ব্ৰাহ্মণবাদৰ "দৰিদ্ৰতা-অনাহাৰী" ষড়যন্ত্ৰত ধ্বংস মুলনিৱাসী ভাৰতীয়ঃ



২০১৪ চনৰ " গ্ল'ৱেল হাংগাৰ ইণ্ডক্স"ৰ তালিকা অনুসৰি ভাৰত স্থান ৫৫তম আছিল ৷ কিন্তু ২০১৮ চনৰ পূৰ্ৱে অনাহাৰীক বিদায় জনাবলৈ ১১৯ খন দেশৰ তালিকাত ভাৰতৰ স্থান ১০৩ লৈ অৱনমিত হ'য় ৷ অনাহাৰীৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থা প্ৰতিৱেশী বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ অৱস্থাতকৈও অতি শোচনীয় ৷

ভাৰত এখন কৃষি প্ৰধান দেশ ৷ দেশৰ প্ৰায় ৬৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ যদিও ভাৰতীয় লোকে ভালদৰে দুবেলা-দুসাজ পেট ভাৰই খাবলৈ নাপায় ৷

ভাৰতীয় সংবিধানৰ ৪৭ নং অনুচ্ছেদত স্পষ্টভাৱেই উল্লেখ আছে যে, "জনগণৰ স্বাস্থ্য, পোষণ আৰু সুষ্ট জীৱন-ধাৰণৰ যাৱতীয় ব্যৱস্থা কৰি দিয়া ভাৰত চৰকাৰৰ মূল কৰ্তব্য ৷" আশ্চৰ্য আৰু পৰিতাপৰ বিষয় যে, ভাৰতীয় জণগণৰ জীৱন-ধাৰণ, স্বাস্থ্য আৰু পোষণৰ যাৱতীয় ব্যৱস্থা সুচল কৰাৰ কৰ্তব্য সংবিধানত লিখত ৰূপত থকাৰ পছতো আজিলৈকে ভৰতবৰ্ষৰ এখনো চৰকাৰে ইয়াক মুলনিৱাসী ভাৰতীয় জণগণৰ স্বাৰ্থত কাৰ্য্যকৰী কৰা নজিৰ নাই ৷

ভাৰতীয় মুলনিৱাসী অনাৰ্য্যৰ স্বাৰ্থত আজিলৈকে দেশৰ সংবিধানৰ কোনো দফাই পূৰ্ণভাৱে কাৰ্য্যকাৰী হোৱা নাই ৷ সংবিধানৰ প্ৰতিটো দফা, অনুচ্ছেদ পৰিচালিত হ'য় ৰাষ্ট্ৰীয় ৰাজনৈতিক কোম্পানী(কংগ্ৰেছ-বিজেপি) স্থাপনৰে শোষণৰ ধাৰাবাহিকতাৰ বাঘজৰী ধৰি ৰখা ব্ৰাহ্মণৰ হাতত ৷

দেশৰ শাসনযন্ত্ৰ পৰিচালনা কৰা ব্ৰাহ্মণ্যবাদে মুলনিৱাসী ভাৰতীয়ৰ শিক্ষা, খাদ্য, স্বাস্থ্য আৰু বাসস্থান এটাৰ পাছত এটাকৈ কাঢ়ি নিব ধৰিছে ৷ যাৰ ফলত মুলনিৱাসী ভাৰতীয়ই শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে ৷

অনাহাৰীৰ ফলত মৃত্যুৰ মুখলৈ গতি কৰা দেশৰ ভৱিষ্যত ! 

আৰ্য্য ব্ৰাহ্মণ শোষকে দেশৰ মুলনিৱাসী মানৱ সম্পদৰ সকলো শীৰ্ষক পংগুত্বৰে বন্ধা ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ কৰি দিছে ৷ সেয়েহে দেশত "অনাহাৰী" শেষ কৰিবলৈ ব্ৰাহ্মণ শাসকে সংবিধানৰ ৪৭ নং অনুচ্ছেদ কাৰ্য্যকৰী কৰিবলৈ অপৰাগ ৷ কাৰণ এজন মানুহৰ শৰীৰ সুস্থ থাকিলে সুস্থ মগজুৰে সুস্থিৰ চিন্তা কৰিব পৰা ক্ষমতা থাকে ৷ যদি শৰীৰেই অসুস্থ তেন্তে মগজুৰে কেনেকৈ সুস্থিৰ চিন্তা কৰি শোষক ব্ৰাহ্মণৰ বিৰুদ্ধে মাত মাতি যাব?

ভাৰতবৰ্ষত চিকিৎসক-চিকিৎসালয়তকৈ দশগুণ অধিক মন্দিৰ আৰু পূজাৰী মজুত আছে ৷ ধৰ্মীয় পৰম্পৰাৰ নামত ৭০-৮০ শতাংশ মানুহক প্ৰতিনিয়ত সংবিধানতকৈ ধৰ্মীয় গ্ৰন্থৰ গোড়ামী-গোলামীৰ পাঠ শিকোৱা হ'য় ৷ সেয়ে শোষক ব্ৰাহ্মণৰ বিৰুদ্ধে মুলনিবাসীৰ ক্ৰান্তিকাৰী জন আন্দোলন গঢ়ি নুঠিবলৈ দেশত সংবিধানৰ ৪৭ নং অনুচ্ছেদক কবৰ দিয়া হৈছে যাতে অনাহাৰীৰ কবলত পৰি মুলনিৱাসী ভাৰতীয়ই শাৰিৰীক আৰু মানসিকভাৱে চিৰদিনলৈ পংগুত্ব হ'য় ৷

ভাৰতীয় মুলনিৱাসীৰ অৱস্থা অতি শোচনীয় যে তেওঁলোকে কাম নকৰিলে পেট নভৰে ৷ কাম নকৰিলে ঘৰখন নচলে ৷ পৰিয়ালৰ সদস্যই ভালদৰে দুসাজ পেট ভৰাই খাবলৈ নাপায় ৷ এসাজ ভাল খাদ্য খাবলৈ অসক্ষম ব্যক্তিয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাটো নিতান্তই স্বাভাৱিক ৷ শিক্ষাৰ পৰা বঞ্চিত হৈ শোষকৰ বিৰুদ্ধে সংগ্ৰাম কৰাও অসম্ভৱ ৷ গতিকে শোষক ব্ৰাহ্মণে ৰাষ্ট্ৰৰ পৰিচালনাৰে সাংবিধানিক অধিকাৰ কাঢ়ি এখন আৰ্য্যবৰ্ণৰ গোলাম "হিন্দু ৰাষ্ট্ৰ" নিৰ্মাণৰ দিশত আগবাঢ়িছে ৷

ভাৰতবৰ্ষত প্ৰতি বছৰে ১৭,২০,০০০ জন শিশু অনাহাৰীৰ ফলত মৃত্যুমুখত পৰে ৷ অৰ্থাৎ এদিনত ৩০০০ জনে মৃত্যুৰ শীতল কোলাত শুই পৰে ৷

১৯৯০ চনত নৰসিংহ ৰাৱয়ে দেশত "নতুন অৰ্থনৈতিক নীতি"ৰ আধাৰত কাম কৰিবলৈ গৈ কৈছিল যে, "দেশৰ বিকাশৰ দৰ বঢ়াৰ লগে লগেই দৰিদ্ৰ জনতাৰ দাৰিদ্ৰতা শেষ হৈ দেশৰ বিকাশ সাধন হ'ব"; কিন্তু নহ'ল ৷ একৈশ শতিকাৰ বিজ্ঞ বিজ্ঞ অৰ্থনৈতিক পণ্ডিত মহলৰ অনুসৰি দেশৰ ইকনমিৰ "বিকাশ দৰ" তীব্ৰ গতিত আগবাঢ়িছে ৷ তেওঁলোকৰ হিচাপত দেশত  দৰিদ্ৰতা আৰু অনাহাৰী ইতিমধ্যে শেষ হ'ব লাগিছিল ৷ পিছে ইয়াৰ বিপৰীত চবিহে দেখা গৈছে ৷ বিকাশ দৰৰ উত্থানত দেশত অনাহাৰী লোকৰ বিলুপ্তি হ'ব লাগিছিল যদিও দিনক দিনে বাঢ়ি অহাৰ লগতে দৰিদ্ৰৰ দৰিদ্ৰতাও বাঢ়ি গৈছে ৷

দৰিদ্ৰতা আৰু অনাহাৰীৰ ফলত পদপথত খাদ্ৰ আৰু আশ্ৰয় 

অনাহাৰত ডুব যোৱা ভাৰতৰ ইকনমিৰ বিকাশৰ দৰ বাঢ়ি অহা ভূৱা বিষয়ত ব্ৰাহ্মণ বংশৰ ৰজাঘৰিয়াই ঢাক-ঢোল বজাই বজাই অনাহাৰীৰ ফলত মৃত্যু হোৱা লাখ লাখ শিশুৰ মৃত্যুক ঢাকিব ধৰিছে ৷ অনাহাৰীৰ ফলত মৃত্যু হোৱা শিশুক ঢাকিবলৈ ব্যাধিৰ নাম দিয়া হৈছে "কূপষোণ" ৷ সাধাৰণ লোকে ভাৱিব যে "কূপষোণ" এটা ব্যাধি ৷ কিন্তু ব্ৰাহ্মণ শোষকে সংবিধানৰ ৪৭ নং অনুচ্ছেদ উলংঘা কৰি দেশত মুলনিৱাসীৰ লাখ লাখ শিশুক হত্যা কৰি নিজৰ হাত পৰিস্কাৰ কৰিবলৈ "কূপষোণ" নামৰ ব্যাধি(?)ৰ আশ্ৰয় লৈছে ৷ যিটো সাধাৰণ মনুহৰ দৃষ্টিৰ আগোচৰ ৷

অনাহাৰীৰ ফলত দেশত লাখ লাখ শিশু মৃত্যু(ষড়যন্ত্ৰৰে হত্যা) হোৱা বিষয়টো ভাৰতীয় ব্ৰাহ্মণ লবীৰ মিডিয়া প্ৰতিষ্ঠান সমূহে ভূলতো প্ৰচাৰ কৰা দেখা নাযায় ৷ কাৰণ এই বৃহৎ বাহ্মণ্যবাদী ষড়যন্ত্ৰ প্ৰচাৰ মাধ্যমত প্ৰচাৰ হলেই শিশু হত্যা বিষয়টোৰ বিৰুদ্ধে মুলনিৱাসী ভাৰতীয়সকল জাগৃত হৈ উঠিব ৷ জাগৃত হৈ উঠিলেই শোষক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আৰম্ভ কৰিব ৷ আচৰিত বিষয় যে, ভাৰতীয় বিজ্ঞ মহলেও "অনাহাৰী" আৰু দৰিদ্ৰতা"ক লৈ কোনো বিশ্লেষণ নাই; লেখ নাই ৷ পৰিতাপৰ বিষয় যে, দৰিদ্ৰতা আৰু অনাহাৰীৰ ফলত আমি আমাৰ ভৱিষ্যত শিশুহঁতক নিজ চকুৰ সন্মুখতে মৃত্য হোৱা দেখিবলৈ পাইছো ৷৷

1 comment:

  1. প্ৰবন্ধটো তথ্য আৰু যুক্তিৰ সমৃদ্ধ।

    ReplyDelete

Thank you.