দেশৰ 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত SC, ST আৰু OBC Professorৰ সংৰক্ষণ

দেশৰ 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত SC, ST আৰু OBC Professorৰ সংৰক্ষণঃ



30 খন  কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ৰ মুঠ Professorৰ সংখ্যা হ'ল 1057 জন ৷ ইয়াৰে SCৰ কাৰণে 15%(158  জন)সংৰক্ষণ আছে যদিও বৰ্তমানৰ সংখ্যা হ'ল- 34 অৰ্থাৎ 3·2 শতাংশ, STৰ কাৰণে 7·5%(79 জন) সংৰক্ষণ আছে যদিও বৰ্তমান আছে- 12 জন অৰ্থাৎ 1·1 শতাংশ আৰু OBCৰ কাৰণে 27%(285 জন) সংৰক্ষণ আছে যদিও বৰ্তমান মাত্ৰ 12 জন হে Professor আছে  ৷ দেশৰ 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত SC, ST আৰু OBCৰ সংৰক্ষণৰ সঠিক সংখ্যাৰ বিপৰীতে Professorৰ পদ 999(94·51%) কেৱল জেনেৰেল কেটেগৰীৰ লোকৰ দখলত ৷

দ্বিতীয়, 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত সৰ্বমুঠ Associate Professorৰ সংখ্যা হ'ল- 2298 জন ৷ দেশৰ সংৰক্ষণ নীতি অনুসৰি পিছপৰা শ্ৰেণীৰ বাবে উক্ত বিশ্বঃবিদ্যালয় কেইখনত SCৰ বাবে 344 টা পদ থাকিব লাগে যদিও বৰ্তমান আছে 113 টা, STৰ কাৰণে থাকিব লাগে 172 টা ৷ বৰ্তমান আছে 39 টা আৰু OBCৰ বাবে বৰ্তমান আছে 29 টা, য'ত যথা ৰীতি অনুসৰি 620 জন Associate Professor থাকিব লাগে ৷ 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত দেশৰ পিছপৰা শ্ৰেণীৰ সঠিক সংৰক্ষণ আসনৰ বিপৰীতে উচ্চ শ্ৰেণীৰ বাবে 1160 টা আসন আছে যদিও তেওঁলোকে বৰ্তমান 2118 টা আসন নীতি বিৰুদ্ধতাৰে দখল কৰি আছে ৷ 

তৃতীয়তে 30 খন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয়ত Assistant Peofessorৰ সৰ্বমুঠ আংখ্যা হ'ল- 6051 জন ৷ ইয়াৰে SCৰ থাকিব লাগে 907 জন, বৰ্তমান আছে 701 জন ৷ STৰ থাকিব লাগে 453 জন, বৰ্তমান আছে 399 জন ৷ OBCৰ থাকিব লাগে 1633 জন, বৰ্তমান আছে 839 জন ৷ Generalৰ থাকিব লাগে 3055 জন, বৰ্তমান আছে 4112 জন ৷ দেশৰ SC, ST, OBC আদি পিছপৰা শ্ৰেণীৰ সাংবিধানিক সংৰক্ষণ কোন শ্ৰেণীয়ে কুষিগতৰে নিজৰ স্বাৰ্থপূৰণ কৰি আছে তাক আপুনি এবাৰ চিন্তা কৰি বিচাৰ কৰক ৷ 

এটা কথা স্পষ্ট যে, হিন্দু মৌলবাদী আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে শীঘ্ৰে SC, ST আৰু OBCৰ বাবে উচ্চ শিক্ষাত থকা সংবিধানিক সংৰক্ষণ উঠাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ কাঠফুলাৰ দৰে বাঢ়ি অহা গোড়া হিন্দুত্বৰে দীক্ষিত উচ্চ শ্ৰেণীয়ে দেশৰ আত্মা সংবিধানক উফৰাই অৰ্থাৎ হত্যা কৰি মনুস্মৃতিৰে দেশত গোলামী শাসন ব্যৱস্থা আৰম্ভ কৰিবলৈ উঠি পৰি লাগিছে ৷ উচ্চ শ্ৰেণীয়ে কৰা সংৰক্ষণ লুপ্তৰ ষড়যন্ত্ৰত ভাৰতবৰ্ষৰ সকলো সম্পদ অৰ্থাৎ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক ইতিমধ্যে ব্যক্তিগতকৰণ খণ্ডলৈ স্থানান্তৰিত কৰিছে ৷ চৰকাৰী খণ্ডৰ শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ব্যক্তিগতকৰণৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ দেশ বিকাশ আৰু উন্নয়নত প্ৰতিনিধিত্ব কৰিব নোৱাৰাটো এক প্ৰকাৰ নিশ্চিত ৷