ঘানা বিশ্বঃবিদ্যালয়ৰ পৰা আঁতৰিল গান্ধী প্ৰতিমূৰ্তি

বৰ্ণবাদী মহাত্মা গান্ধীঃ  প্ৰতিবাদ আফ্ৰিকাৰ বৌদ্ধিক মহলৰ

 A statue of Indian independence leader Mahatma Gandhi in Accra, Ghana. The statue at the university was removed in the middle of the night leaving a bare plinth.


আফ্ৰিকা মহাদেশত যোৱা চৈধ্য ডিচেম্বৰ ২০১৮ তাৰিখে আক্ৰাস্থিত ঘানা বিশ্বঃবিদ্যালয়ত ২০১৬ চনত স্থাপিত ভাৰতৰ গান্ধীৰ প্ৰতিমূৰ্তিটো বহু বিতৰ্কৰ অন্তত বিশ্বঃবিদ্যালয় চৌহদৰ পৰা আঁতৰাই দিয়া হ'য় ৷ উল্লেখ্য যে, তদান্তৰীন ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০১৬ চনত ঘানা বিশ্বঃবিদ্যালয়ৰ চৌহদত দুয়ো দেশৰ মৈত্ৰি স্থাপনৰ হেতু হিচাপে গান্ধীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছিল ৷

আফ্ৰিকাৰ বিশ্বঃবিদ্যালয়খনত ঘানা প্ৰশাসনে গান্ধী প্ৰতিমূৰ্তি স্থাপন কৰিব লোৱাৰ পৰাই ছাত্ৰ আৰু শিক্ষকসকলৰ প্ৰৱল বিৰোধৰ সন্মুখীন হ'ব লগা হৈছিল ৷ গান্ধী মূৰ্তি স্থাপন লৈ হোৱা বিবাদত বিশ্বঃবিদ্যালয়ৰ শিক্ষক সমাজে এক লিখিত আবেদনৰ দ্বাৰা তেওঁলোকৰ লগত প্ৰশাসনে কোনো ধৰণৰ আলোচনা, বিচাৰ নকৰাৰকৈয় ভাৰতবৰ্ষৰ বৰ্ণবাদী নেতাজনৰ প্ৰতিমা বিশ্বঃবিদ্যালয়ৰ চৌহদত স্থাপনৰ ক্ষোভ প্ৰকাশ কৰে ৷ বিশ্বঃবিদ্যালয়খনৰ শিক্ষক সমাজৰ অভিযোগ আছিল যে, কৃষ্ণকায় আফ্ৰিকীয় লোকৰ প্ৰতি গান্ধীৰ মনেভাৱ ঠিক নাছিল ৷ 

গান্ধীৰ বিৰুদ্ধে আফ্ৰিকা মহাদেশত প্ৰতিবাদী আন্দোলন হৈ থকাটো ভাৰতীয়ৰ কাৰণে স্বাভাৱিক যদিও মহাদেশখনৰ মুলনিৱাসী কৃষ্ণকায় লোকসকলৰ কাৰণে "গান্ধী বিৰুদ্ধ" এক সন্মানীয় বিষয় ৷ ঘানা বিশ্বঃবিদ্যালয়ৰ চৌহদত ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা গান্ধী মূৰ্তি উদঘাটন কৰা দিনৰ পৰাই দেশখনৰ শিক্ষক, ছাত্ৰ, বুদ্ধিজীৱি সমাজে বিশ্বঃবিদ্যালয়খনৰ চৌহদৰ পৰা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই নিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় ৷ সমান্তৰালকৈ আফ্ৰিকাবাসীয়ে গান্ধীৰ প্ৰতিমূৰ্তি মাহাদেশখনৰ বিভিন্ন অনুষ্ঠান-প্ৰিতিষ্ঠান আৰু ৰাজহুৱা স্থানৰ পৰা আঁতৰাবলৈ অভিযানত নামি পৰাটো এক সন্মানীয় হৈ পৰিছে ৷

আফ্ৰিকীয় বিশ্বঃবিদ্যালয়খনৰ ছাত্ৰ, শিক্ষক আৰু দেশৰ বুদ্ধিজীৱি সমাজে একলগ হৈ মিষ্টাৰ গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু দেশখনৰ বিভিন্ন স্থানৰ পৰা গান্ধীৰ প্ৰতিমা সম্পূৰ্ণ আঁতৰাই দিবলৈ বিচৰাৰ কাৰণ কি? কিয় কৃষ্ণকায় আফ্ৰিকীয় জনতাই গান্ধীৰ বিৰুদ্ধে একত্ৰিত? 

১৮৯৩ চনত গান্ধীয়ে "নেটল পাৰ্লিয়ামেন্ট"লৈ লিখা চিঠিত লিখিছিল যে, "General belief seems to prevail in the Colony that the Indians are a little better, if at all, than savages or the Natives of Africa", অৰ্থাৎ গান্ধীয় আফ্ৰিকীয় কৃষ্ণকায় মুলনিবাসী সকলৰ তুলনাত ভাৰতীয় সকল বহু পৰিমানে শ্ৰেষ্ঠ আছিল বুলি মানি লৈছিল ৷

১৯০৪ চনত গান্ধীয়ে জোহাঞ্চবাৰ্গৰ স্বাস্থ্য বিষয়াক লিখা পত্ৰত উল্লেখ কৰিছিল যে, "The council "must withdraw Kaffirs" from an unsanitary slum called the "Coolie Location" where a large number of Africans lived alongside Indians. "About the mixing of the Kaffirs with the Indians, I must confess I feel most strongly." অৰ্থাৎ আফ্ৰিকীয় কৃষ্ণকায় লোকসকলক গান্ধীয়ে অপমানজনক শব্দ প্ৰয়োগ কৰি "কাফিৰ"ৰে তুলনা কৰে ৷ গান্ধীৰ এই বৰ্ণবাদী বিচাৰধাৰা আফ্ৰিকা আৰু ভাৰতবাসীৰ কাৰণে ঘোৰ অপমান আছিল ৷ "ভাৰতীয় আৰু আফ্ৰিকীয় লোকক নীচ গণ্যৰে খুদ নিজকে আৰ্য্য বংশৰ দেখুৱাই নিজৰ স্থিতি সুৰক্ষিত আৰু শ্ৰেষ্ঠ বুলি গান্ধীয়ে মানি লৈছিল ৷ গান্ধীৰ এনে বিচাৰৰ পাছতো "জাতিৰ পিতা" আখ্যা পোৱাটো বিচাৰ্য বিষয় ৷

বাবা চাহাব আম্বেদকাৰৰ বিৰুদ্ধে ভাৰতীয় সংবাদৰ মধ্যমৰ নিকৃষ্ট সমালোচনা-বিলোচনা, চৰিত্ৰহননৰ মিছা সংবাদ পৰিৱেশনৰ পাছতো গান্ধীৰ ধূৰ্ত চৰিত্ৰৰ বিৰুদ্ধে সদা প্ৰতিবাদী আছিল ৷ এই কথা আজি সৰ্বজনবিদিত যে, বাবা চাহেব আম্বেদকাৰ দেৱৰ জাতিভেদ, বৰ্ণভেদ বিৰুধী আন্দোলন সমগ্ৰ বিশ্বই বুজিবলৈ সক্ষম হৈছে ৷ সেয়েহে  ঘানা বিশ্বঃবিদ্যালয়ৰ চৌহদৰ পৰা গান্ধী মূৰ্তি আঁতৰ কৰাৰ পাছতে "The head of language, literature and drama at the Institute of African Studies'ৰ মুখ্য বিষয়া(HOD) Obadele Kambon দেৱে কৈ উঠিল, “If we show that we have no respect for ourselves and look down on our own heroes and praise others who had no respect for us, then there is an issue",

“If we indeed don’t show any self-respect for our heroes, how can the world respect us? This is victory for black dignity and self-respect. The campaign has paid off."

এটা কথা স্পষ্ট যে, গান্ধীয়ে ভাৰত বৃটিছ মুক্ত হোৱাটো বিচাৰিছিল ৷ তেওঁ অহিংসাৰ পূজাৰী আছিল সঁচা কিন্তু ভাৰতত হোৱা জাতিভেদ, বৰ্ণবৈষম্যৰ দৰে কৰ্কট ৰোগৰ বিৰুদ্ধে গান্ধীয়ে আন্দোলন, প্ৰতিবাদ কৰা নাছিল ৷ সেয়ে, তেওঁ দেশৰ বৰ্ণবাদী ভাৱধাৰ লোকৰ পৰিচয়ত নীচ-হীন জাতি- বৰ্ণত থকা মানুহখিনিক লৈ ৰাজনৈতিক সামাজিক স্থান আৰু সামাজিক পৰিচয় দিবলৈ "হৰিজন" নামৰ সংস্থাটো আৰম্ভ কৰিছিল ৷

ঘটনাৰ সত্যসত্যা ☞ দ্যা গাৰ্ডীয়ান