Dalit Movement and Baba Saheb Ambedkar

দলিত শব্দৰ ব্যৱহাৰ আৰু বাবা চাহেব আম্বেদকাৰঃ

Dalit Word and Baba Saheb Ambedkar, Dalit right

ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত সঘনে উচ্চাৰিত "দলিত" শব্দটো দেশৰ ৰাজনৈতিক সংগঠন কংগ্ৰেছৰ দ্বাৰা প্ৰথম ব্যৱহাৰ কৰা হ'য় ৷ এই শব্দটো বাবা চাহেব আম্বেদকাৰে তেওঁৰ ৰচনা কৰা সাহিত্যত সকলো পিছপৰা আদিবাসী-জনজাতি আদি অপৃশ্য লোকৰ ক্ষেত্ৰত "Distressed class words" হিচাপে প্ৰয়োগ কৰিছিল ৷ পাছত উচ্চ বৰ্ণৰ লোকে এই "Distressed class words"ক ভাষান্তৰ কৰি তাৰ ঠাইত "দলিত" শব্দ ব্যৱহাৰ কৰি বাবা চাহেব আম্বেদকাৰক কেৱল অপৃশ্য শ্ৰেণীৰ পৃষ্ঠপোষক আখ্যা দিয়াৰ ষড়যন্ত্ৰ আছিল ৷

দলিতৰ অৰ্থ হ'ল বৰ্জিত লোক… আৰু আমাৰ আদিবাসী-জনজাতিৰ লোকে ইয়াকে লৈ গৌৰৱ অনুভৱ কৰে ৷ দেশৰ কোনো সম্প্ৰদায়ক সামাজিকভাৱে যদি বৰ্জিত কৰা হৈছে তেন্তে সেই সম্প্ৰদায়ক "বৰ্গ" কৰাৰ অৰ্থ ক'ত? কিয়, বাবা চাহেব আম্বেদকাৰে কেতিয়াবা দলিত শব্দক মান্যতা দিছিল নে? 

এইখিনিতে অলপ ইতিহাসলৈ উভতি যোৱা ভাল হ'ব ৷ ১৯২৪ চনত বাবা চাহেব আম্বেদকাৰে "বহিস্কৃত উন্নতি সভা" গঠন কৰে ৷ যাক ইংৰাজীত "Distressed Class Mission" কোৱা হ'য় ৷ এই বহিস্কৃত উন্নতি সভাৰ দ্বাৰা মাৰাঠী ভাষাত প্ৰকাশিত এখন পত্ৰিকাক বাবা চাহেবৰ দ্বাৰা "মুকনায়ক" নামেৰে নামাকৰণ কৰা হ'য় ৷ মুকনায়কৰ অৰ্থ হ'ল, সমাজত থকা মুক বিধৰ লোক, অৰ্থাৎ সমাজৰ অনন্তহীন সমস্যা, অন্যায়, অত্যাচাৰ ইত্যাদিৰ বিৰুদ্ধে নিজৰ অভিব্যক্তি প্ৰকাশ কৰিব নোৱাৰা সকলৰ নায়ক; মুকনায়ক ৷ এই মুকনায়ক পত্ৰিকাখনে পাছত "বহিস্কৃত ভাৰত" নামেৰে সংবাদপত্ৰৰ ৰূপ ল'য় ৷

Dalit movement, Dalit woman fight
দলিত নাৰীৰ আন্দোলন

ধৰ্মীয় গোড়ামীৰ আৱৰণ পৰিহিতা আজিৰ ভাৰতবৰ্ষত পিছপৰা সমুদায়ে "বহুজন ভাৰত", "মুলনিৱাসী ভাৰত" আৰু "মুলনিৱাসী নায়ক" নামৰে পৰিভাষা গ্ৰহণ কৰিছে ৷ বাবা চাহেব আম্বেদকাৰে "মুকনায়ক" পত্ৰিকাক পাছলৈ "বহিস্কৃত ভাৰত" নামেৰে নামাকৰণ কৰে ৷ যেতিয়া বাবা চাহেব আম্বেদকাৰে Distressed Class শব্দক প্ৰয়োগ কৰে তেতিয়া ইংৰাজৰ বাবে এই শব্দ একেবাৰে অচিনাকী ৷

ভেদভাৱ আৱৰণ পৰিহিতা ভাৰতীয় সামাজিক স্থিতিত আৰু ইংৰাজ ভাৰতৰ বেলি পশ্চিমৰ ফালে ধাৱিত হোৱাৰ সন্ধিক্ষণত বাবা চাহেব আম্বদকাৰে বৰ্জত লোকৰ বাবে "Distressed Class" শব্দই  সঠিক পৰিচয় বহন কৰি নোৱাৰাত তেওঁ "অপৃশ্য" শব্দৰ প্ৰয়োগ কৰা আৰম্ভ কৰে ৷ বিহাৰৰ পাটনাত হোৱা এখন ৰেলীত বাবা চাহেব আম্বেদকাৰে চতুৰ্থ বৰ্ণৰ চামেল(বৰ্তমান obc) লোকসকলক শূদ্ৰ, অপৃশ্য শূদ্ৰৰ পৰিভাষা প্ৰয়োগ কৰে ৷ অৰ্থাৎ সময় সময়ত শব্দৰ সাল-সলনি ঘটায় ৷ বাবা চাহেব আম্বেদকাৰেই অপৃশ্য লোকসকলক ভাৰতীয় সংবিধানত "অনুসূচীত জাতি" হিচাপে পৰিচয় দিয়ে ৷ এই অনুসূচীত জাতি কোনো এক জাতি নহ'য়, ই বহু জাতিৰ এক সমূহ ৷ 

বাবা চাহেব আম্বেদকাৰে তেওঁৰ ৰাজনৈতিক সংগঠনটো "অল ইণ্ডিয়া চিডিউল কাষ্ট ফেডাৰেচন" নামেৰে নামাকৰণ কৰে ৷ জাতিগত আন্দোলন বাঢ়ি যোৱাৰ লগে লগে শব্দৰ প্ৰয়োগৰো পকিৱৰ্তন হ'ব ধৰে ৷ এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে, বাবা চাহেব আম্বেদকাৰে যেতিয়া "অল ইণ্ডিয়া চিডিউল কাষ্ট ফেডাৰেচন" গঠন কৰে তেতিয়াই গান্ধীজীৰ অনুপ্ৰেৰণত বাবু জগজীৱন ৰামে "দলিত বৰ্গ সংঘ" নামৰে এটি সংগঠন জন্ম দিয়ে ৷ যি ধৰণে গান্ধীজিয়ে উচ্চ হিন্দুৰ সমাজ বৰ্জিত লোকক "হৰিজন" পৰিচয় দিয়ে ঠিক সেইদৰেই "দলিত"ৰ পৰিচয়ো দিয়ে ৷ অৰ্থাৎ বাবা চাহেব আম্বেদকাৰে নিজ বৰ্গীয় লোকসকলৰ ক্ষেত্ৰত কেতিয়াও "দলিত" শব্দ প্ৰয়োগ কৰা নাছিল ৷ বাবা চাহেব আম্বেদকাৰৰ এই সংগ্ৰামী আদৰ্শ বহুত মহত্বপূৰ্ণ আৰু উচ্চকাংশী আছিল ৷

১৯৪৭ চনত উত্তৰ প্ৰদেশত হোৱা অনুসূচীত জাতি ফেডাৰেচনৰ সন্মীলনত বাবা চাহেব আম্বেদকাৰে কৈছিল যে, -- " অনুসূচীত জাতি আৰু জনজাতি দৰে পিছপৰা জাতি সকলকো লগত লৈ কাম কৰিব লাগিব ৷ অনুসূচীত জাতি আৰু জনজাতি তথা অন্যান্য পিছপৰা জাতি(obc)য়ে এখন মঞ্চত আহি এটা সংগঠন নিৰ্মাণ কৰিলে উত্তৰ প্ৰদেশৰ যি কোনো উচ্চ বৰ্ণৰ মুখ্যমন্ত্ৰিক সহজে নাকি লগাব পৰা যাব ৷" বাবা চাহেব আম্বেদকাৰে নিশ্চয় জানিছিল যে, ভাৰতবৰ্ষৰ দলিত পৰিচয়ৰ লোকসকল "অল্পসংখ্যক" অৰ্থৎ সংখ্যালঘু আৰু দেশত ইয়াৰ  জনসংখ্যা মাত্ৰ ১৫ শতাংশ ৷ ইমান কম সংখ্যক লোকে একত্ৰিত হৈ ও নিৰ্বাচনত জয়ী হ'ব নোৱাৰে ৷ যদি নিৰ্বাচনতেই জয় লাভ নকৰে তেন্তে শাসনক হ'ব কেনেকৈ? 

সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ভাৱে পিছপৰা লোকসকলে সংখ্যাগুৰুৰে "বহুজন" বিচাৰ ধাৰা প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সচৰাচৰ হোৱাৰ দৰেই নিজৰ জাতিক একতা কৰিব নোৱাৰা বহু প্ৰশ্ন উত্থাপিত হ'য় ৷ বহু অন্তত শেষত শোষিত শ্ৰেণীয়ে যেতিয়া বহুজন সংকল্প প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'য় তেতিয়া বিদেশী শাসক শত্ৰুই শোষিত শ্ৰেণীক ভাগ ভাগ কৰি শোষণ কৰিবলৈ "দলিত" শব্দৰ প্ৰয়োগ আৰু চিঞৰ দুয়োটাৰে গতি বঢ়ায় ৷ বাবা চাহেব আম্বেদকাৰ সপোন আছিল যে, দেশৰ অনুসূচিত জাতি-জনজাতি, পিছপৰা বৰ্গ আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে নিজৰ আজাদীৰ বাবে সংঘৰ্ষ কৰক ৷ এই সংঘৰ্ষ আৰ্য বিদেশী আৰু মুলনিবাসী ভাৰতবাসীৰ মাজৰ সংঘৰ্ষ ৷ বাবা চাহেব আম্বেদকাৰ আদৰ্শ, বিচাৰ-ধাৰাক লৈ ভাৰতবৰ্ষত নিষ্পেষিত, শোষিত অল্পসংখ্যা অনুসূচীত জাতি-জনজাতি, পিছপৰা বৰ্গই ভাৰতবৰ্ষক আৰ্য বিদেশী শাসকমুক্ত কৰি "মুলনিবাসী ভাৰত" প্ৰতিষ্ঠা কৰিব লাগিব ৷

দেশৰ SC, ST, OBC আৰু MOBC য়ে নিজেই বিচাৰ কৰি নিৰ্ণয় কৰিব লাগিব যে, গান্ধীৰ "হৰিজন দলিত অল্পসংখ্য" হৈ থাকিব নে ৮৫ শতাংশ হৈ "মুলনিৱাসী বহুজন"ৰ হৈ সংঘৰ্ষ কৰি নিজৰ অধিকাৰ আজুৰি আনিব ?