অসমীয়াৰ প্ৰভুত্বৰাজঃ জনজাতিৰ অস্তিত্বলৈ চৰম ভাবুকি -২



                                 (এক)
জনজাতীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা সকলঃ

অসমৰ পাহাৰীয়া কাৰ্বি, ডিমাছা জনজাতিয়ে ১৯৫২ চনত পোন প্ৰথমে সংবিধানৰ পঞ্চ আৰু ষষ্ঠ অনুসূচী অনুসৰি স্বায়ত্ব শাসনৰে নিজৰ মানুহৰ ৰাজনৈতিক আকাংশক বাস্তৱাতি কৰাবলৈ আগবাঢ়ি আহাত বৰ্ণহিন্দু জাত্যভিমান শাসক অসমীয়াৰ মাজত হাহাকাৰ হ'য় ৷

সাংবিধানিক গণ্ডিৰ ভিতৰত ভুমিপুত্ৰ জনজাতিয়ে নিজৰ অধিকাৰ হাতত লোৱাত ভাষিক অসমীয়াই নিজৰ অস্তিত্বৰ সংকটৰ শংকাত ৰাজ্যত বসবাস কৰা অন্যান্য জনজাতিৰ মাজত একতাৰ ভুৱা শ্ল'গান "আমি অসমীয়া" সন্মুখলৈ আনে ৷ এই শ্লগানৰ এটাই উদেশ্য আছিল যে পাহাৰীয়া জনজাতিৰ দৰে ভৈয়ামৰ জনজাতিয়ে পাব লগা স্বায়ত্ব শাসনৰ পৰা অন্য জনজাতিক নিলগাই বা পাহৰাই ৰখা ৷ ডিমাছা, কাৰ্বিসকলে পোৱা স্বায়ত্ব শাসন অসমৰ ভৈয়াম জনজাতিয়ে যাতে কেতিয়াও দাবী কৰিব নোৱাৰে তাৰ প্ৰতি শাসক অসমীয়া সচেতন হৈ পৰিল ৷ আৰম্ভ হ'ল জনজাতীয় নেতাৰ চেতনা আৰু সাংগাঠনিক ভোটি দুৰ্বল ষড়যন্ত্ৰ ৷

১৮৮৬ চনৰ অসম ৰাজহ আইনৰ দশ অধ্যায়ৰ অনুসৰি অসমৰ জনাজতীয় অঞ্চল সমূহ সুৰক্ষিত হ'ব লাগিছিল যদিও শাসক অসমীয়াই নিজৰ শোষণৰ পথ বন্ধ হ'ব ভাৱিয়েই সেই আইন কাৰ্যকাৰী নকৰিল ৷ ফলস্বৰূপে জনজাতীয় সংৰক্ষিত অঞ্চলত অ-জনজাতীয় লোকে পৰিপূৰ্ণ হোৱাত জনজাতিসকলৰ পৰিচয়, সাংস্কৃতি আৰু স্ব-ভূমি অস্তিত্ব সংকটত পৰিল ৷ ইয়াৰ পৰা শাসক অসমীয়াৰ দুটা লাভ হ'ল -- এক, জনজাতীয় জাতীয় উত্থানক অনুপ্ৰৱেশকাৰীৰ সমীকৰণৰে বিশৃংখল কৰি অৱদমন কৰি ৰখা ৷ দ্বিতীয়, অনুপ্ৰৱেশকাৰীক মূল অসমীয়াৰ পিৰালীৰ কাষত বহুৱাই নাম মাত্ৰ অসমীয়া পৰিচয়ৰে নিজৰ প্ৰভুত্ববাদী শাসনৰ বাঘজৰী ধৰি ৰখা ৷

                                  (দুই)
            কাৰ্বি আংলঙত দুজন শিল্পীৰ হত্যাঃ

➡ কাৰ্বি পাহাৰত ৮ জুনত(২০১৮) সংঘটিত "সোপাধৰা" কাণ্ডৰ পাছৰ কথাবোৰ বুজিব লাগিছিল কোনে? শিক্ষিত সকলে নে বৰ্বৰ দানৱ, জংঘলী, অসভ্য-অশিক্ষিত বিশেষণ জাপি কাৰোবাক সামাজিক ভাৱে হেয় জ্ঞান কৰিব খোজা সকলে বুজিব লাগিছিল ? শিক্ষিত লোকে আনক হেয় জ্ঞান কৰাৰ প্ৰধান কাম নেকি ?

➡ ৰাজ্যখনৰ আইন-শৃংখলা জনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দায়িত্ব কোন চিভিলাইজেনৰ হাতত আছে? গৃহ বিভাগ কাৰ হাতত? 

➡ সামাজিক ব্যাধি কেৱল ভুমিপুত্ৰ জনজাতিৰ মাজতহে আছে নেকি ? অন্ধবিশ্বাস, ডাইনী প্ৰথা কেৱল ভুমিপুত্ৰ জনজাতীয় সমাজতে আছে নেকি ?

➡ অসমত শিক্ষাৰ ক্ষেত্ৰত ভুমিপুত্ৰ জনজাতিসকল পিছপৰা বাবে জগৰীয়া কোন সকল ?

➡ প্ৰায় ৯৭ শতাংশ ভুমিপুত্ৰই মাতৃভাষা শিক্ষা মাধ্যমৰ পৰা বঞ্চিত হৈ অসমীয়া ভাষাৰে শিক্ষা গ্ৰহণ কৰা জনজাতি শিক্ষাৰ্থীৰ ভৱিষ্যত কিয় অন্ধকাৰ ? জনজাতিক নিজৰ মাতৃভাষা মাধ্যমৰ পৰা বঞ্চিত কৰা সকল কোন আৰু তেওঁলোকক অধিকাৰ কোনে দিলে ? 

➡  অসমৰ মেট্ৰিক আৰু হাইয়াৰ চেকেণ্ডৰী পৰিক্ষাত অসমীয়া মাধ্যমত পঢ়া জনজাতীয় শিক্ষাৰ্থীয়ে শীৰ্ষ দশম স্থান স্থান ল'ব নোৱাৰাৰ বাবে জগৰীয়া কোন?

➡ অসমৰ ভুমিপুত্ৰ জনজাতিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা ৰাজনৈতিক লোকসকল কোন ? পাঠ্যপুঠি সময়মতে যোগান নধৰা সকল কোন ?

➡ অসমৰ প্ৰশাসন যন্ত্ৰ কাৰ হাতত নিয়ন্ত্ৰিত ? ৰাজ্যৰ আৱকাৰী বিভাগ ক'ত ? মাদক দব্য কেৱল জনজাতি এৰিয়াতে সহজলভ্য নেকি ? শিক্ষিত লোকে মাদক দব্যৰ বিৰুদ্ধে সজাগত কাৰ্যসূচী কিয় গ্ৰহণ নকৰে ? এনজিঅ সমূহ ক'ত ? 

➡ জনজতীয় স্বয়াত্ব পৰিষদ সমূহৰ সাংবিধানিক স্বতন্ত্ৰতা ক'ত ? পৰিষদ সমূহক আইন প্ৰণয়ন আৰু প্ৰশাসন যন্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষমতা ৰাজ্য চৰকাৰে কিয় প্ৰদান কৰা নাই ?

➡ স্বয়াত্ব পৰিষদৰ নেতাই যদি দূৰ্নীতিৰে ধন আত্মসাৎ কৰিছে তেন্তে অসম চৰকাৰৰ হাতত নিয়ন্ত্ৰিত প্ৰশাসন যন্ত্ৰ ক'ত? চৰকাৰৰ দূৰ্নীতি নিবাৰক শাখা সমূহ ক'ত ? কিহৰ বাবে তেওঁলোক মৌন হৈ বহি থাকে ?

➡ অশিক্ষিত সমাজৰ ক্ষেত্ৰত শিক্ষিত সমাজৰ ভুমিকা কেনে ? শিক্ষিত অ-জনজাতিসকলে জনজাতিসকলৰ লগত একে ভৌগলিক আয়তনত থাকিও জনজাতিক অ-সভ্য হ'বলৈ এৰি দিয়াতো কিমান যুক্তি সংগত আচৰণ ? 

➡ আপোনালোকৰ শিক্ষিত সমাজৰ পৰা জনজাতি বৰ্গ লৈ বৰ্ণ বৈষম্যমূলক, প্ৰৰোচনামূলক, বিদ্বেষ, সাম্প্ৰদায়িক মন্তব্য-বাক্যবান নিক্ষেপ কিয় ?

➡ শিক্ষিত অ-জনজাতিয়ে জনজাতিক অ-শিক্ষিত অৱস্থাত এৰি নিজে সকলো ফালৰ পৰা শিক্ষিত হোৱা গৌৰৱটো কেনে মানৱীয় দৃষ্টিভংগী ?

➡ ভুমিপুত্ৰ জনজাতিৰ ৰাজনৈতিক আশা-আকংশা পূৰণ কৰা লোকসকল কোন ? জনজাতিৰ মৌলিক অধিকাৰ, জল-জমিন কাঢ়ি ভোগ কৰি থকাসকল কোন ? জনজাতিৰ অধিকাৰক সততে বিৰুধ কৰি অহা সকল কোন ?

➡ আন-চিভিলাইজ জনজাতিক তুচ্ছ-তাচিল্য কৰা চিভিলাইজ সমাজে কি কাৰণত ৰাজপথত ধৰ্ণ কৰি কৰি আন-চিভিলাইজ চ'ছাইটিৰ জনজাতি ষ্টেটাচ বিচাৰিছে ?

➡ চিভিলাইজ চ'ছাইটিৰ শিক্ষাবিদ সকলৰ শিক্ষণ সঁজুলিৰে আন-চিভিলাইজ চ'ছাইটিক শিক্ষা দিয়াৰ পাছতো আন-চিভিলাইজ চ'ছাইটিৰ বৌদ্ধিক বিকাশ উত্তৰণ নোহোৱাৰ বাবে জগৰীয়া কোন ?

➡ কাৰ্বি আংলংৰ "সোপাধৰা" কাণ্ডৰ পিছতে নগাঁৱত জনজাতীয় যুৱতী, মহিলা আৰু ব্যক্তিৰ ওপৰত সাম্প্ৰদায়িক আচৰণ, মানসিক অত্যাচাৰ, বৰ্ণ বৈষমূলক আৰু তাছিল্য মন্তব্যৰে ভয়-ভৃতিগ্ৰস্থ প্ৰদৰ্শন কৰা যুৱক সকল কেনে চিভিলাইজ চ'ছাইটিৰ পৰা অহা? 

অসমৰ শিক্ষিত, সভ্য সুধী সমাজে এই প্ৰশ্ন সমূহৰ সুদুত্তৰ দিব লাগিব ৷ এই প্ৰশ্ন সমূহৰ যথাযত সুদুত্তৰ দিব নোৱাৰিলে জনজাতিক চিভিলাইজ কৰা ঠিকা কামটো অসমীয়াই পৰিত্যাগ কৰা উচিত ৷ শিক্ষিত হৈ অশিক্ষিত বৰ্বৰ, জংঘলী জনজাতিক সভ্য কৰিব নোৱাৰিলে; এটা ঘটনাত জৰিত দুজন মানুহৰ অপৰাধক সমগ্ৰ সমুদায়ৰ লগত একাকাৰ কৰি দানৱ, বৰ্বৰ, জংঘলী বিশেষণৰে বিদ্বেষ বিয়পোৱাই আসমৰ ঐতিহ্যপূৰ্ণ জনজাতীয় গৰিমাক কলংক কৰি, জনমানসত হেয় কৰি তুলাচালনিত উঠোৱাৰ কোনো নৈতিক অধিকাৰ অসমীয়াৰ নাই ৷

                                 (তিনি)
   অসমীয়াইও জনজাতিৰ ওচৰত ক্ষমা খুজকঃ

জুন মাহৰ পহিলা সপ্তাহত কাৰ্বি আংলঙত সংঘতিত দুজন অসমীয়া শিল্পীদ্বয়ৰ "সোপাধৰা"ৰ নামত দুৰ্ভাগ্যৱশত জনতাৰ হাতত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে আচৰিত কৰি দুজনমান অপৰাধিৰ বাবে জনজাতিৰ ওপৰত জাতিগত অপৰাধ তথা সাম্প্ৰদাযিক বিদ্বেষ অসমীয়া সমাজৰ পৰা উফৰি আহিল ৷ এই ঘটনাৰ কিছুদিন পাছতে অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে মিলি শিল্পীদ্বয় ঘৰত উপস্থিত হ'য় ৷ কিন্তু আঁচৰিত কৰি কৰ্বি ছাত্ৰ সন্থাই উক্ত ঘটনাটোৰ বাবে দুজনমান অপৰাধিৰ হৈ  শিল্পীদ্বয়ৰ পিতৃ-মাতৃৰ ভৰিত ধৰি ক্ষমা খুজিব লগা পৰিস্থিতি হ'য় ৷

প্ৰশ্ন হ'য়…,
✔ কাৰ্বি পাহাৰত হৈ যোৱা ঘটনাটোত কাৰ্বি ছাত্ৰ সন্থা জৰিত আছিল নেকি যে সমগ্ৰ কাৰ্বি জাতিৰ হৈ সন্থাৰ সভাপতিয়ে ক্ষমা খুজিব লগা হ'ল ?
✔ ঘটনাৰ পাছত অপৰাধীক অসম আৰক্ষীয়ে আটক কৰিব পৰা নাছিল নেকি? যাৰ ফলত কাৰ্বি ছাত্ৰ সন্থাই শিল্পীদ্বয়ৰ ঘৰত গৈ কাৰ্বি জাতিৰ হৈ ভৰিত ধৰি ক্ষমা খুজিব লগা পৰিস্থিতি হ'য় ? 
✔ অসমত হোৱা ঘটনাটো আৰু ইয়াৰ পাছৰ সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱা অসমীয়াৰ বাবে আছুয়ে কিয় জনজাতিসকলৰ ওচৰত ক্ষমা নুখুজিল? 
✔ দুই এজন অপৰাধীৰ হৈ জনজাতীয় ছাত্ৰ সংগঠন সমূহে কাৰোবাৰ ওচৰত ভৰি ধৰি ক্ষমা খুজি থাকিব নেকি? 
✔ ঘটনাটোৰ পাছত অসমীয়াই সমগ্ৰ জনজাতিক কৰা বৈষম্যমূলক আচৰণ আৰু দুৰ্ব্যৱহাৰ কৰাৰ বাবে অসমীয়া জাতীয় সংগঠনে জনজাতিৰ ওচৰত ক্ষমা খুজিব নে? 
✔ ১৯৮৩ চনত গহপুৰত হোৱা ৫০০ জন বড়ো মানুহৰ হত্যাৰ বাবে কোনো অসমীয়া জাতীয় সংগঠনে অসমীয়াৰ হৈ আজিলৈকে বড়োসকলৰ ওচৰত ক্ষমা বিচাৰিলে নে? 
✔ ডিমা-ৰাজিত " আমি অসমীয়া" কোৱা জনজাতিকেইটাইয়ে আৰক্ষীৰ গুলিত নিহত হোৱাৰ পাছত কোনো অসমীয়া জাতীয় সংগঠনে অসমীয়াৰ হৈ জনজাতিৰ ওচৰত ক্ষমা বিচাৰিলে নে? 
✔ নেলী হত্যাৰ বাবে মুছলমানৰ ওচৰত অপৰাধীৰ হৈ অসমীয়া জাতীয় সংগঠনে  ক্ষমা বিচাৰিলে নে ?

অসমৰ জনজাতীয় ছাত্ৰ সংগঠন সমূহলৈ এইটোয়ে অনুৰোধ যে "সম্প্ৰতি-এনাজৰী"ৰ নাটক জনজাতীয় সাধাৰণ মানুহক নেদেখুৱাব ৷ আপোনালোকে সাধাৰণ জনজাতিৰ ভাগ্যনিয়ন্ত্ৰা নহ'য় ৷ যদি আপোনালোকে ভাগ্যনিয়ন্ত্ৰা নতুবা জনজাতিৰ প্ৰতি কিঞ্চিৎ কৰিছো বুলি ভাৱিছেই তেন্তে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা ভুমিপুত্ৰ জনজাতিৰ মৌলিক অধিকাৰ সমূহ পূৰণ হোৱাৰ ক্ষেত্ৰত হাতে-কামে সৰৱ হওঁক ৷ ৰাজ্যত শান্তি-সম্প্ৰতি ৰক্ষা কৰিবলৈ নিদিষ্ট আৰক্ষী বিভাগ আৰু প্ৰশাসন আছে ৷ পাৰিলে অসম চৰকাৰৰ এই বিভাগটো অধিক সক্ৰিয়, উন্নত কৰিবলৈ দাবী জনাওঁক ৷ যদি কোনবাই কৰা অপৰাধৰ বাবে সমগ্ৰ জাতিৰ হৈ ক্ষমা খুজাৰ ইচ্ছাই আছে তেন্তে ব্যক্তিগত ভাৱে যাওক; ক্ষমা খুজক ৷ জাতিৰ এটাৰ দায়িত্ব লৈ সমগ্ৰ জাতিটোকে অপৰাধত জৰিত থকাটো পতিয়ন নিয়াই ক্ষমা খুজিবলৈ আপোনালোকক কোনোয়ে ঠিকা দি থোৱা নাই ৷

                                   (চাৰি)
                            গোষ্ঠী সংঘাতঃ

২০০৮ -১২ চনত হোৱা বড়ো-মুছলমান গোষ্ঠী সংঘৰ্ষ কোনো নিদিষ্ট সংগঠনৰ সংঘাত নাছিল ৷ উক্ত গোষ্ঠী সংঘৰ্ষক কোনো সংগঠনে নেতৃত্ব দিয়া নাছিল ৷

প্ৰশ্ন হ'য়…,
দেশ কপোৱা অসমৰ গোষ্ঠী সংঘৰ্ষটোৰ নেতৃত্ব কোনবা মুছলমানে লৈছিল নেকি? নে কোনবা বড়োয়ে লৈছিল?

গোষ্ঠী সংঘৰ্ষৰ ফলত যেনিবা বিটিএডি বধ্যভুমি আছিল; ঠিক তেনেকৈ কাৰ্বি পাহৰাৰ ঘটনাটোকও নিশ্চয় অসমীয়া সমাজে কাৰ্বিভুমিক বধ্যভুমি বুলিয়েই ক'ব নিশ্চয় ৷ ইতিমধ্যে বহুতো উচ্চ শিক্ষিত অসমীয়া সমাজে সামাজিক মাধ্যমৰ চাইটৰে নিজৰ মনত, চৰিত্ৰত সুপ্ত হৈ থকা জনজাতীয় বিদ্বেষ, ঘৃণা প্ৰকট কৰিবলৈ নাপাহৰিল ৷

অসমীয়াই মনত ৰখা উচিত হ'ব যে, কাৰ্বিভুমিৰ ঘটনাৰ দৰে ২০১২ চনৰ বড়ো-মুছলমান সংঘৰ্ষৰ সময়ত অসমীয়াই ভুলতো শান্তি-সম্প্ৰতিৰ কথা কোৱা নাছিল ৷ আনকি অসমীয়া সংবাদ জগতে ধাৰাবাহিক ভাৱে সংঘৰ্ষত বড়ো আৰু মুছলমানক বিভ্ৰান্ত তথা বিদ্বেষপূৰ্ণ সংবাদ পৰিৱেশনৰে দুয়ো পক্ষক উত্তেজিত কৰিছিল ৷

গোষ্ঠী সংঘৰ্ষৰ ঘটনাক লৈ অসমীয়াৰ মাজত দুটা ভাগত বিভক্ত হৈছিল ৷ এটাই মুছলমানৰ, আন এটাই বড়োৰ ৷ দুটা ভাগত বিভক্ত হৈ অসমীয়াই বড়ো-মুছলমানৰ সংঘাতক অধিক ৰক্তাত কৰিবলৈ বিদ্বেষমূলক চক্ৰান্তত উঠি পৰি লাগিছিল ৷ তদুপৰি অসমীয়া সংবাদ জগতে উচতনিমূলক সংবাদ পৰিৱেশনৰে সংঘৰ্ষক জ্বলা জুইত তেল দি দুয়োটা গোষ্ঠীকে নিশেষ কৰিব বিচাৰিছিল ৷

তৃতীয়, ২০০৪ চনৰ ১৫ আগষ্ট দিনা ধেমাজি জিলাৰ এখন বিদ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তলন কৰিব যোৱা কণ কণ শিক্ষাৰ্থীক আলফাই বোমাৰে ছিন্ন ভিন্ন কৰি হত্যা কৰা কাণ্ডৰ বাবে অসম কিয় বধ্যভুমি নহ'য়? শিশু শিক্ষাৰ্থী হত্যা কাণ্ডত অসমীয়া যুৱক জৰিত নাছিল নেকি ? অসমীয়া বুদ্ধিজীৱি, সাংবাদিক, সাহিত্যিকে কি কাৰণে তেতিয়া আৰু এতিয়া অসমীয়া জাতিক হত্যাকাৰী জাতি সজাব নুখুজে? নিজকে হত্যাকাৰী বুলি স্বীকাৰ নকৰে কিয়?

                                 (পাঁচ)
                 অসমীয়া হোৱাৰ লাভ কাৰ ??

ভাষিক অসমীয়াৰ বাবে এইটো একেবাৰে অনৰ্থক লগা প্ৰশ্ন হ'ব পাৰে কিন্তু জনজাতীয়ে ইয়াৰ সুদুত্তৰ পোৱাটো বহু জৰুৰী ৷ অসম আন্দোলনতকৈ, অসম চুক্তিতকৈ বহু আগত অসমৰ জনজাতিক সুৰক্ষাৰ প্ৰয়োজন আছিল ৷ কিন্তু শাসক অসমীয়াই  প্ৰকৃত ভুমিপুত্ৰ অসমীয়া জনজাতিক অনা-অসমীয়া কৰিলে; অধিকাৰ হস্তক্ষেপ কৰি ৰাখিলে ৷

অসম আন্দোলনে জনজাতীয় স্বাৰ্থক এঘৰীয়া কৰিছিল ৷ সেই অসমীয়াই অসম চুক্তিটো জনজাতিৰ সমস্যাক কোনো স্থান নিদিলে; বিপৰীতে কেৱল অসমীয়া স্বাৰ্থক তেওঁলোকে আগুৱাই নিব ধৰিলে ৷

নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ জনতা আৰু শাসকে স্পষ্টকৈ দিল্লীক জনাইছে যে "নাগৰিক সংশোধনী বিধেয়ক" ২০১৬ ক তেওঁলোকৰ ৰাজ্যত কোনোপধ্যেই কাৰ্যকৰী কৰিব নিদিয়ে; কিন্তু অসম? পাহাৰীয়া ৰাজ্যকেইখনত সাধাৰণ জনতাই চৰকাৰ গঠন কৰিছে যিহেতু জনতাৰ মতামতক শাসকীয় পক্ষই দলীয় ৰাজনৈতিক স্বাৰ্থক আওকান কৰি কেন্দ্ৰীয় চৰকাৰক জনাই দিলে বিল বিৰুধী বজ্ৰ স্থিতি ৷ পিছে, অসমৰ শাসকেই অসমীয়াৰ ওপৰত বিশ্বাস নকৰে; সাধাৰণ অসমীয়াই শাসকক বিশ্বাস নকৰে ৷ তেনে এটা একতাহীন বিশৃংখল জাতিৰ লগত থাকি জনজাতিৰ অস্তিত্ব সুৰক্ষিত হ'ব নে? তেওঁলোকে জনজাতিৰ স্বাৰ্থক গুৰুত্ব দিব পাৰিব নে?

অসমত অসমীয়াৰ সংজ্ঞাই নাই ৷ সংজ্ঞাহীন জাতিয়ে অসমীয়া অসমীয়াৰে জনজাতীয় ভাষাৰ ওপৰত প্ৰভুত্ববাদ, দমনীয় মনোভাৱ পোষণ কৰি আহিছে ৷ অসমীয়া বৌদ্ধিক সমাজৰ "অসম সাহিত্য সভা"ই জনজাতীয় ভাষক অৱহেলা তথা স্বীকৃত নিদিয়া তাৰেই প্ৰমাণ ৷

"হিন্দু"ৰ না সভ্যতা আছে, না ধৰ্ম, না সাংস্কৃতি, না জাতি ৷ "হিন্দু" শব্দ না গীতাত আছে, না সংবিধানত আছে ৷ তথাপিও এই "হিন্দু" শব্দই বিশেষ সংখ্যালঘু উচ্চ বৰ্ণই নিজৰ ৰাজনৈতিক ক্ষমতা আৰু শাসনৰ স্বাৰ্থত ভাৰতৰ অগণন দলিত, অবিচি, এছটি, এচচি ধৰ্মান্ধ কৰি মুনাফা লুটি আহিছে ৷ 

অসমীয়াৰ ক্ষেত্ৰটো একে ৷ "অসমীয়া" বুলি নিদিষ্ট জাতি নাই, তাৰ পাছতো উচ্চ বৰ্ণ সকলে নিজকে অসমীয়া ক'য় ৷ জনজাতিক পিছপৰা বিশেষণ দিয়ে ৷ কিন্তু তেওঁলোকৰ ৰাজনৈতিক সংকট আহি পৰিলেই পিছপৰা জনজাতিক অসমীয়াৰ কাষত লাগে জনবলৰ শক্তি দেখুৱাবলৈ ৷ পাছত, অসমীয়াৰ স্বাৰ্থ পূৰণ হোৱাৰ লগতে জনজাতিয়ে নিজৰ অধিকাৰৰ কথা ওলালেই জনজাতিক দূৰলৈ গতিয়াই দিয়ে অসমীয়া নহ'য়, অসমীয়া ভাষা স্পষ্টকৈ নোকোৱাৰ অপৰাধত ৷

শাসক অসমীয়াই ভাৰতীয় ব্ৰাহ্মণ্যবাদী ৰাষ্ট্ৰীয় ৰাজনৈতিক শিৱিৰত থাকি অসমৰ জনজাতিৰ জল-জমিনৰ সকলো অধিকাৰ কুষিগত কৰি ৰাখিছে ৷ যাৰ ফলত ৰাষ্ট্ৰব্যৱস্থাত জনজাতিৰ প্ৰতিনিধিত্ব শূন্য ৷ কিন্ত এই বিষয়টোক তৰল আৰু নিজৰ শোষণকাৰী চৰিত্ৰ লুকুৱাবলৈ তেওঁলোকে অসমত ভাৰত ৰাষ্ট্ৰৰ উপনিৱেশবাদী শোষণৰ ভূৱা প্ৰতিছৱিৰে ঘৰিয়ালৰ চকু পানি দেখুৱায় ৷

ভাৰত ৰাষ্ট্ৰক শত্ৰু হিচাপে আঙুলিয়াই দিয়াসকল অসমীয়াই হ'য় ৷ তেওঁলোকেই নিজৰ ৰাষ্ট্ৰখনৰ বিৰুদ্ধে অস্ত্ৰ লোৱাৰ পোষকতা কৰে ৷ মুকলিকৈ ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হ'য় ৷ তেওঁলোকৰ সেই পথত পিছপৰা জনজাতিকো একে শাৰীতে ৰাষ্ট্ৰবিৰুধী কামলৈ লৈ যায় অসমীয়াৰ স্বাৰ্থত ৷

দেশৰ সাংসদত মাত্ৰ এজন জনজাতীয় প্ৰতিনিধিৰ বিপৰীতে অসমীয়াৰ বাবে আছে তেৰ জন জনপ্ৰতিনিধি ৷ দেৰ কোটি জনজাতিৰ বাবে এজন সাংসদ ! গতিকে জনজাতিৰ স্বতন্ত্ৰতাত কোনে আঘাত আৰু বিধি-পঠালি কৰি আহিছে? জনজাতিক নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিব নিদিয়া কেইটাও অসমীয়াই হ'য়, ভাৰত ৰাষ্ট্ৰ নহ'য় ৷