Assameseism Identity is Survival Crisis of Assam Tribals- 2

অসমীয়াৰ প্ৰভুত্বৰাজঃ জনজাতিৰ অস্তিত্বলৈ চৰম ভাবুকিঃ

tribal identity crisis in assam, tribal right


"অসমীয়া" শব্দটোয়েই বিকৃত আৰু সাম্প্ৰদায়ীক প্ৰভুত্বসূঁচক শব্দ ৷ এই শব্দটোৰ প্ৰতিটো আক্ষৰ যোগ-বিয়োগৰ শেষত পূৰঠ শব্দ প্ৰকাশহীন ৷ দ্বিতীয়, অসমৰ জাতিগত জনগাঁঠনিত শব্দটোয়ে মৌলিক মান্যতা হেৰুৱাই ই এক বিশেষ ভাষিকক প্ৰতিনিধিত্ব কৰাত গুৰুত্বৰ আগভাগ লৈছে ৷ কবলৈ গলে শব্দটোয়ে বিশেষ শ্ৰেণীৰ চাৰিত্ৰিক পক্ষপাতিত্ব গ্ৰহণ কৰে ৷ যাৰ ফলত শব্দটোয়ে প্ৰভুত্ববাদৰ এক নিচান দেখুৱাত অতি সাম্প্ৰদায়ীক শব্দলৈ ৰূপান্তৰ হৈছে ৷

জনগাঁঠনিগত ফালৰ পৰা অসমখন জনজাতীয় ক্ষেত্ৰীয় ৰাজ্য হিচাপে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত সন্নিৱিষ্ঠ হৈ ইয়াৰ সকলো জনজাতিৰ অধিকাৰক বিধিগত ভাৱে উপভোগ আৰু পালন কৰিবলৈ নিৰ্দেশিত ৷ কিন্তু অ-জনজাতিগত ৰাজনৈতিক নেতৃবৃন্দৰ কূটনৈতিক সমীকৰণে জনজাতিৰ সাংবিধানিক ক্ষমতা, অধিকাৰত প্ৰধান বাধা হৈ দেখা দি আহিছে ৷

২০০৩ চনত সংবিধানৰ ষষ্ঠ অনুসূচীক সংশোধনৰে ভৈয়ামলৈ নমাই অনি অসমৰ বড়োসকলৰ ৰাজনৈতিক আকাংক্ষা পূৰণাৰ্থে যেতিয়া বড়ো স্বয়াত্ব শাসিত পৰিষদ গঠন হ'ল তেতিয়াৰ পৰাই অসমৰ ভাষিক অসমীয়াৰ বাবে পাহাৰ-ভৈয়ামত বসবাস কৰা ভুমিপুত্ৰ জনজাতি সকল অসমীয়াৰ ঘোৰ ৰাজনৈতিক শত্ৰু হৈ পৰিব ধৰে ৷ ২০০৩ ৰ ষষ্ঠ অনুসূচীৰ সংশোধনীয়ে মূলভুত অসমীয়া ৰাজনীতিত একক শত্ৰু হিচাপে গণ্য হ'ল বড়োকে ধৰি সকলো ভৈয়াম জনজাতীয় লোকসকল ৷ কাৰণ, সংবিধানৰ বিধি অনুসৰি অসমৰ জনজাতি বড়োসকলে স্বায়ত্ব শাসনৰ অধিকাৰ পাইছে যেতিয়া বাকী জনজাতিও ইয়াৰ অধিকাৰ অসমত পাব ৷ গতিকে অসমৰ অসমীয়া ভাষিক পৰিয়ালৰ প্ৰভুত্বৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হৈ দেখা দিলে সাংবিধানিক বিধি লাভ কৰা জনজাতীয় ৰাজনৈতিক উত্থানত ৷ এফালে জনজাতীয় মানুহৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰা ৰাজনৈতিক সংগ্ৰাম অন্যফালে প্ৰভুত্ববাদৰ দুৰ্গ খহি পৰা ভয়ত ত্ৰাসিত অসমীয়া জাত্যভিমান ৷

অসমীয়াৰ প্ৰভুত্ববাদৰ দুৰ্গত, প্ৰথমবাৰ ভৈয়াম অংশত স্বায়ত্ব শাসন লাভ কৰা বড়োসকলৰ ৰাজনৈতিক উত্থানক অসমীয়াই কেতিয়াও চিকাৰ কৰি ল'ব নিবিচাৰিলে ৷ ফলস্বৰূপে অসমীয়াই সমগ্ৰ বড়োসকলৰ ৰাজনৈতিক আত্মপ্ৰতিষ্ঠাৰ চেতনাক মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিব ধৰে ৷ চিৰদিনৰ কাৰণে পৰিষদীয় ৰাজনীতিত ভৰাই দিয়া হ'ল ভাতৃঘাটি সংঘৰ্ষ; গোষ্ঠীসংৰ্ঘৰ দৰে মচিব নোৱাৰা ক'লা অধ্যায় ৷ তাৰ পাচত আৰম্ভ হ'ল বড়ো-অবড়ো খেল ৷ ভৈয়াম অঞ্চলত বড়োৰ বাহিৰেও অন্য জনজাতিয়ে যাতে স্বায়ত্ব পাব নোৱাৰে তাৰ বাবে ভাষিক অসমীয়া সচেতন হ'ল ৷

মন কৰিব যে, অসমত গোষ্ঠী সংঘৰ্ষ ২০০৩ ৰ পাছৰ পৰাহে আৰম্ভ হ'ব ধৰে, যিটো অসমত স্বয়াত্ব শাসন অহাৰ পাছত হৈছে ৷ এই সংঘৰ্ষ পাহাৰৰ কাৰ্বিয়েই হওঁক বা ভৈয়ামত বড়োয়েই হওঁক কিন্তু কেৱল স্বায়ত্ব শাসিত এলেকাৰ ভিতৰত হে আৱদ্ধ ৷ ২০০৩ চনৰ ফেব্ৰুৱাৰীত বড়োসকলে বড়োলেণ্ড স্বায়ত্ব শাসন লাভ কৰে; এইটো বছৰৰ শেষৰ ফালেই, অৰ্থাৎ অক্টোৱৰত কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদত আৰম্ভ হ'য় কাৰ্বি আৰু কুকিৰ ভয়ানক গোষ্ঠী সংঘৰ্ষ ৷ ক্ষুদ্ৰ জনজগোষ্ঠীৰে ভৰপূৰ পাহাৰীয়া ৰাজ্যখনত ভয়ানক প্ৰতিহিংসাৰ দানবল জ্বলি উঠে ৷ চিৰদিনৰ বাবে কাৰ্বি আৰু কুকিৰ মাজত শত্ৰুতাৰ বীজ ৰূপন হ'য় ৷ একেখন স্বায়ত্ব পৰিষদতে ২০০৫ ত পুনৰ আৰম্ভ হ'য় কাৰ্বি আৰু ডিমাচাৰ গোষ্ঠী সংঘৰ্ষ ৷ এটা কথা মন কৰিব যে কাৰ্বি পৰিষদখনত কাৰ্বিসকলেই সংখ্যাগৰিষ্ঠ লোক যদিও সেই পৰিষদত অন্য সৰু সৰু গোষ্ঠী আছে ৷ শাসক অসমীয়াই পৰিষদৰ অভ্যান্তৰত থকা জনগোষ্ঠী সমূহৰ মাজত বিভিন্ন ৰাজনৈতিক আৰু কূটনৈতিক কৌশলৰে বিছিন্নতা, সাম্প্ৰদায়িক ভেদাভেদৰ বীজ গুজি দিছিল যাতে পৰিষদখনৰ সামূহিক স্বাৰ্থ কেতিয়াও প্ৰতিফলিত নহ'য় ৷ শাসক অসমীয়াই পৰিষদৰ অস্তিত্ব ধ্বংসৰে পাহাৰীয় জনগোষ্ঠীকেইটাৰ অধিকাৰ আৰু ভৱিষ্যত শীঘ্ৰে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ চেষ্টাৰ ত্ৰুটি এৰা নাছিল ৷

একেই দশা বড়োলেণ্ড স্বয়ত্ব পৰিষদ খনত ৷ চুক্তি হোৱাৰ কেইমাহ মানৰ পাছতে ভাতৃঘাটি সংঘৰ্ষ, ২০০৮-১২ ত দুবাৰকৈ মুছলমানৰে বড়োসকলৰ গোষ্ঠী সংঘৰ্ষ ৷ বড়ো-অবড়োৰ সমীকৰণ, সংখ্যালঘু-সংখ্যাগৰিষ্ঠৰ সমীকৰণ, পৰিষদ ভংগৰ দৰে অ-গণতান্ত্ৰিক দাবী ইত্যাদি ৷ অৰ্থাৎ অসমীয়া শাসকে অসমৰ ভুমিপুত্ৰ জনজাতিক কেতিয়াও শান্তিপূৰ্ণ পৰিস্থিতিত নিজকে বিকাশ আৰু উন্নয়ন কৰিব পৰা পৰিৱেশ দিয়া নাই ৷ পৰিষদসমূহে ৰাজনৈতিক অধিকাৰ প্ৰাপ্ত কৰিছে যদিও আইন আৰু প্ৰশাসনৰ ক্ষমতা অসমীয়া শাসকে নিজৰ হাতৰ মুঠিত নিয়ন্ত্ৰিত কৰি ৰাখিছে ৷ এই ফালৰ পৰা চাবলৈ গলে অসমীয়া শাসকে কোনো কাৰণতেই ভুমিপুত্ৰ জনজাতিক নিজৰ সাংবিধানিক অধিকাৰ দিয়াত মানসিক ভাৱে সন্মত নহ'য় ৷ শাসক অসমীয়াৰ ইচ্ছা বা স্বাৰ্থ পূৰণৰ্থে আইন আৰু প্ৰশাসনৰে পৰিষদীয় উন্নয়নৰ ইচ্ছু, জনজাতিৰ অধিকাৰক দবাই ৰাখিবলৈ সদা প্ৰস্তুত ৷

ৰাজ্যখনত এতিয়ালৈকে যি কেইখন স্বায়ত্ব পৰিষদ আছে তাৰে কোনো এখন পৰিষদতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী ৰক্ষা হোৱা নাই ৷ অৰ্থাৎ ৰাজ্যখনৰ মূলভুত শাসক অসমীয়াই আইন আৰু প্ৰশাসনীক ক্ষমতাৰে জনজাতিৰ অধিকাৰক বলপূৰ্বক শোষণ কৰাৰ পথ সুগম কৰি ৰাখিছে ৷ সেয়ে জনজাতীয় স্বায়ত্ব পৰিষদ সমূহক শাসক অসমীয়াই স্ব-ইচ্ছাই পঞ্চ-ষষ্ঠ অনুসূচীৰ আটাইতকৈ ক্ষমতাবান বিভাগৰ কতৃত্ব নিদি নিজৰ হাতত ৰাখি আহিছে যিটো সম্পূৰ্ণ অ-সাংবিধানিক ৷ পৰিষদীয় অঞ্চলত যেতিয়াই অসমীয়াৰ স্বাৰ্থ বিঘৃন্নত হ'য় তেতিয়াই অসমীয়াই সজোৰৰে জনজাতিৰ মাজত অন্ধবিশ্বাস, ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি আৰু জনজাতিৰ ৰাজনৈতিক নেতাই কৰা দুৰ্নীতিৰ কথা চিঞৰে ৷

স্বায়ত্ব শাসনলৈ যদি চাও তেন্তে ভাৰতীয় সংবিধানৰ দশম ভাগৰ পঞ্চম অনুসূচীতৰ মতে অনুসূচীত জনজাতিয়ে নিজৰ ক্ষেত্ৰত(জনজাতি আবেষ্টনিকৃত ভুমি) নিজেই নিজক শাসন আৰু নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছে অৰ্থাৎ স্বায়ত্ব শাসনৰ ব্যৱস্থা আছে ৷ সংবিধানৰ অনুচ্ছেদ 244(1)ত জনজাতি আৱেষ্টনীকৃত ভুমিৰ বাহে পৃথক ব্যৱস্থা কৰা আছে ৷ অৰ্থাৎ পঞ্চম অনুসূচীৰ অন্তৰ্গত ধাৰা 244(1)ৰ দ্বাৰা জনজাতি আৱেষ্টনীকৃত ভুমিত কেৱল ভুমিপুত্ৰ জনজাতিৰহে শাসন আৰু নিয়ন্ত্ৰণ চলিব ৷

পঞ্চ অনুসূচীক যদি দেখা যায়…

বিশজনীয়া সদস্যৰ এখন সমিতি যাক জনজাতীয় পৰামৰ্শদাতা সমিতি কোৱা হ'য়, যি সমিতিয়ে জনজাতিসকলৰ বিকাশ আৰু সংৰক্ষণৰ বাবে সময় সময়ত শিক্ষা, স্বাস্থ্য, ৰৌজগাৰ, কূপষণ, আকাল, নিবনুৱা আদিৰ তথ্য প্ৰত্যেক তিনি বা ছয় মাহৰ মূৰে মূৰে নতুবা যেতিয়াই ৰাষ্ট্ৰপতিয়ে বিচাৰে তেতিয়া সকলো তথ্য ৰাষ্ট্ৰপতি কাৰ্যালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা আছে ৷

পঞ্চম অনুসূচীৰ ক্ষেত্ৰত কেৱল জনজাতিৰ দ্বাৰা গঠিত গোটৰ হাতত হে শাসন আৰু নিয়ন্ত্ৰণ থাকিব ৷ অৰ্থাৎ জনজাতিৰ স্ব-শাসন বাহাল হ'ব ৷

অনুসূচীত ক্ষেত্ৰত কেৱল জনজাতিৰ দ্বাৰা গঠিত চৰকাৰ থাকিব ৷ জনজাতীয় চৰকাৰেই নিজৰ প্ৰয়োজনীয় নীতি-নিয়ম তৈয়াৰ কৰিব কৰিব পাৰিব ৷ পঞ্চম অনুসূচীত ক্ষেত্ৰত দেশৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাই বনোৱা কোনো কানুন জনজাতিৰ ওপৰত প্ৰযোজ্য নহ'য় ৷

পঞ্চম অনুসূচীত এলেকাত বেংক বা বৃত্তিয় প্ৰতিষ্ঠানৰ সকলো লেন-দেনৰ নিয়ন্ত্ৰণ কেৱল জনজাতিৰ হাতত থাকিব ৷

পঞ্চম অনুসূচীত ভুক্ত এলেকাত চাহ দোকান, তামুল দোকান, কাপোৰৰ দোকান, মবাইলৰ দোকান, ইলেক্ট্ৰ'নিকৰ দোকান, আচবাব পত্ৰৰ দোকান, সোণ-ৰূপৰ ইত্যাদি ইত্যাদি দোকান কেৱল জনজাতীয় মানুহে খুলিব পাৰিব ৷ অন্য কোনো অ-জনজাতীয় মানুহে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে ৷

অনুসূচীত এলেকাত ইয়াৰ জনজাতীয় শিশু সকলৰ বিদ্যালয় সমূহত কি ভাষাত পঢ়োৱা হ'ব, কি কি পাঠ্যক্ৰম অন্তুভুক্ত কৰি পঢ়োৱা হ'ব এই সকলো সিদ্ধান্ত  সেইটো কেৱল অনুসূচীত এলেকাত থকা জনজাতীয় লোকেহে নিৰ্ণয় কৰা পূৰ্ণ অধিকাৰ আছে ৷

অনুসূচীতভুক্ত এলেকাত সুৰাৰ দোকান খুলিব নোৱাৰিব ৷

এলেকাৰ প্ৰতিখন জিলাৰ চৰকাৰী কাৰ্যালয়ত চকিদাৰৰ পৰা আৰম্ভ কৰি বিষয়া-কৰ্মচাৰীলৈকে কেৱল জনজাতীয় লোক নিয়োগ হ'ব ৷ অৰ্থাৎ জনজাতীয় লোকৰ বাবে চৰকাৰী বিভাগবোৰত ১০০ শতাংশ সংৰক্ষণ ৷

জনজাতীয় লোকৰ অনুমতি অবিহনে কোনো অ-জনজাতীয়লোক, লাগিলে তেওঁ জিলা উপাযুক্ত নতুবা প্ৰধানমন্ত্ৰিয়ে হওঁক অনুসূচীত এলেকাত জনজাতীয় লোকৰ অনুমতি অবিহনে প্ৰৱেশ কৰাত পূৰ্ণ বাধা আছে ৷

অনুসূচীভুক্ত ক্ষেত্ৰৰ ভিতৰৰ যি কোনো প্ৰকাৰৰ সংঘাত, বাদ-বিবাদ, মাটি-বাৰী সম্বন্ধিত বিবাদ নিষ্পিত্তিৰ বাবে সেই ঠাইত থকা আৰক্ষী থান বা ন্যায়ালয়ৰ ওচৰ চপাৰ প্ৰয়োজন নাই; গাঁৱৰ জনজাতি লোকেই গোটেই বিষয়বোৰ নিজৰ মাজতে মিলিজুলি নিষ্পিত্তি কৰিব পাৰে ৷

জনজাতীয় লোকৰ ভুমিৰ অন্তৰভাগত থকা সকলো খনিজ সম্পদ, লোহা, সোণ, ৰূপ, কয়লা, শিল, বক্সাইট ইত্যাদি অনেক দুৰ্লভ সম্পদৰ মালিকিস্বত্ব কেৱল জনজাতিৰ হাতত থাকিব ৷ অৰ্থাৎ জনজাতিয়েহে সকলো ভু-গৰ্ভজাত খনিজ সম্পদৰ মালিক ৷ দেশৰ চুৰ্প্ৰিম কৰ্টৰ এক নিৰ্দেশ মতে, মাটিৰ তলত পৰা ওলোৱা সকলো প্ৰাকৃতিক তথা খনিজ সম্পদৰ মালিক কেৱল মাটিৰ গৰাকীহে লাভ কৰিব ৷ স্বয়াত্ব শাসন চলাবলৈ জনজাতীয় লোকে আনৰ ওচৰত হাত পাতিবলৈ প্ৰয়োজন নহ'ব ৷

অনুসূচীত এলেকাৰ পাহাৰ, জান-জুৰি, নদ-নদী, জংগল, বনচ সম্পদ ইত্যাদিৰ নিয়ন্ত্ৰণ কেৱল জনজাতীয় লোকৰ হাতত থাকিব লাগে ৷

এতিয়া কথা হ'ল, সংবিধানৰ দশম ভাগৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ এটাও চৰ্ত পূৰণ হোৱা নাই বৰ্তমানৰ স্বায়ত্ব শাসিত পৰিষদ কেইখনত ৷ যাব বাবে শাসক অসমীয়াই জনজাতীয় নেতৃত্বক শিখণ্ডী বনাই পৰিষদৰ নামত সীমাহীন দুৰ্নীতিৰে ৰাজহুৱা ধনৰ লুন্থনৰাজ কৰি আহিছে ৷

"স্বায়ত্ব" মানেই হ'ল নিজা শাসন, য'ত নিজা পূৰ্ণ ব্যৱস্থা থাকে ৷ স্বায়ত্ব পৰিষদৰ শাসন দেশৰ সংসদীয় ব্যৱস্থাৰ লগত কোনো সম্পৰ্ক নাই ৷ সাংসদীয় ক্ষমতাই স্বায়ত্ব শাসনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ পৰিষদ দেশৰ ৰাষ্ট্ৰপতিৰ অধিন ৷ কিন্তু শাসক অসমীয়াই ৰাজ্যখনৰ ভুমিপুত্ৰ জনজাতিক আজিলৈকে সাংবিধানিক ৰক্ষা কবচ কিয় দিবলৈ অপৰাগ হ'ল ? শেষতীয়া কাৰ্বি পাহাৰত দুৰ্ভগ্যপূৰ্ণক ভাৱে হত্যাৰ বলি হোৱা ডেকা আৰু দাস উপাধীধাৰি শিল্পিৰ ক্ষেত্ৰত সমগ্ৰ অসমীয়াই জনজাতিসকলৰ ওপৰত বৈষম্যমুলক সাম্প্ৰদায়িক জাতিসূচক নিন্দা আৰু ঘৃণাৰে যি অন্ধবিশ্বাস আৰু দুৰ্নীতিৰ অপবাদ জাপি দিছে সেয়া কিমান যুক্তিসংগত দৃষ্টিভংগী ? শান্তি-সম্প্ৰতিৰ পৰিৱৰ্তে প্ৰতিহিংসাৰ দানৱলত জপিয়াই পৰাৰ কাৰণ কি?

জনজাতীয় পৰিষদীয় এলেকাত কোনো ঘটনা সংঘটিত হ'লেই জনজাতিক অন্ধবিশ্বাস,ডাইনী হত্যা ইত্যাদি সামাজিক ব্যাধিৰ পালক আৰু বৰ্বৰ, জংঘলী, জানোৱাৰ দৰে বৈষম্যমূলক জাতি নিন্দা আৰু ঘৃণা কিয় ?

বহুতৰে অভিযোগ যে, জনজাতীয় পৰিষদ সমূহত বহু দুৰ্নীতি হৈছে ৷ এটা কথা অসমৰ ৰাইজে জানে নে নেজানে নাজানো ৷ অসমৰ কোনো এটা জনজাতীয় পৰিষদকে অসম কিম্বা ভাৰত চৰকাৰে সংবিধাৰ ষষ্ঠ অনুসূচীৰ মতে ৰাজনৈতিক ক্ষমতাৰ লগত আইন আৰু প্ৰশাসনৰ ক্ষমতা হস্তগত এতিয়াও কৰা নাই, যিটো বিষয় ওপৰৰ আংশত উল্লেখ কৰি আহিছো ৷ সেই ফালৰ পৰা পৰিষদ সমূহে তেওঁলোকৰ পৰিষদীয় এলেকাত নিজাকৈ কোনো আইন গৃহিত কৰিব নোৱাৰে ফলত প্ৰশাসনৰো ক্ষমতাশূন্য ৷ পৰিষদীয় সকলো প্ৰশাসনীয় আৰু আইন সম্পৰ্কীয় বিষয়বিলাক ৰাজ্য চৰকাৰৰে চোৱা-চিতা আৰু নিজে চম্ভালে যিহেতু পৰিষদীয় এলেকাৰ সকলো প্ৰশাসনীয় কাম কাজ ৰাজ্য চৰকাৰৰ হাতত নিয়ন্ত্ৰিত; গতিকে পৰিষদৰ জনজাতীয় নেতাই দুৰ্নীতি কৰোতে কেনেকৈ সাৰি যাব পাৰে? তেতিয়া ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখা ক'ত থাকে ৷ নপঢ়া জনজাতীয় নেতাই দুৰ্নীতি কৰোতে ৰাজ্য চৰকাৰৰ প্ৰশাসন চলোৱা মেৰিট অফিচাৰবোৰে কি কৰি হাত সাৱতি বহি থাকে? নেতাতকৈ প্ৰশাসনীয় উচ্চ বিষয়া সকলৰ দক্ষতা আৰু প্ৰশাসনীক কাম কাজ সুচাৰুৰূপে চম্ভালিবলৈ সাংবিধানিক বিধিয়ে প্ৰৰ্যাপ্ত ক্ষমতা দি ৰাখিছে ৷ তেওঁলোকৰ ওচৰত মন্ত্ৰি-বিধায়কৰ ওজৰো কাম নাখাতে ৷ তেনে ক্ষেত্ৰত অকল একপক্ষীয় দুখাৰোপবোৰ কিয় নেতাবোৰৰ গাত লগাই শাসক অসমীয়াই দায় সাৰিব বিচৰে ? ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ মানুহবোৰ কি কৰি থাকে?

অসমৰ পাহাৰ ভৈয়াম জনজাতিয়ে বিচাৰ কৰক যে, দেশৰ সংবিধানে নিজস্ব অধিকাৰ দিয়াৰ পাছতো তেওঁলোকৰ অধিকাৰ সমূহ কোন শ্ৰেণীয়ে কুষিগত কৰি আহিছে আৰু অসমীয়া পৰিচয় আদায়ৰে কাৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে? নে নিজৰ অধিকাৰ থকাৰ পাছতো সেই অধিকাৰক শাসক জাতিৰ হাতত ন্যস্ত কৰি শাসক জাতিৰ সংখ্যাগুৰু তত্বৰে চিৰদিন তেওঁলোকৰ ওচৰত গোলাম আৰু শোষিত হৈ থাকিব ??