কাকা কালেলকৰ কমিছনঃ


দেশৰ ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জনতা দলে বিজয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সুবিধা লাভ কৰে ৷ প্ৰধানমন্ত্ৰি হিচাপে মোৰাৰজী দেশাইৰ নামটো জয়প্ৰকাশ নাৰায়ণে প্ৰক্ষেপ কৰে ৷ জাতিগত হিচাপে দুয়োজনেই ব্ৰাহ্মণ আছিল ৷

জনতা দলে নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকৰ চৰকাৰ গঠন হ'লে কাকা কালেলকৰ কমিছন দেশত লাগু কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ নিৰ্বাচনৰ পাছত জনতা দলৰ চৰকাৰ গঠন হোৱাত প্ৰধানমন্ত্ৰি মোৰাৰজী দেশাইক অবিচি(OBC)ৰ এক প্ৰতিনিধি মণ্ডলে সাক্ষাৎ কৰি কাকা কালেলকৰ কমিছনৰ কাৰ্য্যকৰী কৰিবলৈ দাবী জনালে ৷ কিন্তু মোৰাৰজী দেশাইয়ে অবিচি প্ৰতিনিধি মণ্ডলৰ সন্মখত উক্ত কাকা কালেলকৰ কমিছনৰ প্ৰতিবেদন বহু পুৰনি হোৱাৰ কথাৰে নতুন পৰিস্থিতিত নতুন প্ৰতিবেদনৰে আইন প্ৰৱৰ্তন কৰাৰ কথা জনালে ৷ এইটো দেখা-দেখিকৈ ব্ৰাহ্মণৰ চক্ৰান্ত আছিল ৷ অৰ্থাৎ জনতা দলৰ প্ৰধানমন্ত্ৰিজনে দলৰ প্ৰতিশ্ৰুতি মতে কাকা কালেলকৰ কমিছনৰ এটাও দফা কাৰ্য্যকৰী কৰিবলৈ সন্মত নহ'ল ৷ প্ৰধানমন্ত্ৰিয়ে নতুন প্ৰতিবেদনৰ কথা কোৱাত অবিচি প্ৰতিনিধি দলে সহমত কৰাত বিহাৰৰ বি পি মণ্ডল(যাদৱ)ৰ অধ্যক্ষতাত এক নতুন কমিছন গঠন কৰিলে ৷ যি কমিছন পাছত "মণ্ডল কমিছন" ৰূপে জনা যায় ৷

বি পি মণ্ডল আৰু তেওঁৰ কমিছনে সমগ্ৰ দেশ ঘুৰি মেলি মুঠ ৩৭৪৩ টা জাতিক পিছপৰা শ্ৰেণী(OBC)ৰ তালিকাৰ শাৰীত অন্তুভুক্তি কৰে; যিটো ১৯৩১ চনৰ জাতিগত লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ সৰ্বমুঠ জনসংখ্যাৰ ৫২ শতাংশ আছিল ৷ মণ্ডল কমিছনে যুগুত কৰা নিজৰ প্ৰতিবেদন যেতিয়া মোৰাৰজী চৰকাৰৰ হাতত অৰ্পন কৰিলে তেতিয়া সমগ্ৰ দেশতে মণ্ডল কমিছনৰ প্ৰতিবেদনক লৈ স্থূলস্থুল লাগিব ধৰিল ৷ জনসংঘৰ ৯৮ জন সাংসদৰ সমৰ্থনৰে চৰকাৰ গঠন কৰা জনতা দলৰ সন্মুখত এক গম্ভীৰ সমস্যা সৃষ্টি হ'ল ৷ ইফালে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত জনসংঘৰ সাংসদসকলে দেশত মণ্ডল কমিছন লাগু কৰিলে জনতা দলৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰৰে চৰকাৰ ভংগ কৰাৰ চাপ সৃষ্টিত নামিল ৷ আনটো ফালে অবিচি নেতৃত্বৰ চাপ বাঢ়িল ৷ অৱশেষত অটল বিহাৰী বাজপেয়ীয়ে মোৰাৰজী দেশাইৰ পৰামৰ্শত জনতা দলৰ পৰা জনসংঘৰ সমৰ্থন প্ৰত্যাহাৰ কৰি চৰকাৰ ভংগ কৰি দিয়ে ৷



মণ্ডল কমিছনৰ প্ৰতিবেদনত চৰকাৰ ভঙা-গঢ়া সময়তে ভাৰতবৰ্ষৰ ৰাজনীতিত "শিতল বিপ্লৱ"ৰ সূচনা হ'ব ধৰে যাৰ নেতৃত্ব দলিত সমাজৰ পৰা অহা ৰাজনীতিজ্ঞ কাশীৰামে বহন কৰিছিল ৷ কাশীৰাম আৰু ডি কে খাপৰ্ডে ১৯৭৮ চনৰ ৬ ডিচেম্বৰত নতুন ৰাজনৈতিক দ'ল "বামছেফ" গঠন কৰে আৰু এই নতুন ৰাজনৈতিক দলটোয়েই সমগ্ৰ ভাৰতত মণ্ডল কমিছনক লৈ অবিচি শ্ৰেণীৰ মাজত সজাগতা কাৰ্য্যসূচী আৰম্ভ কৰে ৷ কাশীৰামৰ জাগৰণ অভিযানৰ ফলস্বৰূপে অবিচি শ্ৰেণীয়ে জানিবলৈ সক্ষম হ'য় যে নিজৰ অবিচি জনসংখ্যা সমগ্ৰ দেশত ৫২ শতাংশ হোৱাৰ পাছতো শাসন-প্ৰশাসনত অবিচিৰ ভাগিদাৰী কেৱল ২ শতাংশ ৷ ইয়াৰ বিপৰীতে ১৫ শতাংশ তথাকথিত স্বৰ্ণই শাসন-প্ৰশাসনত ৮০ শতাংশ ভাগিদাৰী ৷ এই আটাইবোৰ সংখ্যাগত তথ্যপাতি মণ্ডল কমিছনৰ প্ৰতিবেদনত উল্লেখ থকাত ইয়াক জনতাৰ ওচৰত লৈ একমাত্ৰ কাশীৰামে লৈ গৈছিল ৷ কাশীৰামৰ প্ৰচেষ্টাতে অবিচি শ্ৰেণীয়ে ৰাজনৈতিক দিশত যথেষ্ট সজাগ হৈ পৰে ৷ ইফালে, অটল বিহাৰীয়ে নিজৰ জনসংঘ সমাপ্ত কৰি "ভাৰতীয় জনতা পাৰ্টি" গঠন কৰে ৷ ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনত সংঘই ইন্দিৰা গান্ধীক সমৰ্থন কৰে আৰু তিনিমাহৰ পূৰ্ৱে পৰাজয় বৰণ কৰা ইন্দিৰাই সংঘৰ সমৰ্থনত ৩৭০ সাংসদীয় সমষ্টিত বিজয়ী হৈ ওলায় আহে ৷ ইন্দিৰাৰ চৰকাৰ গঠনৰ পাছতে গুজৰাটত সংৰক্ষণৰ বিৰুদ্ধে প্ৰচণ্ড আন্দোলন আৰম্ভ হ'ব ধৰে ৷ উল্লেখনীয় যে এই আন্দোলনত অধিকাংশ আন্দোলনকাৰীয়ে অবিচি সমাজৰ পৰা অহা ৷ অবিচি সমাজে সংৰক্ষণ বিৰুদ্ধে আন্দোলনত জপিয়াই পৰা মূল কাৰণটো আছিল ব্ৰাহ্মণ মিডিয়াৰ দ্বাৰা অনুসূচীত জাতি-জনজাতি বৰ্গৰ কাৰণে সংৰক্ষণ দুগুণ বৃদ্ধৰ অপ্ৰচাৰ ৷ ফলস্বৰূপে গুজৰাটত অনুসূচীত জাতি সকলৰ ঘৰবোৰ এফালৰ পৰা অবিচি আন্দোলনকাৰীয়ে জ্বলাবলৈ ধৰে ৷ আন্দোলনৰ নেতৃত্ব স্বয়ং এতিয়াৰ প্ৰধানমন্ত্ৰি নৰেন্দ্ৰ মোডীয়ে বহন কৰিছিল ৷

ইফালে দলিত নেতা কাশীৰামে দলিত সমাজৰ ৰাজনৈতিক সজাগতাৰ কাৰণে কাৰ্যসূচী বঢ়াই নিলে ৷ ১৯৮১ ত কাশীৰামে বিভিন্ন ৰাজনৈতিক গোট গঠন কৰে ৷ ইয়াৰ ভিতৰত DSSSS নামৰ ৰাজনৈতিক গোটতো উল্লেখযোগ্য ৷ কাশীৰামৰ নেতৃত্বত আগবঢ়া আন্দোলনে দেশত সজোৰৰে মণ্ডল কমিছন কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা আৰম্ভ কৰি দিলে ৷ ৮১ তে কাশীৰামে হাৰিয়ানা বিধানসভা নিৰ্বাচন, ৮২ ত জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনত ভাগ ললে ৷ ফলত কাশীৰামৰ জনপ্ৰিয়তা দিনক দিনে বঢ়িব ধৰিল ৷ কাশীৰামৰ বাঢ়ি অহা জনপ্ৰিয়তাত ইন্দিৰা শংকিত হৈ পৰিল ৷ ইন্দিৰা গান্ধীয়ে জেপি আন্দোলন(বিহাৰৰ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত ইন্দিৰা চৰকাৰৰ সীমাহীন ভ্ৰষ্টাচাৰ, দুৰ্নীতি, বে-ৰোজগাৰৰ বিৰুদ্ধে হোৱা "সম্পূৰ্ণ ক্ৰান্তি" আন্দোলন)ৰ পাছতে সন্মুখীন হ'ল কাশীৰামৰ ৷ ইন্দিৰাই জানিছিল যে জেপি আন্দোলনতকৈ কাশীৰামৰ নেতৃত্বত দলিতৰ ৰাজনৈতিক চেতনাৰে ন উত্থান হোৱা  আন্দোলন ইন্দিৰাৰ লগতে সমগ্ৰ ব্ৰাহ্মণ সমাজৰ কাৰণে বৃহৎ প্ৰত্যহ্বান হৈ পৰিল ৷ চতুৰ ইন্দিৰাই কাশীৰামৰ ৰাজনৈতিক উত্থানক ভেটিবলৈ সংঘৰ লগত মিতিৰালী কৰাৰ কৌশল ৰচনাত লাগিল ৷ সেই সময়ৰ সংঘৰ নেতা অশোক সিংঘালে উলিওৱা "একতা যাত্ৰা"ই যেতিয়া দিল্লীৰ সীমাত প্ৰৱেশ কৰিলে তেতিয়া সেই একতা যাত্ৰাৰ নেতা অশোক সিংঘালক স্বয়ং ইন্দিৰাই ফুলৰ মালা পিন্দাই আদৰণি জনাবলৈ আগবাঢ়িল ৷

সংঘ আৰু ইন্দিৰাৰ মিতিৰালিৰ সময়তে ভাৰতৰ ইতিহাসত এক ভয়ংকৰ ট্ৰেজেডি সংঘটিত হ'য় ৷ খালিস্থান আন্দোলনৰ নেতা ভিণ্ডৰাৱালা, যি জন নেতাক কংগ্ৰেছে দুৰ্ভিক্ষ্যৰ বিৰুদ্ধে ঠিয় কৰাইছিল সেই ভিণ্ডৰাৱালে খালিস্থানৰ দাবীত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ দখল কৰি পেলালে ৷ সংঘৰ আৰএছএছ আৰু ইন্দিৰাই কাশীৰামৰ নেতৃত্বত "মণ্ডল কমিছন" কাৰ্যকৰী কৰিবলৈ চলা আন্দোলনক বিপথে নিয়াবলৈ হিন্দুস্থান আৰু খালিস্থানৰ ইচ্ছু পৰিকল্পনাত লাগি গ'ল ৷ ইন্দিৰাই পলম নকৰি স্থলসেনাৰ প্ৰমুখ জেনেৰেল সিংনহাক আঁতৰাই স্থলসেনাৰ  প্ৰমুখ আসনত দক্ষিণৰ এজন ব্ৰাহ্মণ বিষয়াক বহুৱালে ৷ ইফালে ইন্দিৰাৰ চৈৰাচৰিত কামত অপমানিত হৈ আৰ্মী প্ৰমুখ জেনেৰেল সিংনহাই লগালগ ইস্তিফা দিয়ে ৷ সিনহাই ইস্তিফা দিয়াৰ পাছতে সমগ্ৰ আৰ্মীতে উত্তেজনা বিয়পি গ'ল ৷ নতুন আৰ্মী জেনেৰেলে ইন্দিৰা গান্ধী আদেশত "অপাৰেচন ব্লু ষ্টাৰ" নামৰে বৃহৎ সমাৰিক বাহিনি লৈ স্বৰ্ণ মন্দিৰৰ ভিতৰত যুদ্ধ টেং সোমোৱাই দিলে ৷ ইন্দিৰা গান্ধীৰ সামৰিক বাহিনীয়ে স্বৰ্ণ মন্দিৰত যুদ্ধ টেং ভৰুৱাটো সমগ্ৰ শিখ সম্প্ৰদায়ে ঘোৰ অপমানিত হ'ল ৷ পৰিণাম, ৩১ অক্টোৱৰ ১৯৮৪ ত ইন্দিৰা গান্ধীৰ ব্যক্তিগত দেহৰক্ষী বেৱন্ত সিং আৰু চৱন্ত সিং(দুয়ো অনুসূচীত জাতি) দুয়োয়ে ইন্দীৰা গান্ধীক শূন্য দূৰত্বৰ পৰা গুলীয়াই থকা-সৰকা কৰি পেলালে ৷ "মণ্ডল কমিছন" আন্দোলনক ষড়যন্ত্ৰৰে দবাবলৈ কৰা প্ৰতিশোধ শাসকবৰ্গই ইন্দীৰা গান্ধীৰ মৃত্যুৰে পৰিশোধ কৰিলে ৷

ইন্দিৰা গান্ধীৰ হত্যাৰ কিছু দিন পাছতে পুত্ৰ ৰাজীৱ গান্ধীক প্ৰধান মন্ত্ৰি আসনত বহুৱায় ৷ যি জন ব্যক্তিয়ে কিছুদিন আগতে পাইলত প্ৰশিক্ষণ সমাপ্ত কৰি দেশলৈ উভতিছিল, সেইজনেই নিশাটোৰ ভিতৰতে ৰজা ঘোষিত হ'য় ৷ ইন্দিৰা গান্ধীৰ অকস্মাৎ হত্যাৰ পাছত সমগ্ৰ দেশত শিখ বিৰুধী স্থিতি গঢ়ি উঠিল ৷ দিল্লীত দিন দুপৰতে তিনি হাজাৰ শিখ সম্প্ৰদায়ক মুকলিকৈ হত্যা কৰা হ'ল, য'ত তৎকালিন মন্ত্ৰি(শিখ) চামিল আছিল ৷ পৰিস্থিতি এনে আছিল যে ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিংৰ ফোনও ৰাজীৱ গান্ধীয়ে ৰিচিপ নকৰা হ'ল ৷ ইফালে দলিত নেতা কাশীৰামে নিজৰ অভিযান চলাই নি থাকিল ৷ কাশীৰামে নিজৰ অভিযানৰ মাজতে "বহুজন সমাজ পাৰ্টি" নামৰে এক পূৰ্ণ ৰাজনৈতিক দল গঠন কৰে আৰু চাইকেল ৰেলীৰে নিজৰ দলৰ সাংগাঠনিক ভেঁটি মজবুট কৰিব ধৰে ৷ কাশীৰামে মণ্ডল কমিছনৰ বিষয়সমূহ জনতাৰ ওচৰত শক্তিশালী ৰূপত প্ৰচাৰ কৰি থাকিল; যাৰ ফলত সমগ্ৰ উত্তৰ ভাৰতৰ পিছপৰা সমাজত সামাজিক, ৰাজনৈতিক এক নতুন চেতনা জাগৃত হ'ব ধৰিলে ৷ পৰিণামত উত্তৰ ভাৰতৰ পিছপৰা সমাজৰ মাজৰ পৰা কৰ্পূৰী ঠাকুৰ, লালু প্ৰসাদ যাদৱ, মুলায়েম সিং যাদৱৰ দৰে নেতৃত্ব আত্মপ্ৰকাশ হ'য় ৷ ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত কাশীৰামে সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকিল ৷ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ হত্যাৰ আৱেগে ৰাজীৱ গান্ধীক লগ দিলে ৷ ফলত ৰাজীৱ গান্ধীয়ে নিৰ্বাচনত জয়ী হৈ ৪১৩ জন সাংসদৰে এক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰে ৷ ৰাজীৱ গান্ধীৰ চৰকাৰ গঠনৰ পাছতে পুনৰ মণ্ডল কমিছনৰ বিষয়টোয়ে নতুন চৰকাৰৰ পিছ ল'য় ৷ সাংসদত অবিচি সমাজৰ সাংসদে উত্তপ্ত পৰিস্থিতি কৰি দিয়ে ৷ শাসক বৰ্গই আকৌ নতুন বেহু ৰচনা কৰাত নমিব লগা হ'য় ৷ 

দলিত নেতা কাশীৰামৰ অভিযানৰ ফলত অবিচি সমাজ পূৰ্বৰ পৰাই জাগৃত হৈ আছিল ৷ সেযে শাসক বৰ্গৰ বাবে মণ্ডল কমিছন বিৰুধ কৰাটো সম্ভপ নাছিল ৷ ২০০০ বছৰৰ পাছত ব্ৰাহ্মণ শাসকে প্ৰথম বাৰৰ বাবে দলিত নেতৃত্বৰ ওচৰত অসহায় বোধ কৰিছিল ৷ দলিতৰ মাজত সবল নেতৃত্বৰ ৰণ ঢংকা দেখি কংগ্ৰেছ আৰু সংঘৰ দৃষ্টি কাশীৰামৰ ওপৰত পৰিব ধৰে ৷ 

১৯৮৪ চনৰ নিৰ্বাচনত বনৱাৰী লাল পুৰুহিতৰ মধ্যস্থতাত ৰাজীৱ গান্ধী আৰু সংঘৰ মাজত এক বুজাবুজিৰে সংঘই ৰাজীৱ গান্ধীক সমৰ্থন কৰিবলৈ সন্মত হ'য়; বিনিময়ত ৰাজীৱ গান্ধীয়ে সংঘৰ ৰাম মন্দিৰ আন্দোলনক পূৰ্ণ সমৰ্থন কৰিব আৰু অবিচি সমাজক ভুল পথে পৰিচালিত কৰিব ৷ সেই হিচাপত পাছত ৰাজীৱ গান্ধীৰ নিৰ্দেশতে বাবৰী মজ্জিদৰ দুৱাৰৰ তলা খুলা হৈছিল আৰু মজিদৰ ভিতৰত ৰামৰ বাল্যকালৰ মূৰ্তি পৰ্যন্ত ৰখা হৈছিল ৷

যেতিয়া ব্ৰাহ্মণে জানিলে যে, যদি মণ্ডল কমিছন বিৰুধ কৰা হ'য় তেন্তে ব্ৰাহ্মণে ৰাজনৈতিক শক্তি হেৰুৱাব, কিয়নো ৫২ শতাংশ অবিচিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ব্ৰাহ্মণ ভাৰতৰ শাসক হৈ আহিছে ৷ ইফালে মণ্ডল কমিছন সমৰ্থন কৰিলেও ব্ৰাহ্মণৰ কাৰ্যপালিকা, যিটো ব্ৰাহ্মণে স্থায়ী চৰকাৰ বনাই লৈছিল সেইটো হেৰুৱাব ৷ সমৰ্থন কৰিলেও হেৰুৱাব নকৰিলেও হেৰুৱাব ৷ কৰিব কি? 

দুভৰি দুই নাৱত পৰা অৱস্থাত ব্ৰাহ্মণে নিজৰ চতুৰ বিচাৰত দেখিলে যে দেশৰ সমগ্ৰ অবিচি সমাজ ৰাম ভক্ত ৷ শাসক ব্ৰাহ্মণে অবিচিৰ ৰাম ভক্তিক নিজৰ সুযোগৰ বাবে কামত লগাব ধৰিল ৷ মণ্ডল কমিছনৰ আন্দোলনটোক কমণ্ডলৰ ফালে গতি দিয়াত লাগিল ৷ বজৰং দলৰ ৰাষ্ট্ৰীয় অধক্ষ্যৰ আসন খন অবিচিৰ বাবে এৰি দিলে ৷ ইয়াৰ ভিতৰত কল্যাণ সিং, উমা ভাৰতী, তিৰন্তভৰা, গোবিন্দচাৰ্য্য আদি অবিচিয়ে বজৰং দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ আসনত বহি সেনাপতিৰ দায়িত্ব চম্ভালিলে ৷ পিছপৰা শ্ৰেণীৰ মাজৰ পৰাই ব্ৰাহ্মণ শাসকৰ চক্ৰান্তত ঘৰ শত্ৰু বিভীষণ জন্ম হ'ল ৷

ইফালে দেশ শাসনৰ বাঘজৰী ধৰি অনিয়ন্ত্ৰিত হৈ পৰা ৰাজীৱ গান্ধীয়ে নিজকে আন্তঃৰাষ্ট্ৰীয় নেতা স্বীকৃত কৰিবলৈ তথা মণ্ডল কমিছনৰ ইচ্ছুটো তল পেলাবলৈ শ্ৰীলংকাৰ তামিল বিদ্ৰোহী প্ৰভাকৰণৰ লগত বুজাপৰা কৰিলে ৷ ৰাজীৱ গান্ধীয়ে প্ৰভাকৰণক এইটোও আশ্বাস দিলে যে তেওঁৰ মাতৃ(ইন্দিৰা গান্ধী)য়ে পাকিস্থান বিভাজন কৰি দেশ-দুনীয়াৰ ৰাজনতিত নিজৰ ঢাক-ঢোল বজালে ঠিক তেনেকৈ শ্ৰীলংকাক বিভাজন কৰি প্ৰভাকৰণক তামিল ৰাষ্ট্ৰৰ প্ৰধান বনোৱা হ'ব ৷ কিন্তু বিধিৰ বিপাক যে ৰাজীৱ গান্ধীৰ মন্ত্ৰিসভাত সেই সময়ত ভি পি সিং ৰক্ষা মন্ত্ৰি ৷ ফ'ব'ছ ৰক্ষা চুক্তিৰ ভ্ৰষ্টাচাৰত লিপ্ত ৰাজীৱ গান্ধীৰ কথাটো পোঁহৰলৈ অনা হ'ল ৷ সুযোগ বুজি ভী পি সিঙে ৰাজীৱ গান্ধীৰ ফ'ব'ছ চুক্তি কেলেংকাৰীক ইচ্ছু হিচাপে লৈ পৃথক মৰ্চা গঠন কৰিলে ৷ ৰাজীৱৰ ৰাজনীতি সোতে বিপৰীত মূৰ ললে ৷ ফলত ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনে ৰাজীৱ গান্ধীৰ সন্মুখত ভুতে দেখা দিলে ৷

দলিত নেতা কাশীৰামে বহুজন সমাজৰ নায়ক হৈ ওলায় আহিল ৷ বহুজন সমাজ পাৰ্টিৰ হৈ কাশীৰামৰ দলে ১৩ সাংসদত বিজয়ী হোৱাৰ লগতে ৰাজীৱ গান্ধীৰ কংগ্ৰেছ দলক ১৭৬ সমষ্টিত নাম-গোন্ধ নোহোৱা হোৱাত গুৰুত্বপূৰ্ণ ভুমিকা ললে ৷ কালিলৈকে দিল্লীৰ বাদশ্বাহ হৈ থকা ৰাজীৱ গান্ধীয়ে কাশীৰামৰ বাবে বাটৰ নেতা হৈ পৰিল ৷ কংগ্ৰেছে ৪১৩ খন আসনৰ পৰা একে কোবে ১৯৬ত খহি পৰিল ৷ ভি পি সিঙৰ মিত্ৰজোঁটলৈ আহিল ১৪৪ খন আসন ৷ ভি পি সিঙলৈ ইমান সংখ্যক আসন ৰাজীৱ গান্ধীৰ ফ'ব'চ কেলেংকাৰীৰ লগতে নিৰ্বাচনত আগমহূৰ্তত তেওঁৰ দলে চৰকাৰ গঠন কৰিলে মণ্ডল কমিছন লাঘু কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ ভি পি সিঙে চন্দ্ৰশেখৰ নতুবা চৌধুৰী দেৱীলালৰ লগ হৈ চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰিল ৷ চৌধুৰী দেৱীলাল প্ৰধানমন্ত্ৰি পদৰ আতাইতকৈ দাবীদাৰ হ'ল ৷ কিন্তু পৰিকল্পনা এনেকোৱা তৈয়াৰ কৰা হ'ল যে সাংসদীয় দলৰ বৈঠকত দলৰ নেতা(প্ৰধানমন্ত্ৰি)ৰ ডিঙিত পিন্ধাব লগা ফুলৰ মালাদাল চৌধুৰী দেৱীলালৰ হাতত দিয়া হ'য় যাতে ৷ পৰিকল্পনা মতেই সকলো আগবাঢ়িল ৷ চৌধুৰী দেৱীলালে নিজ হাতে ফুলৰ মালা লৈ ভি পি সিঙৰ দিঙিত পিন্ধালে ৷ ভি পি সিং দেশৰ নতুন প্ৰধানমন্ত্ৰি হ'ল ৷ প্ৰধানমন্ত্ৰি নিৰ্বাচন হোৱাৰ পাছতে অবিচি নেতাই মণ্ডল কমিছন লাঘু কৰিবলৈ নতুন প্ৰধানমন্ত্ৰিক চাপ দিব ধৰিল ৷ কিন্তু চতুৰ ভি পি সিঙে না না কৌশলৰে শেষত নিৰ্ণয় লবলৈ চৌধুৰী দেৱীলালৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰিলে ৷ স্মত্যব্য যে, মণ্ডল কমিছনৰ চেয়াৰমেন বি পি মণ্ডল যাদৱ বংশৰ আছিল; ফলত যাদৱ সম্প্ৰদায়ক মণ্ডল কমিছনৰ তালিক অন্তুভূক্ত কৰা হ'ল কিন্তু জাঁঠ সকলক অন্তুভূক্ত নকৰিল ৷ সেই সূত্ৰে চতুৰ ভি পি সিঙে মণ্ডল কমিছন লাঘু কৰাৰ বাগি কুঠাৰ চলাবলৈ জাঁঠ সম্প্ৰদায়ৰ চৌধুৰী দেৱীলালক নতুন কমিটিৰ অধ্যক্ষ নিযুক্তি দিছিল ৷ কিন্তু জাঁঠ দেৱীলালে মণ্ডল কমিছনত জাঁঠ সকলকো অন্তুভূক্তি কৰি ইয়াক লাঘু কৰিবলৈ দাবী জনালে ৷ চতুৰ ভি পি সিঙে ইয়াকেই বিচাৰিছিল আৰু বিচৰামতেই ঠাকুৰ সম্প্ৰদায়ৰ ভি পি সিঙে মণ্ডল কমিছনক মানিবলৈ অমান্তি হ'ল ৷

ফলস্বৰূপে চৌধুৰী দেৱীলালে অসন্তোষ হৈ দলিত নেতা কাশীৰামৰ কাষ চাপিল ৷ যি জন ব্যক্তিক জনতাই নেতা বনালে সেই দেৱীলালক ঠাকুৰে নিজৰ সাকো বনালে ৷ চক্ৰান্তৰ বলি হোৱা চৌধুৰী দেৱীলালক কাশীৰামে আদৰি ললে ৷ দুয়ো মিলি ভি পি সিঙৰ বিৰুদ্ধে বিশাল গণ ৰেলী আৰম্ভ কৰা কথা আছিল ৷ ঠিক সেই সময়তে শৰদ যাদৱ আৰু ৰামবিলাস পাছোৱান ভি পি সিঙক লগ কৰিল ৷ দুয়ো ভি পি সিঙক লগ কৰি আপৰ্ত্তি দৰ্শালে যে চৌধুৰী দেৱীলাল তেওঁলোকৰ নেতা, ভি পি সিঙৰ নহ'য় ৷ যদি ভি পি সিঙে মণ্ডল কমিছন লাঘু কৰে তেন্তে চৰকাৰৰ লগত থাকিব অন্যথা দুয়ো কাশীৰাম আৰু দেৱীলালৰ পক্ষ লব ৷ ৰামবিলাস পাছোৱান আৰু শৰদ যাদৱৰ আপৰ্ত্তিত ঠাকুৰ ভি পি সিঙৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰি আসন সংকটে ঘেৰি ধৰিলে ৷ প্ৰধানমন্ত্ৰি আসন বচাবলৈ ঠাকুৰ ভি পি সিঙে দেশত মণ্ডল কমিছন লাঘু কৰিবলৈ ঘোষণা জাৰি কৰিলে ৷ ভ পি সিঙৰ ঘোষণাৰ লগে লগে দেশৰ ৰাজনীতিত হাহাকাৰ লাগিল ৷ মিষ্টাৰ ক্লিনৰ পৰা মিষ্টাৰ ভ্ৰষ্টাচাৰী নাম পোৱা ৰাজীৱ গান্ধীয়ে মণ্ডল কমিছনৰ বিৰুদ্ধে সাংসদত এটুপাল পানী নুখোৱাকৈ চাৰি ঘন্টা ধৰি ভাষণ দিলে ৷ যি ব্যক্তিয়ে সাংসদত দহ মিনিট সময় ভাষণ দিব নোৱাৰিছিল সেই ব্যক্তিয়ে অবিচিৰ বিৰুদ্ধে পানী এটুপি নিগিলাকৈ নিজৰ সৰ্বস্ব শক্তিৰে সাংসদৰ মজিয়াত চাৰি ঘন্টা ধৰি ভাষণ দিলে ৷

ভি পি সিঙৰ চৰকাৰ ভাঙি পৰিল ৷ পুনঃ নিৰ্বাচন ঘোষণা হ'ল ৷ তেনে সময়তে এম নাৰায়ান নামৰ এজন ব্ৰাহ্মণে উচ্চতম ন্যায়ালয়ত সংৰক্ষণৰ বিৰুদ্ধে এক গোচৰ তৰে ৷ ইফালে ৰাজীৱ গান্ধীয়ে তামিল বিদ্ৰোহী প্ৰভাকৰণক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি ওলটাই UNO ৰ  হেচাত শ্ৰীলংকালৈ শান্তি সেনা পঠিয়াবলৈ বাধ্য হ'য় ৷ ৰাজীৱ গান্ধীৰ আদেশ অনুসাৰে প্ৰভাকৰণৰ সহযোগী কানা শিৱৰামনক বোমা নিৰ্মাণৰ যাৱতীয় সকলো প্ৰশিক্ষণ দিয়াইছিল ৷ যেতিয়া শ্ৰীলংকাত ভাৰতৰ শান্তি সেনা গৈ উপস্থিত হ'ল তেতিয়া প্ৰভাকৰণে তামিল বিদ্ৰোহীক ৰাজীৱ গান্ধীয়ে প্ৰতাৰণা কৰা ভাৱি কানা শিৱৰামনক গান্ধীক হত্যা কৰিবলৈ আদেশ দি দিলে আৰু ১৯৯১ চনত ৰাজীৱ গান্ধী তামিল বিদ্ৰোহীৰ মানৱ বোমাত উৰি গ'ল ৷ মাতৃ ইন্দিৰাক মণ্ডল কমিছনৰ ভূতে পোৱাৰ পাছত পুত্ৰ ৰাজিৱকো পিছ নেৰিলে ৷

ৰাজীৱ গান্ধীৰ হত্যাই কংগ্ৰেছক লোকচানতকৈ বেছি লাভাম্বিতহে কৰিলে ৷ কংগ্ৰেছে ২৭১ টা সাংসদীয় সমষ্টিত বিজয়ী হ'ল ৷ কংগ্ৰেছে শিবু চুৰেন আৰু অন্য দুজনমান সাংসদক টকাৰ বিনিময়ত কিনি চৰকাৰ গঠন কৰিলে ৷ ভি পি নৰসিংহ ৰাৱ নামৰ এজন দক্ষিণাত্যৰ ব্ৰাহ্মণ দেশৰ প্ৰধানমন্ত্ৰি হ'ল ৷

ইফালে মণ্ডল কমিছনৰ বিৰুদ্ধে চুপ্ৰিম কৰ্টৰ ৩১ জন ব্ৰাহ্মণে এক গোট হৈ চুপ্ৰিম কৰ্ট পালেগৈ ৷ সেই সময়ত লালু যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰি আছিল ৷ তেওঁ পাটনাৰ পৰা দিল্লী আহিল আৰু সকলো ব্ৰাহ্মণ অধিবক্তা আৰু বণিয়াসকলৰ লগত দেখা-সাক্ষাৎ কৰিলে, কিন্তু কোনো ব্ৰাহ্মণ উকিলে পইছা লৈ মণ্ডল কমিছনৰ সপক্ষে হৈ উকালতি কৰিবলৈ সন্মত নহ'ল ৷ উপায়ন্তৰ হৈ লালু প্ৰসাদ যাদৱে ৰাম জেঠমালিনীৰ ওচৰত আবেদন কৰিলে ৷ ৰাম জেঠমালিনী এজন Criminal Lawyer আছিল যদিও বিপৰীতে বিষয়টো সাংবিধানিক বিষয়ৰ অন্তৰ্গত আছিল ৷ শেষত ৰাম জেঠমালিনীয়ে মণ্ডল কমিছনৰ হৈ উকালতি কৰিবলৈ সন্মত হ'ল ৷ কিন্তু দেশৰ চুপ্ৰিম কৰ্টে আঁচৰিত কৰি অবিচি সকলৰ বিৰুদ্ধে চাৰিটা বৃহৎ নিৰ্ণয় ঘোষণা কৰে ৷
১/ দেশৰ ১৮০০ জাতিকহে অবিচি মানি লোৱা হ'ল ৷
২/ ৫২% অবিচিক ৫২% বিপৰীতে ২৭ শতাংশ সংৰক্ষণ দিয়া হ'ব ৷
৩/ অবিচিৰ বাবে সংৰক্ষণ হ'ব কিন্তু চাকৰি-বাকৰিত প্ৰদুন্নতি ক্ষেত্ৰত নহ'ব ৷
৪/ যি সকল অবিচিৰ আয় এক লাখ হ'ব সেই সকলে সংৰক্ষণৰ সুবিধা লাভ কৰিব নোৱাৰিব ৷

চুপ্ৰিম কৰ্টৰ নিৰ্ণয়ে অবিচি তথা মণ্ডল কমিছনক পুনৰ ন্যাসৎ কৰিলে ৷ মণ্ডল কমিছনক বিষহীন সাপৰ দৰে অৱস্থালৈ টানি নিলে ৷ অৰ্থাৎ অবিচিৰ শিক্ষাৰ্থীয়ে যদি মহাবিদ্যালয় বা বিশ্বঃবিদ্যালয়ত পঢ়ে তেন্তে সংৰক্ষণৰ সুবিধা কেতিয়াও লাভ নকৰিব আৰু গাৱঁৰ গৰু-মহ চৰাই থকা অবিচিয়ে সংৰক্ষণৰ সুবিধা লাভ কৰিব ৷ অৱশেষত ব্ৰাহ্মণৰ চক্ৰান্ত ন্যায়ালয়ৰ দ্বাৰা সিদ্ধি হ'ল ৷ ৫২% অবিচিৰ অধিকাৰৰ বিৰুদ্ধে দেশৰ চুপ্ৰিম কৰ্টে অন্তিম নিৰ্ণয় জাৰী কৰাত সফল হ'ল ৷

মণ্ডল কমিছনক বাধা দিবলৈ ব্ৰাহ্মণে বহু ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল যাৰ ভিতৰত ৰাম মন্দিৰ আন্দোলনটোও আছিল ৷ উত্তৰ প্ৰদেশ বিজেপিয়ে বাধ্য হৈ কল্যাণ সিঙক মুখ্যমন্ত্ৰি আসনত বহুৱালে, যি জন কল্যাণ কুৰ্মী সম্প্ৰদায়ৰ পৰা অহা ৷ এইখিনিতে কৈ থোৱা ভাল যে দলিত নেতা কাশীৰামৰ নেতৃত্ব উদয়ৰ পাছতে ব্ৰাহ্মণে প্ৰায় সকলো ৰাজ্যতে অবিচি মুখ্যমন্ত্ৰি বহুৱাবলৈ আৰম্ভ কৰি দিয়ে, যাতে কাশীৰামৰ দলিত আন্দোলনত দেশৰ অবিচি সমাজে এক লগ হৈ ওলায় আহিব নোৱাৰে ৷

বিজেপিৰ আদোৱানীয়ে যেতিয়া ৰথ যাত্ৰা আৰম্ভ কৰে তেতিয়া নৰেন্দ্ৰ মোডী হনুমান হ'ল ৷ উল্লেখনীয় যে চুপ্ৰিম কৰ্টে মণ্ডল বিৰুধী নিৰ্ণয় ১৬ নৱেম্বৰ ১৯৯২ ত দিয়ে আৰু শাসক বৰ্গই ৬ ডিচেম্বৰ ১৯৯২ ত বাবৰী মজিদ ভাঙি চুৰমাৰ কৰে ৷ বাবৰী মজিদ ভঙাত কংগ্ৰেছে বিজেপিক পূৰ্ণ সমৰ্থন আগবঢ়ায় ৷ চুপ্ৰিম কৰ্টৰ নিৰ্ণয়ক অবিচি সমাজে জানিবলৈ নৌ পাওতেই ব্ৰাহ্মণে বাবৰী মজিদ অবিচিৰ হাতৰে ভাঙিবলৈ সক্ষম হ'ল ৷ প্ৰকৃততে শাসক ব্ৰাহ্মণে মুছলমানলৈ কাড় নিক্ষেপ কৰিছিল যদিও লক্ষ্য অবিচি আছিল ৷ যেতিয়াই শাসক ব্ৰাহ্মণৰ প্ৰতি সমকট আহে তেতিয়াই দেশত হিন্দু-মুছলমানৰ সমস্যা উদ্ভৱ হ'য় ৷ বাবৰী মজিদ ভঙাৰ পাছতে কল্যাণ সিঙ(কুৰ্মী)ৰ চৰকাৰখন কেন্দ্ৰৰ দ্বাৰা বৰ্খাস্ত কৰি দিয়া হ'ল ৷ ইফালে দলিত নেতা কাশীৰামে উত্তৰ প্ৰদেশৰ গাৱেঁ গাৱেঁ ঘুৰি ঘুৰি ব্ৰাহ্মণৰ ষড়যন্ত্ৰ মুকলি কৰিব ধৰিলে ৷ মুলায়েম আৰু কাশীৰাম মাজত বুজাবুজি হ'ল ৷ বিধানসভা নিৰ্বাচনত কাশীৰামে ৬৭ খন আসন আৰু মুলায়ম সিং যাদৱে পালে ১২০ খন আসন ৷ বহুজন সমাজ পাৰ্টিৰ সহযোগত উত্তৰ প্ৰদেশত মুলায়েম সিং যাদৱ মুখ্যমন্ত্ৰি হ'ল ৷ দুয়ো দলৰ বিজয়ত উত্তৰ প্ৰদেশৰ অবিচি আৰু এছচিয়ে লগ হৈ, "মিল্যে মুলায়ম কাশীৰাম, হাৱা ম্যে ওৰ গ্যায়া জয় শ্ৰীৰাম" শ্ল'গান ধৰিলে ৷

কাশীৰাম আৰু মোলায়েমৰ ৰাজনৈতিক মিত্ৰতাই শাসক জাতিক বিশেষকৈ ব্ৰাহ্মণবাদী শক্তিক প্ৰয়োজনতকৈ বেছি ভয় খোৱালে ৷ ইণ্ডিয়া টুডে সংবাদগোষ্ঠীয়ে কাশীৰামক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰি হোৱাৰ আশংকাৰ কথাৰে লাখে প্ৰকাশ কৰি ব্ৰাহ্মণক সতৰ্ক কৰাত লাগিল ৷ ইয়াৰ পাছতে শাসক বৰ্গই ৰাজনীতিৰ ৰণনীতি সম্পূৰ্ণ সলনি কৰিব ধৰে ৷ ফলস্বৰূপে ব্ৰাহ্মণ শাসক বৰ্গই প্ৰতিখন ৰাজ্যতে অবিচি(শুদ্ৰ)ক মুখ্যমন্ত্ৰি ঠিয় কৰোৱা আৰম্ভ কৰিলে, লগতে নিজৰ দলীয় অনুশাসন কঠোৰ পৰা কঠোৰ কৰিলে যাতে সিদ্ধান্ত নিৰ্ণয়ত স্বতন্ত্ৰতা অক্ষুন্ন থাকে ৷

১৯৯৬ ৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ পৰাজয় হ'য় ৷ তিনি-চাৰিটা সৰু সুৰা ৰাজনৈতিক দলে কেন্দ্ৰত মিত্ৰজোটৰ চৰকাৰ গঠন কৰে ৷ এই মিত্ৰজোট চৰকাৰৰ এক বিশেষত্ব আছিল মিত্ৰজোটত চৰকাৰ এইচ ডি দেৱেগৌড়া(অবিচি)ৰ আছিল আৰু তেওঁৰ কেবিনেট মন্ত্ৰিসভাত এজনো ব্ৰাহ্মণ মন্ত্ৰি নাছিল ৷ স্বাধীন ভাৰতৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এজন প্ৰধানমন্ত্ৰিৰ কেবিনেট মন্ত্ৰিসভাত এজনো ব্ৰাহ্মণ মন্ত্ৰি নাছিল ৷ এই চৰকাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লবলৈ ধৰে ৷ সিদ্ধান্তটো আছিল অবিচিৰ পুনঃ জাতি গণনা সিদ্ধান্ত, যিটো মণ্ডল কমিছনৰ দ্বিতীয় যোজনা আছিল য'ত ১৯৩১ ৰ অবিচি জাতি গণনা এতিয়ালৈ বহু পুৰণা হৈ পৰিছিল ৷ যদি অবিচি সকলৰ জাতি গণনা সঠিক মতে হ'য় তেতিয়া অবিচি সকলৰ সামাজিক আৰু আৰ্থিক স্থিতিৰ অৱস্থা জানিব পৰাৰ লগতে অবিচিৰ মুঠ পৰিসংখ্যা ওলায় পৰিব ৷ তদুপৰি ৫২ শতাংশ অবিচিয়ে নিজৰ বৃহৎ সংখ্যাটোক  ৰাজনৈতিক উদেশ্যত ব্যৱহাৰ কৰিলে আহিব লগা প্ৰতিখন চৰকাৰেই অবিচিৰ হ'ব ৷ দেৱেগৌড়াৰ চৰকাৰৰ অবিচিৰ দৰদ দেখি শাসক বৰ্গৰ সমৰ্থনত থকা গৌড়া চৰকাৰ পুনঃ ভাঙি গ'ল ৷ শাসক বৰ্গই এই কথা ভালদৰে জানিছিল যে যেতিয়ালৈকে দেশৰ অবিচি সকলে ধাৰ্মান্ধত গদগদ হৈ থাকিব তেতিয়ালৈকে ব্ৰাহ্মণ শাসকৰ জালত ওলমি থাকিব যিটো ২০১৪ ৰ নিৰ্বাচনত দেখা গ'ল ৷ যদি দেৱেগৌড়াই অবিচি জাতি গণনা কৰাৰ সিদ্ধান্ত নোলোৱা হলে তেওঁৰ চৰকাৰ ভাঙিব পৰা নগল হ'য় ৷ কিন্তু ব্ৰাহ্মণ শাসকে নিজৰ ক্ষমতা অক্ষুন্ন ৰাখিবলৈ যি কোনো কাম সম্ভৱ কৰিব পাৰে ৷ ব্ৰাহ্মণো এইটো ভালদৰে জানে যে কূটনীতি নকৰিলে দেশৰ সমস্ত ৰাজনৈতিক ক্ষমতা ব্ৰাহ্মণৰ পৰা কাঢ়ি লৈ যাব ৷

ছোনীয়া গান্ধীক যি সকল লোকে কংগ্ৰেছৰ নেতা বুলি মানি লবলৈ টান পাইছিল শেষত তেওঁলোকেও ছোনীয়াক স্বীকাৰ কৰি লৈছিল ৷ কংগ্ৰেছৰ ৱৰ্কিং কমিটিত শৰদ পাৱাৰে যেতিয়া ছোনীয়া গান্ধী এগৰাকী বিদেশী হোৱা বিষয়টো উত্থাপন কৰিলে তেতিয়া শৰদ পাৱাৰে আৰ কে ধৱন নামৰ এজন ব্ৰাহ্মণৰ হাতৰে নিজৰত গালত চৰ খাব লগা হ'য় ৷ কংগ্ৰেছে পলম নকৰি শৰদ পাৱাৰ, পি এ চাংমা, ৰাজেশ পাইলট, সীতাৰাম য়েছুৰী আদি নেতাক নিজৰ ঠিকনাত গত লগাই দিলে ৷ ব্ৰাহ্মণ সুৰক্ষা কংগ্ৰেছে মিত্ৰজোট চৰকাৰ স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ৷ ইফালে অটল বিহাৰী বাজপায়ী কাশ্মীৰৰ ওপৰত গীত গাই গাই ১৯৯৯ ত প্ৰধানমন্ত্ৰি হ'ল ৷ কাৰ্গিল যুদ্ধ নোহোৱা হলে তেওঁ পুনৰ ক্ষমতালৈ অহাৰ সম্ভৱ আছিল ৷ অটল বিহাৰীয়ে চৰকাৰ গঠন কৰিয়ে "সংবিধান সমীক্ষা আয়োগ" গঠন কৰিবলৈ নিৰ্ণয় ল'য় ৷ অৰুণ শ্বোৰীয়ে বাবা চাহেব আম্বেদকাৰক অপমানিত কৰা কিতাপ "Worship of false gods" লিখিলে ৷ অটল বিহাৰীৰ খাচ অৰুণ শ্বোৰীৰ এই অপমানিত কিতাপৰ বিৰুদ্ধে দেশব্যাপি বিৰুধ প্ৰদৰ্শন হ'ল ৷ অটল চৰকাৰে নিজৰ আয়োগৰ সিদ্ধান্ত পুনৰ ঘুৰাই লবলৈ বাধ্য হ'ল ৷ অটল চৰকাৰৰ এইটোও এটা  হঠকাণ্ড আছিল যিটোয়ে বাস্তৱিক ইচ্ছু মণ্ডল কমিছনৰ অবিচি জাতি গণনা তল পেলাবলৈ কৰা হৈছিল ৷ ২০১১ ত লোকপিয় হ'ল কিন্তু অবিচিয়ে জাতি গণনা নকৰা সিদ্ধান্ত ললে ৷ ভাৰতীয় লোকতান্ত্ৰিক ব্যৱস্থাত কেৱল সংখ্যাবলৰে শাসক হোৱা অবিচি সকলে একমাত্ৰ ব্ৰাহ্মণবাদী/মনুবাদী শাসকীয় পক্ষৰ লগ নেৰা হ'ল ৷ মণ্ডল কমিছন লাঘুৰ দাবী নকৰি অবিচি বৰ্গই নিজৰ  লোকচান কৰাৰ লগতে আন দলিত, আদিবাসীসকলৰো লোকচান কৰি আহিছে ৷ ব্ৰাহ্মণ শাসক বৰ্গৰ কূটিল ষড়যন্ত্ৰত দেশৰ অবিচি বৰ্গ আজিও অন্ধ,,ধৰ্মান্ধ তথা মণ্ডল কমিছন পূৰ্ণ লাঘুৰ হোৱাৰ পৰা বহু যোঁজন আঁতৰত ৷

মূল হিন্দীঃ বিজয় গৌতম, মধ্য প্ৰদেশ
অনুঃ থাইগিৰ বড়োচা

No comments:

Post a Comment

Thank you.