ভোটৰ পৰা ধনলৈঃ শাসকৰ ষড়যন্ত্ৰ


আমেৰিকাৰ মিছিগান ইউনিভাৰচিটিৰ প্ৰফেচৰ এলেক্স হেল্ডমেনে আমেৰিকান ইলেকচন কমিছনৰ আগত দেশখনত ইভিএমে জনতাৰ মতাধিকাৰক ঢকাধাৰি কৰাৰ কাৰচাজি দেখুৱাবৈ কমিছনৰ পৰা ইভিএম বিচাৰিলে ৷ কমিছনৰ অধিকাৰী সহিতে জনতাৰ সন্মুখত এলেক্স হেল্ডমেনে যেতিয়া ইভিএমক সহজে হেক কৰি দেখুৱালে তেতিয়া ইলেকচন কমিছনে এলেক্স হেল্ডমেনক সন্মানিত কৰি কমিছনৰ Recognition Department ত অনুসন্ধা বিষয়া হিচাপে নিযুক্তি দিয়ে ৷ আমেৰিকাই জনতাৰ সৰ্বোচ্চ ক্ষমতাক সন্মান জনাই ইভিএমক চিৰদিনৰ কাৰণে বিদায় দিলে ৷

ইভিএমৰ ওপৰত আমেৰিকান ইলেকচন কমিছনে লোৱা পদক্ষেপৰ বিষয়ে ভাৰতৰ হাইদৰাবাদৰ চ'ফ'টৱেৰ এক্সপাৰ্ট হৰি প্ৰসাদে জানিব পাৰি নিজা খৰচৰে এলেক্স হেল্ডমেন আৰু ৰ'বোট হেল্টিজেন নামৰ এজন নেদাৰলেণ্ডৰ হেকাৰক আমন্ত্ৰণ কৰি ভাৰতীয় নিৰ্বাচন আয়োগক ইভিএমৰ বিশ্বাসযোগ্যতা পৰিক্ষা(হেক) কৰি দেখুৱাবলৈ অৱেদন জনালে ৷ ভাৰতীয় নিৰ্বাচন আয়োগে হৰি প্ৰসাদৰ আৱেদনক খাৰিজ কৰি প্ৰতিত্তুৰত ইভিএম দিবলৈ অমান্তি হোৱাৰ লগতে ভাৰতত থকা ইভিএমত কোনো ধৰণৰ বিসংগতি নথকাৰ কথা বাৰম্বৰ দোহাৰিলে ৷ 

বছৰৰ পাছতো ভাৰতীয় নিৰ্বাচন আয়োগ হৰি প্ৰসাদৰ আৱেদনৰ বিপৰীত স্থিতিত অটল থকাত অত্যুহাসী হৰি প্ৰসাদে নিজৰ জীৱন আৰু কেৰিয়াক একাষৰীয়া কৰি মুম্বাইৰ অল্ড কাষ্টম হাউচৰ পৰা এটা ইভিএম পৰীক্ষাৰ বাবে উলিয়াই আনিবলৈ সক্ষম হ'য় ৷ ইভিএম পাইয়ে হৰি প্ৰসাদে নিজৰ টিমৰ সৈতে ইভিএমৰ বিশ্বাসহীনতা তথা হেকিং হোৱাৰ তথ্য ফাদিল কৰিলে যে ৰাজকীয় অতিথ্য প্ৰাপ্ত লোকে সহজে ইভিএম হেক কৰিব পাৰে ৷ হৰি প্ৰসাদে ইভিএম হেকিং হোৱা সকলো ভিডিঅ' নিজা ৱেবচাইটত দিয়াৰ ওপৰি তথ্য পাতিৰে গৱেষণা পত্ৰ তৈয়াৰ কৰি তাক প্ৰকাশ কৰিলে ৷ এই খবৰ মিডিয়াৰ যোগেদি ভাৰতীয় নিৰ্বাচন আয়োগৰ কাণত গৈ পৰিল ৷ পৰিণাম হৰি প্ৰসাদে ইভিএম চুৰিৰ অপৰাধত জেল যাব লগা হ'ল ৷

দুখন দেশৰ দুটা বাস্তৱ আৰু সম্পূৰ্ণ বিপৰীত ঘটনা ৷ এখন দেশে ইভিএমৰে বিশ্বাসহীনতাক দলিয়াই জনতাৰ সৰ্বোচ্চ ভোটাধিকাৰক সন্মান আৰু সুৰক্ষা দিয়া ব্যৱস্থা আৰু আনখন দেশত জনতাৰ জনমতক কবৰ দিয়া ব্যৱস্থা ৷ যিজন ব্যক্তিয়ে ইভিএমৰ চৰিত্ৰ পৰিক্ষাৰে নিৰ্বাচন আয়োগ, জনতাৰ চকু, জ্ঞান মেল খুৱালে সেই ব্যক্তিক আমেৰিকাই সন্মানৰে সন্মানীত কৰি বিষয়া নিযুক্তি দিব পাৰিলে; কিন্তু ভাৰতৰ দৰে লোকতান্ত্ৰিক দেশত ইয়াৰ বিপৰীতে সত্য আৱিস্কাৰ কৰা ব্যক্তিক জেললৈ নিক্ষেপ ৷ কিয়? 

সন্মানৰ ঠাইত অপমানীত হোৱা হৰি প্ৰসাদে জেলৰ পৰা ওলোৱাৰ পাছত তেওঁলৈ পুনৰ আমেৰিকাৰ পৰা আমন্ত্ৰন আহিল আৰু আমেৰিকাৰ চান ফ্ৰানঞ্চিকোৰ ইলেক্ট'নিক ফ্ৰ'ন্টিয়াৰ ফাউণ্ডেচন নামৰ এটা সংস্থাই ভাৰতীয় ইভিএমৰ ওপৰত গৱেষণা কৰাৰ কাৰণে হৰি প্ৰসাদক ২০১০ ৰ সন্মানে সন্মানিত কৰে ৷

২০১০ ত হোৱা হৰি প্ৰসাদ কাণ্ডৰ পূৰ্বেও বিজেপি দলৰ লালকৃষ্ণ আদৱানী, নৰসিংহ ৰাও, সুব্ৰমণীয়াম স্বামী আদি নেতাবৰ্গই বহু দিন পূৰ্ৱেই ইভিএম হেক হোৱাৰ ওপৰত গুৰুত্বৰ আপত্তি দৰ্শাই আহিছিল যদিও তেওঁলোকে ইভিএম হেকিংৰ কোনো কাৰিকৰি তথ্য দেখুৱাব পৰা নাছিল ৷ কিন্তু যেতিয়া হৰি প্ৰসাদে তেওঁলোকৰ আপত্তিক বাস্তৱ কৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ ইভিএমক হেক কৰা ভিডিঅ মেলি দিবলৈ সক্ষম হ'ল তেতিয়া সেই সময়ৰ নিৰ্বাচন আয়োগৰ আয়ুক্ত নবীন চাৱলা একপ্ৰকাৰ সচকিত হৈ পৰিল আৰু চতুৰামিৰে ইভিএম হেকিঙৰ বিষয়টো কাষৰীয়াকৈ থৈ ইভিএম চুৰ কৰা অপৰাধত হৰি প্ৰসাদক জেললৈ নিক্ষেপ কৰিলে ৷

২০১০ ত হৰি প্ৰসাদে যেতিয়া ইভিএম হেক কৰি দেখুৱাইছিল তেতিয়া নৱীন চাৱলা ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল ৷ ভাজপা চৰকাৰৰ দিনত বিত্তমন্ত্ৰি হোৱা যছৱন্ত সিং আৰু বহু whistleblowers য়ে এইজন নবীন চাৱলাৰ বিৰুদ্ধে প্ৰৱঞ্চকৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াত দুৰ্ঘোৰ আপত্তি দৰ্শাইছিল ৷ অভিযোগ উঠিছিল যে নবীন চাৱলা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ মানুহ; জয়পুৰত নবীন চাৱলাই বিনা পইচাই মাটি অৱন্টিত পোৱা, জয়পুৰ আৰক্ষী থানাত নবীন বিৰুদ্ধে ৰুজু হোৱা গোচৰ ইত্যাদি ৷ এই আটাইবোৰ বিষয় ৰাষ্ট্ৰপতি পৰ্যন্ত পাইছিল গৈ কিন্তু মুৰকত নবীনৰ বিৰুদ্ধে হোৱা অভিযোগ-প্ৰতিভিযোগে একো কৰিবলৈ সক্ষম নহ'ল, বৰঞ্চ নিজৰ নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল সফল সমাপ্তি কৰিছিল হৰি প্ৰসাদক জেললৈ নিক্ষেপ কৰা পুৰস্কাৰ হিচাপে ৷ এই সকলোবোৰ ঘটনা কংগ্ৰেছৰ শাসন-আমোলক হৈছিল ৷ ইয়াৰ পছত আঁচৰিত কৰি ইভিএমৰ ওপৰত ট্ৰেঞ্চপাৰেঞ্চিৰ অভিযোগ অনা বিজেপিৰ লালকৃষ্ণ আদৱানী, নৰসিংহ ৰাও, সুব্ৰমণীয়াম স্বামী চুপ ৷ ইভিএমৰে ২০১৪ ৰ নিৰ্বাচন কংগ্ৰেছ পৰাজয় হোৱাত বিজেপিয়ে নিজেই অভিযোগ কৰা ইভিএমৰে নিৰ্বাচত জয়ী হৈ চৰকাৰ গঠন কৰে ৷ কি মিৰাকল ! 

মজাৰ বিষয়টো হ'ল যে ভাৰতীয় নিৰ্বাচন আয়োগে নিজৰ ভেজাল ইভিএম আফ্ৰিকাৰ কেনিয়া চৰকাৰক বিক্ৰী কৰি কেনিয়াৰ নিৰ্বাচনত ভাৰতীয় ইভিএম ব্যৱহাৰ কৰালে ৷ যেতিয়া বহুজন সমাজ পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে ২০১৭ ত ইভিএম হেকৰ জৰিয়তে নতুন চৰকাৰ গঠন হোৱা অভিযোগ আনিলত ২০১০ ত ইভিএমক লৈ গৱেষণা কৰা একাংশই টুপনি পৰা সাৰ পাই উঠি ভাৰতে কেনিয়া চৰকাৰক বিক্ৰী কৰা ইভিএম লৈ হেক হোৱা বিষয়টো ৰাজহুৱা কৰি দেখুৱাবলৈ সাজু হ'ল কিয়নো ভাৰতৰ নিৰ্বাচন আয়োগে ইভিএম হেকিংৰ বিষয়টো কোনো পধ্যেই মানি নলৈছিল আৰু ইভিএম কাকোকে স্পৰ্শ কৰিব দিয়া নাছিল ৷ যেতিয়া এই বিষয়ে নিৰ্বাচন আয়োগে জানিব পাৰিলে যে কোনো লোকে কেনিয়াত আহি ভাৰতে বিক্ৰী কৰা ইভিএম বিশ্বাসহীনতা প্ৰদৰ্শন কৰিব, তেতিয়া নিৰ্বাচন আয়োগে কেনিয়া চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰি সকলোকে তাৰ পৰা খেদাই পঠিয়ালে ৷ পলোৱাৰ ভিতৰত বৰ্তমানৰ কেজৰীৱালৰ পাৰ্টিৰ কিছু নেতাও মজুত আছিল ৷ তেওঁলোকেই খুন্ন হৈ ইভিএমৰ এক ডেম' তৈয়াৰ কৰি দিল্লী বিধানসভাৰ ভিতৰত ইভিএমক সহজে ৯০ ছেকেণ্ডৰ ভিতৰত হেক কৰি দেখুৱাইছিল ৷

দিল্লী বিধানসভাত হোৱা ইভিএমৰ ডেমত হেকিং হোৱা বিষয়টোয়ে প্ৰচাৰ পাব ধৰাত ভাৰতীয় নিৰ্বাচন আয়োগৰ বাবে ভয় আৰু শংকা হব ধৰিলে ৷ শেষত উপায়ন্তৰ হৈ নিৰ্বাচন আয়োগে ইভিএমৰ টেঞ্চপাৰেঞ্চিক লৈ প্ৰতিটো ৰাজনৈতিক দলকে আমন্ত্ৰণ কৰি বিষয়টো পৰিক্ষা কৰি দেখুৱালৈ জনায় ৷ যেতিয়া সকলো সকলোয়ে নিৰ্বাচন আয়োগৰ পালেগৈ তেতিয়া আয়োগে পৰীক্ষাৰ নামত কাকোকে ইভিএমকে হাতৰে স্পৰ্শ কৰিবলৈ অনুমতি নিদিলে ৷ মোচিন স্পৰ্শ নকৰাকৈ, যন্ত্ৰ-পাতি স্পৰ্শ নকৰাকৈ পৰিক্ষা সম্ভৱ নোহোৱা যুক্তিও নিৰ্বাচন আয়োগৰ সিদ্ধান্তক লৰচৰ কৰিব নোৱাৰিলে ৷ ফলত নিৰ্বাচন আয়োগৰ চতুৰামিত সকলোয়ে বিফল মনোৰথ লৈ উভতি আহিব লগা হ'য় ৷ আয়োগৰ এই নাটকীয় কাণ্ডৰ বিষয়টোত প্ৰত্যক্ষদৰ্শী হিচাপে প্ৰচাৰ মাধ্যম আছিল যদিও আয়োগৰ চক্ৰান্ত সম্প্ৰচাৰ কৰাতকৈ তেতিয়া মিডিয়া হাউচে ৰাজনৈতিক দলৰ ত্ৰিৰংগা যাত্ৰাক হে সম্প্ৰচাৰ কৰিল ৷

নবীন চাৱলা ২০১০ ত মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা সময়তে ডেপুটি ইলেকচন কমিছনাৰ আলোক শুক্লাই আমেৰিকাত ইভিএম ওপৰত হোৱা এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ যায় ৷ উক্ত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আলোক শুক্লাই ভাৰতীয় নিৰ্বাচন আয়োগৰ হৈ নিৰপেক্ষ, পাৰদৰ্শি আৰু সুৰক্ষিত নিৰ্বাচনৰ অনুষ্টিত কৰোৱাৰ লগতে ভাৰতীয় ইভিএম অতি সুৰক্ষিত হোৱাৰ দাবীৰে যুক্তি আগবঢ়ালে ৷ কিন্তু একে সন্মিলনত ভাৰতৰ হৰি প্ৰসাদৰ লগত ভাৰতীয় ইভিএম ট্ৰেঞ্চপাৰেনচিৰ গৱেষণা কৰা হেল্ডমেনে শুক্লাৰ মিথ্যাচাৰক বিশ্ববাসীৰ আগত উদঙাই হৰি প্ৰসাদক জেললৈ নিক্ষেপ কৰা কথা ৰাজহুৱা কৰে ৷ ইয়াৰ পাছতে নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তগৰাকীক আসনৰ পৰা অপসাৰিত কৰা হ'য় ভাৰতত ইভিএম নিষিদ্ধ হ'ল হ'য় ৷ বিপৰীতে নবীন চাৱলাই বিভিন্ন অভিযোগত লিপ্তৰ হোৱাৰ পাছতো কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীৰ কৃপাত নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তৰ আসনত অনায়সে বহি থাকিল আৰু ভাৰতত ইভিএম নিষিদ্ধৰ কথাটো চিৰদিনলৈ তল পৰি ৰ'ল ৷

ধন লুট; ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চকুৰ সন্মুখত PNB কাণ্ডঃ

ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ওৰ্জিত পেটেল পূৰ্বে মুকেশ আম্বানীৰ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিৰ বিজনেচ ডেভলপমেন্টৰ অধ্যক্ষ পদত আছিল ৷ অধক্ষ্য পদত থাকোতেই মালিক মুকেশ আম্বানীৰ ভতিজীৰ বিয়া নিৰৱ মোডীৰ সতিয়া ভায়েক লগত হ'য় ৷ সমগ্ৰ বিষয়টো পৰিয়াল সম্বন্ধয়ী হৈ পৰে ৷

ইডি; এনফৰ্চমেন্ট ডাইৰেক্টৰচৰ অনুসন্ধান কাণ্ডঃ
ইডিয়ে ঘটনাটো জানিব পাৰি কৈছিল যে, ঘটনাৰ পাছতে ইডিয়ে কৰা অনুসন্ধানত নীৰৱ মোডীৰ ডায়মণ্ড শ্ব'ৰোমৰ পৰা 5000 কোটিৰ হীৰা জব্দ কৰে ৷ কিন্তু মজাৰ কথাটো হ'ল যে, নীৰৱ মোডীয়ে প্ৰথমে নিজৰ পত্নীক, তাৰ পাছত নিজৰ ভাগীন আৰু শেষত নিজে এক জানুৱাৰীত গোপনে দেশ ত্যাগ কৰি গুছি গৈছিল ৷ নীৰৱ মোডীয়ে যাওতে যাওতে ঘৰত 5000 কোটিৰ হীৰা এনেই মুকলিকৈ এৰি থৈ যোৱাৰ কথা কোৱাটো ইডিৰ কেনে সাথঁৰবাজী ??

কেন্দ্ৰীয় সতৰ্কতা আয়োগে কিয় পঞ্জাৱ ঘোটালাৰ সম্পৰ্কে আগতীয়া খবৰ পাবলৈ সক্ষম নহ'লঃ 
কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ অধ্যক্ষ মাননীয় কে ভী চৌধুৰী ৷ এখেতৰ দেশভক্তি এয়াই যে, চাহাৰা-বিৰলা কেচত নৰেন্দ্ৰ মোডীৰ 40 কোটি টকীয়া ঘোচ কাণ্ডৰ যিটো নাম গোন্ধাইছিল সেই "মোডী ঘোচ"ক লুকুৱাবলৈ বিষেশ তৎপৰতাৰ দায়িত্ব পালন কৰিছিল ৷ তেওৱেই বিগত বৰ্ষত তিনিটাকৈ পুৰষ্কাৰ পঞ্জাৱ নেচনেল বেংকক আগবঢ়াইছিল বেংকে দেখুৱা স্বচ্ছ-নিকা তথা পাৰদৰ্শী কৰ্তৃত্বত ৷ পিছে ভূতৰ দুলিত সৰিয়হ ! 

পঞ্জাৱ কাণ্ডক লৈ চিবিআইৰ অজ্ঞতাঃ 

চিবিআইৰ গুজৰাট বিষয়া ৰাকেশ আস্থানাক স্পেচেল ডাইৰেক্টৰ অৰ্থাৎ ডাইৰেক্টৰতকৈ উপৰৰ ডাইৰেক্টৰৰ আসন বহুৱালে মোডী চৰকাৰৰ দ্বাৰা ৷ এখেতৰো যোগ্যতা এয়াই আছিল যে, চিবিআইয়ে খুদ 2000 কোটিৰ মণি লণ্ডিং গোচৰত বিচাৰ-খুচৰ কৰি আছিল আস্থানী স্পেচেল ডাইৰেক্টৰ আসনত অধিস্থিত হোৱাৰ পূৰ্ৱে ৷ চিবিআইয়ে যিজন অপৰাধীক বিচাৰি আছিল সেই অপৰাধীয়েই ডাইৰেক্টৰৰ আপত্তি সত্বেও চিবিআই মূৰত গৈ বহিল ৷

বিজয় মালিয়াৰ বিদেশ পলায়নঃ

মাননীয় চৰকাৰে দেশৰ সকলো বিমান বন্দৰ, জাহাজঘাটত সতৰ্কতা ঘোষণা কৰি বিজয় মালিয়া পলাব নোৱাৰা ব্যৱস্থা কৰিলে ৷ তাৰ পাছতো ১৭ টা টকা ভৰ্তি চুটকেচৰ সৈতে অতি সহজে দেশক টাটা গুডবাই কৰিছিল বিজয় মালিয়াই ৷ কেনেকৈ? যেতিয়া চৰকাৰক এই প্ৰশ্ন সুধাত কলে যে লুক আউট পলিচিত ঘটা খেলিমেলিৰ বাবে বিজয় পলাল, যাৰ ফলত বিষয়াসকলে বিজয় পলোৱাৰ প্ৰত্যক্ষ কৰিও হাতে লুটে ধৰি বাধা দিব পৰা নাছিল ৷

আম্বেদকাৰে কৈছিল, "যি কোনো দেশৰে সংবিধান অন্তত বেয়া বুলি প্ৰমাণিত হ'ব যদিহে সেই সংবিধান প্ৰয়োগ কৰাসকল দুষ্ট প্ৰকৃতিৰ হ'য় আৰু বেয়া সংবিধানো শুদ্ধ প্ৰমাণিত হ'ব যদিহে সেই সংবিধান পালন কৰা সকল সভ্য হ'য় ৷"

নেদাৰলেণ্ডত ইভিএম "Lack of Transparency" ৰ ফলত নিষিদ্ধ ৷
৫১ মিলিয়ন ধন খৰচৰে আয়াৰলেণ্ডে ইভিএমৰ ওপৰত তিনিবছৰ পৰিক্ষাৰ কৰাৰ অন্তত মেছিনৰ Junk থকাৰ কথা ঘোষণা কৰি ইভিএম নিজৰ দেশত নিষিদ্ধ কৰে ৷
জাৰ্মানীত ইভিএম দেশৰ সংবিধান বিৰুধী হোৱাত ইয়াৰ ব্যৱহাৰত নিষিদ্ধ ঘোষণা ৷
ইটালীয়ে ই-ভোটিংও বন্ধ, ভোট হিচাপত দেখুওৱা খেলিমেলিত ৷
আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লগতে অন্যান্য ঠাইত ইভিএমৰ সৈতে "Paper trail" মেছিন নথকাত প্ৰযোগ নিষিদ্ধ ৷
CIA এজেঞ্চিৰ বিশেষজ্ঞৰ মতে, ভেনিজুৱেলা, মেকডনীয়া আৰু ইউক্ৰেইন আদি দেশত ইভিএমত হোৱা ৰেগিং ৰ বাবে নিৰ্বাচনত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ ৷
ইংলেণ্ড আৰু ফ্ৰাঞ্চতৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ নিষিদ্ধ ৷

জাৰ্মানী, জাপান, নেদাৰলেণ্ড, ইংলেণ্ড, ফ্ৰাঞ্চ আদি বিকাশিত দেশে বেলট পেপাৰৰে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিছে কিন্তু ৮০ কোটি ভোকে লঘোনে থকা দৰিদ্ৰ, গৰিবৰ দেশ ভাৰতত শাসক বৰ্গই ইভিএম ইলেক্টনিক মেছিনৰে বিলাসী তথা ষড়যন্ত্ৰকাৰী নিৰ্বাচন অনুষ্ঠিত কৰে ৷

এতিয়া প্ৰশ্ন হ'য় যে, ভৰতত ইভিএমক লৈ তুমুল বিতৰ্ক হৈ থকাৰ পাছতো নিৰ্বাচন কণ্ডাক্ট কৰোৱাৰ সাধন কিয় ? এই মৌলিক প্ৰশ্নৰ আঁৰতে সকলো উত্তৰ লুকাই আছে ৷ যেতিয়া ইউৰোপৰ সকলো দেশে ইভিএম ব্যৱহাৰ কৰা অস্বীকাৰ কৰিছিল সেই সময়ত ভাৰতবৰ্ষত পিছপৰা বৰ্গৰ মাজত নৱ ৰাজনৈতিক চেতনা জাগৃত হ'ব ধৰিছিল ৷ এইটো সকলোয়ে জানে যে দেশত জৰুৰী কালৰ কাৰণ জেপি আন্দোলন নাছিল বৰঞ্চ জেপি আন্দোলনক নেতৃত্ব দিয়া সামাজিক বৰ্গৰ মাজত ক্ষমতাৰ লালসাহে উদ্ভৱ হ'ল ৷ তেতিয়া ১৯৭৫ চন আছিল ৷ জৰুৰী অৱস্থাৰ পাছত গঠন হোৱা চৰকাৰখনে নিৰ্বাচনৰ পূৰ্ৱে দেশত কাকা কালেলকৰ কমিছনৰ প্ৰস্তৱসমূহ কাৰ্যকৰী কৰা প্ৰতিশ্ৰুতি দিছিল যিটোৰ বাবে দেশত সংঘৰ্ষ সৃষ্টি হৈছিল ৷ যেতিয়া এই কমিছন হৈছিল তেতিয়া এই কমিছনক বুজিব পৰাকৈ দেশত পিছপৰা বৰ্গৰ পৰা কোনো নেতা নাছিল ৷ উল্লেখনীয় যে একমাত্ৰ বাবা চাহেব আম্বেদকাৰৰ কাৰনেহে এই কাকা কালেলকৰ কমিছন বনোৱা হৈছিল ৷ কিন্তু জেপি আন্দোলনৰ পাছত পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক চৈতন্যই বৃহৎ ৰাজনৈতিক সমীকৰণে প্ৰভাম্বিত কৰিবলৈ ধৰে আৰু পৰিস্থিতি এনে হ'ল যে জনতা দলে নিজৰ ৰাজনৈতিক মেনুফেষ্টত বিষয়টো ৰাখিব লগা হ'য় ৷ পাছত জনতা দলে চৰকাৰ গঠন কৰাত মণ্ডল আয়োগ গঠন হ'য় ৷

সমাজৰ পিছপৰা শ্ৰেণীৰ মাজত বাঢ়ি অহা ৰাজনৈতিক চেতনাৰ ফলত উচ্চ শসক বৰ্গৰ সচকিত হৈ পৰিল ৷ তেওঁলোকে ভাৱিলে যে এনেদৰেই যদি সমাজৰ পিছপৰা শ্ৰেণীয়ে ৰাজনৈতিক উত্থানৰে নিজৰ অধিকাৰ মজবুট কৰিবলৈ সক্ষম হ'য় তেন্তে নিজৰ শাসনৰ সত্বা নিশেষ হবলৈ বেছি পৰ নালাগিব ৷ ঠিক তেনে সময়তে ১৯৭২ চনত কাশীৰাম নামৰ এজন দলিত ৰাজনৈতিক নেতাই ভাৰতৰ দলিত, শুদ্ৰ, কুমাৰ, তেলী, অনুসূচীত জাতি আৰু জনজাতিক লৈ "বামছেফ" ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গঠন কৰিলে আৰু তেতিয়াই কংগ্ৰেছ আৰু তেতিয়াৰ জনতা দলত থকা ব্ৰাহ্মণ নেতৃত্বৰ ভয় হ'ল ৷ কাশীৰামৰ ৰাজনৈতিক তত্বাৱধানত সমাজৰ পিছপৰা শ্ৰেণীৰ সামাজিক চেতনা ফলত গঢ় লৈ উঠা ৰাজনৈতিক চেতনাৰ উত্থানে উচ্চ জাতিৰ নিয়ন্ত্ৰণ থকা ৰাজনৈতিক দলসমূহৰ ভৱিষ্যাত অন্ধকাৰৰ দিশে আৰু অধিক ধাৱমান কৰিলে ৷ আৰু ইয়াৰ পৰাই ভাৰতৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰৰ খেল আৰম্ভ হ'য় ৷

দেশৰ ৰাজ্যৰ ভিতৰত কেৰেলাত ১৯৮২ ত বিধানসভা নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হ'য় ৷ শাসকীয় বৰ্গই নিজৰ ক্ষমতা অক্ষুন্ন ৰখাৰ স্বাৰ্থত বিভিন্ন ষড়যন্ত্ৰে কেৰেলাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰে ৷ ভাৰতে যি সময়ত ইভিএমৰে নিজৰ দেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে ঠিকে তেনে সময়তে আয়াৰলেণ্ডত ইভিএমৰ ওপৰত বিবাদ চলি আছিল ৷ ইপিনে একে সময়তে বৃটেইনৰ সাংসদেও ইভিএমক অস্বীকাৰ কৰিব ধৰিলে ৷ দেশ-বিদেশৰ বিবাদ আৰু আপত্তিৰ পাছতো ভাৰতীয় নিৰ্বাচন আয়োগে দেশত ইভিএমৰে নিৰ্বাচন অনুষ্ঠিত কৰাটো আৰ্চয্যজনক আছিল ৷

১৯৮৪ চনত যেতিয়া পিছপৰা শ্ৰেণীৰ পৰা অহা ৰাজনৈতিক নেতৃত্বই "বহুজন সমাজ পাৰ্টি"(এতিয়াৰ উত্তৰ প্ৰদেশৰ মায়াৱতীৰ দল) গঠন হ'ল তেতিয়া  উচ্চ বৰ্ণৰ শাসক আৰু অধিক সচকিত হ'ল ৷ ভাৰতবৰ্ষৰ অধিকাংশ পিছপৰা শ্ৰেণীৰ লোকে যদি BSPৰ কনচেপ্ত স্বীকাৰ কৰি লয় তেনোহলে উচ্চ বৰ্ণৰ শাসকীয় ৰাজনৈতিক প্ৰভুত্ব দিনতে এন্ধাৰ হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিল ৷ আৰু তেতিয়াই উচ্চ বৰ্ণৰ শাসক বৰ্গই ১৯৮৪ চনত "People Representative Act - 1951" সংশোধনৰে ইভিএমক বেলট পেপাৰৰ বিকল্প কৰিবলৈ মনস্থ কৰিলে ৷

ভাৰতীয় গণতন্ত্ৰত ইলেক্ট্ৰনিক ভোটিং মেছিন প্ৰয়োগ কৰাটো এক গভীৰ ষড়যন্ত্ৰ ৷ যিটো সময়ত সমগ্ৰ ইউৰোপে নিৰ্বাচনত ইভিএম  প্ৰয়োগ কৰাত অস্বীকাৰ কৰিলে সেই সময়তে ভাৰতত ইয়াৰ প্ৰয়োগ নিশ্চয় ষড়যন্ত্ৰ ৷ ইভিএম প্ৰয়োগক লৈ সমগ্ৰ বিশ্বতে বিবাদ চলি থকাৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে ভাৰতীয় লোকতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে গৈ কি কাৰণৱশত ইভিএম দেশলৈ আনিলে এইটো এটা বৃহৎ ডাঙৰ প্ৰশ্ন ৷ এই প্ৰশ্নৰ আঁৰত থকা উত্তৰ প্ৰতিজন নাগৰিকে জনাটো অত্যন্ত জৰুৰী ৷ তদুপৰি বিভিন্ন দেশত ইভিএম বিবাদ চলি থকাৰ সময়তে ভাৰতত সামাজিক ভাৱে পিছপৰা শ্ৰেণীৰ মাজত ৰাজনৈতিক  বৈপ্লৱী চেতনা জাগ্ৰত আৰু নিৰ্মাণ আৰম্ভ হ'ব ধৰে ৷ পিছপৰা শ্ৰেণীৰ জাগ্ৰত, নিৰ্মাণৰত ৰাজনৈতিক চেতনা দেখি ভয় খোৱা শাসকীয় বৰ্ণকুলে নিজক সুৰক্ষিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বিবাদ চলি থকাৰ পাছতো দেশলৈ ইভিএম আনিবলৈ কোনো বিচাৰ নেৰিলে ৷ দৰিদ্ৰ, ভোকাতুৰ জনতাক শোষণ কৰিবলৈ শাককীয় বৰ্ণকুলক সেই সময়ৰ পিছপৰা লোকৰ ৰাজনৈতিক চেতনাক ৰুদ্ধ কৰিবলৈ "চাম দাম দণ্ড ভেদ" নীতি অতিকৈ আৱশ্যক আছিল ৷

                                                          মূলঃ হিন্দী