Assameseism Identity Is Survival Crisis Of Assam Tribals- 1

ভাষিক অসমীয়াৰ হাতত অসুৰক্ষিত জনজাতীয় পৰিচয়ঃ

bodo identity crisis and assameseism
পৃথক ৰাজ্যৰ দাবীত বড়ো জনগণৰ আন্দোলন
বিগত পাঁচ দশকত অসম ভু-খণ্ডত অসমীয়া ভাষাৰ যিমান লেখক-সাহিত্যিক জন্ম হ'ল তাৰ অৰ্ধেক অংশই অসমৰ ভুমিপুত্ৰ জনজাতিৰ(বেছিকৈ বড়োসকলৰ) অনিষ্ট নতুবা জনজাতিৰ চৰিত্ৰত কলংক সানি থৈ গৈছে ৷ তেওঁলোকৰ সাহিত্যৰ সৃষ্টিত জন্ম লাভ কৰা প্ৰতিটো জনজাতীয় চৰিত্ৰই জনজাতীয় সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনৈতিক ক্ষেত্ৰত ঋণাত্মক প্ৰভাৱ যোৰকৈ বহুৱাই গৈছে ৷ নামে-বেনামে বহু অসমীয়া সাহিত্যিক, গল্পকাৰ, নিৱন্ধকাৰ, উপন্যাসিক, কবি, নাট্যকাৰ, শিক্ষক ইত্যাদিসকলে নিজৰ সৃষ্টিৰাজীত জনজাতীয় সমাজ-জীৱনৰ চৰিত্ৰৰ বিষয়ে ভুল তথ্য দাবী তথা উদেশ্য প্ৰণোদিত কিছুমান অপবাদ আৰোপ কৰি গৈছে ৷ যিবোৰ কোনো কালেও মছিব নোৱাৰি ৷ কিতাপ এখন নোহোৱা কৰিব পৰি কিন্ত সেই কিতাপখন নোহোৱা হোৱাৰ আগত জনজাতি মানুহৰ সম্পৰ্কে যি ভুল বাৰ্তাৰ বীজ পঢ়ুৱৈৰ মনত ৰোপণ হ'ল সেই বীজৰ কোনো দিনেই অঁতৰ নহ'য় ৷ তেওঁৰ মৃত্যৰ পাছতো সেই ভুল বাৰ্তাৰ বীজে চলমান হৈ থাকে; ন ৰোপত সি পোখা মেলে ৷

১৯৮০ ৰ পৰা প্ৰকাশিত বহু অসমীয়া লিখকৰ কিতাপ-প্ৰৱন্ধত জনজাতীয় সমাজ-ইতিহাসৰ বিষয়সমূহ সম্পূৰ্ণকৈ বিভ্ৰান্তিমূলক আৰু উদেশ্য প্ৰণোদিত ভাৱে তীব্ৰ দন্দমূলক ৷ জনজাতি সকলৰ বিষয়ে লিখা প্ৰতিজন লিখকেই সামঞ্জহীন ভুল তথ্য কিছুমান দাবী কৰি আহিছে ৷ তেওঁলোকৰ এনে দাবীৰ অন্তৰনিৰ্হিত উদ্দেশ্যটো হ'ল "সংঘাতপূৰ্ণ জনজাতীয় সমাজ" জীয়াই ৰখা ৷ সেয়ে তথ্যৰ ভুল হলেওঁ ই এক নিদিষ্ট উদ্দেশ্যপূৰ্ণহে বিষয় ৷ ইয়াক লৈ কোনো অসমীয়া লেখক সমাজৰ মাজত বিতৰ্ক বা সমালোচনা হোৱা নজিৰ নাই ৷ বৰং প্ৰতিজন লেখক-সাহিত্যিকৰ মাজত আন্তৰিকতাৰে বিষয়বোৰ তথা জনজাতিৰ বিৰুদ্ধে ঘোষণাহীন উদেশ্য প্ৰণোদিত "বৌদ্ধিক জেহাদ" চলাই যোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'য় ৷ এই প্ৰতিযোগিতাৰ ধাৰা আজিও বিৰাজমান ৷

অতি দুখৰ বিষয় যে, অসমীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোয়ে ৮০ দশকৰ পৰা অতি উগ্ৰমিতাৰে জনজাতীয় পৰিচয়ক অধিক সংকটাপন্ন অৱস্থালৈ ঠেলি দি একচত্ৰি অসমীয়া জাতিৰাজ বহালৰ পোষকতা কৰে ৷ ভাষা আৰু পৰিচয়ৰ আৱেগিক উত্তেজনাত গোটেই ভাষীক অসমীয়াই  জনজাতীয় সমাজ আৰু জীৱন-ধাৰণ প্ৰণালীক আন্য লোকৰ আগত মৌখিক আৰু আনুষ্ঠানিক(লিখা-মেলা)ৰে আটাইতকৈ নিম্নতৰ পৰা নিম্নতম কৰি পৰিচয় দিয়া আৰম্ভ কৰিলে ৷ তেওঁলোকে জনা নাছিল যে এনেদৰে দবাই ৰখা স্বভাৱে তেওঁলোকৰ ভৱিষ্যত কেনে ৰূপ গ্ৰহণ কৰিব ৷

আহোমৰ শাসন কালতে সম্পূৰ্ণকৈ হিন্দু কালচাৰেলত আত্মবলিদান দিয়া অসমৰ ভুমিপুত্ৰ(বৰ্তমান যি সকলে জনজাতিৰ ষ্টেটাচ বিচাৰি আছে) পৰিচয় থকা সকলে উচ্চ জাতিত শ্ৰেণী ভুক্ত হ'ল ৷ এই শ্ৰেণীভুক্ত হোৱাৰ লগে লগে তেওঁলোকৰ আদিম সম্পদ; যেনে জনজাতীয় চৰিত্ৰ, সামাজিক স্থিতি, ধৰ্ম, ভাষা-সংস্কৃতি সকলো জলাঞ্জলী দিলে ৷ ইয়াৰে একাংশ ভুমিপুত্ৰ জটিল ভাষাগত সমস্যা আৰু ভৌগলিক জটিলতাৰ বাবে আহোম শাসনৰ পৃষ্টপোষকতাত গঢ় লৈ উঠা হিন্দু কালচাৰেলত আত্মবলিদান দিয়াৰ পৰা বাচি গ'ল ৷ যি সকল জনজাতি বাচি গ'ল সেই সকলৰ পিছা আজিও তেওঁলোকৰ বংশই লৈ আছে ৷

বৃটিছ আহিল, ৰাজ শাসনৰ যৱনিকা পৰিল ৷ কিন্তু চতুৰামি তেতিয়া আছিল আৰু এতিয়াও অক্ষত ৷ বৃটিছৰ দিনতে যি শিক্ষিত অসমীয়া সৃষ্টি হ'ল সেই কেইজনৰ দৰ্শন আৰু চিন্তাত নিজৰ কুলৰ বংশ সুৰক্ষাৰ তাগিদা আছিল সুদূৰপ্ৰসাৰী ৷ কলিকতাত, বঙালীৰ স্বভিমান আৰু জাতীয়তাবাদৰ পৰিৱেশত পোৱা বিলাত শিক্ষাই মধ্যবিত্ত অসমীয়াই অসমত নিজৰ স্থান ৰাখিবলৈ যুগান্তকাৰী পদক্ষেপ ললে ৷ প্ৰথম আৰম্ভ হ'ল "অৰুণোদয় যুগ", "জানাকী যুগ" ইত্যাদি ৷ এই "যুগ" আৰম্ভনীয়ে কিন্তু কোনো জনজাতিকে সাঙুৰি লোৱা নাছিল ৷ সি লাগিলে ভৈয়াম বা পাহাৰীয়াই হওক ৷ শিক্ষিত হৈছিল কেৱল ভাষিক অসমীয়াই হে ৷ কাৰণ "অৰুণোদয় যুগ"ৰ পৰা সমস্ত উত্তৰ-পূৱতে এক লেখত ল'ব লগা অধ্যায় সূচনা হৈছিল ৷ নতুনকৈ জন্ম লাভ কৰিব ধৰা "অসমীয়া ভাষা"ৰ ফলত ভৈয়ামৰ এটা ভাষিক শ্ৰেণীয়ে এক নতুন দিগন্ত দেখাৰ আৰম্ভ কৰি দিছিল ৷

অসমীয়া ভাষাই জন্মলাভ কৰাৰ সমান্তৰালকৈ পাহাৰীয় আৰু ভৈয়ামৰ অঞ্চল বিশেষ কিছু জনজাতীয় মানুহৰ মাজত ইংৰাজী ভাষাৰ শিক্ষা হৈছিল যদিও তেওঁলোকৰ উক্ত ইংৰাজী শিক্ষা কেৱল ধৰ্মৰ বাবেহে আছিল; কম-বেছি পৰিমাণে জীৱন-ধাৰণৰ বিষয়ে ৷ কিন্তু অসমীয়া ভাষিক শ্ৰেণীৰ দৰে সমাজ, ভাষা, সাংস্কৃতি, জীৱন-বোধ, ভৱিষ্যত দৰ্শন ইত্যাদিৰ বিষয়ে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ ৰৈছিল ৷ কবলৈ গ'লে ভাষিক অসমীয়া শ্ৰেণীটোৰ একাংশই ইংৰাজৰ পৰা উচ্চ শিক্ষা লৈ নিজৰ শ্ৰেণীটোক ভাষাৰ তৰ্জমাৰে পশ্চিমীয়া শিক্ষাৰ সোৱাদ দি চতুৰ কৰি তুলিচিল ৷ এই কাম বুধিয়ক এটা শ্ৰেণীৰ ভিতৰত আছিল; জনজাতীয় মানুহৰ মাজত নাছিল ৷

অৰ্থনৈতিক অনগ্ৰহৰ, শিক্ষাৰ অভাৱৰ উপৰিও জীৱন-ধাৰণৰ এক সুকীয়া পৰিচয় থকা আদিম জনজাতীয় মানুহখিনিক ন শিক্ষিত ভাষিক অসমীয়াই বৃটিছৰ দিনতে বৰ্বৰ দৃষ্টিৰে চাইছিল ৷ লাহেকৈ শিক্ষিত ভাষিক অসমীয়া শ্ৰেণীটোৰ বাবে জনজাতিসকল অপৃশ্য, বৰ্বৰ, জংঘলী, সমাজ বৰ্হিভূত শ্ৰেণী আছিল ৷ জনজাতীয় মানুহৰ প্ৰতি ভাষিক শ্ৰেণীটোৰ বাবে কোনো অনুকম্পা নতুবা কৌতুহল নাছিল; নাছিল তেওঁলোকৰ জীৱন-প্ৰণালীৰ প্ৰতি ৷ শিক্ষাৰ পোহৰ নপৰা জনজাতি সকলক শিক্ষাৰ পোহৰলৈ অনাৰ কথাটো তেওঁলোকৰ কল্পনাৰ আগোচৰ আছিল ৷ জনজাতিক শিক্ষিত কৰাটো এক প্ৰকাৰ তেওঁলোকে নৰক যাত্ৰা ভাৱিছিল ৷

"এপাচী শাকত এটা জালুক" এই ডাকৰ বচন বা অসমীয়া জতুৱা ঠাঁচ সমূহ নিতান্তই চাব লগা ৷ অসমত জনজাতিসকলৰ বিষয়ে অধ্যয়ন কৰা ভাষিক অসমীয়া লেখক হিচাপ কৰিলে পাঁচটা আঙুলিৰ পাব কেইটাও বাকী থাকি যাব ৷ অসমীয়া ভাষাত জনজাতিৰ পৰম্পৰা, সাহিত্য-সংস্কৃতি, সমাজ-জীৱন, অৰ্থ সামাজিক সমস্যাবোৰ গম্ভীৰ ভাৱে আলোচনা কৰা কিতাপ-পত্ৰ দুই এখ হে পোৱা যায় ৷ যি দুই এখন কিতাপ পোৱা যায় যদিও সেই সমূহতো লিখক গৰাকীয়ে জনাজাতিৰ ঐতিহাসিক সমল বা ঐতিহাসিক জীৱনচক্ৰৰ পটভুমি বিচাৰ কৰিব যাওতে সন্দেহজনক বিচাৰ বা ভুল তথ্যৰ দাবী কৰা দেখা যায় ৷ অৰ্থাৎ তেওঁলোকৰ গৱেষণাই এক নিদিষ্ট সিধান্ত লোৱাৰ পৰা বিৰত থাকে ৷ যাৰ বাবে সেই একেটা জনজাতিৰ বিষয়ে কৰা আন এজন গৱেষণাকাৰী ভাষিক অসমীয়া লেখকৰ লগত তথ্যৰ অনেক বিভেদ বা মতভেদ থাকে ৷ ইয়াৰ পৰা এটাই বুজিব লাগিব যে এতিয়াও ভাষিক অসমীয়া লেখকৰ জনজাতিৰ প্ৰতি তিলমানো গুৰুত্ব নাই ৷ যাৰ বাবে জনজাতি সমূহক তেওঁলোকৰ ইচ্ছামতে ক'ৰবাত অসুৰ সজাইছে, আন ক'ৰবাত দানব সজাইছে ৷

যি সময়ত ভাষিক অসমীয়াই ন-শিকাৰু, ন-শিক্ষিত হৈছিল তেতিয়াই অসমৰ জনজাতিসকলক কেৱল সামাজিক ভাৱেই পিছপৰা বুলি অপৃশ্য কৰা হোৱা নাছিল; বৰঞ্চ তেওঁলোকে বৌদ্ধিকভাৱেও এই কাম হাতত লৈছিল ৷ আৰু এই কাম স্বয়ং এখিনি শিক্ষিত ভাষিক অসমীয়াই নিজেই নেতৃত্ব দিছিল ৷ জনজাতীয় সমাজত যাবলৈ বাৰণ কৰা, তেওঁলোকৰ মাজলৈ জনজাতিক আহিবলৈ, লগত খাবলৈ নিদিয়া অনেক ইত্যাদি ভাষিক অসমীয়াই কাগজে-পত্ৰই প্ৰচাৰ কৰিছিল ৷ যাব বাবে আজিও জনজাতি মানুহৰ লগত ভাষিক অসমীয়া মানুহৰ ব্যৱধান মানিব লগীয়া; একেখন অসমতে শিক্ষা-দিক্ষা, ব্যৱসায়-বাণিজ্য, কল-সংস্কৃতি, ৰাজনৈতিক অৰ্থ-সামাজিক সমস্যাৰ বিষয়সমূহৰ ক্ষেত্ৰত ভাষিক অসমীয়া শ্ৰেণীৰ লগত জনজাতীয় সকলৰ আকাশ পাতাল পাৰ্থক্য ৷

আঁচৰিত হ'ব লগা বিষয় যে অসমত ভাষিক অসমীয়াৰ দৰে এটা শিক্ষিত শ্ৰেণী থকাৰ পাছতো জনজাতিসকল "পিছপৰা"(backward) শাৰীত থাকিব লগা হৈছে ৷ তেওঁলোকে এই "পিছপৰা" ক্ষেত্ৰৰ পৰা জনজাতিক ৰাজনৈতিকভাৱে আজিও উদ্ধাৰ কৰিবলৈ অন্তকৰণৰে সদিচ্ছা প্ৰকাশ কৰা নাই ৷ অথচ অসমৰ জনজাতিসকলে শিক্ষাৰ অধিকাৰ, এখন কিতাপ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিব লগা হৈছে ৷ ভাৱিব গ'লে এই বিষয়টো কিমান সংবেদনশীল, সেইটো এবাৰ নিজেই এবাৰ চিন্তা কৰক ৷ যি ভাষিক শ্ৰেণীয়ে ক্ষমতাৰ উচ্চ অসনত বহি জনজাতিৰ সম-অধিকাৰৰ কথা ক'য় তেওঁলোকেই জনজাতিসকলৰ অধিকাৰখিনি বছৰ বছৰ ধৰি বঞ্চিত, কুক্ষিগত কৰি ৰাখিছে ৷

সাহিত্যই হওক, ৰাজনৈতিকভাৱেই হওক অসমৰ জনজাতিসকলক ভাষিক অসমীয়াই মৰ্য্যদা দিব পাৰিছে নে? জীয়াই থকাৰ মৌলিক অধিকাৰ কণ স-সন্মানৰে দিব পাৰিছেনে? ভাষিক অসমীয়াই এই ক্ষেত্ৰত কেতিয়াও কোনো দিনে এই কথা স্বীকাৰ নকৰে যে আমি জনজাতিসকলক অধিকাৰ দিয়াত বিফল বা পক্ষপাতিত্ব লৈছো ৷ জনজাতিসকল শিক্ষিত হোৱা মানেই তেওঁলোকে এক অনাকাংক্ষিত ভয় ৷ এই ভয় হ'ল তেওঁলোকৰ প্ৰভুত্ববাদৰ অৱসানৰ ভয়; শোষণকাৰী চৰিত্ৰৰ অৱসানৰ ভয় ৷ সেয়ে আজি দেশত এখন নিৰপেক্ষ সংবিধান, শক্তিশালী ন্যায় আৰু আইন ব্যৱস্থা থকাৰ পাছতো তেওঁলোকে সংবিধানক অৱমাননা, আইন আৰু ন্যায়ক অষ্ঠাংগু প্ৰদৰ্শন কৰি অসমৰ জনজাতিসকলক "পিছপৰা"(backward) স্থানতে বহুৱাই ৰাখিবলৈ চেষ্টাৰ ত্ৰুতি এৰা নাই ৷

ভাষিক অসমীয়া হিচাপে এই অসম ভুমিত বসবাস কৰা জনজাতীয় ভাষা সমূহৰ উদ্ধাৰ আৰু উত্থানক আগভেটা দি সময়ে সময়ে জনজাতীয় স্বকীয় মাতৃভাষাসমূহৰ পৰিৱৰ্তে অসমীয়া ভাষা জনজাতি ভাষাৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বলপূৰ্বক জাপি দিয়াটো এটা গভীৰ ষড়যন্ত্ৰ ৷ ক'বলৈ বাকী থকা নাই যে, এই ষড়যন্ত্ৰ ভাষিক অসমীয়া শ্ৰেণীৰ বৌদ্ধিক মহলে নেতৃত্ব লোৱা নাই বুলি ৷ নেতৃত্ব অৱশ্যেই লৈছে ৷ তেওঁলোকে নেতৃত্ব লোৱা বাবেই ক্ষমতাত থকা তেওঁলোকৰে একাংশই ভাৰতীয় সংবিধানত থকা ৪৬ নং অনুচ্ছেদ, ৩৫০(খ) আৰু ২৭৫ নং অনুচ্ছেদক আজিও!! মুকলিকৈ কাৰ্যকৰী কৰিবলৈ সদিচ্ছা কৰা নাই ৷ যাৰ ফলত অসমৰ জনজাতিয়ে আজিৰ দিনত শিক্ষাৰ বাবে সংঘৰ্ষ কৰিব লগা হৈছে ৷ ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদে সমাজৰ দুৰ্বল শ্ৰেণী বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতিসকলৰ শিক্ষা আৰু অৰ্থনীতিৰ উন্নয়নৰ বিশেষ যত্ন লোৱা আৰু সামাজিক আন্যায় আৰু সকলো শোষণৰ পৰা ৰক্ষা কৰা কথা উল্লেখ কৰিছে ৷ তদুপৰি সংবিধানৰ ৩২০, ৩৩২, ৩৩৪, ৩৩৫ আৰু ৩৩৮ অনুচ্ছেদত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে লোকসভা, বিধানসভা আৰু চৰকাৰী চাকৰীৰ আসন সংৰক্ষণৰ ব্যৱস্হা কৰা হৈছে ৷ ৩৫০(খ) অনুচ্ছেদে ভাষিক সংখ্যাসঘু জনগোষ্ঠীৰ ভাষা উন্নয়ন আৰু সুৰক্ষা, ২৭৫ নং অনুচ্ছেদ অনুযায়ী অৰ্থ মঞ্জুৰীৰ ব্যৱস্হাও আছে ৷

ৰাজনৈতিভাৱেই হওক, কলা-সংস্কৃতি, ধৰ্ম, অৰ্থ-সামাজিক ভাৱেই হওক ভাষিক অসমীয়াৰ হতত ভুমিপুত্ৰ জনজাতিসমূহৰ পৰিচয়, জীৱন আৰু ভৱিষ্যত কোনোটোৱেই সুৰক্ষিত নহ'য় ৷ যদি কোনো জনজাতিয়ে নিজৰ জাতিক ভাষিক অসমীয়াৰ পদলেহনকাৰীৰে আগুৱাই নিব খুজে তেন্তে সেয়া জনজাতীৰ একক স্বকীয়তাক মাৰাত্মক আত্মঘাতিৰ মুখলৈ ঠেলি দিয়াৰ বাহিৰে আন একো নহ'য় ৷ এই কথাৰ সত্যতা বিচাৰ কৰিবলৈ ইতিহাসলৈ ঘুৰি নাচালেও হ'য় ৷ ক্ষমতান্যস্ত ভাষিক অসমীয়া শ্ৰেণীৰ কালিৰ আৰু আজিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু শিক্ষা-দীক্ষাবোৰৰ ক্ষেত্ৰত লৈ থকা

তেওঁলোকৰ সীদ্ধান্তবোৰেই যথেষ্ট ৷ তেওঁলোকৰ ক্ষমতাশালী সীদ্ধান্তোৰে অসমত থকা মাত্ৰ ১২ শতাংশ জনজাতিৰ উন্নয়ন আৰু ভৱিষ্যত কিমান সুৰক্ষিত হৈছে, কৰিছে সেয়া জলজল পটপতকৈ ওলায় আছে ৷