ভাৰতত হিন্দু কোন?


ভাৰতত হিন্দু কোন ?

"হিন্দু" নামৰ কোনো ধৰ্ম এই পৃথিৱীত নাই; নাই কোনো জাতি ৷ "বেদ, পূৰাণ, উপনিষদ, ৰামায়ণ আৰু মহাভাৰত" নামৰ তথাকথিত পৌৰাণিক কিতাপতো "হিন্দু" নামৰ কোনো শব্দৰ উল্লেখ নাই ৷

১৮৭৫ চনত আৰ্য্য সমাজ প্ৰতিষ্ঠা কৰা দয়ানন্দ সৰস্বতীয়ে স্বয়ং নিজেই কৈ গৈছে যে, "হিন্দু" শব্দটো মোগলে দিয়া এটা কূট গালি সূচক বাক্য হে, কোনো ধৰ্ম নতুবা জাতি নহ'য় ৷ সেয়েহে দয়ানন্দ সৰস্বতীয়ে "আৰ্য্য সমাজ প্ৰতিষ্ঠা কৰিছিল, "হিন্দু" সমাজ নহ'য় ৷ এই কথাটো এজন অশিক্ষিত সাধাৰণ ব্ৰাহ্মণেও জানে ৷

অনাৰ্য্য ভাৰতভুমিত প্ৰৱজন ঘটা আৰ্য্য ব্ৰাহ্মণে কেতিয়াও নিজকে "হিন্দু" বুলি পৰিচয় দিয়া দেখা নাযায় ৷ তেওঁলোকে নিজকে "ব্ৰাহ্মণ" বুলিহে পৰিচয় দিয়ে ৷ কিন্তু ভাৰতবৰ্ষৰ সকলো ভুমিপুত্ৰ মুলনিৱাসীক "শূদ্ৰ" অৰ্থাৎ নীচ শ্ৰেণী বুলি বিবেচনা কৰে ৷

মাৰাঠী সম্ৰাজ্যৰ ৰজা শিৱাজী শূদ্ৰ আছিল ৷ অৰ্থাৎ মুলনিৱাসী ভাৰতীয় ৷ কিন্তু তেওঁক "হিন্দু" ৰজাপুত্ৰ বুলি ব্ৰাহ্মণে সম্বোধন কৰিছিল যাতে শিৱাজীৰ দ্বাৰা মোগলৰ আক্ৰমণৰ পৰিত্ৰাণ পাবলৈ ৷ কিন্তু শিৱাজীয়ে যেতিয়া মোগলৰ পৰা মাৰাঠা সম্ৰাজ্য উদ্ধাৰ কৰে তেতিয়া শিৱাজীৰ ৰাজ অভিষেকৰ সময়ত ব্ৰাহ্মণে বেদৰ ঠাইত পুৰাণৰ মন্ত্ৰ পাঠ কৰিছিল ৷ শিৱাজীৰ পাছত যেতিয়া মোগলে মাৰাঠা সম্ৰাজ্য নিজৰ দখললৈ নিয়ে তেতিয়া মোগলৰ অধীন ৰাজ্য সমূহত ব্ৰাহ্মণে নিজকে মোগলৰ দৰেই বিদেশী চিনাকিৰে মোগলৰ "জিজিয়া কৰ"ৰ পৰা ৰেহাই সুবিধা আদায় কৰি লৈছিল ৷ উল্লেখ্য যে, মোগলৰ জিজিয়া কৰ পৰিশোধ কৰিব নোৱাৰি বহুটো মুলনিৱাসী ভাৰতীয়ই ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ৷

১৯২০ চনত ব্ৰিটেইনত প্ৰাপ্তবয়স্ক মতাধিকাৰ(ভোটাধিকাৰ সব্যস্ত)ৰ বিষয়ে চৰ্চা আৰম্ভ হ'য় ৷ এই চৰ্চাতে একাংশ বৃটিছ ৰক্ষণশীলে "প্ৰপ্তবয়স্ক ভোটাধিকাৰ" কেৱল জমিদাৰ শ্ৰেণী আৰু কৰ দাতাৰ মাজত হে আৱদ্ধ থকাটো দাবী কৰিছিল ৷ কিন্তু বিষয়টোয়ে ব্ৰিটেইনৰ গণতন্ত্ৰকামী লোকৰ পক্ষ গ্ৰহণ কৰে আৰু শ্ৰেণীহীন প্ৰতিজন প্ৰপ্তবয়স্ক লোকে নিজৰ ভোটাধিকাৰ সব্যস্ত কৰাৰ পূৰ্ণ অধিকাৰ লাভ কৰে ৷ ব্ৰিটেইনৰ এই উদাৰ গণতান্ত্ৰিক ব্যৱস্থাই বৃটিছ ভাৰততো প্ৰভাৱ আনে ৷ বৃটিছ ভাৰতত সেই সময়ত বাল গংগাধৰ তিলকে বৃটিছৰ এনে উদাৰনৈতিক কাৰ্যক তীব্ৰ বিৰোধ কৰি "তেলী, কুৰ্মী, দলিত, আদিবাসী, মালীয়ে সাংসদলৈ নিৰ্বাচিত হৈ সাংসদত হাল চলাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷

দুশ বছৰীয়া উপনিৱেশ বৃটিছ ভাৰতত মুলনিৱাসী ভাৰতীয়ৰ সলনি ইংৰাজৰ প্ৰশাসনিক সকলো কাম-কাজত আৰ্য্য ব্ৰাহ্মণেহে বৃটিছক পাৰে মানে সহায়-সহযোগ কৰিছিল ৷ ১৯২০ চনৰ ব্ৰিটেইনৰ গণতান্ত্ৰিক ব্যৱস্থাই বৃটিছ ভাৰতত ইংৰাজৰ সহায়কাৰী ব্ৰাহ্মণৰ প্ৰতি গভীৰ সমস্যা নমাই আনে ৷ ব্ৰাহ্মণ সমাজে দেখিলে যে, ভাৰততো যদি ব্ৰিটেইনৰ দৰে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ অধিকাৰ সমাজৰ সকলো শ্ৰেণীয়ে লাভ কৰে তেন্তে অল্পসংখ্যক ব্ৰাহ্মণে বহুসংখ্যক মুলনিৱাসী ভাৰতীয়ৰ হাতত সাতে-পাঁচে হাৰিব ৷ বহুমতৰে ব্ৰাহ্মণে কেতিয়াও ভাৰতত মলনিৱাসীৰ ওপৰত একছত্ৰি শাসন আৰু শোষণ কৰিব নোৱাৰিব ৷ ক্ষমতাৰ সকলো শক্তি ব্ৰাহ্মণৰ হাতৰ পৰা ওলাই যাব ৷ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈয়ে সকলো ব্ৰাহ্মণে এক লগ হৈ ১৯২২ চনত "হিন্দু মহাসভা" নাম এটা সংগঠন স্থাপন কৰে ৷ যি ব্ৰাহ্মণে নিজকে "হিন্দু" বুলিবলৈ সাজু হোৱা নাছিল সেই ব্ৰাহ্মণে "প্ৰাপ্তবয়স্ক ভোটাধিকাৰ" ফলত বাধ্য হ'য় ৷ আৰু আজিৰ ভাৰতত হিন্দুৰ নাম লৈ কেৱল ব্ৰাহ্মণ-ব্ৰাহ্মণ্যবাদৰ শোষণ-তোষণৰ ৰাজ ৷

ভাৰতবৰ্ষৰ প্ৰতিটো ক্ষমতা কেৱল ব্ৰাহ্মণৰ নিয়ন্ত্ৰণত ৷ চৰকাৰৰ কেবিনেটত ব্ৰাহ্মণ, বিপক্ষ দলত ব্ৰাহ্মণ, কমিউনিষ্ট দলৰ উচ্চ পদত ব্ৰাহ্মণ, দেশৰ প্ৰশাসনিক উচ্চ পদ সমূহত ব্ৰাহ্মণ, ভাৰতীয় প্ৰতিৰক্ষা, বিজ্ঞান, শিক্ষা, স্বাস্থ্য, কাৰিকৰি প্ৰতিষ্ঠানৰ উচ্চ পদত ব্ৰাহ্মণ ৷ দেশৰ মেৰুদণ্ড সাংসদৰ মুঠ ৫৪৩ চিটৰ ৩৬৭ চিটেই ব্ৰাহ্মণৰ কব্জাত ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ব্ৰাহ্মণৰ দখল, ব্যুৰোক্ৰেছিত ব্ৰাহ্মণৰ দখল, মিডিয়া, পুলিচ, মিলিটেৰী, আৰ্থিক ইত্যাদিত ব্ৰাহ্মণৰ দখল ৷ এজন আৰ্য্য বিদেশী ব্ৰাহ্মণ গলে অন্য এজন আৰ্য্য বিদেশী ব্ৰাহ্মণ দেশৰ ক্ষমতা দখল কৰে ৷ মুলনিবাসী ভাৰতীয় লোকে ইংৰাজৰ আগত ব্ৰাহ্মণৰ গোলাম আছিল, ইংৰাজ যোৱাৰ পছত পুনৰ ব্ৰাহ্মণৰ গোলাম ৷

"হিন্দু"ৰ তেত্ৰিছ শ কোটি দেৱ-দেৱীৰ নাম কোনখন কিতাপ উল্লেখ আছে কোনবাই ক'ব পাৰিবনে? ৰামায়ন, মহাভাৰত, বেদ, পূৰাণ, উপনিষদত তেত্ৰিছ কোটি দেৱ-দেৱীৰ নাম পোৱা যাব নে? হিন্দু ধৰ্মৰ অদ্ভুদ ইতিহাস চালে দেখা যায় যে, শ্ৰীংগি ঋষি হৰিণাৰ পৰা জন্ম; গনেশ পাৰ্বতীৰ গাৰ ময়লাৰ পৰা জন্ম; হনুমান পৱন দেৱতাৰ কানৰ পৰা জন্ম; হনুমানৰ(হনুমানে বিয়া পতা কথা জনা নাযায়) পুত্ৰ মকৰধ্বজ মাছৰ মুখৰ পৰা জন্ম; মনু সূৰ্যৰ পৰা জন্ম(এটা তপ্ত পিণ্ডই কেনেকৈ সংগম কৰিব পাৰে?); ৰজা দশৰথৰ তিনি গৰাকী পত্নীয়ে আপেল খাই সন্তান লাভে; সূৰ্য নমস্কাৰ কৰোতে অবিবাহিত কুন্তিয়ে কানৰে কৰ্ণক জন্ম দিয়া কথাবোৰ কি অদ্ভুদ ! এনে কথাবোৰ আজিৰ চিকিৎসক বিচাৰ-ধাৰা আৰু বৈজ্ঞানিক তত্ব আৱিস্কাৰে ঢুকি পায় নে ?

দলিতই বনোৱা চমৰাৰ ঢোল মন্দিৰত বজোৱাটো অপৱিত্ৰ নহ'য় কিন্তু এজন জীৱন্ত দলিতই মন্দিৰত প্ৰৱেশ কৰাটো অপৰাধ তথা অপৱিত্ৰ,  মন্দিৰো অপৱিত্ৰ হৈ পৰে ৷ গৰু-ঘোৰা খোৱাটো অপৱিত্ৰ কিন্তু গৰু-ঘোৰাৰ চালৰে নিৰ্মিত ঢোল মন্দিৰত বজোৱাটো অপৱিত্ৰ নহ'য় ৷ কেনে "হিন্দু"ৰ আদৰ্শ এয়া ? কেনে ধৰ্ম এয়া ?

সনাতন হিন্দু ধৰ্ম কি আপুনি জানে নে?
গৌতম ঋষিৰ পত্নী অহল্যাক দেৱৰজা ইন্দ্ৰৰ ধৰ্ষণ; বৃহস্পতিৰ পত্নী তাৰক চন্দ্ৰৰ ধৰ্ষণ; সোমৰ পত্নী ৰুহিনীক আগস্থ্য ঋষিৰ ধৰ্ষণ; মৰুতৰ কণ্যা মমতাক বৃহস্পতিৰ ধৰ্ষণ; বৰুণৰ কণ্যা কালীক পৰাশৰ ঋষিৰ ধৰ্ষণ; অক্ষমালাক বশিষ্ঠ ঋষিৰ ধৰ্ষণ; অপ্সৰা মোহিনীৰ লগত বিশ্বমিত্ৰৰ সম্ভোগ; শুক্ৰাচাৰ্য়্য কণ্যা আৰজাক ৰজা দণ্ডৰ ধৰ্ষণ; ব্ৰহ্মাই নিজৰ ভগ্নী গায়ত্ৰী আৰু কণ্যা সৰস্বতীক ধৰ্ষণ ইত্যাদি অনেক ব্যভিচাৰৰ কাহিনী তেওঁলোকৰ ধৰ্ম গ্ৰন্থত উল্লেখ পোৱা যায় ৷

ৰত্ন বিচাৰ ভগৱানৰ পৰা প্ৰকৃত ন্যায় পোৱা যায় যদি দেশত ন্যায়ালয়ৰ প্ৰযোজন নাছিল ৷ সৰস্বতীৰ পৰা যদি জ্ঞান পোৱা যায় তেন্তে বিদ্যালয়-বিশ্ববিদ্যালয়, শিক্ষক আৰু কিতাবৰ প্ৰয়োজন ক'ত ? আৰ্শীবাদতেই যদি কাম সিদ্ধি হ'য় তেন্তে ঔষধৰ প্ৰয়োজন বা কিয় ? কামৰ অবিহনে যদি ভাগ্যৰ দুৱাৰ মুকলি হ'য় তেন্তে ক'ল-কাৰখান, প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন কনখিনিত ? মন্দিৰ ধৰ্ম দালালৰ নিজা দুকান, যি দুকানে এক বিশেষ শ্ৰেণীয়ে লাভৰ অংশ পাই আহিছে ৷ এই দেশত মগজুৰে গুলামলৈ ৰূপান্তৰিত হোৱা সকলেহে মন্দিৰলৈ সঘন যায় ৷ এই দেশৰ মুলনিৱাসী জনতাই পশ্চিমীয়া দেশলৈ চোৱা প্ৰয়োজন নাই ৷ নিজৰ মাজত থকা সুপ্ত বিচাৰ-ধাৰাক জগাই তোলক ৷ আৰ্য্য বিদেশী ব্ৰাহ্মণৰ মানসিক গোলাম হোৱাৰ প্ৰয়োজন নাই ৷

ভাৰতীয় উপ-মহাদেশৰ সভ্যাতা দ্ৰাৱিড়, মংগোলীয় লোকৰে গঠিত ৷ ইয়াৰে আৰ্য্য লোক সকল ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আগমন ঘটা ৷ দ্ৰাৱিড় আৰু মংগোলীয় সকল প্ৰাক বৈদিক যুগৰ বহু পূৰ্বে ভাৰতবৰ্ষলৈ অহা ৷ বহু ইতিহাসবিদে ৰামায়ণ-মহাভাৰতৰ যুগটো অৰ্থাৎ বৈদিক যুগক "কাল্পনিক যুগ" আখ্যা দিছে ৷ এই যুগৰ ঐতিহাসিক সা-সমল এতিয়াও ভাৰতৰ পুৰাতত্ব বিভাগে আৱিস্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰ্য্য সকল আজিৰ পৰা ৪৫০০ বছৰৰ পূৰ্ৱে অৰ্থাৎ খৃঃপূঃ ২৫০০ হাজাৰ বছৰৰ পূৰ্ৱে আগমণ ঘটিছিল ৷ এই আৰ্য্য সকল কোন? ক'ৰ পৰা আগমণ ঘটিছিল? ভাৰতত এওঁলোক আছে নে নাই? ভাৰতবৰ্ষৰ ইতিহাসবিদ সকলে আৰ্য্য সকলৰ বিষয়ে ইতিহাস কিয় নিলিখে? এই প্ৰশ্ন সমূহৰ উত্তৰ আমি বিচাৰি নাপাওঁ ৷ কাৰণ ইতিহাস লিখাৰ এটা বৃহৎ অংশই হ'ল আৰ্য্য সকল ৷ সেয়ে ভাৰতলৈ আৰ্য্যৰ আগমণৰ কথা কোনো ভাৰতীয় ইতিহাসতে পোৱা নাযায় ৷

আপুনি জানে নে যে আপুনি কোন আৰু কেনেকৈ দ্ৰাৱিড়ীয়? আপুনি কেতিয়াৰ পৰা শিক্ষা লাভ কৰাৰ সুযোগ পালে ? আপুনি কোনটো বৰ্ণৰ শাৰীত পৰে আৰু কিয়? আপোনাৰ পূৰ্ৱজৰ ইতিহাস কি ইত্যাদি প্ৰশ্নৰে আপুনি যেতিয়া নিজৰ ইতিহাস খুচৰি চাব তেতিয়া আপুনি আপুনা-আপুনি এই প্ৰশ্ন সমূহৰ উত্তৰ পাব ৷ যেতিয়ালৈ আপুনি উত্তৰ পাব তেতিয়া অনুভৱ হ'ব যে, সঁচাৰকৈয়ে আমি গোলাম ৷ আৰ্য্যৰ গোলাম ৷ কাৰণ দ্ৰৱিড় আৰু মংগোলীয় আন কোনো নহ'য়, আপুনি-মইয়ে হ'য় ৷ আৰ্য্যই আমাক চতুৰ্দিশৰ পৰা ঘেৰি ৰাখিছে ৷ ইতিহাসৰ পাতত থকা আৰ্য্যসকল অন্য কোনো নহ'য়, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্যই আদিয়েই হ'ল আৰ্য্য লোক ৷

খৃঃ ২৫০০ হাজাৰ বছৰৰ পূৰ্ৱে ঘোৰৰ পিঠিত উঠি অহা আৰ্য্যসকল আহোতে লগত গৰু লৈ আহিছিল আৰু  সেই সময়ত ভাৰতবৰ্ষ তিনিটা ভাগত বিভক্ত আছিল ৷ প্ৰতিটো ভাগতে একোজন মহাপ্ৰতাপী শান্তিপ্ৰিয় ৰজাই ৰাজঅধিকাৰ কৰিছিল ৷ উত্তৰ-পূৱ অংশত ৰজা শংকৰ(যাক আদি ঈশ্বৰ শিৱ কোৱা হ'য়); পশ্চিম ভাগত ৰজা বলি; দক্ষিণ ভাগত ৰজা ৰাৱণে ৰাজত্ব কৰিছিল ৷ যাক বছৰে বছৰে আৰ্য্যই "ৰাৱণ দহন"ৰে ৰাৱণৰ মৃত্যু উদযাপন কৰি আহিছে ৷

আৰ্য্য আগমণৰ পূৰ্ৱে ভাৰতীয় ভু-খণ্ডত মুলনিৱাসী দ্ৰাৱিড় আৰু মংগোলীয় সকল বসবাস কৰিছিল ৷ সেই সময়ত দ্ৰাৱিড় আৰু মংগোলীয় সকল কৃষি, পশুপালন, ইটাৰ ঘৰ, দেশ-বিদেশৰ লগত বেহা-বেপাৰ(বিনিময় প্ৰথাৰে), চিত্ৰকলা, মূৰ্তি নিৰ্মাণৰ কলা, বিজ্ঞানবাদী চিন্তাৰে এক উন্নত জীৱন-প্ৰণালী সহ শান্তিৰে বসবাস কৰিছিল ৷

আৰ্য্যসকলে আহি পোন প্ৰথমে ভাৰতবৰ্ষৰ পশ্চিম অংশত প্ৰৱেশ কৰে ৷ য'ত পৰাক্ৰমী ৰজা বলিয়ে ৰাজত্ব কৰিছিল ৷ আৰ্য্য সকলে প্ৰথমৱস্থাত ৰজা বলিৰ ৰাজ্যত অঘৰীৰ দৰে থাকি বিভিন্ন অপ-কৰ্ম, চুৰ-ডকাইত কৰিব ধৰে ৷ যেতিয়া ধৰা পৰে তেতিয়া পেটৰ ভোকৰ তাড়নাত পৰি কৰা অজুহাত দেখুৱায় ৷ ৰজা বলি দয়ালু, মানৱতাবাদী আৰু পৰোপকাৰী আছিল ৷ ৰজা বলিয়ে চুৰ-ডকাইত কৰি ফুৰা আৰ্য্যসকলৰ অপকৰ্মবোৰ ক্ষমা কৰি তেওঁয়েই অঘৰীৰূপী আৰ্য্যসকলক নিজৰ ৰাজ্যত থকা, খোৱা ইত্যাদি সকলো যা-যোগাৰ কৰি দিলে আৰু অপকৰ্মবোৰ কৰা পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিলে ৷ আৰ্য্যসকল ৰজা বলিৰ ৰাজ্যত স্থান পাই ৰজা-প্ৰজাৰ সকলো আদৱ-কায়দা শিকি এক ষড়যন্ত্ৰ ৰচিব ধৰে ৷ আৰ্য্যসকলৰ ভিতৰত "বামন"(বিষ্ণু) নামৰ এজন অতি চতুৰ আৰু বুদ্ধিমান লোক আছিল ৷ যাক এতিয়া ভগৱান বিষ্ণু বুলি জনা যায় ৷

বলিৰ ৰাজ্যত থকা সকলো আৰ্য্যই এদিন সোঁশৰীৰে বলিৰ ৰাজ-দৰবাৰত উপস্থিত হ'য় ৰজা বলিক ভূঞসী প্ৰশংসা কৰে ৷
কিন্তু চতুৰ আৰ্য্যই ৰজা বলিৰ "ত্ৰিবচন"ৰ কথা শুনি থৈছিল ৷ পৰোপকাৰী বলিৰ কথা জানি চতুৰ আৰ্য্যই শেষত ৰজা বলিৰ পৰা "ত্ৰিবচন" বিচাৰে ৷ মানৱধৰ্মী ৰজা বলিয়ে আৰ্য্যৰ চল-কপট নজানাকৈয়ে নিজ ৰাজ্যত বিদেশী আৰ্য্যক "ত্ৰিবচন" দিবলৈ সন্মত হ'য় ৷

ৰজা বলিয়ে যেতিয়া আৰ্য্যক ত্ৰিবচন দিবলৈ সন্মত হ'য় তেতিয়া আৰ্য্য বিদেশীয়ে প্ৰথম বচনত, শিক্ষাৰ অধিকাৰ বিচাৰিলে, যি শিক্ষা আৰ্য্যই নিজ ইচ্ছানুসাৰে কাৰোবাক দিবও পাৰে নিদিবও পাৰে ৷ দ্বিতীয় বচনত, ধন-সম্পত্তিৰ অধিকাৰ বিচাৰিলে, যি সম্পত্তি আৰ্য্যই নিজ ইচ্ছানুসাৰে কাৰোবাক দিবও পাৰে নিদিবও পাৰে ৷ তৃতীয় বচনত, ৰাজ কৰাৰ অধিকাৰ বিচাৰিলে, য'ত আৰ্য্যই ইচ্ছানুসাৰে কাৰোবাক ৰাজ শাসনত বহুৱাও পৰা উফৰাবও পাৰে ৷ এনেদৰেই কু-চক্ৰান্তৰে বিদেশী আৰ্য্যই ৰজা বলিৰ পৰা শিক্ষা, ধন-সম্পত্তি আৰু ৰাজ কৰাৰ তিনি অধিকাৰ প্ৰাপ্ত কৰি ৰজা বলিৰ ৰাজ দৰবাৰত অন্য প্ৰশাসনিক সদস্যৰ লগত সমানে শাৰী পাতি বহিবলৈ স্থান পায় ৷ ৰজা বলিৰ শাসনত স্থান পাইয়েই আৰ্য্যই বলিৰ সৈন্যবাহিনীত নিজ সৈন্য সমন্ত যা-যোগাৰ কৰি শেষত ৰজা বলিক হত্যা কৰি মাটিত পুতি পেলায় ৷

আৰ্য্যই দিয়া অন্ধত্বাত আজিও ভাৰতবৰ্ষই "বামন"ক ভগৱান বিষ্ণুৰ অৱতাৰ মানে ৷ কি আচৰিত ! য'ত কোৱা হ'য় যে, বিষ্ণু(বামন)য়ে দান হিচাপে পৃথিৱীৰ তিনিটা বস্তু ৰজা বলিৰ পৰা বিচাৰে ৷ এই তিনিটা বস্তুয়েই হ'ল শিক্ষা, ধন-সম্পত্তি আৰু শাসনৰ অধিকাৰ ৷ যি আজিও ভাৰতবৰ্ষত মুলনিৱাসী ভাৰতীয়ৰ হাতত নাই ৷ যাৰ ফলত ভাৰতবৰ্ষত আজিও অনাৰ্য্য দ্ৰাৱিড়, মংগোলীয়ৰ লগত বিদেশী আৰ্য্যৰে সংঘাত চলি আছে ৷

প্ৰবাদ আছে যে, "বলিয়ে বামনক তিনি বস্তু(অধিকাৰ) দান কৰাৰ পাছত বিষ্ণু(বামন)য়ে বৃহৎকাৰৰ ৰূপ ধাৰণ কৰি ৰজা বালিক নিজ ভৰিৰে গছকি পাতালৰ ৰজা পাতে" ৷ এই প্ৰবাদ আৰ্য্যৰ মনে সজা এক কাল্পনিক মাথো ৷ আজিৰ পঢ়া-লিখা প্ৰতিজন সুস্থ বিবেকবান মানুহেই জানে যে পাতাল বুলি কোনো বাস্তৱিক ঠাই নাই ৷ যেনেদৰে "স্বৰ্গ" বুলি কোনো বাস্তৱিক ঠাই নাই ৷ ই কাল্পনিক ৷ তেনে ক্ষেত্ৰত আৰ্য্য "বামনে" ৰজা বলিক মাটিত ভৰাই কেনেকৈ পাতালৰ ৰজা বনালে?

প্ৰবাদ মতে, "বামনে" ৰজা বলিৰ ওচৰত বৃহৎকাৰ হৈ এক ভৰি ব্ৰাহ্মাৰ মুৰত, এক ভৰি চন্দ্ৰ গাত আৰু তৃতীয় খোজটো ৰজা বালিৰ মুৰত থৈ ৰজা বালিক পাতাল পুৰি পোৱালেগৈ ৷ কোনবাই ক'ব পাৰিবনে যে আজিলৈকে মানুহ বৃহৎকাৰ হৈছে নে নাই ? এখন ভৰিৰে সমগ্ৰ পৃথিৱী ঢাকি পেলোৱা আৰু এখন ভৰি ব্ৰাহ্মাৰ মুৰত থৈ নিজৰ বৃহৎকাৰ দেহৰ ওজন নিয়ন্ত্ৰণ কৰা আৰু লগতে ব্ৰহ্মাই নিজৰ মুৰত ইমান বৃহৎকাৰ "বামন"ৰ ওজন ভৰ বহন কৰিল কেনেকৈ? বৃহৎকাৰ ৰূপ লোৱা "বামনে" সমগ্ৰ পৃথিৱী কব্জাই কৰে তেন্তে এই পৃথিৱীৰ অন্য প্ৰান্তত বিষ্ণু বা বামনক পূঁজা নকৰে কিয়? চিনি নাপায় কিয়?

ৰজা বালিক নিধন কৰাৰ পাছত শংকৰৰ উত্তৰ-পূৱ ৰজ্যত আৰ্য্যৰ চকু পৰিল ৷ ষড়যন্ত্ৰ ৰচা হ'ল ৷ বিষ্ণুয়ে নিজৰ ভনীয়েকক ৰজা শংকৰলৈ বিয়া দিয়াৰ ঠিক কৰি শংকৰলৈ প্ৰস্তাৱও প্ৰেৰণ কৰিলে ৷ সেই সময়ত ৰজা শংকৰৰ ৰাজ্যত তেওঁৰ প্ৰধান সেনাপতি আছিল মহীশাসুৰ ৷ মহীশাসুৰে বিষ্ণুৰ ষড়যন্ত্ৰ ইতিমধ্যে জানিব পাৰি শংকৰ আৰু বিষ্ণুৰ ভনীয়েক পাৰ্বতীৰ বিয়াত বাধা দিলে ৷ উপায়হীন হৈ শেষত আৰ্য্য পাৰ্বতীয়ে মহীশাসুৰকে নিজৰ প্ৰেমত পেলাই তেওঁক হত্যা কৰিবলৈ আঠ দিন প্ৰৰ্যন্ত সুযোগ বিচাৰি থাকিল ৷ তাৰ পিছ দিনা পাৰ্বতীয়ে সুযোগ পাইয়ে মহীশাসুৰক ত্ৰিশূলৰে হত্যা কৰে আৰু শংকৰৰ লগত নিজৰ বিয়াৰ পথ সুগম কৰিবলৈ দাসীৰ ৰূপত শংকৰক সেৱা শুশ্ৰুষা কৰিব ধৰে ৷ শংকৰক সেৱা-শুশ্ৰুষা কৰাৰ সময়তে ষড়যন্ত্ৰ অনুসৰি পাৰ্বতীয়ে শংকৰক ধতুৰা আৰু অন্যান্য নিচাজাতীয় দ্ৰব্য সেৱনৰ অভ্যাস কৰি তোলে ৷ ফলত নিচাৰ ৰাগিত ৰজা শংকৰে ৰাজ্যৰ শাসন, ঘৰ-বাৰী, প্ৰজাৰ কথা পাহৰি সকলো মোহ-ভংগ হ'ব ধৰে ৷ নিচাযুক্ত দ্ৰব্য সেৱন কৰি কৰি শৰীৰ উত্তপ্ত হৈ পৰাৰ ফলত ৰজা শংকৰক শীতল ঠাই বাস কৰিবলৈ আৰ্য্য সকলে হিমালয়লৈ পঠিয়াই দিলে আৰু শংকৰৰ ৰাজ্য আৰ্য্যই শাসন কৰিব ধৰে ৷ এনেদৰেই উত্তৰ-পূৱকো আৰ্য্য গোষ্ঠীয়ে নিজৰ অধিনলৈ আনে ৷

ইয়াৰ পাছতে দক্ষিণ অংশত নিজৰ শাসন বিস্তাৰ কৰিবলৈ ৰজা ৰাৱণৰ বিৰুদ্ধে আৰ্য্যই যুদ্ধ ঘোষণা কৰে ৷ স্বৰ্থবাদী চৰিত্ৰৰে বিভীষণে শত্ৰুপক্ষৰ লগ দিয়াত অৱশেষত আৰ্য্যই ৰাৱণকো হত্যা কৰি দক্ষিণত নিজৰ কব্জা মজবুত কৰিবলৈ সক্ষম হ'য় ৷

ভাৰতবৰ্ষৰ দ্ৰাৱিড় আৰু মংগোলীয় লোকসকলক অসুৰ, দানৱ, ৰাক্ষস আদি নামৰ বিশেষণবোৰ অন্য কোনোয়ে দিয়া নাছিল, দিছিল আৰ্য্যত লোকে ৷ আৰ্য্যই ভাৰতবৰ্ষৰ দ্ৰাৱিড় লোকসকলৰ লগত ১৫০০ শ বছৰধৰি যুদ্ধত লিপ্ত হৈছিল ৷ এই দীঘলীয়া যুদ্ধত ভাৰতীয় মুলনিৱাসী দ্ৰাৱিড় আৰু মংগোলীয় সকল সম্পূৰ্ণৰূপে হাৰে ৷ আৰ্য্য আৰু অনাৰ্য্য দ্ৰাৱিড়ৰ মাজত চলা এই দীঘলীয়া যুদ্ধখন ইতিহাসৰ পাতত "দেৱাসুৰ সংগ্ৰাম" নামেৰে প্ৰসিদ্ধ ৷

"দেৱাসুৰ সংগ্ৰাম"ৰ পাছতে ভাৰত ভু-খণ্ডত জাতি বা বৰ্ণ ব্যৱস্থাৰ জন্ম হ'য় ৷ আৰ্য্যসকলৰ ভিতৰত ধন-সম্পত্তিৰ গৰাকী সকলক "ব্ৰাহ্মণ"(সকলোৰে মালিক), ধন-সম্পত্তি আৰু ইয়াৰ মালিক সকলক সুৰক্ষা প্ৰদান কৰিবলৈ "ক্ষত্ৰিয়"(যুদ্ধ কৰাত পাকৈত লোক) আৰু বেপাৰ বাণিজ্য কৰিবলৈ "বণিয়া" নামৰ তিনি বৰ্ণ আৰু নানান প্ৰকাৰে শোষণ কৰিবলৈ ভাৰতীয় ভুমিপুত্ৰ লোকসকলক "শূদ্ৰ" বৰ্ণ ঘোষণা কৰে ৷ তদুপৰি "শূদ্ৰ"ৰ মাজতো দুটা বৰ্গ "স্পৰ্শ কৰিব নোৱাৰা" আৰু "স্পৰ্শ কৰিব পৰা কিন্তু আৰ্য্য সমাজত নিম্ন হৈ আঁতৰে আঁতৰে থাকিব পৰা" বৰ্ণ গঠন কৰে ৷ দ্ৰাৱিড় আৰু মংগোলীয়ৰ সমাজিক একতা ভাঙিবলৈ আৰ্য্যই কেৱল "শূদ্ৰ"ৰ মাজতহে জাতি গঠন কৰে ৷ আজিৰ ভাৰতবৰ্ষত এই "শূদ্ৰ"ৰ ৬৭৪৩ টা সৰু-বৰ জাতি আছে ৷

ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্যৰ কোনো জাত নাই ৷ তেওঁলোকৰ কেৱল বৰ্ণ হে আছে ৷ শৰ্মা, গোস্বামী, ডুবে, বৰপূজাৰী, শ্ৰীবাস্তৱ, ত্ৰিৱেদী, পাঠক, ইত্যাদিবোৰ একো একোটা গোত্ৰ মাথো, জাতি নহ'য় ৷

দেৱাসুৰ সংগ্ৰামত আৰ্য্যৰ লগত হোৱা যুদ্ধতে জংগলত গৈ থাকিব লোৱা আৰু তাৰ পৰাই যুদ্ধ কৰি থকা সকলে "বন শৰণাগত শূদ্ৰ" অৰ্থাৎ জনজাতি-আদিবাসী হিচাপে পৰিচয় লাভ কৰে ৷ আৰ্য্যৰ লগতে যুদ্ধ কৰি আৰ্য্যৰ আশে-পাশে  যি সকল লোকে বসতি কৰে তেওঁলোকে একেবাৰে "স্পৰ্শহীন" অৰ্থাৎ এছচি(SC) হিচাপে পৰিচয় লাভ কৰে ৷ আৰ্য্যৰ লগত ক'ম পৰিমাণে যুদ্ধ কৰা সকলে অৰ্থাৎ আৰ্য্যই স্পৰ্শ কৰিব পৰা কিন্তু আৰ্য্যৰ লগত সমানে সমানে উঠা-বহা কৰিব নোৱাৰা সকলে "পিছপৰা বৰ্গ"(OBC) হিচাপে পৰিচয় লাভ কৰে ৷

গৌতম বুদ্ধৰ(৫৩৪ খৃঃপূঃ) শাসন কালছোৱাত অৰ্থাৎ মৌৰ্য বংশই ভাৰতত শাসন প্ৰতিষ্ঠা কৰাৰ কালছোৱাত আৰ্য্যতৰ বৰ্ণ ব্যাৱস্থা এক প্ৰকাৰ শেষ হ'বৰ উপক্ৰম হ'য় ৷ যিটো ব্ৰাহ্মণৰ কাৰণে অতি চিন্তনীয় বিষয় আছিল ৷ গৌতম বুদ্ধৰ পাছতে চন্দ্ৰগুপ্ত, অশোক আদি পৰাক্ৰমী আৰু বিদ্বান শাসকে ভাৰত শাসন কৰে ৷ মৌৰ্য বংশৰ অন্তিম ৰজা বৃহদস্থৰ এটা ভূলত পুনৰ ব্ৰাহ্মণৰ বৰ্ণ ব্যৱস্থাই ভাৰতত মূৰ ডাঙি উঠে ৷ ৰজা বৃহদস্থই নিজৰ সৈন্যবলত ব্ৰাহ্মণ পুষ্যমিত্ৰ শুংগক নিজৰ প্ৰধান সেনাপতি ঘোষণা কৰে ৷ পুষ্যমিত্ৰই মৌৰ্য ৰজা বৃহদস্থৰ প্ৰধান সেনাপতি হোৱাৰ সুযোগ পাই নিজৰ সকলো আৰ্য্য ব্ৰাহ্মণক সেনাত ভৰ্তি কৰি ৰজা বৃহদস্থক হত্যা কৰে ৷

মৌৰ্য বংশৰ প্ৰতিষ্ঠাৰ সময়তে গৌতম বুদ্ধৰ বৌদ্ধ ধৰ্মই ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ লভ কৰিছিল ৷ বৌদ্ধ ধৰ্মই সকলোকে সম দৃষ্টি, সম-ভাৱত সমাজত উচ্চ-নীচ ভেদাভেদহীন দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ আৰ্য্যৰ উচ্চ-নীচ, ভেদ-ভাৱ থকা সমাজতকৈ অনেক উচ্চখাপৰ আছিল মৌৰ্য বংশৰ শাসন ৷ কিন্তু মৌৰ্য বংশৰ শাসনে আৰ্য্য ব্ৰাহ্মণৰ শোষণকাৰী সকলো ব্যৱস্থাকে স্মিত কৰি পেলাইছিল ৷ শেষত সুযোগ আহিল মৌৰ্য বংশৰ শেষ ৰজা বৃহদস্থৰ শাসনত ৷ সুযোগ গ্ৰহণ কৰিলে পুষ্যমিত্ৰ সুংগ নামৰ ব্ৰাহ্মণে ৷ যেতিয়া মৌৰ্য ৰজা বৃহদস্থক তেওঁৰে সেনাপতি পুষ্যমিত্ৰই হত্যা কৰি মৌৰ্য বংশৰ ৰাজত্ব আৰু ৰাজ্য ভাঙি ধ্বংসস্তূপলৈ পৰিণত কৰে ৷ পুষ্যমিত্ৰ সুংগই সম্পূৰ্ণ ৩২ বছৰ(১৪৮ খৃঃপূঃ) ধৰি একেৰাহে শাসন কৰে ৷ পুষ্যমিত্ৰই নিজৰ শাসন কালতে লাখ লাখ বৌদ্ধ ধৰ্মৰ লোকক হত্যা কৰে ৷ এজন বৌদ্ধ ধৰ্মীয়ৰ কটা মূৰ আনিব পৰা লোকক পুষ্যমিত্ৰই ১০০ নগ সোণ উপহাৰ দিছিল ৷ এই পুষ্যমিত্ৰ সুংগই শেষত "মনুস্মিতি" নামৰ এখন কিতাপ লিখি উলিয়ায় ৷ য'ত "শূদ্ৰ"ক সকলো মানৱীয় অধিকাৰৰ পৰা বঞ্চিত কৰা হ'য় ৷ পুষ্যমিত্ৰৰ দিনতে "ৰামায়ণ, মহাভাৰত" আদি গ্ৰন্থক নতুন ৰূপত, নতুন ঢংত লিখা হ'য় ৷ আৰু তেতিয়াৰ পৰাই ২০০০ বছৰ লৈকে "শূদ্ৰ"ই শিক্ষা আৰু ধন-সম্পতিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হ'য় ৷

আৰ্য্যই ভাৰতত প্ৰৱেশ কৰা দিনৰ পৰা আজিলৈকে ভাৰতীয় মুলনিৱাসী অনাৰ্য্য সকল সকলোতে বঞ্চিত ৷ সকলো আৰ্য্যই কুষিগত কৰি অনাৰ্য্যক শোষণ আৰু শাসন কৰি আছে ৷ ধৰ্মৰ নামত শূদ্ৰৰ শূদ্ৰৰ মাজতে সাম্প্ৰদায়িক সংঘাত, গোষ্ঠী সংঘৰ্ষ লগাই ইজনে সিজনক হত্যা কৰোৱাই আহিছে ৷ ধৰ্মৰ নামত মানসিক গোলাম কৰি ভাৰতীয় সমাজ আৰু প্ৰগতিক কুষ্ঠকানিষ্ঠ ৰোগলৈ ৰূপান্তৰ কৰিছে ৷ ইমানৰ পাছতো আৰ্য্যই একমাত্ৰ শোষণৰ অস্ত্ৰ কৰা কেৱল "হিন্দু ধৰ্ম"ক লৈ আমি উদ্বাওল কিয় ?? যৰ কোনো অস্তিত্বই নাই ৷৷


1 comment:

Thank you.