Assameseism Identity is Survival Crisis of Assam Tribals- 3

অসমত অ-সুৰক্ষিত ভুমিপুত্ৰ জনজাতিৰ অস্তিত্বঃ

assam tribal rights, assam tribal identity crisis



জনজাতি-আদিবাসীৰ ক্ষেত্ৰত কেৱল অসমতে উচ্চ বৰ্ণ শ্ৰেণীসকলৰ দপদপনী চলা নাই ৷ সমগ্ৰ ভাৰততে দেশখনৰ প্ৰচীন ভুমিপুত্ৰ আৰু আদিবাসী সকলৰ ওপৰত বৰ্ণ শোষণ, সামাজিক শোষণ, অৰ্থনৈতিক শোষণ অৱধাৰিত ভাৱেই চলি আহিছে ৷ যদি এই কথা সত্য নহ'য় তেন্তে দেশত এখন সমতাৰ সংবিধান সৃষ্টি কৰোতে "সংৰক্ষণ"ৰ দৰে ব্যৱস্থাক ৰাখিব লগা নিশ্চয় নহ'ল হ'য় ৷ যেতিয়া এটা সম্প্ৰদায়ে নিজকে শিক্ষিত, সামাজিক আচৰণ আন্য লোকতকৈ উচ্চ গণ্য কৰি আন এটা সম্প্ৰদায়ৰ ওপৰত মানসিক, সামাজিক, অৰ্থনৈতিক শোষণ আৰু বৈষম্য চলাব ধৰে তেতিয়াহে সমাজত সকলো মানুহৰ সমতা, সম-ন্যায়, সম-অধিকাৰ আৰু ভেদভাৱহীন সমাজ বৰ্তাই ৰাখিবলৈ নিৰপেক্ষ সংবিধান সৃষ্টিৰ আৱশ্যক আৰু ইয়াৰ সুৰক্ষা দিশটো আহি পৰে ৷

ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতিখন চৰকাৰ, প্ৰশাসন, ৰাজনৈতিক দল, সংবাদ মাধ্যম সমূহত থকা বিভিন্ন উচ্চ পদবীধাৰীসকল কোন শ্ৰেণীৰ মানুহ? অতি দুখ লগাকৈ ৰাষ্ট্ৰীয় ব্যৱস্থাত জনজাতীয় লোকৰ অংশীদাৰীত্ব নগণ্য ৷ মুঠ ভাৰতীয় জনজাতি-আদিবাসীৰ ভিতৰত মাত্ৰ ১'৫ শতাংশ আদিবাসী আৰু জনজাতীয় লোকে দেশৰ বিভিন্ন উচ্চ আসন(চৰকাৰী-বেচৰকাৰী)ৰ অধিকাৰী ৷ এই হিচাপত দেশখনত সমতা আৰু প্ৰতিনিধিত্বৰ ক্ষেত্ৰত দেখদেখকৈ আকাশ পাতাল পাৰ্থক্য ৷ সম বিকাশৰ কথা আওৰাই থকা সকলেই কিয় ভাৰতৰ সকলো সম্প্ৰদায়কে বিকাশৰ মাধ্যমত সমান নিয়োগ ব্যৱস্থা কৰা নাই? কিয় শিক্ষাগত লক্ষ্মণৰেখা টানি ৰাখিছে? শিক্ষিত সকলেই কিয় নিৰক্ষৰ জনজাতিক সমান শিক্ষা প্ৰদানৰ ব্যৱস্থাক অত দিনে তল পেলাই ৰাখিছে? সমান শিক্ষাৰ ব্যৱস্থা কিয় তেওঁলোকে কৰিব পৰা নাই ৷ এনেলৈ চালে এয়া জনজাতিৰ বিৰুদ্ধে শিক্ষাক লৈ কৰা বৈষম্য নহ'য় নে?

জনজাতিয়ে যেতিয়া এখন ভাল ইঞ্জিনিয়াৰিং বিশ্ববিদ্যালয়; এখন কৃষি বিশ্ববিদ্যালয়; উচ্চ মেডিকেল কলেজ; পলিটেকনিক প্ৰতিষ্ঠান লাগে বুলি বৰঘৰত দাবী জনায় তেতিয়া সেই প্ৰয়োজন জনজাতিৰ বাবে সূদুৰপ্ৰহৰাত হ'য় ৷ অসমীয়া হৈ জনজাতীয়ে শিক্ষা বিচৰা অধিকাৰ এই অসমত নাই; অধিকাৰ নাই বাবেই জনজাতিয়ে নিজৰ অধিকাৰ পাবলৈ পৃথক পৰিচয়ৰে আত্মপ্ৰকাশ কৰাটো কেনে অক্ষমনীয় অপৰাধ হ'ল??


ভাৰতৰ দৰে বিশাল আৰু জনজাতীয় দেশত আদিবাসী-জনজাতীয় ল'ৰা-ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত প্ৰাপ্য পাব লগা থাকিলেও সেয়া নিজকে বৰ্ণ উচ্চতাত ৰখা মানুহখিনিৰ মানসিক অৱস্থাই জনজাতিৰ উপস্থিতি মানি লবলৈ  মানসিকভাৱে প্ৰস্তুত নহ'য় ৷ সেই একে কথা অসমতো বহু জনজাতি ল'ৰা-ছোৱালিয়ে যোগ্যতা, অধিকাৰ আৰু ন্যায় হেৰুৱাই আহিছে একমাত্ৰ জাত্যভিমানী অহংকাৰৰে প্ৰভুত্ব বজাই ৰাখিব বিচাৰা অসমীয়া বৰ্ণ সমাজখনৰ প্ৰতাপত ৷ অসমীয়া বৰ্ণ সমাজখনে উচ্চ শিক্ষিত হৈও অতি দুৰ্ভাগ্যজনকভাৱে ইয়াৰ ভূমিত বসবাস কৰি অহা প্ৰাচীনতম জনজাতিসমূহক নিজৰ ভূমিতে অৱহেলিত কৰি ৰাখিছে; বিভিন্ন ক্ষেত্ৰত নিজৰ অংশীদাৰিত্ব পাবলৈ জনজাতীয় মানুহখিনিয়ে অতি দুৰ্ভাগ্যজনক ভাৱে উচ্চ বৰ্ণ অসমীয়া সমাজখনৰ লগত এক সংঘৰ্ষমুখৰ পৰিস্থিতিৰে মুখামুখি হৈ আহিব লগা হৈছে ৷ কিয় হৈছে ইয়াৰ বিচাৰ আজিও কোনো অসমীয়াই ভাবিৱলৈ প্ৰয়োজন অনুভৱ কৰা নাই ৷

অসমৰ ভুমিপুত্ৰই যুগ যুগ বছৰৰ পাছতো অসমীয়া হৈ গৌৰৱ কৰিব পৰাকৈ ভাষিক অসমীয়া মানুহৰ পৰা কোনো ৰাজনৈতিক প্ৰতিনিধিত্বৰ সুবিধা আজিলৈকে নাপালে ৷ এটা জাতিক লৈ তেতিয়াহে গৌৰৱ কৰিব পৰা যায়, যেতিয়া জাতিটোৰ মুল অংশই বাকী ক্ষুদ্ৰ অংশক শক্তিশালী ৰূপত গুৰি ধৰে

আজিৰ পৰা দহ বছৰ আগৰ অসমৰ পৰিস্থিতিক এবাৰ উভতি চোৱা হওঁক ৷ বছৰ বছৰ ধৰি অসমৰ ভুমিপুত্ৰই নিজৰ মাটিত শিক্ষিত হ'বলৈ, চৰকাৰী কামত আগভাগ পাবলৈ; ৰাজনৈতিক ক্ষেত্ৰত অংশীদাৰীত্ব পাবলৈ; অৰ্থনৈতিক অনাতন তথা অৰ্থনৈতিক সুৰক্ষা পাবলৈ; পৰিষ্কাৰ-পৰিছিন্ন সমাজ ব্যৱস্থাৰ মাজত জীৱন-যাপন কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল ৷ এই সকলোবোৰ একমাত্ৰ অসমীয়া হোৱাৰ গৌৰৱৰ বাবে বিচাৰিছিল ৷ কিন্তু অৱহেলিত ভুমিপুত্ৰই শান্তিপূৰ্ণ মাধ্যমৰে বিচৰা প্ৰাথমিক প্ৰয়োজনৰ লগতে মৌলিক অধিকাৰৰ বিপৰীতে পালে লাঞ্ছনা-বঞ্চনা ৷ দিশপুৰত বহি থকা বৰ্ণ সমাজৰ অসমীয়া শাসকে নিজৰ অস্তিত্ব হেৰুৱাৰ মিছা ভয়ত জনজাতিৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিটো মিছিলকে সামৰিক শক্তি প্ৰয়োগৰে দমনত নামি পৰিল(পিটিচি আন্দোলন, বড়ো ভাষা আন্দোলন ইত্যাদি)৷ এনে সামৰিক দমনৰ বিৰুদ্ধে কোনো অসমীয়া সমাজে ভুমিপুত্ৰ জনজাতিসকলৰ মাজলৈ আহি বিপদৰ মাত দিয়া নাছিল; বৰঞ্চ অসমৰ জাত্যভিমানী অসমীয়াই জনজাতিয়ে অসমীয়া ভাষাৰ বিপৰীতে নিজ মাতৃভাষা পৰিত্যাগ নকৰাৰ বাবে নিদিষ্ট দূৰত্বৰ পৰা নিৰিক্ষণ কৰি জনজাতি সকলৰ লাঞ্চনা ভোগা দৃশ্যক হাঁহিমুখে চাই আছিল ৷ জনজাতিৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ পূৰ্ৱে কোনো দিনে অসমীয়া বৌদ্ধিক মহলৰ লগতে অসমীয়া ৰাজনৈতিক মহলে ভুমিপুত্ৰ জনজাতিৰ অভাৱ আৰু সমস্যাৰ বিষয় বিলাক ভুলটো জানিবলৈ, সমাধা কৰিবলৈ আগবাঢ়ি আহা নাছিল ৷ সেই সময়ত শাসকীয় অসমীয়াই জনজাতীয় লোকৰ দায়িত্ব লোৱাটো দূৰৈৰ কথা; সেয়া অভিজাত্যত ঘোৰ অপমনৰ কথা আছিল ৷ দুখৰ বিয়ষ; আজিও অসমীয়া শাসকৰ চৰিত্ৰ ব্যতিক্ৰম হোৱা নাই ৷

অসমীয়া শাসকৰ প্ৰতাৰণাৰ আৰু বৈষম্যৰ বলি হোৱা ভৈয়াম জনজাতি সকলৰ ভিতৰত প্ৰথমে বড়োসকলেই নিজৰ অধিকাৰক লৈ আত্মসচেতন হৈ পৰিল ৷ ইতিমধ্যে পাহাৰীয়া জনজাতিসকলৰ বহুতে অসমীয়া ৰাজনৈতিক নেতাৰ পৰা পোৱা এলাগী আৰু অৱহেলাৰ লগতে অসমীয়া উগ্ৰ ভাষাৰ জাতিয়তাবাদত অপমানিত হৈ পৃথক পৃথকৈ ৰাজ্যৰ দাবীৰে ৬০ দশকৰ আশে পাশে সুকীয়া ৰাজ্য লাভ কৰে ৷ অসমত বড়োসকলে অসমীয়া শাসক সকলৰ পৰা অকল উপৰত উল্লেখ কৰা সত্য কথাবোৰ কেৱল নৃত্বাত্তিক দিশ নাছিল ৷ বৰঞ্চ এনে আচৰণে বড়োসকলক বাৰে বাৰে ভাৱিবলৈ বাধ্য কৰিছিল যে সঁচাকৈয়ে আমি অসমত অসমীয়া হ'য় নে? নে বড়োসকলক কেৱল অসমীয়াই নিজৰ সংখ্যাগুৰু অক্ষুন্ন বৰ্তাই ৰাখিবলৈ নামমাত্ৰ অসমীয়া বুলি দাবী কৰে? প্ৰকৃততে সামগ্ৰীক ভাৱে বড়োসকলক অসমীয়াকৰণ কৰা হৈছেনে ইত্যাদি অনেক গম্ভীৰ প্ৰশ্নই বড়োসকলক দুবিধা পেলাইছিল ৷ এই দুবিধাই যেতিয়া বড়োসকলৰ নৱপ্ৰজন্মক চুইছিলগৈ তেতিয়াই অসমীয়াই শেষ অস্ত্ৰপাত ২০১২ চনৰ মুছলমান আৰু বড়োসকলৰ মাজত সংঘটিত গোষ্ঠীগত সংঘাতৰ সময়ত অতি কঠোৰ আৰু সম্পূৰ্ণ একপক্ষীয়কৈ বড়োসকলক দুষাৰূপ কৰি বড়োসকলে অসমীয়া নোহোৱাৰ নিশ্চিত তথ্য মুকলিকৈ প্ৰকাশ কৰি তুলিলে ৷ অতি নিলৰ্জকৈ নিজৰ কাষতে থকা বড়োসকলক বিভিন্ন মাধ্যমৰে অপৰাধীৰ চুড়ান্ত তালিকাৰ শীৰ্ষত বহুৱালে স্বয়ং অসমীয়াই ৷ বিটিএডিৰ বিভিন্ন নিৰ্বাচনত অসমীয়াই বড়োসকলৰ অধিকাৰক খৰ্ব কৰি নানান বড়োবিৰুধী অপপ্ৰচাৰত লিপ্ত হোৱা দেখা গ'ল ৷ স্বয়ং অসমীয়াই বড়োসকলক হত্যাকাৰী সজাই প্ৰতিজন বড়ো সন্তানক মানসিক অত্যাচাৰ কৰাত নামি পৰিল ৷ অতি নিকপকীয়াকৈ গঠন কৰিলে অবড়ো নামৰ বড়ো বিৰুধী সংস্থাসমূহ ৷ এতিয়া সেই বড়োবিৰুধী সংস্থাসমূহ "বৃহত্তৰ অসমীয়া" সমাজখনৰ বাবে ক্ষতিকাৰক নহ'য়; বৰঞ্চ বড়োসকলেহে বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে ভাবুকীস্বৰূপ হৈ পৰিল ৷ কাৰণ অসমত জনজাতীয় মানুহে নিজৰ অধিকাৰ অসমীয়াৰ হাতৰ বিপৰীতে নিজে সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিলেই তথাকথিত অসমীয়াৰ অস্তিত্ব হেৰায় ৷ অথচ তেওঁলোকৰ হাতত ন্যস্ত হৈ থকা অসমৰ শাসন, প্ৰশাসনে বড়োসকলক নিজৰ বুলিবলৈ একোৱেই দিয়া নাই আন্দোলনৰ অবিহনে ৷ উপযাচি দিয়াৰ কথাই নকওঁ ৷

অসমৰ পাহাৰত বসবাস কৰা জনজাতিয়েই হওঁক নতুবা ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিয়েই হওঁক সকলোতে জনজাতিৰ অৱস্থা পূৰ্বৰ দৰেই বৰ্তমানো অনগ্ৰহৰতাত ডুব খাই আছে ৷ আজি এখিনি সচতুৰে সজোৰৰে ক'ব পাৰে যে অসমৰ প্ৰতিটো ভুমিপুত্ৰ জনজাতিক সুকীয়া সুকীয়াকৈ একো একোখন শ্বয়াত্ব শাসন দিয়া হৈছে ৷ অনেক টকা পইচা দিয়া হৈছে ৷ তেনে অঞ্চলত জনজাতীয় মানুহৰ শাসনৰ অধীন ৷ ওপৰোৱাকৈ চালে এই কথাখিনি কোৱাটো তেনেই সহজ ৷ জনজাতীয় মানুহৰ হাতত নিজৰ শাসন যেতিয়া উন্নয়ন কিয় নহ'ব ইত্যাদি অনেক প্ৰশ্নৰ অৱতাৰণা হ'য়;  হোৱাটো নিতান্তই স্বাভাৱিক ৷ কিন্তু জনজাতিক দিয়া পৃথক শাসনৰ সুবিধাখিনি চাৰি ভাগৰ তিনি অংশই মুল অসমীয়া শাসকৰ হাততেই ন্যস্ত থাকে ৷ সুতা কম্বল বিলোৱাৰ বাহিৰে শ্বয়াত্ব শাসনক আৰু অধিক একো ক্ষমতা স্থগত কৰা হোৱা নাই ৷ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিষদীয় ব্যৱস্থাই নিজাববীয়াকৈ সিদ্ধান্ত লোৱা ক্ষমতা পোৱা নাই ৷ টকা পইচা ক'ত কিমান খৰচ কৰিব এই সকলোবোৰ সিদ্ধান্ত স্বয়াত্ব পৰিষদসমূহে নিজাববীয়াকৈ ল'ব নোৱাৰে ৷ প্ৰশাসনীয় গোটেই ব্যৱস্থাটো অসম চৰকাৰৰ হাতত ন্যস্ত হৈ থাকে ৷ পৰিষদৰ কোনো ক্ষমতাই বিধায়ীনি ক্ষমতাৰ ভিতৰত নপৰে ৷ সেয়ে পৰিষদে নিজাকৈ কোনো নীতি নিয়ম নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ যদি নীতি নিৰ্ধাৰণ কৰি তাক আইন সংগত কৰিবলৈ হ'লে ৰাজ্যৰ বিধায়নী পৰিষদলৈ প্ৰেৰণ কৰিব লাগে ৷ পৰিষদে প্ৰেৰণ কৰা নীতি-নিয়মসমূহ বিধিগত কৰা নকৰাটো সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ বিধায়নী ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে ৷ গতিকে সহজে কথাবোৰ বুজিব পৰা হ'য় যে, জনজাতিসমূহে পৰিষদসমূহ দ্বাৰা নিজক শসনৰ সুবিধা পাইছে যদিও এয়ালৈকে মুল চাবি কাঠি শাসক অসমীয়াৰ হাততেই আছে ৷

ভুমিপুত্ৰক শ্বয়াত্ব শাসন দিয়াৰ নামত; জনজাতিৰ উন্নয়ন আৰু বিকাশৰ নামত উপৰ্যোপৰি অসমীয়া শাসকেই জনজাতিৰ উন্নয়নৰ বৃহৎ ধন আত্মসাৎ কৰা কাৰ্য্যবোৰ চলাই আহিছে ৷ জনজাতিৰ উন্নয়নৰ নামত কেৱল জনজাতীয় নেতাই ধন আত্মসাৎ কৰা হ'লে কথাবোৰ সুকীয়া আছিল ৷ পৰিষদীয় অঞ্চলৰ নিয়ম শৃংখলা জড়িত সকলো বিষয় ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে ৷ বিভিন্ন শিক্ষানুষ্ঠানবোৰ, প্ৰতিষ্ঠানবোৰ শ্বয়াত্ব পৰিষদীয় ক্ষমতাৰ বাহিৰত ৷ প্ৰতিজন ভুমিপুত্ৰই নিজৰ মাতৃভাষাত কথা ক'বলৈ বিচাৰে, পঢ়িবলৈ বিচাৰে ৷ কিন্তু কোন অসমীয়াই জনজাতিক নিজৰ ভাষাত পঢ়িবলৈ সুবিধা, উৎসাহ দিলে? বৰঞ্চ জনজাতিৰ ওপৰত বলপূৰ্বক অসমীয়া ভাষা জাপি দিয়া হ'ল ৷ পূৰ্ণভাৱে এলাগি কৰা হ'ল থলগিৰি ভাষাক ৷ কাঢ়ি লোৱা হ'ল জনজাতীয় ভাষাক ৷ এতিয়াও জনজাতীয় ভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ বাহিৰত ৷ কোনজন অসমীয়াই, কোনটো অসমীয়া জাতীয়তাবাদী দল সংগঠনে জনজাতীয় ভাষাৰ মাধ্যমৰ হকে ৰাজপথ কঁপালে? জনজাতীয় অঞ্চল বিশেষে থকা জনজাতীয় ভাষাৰ মাধ্যমৰ স্কুল-কলেজসমূহ জীৱিত স্বাৰ্থতে চৰকাৰী আওটাত আহিবলৈ কোনটো অসমীয়া দল-সংগঠনে চৰকাৰক বাধ্য কৰালে? নিশ্চয় কোনো আগবাঢ়ি নাহিল ৷ এয়া তেওঁলোকৰ জনজাতিৰ ওপৰত থকা প্ৰভুত্ব নহ'য় জানো? যি প্ৰবুত্ববাদে প্ৰতিনিয়ত জনজাতিক তেওঁলোকৰ ভাতৃৰ শাৰীত উপবিষ্ট কৰি সেও মানিবলৈ বাধ্য কৰাই আহিছে ৷

২০১৭ চনত ডিমাৰাজীত সংঘটিত ঘটনাবিলাক কিয় হ'বলৈ পাইছিলে? ডিমাচা সকল সঁচাই অসমীয়া আছিল নে যে ঘটনা সংঘটিত হোৱাৰ পাছত অসমীয়াই ডিমাচা সকলক দেখা পালে ? ডিমাৰাজীৰ ঘটনাৰ পূৰ্বে কিন্তু অসমীয়াই "নাগালিমত অসমৰ মাটি অন্তভুক্তি" বিষয়টো কেৱল গোলাঘাতলৈকে সীমাবদ্ধ বুলি এটা ঠাৱৰ কৰি আছিল ৷ তাৰ আগত ডিমাচা সকলৰ ডিমা হাচাওখন নাগালিমত আন্তভুক্তিৰ বিষয়ত থকা তাৰ মানুহখিনিৰ শংকাখিনিক গুৰুত্বই দিয়া নাছিল ৷ যেতিয়া ডিমাচাসকলে "আমি অসমীয়া, আমাক বচাওক" বুলি আহ্বান জনালে তেতিয়া অসমীয়া জাগ্ৰত হ'ল ৷ ইয়াৰ আগলৈকে ডিমাচাসকল পাণ্ডৱ বৰ্জিত আছিল; থাকিবই ৷ থকাৰ কাৰণ অসমীয়াৰ দৃষ্টিত বহু কাৰণ নিহিত হৈ আছে ৷ কৰণ ডিমাৰাজীৰ ঘটনা বৰ্ণবাদী অসমীয়াৰ এক সুপৰিকল্পিত ঘটনা ৷ যিটো ঘটনা অসমত বিজেপিৰ শাসনৰে বাস্তৱৰূপায়াণ কৰিব পৰা হ'ল ৷ কিন্তু এই ঘটনাত ডিমাচাসকলে যেতিয়া "আমি অসমীয়া" ঘোষণা কৰিলে তেতিয়া বৰ্ণবাদী অসমীয়া মানুহখিনিৰ মাজত আউল লাগিল ৷ যিটো পৰিকল্পনাৰে তেওঁলোকে ৰাজনীতিক ব্যৱহাৰ কৰিছিল সি ইমান সুক্ষ্মকৈ পৰিষ্ফুত হৈ নুঠিল ৷ কাৰণ অৰ্ধেক সংখ্যক খৃষ্টান ধৰ্মৰ হৈও ডিমাচাই নিজক অসমীয়া ঘোষণা কৰিলে ৷


পৃথিৱীৰ কোনো এটা ভৌগলিক ক্ষেত্ৰৰ ভিতৰত নিদিষ্ট এটা শাসকীয় পক্ষই প্ৰভুত্ববাদৰে সমাজৰ পিছপৰা মানুহখিনিৰ অভিভাৱকৰ দায়িত্ব লৈ যুগ যুগ ধৰি সেই মানুহখিনিক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ লাভৰ পৰা বঞ্চিত কৰি ৰাখে তেন্তে সমাজৰ পিছপৰা শ্ৰেণীয়ে শাসকীয় পক্ষৰ ওচৰত নিজৰ অধিকাৰ বিচৰাটো কোনো অসংবিধানিক কথা নহ'য়; নিজৰ অধিকাৰৰ হকে প্ৰতিবাদ নতুবা সেই শাসকীয় পক্ষৰ পৰা ভৌগলিক বিছিন্ন হ'ব বিচৰাটো একো আচৰিত কথা নহ'য় ৷

বৃটিছ আমোলৰ অসমত অসমীয়াৰ নামত যি শিক্ষিত শ্ৰেণীৰ সৃষ্টি হ'ল; সেই শ্ৰেণীয়ে অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত যিধৰণে গূঢ়াৰ্তা নিৰ্ণয় কৰি থৈ গ'ল সেই জাতি নিৰ্মাণৰ প্ৰক্ৰিয়াই বৃহৎ স্বাৰ্থতকৈ ন্যস্ত স্বাৰ্থৰ সুৰক্ষত অসমীয়াসকলক মত্ত কৰি গ'ল ৷ নকলেওঁ হ'য় যে ভাৰতৰ পৰা বৃটিছ যোৱাৰ পাছত উত্তৰপূৱৰ চিৰপ্ৰৱাহমান বুৰলুংবুথুৰৰ বৃহৎ সমতল উপত্যেকাত বৃটিছৰ শিক্ষাৰে শিক্ষিত অসমীয়াই একক ৰূপত বিভিন্ন জাতি-জনগোষ্ঠীৰ ওপৰত অভিভাৱকত্বৰে শাসনৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল ৷ বৃটিছ গমনৰ এটা দশক পাছত শাসনৰ বাঘজৰী ধৰি থকা শাসক শিক্ষিত অসমীয়াৰ ওচৰলৈ চৰম বিপৰ্য্যয় তথা তেওঁলোকৰ একক প্ৰভুত্বলৈ জনজাতীয় ক্ষেত্ৰৰ পৰা লাহেকৈ প্ৰত্যাহ্বন আহিবলৈ ধৰিল ৷ এই প্ৰত্যাহ্বনটো তেতিয়াৰ শিক্ষিত অসমীয়াই উদাৰ মনোভাৱেৰে গ্ৰহণ কৰাৰ বিপৰীতে চৰম জাত্যভিমানীৰে জনজাতীয় ভাৱনাক, জনজাতীয় সমাজৰ মতামতক মানিলবলৈ টান পালে ৷ আৰু আৰম্ভ হৈছিল এটা নতুন পথ; যিটো পথে পাহাৰ ভৈয়াম উভয় জনজাতীয় মানুহক নিজৰ অধিকাৰ আৰু ন্যায়ৰ কাৰণে পৃথকতাবাদী দীঘলীয়া আন্দোলনৰ সূঁচনা তৈয়াৰ কৰিবলৈ বাধ্য কৰাইছিল ৷

প্ৰভুত্ববাদত নিমজ্জিত হৈ থকা অসমীয়া জাতিটোয়ে বৈষ্ণৱ ধৰ্ম, উচ্চ বৰ্ণ সমাজ, ন হিন্দু ধৰ্মৰ ৰক্ষণশীল গণ্ডীৰ মাজত নিজৰ কুলৰ মানুহক লৈ ব্যস্ত হৈ থাকোতে পাহাৰীয়া জনজাতীসকলে ৬০ৰ দশকত অসমৰ ভূ-খণ্ডৰ পৰা ভৌগলিক বিছিন্নৰ লগতে মানসিক ভাৱেও আঁতৰাই নিলে নিজক ৷ ইয়াৰ কাৰণে হ'য়টো আজিৰ অসমীয়া ইতিহাসবিদ সকলে পাহাৰীয়া জনসাধাৰণক দুষাৰূপ কৰিব নিজৰ কলংক আঁতৰাবলৈ ৷ কিন্তু সত্য তাত প্ৰতিষ্ঠিত নহ'য় এই কাৰণেই যে আজিৰ অসমৰ সামগ্ৰিক পৰিস্থিতিত অসমীয়া শাসকৰ অধিনত থকা ভৈয়াম জনজাতীয়ৰ এটা বৃহৎ অংশই পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি অসম আৰু অসমীয়া পৰিচয়ৰ পৰা আঁতৰি যাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ অসমৰ বুকুত এই ভৈয়াম ভুমিপুত্ৰ জনগোষ্ঠীখিনিয়ে আধুনিক যুগৰ প্ৰৰম্ভিক সময়খিনিৰ পৰা অসমীয়াৰ লগত একেলগে থাকি আগবাঢ়ি যোৱাত যথেষ্ট মানসিক, শাৰিৰীক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অত্যাচাৰ আৰু ষড়যন্ত্ৰৰ সন্মুখিন হ'ব ধৰিলে ৷

বৃটিছ যোৱাৰ পাছতে সুদীৰ্ঘ সময় ধৰি ভাষিক অসমীয়াই অসমত নিজৰ শাসন প্ৰভুত্বৰে চলাই আহিছে ৷ আজিও নিজৰ একচেতিয়া শাসনৰ ওৰ পৰিব দিয়া নাই ৷ তেওঁলোকৰ এনে শাসনৰ ফলত নিজৰ ভাষা-সংস্কৃতি, পৰম্পৰা, ধৰ্মক লৈ নিজৰ স্বকীয়তাক জীয়াই ৰাখিব বিচৰা পাহাৰ আৰু ভৈয়ামৰ জনজাতিসকলে ভাষিক অসমীয়াৰ হাতত সকলো হেৰুৱাৰ আশংকাত ভুগিব ধৰা বিষয়টো ভাষিক অসমীয়াৰ বৌদ্ধিক সমাজ, ৰাজনৈতিক মঞ্চ, সাংস্কৃতিক মঞ্চ আৰু সাহিত্যৰ মঞ্চৰ মাজত চিন্তাৰ উদ্ৰেক হোৱা তথা কোনো আলোচনা হোৱা দেখা পোৱা নাযায় ৷ আজিলৈকে জনজাতিৰ অস্তিত্বৰ আশংকাক কোনো ভাষিক অসমীয়াই বুজিবলৈ চেষ্টা কৰিছেনে? জনজাতি সকলক ৰাজনৈতিক ৰক্ষণাৱেক্ষণ দিয়া হৈছে নে? বৰঞ্চ বিভিন্ন যুক্তিবাদৰে জনজাতিসকলৰ নিজস্ব ক'লা-সংস্কৃতিক দ্বিতীয় শাৰীত বহুৱাই ইয়াক "অসমীয়া পৰিচয়"ৰ বাবে অতি বিপদজনক দেখুৱালৈ ষড়যন্ত্ৰৰ আশ্ৰয় লৈছে ৷ ভুমিপুত্ৰ জনজাতিৰ বাবে ইয়াতকৈ দুৰ্ভগ্যজনক স্থিতি কি হ'ব পাৰে ?

অসমত ভাষিক অসমীয়া জাতিক আজিও উগ্ৰ জাত্যভিমানী জাতীয়তাবাদী সকলে প্ৰতিনিধিত্ব কৰি আছে আৰু সাধাৰণ অসমীয়াইও(দুই-এজনৰ বাহিৰে) তেওঁলোকৰ প্ৰতিনিধিত্ব মানি চলি আহিছে ৷ যদি আপুনি কিয় সাধাৰণ অসমীয়াক টানি আনিছে বুলি প্ৰশ্ন কৰে তেন্তে ইয়াৰ যথাযত উত্তৰো মজুত আছে ---

প্ৰথম, সমগ্ৰ অসমতে ভাষিক অসমীয়া শ্ৰেণীটো হ'ল ৰাজনৈতিক কিং মেকাৰ, অৰ্থাৎ সমগ্ৰ বড়োসকলে যদি নিৰ্বাচনত এটাও ভোট নিদিয়ে বা অংশ গ্ৰহণো নকৰে তথাপিও অসমীয়া একক ৰূপত নিৰ্বাচনত ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ ক্ষমতা আৰু সমগ্ৰ অসমকে তেওঁলোকৰ শাসন-প্ৰশাসনে অসমীয়া জাতিৰ ভাগ্যনিয়ন্ত্ৰা হৈ থকাৰ ক্ষমতা হাতত ন্যস্ত হৈ আছে ৷

দ্বিতীয়তে, কোনো অসমীয়া জাতীয় অনুষ্ঠান বা দল-সংগঠনেই আজিলৈকে অসমৰ কোনো ভুমিপুত্ৰ জনজাতিৰ অধিকাৰক লৈ সৰৱ হৈ একক ৰূপত বা নিজাববীয়াকৈ ৰাজপথ গছকা নাই ৷ প্ৰয়োজনো নকৰে ৷

তৃতীয়তে, কোনো ভাষিক অসমীয়া বুদ্ধিজীৱিয়েই ভুমিপুত্ৰ জনজাতিসকলৰ অধিকাৰৰ হকে নিৰবিচ্ছিন্ন বৌদ্ধিক যুঁজ কৰি পোৱা নাই ৷ কোনবাই সাময়িক ভাৱে জনজাতি সকলৰ কথা কৈছে যদিও সেয়া কোনো উপযুক্ত বা শক্তিশালী নহ'য় ৷ তদুপৰি অসমীয়া বুদ্ধিজীৱিয়ে আজিলৈকে জনজাতিৰ বিৰুদ্ধে গঢ় লৈ উঠা "অ-জনজাতীয়" সংগঠন সমূহৰ বিৰুদ্ধে জনমত গঢ়ি তোলা নাই; না কোনো অসমীয়া অনুষ্ঠান বা দল-সংগঠনে তেনে জনজাতি বিৰুধী সংগঠনৰ বিৰুদ্ধে মাত মাতিছে ৷ অথচ জনজাতিসকলে সংগ্ৰাম আৰু সাংবিধানিক বিধিৰ ভিত্তিত পাবলৈ সক্ষম হোৱা বিভিন্ন উন্নয়ন অঞ্চলসমূহৰ বিৰুদ্ধে পৰিকল্পিত ভাৱে ভাষিক অসমীয়াই "অ-জনজাতীয়" বিৰুধ আন্দোলন গঢ়ি তুলিছে ৷ এনে আন্দোলনৰ বিৰুদ্ধে ভাষিক অসমীয়া শ্ৰেণীৰ কোনো এজনেই সজোৰৰে মাত মাতিবলৈ সক্ষম হোৱা নাই ৷

চতুৰ্থতে, আজিৰ কোনো ভাষিক অসমীয়াই অশিক্ষিত নহ'য়; সকলো শিক্ষিত ৷ সেই শিক্ষিতসকলৰ মাজৰ পৰাই জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰামক নানা অপবাদ আৰু বদনাম দিব ধৰিছে; যিটো সাধাৰণ অসমীয়া সমাজৰ মাজৰ পৰা শিক্ষিত ভাষিক অসমীয়া সকল বহিঃপ্ৰকাশ ৷

গতিকে জনজাতিসকলৰ বিৰুদ্ধে বৃহৎ হাৰত সাধাৰণ অসমীয়াই নিশ্চুপ হৈ দূৰৰ পৰা মজা লৈ আছে ৷ সাধাৰণ অসমীয়াই তেওঁলোকৰ নিৰ্বাচিত নেতা-পালিনেতাক ৰাজনৈতিক ক্ষমতা আৰু প্ৰশাসনৰ ক্ষমতাত বহুৱাই বড়ো, ৰাভা, মিছিং, ডিমাছা আদি জনজাতিসকলৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰত লিপ্ত কৰাই আহিছে ৷ কোনো ভাষিক অসমীয়াই আজিলৈকে জনজাতিসকলৰ সাংবিধানিক অধিকাৰ আৰু ইয়াৰ সুৰক্ষাৰ দিশসমূহক লৈ মুকলি আলোচনা, ৰাজনৈতিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই ৷ পাৰিলে বিৰুধ বা জনজাতীয় সংগ্ৰামক ষড়যন্ত্ৰে মষিমুৰ কৰিছে; সমন্বয়ৰ কথা কৈ শোষণ আৰু বঞ্চিত কৰাই আহিছে ৷ আৰু তাৰেই পৰিণাম বিনা প্ৰতিবাদে "অ" যুক্ত ভাষিক অসমীয়া সংগঠনে মাজে মাজে দিয়া অসম বন্ধ আৰু ৰেল বন্ধ চৰকাৰৰ প্ৰশাসনে বিনা প্ৰতিবাদে মানি ল'য়; কাৰণ প্ৰশাসনৰ বিষয়াসকলো সাধাৰণ ভাষিক অসমীয়াৰে সন্তান ৷