অসমৰ ভুমিপুত্ৰ জনজাতিৰ প্ৰতি বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ

ভাৰত চৰকাৰ আৰু ৰাজনৈতিক দল, নেতালৈ আমাৰ মুকলি প্ৰশ্ন… 

the Constitution(scheduled tribes) amendment bill 2019, new community demand st stutas in assam
কেন্দ্ৰীয় গৃহমন্ত্ৰি ৰাজনাথ সিঙৰ সৈতে অসমৰ মুখ্যমন্ত্ৰি সৰ্বানন্দ, বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ লগত ৰাজ্যসভা সাংসদ বিশ্বজীৎ দৈমাৰী আৰু মন্ত্ৰি হিমন্ত, নতুন দিল্লী


① অসমত নতুন জনজাতিকৰণ বিচৰা সকলে সংবিধানৰ আধাৰত পৃথকভাৱে কেনেকৈ "অন্যান্য জনজাতি"(Other Tribals) হিচাপে থাকিব?

② অসমৰ ছয় জনগোষ্ঠীয়ে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত "প্ৰকৃত" জনজাতি হিচাপে স্বকৃতি পাবনে?

③ নতুন ছয় জনগোষ্ঠীয়ে অসমৰ ভুমি আইনত কেনে পৰিচয় লাভ কৰিব?

④ অসমৰ ছয় জনগোষ্ঠীয়ে নতুনকৈ জনজাতিকৰণ লাভ কৰিলে "অসমৰ ভুমি আৰু ৰাজহ আইন ১৮৮৬" ৰ X অধ্যায়টো নিশ্চিহ্ন কৰি দিয়া হ'ব নেকি?

⑤ সামাজিক আৰু শৈক্ষিক দিশত পিছপৰা শ্ৰেণীৰ কাৰণে ৫০ শতাংশ সংৰক্ষণৰ নিৰ্দ্ধাৰিত সীমা থকাৰ পাছতো অসম চৰকাৰে ইয়াক কেনেকৈ উলংঘা কৰিব? এই উলংঘাই উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ভাৰতীয় সংবিধানৰ পৰিপন্থী নহ'ব নে?

⑥ ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ভিত্তিত অনুসূচিত জনজাতিৰ কাৰণে থকা ৭.৫ শতাংশ সংৰক্ষণ আৰু অধিক বঢ়াই দিব পাৰিব নে?

⑦ অসমৰ ছয় জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ কৰিলে অসমৰ মুঠ জনজাতিৰ সংখ্যা কিমান হ'ব আৰু এই সংখ্যাই ভাৰতীয় সংৰক্ষণ ব্যৱস্থাৰ নীতি নিয়ম উলংঘা নকৰিব নে?

⑧ ভাৰতীয় সংবিধানে অসমৰ বৰ্তমান পিছপৰা অনুসূচিত জনজাতি সকলৰ সামাজিক, শৈক্ষিক আৰু চাকৰি ক্ষেত্ৰত সংৰক্ষণৰ সু-ব্যৱস্থা কৰিছে ৷ এই ক্ষেত্ৰত অসমত নতুনকৈ জনজাতিকৰণ লাভ কৰিব লগা ছয় জনগোষ্ঠীৰ বাবে কেনে ব্যৱস্থা থাকিব?

⑨ অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ কৰিলে তেওঁলোকৰ বাবে ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীৰ আধাৰত অনুসূচী ক্ষেত্ৰ আৰু অনুসূচীত জনজাতিৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা কেনে হ'ব?

⑩ অসমৰ ছয় জনগোষ্ঠীয়ে নতুনকৈ জনজাতিকৰণ লাভ কৰাৰ পাছত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম আদি জনজাতীয় এলেকাভুক্ত প্ৰশাসনৰ ষষ্ঠ অনুসূচীৰ সাংবিধানিক ব্যৱস্থা কি হ'ব? 

⑪ অসমৰ ছয় জনগোষ্ঠীয়ে নতুনকৈ জনজাতিকৰণ লাভ কৰিলে ভাৰতীয় সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ সাংবিধানিক উদ্দেশ্য একে থাকিব নে? যদি থাকে ই কেনেকোৱা হ'ব? 

⑫ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণে জনপ্ৰতিনিধি আইন অনুসৰি ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰ জনজাতীয় জনংখ্যানুপাতে পৰিৱৰ্তিত হ'ব নে? 

আশা কৰিছো, চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই এই মৌলিক প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰিলে অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰে অনুসূচীভুক্ত জনজাতি মাৰ্য্যদা পালে আমাৰ একো কব লগা নাথাকিব আৰু তেওঁলোকক ভাৰতবৰ্ষৰ প্ৰগতিত অ-সমানতা জনজাতি হিচাপে মানি লোৱা হ'ব ৷