বিজেপি চৰকাৰৰ সংৰক্ষণ বিৰুধী স্থিতিঃ উচ্চ পদৰ নিযুক্তিত নাথাকিব সংৰক্ষণ


প্ৰধানমন্ত্ৰি কাৰ্য্যালয়(PMO) আৰু ডিপাৰ্টমেন্ট অফ্ পাৰ্চনেল এণ্ড ট্ৰেৰ্নিং(DoPT)ৰ নতুন ফৰ্মূলাঃ দেশৰ সাংবিধানিক পদসমূহৰ নিযুক্তিত নাথাকিব নীতি-নিয়ম !! 

দেশৰ কেন্দ্ৰীয় বিভাগৰ উচ্চ বিষয়া হ'বলৈ এতিয়াৰে পৰা কোনো পৰিক্ষাৰ বাধ্যবাধকতা নাথাকিব ৷ অৰ্থাৎ কেন্দীয় চৰকাৰৰ উচ্চ পদাধীকাৰিক বিষয়াৰ বাবে ইউপিচিএছৰ চিভিল চাৰ্ভিছ পৰিক্ষা উত্তীৰ্ণ হোৱা কোনো প্ৰয়োজন নাই ৷ ব্যক্তিগত কোম্পানীত কাম কৰা ছিনিয়ৰ বিষয়াও চৰকাৰৰ অংশীদাৰী হ'ব পাৰিব ৷ 

বহু প্ৰতিক্ষিত লেটৰ'ল এন্ট্ৰিৰ আনুষ্ঠানিক অধিসূঁচনাৰ ঘোষণা চৰকাৰে ইতিমধ্যে জাৰি কৰিছে ৷ যোৱা দেওবাৰে(১০ জুন, ২০১৮) এই পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত ডিপাৰ্টমেন্ট অফ্ পাৰ্চনেল এণ্ড টেৰ্ণিং ৰ সবিশেষ গাইড লাইনৰ লগত অধিসূঁচনা জাৰি কৰিছে ৷ চৰকাৰে ইয়াৰ বাবে সেৱা বিষয়ক নীতি-নিয়ম সাপেক্ষে প্ৰয়োজনীয় সাল-সলনি কৰিব ৷

দেশৰ দহটা বিশেষ গুৰুত্বপূৰ্ণ মন্ত্ৰনালয়ৰ যুটিয়া সচিব পদৰ নিযুক্তি বিজেপি চৰকাৰে বিজ্ঞপ্তি জাৰি কৰে ৷ এই পদসমূহ কেন্দীয় প্ৰশাসনিক বিভাগৰ সেই শ্ৰেণীৰ পদ যিয়ে দেশৰ নীতি নিৰ্ধাৰণ কৰাত বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে৷

চৰকাৰৰ বিজ্ঞপ্তিত কি আছেঃ
✔ উচ্চ পদত নিযুক্তি হ'বলৈ কোনো আনুষ্ঠানিক পৰিক্ষা নাথাকিব ৷
✔ নিযুক্তি প্ৰক্ৰিয়াত কোনোধৰণৰ সংৰক্ষণৰ নীতি প্ৰযোজ্য নহ'ব ৷ আৰ্থাৎ এই পদৰ নিযুক্তি সংৰক্ষণ মুক্ত ৷
✔ আৱেদনকাৰী যিকোনো ব্যক্তিগত নতুবা বিদেশী কোম্পানীৰ লগত জৰিত বিষয়া হ'ব পাৰে ৷

দেশত তীব্ৰ গতিত সকলো সাংবিধানিক নীতি-নিয়ম এটাৰ পাছত এটাকৈ উলংঘ হ'ব ধৰিছে ৷ উল্লেখনীয় যে, বিজেপি মন্ত্ৰি অনন্ত কুমাৰ হেগড়ে কৈছিল যে বিজেপিয়ে ক্ষমতালৈ আহিলেই দেশৰ সংবিধান সলনি কৰিব ৷ কেন্দ্ৰীয় বিভাগৰ উচ্চ বিষয়াৰ পদৰ বিজ্ঞাপনতেই এতিয়া বিজেপি চৰকাৰে নিজৰ আচল সংবিধান বিৰুধী চৰিত্ৰ স্পষ্টকৈ দেখুৱাব ধৰিছে ৷ সংবিধানৰ শপত লোৱা চৰকাৰেই স্বয়ং সংবিধান উলংঘা কৰা কামত লিপ্ত হৈছে ৷ এইয়া চৰকাৰৰ কেনে ন্যায় ?

বিজেপি চৰকাৰৰ দ্বাৰা উচ্চ পদত বাহাল কৰিব বিচৰা কাৰ্য্য পুনেপুনেই সংবিধান বিৰুধী ৷ চৰকাৰৰ এই নীতিত সংবিধানৰ 315 ৰ পৰা 323 লৈকে থকা অনুচ্ছেদ সম্পূৰ্ণকৈ উলংঘন হোৱা বুজাইছে যিটো ক্ৰমশঃ কেন্দ্ৰীয় আৰু ৰাজ্য লোকসেৱা আয়োগে হে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়াক নিয়ুক্তি দিব পাৰিব ৷

বিজ্ঞাপ্তি পদত সংৰক্ষণ নথকা অনুচ্ছেদ ১৫(৪) ক পুনেপুনেই উলংঘা কৰা হৈছে, য'ত বঞ্চিত লোকক চৰকাৰৰ দ্বাৰা বিশেষ গুৰুত্ব দিয়াৰ কথা উল্লেখ আছে ৷
অনুচ্ছেদ ১৬(৪) অনুসৰি, যিটো স্তৰলৈকে বঞ্চিত সমূদায় লোকসকল পৰ্যাপ্ত সংখ্যাধাৰী নহ'য় তেনে লোকক সংৰক্ষণ দিয়া ব্যৱস্থা আছে ৷ দেশত ST, SC, OBC বৰ্গৰ শ্ৰেণী পৰ্যাপ্ত সংখ্যাগৰিষ্ঠ নহ'য় ৷ সেয়ে এই নিযুক্তিত সংৰক্ষণ নথকাটোয়ে স্পষ্টকৈ সংবিধানৰ ১৬(৪)ক উলংঘন কৰিছে ৷ অনুচ্ছেদ ১৫, ১৬ নাগৰিকৰ মুল অধিকাৰ ৷ চৰকাৰে এতিয়া নাগৰিকৰ পৰা তেনে অধিকাৰেই কাঢ়ি ল'ব ধৰিছে ৷

ব্যক্তিগত কোম্পানী নতুবা বিদেশী কোম্পানীৰ কোনো বিষয়াক পোন-পোনেই দেশৰ মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ উচ্চ পদত নিযুক্তি দি চৰকাৰে চৰকাৰী নীতিক ব্যক্তিগতকৰণ কৰি কৰ্পৰেট গোষ্ঠীক হস্তান্তৰ কৰিব লোৱাটো অত্যন্ত উদ্বেগজনক বিষয় ৷ মন কৰিব লগীয়া যে, দেশৰ সাংবিধানিক পদত পৰীক্ষা অবিহনে নিযুক্তি দিয়া কাৰ্য সম্পূৰ্ণ ৰাজনৈতিক পক্ষপাতী ৷ অৰ্থাৎ দেশৰ গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ত চৰকাৰে দলীয় ৰাজনীতিৰ পক্ষপাতীত্বৰে অনুগত্য লোকক নিযুক্তি কৰিব লৈছে ৷ এয়া দেশৰ সংবিধান বিৰুধী, এনে ৰাজনীতিয়ে দেশৰ সংবিধানক সংকটলৈ মাজলৈ লৈ যাব ৷ গণতন্ত্ৰ অস্থিৰ হ'ব ৷

আমোলাতন্ত্ৰৰ শীৰ্ষ পদৰ প্ৰতি বৰ্তমান চৰকাৰৰ মনোভাৱ এক মাত্ৰ সংৰক্ষণ বিৰুধীত পৰিণত হোৱাৰ লগতে অভিজাত্যবাদী হৈ পৰিছে ৷ চৰকাৰৰ এনে কাৰ্যই দেশৰ আমোলাতন্ত্ৰৰ নিৰপেক্ষতা আৰু সাংবিধানিক স্বীকাৰ্যতাক শেষ কৰি ৰাজনৈতিক লাভালাভৰ পক্ষত সুবিধাজনক স্থিতি ৷ উক্ত বিজ্ঞাপনৰ বাহিৰেও চৰকাৰে পূৰ্ৱৰ ইউপিএছচিৰ আসন আৰু ইয়াৰ গৰিমাত নিজা সিধান্তৰে কাম কৰিছে ৷
উদাহৰণঃ---
চলিত বৰ্ষৰ UPSC ৰ দ্বাৰা উলিওৱা আসনৰ সংখ্যা 1291 ৰ পৰা কমি 782 টা হলগৈ যিটো 40% ক'ম ৷

ডিপাৰ্টমেন্ট অফ্ পাৰ্চনেল এণ্ড ট্ৰেনিং য়ে কিছু দিন পূৰ্ৱে এক চাৰ্কুলাৰ জাৰি কৰি কৈছিল যে IAS, IFS, IPS, IRS আদি পদৰ নিযুক্তি UPSC পৰীক্ষাৰ মেৰিট আধাৰত নহ'য়, আৰিয়েন্টেশ্বন প্ৰ'গাম ৰ আধাৰত হ'ব লাগে ৷ ইয়াৰ দ্বাৰাই এইটোয়ে যে, নিৰ্ণায়ক প্ৰশাসনিক বিভাগত ৰাজনৈতিক দলে নিজৰ লাভালাভৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ দলীয় অনুগত্য থকা ব্যক্তিক গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ উচ্চ পদবীত নিযুক্তি কৰিবলৈ লৈছে ৷

এইটো পৰিষ্কাৰ যে, আজি সংবিধান প্ৰদত্ত সংৰক্ষণ ব্যৱস্থা উলংঘাৰে দেশৰ শ্ৰেষ্ঠ প্ৰশাসনিক পদসমূহত ব্যক্তিগত কোম্পানী তথা বিদেশী কোম্পানীৰ বিষয়াক আমন্ত্ৰিত কৰা হৈছে ৷ UPSC ৰ দৰে সাংবিধানিক সংস্থাৰ ক্ষমতা তথা স্বায়ত্বতা ভৰিৰে মোহাৰি সংবিধানৰ আত্মাক দেশৰ পৰা উঘালি পেলাবলৈ গভীৰ চক্ৰান্ত হ'ব ধৰিছে ৷ বিজেপি চৰকাৰৰ এনে সংবিধান বিৰুধী, দেশ বিৰুধী কাৰ্যৰ বিৰুদ্ধে ঘোৰ বিৰুধ, নিন্দা কৰাৰ লগতে দেশৰ জনতাই চৰকাৰৰ এনে অবিবেচক নীতিৰ বিৰুদ্ধে তীব্ৰ বিৰুধ কৰা প্ৰয়োজন ৷ 

No comments:

Post a Comment

Thank you.