ৷ ফলস্বৰূপে দেশভক্তিৰ নামত, দেশ সেৱাৰ নামত দেশৰ পিছপৰা বৰ্গ, আদিবাসী-জনজাতিয়ে সময়ে সময় শাসক আৰু ৰাক্ষকৰ নৃংশস চিকাৰ হ'ব লগা হৈছে ৷

দেশৰ সীমাৰ সিপাৰৰ শত্ৰুতকৈ সীমাৰ ভিতৰত থকা শত্ৰুই শত শত বছৰৰ পৰা আমাৰ অধিকাৰক অধিক অন্যায়ৰে হত্যা কৰি আহিছে ৷ সংবিধানিক মুলভুত সালসলনিৰে আৰ্থিক আধাৰত সংৰক্ষণ; বিশ্বঃবিদ্যালয়ৰ সলনি বিভাগৰ আধাৰত সংৰক্ষণ ব্যৱস্থাৰে সাম্প্ৰদায়িক চৰকাৰে দেশৰ মুলনিবাসীৰ ওপৰত উচ্চ বৰ্ণৰ শোষকীয় চৰিত্ৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰা নাই নে? দেশৰ মনুস্মিতিৰে সংবিধানলৈ অনা সংকট, সাম্প্ৰদায়িকতাৰে অনা গণতন্ত্ৰলৈ  সংকট, আদিবাসী-জনজাতিৰ জমিন আৰু উৎপাদনৰ সংসাধনলৈ সমুচিত বিতৰণ আৰু প্ৰশ্নলৈ অনা সংকটক ঢাকি ৰাখিবলৈকে শাসক বৰ্ণই সময়ে সময়ে বিদেশী সন্ত্ৰাসবাদৰ পৃষ্টপোষকতা কৰি আহিছে ৷

সত্যটো এয়ে যে, আজিৰ সন্ত্ৰাসবাদৰ নৃশংসতা বিশ্বক দেখুৱাই নিজৰ সন্ত্ৰাসবাদ ঢাকিব বিচৰা শোষকে শত শত বছৰৰ পূৰ্বৰ পৰা এই দেশৰ প্ৰকৃত নগৰিকৰ সামাজিক পৰিচয় কাঢ়ি ভুমিহীন কৰি আহিছে ৷ যি দেশৰ নাগৰিকৰে ভুমি অধিকাৰ নাই সেই দেশৰ শোষকে কাক লৈ ৰাষ্ট্ৰভক্তি ৰাজনীতি কৰিব বিচাৰিছে? নিৰ্বাচনৰ প্ৰকমহূৰ্তত দেশ মিছলীয়া মুৰব্বীয়ে যুদ্ধৰ পৰিৱেশ ৰচনাৰে আকৌ কোন নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদ চলাব বিচাৰিছে ??

No comments:

Post a Comment

Thank you.