ৰাষ্ট্ৰৰ বিৰুদ্ধে সন্ত্ৰাস কৰা অসমীয়াৰ জনজাতিকৰণ বিচৰা অধিকাৰ নাই

বিশ্বৰ বিভিন্ন দেশত থকা সংৰক্ষণ ব্যৱস্থাঃ

Non-tribal demand st status in Assam

দেশত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰ গঠনৰ পাছতে ভাৰতীয় সাংবিধানিক সংৰক্ষণ ব্যৱস্থালৈ চৰম সংকট আহি পৰিছে ৷ ৰাজস্থানত অবিচি গুৰ্জৰ, জাঁঠ সকলৰ জনজাতিকৰণ দাবী, মহাৰাষ্ট্ৰত মাৰাঠাৰ জনজাতিকৰণ দাবী, গুজৰাটত পেটেল সম্প্ৰদায়ৰ জনজাতিকৰণ বিচৰা আন্দোলনৰ পাছতে অসমতো ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি নিজৰ আন্দোলন তীব্ৰতৰ কৰি তুলিছে ৷

শেষতীয়াকৈ অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি ৰাজ্যিক চৰকাৰৰ তত্বাৱধানত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ অসমৰ ছয় জনগোষ্ঠী আহোম, ৰাজবংশী, মৰাণ, মটক, চাহ বাগানীয়া আৰু চুতীয়া সকলক নতুনকৈ জনজাতিকৰণ স্বীকৃতি দিব বিচৰাক লৈ পূৰ্বৰ পৰা থকা জনজাতিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব বিচৰাক কাৰ্যক তীব্ৰ বিৰুধ কৰি আন্দোলনত নামি পৰিছে ৷

সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম ৰাজ্যিক বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ দিব বিচৰা কাৰ্য্যক অসম জনজাতীয় সমন্বয়ৰক্ষী সংগঠন তথা জনজাতীয় ভাতৃ সংগঠন সমূহে পূৰ্বৰ জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ একপ্ৰকাৰ নিশ্চিহ্ন কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ্য যে অসমৰ জনজাতিকৰণ দাবী কৰা ছয় জনগোষ্ঠীক ইতিমধ্যে বিজেপি কেন্দ্ৰীয় ৰজ্য উভয় চৰকাৰে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰকমহূৰ্তত "নিৰ্বাচনী ললিপপ"ৰ মাজলৈ ঠেলি বিষয়টো লোকসভাত মজিয়াত উত্থাপন কৰিয়ে সামৰি থোৱা দেখা গ'ল ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লোকসভাত পাছ হোৱাৰ পাছতে অসমৰ পূৰ্বৰ ভুমিপুত্ৰ জনজাতি সকলৰ ফালৰ পৰা তীব্ৰ বিৰুধৰ সন্মুখীন হোৱাত বিষয়টোয়ে অসমত নতুন সংঘাতপূৰ্ণ দিশলৈ গতি কৰিব ধৰিছে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক একপ্ৰকাৰ ন্যাসৎ কৰি জনজাতীয় ভাতৃ সংগঠন সমূহে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজী উঠাৰ সমান্তৰালকৈ জনজাতিকৰণ দাবী কৰা জনগোষ্ঠী কেইটাৰ জনজাতি হিচাপে থাকিব লগীয়া নিদিষ্ট "অৰ্হতা" তথা "বৈশিষ্ট্যতা"ৰ বিষয়তো গুৰুত্বৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ মহাপঞ্জীয়কে অসমৰ ছয় জনগোষ্ঠীক "অৰ্হতাহীন জনগোষ্ঠী" আখ্যাৰে জনজাতিকৰণ ৰদ কৰি আহিছে ৷ ইয়াৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰে নিৰ্বাচনৰ প্ৰাকমহূৰ্তত ছয় জনগোষ্ঠীক কেনে যুক্তিত জনজাতিকৰণ কৰিব বিচাৰিছে সেয়া বুজাত কোনেো অবোধ্য নহ'য় ৷

ৰাজ্যখনত "অসমীয়া" পৰিচয়ে ভিন্নতাহীন অৱস্থাত থকা ছয় জনগোষ্ঠীৰ দাবী সমিতি আৰু তেওঁলোকৰ বৌদ্ধিক মহলে জনজাতিকৰণৰ সপক্ষে ৰাষ্ট্ৰীয় জনজাতি মহা-আয়োগৰ যুক্তি পোনচাতেই নেওচি "ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম সুৰক্ষা হ'ব" জাতিয় তৰল যুক্তি আগবঢ়াই অহা দেখা গৈছে ৷ তেওঁলোকৰ এনে যুক্তিয়ে ছয় জনগোষ্ঠীৰ পূৰ্বৰ "অসমীয়া বৰ্ণহিন্দুৰ জাত্যভিমান আৰু উগ্ৰ অসমীয়া জাতীয়তাবাদ"ৰ চৰিত্ৰ প্ৰৱল ৰূপত প্ৰকাশ পাইছে, যিটো সততে অসমৰ ভুমিপুত্ৰ জনজাতি সকলৰ ওপৰত তেওঁলোকে পূৰ্বৰ পৰাই কৰি আহিছে ৷

জনজাতিকৰণ দাবী কৰা বৈশিষ্ট্যহীন অসমৰ ছয় জনগোষ্ঠীয়ে তেওঁলোকৰ দাবী তীব্ৰ আক্ৰোশমূলক আৰু সদ্ভাৱবিহীন হোৱাটো তেওঁলোকৰ অগণতান্ত্ৰিক আন্দোলন আৰু উগ্ৰ আঁচৰণৰ পৰা সহজে বুজা গৈছে ৷ বন্ধুত্বা আৰু প্ৰগতিৰ কাৰণে তেওঁলোকে নিজ স্বাৰ্থ পূৰণ কৰিব যাওঁতে তেওঁলোকৰ একাংশই ভাৰতীয় সংবিধানৰ, ভাৰতীয় সাৰ্বভৌমত্বৰ বিৰুদ্ধে হাতত স্বয়ংক্ৰিয় অস্ত্ৰ লৈ সন্ত্ৰাসৰ যুঁজ বিগত ত্ৰিশ বছৰ ধৰি অব্যাহত ৰাখিছে ৷ আৰু এনে দেশদ্ৰোহী সকলে পোনচাতেই ভয়াতুৰ কুকুৰৰ দৰে নেগুৰ তল কৰি ভাৰতীয় সংবিধানৰ গণ্ডীত "জনজাতিকৰণ লাভ কৰিলে অসম আৰু অসমীয়া সুৰক্ষিত হ'ব" জাতিয় যুক্তি আগবঢ়ায় ৷

এই কথা দুনাই নকলেও হ'য় যে, অসমীয়া বহু বুদ্ধিজীৱিয়ে অতি সক্ৰিয়তাৰে অসমৰ সন্মুখত ভুমিপুত্ৰ জনজাতি সকলৰ বিৰুদ্ধে অতিজৰ পৰাই মাত মাতি আহিছে ৷ বৰ্ণহিন্দুৰ বাসন পৰিহিতা আজিৰ আৰু তাহানীৰ অসমীয়াই ভুমিপুত্ৰ জনজাতি কোন তাক আজিলৈকে চিনিবকে নোৱাৰিলে ৷ ট্ৰাইবেল্ট কলেই পানী নিদিয়া, বহিবলৈ ঠাই নিদিয়া, পাঠ্যপুথি নিদিয়া, সমাজিক বৈষম্যক পৈতৃক সম্পত্তিৰ দৰে মানি অহা অসমীয়াই আজিৰ তাৰিখত জনজাতিৰ মৰ্য্যদা বিচৰাটো চৰম সাহ্যকৰ ৷ অসমীয়া বিদ্বত সমাজে, সাধাৰণ অসমীয়াই আজিও জনজাতি অৱহেলা, বঞ্চিত-বৈষম্য কৰিয়েই প্ৰভুত্ববাদৰ ৰমৰমীয়া শোষণৰ ৰাজনীতি কৰি আহিছে ৷ নহ'লে অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিয়ে অসমীয়াৰ পৰা পৃথকৈ আঁতৰি যায় নে?

উচ্চ বৰ্ণ অসমীয়া আলোচক-বিলোচক পণ্ডিতসৱে এই খিনিতে "অতি আৱশ্যক" প্ৰশ্ন অৱতৰণা কৰিছে যে, ভাৰতবৰ্ষৰ বাহিৰে কোনো দেশৰে "সংৰক্ষণ" ব্যৱস্থা বা প্ৰণালী নাই ৷ ভাৰতীয় সংবিধানৰ সংৰক্ষণ কেৱল "দৰিদ্ৰ নিৰ্মূলৰ বাবে" ৷ পণ্ডিতসৱে হয়তো ভাৰতীয় ব্যৱস্থাৰ বিষয়ে বিতং নাজানে ! নহ'লে সংৰক্ষণ "দৰিদ্ৰ নিৰ্মূলৰ বাবে" জাতিয় কথাৰ অৱতাৰণাই নকৰিল হ'য় ৷

ভাৰতীয় সাংবিধানিক সংৰক্ষণৰ মৌলিকতা হ'ল বৈষম্যৰ বিৰুদ্ধে ৷ সংৰক্ষণ দৰিদ্ৰ নিৰ্মূলৰ হকে নহ'য়; সংৰক্ষণ হ'ল ব্যৱস্থাত, সমাজত সমতা স্থাপন কৰিবলৈ; ৰাজনৈতিক ক্ষেত্ৰ, শিক্ষাত সমান অংশীদায়িত্ব তথা প্ৰতিনিধিত্ব ৰাখিব পৰা এক স্বয়ং ব্যৱস্থা ৷ ভাৰতীয় সাংবিধানিক সংৰক্ষণ বিত্তীয় স্থিতিৰ আধাৰত লাঘু হোৱা নাছিল ৷ ই আছিল ৫০০০ বছৰ ধৰি ভাৰতত হোৱা অপৃশ্যতা, সমাজ-শিক্ষাৰ পৰা বহিষ্কাৰ আৰু বৰ্ণ ভেদে হৈ অহা বৈষম্যৰ বিৰুদ্ধে আছিল ৷ আৰ্থিক বিষটো সংৰক্ষণৰ বাহিৰে নিদিষ্টকৈ সংবিধানত নিৰ্দেশনা দি ৰখা হৈছে ৷ অসমীয়া পণ্ডিতসৱে সংবিধানৰ নিৰ্দেশনা সিদ্ধান্ত আৰু সংৰক্ষণক লৈ ভ্ৰমিত হোৱাটো স্বাভাৱিক ৷ কিয়নো তেওঁলোকে দেশৰ শিক্ষা প্ৰণালীত থকা আমাৰ ইতিহাস আৰু ভুমিপুত্ৰ জনজাতিৰ অধিকাৰৰ বিষয়ে খুব কমকৈয়ে পঢ়িবলৈ, জানিবলৈ পাইছে ৷ অৱশ্যে ভাৰতীয় সংবিধানে নিদিষ্টকৈ দেশীয় ভুমিপুত্ৰ অনুসূচীত জাতি-জনজাতি সকলক পৰিচয় নিদিয়া হলে হ'য়তো অপৃশ্য, বৰ্ণ বহিষ্কৃত লোকসকল কেতিয়াবাই উচ্চ বৰ্ণৰ হাতত ধ্বংস হ'ল হ'য় ৷ তদুপৰি ভাৰতীয় শিক্ষাৰ সা-সঁজুলি নিৰ্মাণৰ কামফেৰা তেওঁলোকৰ ওপৰতেই নিয়ন্ত্ৰিত যেতিয়া অপৃশ্য জাতিৰ দুৰ্দশা কোন হতে লিখে ? তথাকথিত উচ্চ বৰ্ণধাৰী সকলে দেশৰ অনুসূচী জাতি-জনজাতিক সংবিধানিক সংৰক্ষণৰ আধাৰত সমান প্ৰতিনিধিত্ব দিয়াৰ বাহিৰে আন একোৱেই দিয়া নাই ৷ যি পাইছে সেয়া সকলো আন্দোলন কৰি পাবলৈ সক্ষম হৈছে ৷

এতিয়া আহো ভাৰতবৰ্ষৰ বাহিৰে অন্য দেশত থকা সংৰক্ষণ প্ৰণালী তথা ব্যৱস্থা-

জাপানঃ-
জাপানৰ দৰে আত্যাধুনিক কাৰিকৰ দেশত ভাৰততৈ শক্তিশালী সংৰক্ষণ ব্যৱস্থা আছে ৷ যাক Affirmative actions কোৱা হ'য় ৷ জাপানৰ এই ব্যৱস্থাই বহিষ্কৃত "মিজি" জাতিক ৰক্ষণাৱেশন দি আহিছে ৷ তদুপৰি সংখ্যালঘু অনুন্নত "বুৰামুকিন" আৰু কোৰিয়ান সকলক চৰকাৰী চাকৰীৰ ক্ষেত্ৰত আগস্থান, শৈক্ষিক প্ৰতিষ্ঠানত সম্পূৰ্ণ বিনামুলীয়া উচ্চ শিক্ষা, ব্যক্তিগত উদ্যোগত ৫% কৈ সংৰক্ষণৰ ব্যৱস্থা উপলব্ধ তথা সম্পূৰ্ণ কৰ ৰেহাই ৷

আমেৰিকা যুক্তৰাষ্ট্ৰঃ-
প্ৰথম বিশ্বৰ প্ৰথম শ্ৰেণীৰ ৰাষ্ট্ৰ আমেৰিকাত সংৰক্ষণ ব্যৱস্থা থকাৰ কথা কলে ভাৰতীয় উচ্চ বৰ্ণৰ অৱস্থা চাব লগীয়া হ'য় ৷ মহা-প্ৰতাপী আমেৰিকাতো আছে শক্তিশালী সংৰক্ষণ ব্যৱস্থা ৷ এই ব্যৱস্থাকো Affirmative actions কোৱা হ'য় ৷ দেশখনত ব্যক্তিৰ বৰ্ণ-ধৰ্ম, পন্থা আৰু জন্মস্থানৰ ক্ষেত্ৰত থকা ভেদভাৱ সম্পূৰ্ণ নিষিদ্ধ কৰি থোৱা আছে ৷ আইনখনে কৃষ্ণকায়(অশ্বেত), ৰেড্ ইণ্ডান লোকসকল কাৰণে সম্পূৰ্ণকৈ ৰোজগাৰৰ সমতা, সমান প্ৰতিনিধিত্ব কৰিব পৰা অধিকাৰ প্ৰদান কৰিছে ৷

দক্ষিণ আফ্ৰিকাত পৃথকৈ কেৱল ক্ৰীড়া ক্ষেত্ৰত কৃষ্ণকায়(জাতিগত) লোকসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আছে ৷ মালেছিয়াত "ভুমিপুত্ৰ যোজনা" সংৰক্ষণ আইন আছে ৷ চীনত ৮ শতাংশ চীনা জনজাতি আৰু জাতীয় সমুদায় বাবে সুৰক্ষিত উচ্চ শিক্ষা লাভৰ সংৰক্ষণ আইন আছে ৷ তদুপৰি চীনা জনজাতীয় লোকসকলে চীনা কেন্দ্ৰীয় নীতিৰ বাহিৰত ত স্বতন্ত্ৰকৈ থকা অধিকাৰ লাভ কৰে ৷ কানাডাত ৰেড্ ইণ্ডিয়ানৰ সকলৰ বাবে সাৰ্বজনিক বিভাগ, উচ্চ শিক্ষা আদিত ৬ শতাংশৰ পৰা ৪৫ শতাংশলৈকে সংৰক্ষণৰ ব্যৱস্থা আছে ৷ তদুপৰি ৰেড্ ইণ্ডিয়ানৰ পৰম্পৰা, সংস্কৃতি, জল-জংগল আৰু প্ৰাকৃতিক সংসাধনৰ ওপৰত কোনো অনা-ৰেড্ ইণ্ডায়ানে হস্থক্ষেপ কৰিব নোৱাৰা আইন অনিবাৰ্য্য ৰূপত লাঘু হোৱা আছে ৷

বিভিন্ন দেশত পৃথক পৃথকৈ নিজা জনতাক সংৰক্ষণ দিয়া ব্যৱস্থা আছে ৷ আৰু সেই ব্যৱস্থা ভাৰতবৰ্ষৰ ব্যৱস্থাতকৈ বহু সক্ৰিয় ৷ সংৰক্ষণ ব্যৱস্থা থকা নাম মাত্ৰ দেশ কেৱল ভাৰতবৰ্ষক আঙুলিয়াই দেখুওৱাটো এটা ভিত্তিহীন উদাহৰণ ৷

ভাৰতবৰ্ষৰ অনুসূচিত জাতি-জনজাতিৰ সাংবিধানিক অধিকাৰ সমূহক আমেৰিকা, জাপান নতুবা আফ্ৰিকাৰ দৰে অনিবাৰ্য্য প্ৰথমিকতা আজিও দিয়া নাই ৷ ঠিকে একেদৰে অনুসূচীত জনজাতি সকলে কানাডা আৰু চীনৰ দৰে জল, জংগল আৰু জমিনীৰ পৰা কৰমুক্ত তথা ধৰ্ম মুক্ত অধিকাৰ লাভ কৰা নাই ৷ চীন আৰু জাপানৰ জনজাতীয় লোকে নিজ নিজ দেশীয় ব্যৱস্থাৰ পৰা সম্পূৰ্ণ বিনামুলীয়া সেৱা আৰু থাকিবলৈ আৱাস লাভ কৰে ৷ কিন্তু ভাৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷