Separate Bodoland State Demand in Assam

অসমত বড়োসকলৰ পৃথক ৰাজ্যৰ দাবীঃ


separate bodoland state demand


প্ৰাক্ ঐতিহাসিক দিনৰ পৰা মহাবাহু বুৰলুংবুথুৰৰ চিৰসেউজীয়া মহা উপত্যাকাত স্বাধীনচেতিয়া ভুমিপুত্ৰ বড়োসকলৰ এক স্বৰ্ণীল ইতিহাস আছে ৷ বুৰলুংবুথুৰ উপত্যাকা অসমত হাজাৰ হাজৰ বছৰ ধৰি বসবাস কৰা বড়ো জাতিৰ আছে নিজস্ব জাতীয় সত্বা, ভাঙিব নোৱাৰা ভাষা, ধৰ্ম আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰা ৷

বুৰলুংবুথুৰ চিৰ সেউজীয়া উপত্যাকা অসমৰ ভূ-খণ্ডক ৰক্ষণাৱেশন দি অহা বড়োসকলক এই ভু-খণ্ডৰ হাৱা-বতাহ, পানী, মাটিৰ ফচল খাই বৰ্তমান তথাকথিত এটা শোষক শ্ৰেণীয়ে ভুমিপুত্ৰ বড়োসকলকেই সকলো ফালৰ পৰা দমন কৰি ৰাখিছে ৷ অনাৰ্য্য ভুমিপুত্ৰ বড়োসকলে নিজৰ মাটিতে বৰ্তমান ধ্বংসৰ গৰাহত ৷ বড়োসকলে ইয়াক কেতিয়াও স্বীকাৰ তথা সহ্য নকৰে ৷

আজি অসমৰ শাসন যন্ত্ৰ, অসমৰ ভাষিক শ্ৰেণীৰ কিছুমান মুষ্টিমেয় মানুহে শাসন আৰু শোষণৰ স্বাৰ্থত বড়োসকলৰ স্বাধীনতা আৰু অধিকাৰ হৰণত হাত দিছে ৷ অসমৰ ভৌগলিক আৰু ইয়াৰ জনগণৰ বাবে এটা ভাষিক শ্ৰেণীয়ে পুতিগন্ধময় ৰাজনীতিৰে কৰা অসম শাসনত বড়োসকলৰ অৱস্থা পানীত হাঁহ নচৰা ৷ অসমৰ ভুমিস্বত্ব আৰু শাসনৰ সকলো ক্ষমতা ভাষিক অসমীয়া ৰাজনীতিকে নিজৰ হাতত কুষিগত কৰি আনাৰ্য্য ভুমিপুত্ৰ বড়োসকলৰ জীয়াই থকা মৌলিক অধিকাৰকন নোহোৱা কৰিছে ৷

হিন্দুত্বৰ বোকোচাত উঠা বৰ্তমান শাসক অসমীয়াই অসমৰ জাতি মাটি ভেটিৰ কাৰণে কাম কৰাৰ কথা জগত ৰজন জনায় ৷ আমি বড়োসকলে তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰো যে, আপোনালোকে আজিলৈকে কোনটো জাতিৰ বাবে কাম কৰিছে ? কোনখিনি মাটিৰ বাবে কাম কৰিছে? কোনটো জনগোষ্ঠীৰ বাবে আপোনালোকে কাম কৰি পালে? প্ৰথম ভুমিপুত্ৰ হিচাপে অসম চৰকাৰৰ প্ৰতি আমাৰ বড়োসকলৰ প্ৰশ্ন আছে, আমাৰ প্ৰশ্ন আছে অসমৰ মুখ্যমন্ত্ৰি তথা জাতীয় নায়কলৈ…, আপুনি ক্ষমতালৈ অহাৰ আগত বড়োসকলক কৈছিল যে, অসমৰ সকলো জাতি মাটি ভেটি, পাহাৰ-ভৈয়াম, ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাক লৈ আমি চৰকাৰ চলাম ৷ ডাঙৰীয়া, অসমীয়াৰ প্ৰথম আৰু মুখ্য মানুহজন হৈ বৰ্তমান অসমীয়া চৰকাৰ আপুনি চলাই আছে হ'য় কিন্তু আমাৰ বড়োসকলে ন্যায় পোৱা নাই ৷

After the communal riots, the presence of a bodo woman in assam
২০১২ চনত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত পীড়িত বড়ো মহিলা

পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনতো বড়োলেণ্ডৰ কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰিম বুলি আধাৰশিলা স্থাপন কৰিছিল ৷ ইয়াৰ পাছত যোৰহাট মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ স্থাপন হৈ গ'ল ৷ যোৰহাট, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত আজি নিয়মীয়াকৈ শিক্ষাদান চলি আছে কিন্তু কোকৰাঝাৰ মেডিকেল কলেজৰ কাম আধাৰশিলাতে থমকি ৰ'ল ৷ অসম চৰকাৰে নলবাৰীতো এখন মেডিকেল কলেজ স্থাপন কৰি ২৪০ কোটি টকা চৰকাৰে অবন্টন দিলে ৷ কিন্তু বড়োসকলৰ মাজত মেডিকেল কলেজ কোনো দিনে স্থাপন কৰা দেখা নগ'ল ৷ এয়া ভাষিক অসমীয়া চৰকাৰে বড়োসকলৰ প্ৰতি বৈষম্য কৰা নাই নে? অৱজ্ঞা কৰা নাই নে? বঞ্চিত কৰা হোৱা নাই নে? বড়োসকলৰ বসতি এলেকাত অসম আৰু অসমীয়া চৰকাৰে এইমচ্ স্থাপন কৰিবলৈ ভয় আৰু শংকা কৰে, কুণ্ঠাবোধ কৰে ৷ ভাষিক অসমীয়াৰ শংকা হ'য় বড়োসকলৰ উন্নতি দেখিলে ৷ অথচ ক'য় "চবকা চাথ, চবকা বিকাশ"

বড়োসকলে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যে বড়ো ক্ষেত্ৰিয় অঞ্চলত একোখনকৈ কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় প্ৰয়োজন ৷ কিন্তু অসম চৰকাৰে কৌশলগতভাৱে কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় বড়োসকলৰ ক্ষেত্ৰীয় অঞ্চলত স্থাপন নকৰি তেজপুৰ আৰু শিলচৰলৈ লৈ গ'ল ৷ অসম চৰকাৰে নতুন নতুন ইঞ্জিনিয়াৰিং স্কুল-কলেজ স্থপন ভাষিক অসমীয়াক দিব পাৰিলে যদি বড়োসকলক কিয় দিব নোৱাৰিলে? যি দুখন পি বি ইঞ্জিনিয়াৰিং কলেজ আছে তাতো মাত্ৰ দুখন বিষয় পঢ়াই আছে ৷ দুটা বিষয়ৰ বেছি সেই ইঞ্জিনিয়াৰিং কলেজত বেছি বিষয় নপঢ়ায় ৷ অসমীয়াৰ সাহসে নুকুলায় ৷ আপোনালোকে নতুন নতুন পলিটেকনিক কলেজ স্থাপন কৰিছে কিন্তু বড়োলেণ্ডৰ ভিতৰত এখনো পলিটেকনিক কলেজ স্থাপন কৰা নাই ৷ কিয় স্থাপন কৰা নাই বড়োসকলক এবাৰ জনাব নে? বড়ো ছাত্ৰ-ছাত্ৰীয়ে টেকন'লজি শিকিব নালাগে নেকি?

অসম শিক্ষা বৰ্ডৰ দ্বাৰা ৰিচালিত তথা অনুষ্ঠিত বড়ো মাধ্যমৰ মেট্ৰিক ফলাফল সমূহ প্ৰত্যেকবাৰেই নিম্নগামী হ'য় কেৱল প্ৰতিষ্ঠানটোত থকা অসমীয়া আমোলাতন্ত্ৰৰ বৈষম্যতাৰ বাবে ৷ বড়ো ভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহত অসম চৰকাৰে কোনো দিনে শিক্ষক নিযুক্তি নিদিয়ে, শিক্ষকক উপযুক্ত প্ৰশিক্ষণ নিদিয়ে ৷ বড়ো ভাষাৰ মাধ্যমৰ কেন্দ্ৰীয় বিদ্যালয়সমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ ক্ষেত্ৰটো অসম চৰকাৰ আগনাবাঢ়ে, সদৃচ্ছা নাই ৷ বড়ো ভাষা দেশৰ অষ্টম অনুসূচীভুক্ত হোৱাৰ পাছতো বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে সময়ত কিতাপ-পত্ৰৰ যোগান পাবলৈ অক্ষম ৷ কিয়? বড়োসকলে ইয়াৰ উত্তৰ পাব নে?

বড়োসকলৰ দীৰ্ঘদিনিয়া গণতান্ত্ৰিক দাবীৰ স্বত্বেও অসম আৰু অসমীয়া চৰকাৰে বড়োসকলক এটা পৃথক শিক্ষা সঞ্চলকলয় দিবলৈ সক্ষম নহ'ল ৷ মাত্ৰ বড়ো ভাষা মাধ্যমৰ এলপি ৰ পৰা ইউনিভাৰচিটিলৈকে চোৱা চিতা কৰিব কাৰণে ১৫-২০জন চাকৰিয়ালৰ দ্বাৰা এটা পৃথক শিক্ষা সঞ্চালকলয় বড়োসকলৰ বাবে অতিব প্ৰয়োজন ৷ কিন্তু অসমীয়াগিৰি অসম চৰকাৰৰ পক্ষপাতিত্ব শাসনত বড়োসকলে পৃথক সঞ্চালকলয় পোৱাটো দূৰৰ কথা, ওলটাই বড়োসকলে নিজৰ ভাষাৰ পৰা, শিক্ষাৰ পৰা বঞ্চিতৰে অসম আৰু অসমীয়া চৰকাৰ পৰা লাজে-অপমানে সদায়ে প্ৰতাৰিত হৈছে ৷ 

বড়োসকলে অসম আৰু অসমীয়াৰ লগত বসবাস কৰিব নোৱাৰে ৷ ভাষিক অসমীয়াৰ লগত বড়োসকলে বসবাস কৰিলে বড়ো সকলৰ চহকী ভাষা, সংস্কৃতি তথা নিজৰ আত্ম-পৰিচয় আৰু অস্তিত্ব থান-বান হৈ নোহোৱা হ'ব ৷ পৃথিৱীৰ পৰা এটা জাতি হেৰাই যাব যিটো বড়োসকলে কেতিয়াও হ'ব দিব নোৱাৰে ৷ গতিকে বড়োসকল প্ৰতিজ্ঞাবদ্ধ; যেনেকৈ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে বড়োসকল পঞ্চাছ বছৰ ধৰি অবিৰত সমগ্ৰাম কৰি আহিছে ঠিক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আজিও লাখ লাখ বড়ো অবাল-বৃদ্ধ বনীতাই পৃথক বড়োলেণ্ডৰ স্বাৰ্থত স্বত্বষ্ফূৰ্তভাৱে গণতান্ত্ৰিক সংগ্ৰাম কৰিবলৈ সদা প্ৰস্তোত ৷

আজি বড়ো জনগণই নিজৰ প্ৰাপ্য সন্মান, সামাজিক ন্যায়, সাংবিধানিক অধিকাৰৰ বাবে ৰাজপথলৈ শান্তিপূৰ্ণ পৰিৱেশ লৈ ওলাই আহিছে আৰু গণতান্ত্ৰিক প্ৰতিবাদেৰে নিজৰ দাবী জনাইছে ৷ এই সংগ্ৰাম কোনো এজন বড়ো ব্যক্তি বা নেতাৰ সমগ্ৰাম নহ'য় ৷ এই সংগ্ৰাম প্ৰতিজন অধিকাৰ বঞ্চিত বড়ো অবাল-বৃদ্ধ-বনিতাৰ সংগ্ৰাম ৷

বড়োসকলে বিগত ৫০ বছৰ ধৰি গণতান্ত্ৰিক আন্দোলন একেৰাহে চলাই থাকিব লগীয়া হৈছে ৷ এই গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন বড়োসকলে নিজৰ সাংবিধানিক অধিকাৰৰ স্বাৰ্থত চালিত ৷ পৃথক বড়োলেণ্ড কলেই এইটো নহ'য় যে এই আন্দোলনৰ ফচল কেৱল বড়োসকলেই ভোগ কৰিব ৷ ভাৰতীয় সংবিধানৰ তৃতীয় আৰু চতুৰ্থ অনুচ্ছেদৰ আধাৰত উত্থাপিত পৃথক বড়োলেণ্ড নিজৰ ক্ষেত্ৰীয় অঞ্চলৰ উন্নয়ন-প্ৰগতিৰ কথা জড়িত আছে ৷ সেয়ে ভাৰতীয় সংবিধানৰ আয়ত্বত পৃথক বড়োলেণ্ডত প্ৰত্যেকৰে সম-অধিকাৰ, সম-ন্যায়, সম-সামাজিক মৰ্য্যদা থাকিবই ৷

সমগ্ৰ বিশ্বৰ বড়োসকল চৰিত্ৰগত ভাৱেই নিৰ্জু আৰু অতি শান্তিপ্ৰিয় ৷ ৰাজনৈতিক কু-অভিসন্ধী, কু-ষড়যন্ত্ৰৰ বাহিৰে বড়োসকল সকলোৰে লগত ভ্ৰাতৃত্ববোধ, আদৰ-সন্মান আৰু সামাজিক প্ৰদূষণৰ পৰা মুক্ত কথাটোৰ প্ৰমাণ নিস্প্ৰয়োজন ৷ কিন্তু অসম চৰকাৰে বৃহত্তৰ বড়ো জনসাধাৰণক সু-শাসন, নিৰাপত্তা আৰু সম-উন্নয়ন দিব পৰা নাই ৷ বড়ো জনসাধাৰণক ভাৰতৰ সমবিধান প্ৰদত্ত আত্ম-মৰ্যদা দিব পৰা নাই ৷ সেয়ে বড়োসকলে এখন পৃথক ৰাজ্য দাবী উত্থাপন কৰি সংগ্ৰাম অব্যাহত ৰাখিবলৈ বাধ্য ৷ বড়োসকলে নিজৰ সাংবিধানিক অধিকাৰ গণতান্ত্ৰিকভাৱে দাবী সাব্যস্ত কৰিবলৈ যাওঁতে কোনো শান্তি ভংগ তথা বিধিগত আইনৰ পৰিপন্থী কাম কৰা নাই ৷

বড়োসকলে গণতান্ত্ৰিক শান্তিপূৰ্ণ স্বধীকাৰ আন্দোলন কৰিলেই অসমীয়া চৰকাৰ শংকিত হ'য় ৷ সততে ভাষিক অসমীয়াই ক'য় যে, "বড়োসকলে অনাহকত কিয় ১০ ঘন্টাকৈ পথ আন্দোলনৰ নামত অৱৰোধ কৰে? এইটো ল'এণ্ড আইনৰ পৰিপন্থী হ'ব তথা আইন বিৰুদ্ধ" , ভাষিক অসমীয়াৰ এই প্ৰশ্নৰ যথাযথ উত্তৰ বড়োসকলৰ ওচৰত অৱশ্যেই আছে ৷

আজি বড়োসকলে নিজৰ অধিকাৰৰ বাবে, আত্ম-পৰিচয় বিচাৰি গণতান্ত্ৰিক ভাৱে দহ ঘন্টা পথ, ৰেল, বাছ বান্ধ কৰা বাবে যদি ভুল কৰিছে, তেন্তে আজি বড়োসকলে বিগত সত্তৰ বছৰ ধৰি নিজৰ অধিকাৰৰ পৰা, ন্যায়ৰ পৰা, মৌলিক অধিকাৰৰ পৰা, অৰ্থনৈতিক অধিকাৰৰ পৰা, ৰাজনৈতিক অধিকাৰৰ পৰা অসমীয়া আইনৰ ৰক্ষকে বড়োসকলক বঞ্চিত কৰি ৰখাটো কিয় আইন বিৰুদ্ধ, ল'এণ্ড এক্টৰ পৰিপন্থী বুলি নক'য়? বড়োসকলক দীৰ্ঘ বছৰ বঞ্চিত, কৰি অহা অন্যায়বোৰ দেখি নাপায় কিয়? নিজৰ অধিকাৰৰ বাবে বড়োসকলে মাত্ৰ দহ ঘন্টা পথ অৱৰোধ কৰিলে অসমীয়াই দেখি পোৱাৰ কাৰণ কি?

পৃথক বডোলেণ্ডৰ বাবে বড়োসকলে পুনৰ অস্ত্ৰ হাতত ল'ব বিচৰা নাই ৷ বড়োসকলে হিংসা বিচৰা নাই ৷ ইতিমধ্যে বড়োসকলে হিংসাৰ বাবে বহু মূল্য ভৰিব লগা হৈছে ৷ হিংসাৰ মাধ্যমৰে নিজৰ প্ৰাপ্য আদায় কৰা সংগ্ৰামত প্ৰায় ৫৬০০ হাজাৰ তেজাল বড়ো যুৱক-যুৱতী হেৰাই গৈছে ৷ অস্ত্ৰ লোৱাৰ নামত বহু নিৰপৰাধি বড়ো যুৱক-যুৱতীক গুলিয়াই হত্যা কৰি দিয়া হ'ল ৷ বড়োসকলৰ ওচৰত সকলো হিচাপ এতিয়াও মজুত আছে ৷ অসম চৰকাৰ কেনেকৈ চলি আছে সেয়া প্ৰতিজন বড়োয়ে ভালদৰে জানে ৷ অসমীয়া চৰকাৰৰ কেইজন নেতা, বিষয়াই কোন জাতিক ভাল পায়-নাপায়, কাক মৰম কৰে-নকৰে, কাৰোবাক সন্মান দিয়া আদিৰে কিমান বৈষ্যমতা নীতিৰে কাম কৰি আছে সেয়া প্ৰতিজন বড়োৰ ওচৰত হিচাপ আছে ৷

বড়ো সকলে ভাৰতীয় সংবিধানক অপমান আৰু অ-সন্মান কৰিব নাজানে আৰু কৰিব নিবিচাৰে ৷ বড়োসকলে ভাৰতীয় সংবিধানক সন্মান কৰো ৷ সেয়ে নিজৰ অধিকাৰ আৰু পৰিচয়ৰ বাবে বড়োসকলে সাংবিধানিক নীতি বিৰুদ্ধ সংগ্ৰাম বাছি লোৱা নাই ৷ বড়োসকলে কৰা সংগ্ৰাম, আন্দোলন কোনো বেলেগ জাতি-সম্প্ৰদায় আৰু ধৰ্মৰ বিৰুদ্ধে নহ'য় ৷ পৃথক বড়োলেণ্ড আন্দোলন কোনো ৰাজবংশী বিৰুদ্ধে, কোনো বঙালী বিৰুদ্ধে, কোনো মুছলমান বিৰুদ্ধে নহ'য় ৷ আজিলৈকে বড়োসকলে কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰাম কৰি পোৱা নাই ৷ যি আন্দোলন, সংগ্ৰাম কৰিছে সেয়া বড়ো জাতিয়ে নিজে জীয়াই থাকিবলৈ, নিজৰ অস্তিত্ব-পৰিচয়, নিজৰ অধিকাৰ, নিজৰ স-সন্মান, নিজৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ সংগ্ৰাম তথা আন্দোলনৰ পথ বাছি লৈছে ৷

পৃথক বড়োলেণ্ড দাবী উত্থাপনৰ সময়ৰে পৰা অসমৰ কিছুমান ভাষিক অসমীয়া বুদ্ধিজীৱিয়ে বড়োসকলৰ ন্যাৰ্য্য সংগ্ৰামক অপ-ব্যাখ্যা কৰি জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ তেওঁলোকে বড়োসকলৰ সংগ্ৰামক উগ্ৰ জাতিয়তাবাদী আখ্যা দিয়ে ৷ বড়োসকলে অন্য জনগোষ্ঠীক খেদি পঠিয়াইছে বুলি এটা মিছা অপবাদ দি আহিছে, যিটো আজিলৈকে হোৱাই নাই ৷

বুৰলুংবুথুৰ মহা উপত্যাকাৰ মাটি, ভুমি অনাৰ্য্য বড়োসকলৰ ৷ বুৰলুংবুথুৰৰ মহা উপত্যাকাত বড়োসকলৰ জন্মগত অধিকাৰ বিচৰা আৰু অধিকাৰ উপভোগ কৰা সম্পূৰ্ণ অধিকাৰ আছে ৷ এই মাটিৰ যিমান তললৈ খান্দিব সিমানেই বড়োসকলৰ পূৰ্বজৰ হাড় পাব ৷ বড়োসকলৰ পূৰ্বজৰ হাড়েৰে সংমিশ্ৰিত এই মাটি এতিয়াও জীপাল হৈ আছে ৷ ইতিহাসে ভুল কথা নকয়, বড়োসকলে ইতিহাসক লৈ সংগ্ৰাম কৰিছে ৷ সেই বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ উভয়ে বড়োসকলৰ পৃথক বড়োলেণ্ড সমস্যা শীঘ্ৰে সমাধান কৰা উচিত ৷

এই কথা উল্লেখনীয় যে, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ প্ৰমূল্য আৰু মূল্যক যদি সন্মান জনাই আলোচনাৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পৃথক বড়োলেণ্ড সমস্যা সমাধানৰ বাবে আগবাঢ়ি নাহিলে তথা সমস্যাটো সমাধানত আগ্ৰহী নহলে বড়োসকলৰ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হোৱাটো অৱশ্যাম্ভী ৷ বড়োসকলৰ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলনৰ সময়ছোৱাত যিকোনো হিংসাত্মক পৰিস্থিতি উদ্ভৱ হ'লে উভয় চৰকাৰেই জগৰীয়া হ'ব ৷