জনজাতিৰ অধিকাৰ কাঢ়ি কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত উচ্চ বৰ্ণৰ দপদপনিঃ
দেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ মহূৰ্তত উচ্চ বৰ্ণক কিমিলিয়েৰবিহীন ১০% সংৰক্ষণৰ সুবিধা আৰু কেন্দ্ৰীয় চৰকাৰৰ "হিন্দুত্ব নিৰ্মাণ যোজনা"ৰ অধিনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কাৰ্য্যকাৰী কৰাৰ বিৰুদ্ধে দেশব্যাপি প্ৰৱল প্ৰতিৰোধৰ ঢৌ উঠি থকাৰ সময়তে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি শাসিত চৰকাৰে দেশৰ অনুসূচীত জাতি আৰু জনজাতিৰ বিৰুদ্ধে পুনঃবাৰ সক্ৰিয় হৈ কেন্দ্ৰীয় বিশ্বলবিদ্যালয়ৰ পৰা আঁতৰাই দিলে সংৰক্ষিত ব্যৱস্থা ৷ মোডী চৰকাৰে শেষতীয়াকৈ দেশৰ ৪০ খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ৰ পৰা অনুসূচীত জাতি আৰু জনজাতি শিক্ষক নিযুক্তি ব্যৱস্থাত থকা সংৰক্ষণ চিৰ কাললৈ লুপ্ত কৰি সংৰক্ষণৰ সলনি SC/ST শিক্ষক নিযুক্তিত ধাৰ্য্য কৰি দিলে ১৩ পইন্ট ৰোষ্টাৰ নতুন নিয়ম ৷
দেশৰ বিশ্বঃবিদ্যালয় সমূহত শিক্ষক নিযুক্তিত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অবিচি বৰ্গক সাংবিধানিক সংৰক্ষণ দিয়াৰ ক্ষেত্ৰত ১৩ পইন্ট ৰোষ্টাৰ কাৰ্য্যকৰী কৰিবলৈ ইলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক দেশৰ মহামান্য সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা সঠিক সিধান্ত ঘোষণা কৰাৰ পাছতেই দেশৰ অগণন SC/ST আৰু OBC বৰ্গৰ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত একেবাৰে অনিশ্চিত হৈ পৰিছে ৷ আটাইতকৈ ডাঙৰ কথা এয়ে যে, বিশ্বঃবিদ্যালয় সমূহত ১৩ পইন্ট ৰোষ্টাৰ হিচাবত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন আহিলেও ১৩ পইন্টৰ আওঁতালৈ নাহিব জনজাতীয় প্ৰাৰ্থীসকল অথাৎ দেশৰ যিকোনো বিশ্বঃবিদ্যালয়তে অনুসূচীত জনজাতিৰ যুৱক-যুৱতীয়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ সাংবিধানিক সুবিধাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ পৰিব ৷
উল্লেখ্য যে, দেশৰ বিশ্বঃবিদ্যালয় সমূহত শিক্ষক নিযুক্তিৰ বাবে ২০০ পইন্ট ৰোষ্টাৰৰ অধিনত সংৰক্ষণৰ ব্যৱস্থা আছিল ৷ এই ব্যৱস্থাৰ অধিনত বিশ্বঃবিদ্যালয় সমূহক এক ইউনিট ধৰা হৈছিল ৷ যাৰ দ্বাৰা ১ ৰ পৰা ২০০ পদৰ বাবে ৪৯•৫ শতাংশ সংৰক্ষিত বৰ্গ আৰু ৫০•৫ শতাংশ অ-সংৰক্ষিত বৰ্গৰ বাবে নিযুক্তি ব্যৱস্থা আছিল ৷ বিশ্বঃবিদ্যালয়ক যেতিয়া এক ইউনিট ধৰা হৈছিল তেতিয়া সকলো বৰ্গৰ প্ৰাৰ্থীয়ে সমানে নিযুক্তিৰ সুবিধা পাবলৈ সক্ষম হৈছিল ৷ কিন্তু বিশ্বঃবিদ্যালয়ক ইউনিট ধৰাৰ সলনি এতিয়া ১৩ পইন্ট ৰোষ্টাৰৰ অধিনত বিশ্বঃবিদ্যালয়ৰ বিভাগসমূহক ইউনিট হিচাপে ধৰা হৈছে ৷ সেই হিচাপত প্ৰথম, দ্বিতীয়, তৃতীয় পদ সাধাৰণ বৰ্গৰ বাবে ৰখা হৈছে ৷ চতুৰ্থ পদ অবিচি কেটেগেৰীৰ বাবে, পঞ্চম আৰু ষষ্ঠ পদ আকৌ সাধাৰণ বৰ্গৰ বাবে ৷ সপ্তম পদ অনুসূচীত জাতিৰ কাৰণে, অষ্টম পদ অবিচি বৰ্গৰ বাবে ৷ নৱম, দশম আৰু একাদশ পদ আকৌ সাধাৰণ বৰ্গৰ বাবে ৷ দ্বাদশ পদ অবিচিৰ বাবে ৷ ১৩তম পদ সাধাৰণ বৰ্গৰ বাবে ৷ ১৪তম পদ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত থাকিব ৷ অনুসূচীত জনজাতিৰ শূণ্য ৷
বিশ্বঃবিদ্যালয় সমূহত ১৩ পইন্ট ৰোষ্টাৰ কাৰ্য্যকাৰী ফলত দেশৰ আদিৱাসী-জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষকতা চাকৰিত নিযুক্তিৰ সুযোগ নিশ্চয়তা একেবাৰে নোহোৱা হৈ পৰিব ৷ কাৰণ বিশ্বঃবিদ্যালয়ৰ বিভাগ সমূহত বৃহৎ সংখ্যক চাকৰিৰ ওলোৱাৰ অধিসূচনা কেতিয়াও জাৰী নহ'য় ৷ ১৪তম সংখ্যালৈ বগাই বগাই পায়গৈ মানে অনুসূচিত জনজাতিৰ বাবে সাংবিধানিক সংৰক্ষণ নিষ্ক্ৰিয় হৈ পৰিব ৷ যদিও ১৩ পইন্ট ৰোষ্টাৰ ক্ৰমানুসাৰে চলে তেন্তে বিভাগক ইউনিট হিচাপত ধৰিলে একেবাৰতে ১৪টা পদ ওলোৱাটো অসম্ভৱ ৷ জৱাহৰলাল নেহেৰু বিশ্বঃবিদ্যালয়, আলিগড় মুছলিম বিশ্বঃবিদ্যালয়, দিল্লী বিশ্বঃবিদ্যালয়, বানাৰস হিন্দু বিশ্বঃবিদ্যালয়, হাদৰাবাদ কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ৰ ওপৰিও দেশৰ অন্যান্য বিশ্বঃবিদ্যালয়ত এনে কিমান বিভাগ আছে যিবোৰত এজন, দুজন কিম্বা মাত্ৰ তিনিজন প্ৰফেচাৰে সৰহ সংখ্যক বিভাগ সঞ্চালিত কৰি আহিছে ৷ এনে বিভাগত কেতিয়াও SC, ST আৰু OBC য়ে নিযুক্তি লাভ কৰা পুৰামাত্ৰাই সম্ভাৱনা নাই ৷
১৩ পইন্ট ৰোষ্টাৰৰ হিচাপত বিশ্বঃবিদ্যালয়ৰ বিভাগক ইউনিট ধৰাৰ পাছত কিমান বছৰৰ পাছত অনুসূচীত জনজাতিৰ নম্বৰ আহিব তাক সহজে বুজা অনুমেয় ৷ কাৰণ ১৩ অংকৰ ৰোষ্টাৰত ১, ২, ৩ ৰে ক্ৰম ধৰি ১৩ অংকত গৈ ৰোষ্টাৰ সমাপ্ত হ'বগৈ ৷
২০০ পইন্ট ৰোষ্টাৰ আৰু ১৩ পইন্ট ৰোষ্টাৰক লক্ষ্য কৰাৰ কাৰনটো হ'ল, ১৩ পইন্ট ৰোষ্টাৰত ১৪ নম্বৰৰ পাছত পুনৰ ১,২,৩,৪ আৰম্ভ হৈ যাব আৰু ১৪ নম্বৰতৈ গৈ সমাপ্ত হৈ পৰিব ৷ ইয়াৰ বিপৰিতে ২০০ অংকৰ ৰোষ্টাৰত ১ ৰ পৰা আৰম্ভ হৈ ২০০ অংকৰ ৰোষ্টাৰলৈকে গৈ পুনৰ ১,২,৩… হৈ ক্ৰমান্বয়ে ২০০ অংকৰ ৰোষ্টাৰত গৈ সমাপ্ত হ'য় ৷ ২০০ অংকৰ ৰোষ্টাৰত পুনঃ ১,২,৩… ক্ৰম ধৰি আকৌ ২০০ অংকত গৈ সমাপ্ত হ'য় ৷ ২০০ অংকৰ ৰোষ্টাৰৰ স্থিতিত অনিবাৰ্য্য ভাৱেই ST, SC, OBC বৰ্গৰ বাবে পদৰ ক্ৰম নিশ্চিত হৈ আহি পৰে ৷ ২০০ অংকৰ ৰোষ্টাৰত বিশ্বঃবিদ্যালয়ৰ অনুদান আয়োগ আৰু যি কোনো বিশ্বঃবিদ্যালয়ক অনিবাৰ্য ৰূপত ইউনিট ধৰিব লগা হ'য়; ফলস্বৰূপে এনে অৱস্থাত দেশৰ ST, SC, OBC সকলে লোকতান্ত্ৰিক, সামাজিক আৰু সাংবিধানিক ন্যায় লাভ কৰিবলৈ সক্ষম হ'য় ৷ কিন্তু দেশৰ শাসনত থকা মনুবাদী, ব্ৰাহ্মণ্যবাদী বিজেপি চৰকাৰে পিছদুৱাৰেদি বিশ্বঃবিদ্যালয় সমূহত নাম মাত্ৰ ১৩ অংক(পইন্ট)ৰ ৰোষ্টাৰ কাৰ্যকাৰী কৰি সমগ্ৰ দেশৰ ST, SC আৰু OBC সকলৰ সাংবিধানিক অধিকাৰ সমূলি ধ্বংস কৰিব বিচাৰিছে ৷
দেশৰ কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় সমূহত ৰোষ্টাৰ ব্যৱস্থা কাৰ্যকাৰী কৰাৰ সিদ্ধান্ত ২০০৬ চনত প্ৰথম পোহঁৰলৈ আহে ৷ সেই সময়ত কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় সমূহত অন্যান্য পিছপৰা শ্ৰেণী(OBC)ৰ কাৰণে সংৰক্ষণৰ আধাৰত নিযুক্তি প্ৰশ্নৰ সমাধানকল্পে কংগ্ৰেছৰ নেতৃত্বধীন তৎকালিন ইউপিএ চৰকাৰৰ ডিঅপিটি মন্ত্ৰণালয়ে ২০০৫ চনত বিশ্বঃবিদ্যালয় অনুদান আয়োগ(ইউজিচি)ক পত্ৰ প্ৰেৰণ কৰি বিশ্বঃবিদ্যালয় সমূহত সংৰক্ষণ ব্যৱস্থা দূৰ কৰাৰ নিৰ্দেশ দিয়ে ৷ তেতিয়া ইউজিচিৰ তৎকালিন অধ্যক্ষ প্ৰফেচাৰ বিএন ৰাজশেসৰন পিল্লাইয়ে প্ৰফেচাৰ ৰাৱচাহাব কালেৰ অধ্যক্ষতাত সংৰক্ষণক লৈ এক সূত্ৰ উলিয়াবলৈ তিনি সদস্যৰে এখন সমিটি গঠন কৰি দিছিল ৷ এই সমিটিখনতে আইনবিদ প্ৰফেচাৰ জশ বৰ্গিজ আৰু ইউজিচিৰ তৎকালিন সচিব ডা° আৰ কে চৌহান অনুভুক্ত আছিল ৷
প্ৰফেচৰ কালে সমিটিয়ে শ্ৰমিক আৰু প্ৰশিক্ষণ(ডিঅপিটি) মন্ত্ৰণালয়ৰ ০২ জুলাই ১৯৯৭, যিটো উচ্চতম ন্যায়ালয়ৰ সব্বৰৱাল ৰায়দানৰ আধাৰত তৈয়াৰ হোৱা নিৰ্দেশনাক ভিত্তি হিচাপে লৈ ২০০ অংকৰ ৰোষ্টাৰ তৈয়াৰ কৰে ৷ সেই হিচাপে ইয়াত যিকোনো বিশ্বঃবিদ্যালয়ৰ সকলো বিভাগত কৰ্মৰত সহকাৰী প্ৰেফেচাৰ, সহযোগী প্ৰফেচাৰ আৰু প্ৰফেচাৰৰ মিলাই তিনিটা স্তৰৰ পদবী গঠন কৰিবলৈ সন্মত হ'য় ৷ সমিটিখনে বিভাগৰ সলনি বিশ্বিঃবিদ্যালয় আৰু কলেজসমূহক ইউনিট হিচাপে ধৰি সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ কাৰণ উক্ত পদবী সমূহত কেৱল বিশ্বঃবিদ্যালয়েহে নিযুক্তি দিবলৈ ক্ষমতা আছে; বিভাগসমূহৰ ওচৰত তেনে ক্ষমতা নাই ৷
২০০ অংকৰ ৰোষ্টাৰে দেশৰ ST, SC, OBC সকলৰ প্ৰতি সুযোগ দিয়াত বেনাৰস হিন্দু বিশ্বঃবিদ্যালয়ৰ কট্টৰ হিন্দুবাদী বিবেকান্দ তিৱাৰী নামৰ এজন উচ্চ বৰ্ণৰ ছাত্ৰই সমিটিখনৰ ২০০ অংকৰ ৰোষ্টাৰৰ বিৰুদ্ধে ইলাহবাদ হাই কৰ্টত গোচৰ ৰুজু কৰে ৷ হাই কৰ্টে ২০০ অংকৰ ৰোষ্টাৰৰ পৰিৱৰ্তে ১৩ অংক(পইন্ট)ৰ ৰোষ্টাৰ বিশ্বঃবিদ্যালয় সমূহত কাৰ্যকাৰী কৰিবলৈ ৰায়দান কৰে ৷ হাইকৰ্টৰ ৰায়দানত বিশ্বঃবিদ্যালয়ৰ বিভাগক ইউনিট হিচাবে বিবেচনা কৰাত সংৰক্ষণ আঁতৰি ১৩ অংকৰ ৰোষ্টাৰ ব্যৱস্থা আহি পৰে ৷ ফলস্বৰূপে ১৩ অংকৰ পাছত ১৪তম পদ আহি পৰিলেহে অনুসূচীত জনজাতিৰ বাবে থাকিব ৷ যিহেতু ১৩ অংকৰ ৰোষ্টাৰ ১৩ অংকতেই সমাপ্ত হৈ অন্ত পৰিব, তেনে ক্ষেত্ৰত ১৪তম পদ জনজাতিৰ কাৰনে অহাৰ সম্ভাৱনা একেবাৰেই নাই ৷
বিশ্বঃবিদ্যালয়ত সংৰক্ষণ সমাপ্ত কৰা উচ্চবৰ্ণ সকল…
প্ৰথম, সংৰক্ষণ ততা ২০০ অংকৰ ৰোষ্টাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপা প্ৰথম ব্যক্তি হ'ল বিবেকানন্দ তিৱাৰী ৷ তেওঁ বৰ্ণত ব্ৰাহ্মণ ৷
দ্বিতীয়, বিবেকানন্দ তিৱাৰীৰ উকিল হ'ল বিমলেন্দু ত্ৰিপাঠী ৷ বৰ্ণত তেওঁও ব্ৰাহ্মণ…
তৃতীয়, সংৰক্ষণৰ বিষয়ত ভাৰত চৰকাৰৰ পক্ষ লোৱা উকিল অশোক মেহতা এজন গোজৰাটী ব্ৰাহ্মণ ৷
চতুৰ্থ, বেনাৰস হিন্দু বিশ্বঃবিদ্যালয়ৰ উকিল এ কে উপাধ্যায়ও বৰ্ণত ব্ৰাহ্মণ ৷ তেওঁ সেই সময়ত বেনাৰস হিন্দু বিশ্বঃবিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ৷
পঞ্চম, বিশ্বঃবিদ্যালয়ৰ অনুদান আয়োগৰ উকিল আছিল বি কে শুক্লাও৷ বৰ্ণত তেওঁও ব্ৰাহ্মণ ৷
ষষ্ঠ, হাই কৰ্টত সংৰক্ষণৰ বিৰুদ্ধ নিৰ্ণয়(ৰায়) দিয়া ন্যায়াধীশ হ'ল বিক্ৰম নাথ আৰু দয়া শংকৰ ত্ৰিপাঠী ৷ বৰ্ণত এওঁলোক দুজনো ব্ৰাহ্মণ ৷
সপ্তম, সেই সময়ত চৰকাৰৰ মানৱ বিকাশ মন্ত্ৰণালয়ৰ মন্ত্ৰী আছিল পণ্ডিত প্ৰকাশ জাৱেদকাৰ ৷ বৰ্ণত তেওঁও ব্ৰাহ্মণ ৷
অষ্টম, শিক্ষা বিভাগ(ভাৰত চৰকাৰ)ৰ মন্ত্ৰী আছিল আৰ সুব্ৰমণিয়াম ৷ বৰ্ণত তেওঁ এজন ব্ৰাহ্মণ ৷
উচ্চ ন্যায়ালয়ত কি হৈছিল?
উচ্চ ন্যায়ালয়ত বিবেকানন্দ তিৱাৰীৰ উকিল "ত্ৰিপাঠী"য়ে সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে যুক্তি দাঙি ধৰে ৷ "নাথ" আৰু "ত্ৰিপাঠী" ন্যায়াধীশদ্বয়ে শেষত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে দেখুওৱা যুক্তি মানি ল'য় আৰু সংৰক্ষণৰ সপক্ষে যুক্তি দেখুৱা "উপাধ্যায়" আৰু "শুক্লা"ৰ দুৰ্বল যুক্তিক খাৰিজ কৰি দিয়ে ৷ অৰ্থাৎ বান্দৰে মেকুৰী আৰু কুকুৰৰ পিঠা ভগাই দিয়া সাধুৰ দৰে ৷
সৰ্বোচ্চ ন্যায়ালয়ত হোৱা বিচাৰ…
উচ্চ ন্যায়ালয়ৰ পৰা বিবাদিত বিষয়টোয়ে সৰ্বোচ্চ ন্যায়ালয়লৈ আহে ৷ এই ন্যায়ালয়তো ন্যায়াধীশ ক্ৰমে ইন্দীৰা বেনাৰ্জী আৰু পণ্ডিত ইউ ইউ ললিত ৷ অৰ্থাৎ দুই ন্যায়ধীশদ্বয় বৰ্ণত ব্ৰাহ্মণ ৷ ফলস্বৰূপে ST, SC আৰু OBC য়ে আইনী শেষ যুঁজখনতো পৰাজয় স্বীকাৰ কৰিব লগা হ'য় ৷ উচ্চ বৰ্ণই দেশৰ সাংবিধানিক সংৰক্ষণ অতি চতুৰতাৰে সমাপ্ত কৰি দিয়ে ৷ দুখন ন্যায়ালয়, দুয়ো পক্ষতে উচ্চ বৰ্ণৰ ব্ৰাহ্মণ ৷ ভাৰতীয় সংবিধানিক বিধিক আইনী চতুৰতাৰে অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰা কাঢ়ি নিশ্চিহ্নত কৰিলে ৷
সমগ্ৰ দেশৰ বিশ্বঃবিদ্যালয়ৰ পৰা সাংবিধানিক সংৰক্ষণ ব্যৱস্থা ধূলিসাৎ হৈ যোৱা বিষয়টোয়ে কোনো এটা ৰাষ্ট্ৰীয়-আঞ্চলিক সংবাদ প্ৰতিষ্ঠান, ইলেক্ট্ৰনিক-প্ৰিন্ট কোনো সংবাদতে পৰিৱেশীত নহ'ল ৷ কাৰণ ভাৰতীয় সংবাদ প্ৰতিষ্ঠানতো উচ্চ বৰ্ণৰ ১০০ শতাংশ দখল থকা বাবে উচ্চ বৰ্ণ ব্ৰাহ্মণে আইনী প্ৰক্ৰিয়াৰে ST, SC, OBC ৰ অধিকাৰ কাঢ়ি লোৱা বিষয়টোক একেই উচ্চ বৰ্ণৰ দখলত থকা ব্ৰাহ্মণ্যবাদী সংবাদ গোষ্ঠীয়ে পৰিৱেশীত কৰাৰ পৰা বিৰত থাকিল ৷