Why Dissolved Tribal Right in Country ?

Why Dissolved Tribal Right in Country !

 Indian Tribal Right, Dissolved Tribal Right in Country !


ভাৰতীয় সংবিধানৰ দশম ভাগত অনুসূচীত জাতি আৰু জনজাতি ক্ষেত্ৰৰ কথা উল্লেখিত আছে ৷ পঞ্চম অনুসূচীতৰ মতে অনুসূচীত জনজাতিয়ে নিজৰ ক্ষেত্ৰত(জনজাতি আবেষ্টনিকৃত ভুমি) নিজেই নিজক শাসন আৰু নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছে ৷ সংবিধানৰ অনুচ্ছেদ 244(1)ত জনজাতি আৱেষ্টনীকৃত ভুমিৰ বাহে পৃথক ব্যৱস্থা কৰা আছে ৷ অৰ্থাৎ পঞ্চম অনুসূচীৰ অন্তৰ্গত ধাৰা 244(1)ৰ দ্বাৰা জনজাতি আৱেষ্টনীকৃত ভুমিত কেৱল ভুমিপুত্ৰ জনজাতিৰহে শাসন আৰু নিয়ন্ত্ৰণ চলিব ৷

পঞ্চম অনুসূচীৰ মতে পাবলগা সুবিধাবোৰ সৰল শব্দত আপোনালোকক বুজাবলৈ প্ৰয়াসঃ ---


১/ পঞ্চম অনুসূচী হ'লঃ -- বিশজনীয়া সদস্যৰ এখন সমিতি যাক জনজাতীয় পৰামৰ্শদাতা সমিতি কোৱা হ'য়, যি সমিতিয়ে জনজাতিসকলৰ বিকাশ আৰু সংৰক্ষণৰ বাবে সময় সময়ত শিক্ষা, স্বাস্থ্য, ৰৌজগাৰ, কূপষণ, আকাল, নিবনুৱা আদিৰ তথ্য প্ৰত্যেক তিনি বা ছয় মাহৰ মূৰে মূৰে নতুবা যেতিয়াই ৰাষ্ট্ৰপতিয়ে বিচাৰে তেতিয়া সকলো তথ্য ৰাষ্ট্ৰপতি কাৰ্যালয়ত প্ৰেৰণ কৰিব লাগে ৷

২/ পঞ্চম অনুসূচী হ'লঃ -- পঞ্চম অনুসূচীত ক্ষেত্ৰত কেৱল জনজাতিৰ দ্বাৰা গঠিত গোটৰ হাতত হে শাসন আৰু নিয়ন্ত্ৰণ থাকিব ৷ অৰ্থাৎ জনজাতিৰ স্ব-শাসন বাহাল হ'ব ৷

৩/ পঞ্চম অনুসূচী হ'লঃ -- অনুসূচীত ক্ষেত্ৰত কেৱল জনজাতিৰ দ্বাৰা গঠিত চৰকাৰ থাকিব ৷ জনজাতীয় চৰকাৰেই নিজৰ প্ৰয়োজনীয় নীতি-নিয়ম তৈয়াৰ কৰিব কৰিব পাৰিব ৷ পঞ্চম অনুসূচীত ক্ষেত্ৰত দেশৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাই বনোৱা কোনো কানুন জনজাতিৰ ওপৰত প্ৰযোজ্য নহ'য় ৷

৪/ পঞ্চম অনুসূচী হ'লঃ -- পঞ্চম অনুসূচীত এলেকাত বেংক বা বৃত্তিয় প্ৰতিষ্ঠানৰ সকলো লেন-দেনৰ নিয়ন্ত্ৰণ কেৱল জনজাতিৰ হাতত থাকিব ৷

৫/ পঞ্চম অনুসূচী হ'লঃ -- পঞ্চম অনুসূচীত ভুক্ত এলেকাত চাহ দোকান, তামুল দোকান, কাপোৰৰ দোকান, মবাইলৰ দোকান, ইলেক্ট্ৰ'নিকৰ দোকান, আচবাব পত্ৰৰ দোকান, সোণ-ৰূপৰ ইত্যাদি ইত্যাদি দোকান কেৱল জনজাতীয় মানুহে খুলিব পাৰিব ৷ অন্য কোনো অ-জনজাতীয় মানুহে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে ৷

৬/ পঞ্চম অনুসূচী হ'লঃ -- অনুসূচীত এলেকাত ইয়াৰ জনজাতীয় শিশু সকলৰ বিদ্যালয় সমূহত কি ভাষাত পঢ়োৱা হ'ব, কি কি পাঠ্যক্ৰম অন্তুভুক্ত কৰি পঢ়োৱা হ'ব এই সকলো সিদ্ধান্ত  সেইটো কেৱল অনুসূচীত এলেকাত থকা জনজাতীয় লোকেহে নিৰ্ণয় কৰা পূৰ্ণ অধিকাৰ আছে ৷

৭/ পঞ্চম অনুসূচী হ'লঃ -- অনুসূচীতভুক্ত এলেকাত সুৰাৰ দোকান খুলিব নোৱাৰিব ৷ 

৮/ পঞ্চম অনুসূচী হ'লঃ -- এলেকাৰ প্ৰতিকন জিলাৰ চৰকাৰী কাৰ্যাললয়ত চকিদাৰৰ পৰা আৰম্ভ কৰি বিষয়া-কৰ্মচাৰীলৈকে কেৱল জনজাতীয় লোক নিয়োগ হ'ব ৷ অৰ্থাৎ জনজাতীয় লোকৰ বাবে চৰকাৰী বিভাগবোৰত ১০০ শতাংশ সংৰক্ষণ ৷

৯/ পঞ্চম অনুসূচী হ'লঃ -- জনজাতীয় লোকৰ অনুমতি অবিহনে কোনো অ-জনজাতীয়লোক, লাগিলে তেওঁ জিলা উপাযুক্ত নতুবা প্ৰধানমন্ত্ৰিয়ে হওঁক অনুসূচীত এলেকাত জনজাতীয় লোকৰ অনুমতি অবিহনে প্ৰৱেশ কৰাত পূৰ্ণ বাধা আছে ৷

১০/ পঞ্চম অনুসূচী হ'লঃ -- অনুসূচীভুক্ত ক্ষেত্ৰৰ ভিতৰৰ যি কোনো প্ৰকাৰৰ সংঘাত, বাদ-বিবাদ, মাটি-বাৰী সম্বন্ধিত বিবাদ নিষ্পিত্তিৰ বাবে সেই ঠাইত থকা আৰক্ষী থান বা ন্যায়ালয়ৰ ওচৰ চপাৰ প্ৰয়োজন নাই; গাঁৱৰ জনজাতি লোকেই গোটেই বিষয়বোৰ নিজৰ মাজতে মিলিজুলি নিষ্পিত্তি কৰিব পাৰে ৷

১১/ পঞ্চম অনুসূচী হ'লঃ -- জনজাতীয় লোকৰ ভুমিৰ অন্তৰভাগত থকা সকলো খনিজ সম্পদ, লোহা, সোণ, ৰূপ, কয়লা, শিল, বক্সাইট ইত্যাদি অনেক দুৰ্লভ সম্পদৰ মালিকিস্বত্ব কেৱল জনজাতিৰ হাতত থাকিব ৷ অৰ্থাৎ জনজাতিয়েহে সকলো ভুগৰ্ভজাত খনিজ পদাৰ্থৰ মালিক ৷ দেশৰ চুৰ্প্ৰিম কৰ্টৰ এক নিৰ্দেশ মতে, মাটিৰ তলত পৰা ওলোৱা সকলো প্ৰাকৃতিক তথা খনিজ সম্পদৰ মালিক কেৱল মাটিৰ গৰাকীহে লাভ কৰিব ৷ স্বয়াত্ব শাসন চলাবলৈ জনজাতীয় লোকে আনৰ ওচৰত হাত পাতিবলৈ প্ৰয়োজন নহ'ব ৷ 

১২/ পঞ্চম অনুসূচী হ'লঃ -- অনুসূচীত এলেকাৰ পাহাৰ, জান-জুৰি, নদ-নদী, জংগল, বনচ সম্পদ ইত্যাদিৰ নিয়ন্ত্ৰণ কেৱল জনজাতীয় লোকৰ হাতত থাকিব লাগে ৷

এতিয়া কথা হ'ল, এই সকলোবোৰ আমাৰ সংবিধানিক অধিকাৰ যদিও দেশ স্বাধীন হোৱা ৭০ বছৰৰ পাছতো আমাক ইয়াৰ পৰা বঞ্চিত কৰি ৰখা হৈছে ৷ আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিতৰে অন্যই আমাৰ অধিকাৰৰ ভাগ ভোগ আৰু শাসন কৰি আছে ৷ যাৰ বাবে আজিলৈকে জনজাতীয় লোকৰ মুলভূত মৌলিক সমস্যাসমূহ আঁতৰ হোৱা নাই ৷ যোকাযোগ ব্যৱস্থা, পানী, বিজুলী, শিক্ষা, স্বাস্থ্য আনকি মোবাইল নোটৱৰ্কৰ ৰেঞ্জ আদি সুবিধাৰো অভাৱ ৷ কবলৈ গলে দেশৰ জনজাতীয়লোক সকল আজিও ৬০-৭০ বছৰ পিছপৰা ৷ ইমানৰ পাছতো বিদেশী ব্ৰাহ্মণে দেশত সাংবিধানিক সংৰক্ষণৰ বিৰুদ্ধে মাত মাতে ৷ যোৱা ৫৭ বছৰ কংগ্ৰেছে আৰু ১৪ টা বছৰ বিজেপিয়ে দেশ শাসন কৰিলে ৷ ইয়াৰ বাবে কোন দায়ী ? 

পঞ্চম অনুসূচী আৰু ষষ্ঠ অনুসূচী জনজাতিৰ কাৰণে সঞ্জীৱনী সুধা; এই কথাটো আমি জনজাতিয়ে মানি লওঁ ৷ ঠিক তেনেকৈ ড° বাবা চাহেব আম্বদকাৰেও জনজাতিসকলৰ বাবে মৌলিক অধিকাৰ দি গৈছে ৷

কিন্তু আমাৰ মৌলিক অধিকাৰ আৰু স্বয়াত্বশাসন চলাই জনজাতিসকলক ৰজা হোৱাৰ অধিকাৰ এই "অনুসূচীত" ব্যৱস্থা থকাৰ পাছতো জনজাতিসকলক কিয় আৰু কোনে জানিবলৈ দিয়া হোৱা নাই ? আমাৰ নিজৰেই জনজাতীয় মন্ত্ৰি, বিধায়ক, সাংসদ সকলে বিধানসভা, সাংসদত এই "অনুসূচী"ৰ বাবে মাত মাতিছে নে ? কিয় মাত মতা নাই ? অনুসূচী ব্যৱস্থা বাহাল কৰিবলৈ কিয় দাবী উত্থাপন কৰা নাই? 

তথাকথিত স্বাধীনতা প্ৰাপ্ত হোৱাৰ ৭০ বছৰৰ পাছতো ৫৭ বছৰ কংগ্ৰেছে দেশ শাসন কৰিলে ৷ বিজেপিৰ ১৫ বছৰ আৰম্ভ হৈছে ৷ তেনেহলে পঞ্চম আৰু ষষ্ঠ অনুসূচী এপ্লিমেন্টইচ্ ত দূৰৰ কথা জানিবলৈকে দিয়া নহ'ল ৷

প্ৰান্তীয় অঞ্চলৰ পৰা দিল্লী লৈকে হাজাৰ হাজাৰ সামাজিক সংগঠন, সংস্থা আছে, তেওঁলোকেও এই বিষয়টোক লৈ ৰাষ্ট্ৰব্যাপি জন আন্দোলন গঢ়ি তোলাৰ বিষয়ে আজিলৈকে শুনা নাই ৷ দেশত জনজাতীয় দল-সংগঠন আছে যদিও তেওঁলোকৰ মাজৰ পৰা প্ৰক্ষেপিত তথাকথিত বিধায়ক-সাংসদ প্ৰতিষ্ঠিত হ'য় কাৰণে দল-সংগঠনসমূহ নিৰ্বাচনত ব্যৱহৃত হ'য় ৷ সেই কাৰণে দেশৰ ভিতৰত আজিলৈকে জনজাতীয়সকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল-সংগঠন এটাও গঠন হ'ব পৰা নাই ৷

আহিব লগা সময়ত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত জনজাতীয় সামাজিক সংগঠন - সাধন-সংসাধন পূৰ্ণকালিন তৎপৰতাৰে নিৰ্মাণ আৰু প্ৰসাৰ-প্ৰচাৰ কৰিব লাগিব ৷ দেশব্যাপি এক শক্তি নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জনজাতীয় জন-আন্দোলন গঢ় নিদিলে দেশৰ ভুমিপুত্ৰ জনজাতিৰ কোনো সমস্যাই স্থায়ী সমাধান সম্ভৱ নহ'ব ৷ 

ব্ৰাহ্মণ মন্ত্ৰি, উচ্চ বিষয়া, স্বামী, বাবা, সাধ্বী ইত্যাদি সকলে সংবিধান মষিমুৰ কৰিবলৈ মুকলিকৈয়ে মাত মাতি আছে ৷ তাৰ পাছতো দেশৰ সামাজিক দল-সংগঠন, সংস্থা, বিধায়ক, সাংসদ আৰু মন্ত্ৰিসকল নিশ্চুপ হৈ, মৌন হৈ হাত সাৱতি বহি আছে ৷ চৰকাৰী চাকৰীৰ ক্ষেত্ৰত "পদুন্নতিত সংৰক্ষণ" উঠি গৈছে; তাৰ পাছতো জন নেতা মৌন ৷ শিক্ষা- চাকৰী শেষ; তথাপিও মৌন ৷

জল-জংঘল, মাটি সকলো বে-দখল হৈ আছে, st/sc এক্ট উলংঘা কৰিব বিচৰা হৈছে, কোনেও ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ, ঠিয় হৈ কথা কবলৈ লোক নাই, সকলো মৌন হৈ জনজাতিৰ অৱস্থা উপভোগ কৰি আছে ৷

আগৰ দিনত "ৰাক্ষস, দানৱ, অসুৰৰ নামত নৰ সংসাৰ" কৰিছিল ৷ এতিয়া জানি বুজি "অনাহাৰ-নক্সালবাদ, উগ্ৰবাদ" নিৰ্মাণ কৰি হত্যাযজ্ঞ কৰিব ধৰিছে ৷

Indian tribal right and life, tribal woman
দেশৰ অন্নদাতা জনজাতীয় কৃষকৰ দুৰ্দশাময় জীৱন 

সকলোতকৈ আগত আমি নিজৰ ভুমিপুত্ৰ জনজাতিসকলৰ সুৰক্ষিত কৰিব লাগিব ৷ ভুমিপুত্ৰ জনজাতি সুৰক্ষিত হলেহে নিজৰ নিজৰ ধৰ্ম, সংস্কৃতি, পৰম্পৰা সুৰক্ষিত হ'ব ৷


"নৰ্মদা বচাও" আন্দোলনৰ নেতৃত্ব যদি আমাৰ জনজাতীয় লোকে দিলে হ'য় তেতিয়া সেই অঞ্চলৰ জনজাতিৰ বৰ্তমান যি দুৰৱস্থা সেই অৱস্থা কেতিয়াও সম্ভৱ নহ'ল হ'য় ৷ কিন্তু সমগ্ৰ আন্দোলনটো অ-জনজাতীয় লোকে নেতৃত্ব দিলে, দি আছে ৷ যাৰ ফলত আমাৰ জনজাতীয় লোকসকল ব্যৱহৃত হৈ পৰিছে ৷ এই বিষয়টোক লৈ কোনো সামাজিক সংগঠন, বিধায়ক-সাংসদে গম্ভীৰভাৱে লোৱা দেখা নাই ৷ সকলো মৌন… ৷ 

এই আটাইবোৰ বিষয়ত চিন্তা, চৰ্চা কৰি নিজৰ মাজত থকা মতভেদবোৰ আঁতৰ কৰি সংগঠিত হ'ব লাগিব জনজাতীয় সমাজক জাগ্ৰত কৰিবলৈ ৷ অন্যথা বিপৰ্য্য অনিবাৰ্য্য ৷