মনুবাদী শাসকৰ ষড়যন্ত্ৰত শীঘ্ৰে ধ্বংসৰ মুখলৈ ভাৰতীয় সংবিধান

দেশৰ উচ্চ বৰ্ণৰ প্ৰতি আৰ্থিক আধাৰত সংৰক্ষণঃ

ভাৰতীয় সংবিধান আৰু মুলনিৱাসীৰ সাবিধানিক সংৰক্ষণ

যদি আপুনি ভাৰতীয় সামাজিক ব্যৱস্থাক অলপ মন দি লক্ষ্য কৰে তেন্তে দেখিব যে, সমগ্ৰ ব্যৱস্থাতে স্বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণৰ দখলত নতুবা নিয়ন্ত্ৰণত আছে ৷ ব্ৰাহ্মণে এই ব্যৱস্থা অতি নিখুঁত ভাৱে নিজৰ বাবে কৰি, গঢ়ি লৈছে ৷ ৰজা মহাৰজাৰ দিনৰ পৰা কালি প্ৰৰ্যন্ত শিক্ষা লোৱা অধিকাৰ, অস্ত্ৰ লোৱা অধিকাৰ, দান লোৱা অধিকাৰ, অন্যৰ কণ্যাক প্ৰথম সম্ভোগ কৰা অধিকাৰ, অন্যৰ প্ৰথম সন্তানক নদীত নিক্ষেপ কৰা আদি অধিকাৰ সমূহ কেৱল ব্ৰাহ্মণৰহে আছে ৷ আজিৰ ভাৰতবৰ্ষৰ সকলো লোকতান্ত্ৰিক সংস্থা কেৱল ব্ৰাহ্মণৰ নিয়ন্ত্ৰণাধীন ৷ কেৱল মাত্ৰ ৩ শতাংশ ব্ৰাহ্মণে ৯০ শতাংশ সংস্থা দখল কৰি থকাটো একপ্ৰকাৰ "সংৰক্ষণ" নহ'য় নেকি? ইমানৰ পাছতো তিনি শতাংশ ব্ৰাহ্মণ দৰিদ্ৰ হ'ল কেনেকৈ? তাকো মাহিলী ৬৬ হাজাৰ উপাৰ্জনত !

ভাৰতবৰ্ষৰ কাৰ্যপালিকাত কেৱল ব্ৰাহ্মণ উচ্চ বিষয়াৰ অংশীদায়িত্ব হ'ল ৭৯.০১ শতাংশ ৷ ব্ৰাহ্মণৰ বাহিৰে বাকী উচ্চ বৰ্ণৰ অংশীদায়িত্ব হ'ল ৭৯.০৫ শতাংশ ৷ দেশৰ ৰাজসত্বা, মিডিয়া, ন্যায়পালিকা, পাঠ্যক্ৰম নিৰ্ধাৰণ সমিটি তথা ব্যৱহাৰিক শিক্ষা, আইটিআই ক্ষেত্ৰ, বায়'টেকন'ল'জী, বিদেশী শিক্ষা, বিশ্বঃবিদ্যালয়ৰ উপাচাৰ্য ইত্যাদি সকলো স্থানতে কেৱল ব্ৰাহ্মণৰ নিয়ন্ত্ৰণ ৷ ইয়াৰ বিপৰীতে নলা-নৰ্দমা, নগৰ-মহানগৰ পৰিষ্কাৰ কৰা, বনুৱা-মজদুৰ ইত্যাদিত পৰ্বতত কাছ কণী বিচৰাৰ দৰে ব্ৰাহ্মণৰ অংশীদায়িত্ব পাবলৈ নাই ৷ ভাৰতীয় সংবিধানে দেশত প্ৰজাৰজ স্থাপিত কৰিবলৈ ঘোষণা কৰি গৈছে ৷ কিন্তু স্বতন্ত্ৰ ভাৰতত সংবিধানৰ ঘোষণাৰ বিপৰীতে কেৱল ব্ৰাহ্মণৰাজৰ স্থাপনা হৈছে ৷ এইয়াই আজিৰ ভাৰতবৰ্ষৰ প্ৰকৃত প্ৰতিছবি ৷

শেষতীয়াকৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৯ চনৰ পহিলা সপ্তাহতে সংসদৰ শীতকালিন অধিৱেশনত দেশৰ ১৫ শতাংশ উচ্চ বৰ্ণ(সাধাৰণ কেটেগৰী)ক দৰিদ্ৰৰ গইনা লৈ "অৰ্থনৈতিক সংৰক্ষণ"ৰ তালিকাভুক্ত কৰে ৷ চাহ বিক্ৰী কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা এই জন নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ চৰকাৰে ২০১৭ চনত তেওঁৰ নিজা ৰাজ্য গুজৰাটত "সংৰক্ষণ" বিচৰা ৩৫ জনকৈ জাঁট আন্দোলনকাৰীক গুলিয়াই হত্যা কৰে ৷ ৪৫০ জন নিৰপৰাধী আন্দোলনকাৰীক ৰাজদ্ৰোহৰ গোচৰত অভিযুক্ত কৰি জেললৈ নিক্ষেপ কৰে ৷ একেই গুৰ্জৰ সকলেও সংৰক্ষণৰ আন্দোলনত কৰাত মোডী চৰকাৰে ১৭ জনকৈ গুৰ্জৰক হত্যা আৰু ৩০০ তকৈও অধিক গুৰ্জৰক ৰাজদ্ৰোহৰ অপৰাধত জেলত বন্দী কৰি থয় ৷ মাৰাথা, গুৰ্জৰ, পেটেলে "সংৰক্ষণ"ৰ দাবীত আৰক্ষীৰ গুলী-লাঠী খাব লগা হোৱাৰ পাছতো সংৰক্ষণ পাবলৈ সক্ষম নহ'ল কিন্তু বিনা গুলী-লাঠী নোখোৱাকৈয়ে উচ্চ বৰ্ণই জনসংখ্যাৰ সামানুপাতিক হিচাপ সহজে সংৰক্ষণ পাবলৈ সক্ষম হ'ল ৷

ব্ৰাহ্মণ, ঠাকুৰ, বনিয়াৰ দৰিদ্ৰতা আৰু মুলনিৱাসী অনুসূচীত জাতি-জনজাতি, অন্যান্য পিছপৰা জাতি আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ দৰিদ্ৰতাৰ মাজত থকা "আয় মৰ্য্যদা" পৃথক কিয়?

দেশৰ উচ্চ বৰ্ণধাৰী সকল ধনৱন্ত হোৱাৰ পাছতো দৰিদ্ৰ ৷ ৮ লাখ বাৰ্ষিক আয় অৰ্থাৎ মাহিলী ৬৬.০০০ হাজাৰকৈ উপাৰ্জন কৰা দৰিদ্ৰ ৷ ১৫ শতাংশ উচ্চ বৰ্ণক ১০ শতাংশ সংৰক্ষণ দিয়াৰ ঘোষণা কৰা হৈছে ৷ অৰ্থাৎ ১৫ শতাংশ বৰ্ণধাৰীক ৬৭-৬৮ শতাংশৰ হিচাপত সংৰক্ষণ দিব বিচৰা হৈছে ৷ ইয়াৰ বিপৰীতে ৮৫ শতাংশ মুলনিৱাসীয়ে মাত্ৰ ৪৯ শতাংশ সংৰক্ষণৰ সুবিধা পাই আহিছে ৷ তদুপৰি উচ্চ-বৰ্ণৰ দৰিদ্ৰ আৰু মুলনিৱাসীৰ দৰিদ্ৰতাৰ মাজত থকা পাৰ্থক্য আপুনি নিজেই এবাৰ বিচাৰ কৰক ৷

বৃটিছ যোৱাৰ পাছতে ভাৰতবৰ্ষত কেৱল উচ্চ বৰ্ণৰ ব্ৰাহ্মণৰ অধিপত্য ৷ সেয়ে আজিৰ দিনত ৮৫ শতাংশ মুলনিবাসীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কেতিয়া ৰাজপথত নামিব লগা হৈছে যদি কেতিয়াবা সেনা-আৰক্ষীৰ গুলি খাব লগা হৈছে ৷ অৰ্থাৎ আজিও আমাৰ নিজৰ সাংবিধানিক অধিকাৰৰ ক্ষমতা উচ্চ বৰ্ণৰ হাতত নিয়ন্ত্ৰিত ৷ যাৰ ফলত বিচাৰিও পাবলৈ সক্ষম হোৱা নাই ৷ অধিকাৰ বিচাৰিব যাওঁতেই শাসক উচ্চ বৰ্ণই ইচ্চানুসাৰে কেতিয়াবা গুলী কৰি হত্যা কৰিছে নতুবা ৰাজদ্ৰোহৰ অভিযোগ আনি জেললৈ নিক্ষেপ কৰিছে ৷ ইয়াৰ বিপৰীতে কোনো দিনে আন্দোলন কৰি নোপোৱা, আন্দোলনৰ নামত ৰাজপথ, পুলিচ আৰক্ষীৰ গুলী-লাঠি খাই নোপোৱা উচ্চ বৰ্ণই সহজে সাংবিধানিক অধিকাৰ পাবলৈ সক্ষম হ'ল ৷

ভাৰতবৰ্ষত ব্ৰাহ্মণৰাজৰ পৰিসংখ্যাঃ---

ভাৰতত ব্ৰাহ্মণৰ জনসংখ্যা - ৩.৫%
লোকসভাত ব্ৰাহ্মণঃ   ৮০%
ৰাজ্যসভাত ব্ৰাহ্মণঃ    ৯৬%
ব্ৰাহ্মণ ৰাজ্যপালঃ      ৫০%
কেবিনেট সচিবঃ        ৩৩%
মন্ত্ৰিৰ ব্ৰাহ্মণ সচিবঃ  ৫৪%
অতিৰিক্ত সচিবঃ       ৬২%
ব্যক্তিগত সচিবঃ        ৭০%
ব্ৰাহ্মণ ৰাজদূতঃ        ৮১%
IAS ব্ৰাহ্মণঃ              ৭২%
IPS ব্ৰাহ্মণঃ              ৬১%
বিশ্বঃবিদ্যালয়ৰ ব্ৰাহ্মণ ভাইচ চেঞ্চেলৰঃ  ৯১%
উচ্চ ন্যায়ালয়ত ব্ৰাহ্মণ ন্যায়াধিশঃ           ৯৬%
উচ্চতম ন্যায়ালয়ত ব্ৰাহ্মণ ন্যায়াধিশঃ      ৮০%
সাৰ্বজনীক উপক্ৰমত ব্ৰাহ্মণঃ--
কেন্দ্ৰীয়ঃ ৮৭%, ৰাজ্যঃ     ৮২%
চৰকাৰী-বেচৰকাৰী বেংকত ব্ৰাহ্মণঃ        ৫৭%
বিমান সেৱাখণ্ডত ব্ৰাহ্মণঃ                        ৬১%
দূৰদৰ্শ তথা বলিউডত ব্ৰাহ্মণঃ                  ৮৩%
CBI, CEx & Customsত ব্ৰাহ্মণঃ           ৭২%
মন্দিৰত ব্ৰাহ্মণঃ                                      ১০০%
মিডীয়া প্ৰতিষ্ঠানত ব্ৰাহ্মণঃ                       ৯০%
ইমান কম সংখ্যাৰ জনসংখ্যাই দেশৰ সকলো স্থানতে সাৰ্বাধিক দখল কৰাটো লোকতন্ত্ৰিয় ব্যৱস্থা বুলি কোৱা যাবনে? দেশত উচ্চ বৰ্ণ ব্ৰাহ্মণৰেই অগাধ পাণ্ডিত্য, যোগ্যতা-দক্ষতা আছে নেকি? অন্যান্যৰ নাই? ইয়াৰ বিৰুধ কোনবাই কৰিব নে? 

দেশৰ অনুসূচীত জাতি-জনজাতিৰ সংৰক্ষণ হ'ল ২২.৫ শতাংশ ৷ এই সংৰক্ষণ অনুসূচীত জাতি-জনজাতিয়ে চৰকাৰী চাকৰী আৰু ৰাজনৈতিক ক্ষেত্ৰত লাভ কৰি আহিছে কিন্তু অন্যান্য ক্ষেত্ৰত এই সংৰক্ষণ লাভ কৰা নাই ৷

দেশত সংৰক্ষণ আৰু জনসংখ্যাৰ অনুপাত কেনে চাওঁ আহঁকঃ--

অনুসূচীত জাতিৰ সংখ্যাঃ ১৫%  সংৰক্ষণঃ ১৫% শতাংশ 
অনুসূচীত জনজাতিৰ সংখ্যাঃ ৭.৫%  সংৰক্ষণঃ ৭.৫%
অন্যান্য পিছপৰা বৰ্গৰ সংখ্যাঃ ৫২%  সংৰক্ষণঃ ২৭%
ধৰ্মীয় সংখ্যালঘুৰ সংখ্যাঃ ১০.৫%  সংৰক্ষণঃ ০%
অৰ্থাৎ সৰ্বমুঠ জনসংখ্যা ৮৫ শতাংশৰ বিপৰীতে লাভ কৰা সংৰক্ষণ হ'ল ৪৯.৫ শতাংশ ৷ বিপৰীতে ১৫ শতাংশ উচ্চ বৰ্ণই লোকতন্ত্ৰিয় ব্যৱস্থাত ৯০ শতাংশ আসন দখল কৰাৰ পাছতো ৫০.৫ শতাংশ সাংবিধানিক সংৰক্ষণ লাভ কৰি আহিছে ৷ উল্লেখ্য যে, উচ্চ বৰ্ণৰ ব্ৰাহ্মণে অন্য সাধাৰণ বৰ্গ বনীয়া-বৈশ্যৰ সংৰক্ষণ গ্ৰাহস কৰাৰ উপৰিও অনুসূচীত জাতি-জনজাতি, পিছপৰা শ্ৰেণীৰ সাংবিধানিক সংৰক্ষণ অকলেই কব্জা কৰি ভোগ কৰি আহিছে ৷ যাৰ ফলত যোৱা ৭০ বছৰে দেশত SC, ST আৰু OBCৰ কোটা পূৰ্ণ হোৱা নাই ৷ তেতিয়া হ'লে দেশত সাৰ্বাধিক সংৰক্ষণ ব্ৰাহ্মণেই ভোগ কৰা নাইনে? 

আটাইতকৈ দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ(অবিচি) অৱস্থা পুতৌজনক ৷ তেওঁলোকৰ জনসংখ্যা ৫২ শতাংশ থকাৰ পাছতো সাংবিধানিক সংৰক্ষণ মাত্ৰ ২৭ শতাংশ হে লাভ কৰে ৷ আজিৰ হিচাপত ৩ শতাংশ ব্ৰাহ্মণতকৈ বহু ক'ম ৷ তদুপৰি ভূতৰ ওপৰত দনহ পৰাদি "আৰ্থিক আধাৰৰ ভিত্তিত সংৰক্ষণ" নীতি সংযোজন কৰি অন্যান্য পিছপৰা বৰ্গ(অবিচি)ৰ সাংবিধানিক সংৰক্ষণক ব্ৰাহ্মণে সমূলি শূণ্য কৰি ৰাখিছে ৷ যাৰ ফলত দেশৰ অবিচিৰ কোটা এতিয়ালৈকে মাত্ৰ ৪.১ শতাংশহে পূৰণ হৈছে ৷

ভাৰতীয় সাংবিধানিক সংৰক্ষণ দেশৰ প্ৰত্যেক জাতি সমূহৰ সংখ্যানুপাতে লাভ কৰা উচিত ৷ যদি ব্ৰাহ্মণ ৩.৫ শতাংশ তেন্তে তেওঁলোকে মাত্ৰ ৩.৫ শতাংশহে সংৰক্ষণ লাভ কৰা উচিত ৷ সেইদৰে লোকতন্ত্ৰিয় ব্যৱস্থাতটো সংখ্যানুপাত অনুসাৰে সাল-সলনিৰ কৰা আৱশ্যক ৷ ৩৫ শতাংশৰ বেছি ঠাইত দেশৰ অবিচি, এছটি, এচছি আৰু ধৰ্মীয় সংখ্যালঘুক স্থান দিয়া উচিত ৷

বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ব্ৰাহ্মণৰ প্ৰতি দৰদ "আৰ্থিক আধাৰত সংৰক্ষণ"ক সমৰ্থন কৰা মুলনিৱাসী সকলক কওঁ যে, মনুবাদী নেতাৰ অন্ধ ভক্ত হৈ বাবা চাহেব আম্বেদকাৰ দেৱৰ যোগ্যতা-দক্ষ্যতাকৈ নিজকে বেছি সচেতন বুলি মানি লৈছে নেকি? নে বাবা চাহেব আম্বেদকাৰ দেৱ ভাৰতীয় সংবিধান ৰচনা কৰোতে অপৰিপ্পক আছিল যে তেওঁ সংবিধান ৰচনা কালত সংৰক্ষণক সামাজিক, শৈক্ষিক নতুবা আৰ্থিক আধাৰত প্ৰতিষ্ঠা কৰি গৈছিল? দেশৰ সংবিধানৰ মহত্বক ইতিমধ্যে ব্ৰাহ্মণৰাজে ধ্বংস কৰা দেখা পোৱাৰ পাছতো কেনেকৈ চকু-নাক-কাণ বন্ধ কৰি "আৰ্থিক আধাৰত সংৰক্ষণ"ক মানি লৈছে? আপুনি ইমানেই ব্যক্তিকেন্দ্ৰীক স্বাৰ্থপৰ হ'ল নে যে নিজৰ স্বজাতিৰ ধ্বংসৰ পাছতো আপোনাৰ কোনো সাৰ-সোৰেই নাই? বাবা চাহেব আম্বেদকাৰে শেষখন সংবিধান সভাত কৈছিল…, "ধৰ্মত ভক্তি আত্মাৰ মাৰ্গ দৰ্শন হ'ব পাৰে ৷ কিন্তু ৰাজনীতিত ব্যক্তি পূঁজা অন্ততঃ একনায়ক্ত শাসক নিৰ্মাণ কৰে ৷" মনত ৰাখক, চৰকাৰৰ ব্ৰাহ্মণবাদী নীতি সমৰ্থনে কেৱল আপোনাৰ-মোৰ ধ্বংস মাতি অনা নাই, ধ্বংস আনিছে দেশৰ সংবিধানলৈ ৷

No comments:

Post a Comment

Thank you.