ব্ৰাহ্মণঃ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি !


                           (এক)

বিজেপিৰ উত্থানে ভাৰতৰ দৰে বিশাল দেশৰ বিকাশ আৰু উন্নয়নক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হোৱা নাই ৷ এইটো হতাশজনক হোৱাৰ লগতে গভীৰ উদেগজনক চিন্তা ৷ বিজেপিৰ প্ৰত্যেক সদস্য আনিক তৃণমূলৰ একেবাৰে শেষৰ সদস্যগৰাকীও ধৰ্মৰ গোড়ামীৰে প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰীয় স্বয়ং সেৱক(আৰএছএছ)ৰ সদস্য ৷ তেওঁলোকৰ উদ্দেশ্যই হ'ল ভাৰতত একক হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা ৷ এই ধৰ্মীয় উদ্দেশ্যই প্ৰথমতেই আন ধৰ্মীয় মানুহৰ অনুভুতিত আঘাত হনাতকৈ ভাৰতৰ সংবিধানক চৰম আঘাত হানিছে ৷ এক কথাত ৰাজনৈতিক পন্থাৰে ধৰ্মীয় গোড়ামী প্ৰতিষ্ঠা আৰু শাসনৰ উদ্দেশ্য পূৰণৰে বিজেপিয়ে দেশৰ সংবিধানক হত্যা কৰিব বিচাৰিছে ৷ এইটো গণতন্ত্ৰত চৰম লজ্জাজনক ৰাজনৈতিক উত্থান ৷

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেপথ্যই হ'ল ব্ৰাহ্মণ্যবাদী ৷ এই ব্ৰাহ্মণ্যবাদীৰ পৰা ভাৰতৰ কোনো ৰাষ্ট্ৰীয় দল মুক্ত নহ'য় ৷ সি লাগিলে বিজেপি, কংগ্ৰেছ, চিপিএম নতুবা অন্যান্য দল সমূহ ৷ কিন্তু বিজেপিত ধৰ্মীয় আৱেগ আৰু কাৰ্যপ্ৰণালী আন দলতকৈ শক্তিশালী ৷ দেশৰ অসংখ্য মানুহক পৌৰাণিক ৰচত্মাৎক কাহিনীৰ পিছত দৌৰাই নিৰপেক্ষ ৰাষ্ট্ৰব্যৱস্থাক ন্যাসৎ কৰি "এক হিন্দু" ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্যই অৱশ্যেই দেশৰ মংগলত ভাবুকি হৈ উঠিছে ৷

কংগ্ৰেছ আৰু বিজেপি একেটা সুত্ৰৰে গঠিত মালা; উদেশ্য পৰিষ্কাৰ ৷ জনতাক শাসনৰে শোষকৰ আসন অধিকাৰ কৰি থকা ৷ দুয়োটা দলতে জাত-পাত, বৰ্ণভেদৰ কৰ্ম-মনোভাৱ বিৰাজমান ৷ দল দুটাৰ নিয়ন্ত্ৰণ আৰু জনতাৰ ভৱিষ্যত নিৰ্ণয় কৰা শেষ সিদ্ধান্ত কেৱল ব্ৰাহ্মণৰ হাতত ৷ দুয়োটা দলতে পিছপৰা শ্ৰেণীৰ নামত, ধৰ্মীয় সংখ্যালঘুৰ নামত পৃথক পৃথকৈ কোষ আছে ৷ অৰ্থাৎ সমাজৰ এচাম মানুহক নেতৃত্বৰ নামত এটা কোঠাত আৱদ্ধ কৰি ৰখা, যাতে ব্ৰাহ্মণ নেতৃত্বৰ সমানে সুযোগৰ পৰা বঞ্চিত কৰি পৰা হ'য়; মুল শাসনৰ পৰা বঞ্চিত কৰি ৰখা ৷ মই নিমান দূৰ জানো বিজেপি আৰু কংগ্ৰেছে আজিলৈকে দেশৰ শিক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগ ব্ৰাহ্মণৰ বাহিৰে কোনো লোককে নিয়ন্ত্ৰণ তথা তত্বৱাধনা কৰিবলৈ দিয়া হোৱা নাই ৷

কথাবোৰ অসমৰ বেলিকাও একে ৷ ছশবছৰ ৰাজত্ব কৰা এটা জাতিয়ে কোন কাহানিবাই ব্ৰাহ্মণৰ সকলো উদ্দেশ্য সফল হোৱাত অৰিহনা যোগাই আহিছে ৷ অসমত পোন্ধৰ বছৰ ৰাজত্ব কৰা কংগ্ৰেছে কাৰ বাবে কি কৰিলে ? এতিয়া বিজেপিয়ে কাৰ স্বাৰ্থৰ বাবে কাম কৰিব ধৰিছে ৷ অসমীয়াই কাক বেছিকৈ সংগ দিছে?  এই আটাইবোৰ প্ৰশ্নৰ সদাই নিৰুত্তৰ হৈ থাকিব ৷ একেই কাম এজিপি দলৰ ৷ দলটো ব্ৰাহ্মণৰ হাততেই জন্ম লাভ কৰিছিল ৷ নিয়ন্ত্ৰণো ব্ৰাহ্মণে কৰিছিল ৷ ক্ষমতা লৈয়ে ওলটাই ছশবছৰ ৰাজত্ব কৰা, সদায় ব্ৰাহ্মণৰ কাষত ঠিয় দিয়া জাতিটোক কুকুৰ-মেকুৰিক হত্যা কৰাদি এফালৰ পৰা বধ কৰি গৈছিল ৷ জীয়ৰী-বোৱাৰিক ধৰ্ষণ কৰি গৈছিল ৷ তথাপিও সংগ এৰা নাই ৰজাৰ বংশই ৷

অসমত বিজেপিয়ে শাসনৰ ভাৰ লোৱাৰ পাছৰ পৰাই জনতাৰ মৌলিক সমস্যা দূৰীকৰণৰ পৰিৱৰ্তে ধৰ্মৰক্ষা কামত নামিল ৷ মানুহক স্পষ্টকৈ বুজাই দিয়া হ'ল যে জনতাৰ সামগ্ৰীক উন্নয়নতকৈ ধৰ্ম অতিব প্ৰয়োজন ৷ প্ৰশাসনৰ কাম-কাজবোৰো পূঁজাৰী, মাংগলীক পৰ্বৰ অবিহনে আৰম্ভ নহ'য় ৷ আৰু কিবা বুজিব বাকি থাকিল নে ?

কংগ্ৰেছে শাসনত থাকোতে সীমাহীন ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰে জনতাৰ মৌলিক প্ৰয়োজন, সম্পত্তি, সুৰক্ষা তচনচ কৰি দিলে ৷ মুছলমানক ভোট বেংক বনোৱা কাৰচাজি চলাইয়ে থাকিল ৷ পূৰ্ব বংগৰ পৰা অবৈধ বাংলাদেশী(ধৰ্মীয় সম্প্ৰদায়)ক আমদানি কৰিয়ে থাকিল, যাতে জনগাঠনিগত সমিকৰণত অসমে ভাৰসাম্য চিৰদিন হেৰুৱায় ৷ একেই ফৰ্মুলা এতিয়া বিজেপিয়ে গ্ৰহণ কৰিছে ৷ হিন্দুত্বত বিশ্বাসীসকলক মুছলমান আগ্ৰাসনৰ ভয় মেলি দিছে ৷ সাত সাগৰ তেৰ নদী পাৰ হৈ ISSI আহিল ! দেশৰ সকলো নিৰাপত্তজনীত সংগঠন, এজেঞ্চি ব্ৰাহ্মণৰ হাতত ৷ ততাপিও তেওঁলোকৰ নিৰাপত্তা ভেদি ধৰ্মীয় সন্ত্ৰাসবাদী ভাৰতৰ মাটিত কেনেকৈ নিৰ্ভীঘ্নতাৰে প্ৰতিক চিহ্ন উৰুৱাইছে ? কিছু দিন আগতে স্বয়ং হিন্দুত্ব সংগঠন RSS ৰ কেন্দ্ৰীয় সদস্যই পাকিস্থান নে ISSIৰ উগ্ৰপন্থীৰ এজেন্ট ধৰা পৰাটো ? তেন্তে দেশৰ অভ্যান্তৰত সন্ত্ৰাসবাদী কোন? জনজাতিসকল? নে ধৰ্মীয় সংখ্যালঘুসকল?

অসমৰ বেলিকা কংগ্ৰেছ আৰু বিজেপিয়ে ভাষাৰ ভিন্নতা আৰু ধৰ্মৰ ভিন্নতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে ৷ ভাষাৰ ক্ষেত্ৰত বাংলা-অসমীয়া ভাষিকৰ লগত শত্ৰুতা; ধৰ্মৰ ক্ষেত্ৰত হিন্দু-মুছলমান ৷ এই দুই পন্থা বৰ্ণধাৰীসকলে ৰাজনীতিৰ মাধ্যমৰে শাসক আৰু শোষকৰ পথ সুগম কৰিব জানে ৷ দুই পন্থাৰ জৰিয়তে তৃণমূলত সংঘৰ্ষৰে বিভাজন সৃষ্টি কৰি মুনাফা লুটি আছে শাসকীয় বৰ্ণধাৰীয়ে ৷ যেতিয়া সংঘৰ্ষই তেওঁলোককো স্পৰ্শ কৰিব বিচাৰে তেতিয়াই সামৰিক বাহিনীৰ শক্তি প্ৰয়োগ কৰে ৷ ক্ষতি হোৱাৰ পাছত নিয়ন্ত্ৰণৰ কিবা প্ৰয়োজন নে?

কংগ্ৰেছ বিজেপি শাসনত ধৰ্মীয় মৌলবাদীৰ উত্থান কোনো ডাঙৰ কথা নহ'য় ৷ কেতিয়াবা নিজৰ শোষকৰ আসন সুৰক্ষিত ৰাখিবলৈও মৌলবাদ আমদানি প্ৰয়োজন ৷ কাৰ্যত তেনেই হৈছে শাসকীয় বিজেপিত ৷ এজিপিৰো উদেশ্য অসমৰ যুৱ শক্তিক নাশ কৰা ৷ মুল কথাটো হ'ল ব্ৰাহ্মণৰ পৃষ্ঠপোষকতাত চলা কোনো দলেই অসমৰ বিকাশ আৰু উন্নয়নত একানপতিয়াকৈ মনোনিৱেশ কৰা নজিৰ নাই ৷ শাসকীয় চৰকাৰে অসমৰ উন্নয়নতকৈ ৰাজনীতিৰ ভোটবেংক স্থায়ী কৰিবলৈ বিদেশী নাগৰিকক বৈধ প্ৰক্ৰিয়াৰে নাগৰিকত্ব আগবঢ়াব লোৱাটো এতিয়া কোনো নতুন বিষয় নহ'য় ৷ জনতাই বিজেপিক নিৰ্বাচিত কৰা দিনাই ইয়াৰ পৰিকল্পনাই বাস্তব ৰূপ লৈছিল ৷

মুছলমানৰ উত্থানত অসমৰ হিন্দুসকল যে সংকিত হৈ পৰিছে তেনে নহ'য় ৷ আচলতে সংকিত হোৱাৰ এখন ভুৱা ছবি অসমৰ আগত দাঙি ধৰা হৈছে ৷ হিন্দুসকল শংকিত হোৱাৰ প্ৰশ্নই নাহে ৷ হিন্দুৰ নামত আটাইতকৈ বলি হ'ব লগা হৈছে অসমৰ জনজাতিসকল ৷ একেই সংকিত হৈছে মুছলমানসকল ৷ এইটো কোনো লুক-ঢাক কথা নহ'য় যে পূৰ্ৰ মুখ্যমন্ত্ৰি তৰুণ গগৈৰ দৰে বিদেশী তেজ থকা ৰাজনৈতিক নেতা, ইউৰেচিয়াৰ পৰা অহা বিদেশী ব্ৰাহ্মণৰ বংশ হিমন্ত বিশ্ব শৰ্মাহঁতে ২০০৮-১২ ত অসমত থকা ৩৪ শতাংশ মুছলমানৰ লগত উত্তসুৰী ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত বড়োসকলক "গোষ্ঠী সংঘৰ্ষ"ৰে শত্ৰুতাৰ শিকলি চিঙিব নোৱাৰাকৈ চিৰদিনলৈ বান্ধি পেলালে ৷ ইপিনে ধৰ্মৰ অন্ধতাত ডুবি থাকিব বিচৰা অসমৰ মুছলমানেও বড়োসকলক হিন্দুত্বৰ একে শাৰীতে বহুৱাই কাক লাভৱান কৰিছে সেয়া বুজাত কোনো অসুবিধা নাই ৷

অসমত থকা ৩৪ শতাংশ মুছলমানে নিজৰ অস্তিত্বৰ কাৰণে চৌদি আৰৱ পৰম্পৰা বিচাৰি সেই ফালে মুখ মেলি থকাটোও ভাৱিলগীয়া ৷ যাৰ ফলত আজি নিজৰ মাজত পিছপৰা, অশিক্ষিত সকলৰ বাবে অসমৰ মুছলমানে বিশ্ব মুছলিম ক্ৰিমিনেল এক্টিভিটিছৰ অংশ বিশেষ হৈ পৰিছে; নহ'য়, এয়া হ'বলৈ দিছে স্বয়ং মুছলমানেই ৷ এই কথাটো শুনি আচৰিত লগাৰ কোনো কাৰণ নাই যে আজিৰ অসমত ধৰ্মীয় মৌলবীৰ উত্থান বাঢ়িছে স্বয়ং বিজেপি ছত্ৰছায়াত ৷ সময় থাকোতেই ৩৪ শতাংশ মুছলমানে এবাৰ একেলগে ভাৱক ৷

বৃটিছৰ আমোলত অহা চাহ শ্ৰমিকসকলো হিন্দুত্বৰ নামত বলি হৈ আহিছে ৷ অসমৰ চাহ শ্ৰমিকসকলৰ অৱস্থাক লৈ হিন্দুত্বক নেতৃত্ব দিয়া সকলে কেতিয়াবা চিন্তা কৰিছেনে? দুজনমান সাংসদৰে সমগ্ৰ চাহ শ্ৰমিকৰ সমস্যা, অৱস্থাক ঢাকিব বিচৰা নাই জানো? অথচ চাহ জনজাতিসকল দেশৰেই নাগৰিক ৷ যদি ধৰ্মৰ নামত বিদেশীক নাগৰিকত্ব প্ৰদানৰে প্ৰথম শ্ৰেণীৰ সুযোগ সুবিধা দিবলৈ আগবাঢ়িছে তেন্তে প্ৰায় তিনিশ বছৰ আগত জীৱিকাৰ সন্ধানত অহা একেই দেশীয় সকলক অসমত স্থায়ী ঠাই(ভুমি) দিয়াত আপত্তি কোনখিনিত? চাহ শ্ৰমিকসকল হিন্দু হৈও কিয় হিন্দু হোৱা নাই? যদি চাহ শ্ৰমিকৰ দক্ষতা আৰু যোগ্যতাই নাই তেন্তে হিন্দুত্বৰ নামত দেশত প্ৰথম শ্ৰেণীৰ সুবিধা লৈ থকা সকলে কিয় শ্ৰমজীৱি সকলৰ দক্ষতা আৰু যোগ্যতাৰ উত্তৰণ কৰিবলৈ আজিলৈকে আগবাঢ়ি অহা নাই? 

শাসকীয় ব্ৰাহ্মণে ৰাজ্যখনত থকা লাখ লাখ চাহ শ্ৰমিকক অকল শোষণ কৰাই নহ'য়, কবলৈ গলে ৰাজ্যখনৰ ভিতৰতে চাহ শ্ৰমিকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰি আহিছে ৷ যাৰ ফলত দেশৰ আদিবাসী চাহ শ্ৰমিকসকলে নিজৰ নূন্যতম সা-সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ থাকিব লগা হৈছে ৷ উল্লেখ্য যে অসমত অসমীয়াগিৰি প্ৰভুত্বৰে দপদপাই থকাসকলে থলগিৰি চাহ শ্ৰমিকসকলক আজিও বিদেশীবুলি চিঞৰি আহিছে আৰু সেই অসমীয়াই হিন্দুত্ববাদৰ পিঠিত উঠি চাহ শ্ৰমিকৰ ভোটত শাসকীয় আসন পাবলৈ সক্ষম হৈছে ৷ 

স্পষ্ট কথা এয়ে যে ব্ৰাহ্মণবাদী বিজেপি-কংগ্ৰেছে ভাৰতৰ ভৱিষ্যত, ভাৰতৰ সকলো সম্পদ বিদেশী বনীয়াৰ হাতত বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছে ৷ আগতে কিছু চালুকীয়া আছিল এতিয়া পূৰ্ণগতিত চলিব ধৰিছে ৷ দেশ আৰু জনতাক লুট কৰি বিদেশলৈ পলায়নকৰা সকলৰ ভিতৰত কোন জন আদিবাসী, জনজাতি, দলিত তথা মুছলমান লোক আছে? ধৰ্মৰ নামত, জাতিৰ নামত গোষ্ঠী সংঘৰ্ষ, হতা-হতি, মাৰ-পিট লগাৰ ভিতৰত কেইজন ব্ৰাহ্মণ আছে? কথাবোৰ ভাৱি চাব হ'ল ৷

দুটা বছৰত ভৰি দিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷ দেশৰ পুঁজিপতিৰ আজ্ঞাবাহক মোডীয়ে ৬০ দিনত ধৰ্মীয় সম্প্ৰদায়ৰ অবৈধ বাংলাদেশীক খেদুৱাৰ আৱেগ সৃষ্টিৰে অসমৰ শাসন বিজেপিক হাতলৈ নিলে ৷ সোণোৱালেও জাতীয় ভাৱাবেগ সৃষ্টিৰে জাতি-মাটি-ভেটি সুৰক্ষাৰ কথা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিলে ৷ দুটা বছৰ পাৰ হোৱাৰ প্ৰাকক্ষণত বিজেপি চৰকাৰৰ পৰা জনতাই কি পালে? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইতিমধ্যে অন্তিম পৰ্যায় চলি আছে ৷ ৬০ দিন দূৰৰ কথা; দুবছৰৰ পাছতো এতিয়ালৈকে এজনো ধৰ্মীয় সম্প্ৰদায়ৰ বিদেশী লোক চিনাক্ত হোৱা নাই ৷ ভুতৰ ওপৰত দানহ পৰাদি আকৌ সোণোৱাল চৰকাৰে হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ ওলাইছে ৷ ৰাজ্যত বাৰিষা আহিব লগা বানৰ তাণ্ডৱ ৰোধিবলৈ কোনো পৰিকল্পিত আঁচনি নাই ৷ পূৰ্বৰ চৰকাৰৰ দিনত হোৱা বহু আঁচনি অনুধালুপ্ত অৱস্থাত ৷ নতুন চৰকাৰে কোনো নতুন, নিজা আঁচনি এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডক দিয়াৰ বাহিৰে ৷ প্ৰথমে তেল-কয়লা গ'ল, এতিয়া ঐতিহ্যৰ ক্ষেত্ৰ ৷ জনতাই ইমান বৃহৎ চৰকাৰ নিৰ্বাচন কৰাৰ অৰ্থ ক'ত থাকিল? চৰকাৰৰ বিভাগবোৰ আৰু প্ৰশাসন যন্ত্ৰৰ কি হ'ল? সকলোয়ে বহি বহি জনতাৰ পৰা সংগ্ৰহ কৰা কৰৰ টকাৰে দৰমহা ভোগ কৰি থাকিব নেকি?

চৰকাৰে এনে ধাৰণা কিয় সৃষ্টি কৰিছে যে আপুনি ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা মোবাইল এটা কিনিছে কিন্তু চৰকাৰে কোনো ৰাজহুৱা খণ্ড ব্যক্তিগত প্ৰতিষ্ঠানক হস্তন্তৰ কৰালে আপত্তি কৰে ৷ চৰকাৰৰ এই ধৰণৰ যুক্তিত কোনো নৈতিকতা নাই; এনে ধৰণৰ যুক্তিবোৰ জনতাৰ দ্বাৰা প্ৰতিষ্ঠিত এখন দায়িত্বশীল চৰকাৰে জনতাৰ প্ৰশ্ন এৰাই চলাটো গণতন্ত্ৰৰ ঘোৰ বিৰুধী ৷ এনে অযুক্তিগত কথাই গণতন্ত্ৰক চৰম আঘাত কৰে ৷ জনতা বিচলিত হ'য় ৷

ৰাজহুৱা সম্পদবোৰ নিৰিক্ষণ কৰিবলৈকে জনতাই সময়ে সময়ে একো একো খন চৰকাৰ নিৰ্বাচিত কৰে যাতে ৰাজহুৱা সম্পদসমূহ সামুহিক দায়িত্বত পৰিচালিত হ'য় ৷ কিন্তু সকলো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি চৰকাৰে কোন শ্ৰেণী মানুহৰ মুনাফা কথা চিন্তা কৰিছে? চৰকাৰৰ হাতত অজস্ৰ শক্তি আৰু ক্ষমতা আছে ৷ তাৰ পাছতো ব্যক্তিগতখণ্ডলৈ ৰাজহুৱা সম্পদ হস্তান্তৰৰ প্ৰয়োজন ক'ত? নে চৰকাৰে জনতাৰ ওপৰত থকা নিজৰ দায়িত্ব পালনত মুৰপুলোকা মাৰি আৰামত দৰমহা ভোগৰ কথা চিন্তা কৰিছে?

দেশত ধৰ্মীয় উন্মদনা বঢ়াই তুলি সকলো ৰাজহুৱা সম্পদ জনতাৰ দৃষ্টিৰ আগোচৰে পুঁজিবাদী খণ্ডক চমজাই দিব বিচাৰি বিজেপি চৰকাৰে কোনখিনিত জনতাৰ সমস্যা লঘাৱ কৰিব? কোনখিনিত জনতাৰ সেৱা কৰিব? চৰকাৰ থকাৰ পাছতো শিক্ষাক আজি ব্যক্তিগতখণ্ডলৈ লৈ যোৱা হৈছে ৷ দিনক দিনে গৰীব জনতাই শিক্ষাক চুব পৰা নাই ৷ শিক্ষাৰ অবিহনে দেশৰ প্ৰগতি সম্ভৱ বুলি কেনেকৈ চিন্তা কৰিছে? চৰকাৰ হাত সাৱতি থকাৰ ৰহস্য কি? দেশৰ প্ৰতিৰক্ষাৰ দৰে ব্যৱস্থাও সাৰি যোৱা নাই ৷ চৰকাৰসমূহে এক প্ৰকাৰ জনতাৰ স্বাধীনতাক খৰ্ব কৰা নাই নে?

এই আটাইবোৰ কথাৰ অন্তৰালত ব্ৰাহ্মণ্যবাদী ফেচিষ্ট চৰিত্ৰই ক্ৰিয়া কৰি আছে ৷ ইতিমধ্যে ব্ৰাহ্মণে দেশৰ সংবিধানক অষ্ঠাংগু প্ৰদৰ্শনৰে কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাক কবৰ দিয়া আৰম্ভ কৰিছে ৷ দেশৰ চাৰিওটা স্তম্ভত ব্ৰাহ্মণে ব্ৰাহ্মণৰাজৰ জৰিয়তে নিৰপেক্ষ সংবিধান পৰিচালনা কৰাৰ নামত গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ দেশৰ স্বাৰ্থতকৈ ব্ৰাহ্মণ্যবাদী শ্ৰেণীৰ স্বাৰ্থক সুৰক্ষিত কৰাত উঠিপৰি লাগিছে ৷ দেশত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰে, ধৰ্মীয় উন্মদনাৰে এক ভুখণ্ডৰ নাগৰিকৰ মাজত ৰক্তপাতৰ সংঘৰ্ষ লগাই ব্ৰাহ্মণে আৰামত ৰাজভোগ কৰি আহিছে সেয়া কোনেও নজনা নহ'য় ৷ নাৰীক অত্যাচাৰৰে দেশৰ অভ্যান্তৰত কেনে পৰিৱেশ সৃষ্টি কৰি জনতাৰ মৌলিক সমস্যাসমূহক ঢাকিব বিচৰিছে সেয়া সহজে অনুমেয় ৷

No comments:

Post a Comment

Thank you.