মৃত্যুৰ পাছৰ ঠিকনা


  কবিতাঃ থাইগিৰ বড়োচা
   দিনাংকঃ ৭ এপ্ৰিল ১৮


অনুমান কৰাটো অলপ জটিল,

যদি আপোনাৰ মৃত্যুৰ পাছৰ ঠিকনাটো
স্ব-চক্ষু দেখা নোপোৱা ৷

মৃত্যৰ পাছৰ ঠিকনা উলিয়াবলৈ

কল্পনাও এবাৰ ভাগৰে ৷

হ'য়, মৃত্যুৰ পাছৰ ঠিকনা জানিবলৈ

হেঁপাহটো জীৱনটোৰ দৰেই ক্ষীণ ৷

পৰিয়াল বৰ্গইও দুখৰ মাজত

এখন সাঙী, এগচি চাকি আৰু এখন শুকুলা কাপোৰ যোগাৰ কৰিব ৷
তাৰ পাছতো…
মৃত্যুৰ পাছৰ ঠিকনা নিৰ্ধাৰিত নহ'য় ৷

চোতালত…

সাঙীখন আগুৱাই আহি ক্লান্ত আৰু বেজাৰত পৰি থাকিব ৷

তোমাৰ শেষ যাত্ৰাত হাজাৰ অশ্ৰুই ঘেৰিব,

আনকি তুমিও…
মৃত শৰীৰৰ পাছত লুকাই উচুপিবা কোনেও নুশুনাকৈ ৷

তোমাৰ ভৰত সাঙীখনেও কেকাই উঠিব,

আনকি চিতাখনেও জুইক চুবলৈ কষ্ট পাব,
লাহে লাহে জুইয়ে তোমাৰ পাৰ্থীৱ শৰীৰত
তোমাৰ আত্মাৰ সন্ধন কৰিব মৃত্যুৰ পাছৰ ঠিকনাৰ সম্ভেদ দিবলৈ ৷

নাই, তুমি নাজানিবা…

মৃত্যুৰ পাছৰ ঠিকনাৰ সম্ভেদ পোৱাৰ আগতেই
তোমাৰ পৰিয়ালবৰ্গই তোমাৰ ঠিকনা
বিচাৰি এখন প্ৰাৰ্থনা সভা পাতিব,
তাৰ পছতো নিশ্চিত নহ'ব মৃত্যুৰ পাছৰ ঠিকনা ৷৷

No comments:

Post a Comment

Thank you.