Brahmin Terrorism- ব্ৰাহ্মণ দেশৰ ৰঘুমলা

মুছলমান নহ'য়; ব্ৰাহ্মণ দেশৰ ভয়ংকৰ সন্ত্ৰাসবাদীঃ

brahmin terrorism, white terror of india


হিন্দীত এষাৰ প্ৰৱচন আছে, "ब्राह्मण अपने गांव में पंच नहीं बना सकता, सरपंच बनाना तो बहुत दुर कि बात है।" সেয়ে দেশৰ বিয়াগোম ৰাজনৈতিক দল(কোম্পানী)বোৰৰ পৰিচালনা কৰিবলৈ আৰ্য্য ব্ৰাহ্মণে যিকোনো বিনিময়ত শীৰ্ষ, মধ্যম পদবী ধৰি ৰাখে ৷ এক কথাত দেশৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰ তেওঁলোকৰ পৈতৃক সম্পত্তিৰ দৰেই ৷ সংখ্যাত তেনেই নগন্য আৰ্য্য ব্ৰাহ্মণে উত্তৰ প্ৰজন্মলৈকে ভাৰত আৰু ইয়াৰ মুলনিৱাসী প্ৰজাক শাসন-শোষণ কৰিবলৈ এক বৃহৎ আৰু চতুৰ কূতনৈতিক কাৰচাজী অৰ্থাৎ "হিন্দুত্ব"ৰ এজেণ্ডা তৈয়াৰ কৰি দেশৰ জনতাৰ মন-মগজুত সোমুৱাই দিছে ৷ যাৰ ফলত দেশৰ এক বৃহৎ অংশই আৰ্য্য ব্ৰাহ্মণৰ ষড়যন্ত্ৰত ভৰি দি নিজৰ হিন্দু(?) ধৰ্ম অস্তিত্ব বিপদাপন্ন বুলি ঠাৱৰ কৰি লৈছে ৷

আৰ্য্য ব্ৰাহ্মণে নিজৰ বংশজৰ স্বাৰ্থত অনিচ্ছাস্বত্বেও "হিন্দু" হ'বই ৷ দেশৰ কোনো ব্ৰাহ্মণ পণ্ডিতে ভাৰতীয় সংবিধানক পৱিত্ৰ বুলি নাভাৱে ৷ তেওঁলোকে ভাৰতত কেৱল শাস্ত্ৰ আৰু মনুস্মৃতিৰ আজ্ঞা পালন কৰাৰ পক্ষপাতি ৷ মনুস্মৃতি আৰু বিভিন্ন শাস্ত্ৰৰ বিধান-আজ্ঞা ভাৰতত যদি পালন কৰা হ'য় তেন্তে প্ৰথম, ভাৰতীয় অনাৰ্য্য মুলনিৱাসী লোকৰ ধন-সম্পত্তি, সন্মান-মৰ্যদা আদি সকলো আৰ্য্য ব্ৰাহ্মণে নিজৰ ইচ্ছাত নিয়ন্ত্ৰণ কৰিব ৷ অৰ্থাৎ অনাৰ্য্য ভাৰতীয়ই নিজৰ সকলো অধিকাৰ হেৰুৱাই নিথৰুৱা আৰু ব্ৰাহ্মণৰ গোলাম হ'ব ৷ দ্বিতীয়তে, শাস্ত্ৰ আৰু মনুস্মৃতিৰ বিধি-আজ্ঞাত প্ৰথম নাগৰিকৰ কতৃত্ব তেওঁলোকৰ ৷ শাস্ত্ৰ আৰু মনুস্মৃতিৰ পোনপটীয়া গৰাকী কেৱল আৰ্য্য ব্ৰাহ্মণ ৷ গতিকে দেশৰ সম্পদ, ৰাজ শাসন-প্ৰশাসন সকলো নিয়ন্ত্ৰণৰ একচেতীয়া গৰাকী আৰ্য্য ব্ৰাহ্মণেই হ'ব ৷

ভাৰতবৰ্ষ প্ৰজাতন্ত্ৰৰ দেশ ৷ এই দেশৰ বহু পুৰণি ইতিহাসে ব্ৰাহ্মণক আৰ্য্যতৰ লোক অৰ্থাৎ বংশগত আৰু জেনেটিক ভাৱে বিদেশী চিনাক্ত দি গৈছে ৷ তেওঁলোক ৰাচীয়া আৰু ইউৰোপৰ মধ্য ভাগ ইউৰেচীয়াৰ পৰা ঘোৰাৰ পিঠিত উঠি অনাৰ্য্য ভাৰতত প্ৰৱেশ কৰিছিলহি ৷ আৰ্য্য ব্ৰাহ্মণৰ ই এটা বহু দীঘলীয়া কাহিনী ৷

ভাৰতীয় ৰাজনীতিত ক্ষমতা স্থগত কৰিবলৈ বহুমতৰ প্ৰয়োজন ৷ কিন্তু মাত্ৰ তিনি শতাংশ ব্ৰাহ্মণে অনাৰ্য্যৰ এই দেশত কৈনেকৈ বহুমতৰে শাসক বৰ্গ নিৰ্বাচিত হ'ব? এই বিশাল প্ৰশ্নৰ উত্তৰতেই আৰ্য্য বিদেশী ব্ৰাহ্মণৰ অস্তিত্ব ধ্বংস নিশ্চিত হৈ আছে ৷ এই প্ৰশ্নৰ উত্তৰ নোহোৱা কৰিবলৈকে বিদেশী ব্ৰাহ্মণে ভাৰতক শাসন কৰিবলৈ ধৰ্ম আৰু সাম্প্ৰদায়ীকতাক গঢ়ি পিতি নিখুতকৈ নিৰ্মাণ আৰু মজবুট কৰি লৈছে ৷ ফলস্বৰূপে ভাৰতত ধৰ্মীয় ঘৃণা আৰু  সাম্প্ৰদায়ীক সংঘৰ্ষৰ সংখ্যা খুদ চৰকাৰৰ তথ্যতেই ৬৫,০০০ হাজাৰৰ সংখ্যা চুইছেগৈ ৷ ঐক্য আৰু বিচিত্ৰ ভাৰতবৰ্ষৰ বাবে ইয়াতকৈ ডাঙৰ উপহাৰ কি হ'ব পাৰে ?

ভাৰতবৰ্ষলৈ আৰ্য্য আগমনৰ পাছতে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ধৰ্মক লৈ সংঘাত সৃষ্টি হ'য় ৷ এনে ফচল ১৯৪৭ চনত  ভাৰত দ্বিখণ্ডিত হোৱাৰ ইতিহাস সন্দেহৰ আৱৰ্তৰ বাহিৰত নহ'য় ৷ ব্ৰাহ্মণে ভাৰতবৰ্ষৰ শাসনভাৰ চম্ভালিবলৈ এছচি(), এছটি() আৰু অবিচি() সকলক এক ধৰ্মীয় "হিন্দু" পৰিচয়ত আৱদ্ধ কৰি মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাটো অতি আৱশ্যক ৷ "ব্ৰাহ্মণৰ পক্ষে বহুমত" এই ফৰ্মূলাক নিজৰ আয়ত্বধীন কৰিবলৈকে দেশত এটা ধৰ্মীয় অনুগতৰ লগত অন্য ধৰ্মীয় অনুগতৰ প্ৰতি ঘৃণা, আৰোপ প্ৰতিনিয়ত চলি আহিছে ৷ চলি থকা কাৰনেই অনাৰ্য্য ভাৰতবৰ্ষৰ শাসক কেৱল বিদেশী আৰ্য্য ব্ৰাহ্মণে ভোগ কৰি আহিছে ৷

দেশত "হিন্দু"ক লৈ ব্ৰাহ্মণে যদি এফালে চৰম সাম্প্ৰদায়িকতা চলাই সংখ্যাগুৰু হ'য় তেন্তে আন্য ফালে ধৰ্মনিৰপেক্ষতাৰ পোছাক পিন্ধি সংখ্যালঘু মুছলমানক ক'য় আমাৰ সৈতে আহা আমি ৰক্ষা কৰিম ৷ যোৱা ৫৭ বছৰীয় কংগ্ৰেছ দলৰ শাসনত দেশৰ ৫২ হাজাৰ নিৰ্দুষী মুছলমান যুৱক জেললৈ যাব লগা হ'য় ৷ দেশৰ নিৰ্দুষী যুৱকে জেলৰ অন্ধ কুঠৰীত বন্দী হৈ থাকৰ কাথা শুনিব কোনে?

ভাৰতত হোৱা প্ৰতিটো সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণে কোনো আৰ্য্য ব্ৰাহ্মণক জেললৈ নিক্ষেপ কৰা হৈছে নে? অথচ ব্ৰাহ্মণেই "হিন্দু" ধৰ্মৰ আদিকৰ্তা, ৰক্ষাকৰ্তা আৰু প্ৰৱক্তা ৷ হিন্দু ধৰ্মৰ জনক হিচাপে স্বয়ম ব্ৰাহ্মণেই কৰ্তৃত্ব ল'য় ৷ ২০০২ চনত গুজৰাটৰ গোধৰাত হোৱা দেশৰ আটাইতকৈ ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ কাণ্ডৰ আঁৰত কোন কোনোবাই কব পাৰিব নে? সংঘৰ্ষটোত যিমান সংখ্যক মুছলমান যুৱক ধৰা পৰিছিল সকলোকে ন্যায়ালয়ে নিৰ্দুষী প্ৰমাণ কৰিলে ৷ তেন্তে গোধৰা সাম্প্ৰদায়িক কাণ্ডৰ আঁৰত কোন?

২০০৩ ৰ পৰা ২০০৮ চনলৈকে একেলেঠাৰিয়ে দেশত হোৱা চিৰিয়েল বোমা বিস্ফূৰণৰে মুছলমানক "সন্ৰাসবাদী" আখ্যা দিবলৈ ৰাষ্ট্ৰীয় ব্ৰাহ্মণী সংবাদ মাধ্যম আৰু প্ৰশাসনৰ দ্বাৰা পুনৰ সম্পাদন কৰা হ'ল ৷ এঠাইত বোমা বিস্ফূৰণ সংঘটিত হলেই ৰাতিপুৱা বাতৰি কাগজত শৰফেৰৰে মুছলমান সন্ত্ৰাসবাদী সংগঠনৰ নাম ছপা হৈ আহে, যিটো সংগঠনৰ নাম-ধাম কেৱল ছপা কাগজত থকাৰ বাহিৰে অস্তিত্ব পোৱা নাযায় ৷ বোমা বিস্ফূৰণ আৰু বাতৰি প্ৰকাশৰ পাছতে নামে-বেনামে দেশৰ মুছলমান যুৱকক ঘৰৰ পৰা ধৰ-পাক কৰি উঠাই অনা কাম আৰম্ভ হ'য় ৷ য'ত ধৰা পৰা মুছলমান যুৱকৰ ঘটনাৰ লগত কোনো সন্বন্ধই নাথাকে ৷ এই প্ৰক্ৰিয়া একেলেঠাৰিয়ে পাঁচটা বছৰ ধৰি "ধৰ্মনিৰপেক্ষ" আৱৰণ পিন্ধা কংগ্ৰেছ শাসনে এক এজেণ্ডা বনাই মুছলমানক ভয় আৰু সন্ত্ৰাসবাদী ঘোষণা কৰি থাকিল ৷

যেতিয়া মুম্বাই বিশেষ পুলিচৰ বিষয়া হেমন্ত কাৰকাৰে Anti-Terrorist Squad(ATS) ৰ মুখ্য বিষয়া হৈ দেশৰ চিৰিয়েল বোমা বিস্ফূৰণৰ নিৰপেক্ষীয় তদন্ত আৰম্ভ কৰাত মুছলমান সন্ত্ৰাবাদীৰ ঠাইত প্ৰকৃত সন্ত্ৰাসবাদী আৰ্য্য ব্ৰাহ্মণ পোনপতীয়াকৈ জড়িত থকাৰ তথ্য পোন পথমবাৰলৈ পোঁহৰলৈ আনে ৷ ইয়াৰ পাছতে আৰ্য্য ব্ৰাহ্মণৰ চিৰিয়েল বোমা বিস্ফূৰণ কাণ্ডৰ ষড়যন্ত্ৰৰ যৱনিকা পৰে ৷ শেষত ইয়াৰ পোতক হিচাপে একেই কংগ্ৰেছ চৰকাৰে ষড়যন্ত্ৰ কৰি ২৬/১১ ত মুম্বাই কাণ্ডত হেমন্ত কাৰকাৰেক হত্যা কৰে ৷ কংগ্ৰেছ চৰকাৰে হেমন্ত কাৰকাৰেৰ দৰে আপোচবিহীন বিষয়াক হত্যা কৰা বিতং তথ্য "Who Killed Karkare?- The Real Face of Terrorism in India" ত মুম্বাইৰ পূৰ্বৰ পুলিচ IG S.M. Mushrif য়ে কংগ্ৰেছৰ অন্তৰালত থকা আৰ্য্য ব্ৰাহ্মণ সন্ত্ৰাসবাদৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে ৷

ভাৰতবৰ্ষত আৰ্য্য ব্ৰাহ্মণৰ ধৰ্মীয় ঘৃণা, সাম্প্ৰদায়িক সংঘৰ্ষ আটাইবোৰ মুছলমানৰ বিৰুদ্ধে হৈছে ৷ কিন্তু এই সংঘৰ্ষত মুছলমানৰ বিৰুদ্ধে দেশৰ SC, ST আৰু OBC বৰ্গ সকলক প্ৰয়োগ কৰিছে আৰু অবিচি, এছচি, এচটিৰ সাংবিধানিক অধিকাৰৰ বিৰুদ্ধে একেই ব্ৰাহ্মণেই চিঞৰিছে ৷ ব্ৰাহ্মণে এফালে সংখ্যালঘু মুছলমানৰ লগত অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা বৰ্গক সাম্প্ৰদায়িক সংঘৰ্ষৰ সমূখ সমৰলৈ ঠেলি দিব আৰু একেই বাহ্মণে এছটি, এছচি আৰু অবিচিৰ সাংবিধানিক অধিকাৰ ভংগ কৰি হৰণ কৰে ৷ আকৌ সময়ত ব্ৰাহ্মণেই দেশৰ মুছলমানক "ধৰ্মনিৰপেক্ষ দল" হিচাপে আঁকোৱালি ল'য় ৷ আৰ্য্য ব্ৰাহ্মণৰ ইয়াতকৈ নিকৃষ্ট ষড়যন্ত্ৰ তথা হোৱাইট সন্ত্ৰাসবাদ দেশত কিমান ভয়ংকৰ হ'ব পাৰে !

দেশৰ দুই ভ্ৰাতৃ অৰ্থাৎ ব্ৰাহ্মণৰ দুই শক্তি "ধৰ্মনিৰপেক্ষ" আৰু "সাম্প্ৰদায়িক" ককাই-ভাইয়ে সংখ্যাগুৰু অনুসূচিত জাতি-জনজাতি, পিছপৰা অন্যান্য জাতি আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ৰাজ শাসন কৰি আছে ৷ এই শাসন ব্ৰাহ্মণে উত্তৰ প্ৰজন্মৰলৈকে কায়ম কৰি ৰাখিবলৈ "ধৰ্মনিৰপেক্ষ"ই মুছলমান লৈ আৰু "সাম্প্ৰদায়িক" য়ে অনুসূচিত জাতি-জনজাতি, অবিচিক লৈ ৰাজ শাসন মজবুট কৰিবলৈ ভয় নিৰ্মান কৰাত অনেক ষড়যন্ত্ৰ কৰে ৷ এই ষড়যন্ত্ৰৰ বলতে আজি ব্ৰাহ্মণে দেশৰ সকলো তন্ত্ৰকে নিজৰ অধীন কৰি লৈছে যাতে তেওঁলোক সদা সুৰক্ষিত হৈ ৰ'য় ৷ ভয়ৰ ব্যৱস্থা বাহাল ৰাখিববলৈকে আৰ্য্য ব্ৰাহ্মণে দেশৰ প্ৰশাসন, সংবাদ মাধ্যম আৰু সমাজ ব্যৱস্থাক ৰঘুমলাৰ দৰে ব্ৰাহ্মণ্যকৰণত ব্যৱহাৰ কৰিছে ৷

এই ক্ষেত্ৰত দেশৰ মুছলমান সমাজে সময় থাকোতেই বুজিব লাগিব যে, তেওঁলোকৰ মজহব আৰ্য্য ব্ৰাহ্মণৰ শাসন ৰাজ বাহালৰ বাবে আমোঘ অস্ত্ৰ নহ'য় যেন ৷ এক জালিমৰ বিকল্প দ্বিতীয়জন জালিম কেতিয়াও হ'ব নোৱাৰে ৷ ভয়ৰ ফলত লোৱা কোনো সিদ্ধান্তই ইছলামে সন্মত নজনায় ৷ একেই দেশৰ বৃহৎ সংখ্যাগুৰু SC, ST আৰু OBC য়ে ভাৱিব, বুজিব লাগিব ৷ ব্ৰাহ্মণে দেশৰ শাসন ৰাজ কায়ম তাকিবলৈ ST, SC সকলক নিজৰ পক্ষত ৰাখি সময়ে সময়ে ST, SC Act ভংগ কৰাৰ ভয়-হুমকি দি আহিছে ৷ অৰ্থাৎ আৰ্য্য ব্ৰাহ্মণে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দুয়ো পক্ষতে ভয় নিৰ্মাণ অব্যাহত ৰাখিছে ৷

শেষত দেশৰ ৫২% শতাংশ পিছপৰা অন্যান্য শ্ৰেণী(OBC)য়ে নিজৰ অধিকাৰক লৈ যদি সজাগতা নহ'য় তেন্তে ই ভাৰতৰ বিকাশত চৰম বাধা হ'ব ৷ দেশৰ অবিচি শ্ৰেণীয়ে ৫২ শতাংশ হৈও বৰ্তমান মাত্ৰ ২৭ শতাংশ সংৰক্ষণ ভোগ কৰি থাকিব লগা হোৱাৰ কাৰণ অৱশ্যই বিচৰাৰ প্ৰয়োজন ৷ যি দিনা ৫২ শতাংশ অবিচিয়ে নিজৰ আৰু নিজৰ ভৱিষ্যতৰ সন্তানৰ অধিকাৰৰ কাৰনে ঠিয় হ'ব আৰু সেই দিনাই ST, SC, OBC আৰু MOBC শ্ৰেণী মিলি ভাৰতক বিশ্বৰ ভিতৰত সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণ হোৱাত পিছ পৰি নাথাকিব ৷