Who is Behind EVM in India?

ইভিএম ব্ৰহ্মণ্যবাদৰ ব্ৰহ্মাস্ত্ৰঃ

Behind EVM in India

ঊনৈশ শতিকাৰ ইভিএম(EVM) আৱিষ্কাৰে ভাৰতত ব্ৰাহ্মণ্যৰাজৰ খোপনি অধিক সুদৃঢ় হোৱাটো মন কৰিবলগীয়া ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লোকতন্ত্ৰৰে সঞ্চালিত দেশ ভাৰতৰ নিৰ্বাচনত যি দিনাই ইলেক্ট্ৰিনিক ভোটিং মেছিন ব্যৱহাৰ হ'য়, সেই দিনাৰ পৰাই ভাৰতৰ ৮৫ শতাংশ মুলনিবাসী ভাৰতীয়ৰ ভৱিষ্যাৰ এক অন্ধকাৰৰ দিশ সূঁচনা হ'য় ৷ বেলট পেপাৰৰ নিকা, স্বচ্ছ আৰু স্বতন্ত্ৰৰ নিৰ্বাচনৰ পৰিৱৰ্তে ইভিএমৰে চক্ৰান্তমূলক নিৰ্বাচন অনুষ্ঠিত কৰি উচ্চ বৰ্ণ শাসকে নিজৰ ৰাজকীয় একছত্ৰি শাসনৰ আৰম্ভনী কৰে ৷ আৰম্ভ হ'য় মুননিবাসী ভাৰতীয়ৰ ওপৰত ব্ৰাহ্মণ্যৰাজ শাসন; ৮৫ শতাংশ মুলনিবাসী ভাৰতীয়ই ইংৰাজৰ পৰিৱৰ্তে পালে ধৰ্মীয় গোড়ামীয়তাৰে অন্ধবিশ্বাস, জাত-পাতৰ জনক বৰ্ণধাৰী শোষকীয় শাসক ৷ 

গিলেস্পী আৰু আৱিস্কাৰক জেক মায়ৰ্চ নামৰ দুজন ব্যক্তিয়ে লগ লাগি এটা সংস্থা খুলি  অ'টমেটিক ভোটিং মেছিন নিৰ্মাণ কৰে ৷ দুবছৰৰ পাছত অৰ্থাৎ ১৮৯২ ত তেওঁলোকৰ অ'টমেটিক ভোটিং মেছিন আমেৰিকাৰ লকৰ্পট, নিউয়ৰ্ক চহৰত হোৱা নিৰ্বচনত প্ৰথম প্ৰদৰ্শিত হ'য় ৷

মন কৰিবলগীয়া কথা যে ইভিএম আৱিষ্কাৰ হোৱাৰ পাছতো ইউৰোপৰ জাৰ্মানী, জাপান, নেদাৰলেণ্ড, ইংলেণ্ড, ফ্ৰাঞ্চ আদি বিকাশীত দেশে ইলেক্ট্ৰনিক ভোটিং মেছিন নিৰ্বাচনত ব্যৱহাৰ নকৰি বেলট পেপাৰ প্ৰয়োগ কৰি আহিছে ৷ বিশ্বৰ উন্নত দেশৰ জনতাৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ বিপৰীতে ভাৰতে নিজৰ ৮০ হাজাৰ দৰিদ্ৰ, ভোকাতুৰ লোক থকাৰ পাছতো নিৰ্বাচনত ইলেক্ট্ৰনিক ভোটিং মেছিন ব্যৱহাৰ কৰাটো এক প্ৰকাৰ গভীৰ উদ্বেগৰ বিষয় ৷

ভাৰতত ১৯৮২ চনত ভাৰতীয় নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক ভোটিং মেছিন পোন প্ৰথমে নিৰ্বাচিত ঠাইতহে ব্যৱহাৰ কৰিছিল ৷ পাছলৈ ভাৰতীয় নিৰ্বাচন আয়োগে বহু বিতৰ্কৰ অন্তত ২০০৪ চনত সমগ্ৰ দেশব্যাপী ইভিএম নিৰ্বাচনত ব্যৱহৃত কৰিছিল ৷

ইভিএমৰ ট্ৰেঞ্চপাৰেঞ্চিক লৈ ভাৰতত এতিয়াও বিতৰ্ক চলি আছে ৷ অৱশ্যে এই বিতৰ্ক বিজেপি, কংগ্ৰেছ আৰু চিপিআইএম আদিকে আদি ব্ৰাহ্মণৰ নিয়ন্ত্ৰণত থকা দেশৰ ৰাজনৈতিক দল বিলাকে বিতৰ্কত অংশ গ্ৰহণ কৰা দেখা নাযায় ৷ অৱশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে ২০০৪ ৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ দেশব্যাপী ইভিএম ব্যৱহাৰ কৰিব লোৱৰ বিৰুদ্ধে সেই সময়ত বিজেপিৰ বহু নেতৃত্বই সাংসদ উত্তাল কৰি তুলিছিল ৷ বিশেষকৈ EVM ৰ Transparency ক লৈ বিজেপি দলৰ মুল আপত্তিৰ আছিল ৷


ইভিএম(EVM)ৰ বিশ্বাসযোগ্যতাৰ ওপৰত বিশ্বৰ বহু দেশৰ সন্দেহ এতিয়াও ৷ ইয়াৰ মূল কাৰণ হ'ল ইভিএমক সহজে হেকাৰে বশ কৰিব পৰা কাৰ্য ৷ তলত বিশ্বৰ কেইখনমান দেশৰ উদাহৰণ দিয়া হ'ল -----


1. নেদাৰলেণ্ডত ইভিএম "Lack of Transparency" ৰ কাৰণে নিষিদ্ধ ৷

2. আয়াৰলেণ্ডে ইভিএমৰ ওপৰত তিনিবছৰ পৰিক্ষাৰ কৰাৰ অন্তত মেছিনৰ Junk থকাৰ কথা ঘোষণা কৰে ৷ তিনিবছৰ ধৰি চলা পৰিক্ষাত আয়াৰলেণ্ডৰ খৰচ হ'য় ৫১ মিলিয়ন পাউণ্ড ৷

3. জাৰ্মানীয়ে ইভিএমক দেশৰ সংবিধান বিৰুধী বুলি ইয়াৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰে ৷

4. ইটালীয়ে ই-ভোটিংও বন্ধ কৰি দিয়ে ভোট হিচাপত দেখুওৱা খেলিমেলিৰ বাবে ৷

5. আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লগতে অন্যান্য ঠাইত ইভিএমৰ লগত "Paper trail" নথকাৰ বাবে ইয়াক নিষিদ্ধ কৰে ৷

6. CIA এজেঞ্চিৰ এজন বিশেষজ্ঞৰ মতে, ভেনিজুৱেলা, মেকডনীয়া আৰু ইউক্ৰেইন আদি দেশত ইভিএমত হোৱা ৰেগিং ৰ বাবে নিৰ্বাচনত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰে ৷

7. ইংলেণ্ড আৰু ফ্ৰাঞ্চতৰ নিৰ্বাচনত আজিলৈকে ইভিএম ব্যৱহাৰ হোৱা নাই ৷

ভাৰতবৰ্ষৰ নিৰ্বাচনত ব্যৱহৃত ইলেক্ট্ৰ'নিক ভোটিং মেছিনক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত "Direct Recording Electronic Voting Machine"(DRE) নামেৰে জনা যায় ৷ যিয়ে পোনে পোনে জনতাৰ ভোট ইলেক্ট্ৰ'নিক মে'মৰিত সংগ্ৰহৃত হ'য় ৷ বিশ্বৰ উন্নত কিছুমান দেশত এই ইলেক্ট্ৰ'নিক ভোটিং মেছিন প্ৰয়োগত প্ৰতিবন্ধীত হৈ আছে ৷ বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাৰ কিছু সংখ্যক ৰাজ্যত এই ইলেক্ট্ৰ'নিক ভোটিং মেছিন "পেপাৰ বেক আপ" মেছিনৰ সৈতে ব্যৱহাৰ কৰা অনুমতি আছে ৷

অতি গুৰুত্বপূৰ্ণ আৰু সাম্ভাব্য বিপদ হ'ল জনতাৰ প্ৰকৃত ভোট জালিয়াতি কৰাটো ৷ মেছিনৰ ক্ষুদ্ৰ পাৰদৰ্শীতা আৰু ইয়াৰ লগত জৰিত প্ৰকৃত স্বচ্ছতা প্ৰতিপন্নহীনতাই ভোটিং মেছিনৰ ওপৰত প্ৰতিবন্ধকতা আহি পৰাটো নিশ্চিত ৷

প্ৰথম শ্ৰেণীৰ বিশ্ব আমেৰিকা, ইংলেণ্ড লগতে বিকাশশীল দেশ জাপান, ছিংগাপুৰ আদি দেশত জনতাৰ সৰলতা, নিষ্ঠা আৰু ভোটদাতাৰ বিশ্বাসযোগ্যতা বাবে তেনে দেশৰ নিৰ্বাচনত আজিও বেলট পেপাৰ ব্যৱহৃত হৈ আছে ৷ কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূৰ্ণ এখন বিপৰীত ছবি দেখা পোৱা যায় ৷ ভাৰত আন্তঃৰাষ্ট্ৰীয় প্ৰবৃতিৰ অপবাদ মাথো ৷ বিশ্বৰ বিভিন্ন দেশত ইলেক্ট্ৰ'নিক ভোটিং মেছিন(ইভিএম) ব্যৱহাৰ নিষিদ্ধৰ পাছোতো ভাৰতবৰ্ষৰ জনতাৰ অজ্ঞানতা তথা সচেতনতা অভাৱৰ ফলত দেশত তেনে মেছিন ব্যৱহৃত হৈ আছে ৷

ইভিএম প্ৰয়োগ অসংবিধানিক আৰু বে-আইনী ৷ ভাৰতত ইভিএম ব্যৱহৃত হোৱাটো একপ্ৰাকাৰ অসংবিধানিক কাৰ্য ৷ ইভিএম ব্যৱহাৰে পোনে পোনেই ভাৰতীয় ভোটাৰৰ মৌলিক অধিকাৰ উলংঘন কৰিছে, কাৰণ ভাৰতত জনতাই মতাধিকাৰ সাব্যস্ত কৰাটো এক আইনী অধিকাৰ ৷ যিটো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯ (১)(এ) য়ে নাগৰিকক নিশ্চিত অধিকাৰ প্ৰাদান কৰিছে ৷ তদুপৰি জনতাই কাক কেনেকৈ ভোট প্ৰদান কৰিব সেইটো ভোটদাতাৰ নিজৰ একান্ত অভিব্যক্তি জৰিত হৈ থাকে ৷ স্মৰ্তব্য যে, ২০০২ চনত চুপ্ৰিম কৰ্টৰ এক আদেশৰ মতে প্ৰাৰ্থীৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ আৰু প্ৰাৰ্থী অপৰাধী সংক্ৰান্তীয় শপতনামাৰ বিষয়ে ভোটদাতা জনতাই জনাৰ পূৰ্ণ অধিকাৰ আছে আৰু এই ব্যৱস্থা দেশৰ লোকতন্ত্ৰৰ অস্তিত্বৰ কাৰণে পহিলা বুনিয়াদী ৷

এজন ভোদদাতাই এইটো জনা পূৰ্ণ অধিকাৰ আছে যে, তেওঁ স্বাধীনভাৱে দিয়া ভোটতো প্ৰকৃত প্ৰাৰ্থীজনে বাস্তৱত পাইছে নে নাই ৷ এই জনাৰ বিষয়টো প্ৰকৃতিগত মৌলিক অধিকাৰ ৷ যিটো প্ৰকৃততে কৃত্ৰিম ভোটিং মেছিনত নাই ৷ পৰম্পৰাগত বেলট কাগজৰে দিয়া ভোটদান ভোটদাতাই নিজৰ ভোট কেনেকৈ সংৰক্ষিত আৰু গননা কৰা হ'য় সেইটো জনাৰ অনেক সুবিধা থাকে ৷

সাৰ্বজনিকভাৱে ইভিএম দেশৰ নিৰ্বাচনত প্ৰয়োগ কৰাটো বে-আইনী ! দেশৰ চুপ্ৰিম কৰ্টে 1984 তে কৈছিল যে, দেশৰ নিৰ্বাচনত ইভিএম প্ৰয়োগ কৰাটো "জনতাৰ প্ৰতিনিধিত্ব"(Representation of People,1951) আইনে অনুমতি প্ৰদান নকৰে ৷

1989 RP সংশোধনীয়ে দেশৰ নিৰ্বাচন আয়োগক প্ৰত্যেক নিৰ্বাচনী এলেকাৰ প্ৰতিটো পৰিস্থিতি নিৰিক্ষণ কৰি ইভিএম প্ৰয়োগ কৰিবলৈ অনুমতি দিছিল ৷ কিন্তু দেশৰ নিৰ্বাচনী আয়োগে 1984 RP অধিনিয়ম উলংঘাৰে 2004 আৰু 2009 ত ইলেক্ট্ৰ'নিক ভোটিং মেছিনৰে দেশব্যাপি সাধাৰণ নিৰ্বাচন অনুষ্ঠীত কৰালে ৷ যাৰ ফলত 1984 ৰ চুপ্ৰিম কৰ্টৰ নিৰ্ণয়ৰ হিচাপত দেশৰ 2004-09 ৰ সংসদীয় নিৰ্বাচন সম্পূৰ্ণ অবৈধ বুলিব পাৰি ৷

১৯৭৫ চন, দেশত জৰুৰী অৱস্থাৰ পাছতে গঠন হোৱা চৰকাৰখনে "কালেলকৰ কমিছন" দেশত লাঘু কৰাৰ প্ৰতিশ্ৰুতি আছিল, যিখন বিলক লৈ প্ৰচণ্ড সংঘৰ্ষৰো সূত্ৰপাত হৈছিল ৷ যেতিয়া এই কমিছন বনোৱা হৈছিল তেতিয়া এই কমিছনখন বুজিব পৰাকৈ কোনো পিছপৰা শ্ৰেণীৰ লোক নাছিল ৷ এই কমিছনখন বনাবলৈ বাধ্য হোৱা মূলতে আছিল বাবা আম্বেদকাৰ ৷ কিন্তু দেশত জেপি আন্দোলনৰ পাছতে পিছপৰা শ্ৰেণীৰ পৰা অহা ৰাজনৈতিক চেতনাই ভাৰতৰ উচ্চ জাতিৰ ৰাজনৈতিক সমিকৰণত সকলো খেলি মেলি লগাব ধৰে ৷ পৰিস্থিতি এনে হ'ল যে উচ্চ জাতিৰ নিয়ন্ত্ৰণত থকা ৰাজনৈতিক দল জনতা দলে পিছপৰা শ্ৰেণীৰ সমস্যাক নিজৰ পলিটিকেল মেনুফেষ্টত ৰাখিবলৈ বাধ্য হ'ল ৷ ফলত দেশত জনতা দলৰ চৰকাৰ শাসনত বহিল আৰু মণ্ডল আয়োগ গঠন হ'ল ৷

সমাজৰ পিছপৰা শ্ৰেণীৰ মাজত বাঢ়ি অহা ৰাজনৈতিক চেতনাৰ ফলত উচ্চ শসক বৰ্গৰ সচকিত হৈ পৰিল ৷ তেওঁলোকে ভাৱিলে যে এনেদৰেই যদি সমাজৰ পিছপৰা শ্ৰেণীয়ে ৰাজনৈতিক উত্থানৰে নিজৰ অধিকাৰ মজবুট কৰিবলৈ সক্ষম হ'য় তেন্তে নিজৰ শাসনৰ সত্বা নিশেষ হবলৈ বেছি পৰ নালাগিব ৷ ঠিক তেনে সময়তে ১৯৭২ চনত কাশীৰাম নামৰ এজন দলিত ৰাজনৈতিক নেতাই ভাৰতৰ দলিত, শুদ্ৰ, কুমাৰ, তেলী, অনুসূচীত জাতি আৰু জনজাতিক লৈ "বামছেফ" ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গঠনক কৰিলে তেতিয়াই কংগ্ৰেছ আৰু তেতিয়াৰ জনতা দলত থকা ব্ৰাহ্মণ নেতৃত্বৰ ভয় হ'ল ৷ কাশীৰামৰ ৰাজনৈতিক তত্বাৱধানত সমাজৰ পিছপৰা শ্ৰেণীৰ সামাজিক চেতনা ফলত গঢ় লৈ উঠা ৰাজনৈতিক উত্থানে উচ্চ জাতিৰ নিয়ন্ত্ৰণ থকা ৰাজনৈতিক দলসমূহৰ ভৱিষ্যাত অন্ধকাৰৰ দিশে আৰু অধিক ধাৱমান কৰিলে ৷ আৰু ইয়াৰ পৰাই ভাৰতৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰৰ খেল আৰম্ভ হ'য় ৷

দেশৰ ৰাজ্যৰ ভিতৰত কেৰেলাত ১৯৮২ ত বিধানসভা নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হ'য় ৷ শাসকীয় বৰ্গই নিজৰ ক্ষমতা অক্ষুন্ন ৰখাৰ স্বাৰ্থত বিভিন্ন ষড়যন্ত্ৰে কেৰেলাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰে ৷ ভাৰতে যি সময়ত ইভিএমৰে নিজৰ দেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে ঠিকে তেনে সময়তে আয়াৰলেণ্ডত ইভিএমৰ ওপৰত বিবাদ চলি আছিল ৷ ইপিনে একে সময়তে বৃটেইনৰ সাংসদেও ইভিএমক অস্বীকাৰ কৰিব ধৰিলে ৷ দেশ-বিদেশৰ বিবাদ আৰু আপত্তিৰ পাছতো ভাৰতীয় নিৰ্বাচন আয়োগে দেশত ইভিএমৰে নিৰ্বাচন অনুষ্ঠিত কৰাটো আৰ্চয্যজনক আছিল ৷

১৯৮৪ চনত যেতিয়া পিছপৰা শ্ৰেণীৰ পৰা অহা ৰাজনৈতিক নেতৃত্বই "বহুজন সমাজ পাৰ্টি"(এতিয়াৰ উত্তৰ প্ৰদেশৰ মায়াৱতীৰ দল) গঠন হ'ল তেতিয়া  উচ্চ বৰ্ণৰ শাসক আৰু অধিক সচকিত হ'ল ৷ ভাৰতবৰ্ষৰ অধিকাংশ পিছপৰা শ্ৰেণীৰ লোকে যদি BSPৰ কনচেপ্ত স্বীকাৰ কৰি লয় তেনোহলে উচ্চ বৰ্ণৰ শাসকীয় ৰাজনৈতিক প্ৰভুত্ব দিনতে এন্ধাৰ হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিল ৷ আৰু তেতিয়াই উচ্চ বৰ্ণৰ শাসক বৰ্গই ১৯৮৪ চনত "People Representative Act - 1951" সংশোধনৰে ইভিএমক বেলট পেপাৰৰ বিকল্প কৰিবলৈ মনস্থ কৰিলে ৷


ভাৰতীয় গণতন্ত্ৰত ইলেক্ট্ৰনিক ভোটিং মেছিন প্ৰয়োগ কৰাটো এক গভীৰ ষড়যন্ত্ৰ ৷ যিটো সময়ত সমগ্ৰ ইউৰোপে নিৰ্বাচনত ইভিএম  প্ৰয়োগ কৰাত অস্বীকাৰ কৰিলে সেই সময়তে ভাৰতত ইয়াৰ প্ৰয়োগ নিশ্চয় ষড়যন্ত্ৰ ৷ ইভিএম প্ৰয়োগক লৈ সমগ্ৰ বিশ্বতে বিবাদ চলি থকাৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে ভাৰতীয় লোকতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে গৈ কি কাৰণৱশত ইভিএম দেশলৈ আনিলে এইটো এটা বৃহৎ ডাঙৰ প্ৰশ্ন ৷ এই প্ৰশ্নৰ আঁৰত থকা উত্তৰ প্ৰতিজন নাগৰিকে জনাটো অত্যন্ত জৰুৰী ৷ তদুপৰি বিভিন্ন দেশত ইভিএম বিবাদ চলি থকাৰ সময়তে ভাৰতত সামাজিক ভাৱে পিছপৰা শ্ৰেণীৰ মাজত ৰাজনৈতিক  বৈপ্লৱী চেতনা জাগ্ৰত আৰু নিৰ্মাণ আৰম্ভ হ'ব ধৰে ৷ পিছপৰা শ্ৰেণীৰ জাগ্ৰত, নিৰ্মাণৰত ৰাজনৈতিক চেতনা দেখি ভয় খোৱা শাসকীয় বৰ্ণকুলে নিজক সুৰক্ষিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বিবাদ চলি থকাৰ পাছতো দেশলৈ ইভিএম আনিবলৈ কোনো বিচাৰ নেৰিলে ৷ দৰিদ্ৰ, ভোকাতুৰ জনতাক শোষণ কৰিবলৈ শাককীয় বৰ্ণকুলক সেই সময়ৰ পিছপৰা লোকৰ ৰাজনৈতিক চেতনাক ৰুদ্ধ কৰিবলৈ "চাম দাম দণ্ড ভেদ" নীতি অতিকৈ আৱশ্যক আছিল ৷

২০০৪ চনত হোৱা দেশৰ সাধাৰণ নিৰ্বাচনত দেশব্যাপি ইভিএম প্ৰয়োগ হ'ল ৷ জনতাই প্ৰথমবাৰৰ বাবে বেলত পেপাৰৰ ঠাইত কৃত্ৰিম মেছিনত নিজৰ ভোটাধিকাৰ সাব্যস্থ কৰিলে ৷ নিৰ্বাচনত কংগ্ৰেছ দলে বিজয়ী হৈ মিত্ৰজোঁট চৰকাৰ গঠন কৰে ৷ পুনৰ ইভিএমৰে ২০০৯ ত নিৰ্বাচন হ'ল ৷ এইবাৰ কংগ্ৰেছে মুঠ ২০৭ আসন লাভ কৰি বিপুল ভোটত বিজয়ী হ'য় ৷ কংগ্ৰেছৰ এই বৃহৎ বিজয়ক বিজেপি দলে সহজে মানি নললে ৷ বিজেপিয়ে কংগ্ৰেছ আৰু ইভিএমৰ মুকলি বিৰুধ কৰিব ধৰিলে ৷ সুব্ৰমণিয়াম স্বমীয়ে ইভিএমৰ বিষয়টো লৈ দেশৰ ন্যায়ালয় পালেগৈ ৷ ৮ অক্টোৱৰ, ২০১৩ ত উচ্চ ন্যায়ালয়ে ৰায় দিলে যে, ইলেক্ট্ৰনিক ভোটিং মেছিনৰে দেশত নিৰপেক্ষ আৰু বিশ্বাসযোগ্য নিৰ্বাচন সম্ভৱ নহ'য় ৷ দেশৰ উচ্চ ন্যায়ালয়ে ৰায় দিয়াৰ পাছত ইভিএমৰে নিৰ্বাচনত অনুষ্ঠিত কৰা কোনো বিষয়েই নহ'য় ৷

ইভিএমক লৈ এইখিনিতে কেইটামান মৌলিক প্ৰশ্ন উদয় হ'য়ঃ

১, যেতিয়া দেশৰ উচ্চ ন্যায়ালয়ে "ইভএমৰে মুক্ত আৰু নিকা নিৰ্বাচন নহ'য়" বুলি ৰায় প্ৰদন কৰিলে তেতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে কি কাৰণত ইভিএমৰে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰালে? 

২, বিজেপি শীৰ্ষ নেতাই ইভিএমৰ ওপৰত দিয়া গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰাৰ পাছতো ইভিএমৰে ২০১৪ নিৰ্বাচন অনুষ্ঠিত হ'ল, তেতিয়া উক্ত নিৰ্বাচনক কি কাৰণত বিজেপিয়ে বিৰুধ নকৰিল? 

৩, বিশ্বৰ যি সমূহ দেশৰ নিৰ্বাচনত ইভিএম ব্যৱহৃত হয় সেই দেশত ইভিএমৰ লগত Voter Variable Paper Audit Trail(VVPAT) মেছিন সংলগ্ন কৰি ভোটদান কৰোৱা হ'য় ৷ কিন্তু ভাৰতত নহ'য় কিয়? 

দেশলৈ ইভিএমক কোনে আনিলে?  কিয়, কেতিয়া আনিলেঃ 

দলিত শ্ৰেণীৰ ৰাজনৈতিক নেতা কাশীৰামৰ দিনক দিনে বাঢ়ি অহা ৰাজনৈতিক প্ৰভাৱ আৰু শক্তিৰ অনুমান সেই সময়ৰ কংগ্ৰেছী একছত্ৰী নেত্ৰী ইন্দিৰা গান্দীৰ চকুত দেখা দিলে ৷ পিছপৰা বৰ্গৰ ৰাজনৈতিক সচেতনতা আৰু উত্থানৰ ফলত কংগ্ৰেছৰ পতন একপ্ৰকাৰ নিশ্চিত হোৱাটো ব্ৰাহ্মণ ইন্দিৰা গান্দীয়ে তৎক্ষণাত ধৰিব পাৰিলে ৷ সেয়েহে ইন্দিৰা গান্ধীয়ে দেশত পিছপৰা বৰ্গৰ ৰাজনৈতিক উত্থানক ভেটিবলৈ ইভিএম আনিবলৈ বাধ্য হ'য় ৷ কিন্তু বিধিৰ বিপাক এয়ে যে ইন্দিৰাৰ ষড়যন্ত্ৰই সফল হোৱাৰ পূৰ্বেই তেওঁক দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰে ৷ তেওঁৰ মৃত্যুৰ পাছতে OBC শ্ৰেণীয়ে সংৰক্ষণৰ সুবিধা লাভ কৰে ৷ ইন্দিৰা গান্ধী জীৱিত অৱস্থাত OBC শ্ৰেণীয়ে সংৰক্ষণৰ সুবিধা পোৱাটো অসম্ভৱ আছিল; তদুপৰি ইভিএমৰ খেলত কোনো অ-ব্ৰাহ্মণ ৰাজনৈতিক দল উত্থান হোৱাটোও সম্ভৱ নহল হ'য় ৷ মন কৰিবলগীয়া যে ১৯৮৮ ত ভাৰতীয় সাংসদে(কংগ্ৰেছ, বিজেপি, কমিউনিষ্ট) বহুমতৰ বলত Representation of people ACT 1951(61A) আইন খন সংশোধনীৰে বেলট পেপাৰৰ ঠাইত ইভিএমৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিয়ম(সুবিধা) কৰি ললে ৷

কংগ্ৰেছ-বিজেপি দলে গভীৰ চক্ৰান্তৰে খেলি থকা ইভিএমৰ খলখন কোনেও উৰৰুৱাকৈ ধৰিব নোৱাৰাটোয়েই ঠিক ৷ দুয়োটা দলেই ইভিএমক লৈ কৌশলী, মিত্ৰতাপূৰ্ণ ৷ সেয়ে দুয়োটা দলে হৰা-জিকাৰ ক্ষেত্ৰত ইভিএমৰ বিৰুদ্ধে বিৰুধ শূন্য ৷ এটা দলে আনটো দলে কৰা ইভিএমৰ খেলক বিৰুধ কৰিছে ঠিকেই কিন্তু ইভিএমৰে নিৰ্বাচন হোৱাটো কোনো কালেই বিৰুধ কৰা নাই ৷

আজি য'ত কংগ্ৰেছ নাই তাত বিজেপি; য'ত বিজেপি শূন্য সেইয়াত কংগ্ৰেছ ৷ উত্তৰ ভাৰতেই হওঁক নতুবা দক্ষিণ ভাৰত; পূৰ্বত্তৰ ৰাজ্যটো একে ছবি ৷ আঞ্চলিক দলৰ অস্তিত্ব শূন্য নতুবা আঞ্চলিক দলৰ লগত মিত্ৰজোঁট চৰকাৰ ৷ ক্ষেত্ৰীয় দলৰ অস্তিত্ব শেষ কৰি সাংসদ-বিধানসভা দুয়োটাতে বিজেপি-কংগ্ৰেছৰ প্ৰতিপত্তি ৷ জম্মু-কাশ্মীৰ, নাগালেণ্ড, মেঘালয়ৰ পৰিস্থিতিত কংগ্ৰেছ-বিজেপিয়ে নিজৰ প্ৰাণৰ মমতাত যেনিবা ক্ষেত্ৰিয় দলৰ লগত কৌশলী স্তিতি; যাতে কংগ্ৰেছ-বিজেপিৰ ব্ৰাহ্মণ্যৰাজ চক্ৰান্ত সহজে জনতাৰ চকুত নপৰা ৷ বিজেপিৰ "কংগ্ৰেছ মুক্ত ভাৰত"ৰ শ্ল'গানৰ প্ৰকৃত উদেশ্য কংগ্ৰেছ নিঃশেষতকৈ ক্ষেত্ৰিয় দলক নিঃশেষ কৰাহে ৷ ইয়াৰ প্ৰমাণ নিজে বিচাৰ কৰিলেই ওলায় পৰে যে দেশত কংগ্ৰেছ নিঃশেষ হৈছে নে আঞ্চলিক দল নিঃশেষ হৈছে ৷ অতি শেহতীয়াকৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনটো কংগ্ৰেছ-বিজেপিৰ একাংকিকা নাটক দেখিবলৈ পোৱা গ'ল ৷ কোনো দলেই ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠা নোহোৱা কৰি দেশক পুনঃ দেখুৱাই দিলে যে ইভিএমৰ বিশ্বাসযোগ্যতা ঠিকেই আছে ৷ কিন্তু কৰ্ণাটকত কংগ্ৰেছ মুক্ত ভাৰত নহলেও আঞ্চলিক দল আৰজেডি কিছু পৰিমাণে ক্ষতিগ্ৰস্থ হ'ল ৷ দলটোক নিঃশেষ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ-বিজেপি দুয়োটাৰে কৌশলী চক্ৰান্ত নিহিত আছে ৷ য়েৰোদিপ্পা চৰকাৰে ৫৫ ঘন্টা থকি শেষত কংগ্ৰছক চৰকাৰ চলাবলৈ এৰি দিয়াটোও ব্ৰাহ্মণ্যৰাজ এক আংশিক নাটক মাথো ৷