ৰাম মন্দিৰ নিৰ্মাণে কাক লাভৱান কৰিব?

ৰাম মন্দিৰ নিৰ্মাণে কাক লাভৱান কৰিব?

ram mandir issue, ayaudha yatra
 ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থনত সমৰ্থকৰ ৰেলৰে দিল্লী যাত্ৰা

সাধু-সন্তই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত দিল্লীত ধৰ্ম সংসদ আয়োজন কৰিব ৷ লক্ষ্য ৰাম মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰা ৷

এইখিনিতে অখণ্ড আৰু ধৰ্মনিৰপেক্ষ দেশৰ স্বাৰ্থত বহু প্ৰশ্ন উত্থাপিত হ'য়…


◆ দেশত নিযুত নিযুত নিবনুৱা যুৱক-যুৱতী থকাৰ পাছতো আমাক কিয় ৰাম মন্দিৰ প্ৰয়োজন? ৰাম মন্দিৰে কাৰ স্বাৰ্থ পূৰণ কৰিব? 

◆ ৰাম মন্দিৰ নিৰ্মাণে দেশৰ শিক্ষিত নিবনুৱাৰ সমস্যা সমাধান কৰিব নে? নে ৰাম মন্দিৰে দেশৰ অৰ্থনৈতিক বুনিয়ান গঠন কৰিব?

◆  ৰাম মন্দিৰ নিৰ্মাণে দেশৰ ভ্ৰষ্টচাৰ আৰু দুৰ্নীতি শেষ কৰিব পাৰিব নে ? আজিলৈকে দেশৰ কিমান জন সাধু-সন্তই ভ্ৰষ্টচাৰ আৰু দুৰ্নীতি শেষ কৰিবলৈ আন্দোলন কৰিছে?

◆ ৰাম মন্দিৰ নিৰ্মাণে দেশত প্ৰচলিত সামাজিক প্ৰদূষণ "বৰ্ণবাদ, ভেদভাৱ, জাতিবাদ, নক্সালবাদ, উগ্ৰবাদ, কূপষোণ, কু-প্ৰথা অন্ধবিশ্বাস" আঁতৰ কৰিব পাৰিব নে? এনে সামাজিক প্ৰদূষণ আঁতৰ কৰিবলৈ ৰাম মন্দিৰ নিৰ্মাণৰ দাবীদাৰ সাধু-সন্তই কি প্ৰদক্ষেপ লৈছে?

◆ দৰিদ্ৰ, অনাহাৰ বিৰুদ্ধে দেশৰ সাধু-সন্তই সংগঠিত কেতিয়াবা জনমত গঠন কৰি পাইছে নে?

◆ ৰাম মন্দিৰ নিৰ্মাণৰ হকে ধৰ্ম সংসদ আয়োজনৰে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিব বিচাৰা সাধু-সন্তই ক'ত কেতিয়া নাৰী ধৰ্ষণ, নাৰী সুৰক্ষাৰ বাবে ধৰ্ম সংসদ আয়োজন কৰিছে? 

◆ কিমান জন সাধু-সন্তই নদী প্ৰদূষণৰ বিৰুদ্ধে ধৰ্ম সংসদ আয়োজন কৰিছে? 

◆ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ধৰ্ম সংসদ আয়োজন কৰা সাধু-সন্তই দেশৰ শিক্ষা ব্যৱস্থাক ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ কেতিয়াবা আন্দোলন নতুবা ধৰ্ম সংসদ আয়োজন কৰি পাইছে নে?

◆ ৰাম মন্দিৰ নিৰ্মাণত "ধৰ্ম সংসদ" আয়োজনৰে চৰকাৰত চাপ সৃষ্টি কৰিব বিচৰা সাধু-সন্তই দেশৰ বঞ্চিত, পিছপৰা দলিত, আদিবাসী, জনজাতিৰ সাংবিধানিক অধিকাৰ, সামাজিক ন্যায়ৰ হকে কিমান বাৰ "ধৰ্ম সংসদ" আয়োজন কৰিবলৈ সক্ষম হৈছে?

◆ কিমানজন সাধু-সন্তই দেশৰ প্ৰগতিৰ বুনিয়াদ গঠন কৰিবলৈ বিকাশ, উন্নয়নৰ স্বাৰ্থত "ধৰ্ম সংসদ" আয়োজনৰে চৰকাৰত চাপ সৃষ্টি কৰিছে?

এখন ধৰ্মনিৰপেক্ষ দেশত ধৰ্মীয় গোড়ামীৰ উত্থান কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ ধৰ্মীয় গোড়ামীৰে দেশৰ নাগৰিকৰ মৌলিক আৰু নৈতিক বিচাৰক তীব্ৰ আক্ৰমণ কৰি নাগৰিক অধিকাৰ আৰু ব্যক্তি স্বাধীনতাক কাঢ়ি লব বিচৰা হৈছে ৷ এনে গোড়ামী ধৰ্মীয় বিচাৰ আৰু ধাৰণাৰ উত্থানক অনাগত অখণ্ড, শান্তিপূৰ্ণ, ভেদমুক্ত দেশৰ স্বাৰ্থত সংবিধান সুৰক্ষিত কৰিবলৈ প্ৰতিজন নাগৰিকে উপৰোক্ত প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰিব প্ৰয়োজন আছে ৷