সন্ত্ৰাসবাদীৰ আঁৰৰ সন্ত্ৰাসবাদী


ধৰ্মান্ধ ৰাষ্ট্ৰবাদী শোষকৰ সুযোগ সন্ধানঃ

Terrorism free india; 44 soldiers killed in pulwama, kashmir


কিছুদিন আগতে আমেৰিকাৰ গুপ্তচৰ সংস্থা চিআইএ তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমহূৰ্তত ভাৰতবৰ্ষত ভয়ংকৰ সাম্প্ৰদায়ীক সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷ পৰিণাম কাশ্মীৰৰ পুলৱামাত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আত্মঘাটি আক্ৰমণ… ৷ হ'য়টো সামৰিক বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছত এতিয়া দেশত পাকিস্থানৰ প্ৰতি তীব্ৰ ঘৃণা তথা মুছলমান সম্প্ৰদায়ৰ প্ৰতি অন্য হিন্দু ধৰ্মৰ কট্টৰ বেপাৰী সকলে ঘৃণাৰ বিষবাষ্প বহলাবলৈ এটা ডাঙৰ সুযোগ পালে ৷

যিখন দেশৰ প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চ্ বুকু সেই দেশৰ সেনাই বিনা সংঘৰ্ষৰে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ছিন্ন-ভিন্ন হৈ ছহিদ হোৱাত দেশৰ মুৰব্বীজন চৰম ধিকাৰযোগ্য আৰু গৰিহণাৰ যোগ্য ৷ দেশৰ চোৰাংচোৱা বিভাগে যোৱা ৮ ফেব্ৰুৱাৰীত সামৰিক বাহিনীৰ ওপৰত সাম্ভাব্য আক্ৰমণৰ তথ্য উৰ্দ্ধতন বিভাগলৈ পঠিয়াইছিল ৷ কিন্তু সীমা সিপাৰৰ সন্ত্ৰাসবাদীক ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ দম্ভ প্ৰচাৰ-প্ৰসাৰত ব্যস্ত থকা হিন্দু ৰাষ্ট্ৰবাদী কোম্পানীয়ে চোৰাংচোৱাৰ তথ্যৰ ওপৰত কোনো গুৰুত্ব নিদিলে ৷

দেশৰ চোৰাংচোৱাই মুম্বাইত সংঘটিত ২৬/১১ কাণ্ডৰ বিষয়ে বহু আগতেই সতৰ্ক কৰি দিছিল ৷ পিছে চোৰাংচোৱাৰ সতৰ্কবানী নুশুনাৰ পৰিণাম সমগ্ৰ দেশে ভোগিব লগা হৈছিল ৷ একেই ঘটনা পাঠানকোট, উৰিটো সংঘটিত হৈছিল ৷ নাছোৰবান্দা আছিল মুনাফাখোৰ ব্ৰাহ্মণবাদী ৰাজনৈতিক দলবোৰ ৷ চোৰাংচোৱাৰ গোপন খবৰকো কবৰ দি মন্দিৰ, হিন্দু-মুছলমান আৰু পাকিস্থানৰ প্ৰসংগ উত্থাপনৰে নিজৰ ৰাজনৈতিক লাভালাভত ব্যস্ত থকা নেতা-পালিনেতাৰ কাৰণে দেশে শ শ সৈনিকক অকালতে সন্ত্ৰাসবাদীৰ হাতত হেৰুৱাব লগা পৰিস্থিতি হৈছে ৷

Intelligence Agency Report of Pulwama, kashmir
সন্ত্ৰাসবাদীৰ সাম্ভাব্য আক্ৰমণক লৈ চোৰাংচোৱা বিভাগৰ সতৰ্কবাণী

কাশ্মীৰ ভেলীৰ পুলৱামাত দেশৰ সামৰিক বাহিনীৰ কনভয়ত বৃহস্পতিবাৰে  সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক একে আষাৰে সীমা সিপাৰৰ সন্ত্ৰাসবাদীৰ সন্ত্ৰাস নতুবা কাশ্মীৰৰ বিছিন্নতাবাদী আন্দোলনৰ হিংসাত্মক অংশবিশেষ বুলি কোৱাটো অলপ সন্দেহ থাকি যায় ৷ কাৰণ এনে আক্ৰমণবোৰৰ পূৰ্ৱে দেশৰ চোৰাংচোৱাই অতি স্পৰ্শকাতৰ আগতীয়া সতৰ্কবানী গৃহ মন্ত্ৰাণালয়ক জনাই আহিছে ৷ চোৰাংচোৱাৰ সতৰ্কবাণীৰ পাছতো যদি দেশৰ সৈন্যৰ ওপৰত, জনতাৰ ওপৰত সন্ত্ৰাসবাদীৰ অমানৱীয় বৰ্বৰ নৰমেধ যজ্ঞ আৰম্ভ হ'য় তেন্তে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনৈতিক সংস্থা সমূহৰ নেতৃত্বৰ ওপৰতো যথেষ্ট গম্ভীৰ প্ৰশ্ন উত্থাপন হ'য়, হোৱা উচিত ৷ তদুপৰি দেশক হতম্ভৱ কৰা সন্ত্ৰাসবাদী বৰ্বৰতাৰ সৈতে নিশ্চিত ভাৱেই ৰাজনৈতিক ষড়যন্ত্ৰ, ৰাজনৈতিক উৎপীড়ন, উদ্দেশ্য অৱশ্যেই নিহিত থাকিব লাগিব ৷

দেশৰ সুৰক্ষাত নিয়োজিত, পৰিয়াল, ঘৰৰ ইত্যাদিৰ পৰা আঁতৰত থাকি দেশ আৰু দহৰ কাৰণে অতন্দ্ৰ জাগ্ৰত পহৰী হৈ নিজৰ দায়িত্ব অতি নিষ্ঠাৰে দেশক সেৱা আগবঢ়াই অহা ভাৰতীয় সৈন্যৰ ওপৰত কৰা সন্ত্ৰাসবাদী কোনো বৰ্বৰ আক্ৰমণকে আমি মানি নলওঁ, সহ্য নকৰো ৷ কিন্তু সন্ত্ৰাসবাদীৰ সাম্ভাব্য আক্ৰমণৰ তথ্য আগতীয়াকৈ লাভ কৰাৰ পাছতো সাত সাৱতি বহি থাকি ৰাজনৈতিক মুনাফা বুটলা ৰাষ্ট্ৰ পৰিচালনা কৰা নেতাৰ ধৃতষ্টাটায়ো সন্ত্ৰাবাদীৰ বৰ্বৰতাৰ সমানে কম নহ'য় ৷



ৰাষ্ট্ৰ আৰু জনতাৰ প্ৰতি থকা দায়িত্ব আৰু উন্নয়নৰ শপত জনতাৰ চকুত লুকোৱাবলৈ ভাৰতৰ ৰাজনৈতিক শোষক বণীয়াই কৰা নাই কি? সম্ভৱতকৈ অনেক অসম্ভৱ নকৰিবলগীয়া কৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ পাছত মানুহৰ মাজত আৱেগৰ ঢল বোৱাই দিছে ৷ উন্নয়নৰ হিচাপতকৈ মানুহে ধৰ্ম বিচাৰ কৰি সন্ত্ৰাসবাদীৰ ঠিকনা সুধিছে, ধৰ্মীয় সম্প্ৰদায়ৰ ওপৰত সন্ত্ৰাসবাদীৰ পৰিচয়ৰে ঘৃণা-তিৰস্কাৰ সুদৃঢ় কৰি সাম্প্ৰদায়ীক ভেটি নিৰ্মাণ কৰিছে ৷ ধৰ্মীয় মেৰুকৰণৰে শোষকৰ আসন গদগদ কৰাত সফল হৈছে ৷ ইয়াতকৈ আৰু তেওঁলোকক কি লাগিছে? বিনিময়ত দুজন সৈনিক ছহিদ সৈছে ৷ ছহিদৰ পৰিয়ালক ঘৰিয়ালৰ চকুপানী টুকি টুকি দুটকামান টকা দিয়ে দায়িত্ব সামৰিছে ৷

দেশত কটকতীয়া নিৰাপত্তা বেষ্টানী থকাৰ পাছতো নিৰ্বিঘ্নে সন্ত্ৰাসবাদীয়ে দেশৰ সম্পদ, জনতা, সুৰক্ষা কৰ্মীৰ ওপৰত অতৰ্কিতে ভয়ংকৰ, বৰ্বৰ আক্ৰমণ এটাৰ পাছত এটাকৈ সংঘটিত কৰি গৈছে ৷ তাৰ পাছতো শাসকীয় পক্ষই জনতাক অভুৱাভৰা সুৰক্ষা দিয়াৰ কথা আওঁৰাই আহিছে ৷ ইয়াৰ অৰ্থ কি? কাক লৈ আপোনালোকে ৰাজনীতি কৰিছে, কি পাবলৈ আপোনালোকে নিৰীহ জনতা, দেশৰ অমূল্য সম্পদ, সুৰক্ষা কৰ্মীৰ ওপৰত সন্ত্ৰাসবাদীৰ লক্ষ্য কৰাইছে? দেশৰ জনতাই ৰাতি বিচনালৈ যোৱাৰ আগমহূৰ্তত নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিবনে? এগৰাকী মাতৃয়ে তেওঁৰ সন্তানে সীমান্তত শত্ৰু সৈতে বিনা সংঘৰ্ষই আওমৰণে ছহিদ হোৱা যে নাই সেই কথা এগৰাকী মাতৃক পতিয়ন নিয়াব পাৰিব নে? ছহিদ পৰিয়ালৰ মৰ্মবেদনা আপোনালোকে অনুভৱ কৰিব পাৰিবনে?

মই সুধিছো, বিশ্ব সন্ত্ৰাসবাদী ওছামা বিন লাডেনে ২০০১ চনত চুপাৰ পাৱাৰ আমেৰিকাক কৰা ভয়ংকৰ আক্ৰমণৰ পাছত দ্বিতীয় বাৰ ওছমা বাহিনীৰ লগতে অন্য সন্ত্ৰাসবাদী সংগঠনে আমেৰিকাত প্ৰৱেশ কৰি তেনে ভয়ংকৰ আক্ৰমণ কৰিবলৈ কিমানবাৰ সুযোগ পাইছে? দেশ পৰিচালনা কৰা সদাগৰ বনিয়াই আমাৰ এই প্ৰশ্নৰ উত্তৰ দেশৰ সমগ্ৰ জনগণক অৱশ্যেই দিব লাগিব? আপোনালোকে আমাৰ প্ৰশ্নৰ পৰা আঁতৰি থাকিলে নহ'ব ৷ যদি দেশৰ জনতাৰ, দেশৰ সৈন্যৰ সুৰক্ষাৰ দায়িত্ব বহন কৰিব নোৱাৰিলে জনগণক শাসন কৰাৰ অধিকাৰ আপোনালোকৰ নাই, নাথাকে ৷

সামন্তীয় শোষণবাদী ৰাষ্ট্ৰ পৰিচালনাকাৰী সকল, ক্ষমতাৰ বাহিৰে আপোনালোকক আৰু লাগে কি? ক্ষমতাৰ ৰাগিত আপোনালোকে সন্ত্ৰাসবাদী সংগঠনৰ লগতো জনতাৰ দৰ-দাম কৰে, সৈনিকৰ ওপৰত আক্ৰমণ কৰোৱাই বাহ বাহ ল'য় ৷ আপোনালোকৰ ব্যৰ্থতা ঢাকিবলৈ দেশত সাম্প্ৰদায়ীকতাৰ বীজ সিচে, ধৰ্মক উপাসনা কৰে ৷ ঘৃণা, জীংঘাঘা সৃষ্টিৰ বাহিৰে আপোনালোকৰ আন একো কৰ্তৃত্ব নাই ৷ দেশৰ আই-ভনীয়ে পথলৈ ওলাব নোৱাৰে কাৰণ বাটত আপোনালোকে ধৰ্ষণকাৰীক পোহ-পাল দি ৰাখিছে ৷ কৃষকৰ ফচলৰ ধন অঢ্যৱন্ত উদ্যোগপতিক দিয়াত কৃষকে পথাৰতে আত্মহত্যা কৰিছে ৷ এই ঘটনাবোৰ আপোনালোকে নুশুনিব কাৰণ আপোনালোকে না কৃষক না আপোনালোকৰ মাতৃ-কণ্যা আছে ৷

সময় সমাগত, দেশৰ জনতাই গম্ভীৰতাৰে চিন্তা-বিচাৰ কৰিবৰ হ'ল ৷ সীমাৰ সিপাৰৰ বৰ্বৰ সন্ত্ৰাসবাদীৰ সমানে ঘৰৰ ভিতৰতো সন্ত্ৰাসবাদী উৎপীড়ন চলাই যোৱা শুভ্ৰ সন্ত্ৰাসবাদী পোছাক পৰিহিতা সকলক চিনাক্ত কৰি উলিয়াবৰ হ'ল ৷ ধৰ্মৰ নামত সাম্প্ৰদায়ীকতাৰ পাশাখেল খেলি শাসন ক্ষমতা লাভ কৰা সকলক চিনাক্ত কৰি সমাজ বৰ্জিত কৰিবৰ হ'ল ৷ অন্যথা সিহঁতৰ ধৰ্মীয় সাম্প্ৰদায়ীকতাৰ পাশাখেলত আপোনাৰ মোৰ মাতৃ-কণ্যা নিলামত যাব, ধন-সম্পদ আৰু নিৰাপত্তা কাঢ়ি লৈ গোলামী জীৱনৰ মাজলৈ ঠেলি দিব ৷ দেশৰ অসংখ্য মাতৃয়ে সীমান্তত থকা তেওঁৰ সৈন্য পুত্ৰই সন্ত্ৰাসবাদীৰে সংঘৰ্ষ অবিহনে মৃত্যু হোৱা খবৰৰ যাতনা পাই হিয়া ঢাকুৰি কান্দিব ৷

দেশৰ সামৰিক বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সুযোগতে ধৰ্মান্ধ ৰাষ্ট্ৰবাদী শোষকে "ইভিএম কেলেংকাৰী, অৰ্থনৈতিক আধাৰত সংৰক্ষণ, কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত ১৩ পইন্ট ৰোষ্টাৰ, দেশৰ উন্নয়ন, গৰিৱ-গঞাৰ বিকাশ, জনতাৰ ধন হিন্দুত্বত খৰচ" আদি বৃহৎ বৃহৎ ইচ্চুক পূৰ্ণ গাপ নতুবা এই সমস্যাসমূহৰ পৰা দেশৰ জনতাৰ দৃষ্টি অন্য ফাললৈ নিয়াৰ ষড়যন্ত্ৰত সফল যাতে হ'ব নোৱাৰে তাৰ প্ৰতি জনতাই সতৰ্ক হ'ব লাগিব ৷ কাৰণ সন্মুখত নিৰ্বাচন ৷৷

বৰ্বৰ সন্ত্ৰাসবাদী নিপাত যাওঁক,
ধৰ্মীয় সাম্প্ৰদায়ীকতাৰ ৰাজনীতি নিপাত যাওঁক ৷৷