ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ভুমিপুত্ৰ জনজাতিৰ আত্মঅধিকাৰ

ভুমিপুত্ৰ জনজাতিক অন্ধকাৰত থৈ ছয় জনগোষ্ঠিক নতুনকৈ জনজাতিকৰণ কৰিলে অসমত ভয়াৱহ পৰিস্থিতি উদ্ভৱ হোৱাৰ আকংশাই অধিক ! 

schedule tribe demand in assam, protest


বিশ্বত জন-গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কলেই বিশ্ববাসীয়ে ভাৰতবৰ্ষক আঙুলিয়াই আহিছে ৷ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সুন্দৰকৈ উল্লেখ কৰা আছে যে -ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিকে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, মৌলিক ন্যায় আৰু বাক্ স্বাধীনতা পাব ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকে সম-মৰ্যদা ৰক্ষা কৰাৰ লগতে সামাজিক উন্নয়নৰ বাবে সকলোধৰণৰ সা-সুবিধা সমনেই পাব ৷ ব্যক্তিগত মৰ্যদা আৰু জাতিৰ মাজত ঐক্য আৰু সংহতি বৰ্তাই ৰাখিবৰ কাৰণে ভাতৃত্ববোধৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰা হ'ব ৷ ভাৰতবৰ্ষৰ নাগৰিকে সমভাৱে সংবিধান প্ৰদত্ত সকলো সা-সুবিধা ভোগ কৰিব পাৰিব ৷ কোনো বৈষম্য নাথাকিব ৷ সকলো শ্ৰেণীৰ নাগৰিকৰ প্ৰতি লক্ষ্য ৰাখি সংৰ্বাঙ্গীন উন্নতি আৰু মংগল কামনা কৰি এই ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিল ৷

১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে সংবিধান সভাৰ সাধাৰণ সভাত উক্ত দফাসমূহ চালিজাৰি চাই গঠনমূলক দৃষ্টিভংগীৰে গ্ৰহণ কৰি আইনত ৰূপায়ণ কৰা হৈছিল ৷ এই সংবিধানত বিভিন্ন খণ্ড, অনুচ্ছেদ, অধ্যায়, ধাৰা-উপধাৰা সন্নিবিষ্ট কৰা হৈছে ৷ ইয়াৰ লগত কোন কোন ৰাজ্যৰ কেনেধৰণৰ গোষ্ঠী-জনগোষ্ঠীৰ অৰ্থসামাজিক, ৰাজনৈতিক, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত পিছপৰি আছে, সেইবোৰ জনগোষ্ঠীক সমমৰ্যদা প্ৰদানৰ বাবেও ইয়াৰ সঠিক নীতি নিদ্ধাৰণৰ নিমিত্তে প্ৰত্যেক ৰাজ্যতে একোখনকৈ উপদেষ্ট উপ-সমিতি গঠন কৰি দিয়া হৈছিল ৷

অসমতো গোপীনাথ বৰদলৈ নেতৃত্বত মন্ত্ৰিত্বধীন চৰকাৰত ৰূপনাথ ব্ৰহ্মক সদস্য হিচাপে লৈ একোখন সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিসমূহৰ বিতং পৰামৰ্শক্ৰমে ১৯৫০ চনত অনুসূচিত জাতি-জনজাতিৰ নিৰ্দ্ধাৰিত দফাৰ তালিকাবোৰ চৰকাৰে সেই সময়তেই সবিস্তাৰে প্ৰকাশ(ঘোষণা) কৰিছিল ৷

ভাৰতীয় সংবিধান গৃহীত দিনৰ পৰাই দেশৰ অনুন্নত জনগোষ্ঠীসমূহৰ আৰ্থিক-সামাজিক, শিক্ষা-সাংস্কৃতিক জীৱন উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা-সংস্থাপন কৰাৰ কথা বিশদবাৱে ব্যাখ্যা কৰিছে ৷ ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদে সমাজৰ দুৰ্বল শ্ৰেণী বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতিসকলৰ শিক্ষা আৰু অৰ্থনীতিৰ উন্নয়নৰ বিশেষ যত্ন ল'ব আৰু সামাজিক আন্যায় আৰু সকলো শোষণৰ পৰা ৰক্ষা কৰা কথা উল্লেখ কৰিছে ৷ তদুপৰি সংবিধানৰ ৩২০, ৩৩২, ৩৩৪, ৩৩৫ আৰু ৩৩৮ অনুচ্ছেদত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে লোকসভা, বিধানসভা আৰু চৰকাৰী চাকৰীৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ ৩৫০(খ) অনুচ্ছেদে ভাষিক সংখ্যাসঘু জনগোষ্ঠীৰ ভাষা উন্নয়ন আৰু সুৰক্ষা, ২৭৫ নং অনুচ্ছেদ অনুযায়ী অৰ্থ মঞ্জুৰীৰ ব্যৱস্থাও আছে ৷ কিন্তু আচৰ্য্যজনক কথা এয়ে অসমৰ দৰে এখন জনজাতিয় প্ৰধান ৰাজ্যত সংবিধানৰ দফা আৰু অনুচ্ছেদত থকা সুবিধাসমূহে অনুন্নত জনজাতিৰ কিমান কল্যাণ সাধন কৰিছে সেয়া সন্দেহ অৱকাশ কৰিছে ৷ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো সাধাৰণ জনজাতীয় নাগৰিক কিমান উপকৃত হৈছে সেইটো কোৱা টান ৷ ভুমিপুত্ৰ জনজাতিৰ বাবে চৰকাৰী চাকৰীৰ ক্ষেত্ৰটো থকা সংৰক্ষণৰ সুবিধাসমূহ নিশকতীয়া ৷ সংবিধানৰ ৪৬ আৰু ৩৬৫ নং অনুচ্ছেদৰ লগত সংগতি ৰাখি ভুমিপুত্ৰ জনজাতীয় লোকৰ বাবে চৰকাৰী চাকৰি ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে চিঠি নং AAP/108/49/51যোগে ৷ জনজাতিসকলক চাকৰিৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৫ বছৰলৈকে ৰেহা নিৰ্ধাৰণ কৰা হৈছে ১৯৫২ চনৰ পৰা ৷ উল্লিখিত বিশেষ ব্যৱস্থাবোৰ Assam Schedule Cast and ST(Reservation&Vacancy's in Service and Post)Act 1978ৰ আইনৰ অন্তভুক্ত কৰা হৈছে ৷ কিন্তু ইয়াৰ দ্বাৰা অসমৰ কোনো ভুমিপুত্ৰ জনজাতি আজিলৈকে উপকৃত হোৱা দেখা নগ'ল Due quota নথকা বাবে ৷ ইয়াৰ ফলস্বৰূপে জনজাতীয় লোকসকলৰ মাজত যোগ্য-দক্ষ লোক নাই বুলি বহু অফিচ-কাছাৰীত জনজাতীয়লোকৰ বিপৰীতে অন্য লোকক নিযুক্তি দি অহা হৈছে ৷ এনেকৈ অসমত বহু জনজাতীলোকক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰি অহা হৈছে ৷

অসমৰ কৃষিজীৱি ভুমিপুত্ৰ জনজাতিৰ কাৰণে ভুমি সমস্যা বৰ্তমান প্ৰধান সমস্যা ৷ অসমৰ জনজাতীয় লোকসকলে নিজৰ ভুমি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত মুঠেও সচেতন নহ'য় বুলিব পাৰি ৷ দেশত অনুন্নত জনগোষ্ঠীৰ স্বাৰ্থ লক্ষ্যৰে ভুমি আইন সংশোধন কৰা হৈছে ৷ সংশোধিত আইনৰ ১৬১ ধাৰা মতে জনজাতীয় লোকৰ দ্বাৰা অধ্যুষিত অঞ্চলক লৈ জনজাতি বেল্ট আৰু ব্লক(Belt&Block) গঠন কৰা হ'য় ৷ এই বেল্ট আৰু ব্লকবোৰ গঠন হোৱাৰ লগে লগে সেই অঞ্চলৰ মাটি বদলিকৰণ , হস্তান্তৰ আৰু খাচ্ মাটিৰ পট্টন নিয়মিতকৰণ কৰা হৈছিল Notification No. RD.28/47/113 date 24-8-1949ত ৷ কিন্তু এই আইনত কিছু ত্ৰুটি পৰিলক্ষিত হোৱাত ১৯৬৪ চনত পুনৰ সংশোধন কৰা হ'য় ৷ এই সংশোধন অনুসৰি ১৯৪৭ চনৰ Assam Land & Revenue Regulation(Amendment) Act ৰ ১৬২(১) ধাৰৰ লগত আৰু দুটা উপধাৰা ২ আৰু ৩ সংশোধন কৰা হ'য় ৷ পৰৱৰ্ত্তি কালত ১৯৮১ চনত Assam land revenue reservation act 1886 ক পুনৰ সংশোধন কৰা হ'য় ৷ এই আইন মতে ১৬০ ধাৰাৰ উপধাৰা ২ নং মতে জনজাতীয় শ্ৰেণীভুক্ত মানুহৰ বাহিৰে বেল্ট আৰু ব্ল'ক গঠন অঞ্চলত অন্য অজনজাতীয় মানুহে জিলা কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ অনুমতি লৈহে মাটিৰ পট্টন পাব পাৰে ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অসম চৰকাৰে জনজাতিৰ ভুমি সংৰক্ষণৰ ব্যৱস্থা নকৰাত উক্ত ভুমিত লাখ লাখ বংগমূলীয় অবৈধ লোকে জনজাতিৰ ভুমি দখলৰে ভুমি সংৰক্ষণ আইনক বৃদ্ধগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে ৷

অসমৰ প্ৰতিখন চৰকাৰে ভুমিপুত্ৰ জনজাতিসকলৰ উন্নয়নৰ কাৰণে কম-বেছি পৰিমাণে কিছু কাম কৰি আহিছে যদিও স্বাভাৱিকতে কেইটামান প্ৰশ্ন উদয় হ'য়---
ক/ অসমৰ ভুমিপুত্ৰ জনজাতিসকলে আজি আন্দোলনৰে মুখৰিত হৈ উঠিছে কিয়?
খ/ অসমৰ সংৰক্ষিত শ্ৰেণী সমাজ, শৈক্ষিক ব্যৱস্থা সমূহ কেনে ধৰণৰ?
গ/ অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহে কিয় অসমীয়া ভাষা কবলৈ দ্বিধাবোধ কৰে? আৰু
ঘ/ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ব আজি বিপদাপন্ন হৈছে নেকি?
ইয়াৰ সমাধানকল্পে অসম চৰকাৰে সঁচা অৰ্থত শিক্ষাৰ ব্যৱহাৰ(প্ৰকাৰ), আসুবিধা আৰু নিয়োগ, সংৰক্ষণ নীতি, অবৈধ নাগৰিকক বহিস্কাৰ কৰি ৰাজনৈতিক অধিকাৰ সাব্যস্ত, সু-শাসন আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীক মাটি পট্টনৰ ব্যৱস্থা দিয়াৰে মৰ্য্যদা দিব লাগিব ৷

উল্লেখ কৰা প্ৰয়োজন যে অসমৰ কোচ-ৰাজবংশী, টাই আহোম, মৰাণ-মটক, চুতীয়া আৰু আদিবাসীকে ধৰি ৬ টা জাতিয়ে বিচৰা জনজাতিকৰণক কিছু পূৰ্ব জনজাতি সংস্থাই বিৰুদ্ধাচৰণ কৰি আহিছে ৷ বৰ্তমান অসমৰ লোকপিয়ল মতে সংৰক্ষণৰ ব্যৱস্থা ইতিমধ্যেই ৪৯•৫৭ শতাংশ হৈছে ৷ য'ত মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়মতে এখন ৰাজ্যৰ জনসংখ্যা সংৰক্ষণ ৫০ শতাংশৰ বেছি হ'ব নোৱাৰে ৷ তেনে ক্ষেত্ৰত যদি উক্ত ছয় অন্যান্য পিছপৰা জতিক অসমত জনজাতিকৰণ কৰিব পাৰে তেতিয়া হলে ৫০ শতাংশ সংখ্যা অতিক্ৰম কৰাটো তেনে ইস্বাভাৱিক হৈ পৰিব ৷ সেয়েহে অসমৰ ক্ষেত্ৰত বৰ্তমানৰ শতকৰা ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাটো ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজন ৷

যোৱা ২০০২ চনত অসমত ৫ টা জনগোষ্ঠী ডিমাচা, গাৰো, হাজং, খামটি আৰু চিংফৌক জনজাতি তালিকাভুক্তিকৰণ কৰা হ'য় ৷ যাৰ ফলত ২০১১ চনৰ লোকপিয়ল অনুযায়ী ১২•৫ শতাংশ জনজাতিৰ জনসংখ্যা বৃদ্ধি হ'য় ৷ এয়া কেৱল ভৈয়াম জনজাতিৰ তালিকাত ৷ এনে পৰিপ্ৰেক্ষিতত সংক্ষেপে কেইটামান অতি স্পৰ্শকাতৰ বিষয় উল্লেখ কৰিব বিচাৰিছো ৷ প্ৰথম, অসমৰ ভুমিপুত্ৰ জনজাতিসকলক নিৰ্যাতন, অন্তৰায়, প্ৰতাৰণাৰ পৰা মুক্ত হোৱাৰ সু-ব্যৱস্থা কৰা ৷ ভুমিপুত্ৰ জনজাতিক সাংবিধানিক ৰক্ষণাবেক্ষণ দিয়া ৷ দ্বিতীয়, ৰাজনৈতিক(ব্যৱস্থা) অধিকাৰ সাব্যস্ত কৰাৰ যথোপযুক্ত ক্ষমতা দিয়া ৷ তৃতীয় জনজাতিৰ সামাজিক বিকাশ ইত্যাদি ৷ এইখিনিতে এটা কথা আহি পৰে যে অসমীয়া বৰ্ণসংস্কৃতিক সমাজখনে জনজাতিসকলৰ প্ৰতি কৰি অহা অবিচাৰ, ভাৱ-ভাষাৰ ওপৰত ৰখা উপলুঙামুলক মন্তব্য, কোনো কালেই জনগোষ্ঠীসমূহক সহজ-সৰলভাৱে নোলোৱা বিষয়টো আজিও বিদ্যামান ৷ আমি অনুভৱ কৰো, ভাৰতীয় সংবিধান প্ৰদত্ত, ভাৰতীয়সকলে জাত-পাত, বৰ্ণ-ধৰ্ম-সংস্কৃতি, সংহতি বিনষ্ট নোহোৱাকৈ এজন ভাল ভাৰতীয় হিচাপে পৰিচয় ডাঙি ধৰাটো উচিত ৷ এই বিষয়ে ১৯৫৫ চনতে state re-organisation commission এ জনজাতিৰ ক্ষোভ, মৰ্মবেদনা আৰু বৰ্ণবাদী সমাজখনৰ মাজত পাৰস্পৰিক বৈষম্য আঁতৰোৱাৰ বাবে এটা টোকা প্ৰকাশ কৰিছিল ৷ সেই টোকাটোত লিখা আছিল --- "The task economic development can be understate and substantial culture autonomy can be enjoyed by the various linguistic and medieval groups only if two condition are fulfilled. Namely that the state of Assam is compete, rich and resourceful and that there exists within this state mutual to henceforth and goodful. Particularistic and if we many say so Conroy is he friends are bound to retard the progress of the state." লক্ষনীয় যে এই বাৰ্তাৰ ক্ষেত্ৰত কোনেও কৰ্ণপাত কৰা দেখা নগ'ল ৷

এইখিনিতে আকৌ এটা কথা উল্লেখ কৰিব লাগিব যে ২০১২ চনৰ আগৰে পৰা অসমৰ ৬ টা জাতিয়ে ভাৰতভুমিত নিজৰ স্বকীয়তা বিচাৰি প্ৰৱল জনমত  গঠন কৰি আন্দোলন কৰি আহিছে ৷ তেওঁলোকে ভৈয়াম জনজাতি হ'বলৈ "আৰ্হতা" সম্পৰ্কত দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছে ৷ এই ক্ষেত্ৰত নতুনকৈ জনজাতি হ'ব বিচৰা জাতিসমূহৰ বাবে "অসম ভাষা গৱেষনা প্ৰতিষ্ঠানে" তলত উল্লেখ কৰা পাঁচটা আৰ্হতা নিৰ্দ্ধাৰণ পূৰণ কৰাটো বাধ্যতামূলক কৰিছে ৷
১/ আদিম অৱস্থানৰ লক্ষণ
২/ ভৌগলিকভাৱে বিচ্ছিন্ন
৩/ সু-স্পষ্ট সাংস্কৃতিক ৰীতি-নীতি
৪/ আন আন জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহাৰ দ্বিধাগ্ৰস্ততা আৰু
৫/ পশ্চ্যাদপদতা পূৰণ কৰাটো বাঞ্ছনীয় ৷ 
অৰ্থাৎ ৰাষ্ট্ৰীয় জনজাতীয় আয়োগে পশ্চ্যাদপদ অসমৰ এই ৬টা জাতিয়ে পূৰণ নকৰাৰ বাবে এই জাতিসমূহক অন্যান্য অনুসূচিত জাতি হিচাপে তালিকাভুক্ত হ'ব পাৰে ৷ অসমত ইতিমধ্যে ৪৯ শতাংশ সংৰক্ষিত ব্যৱস্থা আছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ত পূৰণ নকৰা বাবে কেন্দ্ৰীয় মহাপঞ্জীয়কে অসমৰ ছয় জাতিক জনজাতিকৰণ কৰাৰ বিবেচনা নকৰিলে ৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মহাপঞ্জীয়কৰ সিদ্ধান্ত অনুযায়ী ৫০ শতাংশ মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কেৱল তামিলনাডু ৰাজ্যৰ বাহিৰে অধিক হ'ব নোৱাৰে ৷

অসমৰ কোচ ৰাজবংশীসকলক ১৯৮১ চনৰ গৃহ মন্ত্ৰালয়ৰ প্ৰস্তৱ আৰু কেন্দ্ৰীয় মহাপঞ্জীয়কৰ মতামত মৰ্মে কোঁচসকল বৰ্ণবাদী হিন্দুসকলৰ লগত মিলি আছে কাৰণেই তেওঁলোকক জনজাতিকৰণৰ তালিকাভুক্ত কৰাত বাধাৰ সৃষ্টি কৰিছে ৷ সেয়ে ভৈয়াম অঞ্চলত কোঁচ ৰাজবংশীসকলক জনজাতি বুলি ধৰিব পৰা নাযায় ৷ ঠিক তেনেদৰে ৬০০ বছৰ ৰাজত্ব কৰা আহোমসকলক উচ্চ শিক্ষা, অৰ্হতা থকা লোক বা জাতি হিচাপে, চুতীয়া, মৰাণ,মটক জাতিকো ৰাজকীয় আৰু উচ্চ বিকাশিত জাতি হিচাপে, লগতে মোৱামৰীয়া বৈষ্ণৱ বংশীয় লোক হিচাপে পৰিগণিত হৈ আহিছে ৷ কাৰণ এই জাতিসমূহক অসমীয়া আৰু হিন্দুত্বৰ মূল সূঁতিত অৱতীৰ্ণ হোৱা বুলি ইতিমধ্যেই গণ্য কৰা হৈছে ৷ আনফালে চাহবাগানীয়া লোকসকলক বৃটিছ চৰকাৰৰ আমোলত অসমত ঠিকাভিত্তিক বনুৱা হিচাপে বিহাৰ, উৰিষ্য, পশ্চিম বংগ, মধ্য প্ৰদেশ আদি ৰাজ্যৰ পৰা আমদানি কৰা হৈছিল ৷ এই ক্ষেত্ৰত তেওঁলোকৰ অৰ্হতা বনুৱাৰ অভাৱ আদি কামেই বৃটিছ আমোলাসকলে পূৰণ কৰা বুলি উল্লেখ কৰিছে ৷ উল্লেখ্য যে চহবগানীয়া লোকসকলে অসমৰ ২০ শতাংশ জনসংখ্যা পূৰণ কৰিছে ৷ গতিকে অনা-অসমীয়া চাহ বাগানীয়া লোকসকলক অসমত জনজাতি স্বীকৃতি দিয়াটো মুঠেই সম্ভৱ নহ'য় সেয়া কেন্দ্ৰীয় মহাপঞ্জীয়কেই ঘোষণা কৰি আহিছে ৷

শেষতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰি সৰ্বানন্দ সোণোৱাল দেৱৰ চৰকাৰে খিলঞ্জীয়া লোকৰ অস্তিত্ব সুনিশ্চিত কৰাৰ কাৰণে শ্ৰীহৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত খিলঞ্জীয়া ভুমি অধিকাৰ সমিতি গঠন কৰি দিছে ৷ এই সমিতিয়ে বৰ্তমানে উজনি আৰু ভৈয়াম জিলাসমূহত ভুমি অৱস্থানৰ ওপৰত পৰীক্ষামুলকভাৱে স্থানীয় ৰাইজ তথা সংশ্লিষ্ট ৰাজহ বিভাগৰ কৰ্তৃপক্ষৰ লগত বিশদভাৱে আলোচনাত মিলিত হোৱা দেখা গৈছে ৷ প্ৰাৰম্ভিক চৰজমিন অন্তত সমিতিয়ে এক খচৰা যুগুতাই অসম চৰকাৰক তথ্য দাখিল কৰিছে ৷ অসম চৰকাৰক ব্ৰহ্ম সমিতিয়ে দাখিল কৰা তথ্য ওপৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে কি গুৰুত্বপূৰ্ণ ব্যৱস্থা লয় সেয়া সময়েহে নিৰূপণ কৰিব ৷ অন্যথা খিলঞ্জীয়া লোকে নিজৰ অস্তিত্ব আৰু ভুমি সুৰক্ষাৰ বাবে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰে নিজৰ পাপ্য অধিকাৰ নিশ্চিত কৰাৰ বাহিৰে গত্যন্তৰ নাই ৷

বিঃদ্ৰঃ-- এই লেখনিটো মাননীয় তৰেণ বড়ো ডাঙৰীয়াই এবছৰ পূৰ্ৱে অসমৰ জনজাতীয় সমস্যা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ সন্দৰ্ভত আমালৈ লিখিছিল ৷ উক্ত লেখা পুনঃ সম্প্ৰচাৰ কৰা হ'ল ৷