আম্বেদকাৰ বনাম গান্ধী

ৰামৰাজ্য আছিল গান্ধীৰ সপোনৰ ভাৰতবৰ্ষঃ

Ambedkar vs Gandhi, Ramrajya


সাধাৰণতে দেখা যায় যে, বহু দ্বিগ্বজ পণ্ডিত, লেখক, বুদ্ধিজীৱি, সাহিত্যিক, কলা-কুশলী, সামাজ সেৱক-সেৱীকাই নিজৰ জীৱনৰ সফলতাৰ আঁৰত মোহন দাস কৰম চাঁন্দ গান্ধীৰ প্ৰভাৱ থকা কথা স্বীকাৰ কৰে ৷

দেশে এতিয়ালৈকে বহু ডাঙৰ ডাঙৰ গান্ধীবাদীক উপহাৰ দিলে ৷ এই খিনিতে প্ৰশ্ন হ'য়, গান্ধীবাদ কেৱল উচ্চ বৰ্ণৰ মাজতেই কিয় জন্ম বা সীমাবদ্ধ? 

প্ৰকৃততে গান্ধী আৰু তেওঁলোকৰ গান্ধীবাদ হ'য় কি? দেশৰ ১% সমৃদ্ধ লোকে নিজকে "গান্ধীবাদ"ৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ কথা কিয় জনায় ? এই নগন্য সমৃদ্ধ উচ্চ বৰ্ণৰ লোকে আম্বেদকাৰবাদী হোৱাৰ সমস্যা কোনখিনিত? 

গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে মাত মাতি জেললৈ গৈ দেশক সঁচাকৈয়ে গোলামীৰ পৰা আজাদী দিলে নে? 

প্ৰকৃততে গান্ধী আৰু বাবা চাহেব আম্বেদকাৰ দেৱক বৃটিছৰ সেই উদাৰ নীতিয়ে জন্ম দিলে য'ত ইংৰাজে অশেষ কষ্টৰে ভাৰতবৰ্ষক সংযুক্ত ৰাষ্ট্ৰ নিৰ্মাণ কৰি গ'ল ৷

বৃটিছে সাত সাগৰ তেৰ নদী পাৰ হৈ ভাৰতবৰ্ষলৈ মছলা বেপাৰ কৰিবলৈ আহি ভাৰত দখল কৰিছিল সঁচা কিন্তু ইয়াৰ বিপৰীতে সৰ্বজ্ঞানীৰ সৰ্বেসৰ্বা হৈ উচ্চ বৰ্ণৰ আৰ্য্য ব্ৰাহ্মণে অন্ধ ধৰ্মীয় ধ্যাণ-ধাৰণা বিয়পাই মুলনিৱাসী ভাৰতীয়ক ৫০০০ বছৰ ধৰি শোষণ কৰিছিল আৰু কৰি আছে ৷

জাত-পাত, উচ্চ-নীচ সামাজিক ৰীতি-পৰম্পৰা, গোড়ামীৰে পৰিপুৰ্ণ অন্ধ ধৰ্মীয় ধ্যাণ-ধাৰণাৰ পৰিৱৰ্তে ইংৰাজে ভাৰতবৰ্ষৰ সকলোকে সমতা, ন্যায়পালিকা, আইন, শিক্ষা ব্যৱস্থা, লিখা-পঢ়া, মাত মতাৰ অধিকাৰৰ আজাদীৰ লগত সংবাদ মাধ্যমৰ দৰে আধুনিক ব্যৱস্থা ভাৰতত এৰি গ'ল ৷ এনে আধুনিক বৃটিছ সভ্যতাই দুই নেতা আৰু তেওঁলোকৰ দৰে বৰ্ণৰ সমাজ সুধাৰক উচ্চ বৰ্ণৰ ব্ৰাহ্মণ নেতা সৃষ্টি হোৱাৰ সুবিধা কৰি গ'ল ৷ 

ইংৰাজে ভাৰত দখল কৰাৰ আগৰ ভাৰতবৰ্ষত পেছুৱাৰ(ব্ৰাহ্মণ) ৰাজ, মোগল ৰাজ, ৰাজপুত ৰাজ আৰু আহোম ৰাজৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ আছিল নে? নিশ্চয় নাছিল ৷

গান্ধীৰ শত্ৰুতা কেৱল ইংৰাজ আছিল ৷ বৈদিক সাহিত্য দমনকাৰী ৰজা-মহাৰজা আৰু উচ্চ বৰ্ণ ব্ৰাহ্মণৰ বিৰুদ্ধে তেওঁৰ কোনো দেনা-পাওনা নাছিল ৷ অহিংসাবাদী আন্দোলনৰ দ্বাৰা গান্ধীয়ে ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ৷ বৃটিছে ভাৰত ত্যাগ কৰাৰ পাছৰ ভাৰতবৰ্ষ কেনে হ'ব সেই বিষয়ত গান্ধীয়ে সদা সতৰ্কতাৰে আঁতৰি থাকিছিল ৷

ড° আম্বেদকাৰ দেৱে সমগ্ৰ জীৱন আধুনিক ভাৰত নিৰ্মাণ হকে জীৱন উচৰ্গা কৰি গ'ল  আৰু গান্ধীয়ে বৃটিছক ভাৰতৰ পৰা খেদি নিজৰ অনুজক বৰ্ণবাদী ব্যৱস্থাৰে ভাৰতবৰ্ষ আৰু ইয়াৰ মুলনিৱাসী ভাৰতীয়ক শোষণ কৰাৰ পথ সুগম কৰি গ'ল ৷ বাবা চাহেব আম্বেদকাৰ দেৱে চিন্তা আৰু কৰ্মই আদৰ্শ লোকতন্ত্ৰীয় ব্যৱস্থা আৰু আধুনিক ভাৰতীয় সভ্যতাৰ বুনিয়াদ গঢ়ি গ'ল য'ত জাতি-বৰ্ণৰ কোনো মহত্ব নাই ৷

গান্ধীৰ সপোনৰ ভাৰতবৰ্ষ আধুনিক সভ্যতাবিহীন ৷ তেওঁ বিচাৰিছিল ভাৰতবৰ্ষ এক জাতি ব্যৱস্থাত সমৰ্পিত তথা স্থাপিত হওঁক য'ত ভাতৃত্ববোধ আৰু সমানতাৰ কোনো মূল্য নাই ৷ আৰু আজিৰ ভাৰতবৰ্ষ যিটোত বিদ্যামান ৷

বাবা চাহেব আম্বেদকাৰ দেৱৰ আধুনিক ভাৰতবৰ্ষত তেওঁ সকলোৰ বাবে চিন্তা কৰিছিল ৷ তেওঁ শক্তিশালী ভাৰত নিৰ্মাণ কৰিবলৈ বিচাৰিছিল য'ত সকলোৰে সপোন, সুখ-দুখ এক, সকলোৰে অৰ্থনৈতিক সুৰক্ষা নিশ্চিত হোৱাটো বিচাৰিছিল ৷ তেওঁ জাতি-বৰ্ণ নতুবা ধৰ্মীয় আধাৰত কাকোকে সৰু-ডাঙৰ হোৱাটো বিচৰা নাছিল ৷

আজিৰ ভাৰতবৰ্ষ "গান্ধীৰ ভাৰতবৰ্ষ" ৷ মানুহৰ চিন্তাতকৈ গাই গৰুৰ প্ৰতি চিন্তা, লোকতন্ত্ৰৰ সলনি ৰামৰাজ-হিন্দুৰাজ বিষয়ে অধিক চিন্তা চৰ্চা, কাম-কাজ অধিক ৷ অৰ্থাৎ গান্ধীৰ উত্তৰসূৰীয়ে তেওঁলোকৰ ইংৰাজ ৰাজৰ পূৰ্ৱৰ মান্ধাতা যুগৰ কৌটিকুলীয়া বিচাৰধাৰত শোষণযুক্ত ব্যৱস্থা প্ৰৱৰ্তিত হোৱাটো বিচাৰে ৷ এক কথাত মনুবাদী শাসন !

No comments:

Post a Comment

Thank you.