উচ্চ বৰ্ণৰ ভেদাভেদ-বৰ্ণবাদী মনপলিঃ ব্যক্তিগত উদ্যোগ খণ্ডত নিযুক্তি হেৰুৱাব পিছপৰা শ্ৰেণীয়ে

তামিলনাডুৰ চেন্নাইস্থিত এটা ইন্টিৰিঅ ডিজাইন কোম্পানীয়ে তেওঁলোকৰ জেনেৰেল মেনেজাৰৰ পদবী মকৰলৰ বাবে কেৱল ব্ৰাহ্মণ প্ৰাৰ্থীৰ আৱেদন বিচৰাৰ কথা স্থানীয় বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত বিজ্ঞাপন প্ৰকাশ কৰে ৷ কোম্পানীৰ বিজ্ঞাপনটো প্ৰকাশৰ পাছতে চ'ছিয়েল মিডিয়া আৰু বৈদ্যুতিক সংবাদ মাধ্যমত "কেৱল উচ্চ বৰ্ণ"ৰ পদবী বিচৰা বিষয়টোয়ে যথেষ্ট আলোচনা আৰু বিতৰ্কত স্থান পায় ৷ সমালোচনা আৰু বিতৰ্কৰ পৈছতে কোম্পানীটোয়ে বিজ্ঞাপনটোক "প্ৰিন্ট মিছটেক" আখ্যা দি নিজৰ চৰিত্ৰ ঢকিবলৈ চেষ্টা কৰে ৷

brahmin require ad, tamilnadu

দেশৰ ভিতৰত খৰ গতিত আগবাঢ়া চহৰ কৰ্ণাটকৰ বেংগলুৰত এটা "টিফীন সেৱা"(চৰকাৰী-বেচৰকাৰী চাকৰিয়ালক দুপৰীয়া আহাৰ যোগান ধৰা সংস্থা)ই চহৰখনত কৰ্মৰত ব্ৰাহ্মণ কৰ্মচাৰী সকলৰ বাবে পৃথকৈ "শুদ্ধ ব্ৰাহ্মণ নিৰামিষ লাঞ্চ বক্স" সেৱা আৰম্ভ কৰা ঘোষণা ইতিমধ্যে কৰি দিছে ৷ টিফীন সেৱা প্ৰদানকাৰী সংস্থাটিয়ে জনায় যে, বেংগলুৰুৰ বহুতো কৰ্পৰেট কোম্পানীত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ ৯৮ শতাংশই ব্ৰাহ্মণ ৷ গতিকে তেওঁলোকে বিচৰা ধৰণেই "বিশুদ্ধ নিৰামিষ লাঞ্চ বক্স" দুপৰীয়া সময়মতে যোগান ধৰাটো "টিফীন সেৱা" সংস্থাটোৰ প্ৰধান কাম হ'ব ৷

উল্লেখ্য যে, ভাৰতৰ আগশাৰী ইংৰাজী বাতৰি কাকত "দা হিন্দু"ৰ চেন্নাইৰ শাখাটোৰ কাৰ্যলয়ৰ কেন্টিনত বিশুদ্ধ নিৰামিষ আহাৰ ৰন্ধা হ'য় ৷ উক্ত কেন্টিনত আমিষ আহাৰ ৰন্ধাৰ ক্ষেত্ৰত কঠোৰ বাধা-নিষেধ আৰোপ কৰা আছে ৷ একেই নীতি দিল্লীৰ ক্ষেত্ৰত ৷ দিল্লীৰ এনচিআৰ এলেকাত মুছলমান আৰু দলিত লোকৰ বাবে ভাঢ়া ৰুম নতুবা ভাৰা ঘৰ পোৱাটো এক প্ৰকাৰ পৰ্ৱতত কাছ কনী বিচৰাৰ দৰে ৷ ইয়াৰ বিপৰীতে এজন উচ্চ বৰ্ণৰ লোকে সহজে ভাৰা ৰুম আৰু ঘৰ পাবলৈ সক্ষম হ'য় ৷

চেন্নাইস্থিত আই-আই-টি মাদ্ৰাজ কেম্পাছত ব্ৰাহ্মণৰ জাতিবাদ আৰু উচ্চ-নীচ ভেদাভেদ এতিয়াও প্ৰৱল ৰূপত চলে ৷ প্ৰতিষ্ঠানখনৰ ভিতৰে বাহিৰে উচ্চ বৰ্ণৰ ব্ৰাহ্মণে অন্য বিদ্যাৰ্থীৰ লগত একেলগে বহা-উঠা, খোৱা-বোৱা কৰাৰ ক্ষেত্ৰত মানসিক-সামাজিক ভাৱে যথেষ্ট দূৰত্ব বজাই ৰাখে ৷ আঁচৰিত কথা যে, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠাখনে উচ্চ বৰ্ণ আৰু নিম্ন বৰ্ণৰ ভেদাভেদক অধিক মজবুট কৰি খোৱাৰ কেন্টিন কেইখন বৰ্ণভেদে পৃথক পৃথকৈ নিৰ্মাণ কৰি ৰাখিছে ৷

দক্ষিণ ভাৰতৰ কৰ্ণাটকত এটা "হাউচিং চ'ছাইটি" কেৱল উচ্চ বৰ্ণৰ ব্ৰাহ্মণৰ বাবে নিৰ্মাণ কৰা হ'য় ৷ কৰ্ণাটকৰ বেংলুৰু নগৰ নিগমে ২০১৩ চনত "বৈদিক ভিলেজ শংকৰ আগ্ৰহৰাম" নামৰ চ'ছাইটিখনলৈ ২১ একৰ মাটি অৱন্টিত কৰিছিল কেৱল ব্ৰাহ্মণৰ নামত ৷ পিছত চ'ছাইটিখনলৈ মাটি অৱন্টিত কৰাৰ ক্ষেত্ৰত বিতৰ্কৰ সূত্ৰপাট ঘটাত চ'ছাইটিখনৰ ডেভল'পাৰ গৰাকীক "প্ৰৱঞ্চক"ৰ গোচৰত বেংলুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

মহাৰাষ্ট্ৰৰ থানেটো কেৱল ব্ৰাহ্মণৰ কাৰণেই পৃথক পৃথক হাউচিং চ'ছাইটি নিৰ্মাণ কৰা আছে ৷ এনে চ'ছাইটি সমূহে নিজৰ বৃহৎ বৃহৎ এপাৰ্টমেন্টত কেৱল ব্ৰাহ্মণক হে একো একোটা ঘৰ দিয়ে ৷

অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে উচ্চ বৰ্ণ ব্ৰাহ্মণৰ বাবে সুকীয়াকৈ "ব্ৰাহ্মণ কল্যাণ নিগম" স্থাপন কৰি ৰাখিছে ৷ এই নিগমখনে অন্ধ্ৰ প্ৰদেশৰ ব্ৰাহ্মণ সকলক বিভিন্ন আঁচনিৰ যোগেদি সা-সুযোগ প্ৰদান কৰি আহিছে ৷

২০১৮ চনত অসমটো ওদালগুৰিৰ ব্ৰাহ্মণ সমাজে অস-বৰ্ণ ছোৱালীক বিবাহ কৰাৰ ক্ষেত্ৰত নিজৰেই ব্ৰাহ্মণ সমাজৰ যুৱকৰ ওপৰত ফটোৱা জাৰী কৰে ৷ এই ফটোৱাত কোনো ব্ৰাহ্মণ যুৱকে ব্ৰাহ্মণ ছোৱালীক বিবাহ কৰিলে সামাজিক ভাৱে বৰ্জন কৰাৰ স্পষ্ট ঘোষণা ৰাজহুৱাকৈ জাৰী কৰে ৷ ওদালগুৰীৰ ব্ৰাহ্মণ সমাজৰ এনে জাতিবাদী, বৰ্ণবাদী "ফটোৱা" জাৰীৰ পিছতে বিতৰ্কৰ সূত্ৰপাত ঘটাত বিষয়টোয়ে আদালতৰ কাষ পায়গৈ ৷

আৰ্য্য ব্ৰাহ্মণৰ এনে সংকীৰ্ণ, জাতিবাদী, বৰ্ণবাদী মানসিকতাৰ যথেষ্ট প্ৰমাণে আধুনিক ভাৰতবৰ্ষত জাতিভেদ, বৰ্ণভেদ, উচ্চ-নীচৰ দৰে সামাজিক বৰ্বৰতা লুপ্ত হোৱাৰ দাবী পোনচাতেই ভুল বুলি প্ৰমাণিত হৈছে ৷ বৈদিক? যুগৰ পৰা আজিৰ পৰ্যন্ত নিজকে সমাজিক ভাৱে উচ্চ আসনত অধিষ্ঠিত কৰোৱা; আধুনিক উচ্চ শিক্ষাৰে শিক্ষিত হৈও কূলষু মামসিকতাৰে সমাজক অন্ধকূপলৈ নিক্ষেপ কৰি অহা কাৰ্য্য অত্যন্ত নিন্দনীয় ৷

আটাইতকৈ আঁচৰিত কথা এয়ে যে, দেশৰ আগশাৰী তথা আধুনিক মহানগৰ দিল্লীৰ ৪০ শতাংশ জনতাই এতিয়াও জাতিভেদ, বৰ্ণভেদ তথা উচ্চ-নীচ ভেদাভেদৰ পৰম্পৰা বৰ্তাই ৰাখিছে ৷ আধুনিক ধ্যান-ধাৰণাই স্পৰ্শ কৰা দেশৰ ৰাজধানীৰ দৰে বৃহৎ চহৰৰ নাগৰীকেই যেতিয়া সমাজৰ আৱৰ্জনা পৰম্পৰাগত ভাৱে কঢ়িয়াই ফুৰিছে তেন্তে অন্য সাধাৰণ প্ৰান্তৰ সামাজিক অৱস্থিতি কেনে সেয়া সহজে অনুমেয় ৷

দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত সততে ভাৰতীয় সাংবিধানিক বিধি "সংৰক্ষণ"ক লৈ ৰাজনৈতিক মহলৰ মাজত যথেষ্ট বিতৰ্ক আৰু বাদানুবাদ সৃষ্টি হৈ আহিছে ৷ আৰ্য্য ব্ৰাহ্মণে ভাৰতীয় সাংবিধানিক বিধিৰ ওপৰত নাৰাজ হোৱাটো কোনো সাধাৰণ কথা নহ'য় ৷ ই এটা ভাৰতীয় লোকতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি স্বৰূপ আৰু দেশদ্ৰোহী কাৰ্য্য ৷ এনে কাৰ্য্য আৰ্য্য ব্ৰাহ্মণে মুকলিকৈয়ে কৰি অহাটো অত্যন্ত চিন্তাৰ বিষয় ৷ এইখিনিটে প্ৰশ্ন হ'য় যে, দেশৰ ব্যক্তিগত খণ্ডৰ উদ্যোগ সমূহত চাকৰি-বাকৰী নিযুক্তিৰ ক্ষেত্ৰটো জাতিগত, বৰ্ণ বিচাৰ কৰি নিযুক্তি দিয়া হ'য় নেকি? চেন্নাইস্থিত ইন্টিৰিঅ ডিজাইন কোম্পানীৰ বিজ্ঞাপনে কি সূঁচাইছে? আৰ্য্য ব্ৰাহ্মণে দেশৰ সাংবিধানিক বিধিৰ বিৰুদ্ধে আঙুলি উঠোৱা কাৰ্য্য দেশৰ ভৱিষ্যতৰ প্ৰতি কেনে সংকেত ?

২০০৭ চনত দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দুয়োটা উদ্যোগত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বৰ্ণ বিচাৰ কৰা পৰিক্ষা কৰিবলৈ দিল্লী অনচিআৰ(NCR)ৰ সূখদেৱ থৌৰাট আৰু ইংলেণ্ড নিৱাসী প'ল এটৱেলে মিলি এক সমীক্ষা কৰে ৷ এই সমীক্ষাত দিল্লীৰ এনচিআৰৰ বিভিন্ন প্ৰতিষ্ঠানত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত ওলোৱা বিজ্ঞাপনত দুয়ো সমীক্ষকে কৌশল প্ৰয়োগ কৰি তিনি ধৰণে আৱেদন দাখিল কৰে ৷ আৱেদনত বায়'ডাটা, শিক্ষা আৰু অভিজ্ঞতা একে ৰাখি প্ৰথম খনত পাৰ্থীৰ নামৰ পাছত উচ্চ বৰ্ণৰ উপাধি, যিটো উচ্চ বৰ্ণ হিন্দু বুজায়; দ্বিতীয়খনত অবিচি, অছটি আৰু এচছিৰ উপাধি আৰু তৃতীয়খনত, মুছলমানৰ নাম আৰু তথ্যৰে আৱেদন দাখিল কৰে ৷

এই সমীক্ষাৰ উত্তৰত পোৱা গ'ল যে, কোম্পানীবোৰে যেতিয়া আৱেদন জনোৱা প্ৰাৰ্থীৰ বায়'ডাটা পৰিক্ষা কৰাৰ পাছত উচ্চ বৰ্ণধাৰী হিন্দু উপাধী প্ৰাৰ্থী সকললৈ প্ৰথম ইন্টৰভিউৰ কলিং আহে ৷ কিন্তু মুছলমান, OBC, ST আৰু SC উপাধী থকা সকলৰ ক্ষেত্ৰত ইন্টাৰভিউৰ কলিং লেটাৰ ইন্টাৰভিউৰ নিদিষ্ট তাৰিখৰ পাছত হে আহে ৷ উদ্যোগ প্ৰতিষ্ঠানে চাকৰি নিযুক্তিৰ ক্ষেত্ৰত কৰি অহা বৈষ্যমৰ বিষয়টোয়ে ভাৰতবৰ্ষত আধুনিকতা পৰশত ভেদাভেদ আৰু বৰ্ণব্যৱস্থা লুপ্ত হোৱা কোৱা সকলৰ মুখত সূখদেৱ আৰু প'ল এটৱেল গৱেষণাই চূণ হানে ৷ আপুনি চিন্তা কৰক, চাকৰিৰ ইন্টাৰভিউৰ কাৰণে আন্ত্ৰণটো ভেদভাৱ, বৰ্ণ বিচাৰ চলোৱা হৈছে ৷ চাকৰি দিয়াৰ ক্ষেত্ৰতটো যে তেওঁলোকে ভেদভাৱ, বৰ্ণভেদ কৰা নাই এই কথাটো কেনেকৈ ন দি ক'ব? 

নৰ্ডান বৃটিছ ক'লম্বীয়া বিশ্বঃবিদ্যালয়, কানাডাৰ তিনি শীৰ্ষ গৱেষক পণ্ডিত ড° অজিত, হেন ডানক'ৰ আৰু ৰবি চাকচেনাই ভাৰতবৰ্ষৰ ভাৰতীয় চেয়াৰ মাৰ্কেটৰ তালিকাভুক্ত সকলোতকৈ বৃহৎ ১০০০ টা কোম্পানীৰ বোৰ্ড অধ্যয়ন কৰি প্ৰত্যেক বোৰ্ডৰ শীৰ্ষ পদত ৯২•৬ শতাংশকৈ কেৱল উচ্চ বৰ্ণ লোক পায় ৷ মুঠ ৯০৫২ টা বোৰ্ড সদস্যৰ সামাজিক পৃষ্ঠভুমি তিনি গৱেষকে জানিবলৈ বিচৰাত ইয়াৰে ৪০৩৭ জন সদস্য ব্ৰাহ্মণ আৰু ৪১৬৭ জন সদস্য হ'ল বৈশ্য জাতিৰ ৷

তিনি শীৰ্ষ গৱেষকে উক্ত গৱেষণা ২০১০ চনত কৰা কৰিছিল ৷ এই গৱেষণাই দেশৰ সমগ্ৰ উদ্যোগ খণ্ডৰ সমূহ শীৰ্ষ পদবী কেৱল উচ্চ বৰ্ণৰ বাবে অলিখিত ভাৱে সংৰক্ষিত হোৱাটো পৰিস্কাৰ কৈ দেখুৱায় ৷ ভাৰতীয় কোম্পানীৰ শীৰ্ষ পদবী দাবীদাৰৰ কাৰণে পূৰ্ব অভিজ্ঞতা, যোগ্যতা বা মেৰিট হোৱাতকৈ উচ্চ জাতিৰ কুলত জন্ম গ্ৰহণ কৰাটো অতি আৱশ্যক ৷ এই ক্ষেত্ৰত তিনি গৱেষকে ভাৰতীয় কোম্পানীৰ কৰ্পৰেট বোৰ্ডত থকা উচ্চ বৰ্ণৰ লোক সকল ইটোয়ে সিটোৰ লগত পাৰস্পৰিক এক গুপন বুজাবুজি থকাৰ কথা সদৰি কৰে ৷ অৰ্থাৎ তেওঁলোকৰ বৰ্ণবাদী চৰিত্ৰক শ্ৰেষ্ঠত্ব কৰাৰ ক্ষেত্ৰত সকলো এক ৷

যেতিয়া কোম্পানী সমূহৰ শীৰ্ষ পদবী উচ্চ বৰ্ণৰ লোকৰ দখলত আৰু ইয়াৰ প্ৰভাৱ মধ্যম আৰু নিম্ন স্তৰৰ ৰিকুইটমেন্টলৈকে পৰাটো স্বাভাৱিক ৷ চেন্নাইৰ ইন্টিৰিঅ কোম্পানীটোয়ে কেৱল উচ্চ বৰ্ণধাৰী লোকক নিযুক্তি দিব বিচৰা বিজ্ঞাপন প্ৰকাশ কৰাটো তেওঁলোকৰ দুৰ্ঘটনা বুলি ধৰি লওঁক ৷ কিন্তু এই দেশত চৰকাৰী-বেচৰকাৰী বিভিন্ন প্ৰতিষ্ঠানে-অনুষ্ঠানত হোৱা চাকৰী নিযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় মুলনিবাসী এচটি, এছচি, অবিচি আৰু মুছলমানৰ প্ৰতি বৰ্ণধাৰীয়ে অগণিত বৈষম্য, ভেদাভেদ কৰি কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত কৰি আহিছে তাৰ হিচাপ কোনে উলিয়াবলৈ সক্ষম হৈছে ?

থৌৰাট আৰু এটৱেলৰ ২০০৭ চনৰ সমীক্ষাই আৰু এটা কথা উনুকীয়াই গৈছে যে, ভাৰতবৰ্ষৰ বিভিন্ন কোম্পানীত শীৰেষ পদবীত থকা উচ্চ বৰ্ণৰ লোকক তেওঁলোকৰ দৰেই সফল নিজৰ আত্মীয়-কুটুম নতুবা জাতিৰ লোক সফল হোৱাৰ এটা ধাৰণা চাৰিত্ৰিক আৰু পৰম্পৰাগত ভাৱে আছে ৷ এই দুয়োটাই তেওঁলোকক চাকৰি-বাকৰীত কেৱল নিজৰ জাতিৰ মানুহ নিযুক্তি দিয়াৰ উদ্গনি যোগায় ৷ ফলত নীচ জাতিত জন্ম লোৱা সকলে আৰ্থিক দৈন্যতাৰ সন্মুখীন হোৱাটো তেনেই স্বাভাৱিক ৷

সামাজিক প্ৰতিষ্ঠা আদায় কৰি লোৱা নতুবা পোৱা জাতিয়ে নিজৰ সমূহীয়া উন্নতিৰ অৰ্থে আৰ্থিক সম্পন্ন আৰু ক্ষমতা থকা পদত নিজৰ স্থান নিশ্চিত কৰি ল'য় ৷
একমাত্ৰ নিজৰ জাতি, বৰ্ণক চাকৰি-বাকৰীত আগস্থান দিয়া আৰু তেওঁলোকক সামাজিক নেটৱৰ্কৰ জৰিয়তে শক্তিশালী তথা আগবঢ়াই নিয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষত নীচ জাতি বুলি গণ্য কৰা সকলৰ ক্ষেত্ৰত কৰ্পৰেট খণ্ডত সকলো পথ বন্ধ ৷ এটা কথা উল্লেখনীয় যে, উচ্চ বৰ্ণ ততা ব্ৰাহ্মণ্যবাদৰ এই চৰিত্ৰই ভাৰতীয় সংবিধানৰ "সংৰক্ষণ" ব্যৱস্থাক পৰোক্ষ ভাৱে আঘাত হানি কৰিছে ৷ যিটো তেওঁলোকে প্ৰত্যক্ষ ভাৱে কৰিব নোৱাৰে ৷ এটা গুৰুত্বপূৰ্ণ কথা যে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ পিছপৰা দলিত, জনজাতি আৰু মুছলমানৰ মাজত শিক্ষা তথা মেৰিটৰ অভাৱ নাই ৷ যিটো উচ্চ বৰ্ণৰ সদা অভিযোগ… ৷