ভাৰতীয় দণ্ডবিধিৰ(IPC) ধাৰাসমূহ


ভাৰতীয় দণ্ডবিধি ধাৰাঃ

ধাৰা ৩০৭ হত্যাৰ চেষ্টা কৰা ৷
ধাৰা ৩০২ হত্যাৰ শাস্তি ৷
ধাৰা ৩৭৬ ধৰ্ষণ ৷
ধাৰা ৩৯৫ ডকাইতি ৷
ধাৰা ৩৭৭ অ-প্ৰাকৃতিক কৃত্য ৷
ধাৰা ৩৯৬ ডকাইতিৰ সময়ত কৰা হত্যা ৷
ধাৰা ১২০ ষড়যন্ত্ৰ ৰচনা কৰা ৷
ধাৰা ৩৬৫ অপহৰণ ৷
ধাৰা ২০১ প্ৰমাণ নষ্ট কৰা ৷
ধাৰা ৪১২ বস্তু কাঢ়ি লোৱা ৷
ধাৰা ৩৭৮ চোৰ ৷
ধাৰা ১৪১ বিধি বিৰুদ্ধ সমাগম ৷
ধাৰা ১৯১ মিথ্যাশ্ৰয় লোৱা ৷
ধাৰা ৩০০ হত্যা কৰা ৷
ধাৰা ৩০৯ আত্মহত্যাৰ চেষ্টা কৰা ৷
ধাৰা ৩১০ প্ৰৱঞ্চনা কৰা ৷
ধাৰা ৩১২ গৰ্ভপাত কৰা ৷
ধাৰা ৩৫১ আক্ৰমণ কৰা ৷
ধাৰা ৩৫৪ নাৰীক অপমান কৰা ৷
ধাৰা ৪১৫ চলনা ৷
ধাৰা ৪৪৫ গৃহকণ্ডল ৷
ধাৰা ৪৯৪ পুনঃ বিবাহ ৷
ধাৰা ৪৯৯ মানহানি ৷

বাস্তৱ এয়ে যে আমাৰ দেশৰ বহুতে আইন-কানুন সম্বন্ধীয় বিষয়বোৰ ভালদৰে নাজানে; যাৰ ফলত বহুতে নিজৰ বাবে থকা অধিকাৰ সমূহৰ পৰা বঞ্চিত হ'ব লগা হ'য় ৷

তলত কেইটামান জানিবলগীয়া আইন সম্বন্ধীয় বিষয় উল্লেখ কৰা হ'ল ৷

ক/ সন্ধিয়া সময়ত মহিলাক আটক কৰা নিষেধঃ

ভাৰতীয় দণ্ডবিধি কোড(code of criminal procedure), বিভাগ ৪৬ অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজাৰ আগত ভাৰতীয় আৰক্ষীয়ে কোনো মহিলাকে আটক কৰিব নোৱাৰে ৷ গুৰুত্বৰ অপৰাধী মহিলা হ'লেও এই সময়কণৰ ভিতৰত মহিলাক আটক কৰা নিষেধ ৷ সন্ধিয়া সময়ত আৰক্ষীয়ে কোনো কাৰণত মহিলাক আটক কৰিলে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ তৰিব পৰা ব্যৱস্থা আছে ৷ গোচৰৰ ফলত আৰক্ষী বিষয়াৰ চাকৰি বৰ্খাস্ত পৰ্যন্ত হ'ব ৷

খ/ গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ ধন-জনৰ লগতে সম্পদৰ ক্ষয়-ক্ষতি হলে অতি কমেও ৪০(চল্লিশ) লাখ টকা বীমা কভাৰ ক্লেম কৰিব পাৰেঃ 

"জনতা দায়বদ্ধতা নীতি"(Public Liability Policy) অনুসৰি আপোনাৰ ঘৰত থকা গেছ চিলিণ্ডাৰটো কিবা কাৰণত জোৰকৈ ফাটি ঘৰ, মানুহকে ধৰি সা-পম্পদৰ ক্ষতি হ'য় তেন্তে আপুনি শীঘ্ৰে গেছ কোম্পানীৰ ওচৰত বীমা কভাৰ দাবী কৰিব পাৰিব ৷ বীমাকৃত ধনৰ পৰিমান ৪০ লাখলৈকে থাকে ৷ যদি গেছ কোম্পানীয়ে আপুনি দাবী জনোৱা বীমাৰাশিৰ ধন দিবলৈ অপৰাগ বা বাধা দিয়ে তেন্তে কোম্পানীৰ বিৰুদ্ধে গোচৰ কৰিব পাৰি ৷ গোচৰত দুষী সাব্যস্ত হলে গেছ কোম্পানীৰ অনজ্ঞাপত্ৰ বাতিল হোৱা সম্ভৱ ৷

গ/ যি কোনো হোটেল, লাগিলে ফাইভ ষ্টাৰ হোটেলও হ'য় তেন্তে আপুনি বিনা বাধাই তেনে হোটেলৰ পানী খোৱা আৰু স্নানগাৰ ব্যৱহাৰ কৰিব পাৰিবঃ

ইণ্ডিয়ান চিৰিজ এক্ট(Indian Series Act), ১৮৮৭ ৰ অনুসৰি আপুনি দেশৰ যি কোনো প্ৰান্তত থকা সৰু-ডাঙৰ হোটেল কিম্বা ফাইভ ষ্টাৰ হোটেলত গৈ বিনা দ্বিধাই পানী খুজি খাব পাৰিব আৰু স্নানগাৰ ব্যৱহাৰ কৰিব পাৰিব ৷ হোটেল সৰুয়েই হওঁক নতুবা ফাইভ ষ্টাৰ, আপোনাক পানী খোৱা আৰু স্নাগাৰ ব্যৱহাৰ কৰাত হোটেল কৃতপক্ষই বাধা দিব নোৱাৰে ৷ যদি হোটেলৰ মালিক নতুবা কৰ্মচাৰীয়ে আপোনাক  পানী খোৱা বা স্নানগাৰ ব্যৱহাৰ কৰাত বাধা দিয়ে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনৰ সহায় লওঁক ৷ আপোনাৰ গোচৰৰ ভিত্তিত তেনে হোটেলৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে ৷

ঘ/ গৰ্ভৱতী মহিলাক চাকৰিৰ পৰা অব্যাহতি দিব নোৱাৰেঃ

মাতৃত্ব লাভ অধিনিয়ম(Maternity benefit act), ১৯৬১ অনুসৰি গৰ্ভৱতী মহিলাক তৎক্ষণাত চাকৰিৰ পৰা উলিয়াই দিব নোৱাৰে ৷ তাৰ পূৰ্বে স্বামী বা আন সম্পৰ্কীয় ব্যক্তিক কৰ্তৃপক্ষই তিনি মাহৰ আগত জাননী প্ৰেৰণ কৰাৰ লগতে মহিলাজনী গৰ্ভৱতী অৱস্থাত হোৱা খৰচৰ কিছু অংশ খৰচ বহন কৰিব লাগিব ৷ যদি গৰ্ভৱতী মৰিলাগৰাকীয়ে কাম কৰা কোম্পানী বা বিভাগে তেনে নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে "চৰকাৰী নিয়োগ সংস্থা"ত আপত্তি দৰ্শাব পাৰি ৷ আপত্তিৰ ভিত্তিত কোম্পানী বন্ধ নতুবা কোম্পানীয়ে জৰিমনা আদায় দিব লাগিব ৷

ঙ/ আৰক্ষী বিষয়াই আপোনাৰ গোচৰ লিখিবলৈ অমান্তি হ'ব নোৱাৰেঃ

ভাৰতীয় দণ্ডবিধি(IPC), বিভাগ ১৬৬ক অনুসৰি, যি কোনো আৰক্ষী বিষয়াই গোচৰীয়াৰ গোচৰ লিখিবলৈ অমান্তি হ'ব নোৱাৰে ৷ যদি আৰক্ষী বিষয়াগৰাকীয়ে গোচৰীয়াৰ গোচৰ লিখিবলৈ অনান্তি হ'য় তেন্তে তেওঁৰ বিৰুদ্ধে জেষ্ঠ আৰক্ষী বিষয়াৰ ওচৰত গোচৰ তৰিব পাৰি ৷ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়াজন যদি দুষী সাব্যস্ত হ'য় তেন্তে তেওঁ অতি কমেও ছয় মাহৰ পৰা এবছৰ পৰ্যন্ত জেল হ'ব নতুবা তেওঁৰ আৰক্ষী চাকৰি হেৰুৱাব লাগিব ৷

ভাৰতীয় আইনী ব্যৱস্থাৰ অন্তৰ্গত এই ক্ষুদ্ৰ তথা অতি গুৰুত্বপূৰ্ণ কথাবোৰ দেশৰ প্ৰতিজন নাগৰিকে জনাটো অত্যন্ত প্ৰয়োজন ৷ ইয়ে আমাৰ অধিকৰ সুৰক্ষা আৰু কানুন ব্যৱস্থাক অধিক মজবুত কৰাত সহায় কৰে ৷