হিন্দু ধৰ্মৰ আঁৰত থকা শোষণবাদ

হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ আঁৰত কোন? 


Hindu Rashtra, Who is behind the creation of Hindu Nation?


ইছলামৰ ধৰ্মগ্ৰন্থ কোৰানত পৃথিৱীক গোলাকাৰ আকৃতিত থকা কথা কোৱাৰ বিপৰীতে হিন্দু সকলৰ ধৰ্মগ্ৰন্থ যদুৰ্বেদত ২/১২/১২ ত লিখা আছে যে, ধৰিত্ৰী একেবাৰে চেপেটা; যিটো একেবাৰে ভিত্তিহীন "দৈৱ বাণী" ৷

ভাগৱত পুৰাণ অধ্যায় ৫, শ্লোক ১/৩৩ সংখ্যাত লিখা আছ যে, মানুহে বসবাস কৰা পৃথিৱীত লুণীয়া সমুদ্ৰ, বাঁহীৰ ৰস, মদৰ সমুদ্ৰ, ঘী ৰ সমুদ্ৰ, গাখীৰৰ সমুদ্ৰ, মিঠা পানীৰ সমুদ্ৰ, গাখীৰ আৰু পানী সংমিশ্ৰণৰ সাগৰ এই সাতখন মহা-সমুদ্ৰ পোৱা যায় ৷ এই আটাইকেইখন মহা-সমুদ্ৰ পৃথিৱত যদি আছেই তেন্তে তেনে মহা-সমুদ্ৰৰ অস্তিত্বৰ বিষয়ে পৃথিৱীবাসীৰ লগতে বিজ্ঞানীয়ে কিয় সম্ভেদ উলিয়াবলৈ তথা দেখিবলৈ সক্ষম হোৱা নাই? 

ভাগৱত মহাপুৰাণ অধ্যায় ১০, শ্লোক ৯০/৪২ সংখ্যাত লিখা আছে যে, মহাৰাজ উগ্ৰসেনৰ এখন যুদ্ধত তেওঁৰ সৈনিকৰ সংখ্যা আছিল ১০০০০০০০০০০০০০ ৷ এবাৰ চিন্তা কৰক, পৃথিৱীত বৰ্তমান ৮ আৰৱ সংখ্যাই মানুহ নাই তেনে ক্ষেত্ৰত এজন ৰজাৰ সৈনিকৰ সংখ্যা সেই তেতিয়াৰ দিনত মানুহৰ সমখ্যাতকৈ কেনেকৈ বেছি হৈছিল ?

ভাগৱত পুৰাণত লিখা আছে যে, পৃথিৱীত এজোপা আম বৃক্ষ আছে যাৰ উচ্চতা ৯৯০০ মাইল ৷ তদুপৰি ভাগৱত মহাপুৰাণৰ ৮/২৪/৪৪ শ্লোকত ৬ লাখ মাইল দীঘল এজনী শিং লগা মাছৰ কথা উল্লেখ আছে ৷ এই ক্ষেত্ৰত কোনবা হিন্দু ধৰ্মৰ লোকে তেনে বৃহৎ উচ্চতাৰ আম গছ আৰু? ৬ লাখ মাইল দীৰ্ঘৰ মাছৰ সন্ধান দিব পাৰিব নে? 

পৌৰাণিক কথা মাতে হিমালয়ৰ উচ্চতা ২৫৬,০০০ মাইল ৷ ইয়াৰ বিপৰীতে পৃথিৱীৰ উচ্চতা এছিয়াৰ পৰা কণ্যাকুমাৰীত হেলনীয়া হোৱা ধ্ৰৱলৈকে মাত্ৰ ৮,০০০ মাইল ৷ একেই পৌৰাণিক কথাত প্ৰচলিত যে, হিমালয় ১২৮,০০০ মাইল দীঘল ৷ বিপৰীতে হিমালয় দীৰ্ঘ হ'ল ১৫০০ মাইল ৷ পৌৰাণিক দিনত এনে কি যন্ত্ৰ আছিল যে হিমালয়ৰ দৰে প্ৰকৃতিক দুৰ্গম ঠাইক সহজে জুখিব পাৰিছিল? তদুপৰি পৌৰাণিক জুখৰ লগত বৰ্তমানৰ জুখৰ পৰ্ৱতসম পাৰ্থক্য কিয়? 

ভাগৱত মহাপুৰাণৰ অধ্যায় ৫, শ্লোক ২৪/২ ত উল্লেখ আছে যে, সূৰ্য্যৰ আকাৰ ৩০ হাজাৰ মাইল ৷ ভাগৱত মহাপুৰাণত থকা সূৰ্য্যৰ আকাৰৰ তথ্যৰ বিপৰীতে সূৰ্য্যতকৈ চন্দ্ৰৰ আকাৰ ৩৬ হাজাৰ মাইল ৷ 

ৰামায়ণত উল্লেখ আছে যে,  ৰামায়ণৰ ঘটনা আজিৰ পৰা ১২ লাখ ৯৬ হাজাৰ বৰ্ষৰ পূৰ্ৱে সংঘটিত হৈছিল ৷ কিন্তু বিজ্ঞানে কৈছে যে, এই পৃথিৱীলৈ ১৫ ৰ পৰা ২০ হাজাৰ বছৰৰ ভিতৰত মানৱ আগমন হৈছিল ৷  

ভাগৱত স্কন্ধৰ ৫/২২ উল্লেখ আছে যে, সূৰ্য্যৰ পৰা ৩ লাখ মাইলৰ ওপৰত চন্দ্ৰৰ অৱস্থিতি আৰু সূৰ্য্যৰ আটাইতকৈ ওচৰত পৃথিৱীৰ অৱস্থান ৷ কিন্তু আজিৰ বিজ্ঞানৰ হিচাপে ভাগৱত স্কন্ধৰ তথ্য স্বীকাৰ নকৰে ৷ পূৰাণে পৃথিৱীৰ সাগৰ সমূহৰ ক্ষেত্ৰফল ২৫৪ লাখ যোজন বুলি কৈ গৈছে(এক যোজনত ৮ মাইল) ৷

 যৰ্দুবেদৰ অধ্যায় ৩৩, শ্লোক ৪৩ ত উল্লেখ আছে যে, পৃথিৱীৰ নিদিষ্ট কোনো কক্ষপথ নাই; সূৰ্য্যইহে পৃথিৱীক প্ৰদক্ষিণ কৰি অন্ধকাৰ দূৰ কৰে ৷

অপৃশ্য লোকক হিন্দুকৰণঃ

১৯১১ চনৰ জনগণনাৰ পূৰ্ৱে ভাৰতবৰ্ষত উচ্চবৰ্ণৰ লোকে বৰ্তমানৰ ST/SC/OBC অৰ্থাৎ সামাজিক ভাৱে বৰ্জিত, অপৃশ্য বৰ্গক ভুলতেও হিন্দুৰ শাৰীত বহুৱা নাছিল ৷ উচ্চ বৰ্ণই অপৃশ্য বৰ্গক স্পৰ্শ কৰিলে উচ্চ বৰ্ণই উচ্চ বৰ্ণক সামাজিক দণ্ডৰে পৰাশ্চ্যিত কৰিছিল ৷ ১৯১১ চনৰ জনগণনাৰ পূৰ্ৱে অপৃশ্য sc/st/obc বৰ্গৰ লোকসকল বৰ্ণ বৰ্জিত অৰ্থাৎ অসবৰ্ণ আছিল ৷ অপৃশ্য লোক সকল হিন্দুৰ চতুবৰ্ণৰ বাহিৰত আছিল আৰু তেওঁলোকক হিন্দু মানি লোৱাৰ বিপৰীতে "অপৃশ্য" বুলি গণ্য কৰিছিল ৷

১৯১১ চনত বৃটিছ ভাৰতত অপৃশ্য বৰ্গক উচ্চ বৰ্ণই "হিন্দু"ৰ শাৰীত ৰখাৰ এনে কি কাৰণ হ'ব পাৰে? অপৃশ্য লোকসকলক কোনো কালে হিন্দু মানি নোলোৱা উচ্চ বৰ্ণই হৰ্থাৎ অপৃশ্যক হিন্দু মানি লোৱা আৰু জনসংখ্যাৰ গণনাত হিন্দু হিচাপে দেখুওৱাৰ অৰ্থ? ইয়াৰ কাৰণ দুটা --

প্ৰথম কাৰণ, ১৯০৫ চনত বৃটিছ ভাৰতত মুচলমানে "মুছলীম লীগ" গঠন কৰে ৷ মুছলীম লীগে বৃটিছ প্ৰশাসনক ভাৰতবৰ্ষৰ জনসংখ্যাৰ আধাৰত(বিশেষকৈ ধৰ্মৰ আধাৰত) "পাকিস্থান" ৰাষ্ট্ৰ গঠনৰ দাবী কৰে ৷ যেতিয়া মুছলীম লীগে মুছলমান লৈ পাকিস্থান ৰাষ্ট্ৰ গঠনৰ দাবী বৃটিছৰ সন্মুখত উত্থাপন কৰিলে তেতিয়া উচ্চ বৰ্ণৰ চতুৰ ধৰ্মৰ সদাগৰে চৰকাৰী তথ্যত হিন্দুৰ জনসংখ্যা অধিক দেখুৱাবলৈ হিন্দু বৰ্ণ বৰ্জিত অপৃশ্য বৰ্গৰ সমাজক অনিচ্ছাস্বত্তেও হিন্দুৰ শাৰীত ৰাখিবলৈ বাধ্য হ'য় যদিও অপৃশ্য বৰ্গৰ ওপৰত উচ্চ বৰ্ণৰ ব্যৱহাৰ পূৰ্বৰ দৰেই থাকিল ৷

দ্বিতীয় কাৰণ, মুছলীম লীগৰ দাবীক দেখি অপৃশ্য বৰ্গই ও পৃথকীকৰণৰ দাবী উত্থাপন কৰিব ধৰে ৷ কিন্তু অপৃশ্য বৰ্গই মুছলীম লীগৰ দৰে পৃথক ৰাষ্ট্ৰ দাবী উত্থাপন কৰা আন্দোলন শক্তিশালী কৰাৰ পূৰ্বেই উচ্চ বৰ্ণই অপৃশ্য বৰ্গক চৰকাৰী তথ্যত হিন্দুৰে চামিল কৰি ল'য় ৷ যদি বৃটিছ প্ৰশাসনে হিন্দু বৰ্জিত অপৃশ্য শ্ৰেণীৰ পৃথকীকৰণ দাবী মানি ললে হেঁতেন তেন্তে ভাৰত দ্বি-বিভক্ত নহৈ তিনি ৰাষ্ট্ৰত বিভক্ত হোৱাৰ সম্ভাৱনা আছিল ৷ কিন্তু উচ্চ বৰ্ণ হিন্দুয়ে দ্বৈত্ব কৌশল প্ৰয়োগ কৰি অপৃশ্য সমাজক হিন্দুকৰণৰে নিজৰ জনসংখ্যা বৃদ্ধি কৰি ল'য় আৰু অপৃশ্যক অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখে ৷

হিন্দু ৰাষ্ট্ৰঃ

হিন্দুৰ নামত স্বয়ং দিল্লীৰ দৰে দেশৰ কেপিটেলত ভাঢ়ালৈ ৰূম পোৱা নাযায়, ৰূম ভাঢ়া পাবলৈ জাতি নতুবা বৰ্ণ বনাব লগীয়া হ'য় ৷ 

হিন্দুৰ নামত দেশৰ বিভিন্ন ঠাইত কোঁৱাৰ পানী এটুপি খাবলৈ দিয়া নহ'য়, আনকি হিন্দু মন্দিৰত দেশৰ ৰাষ্ট্ৰপতিলৈকে প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'য় ৷

হিন্দুৰ নামত শৱ দাহ, শৱ স্পৰ্শ(উৰিষ্যাৰ ঘটনা, য'ত মৃত পত্নীৰ নশ্বৰ দেহ স্বামী আৰু কণ্যাই ঢাৰিৰে মেৰিয়াই চাইকেলৰ কেৰিয়াৰৰ নিব লগা হৈছিল) কৰা নহ'য়, জাতি-বৰ্ণ বনাব লগীয়া হ'য় ৷

হিন্দুৰ নামত শিক্ষানুষ্ঠানত শিক্ষা লবলৈ দিয়া নহ'য়(হায়দৰাবাদৰ ৰোহিত বেমুলা কাণ্ড) ৷

দেশৰ সকলো ৰাজ্যৰ ৰাজ্যপাল হিন্দু
দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিন্দু
দেশৰ ৯৯ শতাংশ আৰক্ষী আয়ুক্ত হিন্দু
দেশৰ সেনাবাহীনৰ তিনি প্ৰমোখ হিন্দু
দেশৰ প্ৰধানমন্ত্ৰী, ৰক্ষামন্ত্ৰী, গৃহমন্ত্ৰী হিন্দু
দেশৰ চাৰিটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সভাপতি হিন্দু

ইমানৰ পাছতো ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ কিবা বাকি থাকেনে? হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বিচৰা সকলে কাক ইমান ভয় কৰে যে দেশৰ সংবিধানক নেওচি "হিন্দুৰাষ্ট্ৰ" নিৰ্মাণৰ তাগিদাত আছে? 

ভাৰতবৰ্ষক "হিন্দু ৰাষ্ট্ৰ" নহ'য়, ব্ৰাহ্মণ ৰাষ্ট্ৰ নিৰ্মাণ কৰা কুচকাৱাজ চলিছে ৷ সেয়ে দেশৰ সংবিধানক বিভিন্ন ব্ৰাহ্মণ-বণিয়াই অনায়সে পদপথত জ্বলাই দি ভাৰতীয় সাৰ্বভৌত্বক বুঢ়া আঙুলি দেখুৱাব পাৰিছে তাকো বিনা দ্বিধাই ৷ সাধাৰণ "পাকিস্থান জিন্দাবাদ" ধ্বনী দিলেই কোনোৱে দেশদ্ৰোহীতাৰ অপৰাধত দণ্ডিত হৈ জেল যাব লগা হ'য়; কিন্তু কোনো ব্ৰাহ্মণে ভাৰতীয় সংবিধানক পদপথত জ্বলাই ভাৰতীয় সাৰ্বভৌমত্বক নষ্ট-ধ্বংস কৰাৰ কাৰ্য কৰিলেও অপৰাধী, দেশদ্ৰোহীতাৰ অপৰাধত দুষী সাব্যস্ত হ'ব লগা নহ'য় ৷ এই কথা দেশৰ ST/SC/OBC সমাজে যিমান সোনকালে বুজি উঠিব সিমানে দেশ আৰু জনতাৰ মংগল হ'ব ৷ অন্যথা SC/ST/OBC য়ে বৃটিছ ৰাজত্বৰ পূৰ্বৰ ভাৰতলৈ উভতি যাব লাগিব য'ত ব্ৰাহ্মণৰ আজ্ঞা পালন কৰি গোলামী জীৱন-যাপনে শোষণ আৰু নিষ্পেষনৰ সন্মুখীন হৈছিল ৷

দেশক হিন্দুৰাষ্ট্ৰৰ কোনো প্ৰয়োজন নাই ৷ বৰং সংবিধানৰ আধাৰত সমতা, বন্ধুত্বতা, ন্যায় আৰু সুৰক্ষা প্ৰতিজন ভাৰতীয়ই যাতে লাভ কৰে তাৰ বাবে সুদৃঢ় সংবিধানিক ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰা উচিত ৷

No comments:

Post a Comment

Thank you.