চুইজাৰলেণ্ডবাসীৰ স্বদেশপ্ৰেমঃ অস্বীকাৰ কলা ধন

চুইছ জনতাৰ স্বদেশপ্ৰেমেঃ অস্বীকাৰ ৫০% শতাংশ কলা ধন


black money, switch bank


ইউৰোপৰ অন্যবদ্য প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চুইজাৰলেণ্ড এক মনোমোহা দেশ ৷ বিশ্ব পৰ্য্যতনৰ অন্যতম শীৰ্ষ নাম ৷ চুইজাৰলেণ্ড বিশ্বৰ .এনে এখন দেশ য'ত সমগ্ৰ বিশ্বৰ প্ৰত্যেক নৱ দম্পতিয়ে নিজৰ ফুলশয্যা উৎযাপন কৰিবলৈ সপোন দেখে ৷ শুকুলা বৰফৰে ঢাক খোৱা আৰু চকুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চুইজাৰলেণ্ড প্ৰকৃতিৰ এক অদ্ভুদ কৃতি ৷ তদুপৰি বিজ্ঞানগাৰ তথা গৱেষণাগাৰৰ বাবে বিশ্ব বিজ্ঞানীৰ উপযুক্ত স্থান ৷

চইজাৰলেণ্ড ইউৰোপ মহাদেশৰ সমৃদ্ধিশালী ৰাষ্ট্ৰৰ ভিতৰত এখন ৷ ইয়াৰ জনসংখ্যাৰ 97 শতাংশই শিক্ষিত ৷ জনসাধাৰণৰ জীৱন-যাপন চহকী অঢ্যবন্ত ৷

পিছে সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা মনোমুহা চুইজাৰলেণ্ডৰ লগত ভৰতবৰ্ষৰ স্থূল আৰু ভ্ৰষ্টাচাৰী ৰাজনীতিৰ এক নিবিড় সম্পৰ্ক আছে ৷ আছে বহু গোপনীয় অথচ ভাৰতীয় জনগণৰ হাড়ভঙা পৰিশ্ৰমৰ মূল্য ৷

আজিৰ পৰা প্ৰায় পঞ্চাছ বছৰৰ আগত চুইজাৰলেণ্ডত এটা ব্যক্তিগত বেংক স্থাপন হ'য় ৷ যাৰ আজিৰ আটাইতকৈ চৰ্চিত নাম হ'ল "চুইচ বেংক" ৷ চুইজাৰলেণ্ডৰ এই ব্যক্তিগত বেংকটো বিশ্বৰ অন্যবেংকৰ নীতি-নিয়মতকৈ সম্পূৰ্ণ পৃথক এক অদ্ভুদ নিয়মৰে পৰিচালিত ৷ চুইছ বেংক গ্ৰাহকৰ ধন আৰু পৰিচয় নতুুবা তথ্য গুপনীয়তাৰ বাবে জগত বিখ্যাত ৷

চুইছ বেংকৰ অদ্ভুদ নিয়মটো হ'ল-গ্ৰাহকে এই বেংকত নিজৰ ধন জমা ৰাখিলে এই বেংকক টকা দিব লগা হ'য় ৷ ইয়াৰ বিনিময়ত চুইছ বেংকে গ্ৰাহকৰ জমাকৃত ধনৰ গোপনীয়তা আৰু সুৰক্ষাৰ দিয়াৰ সম্পূৰ্ণ দায়িত্ব ল'য় ৷ চুইছ বেংকত কোনো গ্ৰাহককে ধন লাভৰ উৎস আৰু অন্যান্য বাধ্যবাধকতাৰ সীম নিৰ্দ্ধাৰণৰ বাবে চুক্তিবদ্ধ হোৱাৰ প্ৰয়োজন নহ'য় ৷ এই বিশেষত্বৰ বাবেই চুইছ বেংক বিশ্বব্যাপী জনজাত ৷

এটা অদ্ভুদ নিয়মৰ বাবে চুইছ বেংক বিশ্বৰ নামী-দামী উদ্যোগপতি, ডাঙৰ ডাঙৰ ব্যৱসয়ী, মাফিয়া, চোৰাং কাৰোবাৰী, বেইমান ৰাজনৈতিক নেতাৰ প্ৰথম পছন্দৰ তালিকাত আহি পৰে ৷ অনামী-বেইমানী উপায়ৰে সংগ্ৰহ কৰা ধন চুইছ বেংকত সহজে ৰাখিব পৰাত এই বেংক কম সময়ৰ ভিতৰতে তেনে লোকৰ মাজত জনাজাত হৈ পৰে ৷

গ্ৰাহকৰ প্ৰতি কোনো চৰ্ত নৰখা চুই বেংকে নিজৰ একাউন্ট হল্ডাৰক সংখ্যাৰ কাৰ্ড(ৰিচাৰ্জ কাৰ্ডৰ দৰে) এখন আৰু এটা পাচৱৰ্ড দিয়ে ৷ যাৰ ওচৰত বেংকে প্ৰদান কৰা সংখ্যাৰ কাৰ্ড থাকিব চুইছ বেংকে তেওঁকহে জানিব ৷ এই ক্ষেত্ৰত সচৰাচৰ বেংকৰ দৰে চুইছ বেংকে কাৰ্ডখনৰ বাহিৰে গ্ৰাহকৰ কোনো অতিৰিক্ত তথ্য নিবিচাৰে ৷

অৱশ্যে চুইছ বেংক কৃতপক্ষ্যই একোজন গ্ৰাহকে একেলেঠাৰিয়ে সাতটা বছৰ বেংকৰ লগত কোনোধৰণৰ লেন-দেন নাৰাখিলে তেনে গ্ৰাহকৰ একাউন্ট জব্দ কৰিব পাৰিছিল ৷ সাত বছৰ দৰি লেন-দেন নৰখা তেনে একাউন্টৰ জব্দকৃত সমুদায় ধন চুইছবেংক কৃতপক্ষৰ হাতলৈ গুছি যায় ৷ অৰ্থাৎ সাত বছৰে ট্ৰেঞ্জেকচন নোহোৱা একাউন্টৰ ধনৰ মালিক চুইছ বেংক ৷

বিশ্বত প্ৰতিদিনে বে-হিচাবত মাফিয়াক হত্যা কৰা হ'য়, বহু মাফিয়াক চৰকাৰী জেললৈ নিক্ষেপ কৰা হ'য় ৷ চোৰাং কাৰোবাৰীক হ'য় জেল নহ'য় ওপৰলৈ পঠোৱা হ'য় ৷ বহু বেইমান ৰাজনৈতিক নেতাই চিৰজীৱনৰ বাবে ৰঙা ঘৰৰ আলহী হ'ব লগা হ'য় ৷ এনে স্থিতিত বহুতো একাউন্ট চুইছ বেংকত লেন-দেন অবিহনে পৰি থকে ৷ চুইছ বেংক কৃতপক্ষই এনে লেন-দেনবিহীন সমূদায় একাউন্টৰ ধন জব্দকৃত কৰি ল'য় ৷

2000 চন; ইংৰাজী নতুন বছৰত চুইছ বেংক কৃতপক্ষই জব্দকৃত প্ৰত্যেকটো একাউন্টৰ ধন হিচাপ কৰি বিশ্বৰ কলাধনৰ 40 শতাংশ লাভ কৰে ৷ অৰ্থাৎ সমগ্ৰ বিশ্বৰ প্ৰায় আধা কলাধনৰ মালিক হ'য় চুইছ বেংক ৷ বৃহৎ পৰিমাণৰ ধনৰ গৰাকী গৈ চুইছ বেংকে কৃতপক্ষই এনে ধনক কেনে কামত লগাব তাক ভাৱি পোৱা নাছিল ৷ সেয়ে চুইছ বেংক কৃতপক্ষই জব্দকৃত বৃহৎ পৰিমাণৰ ধনক কেনে কামত লগালে উপকৃত হ'ব তাক লৈ চুইজাৰলেণ্ডবাসীৰ ওচৰত পৰামৰ্শ বিচাৰিলে ৷ চুইজাৰলেণ্ডবাসীয়ে বিচাৰিলে চুইছ বেংক কৃতপক্ষই কলাধনখিনি চুইছ জনতাক বিলাই দিয়াৰ কথা ঘোষণা কৰিলে ৷ গাই প্ৰতি চুইছ জনতাই এক কোটিকৈ লাভ কৰাৰ কথা বেংকে জনায় ৷

চুইছ চৰকাৰৰ ফালৰ পৰা পোন্ধৰ দিন ধৰি সমীক্ষা চলিল ৷ সমীক্ষাত 99.2% লোকে উক্ত ধনক দেশৰ সৌন্দৰ্য বঢ়োৱা আৰু পৰ্য্যটন খণ্ডক অধিক আকৰ্ষণীয় কৰি বিদেশী পৰ্যটকৰ সূখ-সুবিধা উপলব্ধ কৰাত খৰচ কৰিবলৈ মত আগবঢ়ালে ৷ চুইছ চৰকাৰৰ ফালৰ পৰা চলোৱা সমীক্ষাত জনতাৰ ৰায় ভাৰতীয় জাতীয় চৰিত্ৰৰ বাবে আচৰিত আৰু চক্ খোৱা ধৰণৰ ৷ কিন্তু দেশপ্ৰেম থকা চুইছ জনতাৰ বাবে এয়া সাধাৰণ কথা আছিল ৷ চুইছ জনতাই অসৎ ধনক একাষাৰে অস্বীকাৰ কৰি উপৰুৱা ধন যে কাকোকে নলাগে সেইটো চৰকাৰী সমীক্ষাত স্পষ্টকৈ ধোষণা কৰিলে ৷

ইয়াৰ পাছতে আটাইতকৈ আচৰিত ঘটনা সংঘটিত হ'য় ৷ 2000 চনৰ 25 জানুৱাৰীত চুইছ জনতা চৰকাৰী সমীক্ষাকাৰী সংস্থাৰ কাৰ্য্যলযৰ সন্মুখত বেনাৰ-ফেষ্টুন লৈ উপস্থিত হ'য় ৷ সংস্থাৰ ওচৰত চুইছ জনতাই দেশৰ 0.8% শতাংশ উপৰুৱাকৈ খোৱা(ধন বিচৰা) লোকৰ নাম ৰাজহুৱা কৰিবলৈ দাবী জনায় ৷ তেওঁলোকে দাবী কৰে যে উপৰুৱাকৈ খোৱা লোক চুইজাৰলেণ্ডৰ বাবে সমাজৰ ব্যাধি আৰু চুইজাৰলেণ্ডৰ কলংক ৷

বহু শেষত প্ৰতিবাদী জনতাক চুইছ চৰকাৰে উপৰুৱাকৈ খাব বিচৰা লোকক উপযুক্ত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আৰু অৱশেষত চৰকাৰৰ আশ্বাস পোৱাত জনতাক শান্ত হ'য় ৷ এই ক্ষেত্ৰত ভাৰতৰ জনতা আৰু চুইজাৰলেণ্ডবাসীৰ মাজত আকাশ পাতাল পাৰ্থক্য ! ভাৰতত অত্যন্ত ধনৱন্ত লোকেই উপৰুৱাকৈ খোৱাত আগ্ৰহী ৷ উৰুৱাকৈ ধন-টকা পইচা পালেই কথাই নাই ৷ বাকী সাধাৰণ জনতাৰ কথা নকলেও হ'ব ৷ স্বয়ং ৰাজ প্ৰতিনিধি আৰু প্ৰশাসনৰ নামী-দামী বিষয়াই যেতিয়া জনতাৰ ধন হৰলুকীত হাত উজান দিয়ে তেন্তে তেনে দেশৰ ভৱিষ্যত প্ৰজন্মৰ চৰিত্ৰ কেনে নিৰ্মাণ তাক বুজা সহজে অনুমেয় !!