অৰ্হতা আৰু বৈশিষ্ট্যহীন ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী

ছয় জনগোষ্ঠীৰ ভিতৰত চাৰিটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে যোগ্য নহ'য়ঃ

the constitution(scheduled tribe) order(amendment) bill 2019

উজনি অসমৰ মৰাণ আৰু চুতীয়া সকলক বাদ দি অন্য কোনো জনগোষ্ঠীয়েই অসমত নতুনকৈ জনজাতিকৰণ হোৱাৰ বাবে উপযুক্ত নহ'য় তথা জনজাতীয় পৰিচয়ৰ বাবে নিদিষ্ট বৈশিষ্টৰ অৱশিষ্ট নাই ৷ সংখ্যা আৰু সামাজিক স্থিতিৰ ফালৰ পৰা অসমৰ মৰাণ আৰু চুতীয়া সকলক সংখ্যালঘু পিছপৰা শ্ৰেণী(MOBC)ৰ শাৰীত ৰখা হৈছে আৰু বাকী আহোম, ৰাজবংশী, চাহ বাগানীয়া, মটক সকলক অন্যান্য পিছপৰা শ্ৰেণী(OBC)ৰ শাৰীত ৰখা হৈছে ৷ সেয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবী সমিটি গঠনৰ পূৰ্ৱে অসমৰ ট্ৰাইবেল্ট সংঘই বড়োমূলীয় মৰাণ আৰু মটক সকলক জনজাতিকৰণৰ দিয়াৰ সপক্ষে সমৰ্থন আগবঢ়াই অহিছে ৷

জনজাতিকৰণ দাবী কৰা চাৰিটা জনগোষ্ঠীয়ে "জনজাতিকৰণ" নোপোৱাৰ কাৰণ--

১/ কোচ-ৰাজবংশীঃ অসমৰ কোচ-ৰাজবংশী সকল তেওঁলোকৰ ৰাজ শাসনৰ বুনিয়াদী অৱস্থাৰ পৰাই উচ্চ বৰ্ণৰ আসনত অৱস্থান গ্ৰহণ কৰা বৰ্ণবাদী জাতি ৷ অসমৰ বড়ো, ৰাভা, তীৱা আদিসকলৰ একাংশই নিজ ধৰ্মৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ উচ্চ বৰ্ণ হিন্দুৰ ধৰ্ম গ্ৰহণৰে সমাজত উচ্চ শ্ৰেণীৰ আসন গ্ৰাহণ কৰা এক শ্ৰেণী ব্যৱস্থা ৷ প্ৰথম অৱস্থাত তেওঁলোক শৰণীয়া(উচ্চ ধৰ্মৰ পাণি গ্ৰাহণ), তাৰ পাছত "সৰু কোচ" আৰু শেষত "ডাঙৰ কোচ" নামৰে "কোচ-ৰাজবংশী" জাতি গঠন কৰে ৷ অসমৰ কোচ-ৰাজবংশী সকল দ্ৰাবিড়ীয় ৷ পশ্চিম বংগত তেওঁলোক "অনুসূচীত জাতি" হিচাপে পৰিচিত ৷

২/ আহোম বা টাই আহোম সকল জনজাতি নহ'য় ৷ আহোম অসমৰ ৰাজ-প্ৰশাসনীক ব্যৱস্থা তথা প্ৰণালী আছিল য'ত বিভিন্ন মূল তথা সৰু সৰু গোট লগ লাগি গঠন হৈছিল ৷ উজনী অসমত আহোম সকলৰ সামাজিক স্থিতি আগবঢ়া আৰু মজবুত ৷ অসমত তেওঁলোকৰ সাক্ষৰতা হাৰ সাৰ্বাধিক হোৱাৰ লগতে অসমৰ প্ৰশাসনিক, ৰাজনৈতিক ক্ষেত্ৰ আৰু বিভাগত তেওঁলোকৰ যথেষ্ট মন্ত্ৰি, বিষয়া-কৰ্মচাৰী আছে ৷ অসমৰ আহোম সকল ৰাজ্যৰ ৰাজ-প্ৰশাসনত ৰাজনৈতিক ক্ষমতাত মুখ্য ভুমিকা লোৱা জাতি ৷ তেওঁলোক অসমত প্ৰান্তিয় জাতি নহ'য় ৷

৩/ অসমৰ মটক সকল জনজাতি নহ'য় ৷ অসমৰ মটক সকল এটা বৈষ্ণৱ ধৰ্মীয় সম্প্ৰদায়ৰ লোক যিটো আহোম ৰজাৰ দিনত মূৱামুৰীয়া বিদ্ৰোহত জন্ম হোৱা ধৰ্মীয় গোটৰ সমষ্টি ৷ আহোম ৰাজ শাসনৰ বিৰুদ্ধে গৈ মূৱামুৰীয়া বিদ্ৰোহৰ ফলত আহোম, চুতীয়া, কলিতা, কৈৱত্য আদিৰ লোকৰে গঠিত বৈষ্ণৱীয় মটক সকল জনজাতি হিচাপে কেনেকৈ যোগ্য হ'ব? 

৪/ চাহ বাগানীয় সকল বিভিন্ন গোটৰ সমষ্টিৰে গঠিত বৃহৎ লোকসমষ্টি ৷ যি দৰে অসমত বিভিন্ন জাতি লগ হৈ "অসমীয়া" ৷ অসমত বসবাস কৰা চাহ বাগানীয়া সকলৰ প্ৰৱজনৰ ইতিহাসো তেনেই ঢুকি পোৱা ৷ অসমৰ চাহ কোম্পানীত কৰ্মৰত শ্ৰমিক-বনুৱা হিচাপে বৃটিছে তেওঁলোকক আজিৰ পৰা দুশ বছৰৰ পূৰ্ৱে অসমলৈ আনে ৷ তদুপৰি অসম তথা উত্তৰ-পূৱৰ ৰাজ্যৰ বাহিৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত চাহ-বাগানীয়া সকলে অনুসূচীত জাতি আৰু উচ্চ শ্ৰেণী হিচাপে পৰিচিত ৷ সেই অনুসৰি দেশৰ কোনো ৰাজ্যত নিদিষ্ট শ্ৰেণীত স্বীকৃতপ্ৰাপ্ত জাতিয়ে অন্য ৰাজ্যত কেনেকৈ স্বীকৃতিপ্ৰাপ্ত জাতিৰ সুবিধা লাভ কৰিব? অসমৰ চাহ উদ্যোগলৈ প্ৰৱজনীয় শ্ৰমিকৰ সমষ্টীয়ে অসমত কেনেকৈ জনজাতিৰ স্বীকৃতি লাভ কৰিব পাৰিব? 

২০১২ চনৰ আগৰে পৰা অসমৰ ৬ টা জাতিয়ে ভাৰত ভুমিত নিজৰ স্বকীয়তা বিচাৰি প্ৰৱল জনমত গঠন কৰি আন্দোলন কৰি আহিছে ৷ তেওঁলোকে ভৈয়াম জনজাতি হ'বলৈ "আৰ্হতা" বিচৰাৰ সম্পৰ্কতো ৰাজ্যখনত যথেষ্ট আলোচনা, বিতৰ্ক সূত্ৰপাত হৈছে ৷ এই ক্ষেত্ৰত নতুনকৈ জনজাতি হ'ব বিচৰা জাতিসমূহৰ বাবে "অসম ভাষা গৱেষণা প্ৰতিষ্ঠানে" তলত উল্লেখ কৰা পাঁচটা আৰ্হতা নিৰ্দ্ধাৰণ পূৰণ কৰাটো বাধ্যতামূলক কৰিছে ৷ পাঁচটা বৈশিষ্ট্য হ'ল--

১/ আদিম অৱস্থানৰ লক্ষণ
২/ ভৌগলিকভাৱে বিচ্ছিন্ন
৩/ সু-স্পষ্ট সাংস্কৃতিক ৰীতি-নীতি
৪/ আন আন জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহাৰ দ্বিধাগ্ৰস্ততা আৰু
৫/ পশ্চ্যাদপদতা পূৰণ কৰাটো বাঞ্ছনীয় ৷ 

অৰ্থাৎ ৰাষ্ট্ৰীয় জনজাতীয় আয়োগে পশ্চ্যাদপদ অসমৰ এই ৬টা জাতিয়ে পূৰণ নকৰাৰ বাবে এই জাতিসমূহক অন্যান্য অনুসূচিত জাতি হিচাপে তালিকাভুক্ত হ'ব পাৰে ৷ অসমত ইতিমধ্যে ৪৯ শতাংশ সংৰক্ষিত ব্যৱস্থা আছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ত পূৰণ নকৰা বাবে কেন্দ্ৰীয় মহাপঞ্জীয়কে অসমৰ ছয় জাতিক জনজাতিকৰণ কৰাৰ বিবেচনা নকৰিলে ৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মহাপঞ্জীয়কৰ সিদ্ধান্ত অনুযায়ী ৫০ শতাংশ মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেৱল তামিলনাডু ৰাজ্যৰ বাহিৰে অধিক হ'ব নোৱাৰে ৷

No comments:

Post a Comment

Thank you.