অসমীয়াই মৰণৰ কাৰণে মৰিশালী বিচৰা উচিত !

বৰ্ণবাদীয়ে নেতৃত্ব দিয়া অসম আৰু অসমীয়াত্বঃ

বৰ্ণবাদী শ্ৰেণীৰ পৰা অসমীয়াই নিজক ৰক্ষা কৰিব পাৰিব নে?


হিতেশ্বৰ শইকীয়াৰ পাছতে অসমত দীঘলীয়া শাসন চলোৱা ৰাজনৈতিক নেতা আছিল তৰুণ গগৈ ৷ ৰাজনীতিত তেওঁ আছিল একপ্ৰকাৰ দুৰ্ণাচাৰ্য্য ৷ দেশত ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাসনে দেশব্যাপী প্ৰৱল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হোৱাত অসমতো পোন্ধৰবছৰীয়া তৰুণ গগৈ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰ ৰাইজৰ পৰা এঘৰীয়া হ'ল ৷ এয়া আছিল স্বাভাৱিক ৷ পোন্ধৰ বছৰীয়া তৰুণ গগৈৰ চৰকাৰৰ অপশাসনৰ বিকল্প হিচাপে অসমৰ ৰাইজে ২০১৬ ত পৰিৱৰ্তন বিচাৰিলে ৷ ইয়াৰ সুযোগ সংঘ পৰিবাৰে ললে ৷ অসমত জাতীয় নায়কৰ পৰিচয়ৰে দিশপুৰলৈ সৰ্বানন্দ সোণোৱালে বৰ্ণবাদী জাত্যভিমানী অসমীয়াক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিল ৷ এইখিনিলৈকে অসমীয়া ৰাইজে ঘুনাক্ষণেও সংঘ পৰিবাৰৰ মুখ তথা স্বাৰ্থসিদ্ধিৰ কথা জনা নাছিল ৷

উজনীৰ বহু সৰু-বৰ জাতীয়তাবাদী শিৱিৰে একালৰ আছুৰ নেতৃত্বকাৰী "জাতীয় নায়ক" অভিধা পোৱা সৰ্বানন্দ সোণোৱালক এজন দৃহ তথা অশ্বস্ত অসমীয়া বুলি বিশ্বাস কৰিছিল ৷ ৮০ৰ পৰা পূৰ্ণকৈ "বাংলাদেশী ভূত" দেখা অসমীয়াক বিশেষকৈ জাতীয়তাবাদী শিৱিৰক ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰাকমহূৰ্তত অবৈধ বিদেশী বাংলাদেশী নাগৰিকক খেদাৰ প্ৰতিশ্ৰুতি দিলে ৷ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিয়ে বাংলাদেশী নাগৰিকক খেদাৰ সলনি ওলটাই বাংলাদেশৰ পৰা আনিব বিচাৰিলে হিন্দু ধৰ্মীয় বাংলাদেশী ৷ সংঘ পৰিবাৰৰ এই এজেণ্ডা কিন্তু জাতীয়তাবাদী শিৱিৰ বাদেই অন্য সাধাৰণ জনতায়েও একো ভুটোকে নাপালে ৷

সংঘ পৰিবাৰৰ বিজেপিয়ে ধৰ্মক লৈ বাংলাদেশৰ পৰা আনিব বিচৰা হিন্দু বাংলাদেশীৰ অংশটোয়েই হ'ল  বাংলাভাষীক শ্ৰেণী ৷ এনেও অসমত বাংলাভাষীৰ সংখ্যা অসমীয়াভাষীৰ সমপৰ্যায়ৰ ৷ গতিকে, "নাগৰিকত্ব সংশোধনী আইন-১৬"ৰ জৰিয়তে বিজেপিৰ সৰ্বানন্দ চৰকাৰে অসমলৈ পাইকাৰী হাৰত বাংলাভাষী হিন্দুু আনে তেন্তে নিজ ঘৰতে অসমীয়াভাষী সকল সংখ্যা লঘু হৈ পৰিব ৷ ভাৰত চৰকাৰৰ "নাগৰিত্ব সংশোধনী বিধেয়ক- ১৬" বিলখন যদি আইনলৈ ৰূপান্তৰিত হ'য় তেন্তে অসমত বাংলা নিজমৰ কব্জা হ'বই ৷ তান কোনো দ্বিমত নাই ৷

দ্বিতীয়, অসমত জনজাতিসকল প্ৰায় অসমীয়া পৰিচয়ৰ পৰা আঁতৰি অহিছে ৷ অসমীয়া পৰিচয়ত ভুমিপুত্ৰ জনজাতিৰ একক স্বকীয়তা অস্তিত্বহীন ৷ অসমীয়াৰ লগত তেওঁলোক জিন যাব নোৱাৰে ৷ জিন গলেই আত্মজাহ হ'ব ৷ অসমীয়া ভাষাৰ বিকল্প হিচাপে জনজাতীয়লোকৰ নিজা ভাষা তথা নিজা পৰম্পৰাগত স্বৰ্ণীল বৈশিষ্ট্য আছে ৷ এই বৈশিষ্ট্য অসমীয়া সমাজ আৰু সংস্কৃতিৰ লগত কেতিয়াও নিমিলে ৷

নিজৰ পৰিচয়ক লৈ আজিৰ জনজাতিসকল যথেষ্ট সচেতন ৷ ভাষিক অসমীয়াৰ অধিপত্যবাদী আৰু জাত্যভিমানৰ হেঁচাত ভুমিপুত্ৰ জনজাতিৰ পৰিচয়ক কোনো স্বাভিমানী জনজাতিয়ে ত্যাগ কৰিবলৈ বা ডুব যাবলৈ দিব নিদিয়ে ৷ কবলৈ গলে গোপীনাথ বৰদলৈৰ দিনৰ পৰাই অসমৰ ভুমিপুত্ৰ জনজাতিসকলে এক সুকীয়া পৰিচয়ত নিজৰ অস্তিত্ব জাহিৰ কৰা চেতনা প্ৰৱল হ'য় ৷ ইয়াৰ কাৰণ আছিল ভুমিপুত্ৰ জনজাতিক জাত্যভিমানী অসমীয়াই ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিকভাৱে পৃথক দৃষ্টিৰে চোৱা আৰু অৱজ্ঞা কৰা ৷ ফলস্বৰুপে অসমীয়াৰ লগত জনজাতিৰ সম্বন্ধৰ সংঘাত আহে ৷ জনজাতিয়ে অসমীয়াৰ লগত থকিলে বহু কিবা হেৰুৱাৰ সম্ভাৱনা আছে ৷

অসমৰ বৰাক উপত্যাকাক কোনো অসমীয়াই দৃঢ়তাৰে অসমৰ বুলি সাৱতি ল'ব নোৱাৰে ৷ ইয়াত ভৱিষ্যত ৰাজনীতিত ভাষা আৰু সাস্কৃতিক বিভেদ বিদ্যামান ৷ ভৌগলিকভাৱেও অসমীয়াত্বৰ পৰা বৰাক উপত্যকাৰ বহু নিলগত ৷ বৰাক উপত্যকাবাসীৰ ৰাজনৈতিক চেতনা আৰু ভাষিক চেতনা একক ৷ তেওঁলেকৰ কাৰণে ধৰ্ম গৌণ ৷ কি হিন্দু, কি মুছলমান, কি বৌদ্ধ, কি খৃষ্টীয়ান সকলোয়ে কেৱল জাতীয় বাংলাভাষাৰ বন্ধনৰে বন্ধা ৷ তদুপৰি বৃহৎ উপত্যাকাটোৰ ৰাজনৈতিক চেতনা অতি কৌশলপূৰ্ণ ৷ বৰাকৰ স্বাৰ্থত তেওঁলোকে কোনো দিন ধৰ্মক আগস্থান দিয়া দেখা নাযায় ৷ সি লাগিলে মুছলমানেই হওঁক কিম্বা বঙালী হিন্দুয়েই হওঁক ৷ অসমীয়াৰ ৮৩ৰ ভাষা আন্দোলন আৰু ৮৫ৰ বিদেশী খেদা উগ্ৰ আন্দোলনত অসমত বসবাস কৰা সকলো ধৰ্মীয় বাংলা ভাষী শ্ৰেণীয়ে ঘোৰ অপমান আৰু আঘাত পাই থৈছে ৷ গতিকে অসমীয়াৰ ইয়াতো এক বৃহৎ ঋণাত্মক দিশ ৷

অসমত অনাদি কালৰ পৰা বসবাস কৰা মুছলমানৰ ক্ষেত্ৰটো অসমীয়াৰ স্থিতি অতি সন্দেহজনক ৷ অসমৰ মিঞা সকলৰ ধৰ্মীয় চেতনা আৰু বেশ-ভুখাক লৈ অসমীয়া সংকৃত ৷ মনে স্বীকাৰ কৰিলেও অন্তৰকৰণে অসমীয়াই মিঞা জনগোষ্ঠিক আকোৱালি লোৱাৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আছে ৷ কাৰণ অসমীয়াক পৰিচালিত কৰা অংশটোয়েই হৈছে বৰ্ণবাদী জাত্যভিমানী গোড়া হিন্দু ধৰ্মৰে দিক্ষিত ৷ তেনে ক্ষেত্ৰত ইছলাম আৰু হিন্দুয়ে একে কাহীত ভাত খোৱাটো কল্পনাতিত ৷ ভাষিক বৰ্ণবাদী উচ্চ শ্ৰেণীয়ে কেতিয়াও নিবিচাৰে যে সাধাৰণ অসমীয়া আৰু মুছলমানে মিলি বৰ্ণবাদী শ্ৰেণীটোক শাসন কৰক ৷

ৰাজনৈতিক পথাৰখনত অসমীয়া বহুধাবিভক্ত ৷ চেতনাৰ ফালৰ পৰাও ৷ যিহেতু মুলভুত অসমীয়াক পৰিচালিত কৰা অংশটো হ'ল হিন্দু গোড়া ধৰ্মৰে দীক্ষিত ৷ তেনে ক্ষেত্ৰত অসমত অগপ-বিজেপিৰ শাসনত ধৰ্মীয় আৰু ভাষাক লৈ চেতনা জাতীয় ৰাজনীতিত বিভক্ত হ'ব অসমীয়া ৷ ইতিমধ্যে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰৰ আমোলত এই কাম চলি আছে ৷ কংগ্ৰেছ আহিলে পূৰ্বৰ দৰেই আকৌ অসমত সাম্প্ৰদায়িক ৰাজনীতি মূৰ দাঙি উঠিব ৷ এক অবিশ্বাসৰ বাতাবৰণ এই দুয়োটা দলেই সৃষ্টি কৰি আহিছে ৷ গতিকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কোনখিনিত? অসমীয়াই কাক লৈ জাতি গঠন কৰিব বিচাৰিছে? অসমীয়া জাতিৰ সংজ্ঞা কি ইত্যাদি এনেক প্ৰশ্ন আছে আৰু থাকিব ৷

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক মজবুট বা উদ্ধাৰৰ চেষ্ট অৱ্যাহত ৰখা শ্ৰেণীটো আকৌ আদৰ্শগত ভাৱে আকাশ পাতাল ৷ এই শ্ৰেণীটা নিজৰ অস্তিত্বত অটল ৷ ইয়াৰ অন্তৰালত আহোম ৰাজ শাসনৰ সময়ছোৱাৰ "বদন"ৰ চৰিত্ৰ থকা এক বৃহৎ চক্ৰ অৰ্হনিৰ্শে অসমীয়াৰ বুকু, কলিজা খাই আছে ৷ মুলভুত বা থলগিৰি অসমীয়াৰ বিৰুদ্ধে বদন হোৱা অংশটোয়েই হ'ল বৰ্ণবাদী জাত্যভিমানী অংশটো ৷ 

আশী দশকত আগ্নেয়গিৰী হৈ "অসমীয়া পৰিচয় আৰু সুৰক্ষা"ৰ আন্দোলন কোনো মংগোলীয় গোটৰ জাতি-জনগোষ্ঠীয়ে নেতৃত্ব দিয়া নাছিল ৷ এই সাঁঠৰ আজিও বহ'ল, গভীৰ হৈ গৈ আছে ৷ "অসমীয়া পৰিচয়ৰ সংকট নিশ্চিত", "অসমীয়াই ঘৰতে ভগনীয়া হ'ব" ইত্যাদি ইত্যাদি শ্ল'গানবোৰ ষড়যন্ত্ৰে নিৰ্মিত কাৰা হৈছিল ৷ ষড়যন্ত্ৰৰ ফলতে আসমৰ ভাষীক শ্ৰেণীৰ ওপৰত "অসমীয়াৰ অস্তিত্ব"ক "ভয়"লৈ ৰূপান্তৰ কৰা হ'ল ৷ আৰু আজিও এই ভয়ে খেদি ফুৰিছে ভাষিক অসমীয়াক ৷

অসমীয়াই উদ্ধাৰৰ প্ৰচেষ্টা অৱ্যাহত ৰাখিলেও অসমীয়াৰ নেতৃত্ব বহনকাৰী বৰ্ণবাদী শ্ৰেণীটোয়ে অসমীয়াক ঘূণাক্ষুৰেও উদ্ধাৰ হ'ব নিদিয়ে ৷ এই শ্ৰেণীটোয়েই অসমত ভাষিক অসমীয়াই কি কৰিব-নকৰিব, অসমীয়াৰ ভৱিষ্যত কি হ'ব তাক ৰাজনৈতিক ক্ষমতাৰে নিৰ্ধাৰণ আৰু নিৰ্ণয় কৰে ৷ অসমত বৰ্ণবাদী শ্ৰেণীটোয়ে "অসমীয়া" শব্দৰ যাদুৰে ইমান দৈ কৈ ভাষিক অসমীয়াৰ মনোজগতত শিপাই আছে যে বৰ্ণবাদী শ্ৰেণী কেন্দ্ৰিক নহ'লে ভাষিক অসমীয়াই ক'তোযে আগুৱাই যাব নোৱাৰে ৷ অৰ্থাৎ বৰ্ণবাদী শ্ৰেণীটোৰ হাতত ভাষিক অসমীয়া ৰাজনৈতিক, অৰ্থনৈতিক ভাৱে গোলাম যদিও তাটোতকৈ ডাঙৰ কথাটো হ'ল ভাষিক অসমীয়াই বৰ্ণবাদী শ্ৰেণীটোৰ মানসিক গোলাম ৷ 

অসমৰ ৰাজনীতিৰ পথাৰখনত, শিক্ষা-সাংস্কৃতিক ক্ষেত্ৰখনত, অৰ্থনৈতিক ক্ষেত্ৰখনত থলগিৰি অসমীয়াতকৈ বৰ্ণবাদী শ্ৰেণীটো কটকতীয়া আৰু নিৰাপত্তাৰে আগুৰা ৷ কবলৈ গ'লে শংকৰদেৱৰ ভক্তি আন্দোলনৰ পৰাই অসমীয়াই মৃত্যুৰ মুখলৈ ধাৱিত হ'য় ৷ শংকৰদেৱৰ ভক্তি আন্দোলনে থলগিৰি অসমীয়া ৰাজনৈতিক সমীকৰণৰ দিশ যথেষ্ট সলনি কৰি থৈ গ'ল ৷ যাৰ ফলত থলগিৰি অসমীয়াই নিজকে উচ্চবৰ্ণৰ পৰিচিয়ত জাহ গৈ আজিৰ স্থিতিত সুকীয়া সুকীয়া ৰাজনৈতিক পৰিচয় আৰু অধিকাৰ আদায় কৰিবলৈ আন্দোলন কৰিব লগা হৈছে ৷

অসমত নাগৰিক আইন প্ৰৱৰ্তন জাপি দিব বিচৰা সকল; "হিন্দুত্ব"ৰ পৰিচয় বিচৰা সকল কোনো মংগোলীয় চানেকীৰ থলগিৰি ভাষিক অসমীয়াই চিঞৰি চিঞৰি বিচাৰিছে নেকি ? নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম, ভুমি নীতি আৰু জৰীপ আজিও অসমে কৰিব পৰা নাই ৷ অসম চুক্তি আধাতে ওলমি ৰ'ল ৷ প্ৰাকৃতিক সম্পদ, খনিজ সম্পদৰ ওপৰত দালাল কৰি জীৱিকা অৰ্জন কোনো থলগিৰি অসমীয়াই নিজক বিক্ৰী কৰি সাহসৰে কৰিব পাৰিব নে? বৰ্ণধাৰীৰ বাহিৰে তেন্তে কোনে কৰি আছে?

অসমত অসমীয়াক শাসন কৰিবলৈ ৰাজনৈতিক ভাৱে কোনোয়ে ক্ষমতা লাভ কৰে যদিও শেষ নিৰ্ণয় লবলৈ ক্ষমতা নাথাকে ৷ কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে নগন্য সংখ্যক বৰ্ণধাৰীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল পৰিচালি কৰি আহিছে ৷ আঞ্চলিক ৰাজনীতিও বৰ্ণধাৰীৰ হাতত ৷ দেশৰ ৰাজনৈতিক ক্ষমতাৰ হৰণ-অপহৰণ, স্থানচ্যুত-ক্ষমতাচ্যুত কৰাৰ অনেক ক্ষমতা বৰ্ণধাৰীৰ হাততে ন্যস্ত ৷ তেনে ক্ষেত্ৰত অসমীয়াই ৰাষ্ট্ৰীয় দলীয় ৰাজনীতিত থাকি কেনে জাতীয় মুক্তি আদায় আৰু অভিধা পূৰণ কৰিব?

1 comment:

Thank you.